আপুনি জানেনে?
প্ৰাচীন বাবিলত যিবোৰ ইটা পোৱা গৈছিল আৰু সেইবোৰ যিদৰে বনোৱা হৈছিল, তাৰ পৰা বাইবেলত লিখা কথাবোৰ সঁচা হয় বুলি কেনেকৈ প্ৰমাণ হয়?
অনুসন্ধানকাৰীসকলে লাখ লাখ ইটা বিচাৰি পাইছিল, যাক ব্যৱহাৰ কৰি বাবিল চহৰখন বনোৱা হৈছিল। অনুসন্ধানকাৰী ৰবাৰ্ট কʼলডবীয়ে কয় যে এনেধৰণৰ ইটা ‘চহৰৰ বাহিৰত থকা গাঁতত বনোৱা হৈছিল, যʼত মাটিও ভাল আছিল আৰু জুই জ্বলাবলৈ বহুতো কাঠ পোৱা গৈছিল।”
অনুসন্ধানকাৰীসকলে প্ৰমাণ পালে যে বাবিলৰ অধিকাৰীসকলে এই গাতবোৰক আৰু এটা ভয়ানক কামৰ বাবে ব্যৱহাৰ কৰিছিল, যাক চালে আপোনাৰ বুকু কপি উঠিব। টʼৰণ্ট বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ পʼল-অʼলা বলয়ু যি প্ৰাচীন অচূৰৰ ইতিহাস আৰু ভাষাৰ বিশেষজ্ঞ হয়, তেওঁ এইদৰে কৈছে, ‘বাবিলত এনে বহুতো বস্তু পোৱা গৈছিল যʼত লিখা আছে যে যি লোকসকলে ৰজাৰ আদেশ পালন নকৰে বা পবিত্ৰ বস্তুবোৰৰ অনাদৰ কৰে, তেওঁলোকক ৰজাৰ আদেশত প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাই দিয়া হʼব।ʼ উদাহৰণস্বৰূপে, অনুসন্ধানকাৰীসকলে ৰজা নবূখদ্নেচৰৰ সময়ৰ এটা ফৰমান পালে, যʼত এইদৰে লিখা আছিল, “মাৰি পেলোৱা, জ্বলাই দিয়া, জুইত পুৰি দিয়া . . . গাঁতত পেলাই দিয়া . . . ভষ্ম কৰি দিয়া, প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাই দিয়া।”
ইয়াৰ পৰা হয়তো কিছুমান লোকক বাইবেলৰ দানিয়েল নামৰ কিতাপৰ ৩ অধ্যায়ত লিখা ঘটনাটো মনত পৰিব পৰে। ইয়াত কোৱা হৈছে যে ৰজা নবূখদ্নেচৰে বাবিল চহৰৰ বাহিৰত থকা দূৰা নামৰ এখন ঠাইত সোণৰ এটা ডাঙৰ মূৰ্তি নিৰ্মাণ কৰালে আৰু লোকসকলক ইয়াক প্ৰণিপাত কৰিবলৈ আজ্ঞা দিলে। কিন্তু চদ্ৰক, মৈচক, আৰু অবেদ-নগো নামৰ তিনিজন ইব্ৰী পুৰুষে ইয়াক প্ৰণিপাত কৰিবলৈ মানা কৰিলে। “তেতিয়া নবূখদ্নেচেৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈ . . . , অগ্নিকুণ্ড নিয়মিত পৰিমাণতকৈ সাত গুণ প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে” আৰু সেই তিনিজন ইব্ৰী পুৰুষক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাই দিয়া হʼল। কিন্তু তেওঁলোকক স্বৰ্গদূতে মৃত্যুৰ মুখৰ পৰা বচালে।—দানি. ৩:১-৬, ১৯-২৮.
অনুসন্ধানকাৰীসকলে প্ৰাচীন চহৰ বাবিলৰ পৰা আৰু এনে বহুতো ইটা পালে যাৰ যোগেদি প্ৰমাণ হয় যে বাইবেলত লিখা কথাবোৰ একেবাৰে সঁচা। এই ইটাবোৰত ৰজাৰ প্ৰশংসাত কিছুমান শব্দ লিখা হৈছিল। ঠিক এইদৰে এটা ইটাত লিখা আছে, “মই বাবিল ৰজা নবূখদ্নেচৰ . . . এই ৰাজ মহল, এই ৰাজ নিবাস, এইবোৰ ইয়াৰ মহাৰজাধিৰাজ অৰ্থাৎ মই বনাইছোঁ . . . মোৰ আহিবলগীয়া বংশই ইয়াত সদায় কাললৈকে শাসন কৰিব।” এই কথাটো দানিয়েল ৪:৩০ পদত লিখা কথাৰ লগত একেবাৰে মিল আছে। তাত এইদৰে কোৱা হৈছে এবাৰ ৰজা নবূখদ্নেচৰে নিজৰ প্ৰশংসাত এইদৰে কৈছিল, “মই মোৰ বলৰ প্ৰভাৱত, আৰু মোৰ ৰাজশ্ৰীৰ দ্বাৰাই সন্মান পাবৰ অৰ্থে ৰাজধানীৰ নিমিত্তে সজা এইখন জানো মহাবাবিল নহয়?”