Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩০

প্ৰেম বঢ়াই থাকক

প্ৰেম বঢ়াই থাকক

‘তোমালোকে সকলো বিষয়ত প্ৰেম আচৰণ কৰা।ʼ—ইফি. ৫:২.

গীত ২ যিহোৱা তোমাৰ নাম

লেখৰ এক আভাস a

১. যেতিয়া আপুনি বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া আপুনি কি কি কথা শিকিছিল?

 যেতিয়া আপুনি বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল সেই সময়ৰ বিষয়ে চিন্তা কৰকচোন। আপোনাৰ মনত আছেনে, আপুনি সেই সময়ত কি কি শিকিছিল। হয়তো আপুনি এয়া জানি আচৰিত হৈছিল যে এজন সত্য ঈশ্বৰ আছে আৰু তেওঁৰ নাম যিহোৱা। আপুনি এয়া জানি হয়তো শান্ত্বনা পালে যে ঈশ্বৰে লোকসকলক নৰকৰ জুইত শাস্তি নিদিয়ে। যেতিয়া আপুনি শিকিলে যে আপোনাৰ যিসকল আপোনজনাৰ মৃত্যু হ’ল, তেওঁলোকক আকৌ জীয়াই তোলা হ’ব আৰু আপুনি তেওঁলোকৰ লগত নতুন পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব পাৰিব, তেতিয়া আপুনি হয়তো বহুত আনন্দিত হৈছিল।

২. বাইবেলৰ পৰা সত্যতা শিকাৰ উপৰিও আপুনি আৰু কেনেকৈ উন্নতি কৰিলে? (ইফিচীয়া ৫:১, ২)

যেতিয়া আপুনি ঈশ্বৰৰ বাক্য বেছিকৈ অধ্যয়ন কৰিবলৈ ধৰিলে, তেতিয়া যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িবলৈ ধৰিলে। তাৰ পাছত আপুনি যি শিকিছে তাৰ অনুসৰি কাম কৰিবলৈ আপোনাৰ মন গ’ল। আপুনি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি ভাল নিৰ্ণয় ল’বলৈ ধৰিলে। আপুনি ঈশ্বৰক আনন্দিত কৰিব বিচাৰিছিল, সেইবাবে আপুনি নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ আৰু সঠিক কাম কৰিবলৈ ধৰিলে। যিদৰে এজন সন্তানে নিজৰ মা-দেউতাৰ দৰে হ’বলৈ চেষ্টা কৰে, ঠিক সেইদৰে আপুনিও নিজৰ পিতৃ যিহোৱাৰ দৰে হ’বলৈ চেষ্টা কৰিলে।ইফিচীয়া ৫:১, ২ পঢ়ক।

৩. আমি নিজকে কি কি প্ৰশ্ন সুধিব পাৰোঁ?

আমি নিজকে এনেধৰণৰ প্ৰশ্নবোৰ সুধিব পাৰোঁ, ‘যেতিয়া মই খ্ৰীষ্টান হৈছিলোঁ তাৰ তুলনাত এতিয়া মই যিহোৱাক আৰু বেছিকৈ প্ৰেম কৰোঁনে? বাপ্তিষ্মাৰ পাছত মই নিজৰ চিন্তাধাৰাত আৰু কামত বেছিকৈ সাল-সলনি কৰিছোঁনে? মই আৰু বেছিকৈ যিহোৱাৰ দৰে হ’বলৈ চেষ্টা কৰোঁনে? মই যিহোৱাৰ দৰে ভাই-ভনীসকলক প্ৰেম কৰোঁনে?ʼ যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ আগৰ দৰে প্ৰেম নাই, তেনেহ’লে নিৰাশ নহ’ব। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ লগতো এইদৰে হৈছিল কিন্তু যীচুৱে তেওঁলোকক এৰি দিয়া নাছিল। তেওঁ আপোনাকো নেৰিব। (প্ৰকা. ২:৪,) তেওঁ জানে যে আমি নিজৰ মনত আগৰ নিচিনা প্ৰেম বঢ়াব পাৰোঁ।

৪. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

এই লেখত আমি আলোচনা কৰিম যে আমি যিহোৱা আৰু আন লোকসকলৰ প্ৰতি নিজৰ প্ৰেম কেনেকৈ বঢ়াব পাৰোঁ। তাৰ পাছত আমি শিকিম যে যেতিয়া আমি তেওঁলোকক আৰু বেছিকৈ প্ৰেম কৰিম, তেতিয়া আমাৰ লগতে আন লোকসকলে কি কি আশীৰ্বাদ লাভ কৰিব।

যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াই থাকক

৫-৬. (ক) পাঁচনি পৌলে কি কি সমস্যাৰ সন্মুখীন হৈছিল? (খ) কিন্তু তেওঁ কিয় একেৰাহে যিহোৱাৰ সেৱা কৰি থাকিব পাৰিলে?

পাঁচনি পৌলে আনন্দেৰে যিহোৱাৰ সেৱা কৰি আছিল কিন্তু বহু বাৰ তেওঁ সমস্যাৰো সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁ প্ৰায়ে দূৰ-দূৰণিলৈকে যাত্ৰা কৰিছিল আৰু সেই সময়ত যাত্ৰা কৰাটো ইমান সহজো নাছিল। সেই সময়ছোৱাত তেওঁ বহু বাৰ ‘নদীৰ সঙ্কট’ আৰু ‘ডকাইতৰ সঙ্কটৰ’ সন্মুখীন হৈছিল। বহুতো বিৰোধীসকলে তেওঁক মাৰ-পিট কৰিছিল। (২ কৰি. ১১:২৩-২৭) আনকি বহু বাৰ খ্ৰীষ্টান ভাইসকলেও তেওঁৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা দেখুৱা নাছিল।—২ কৰি. ১০:১০; ফিলি. ৪:১৫.

তথাপি পৌলে একেৰাহে যিহোৱাৰ সেৱা কৰি থাকিল। তেওঁ এইদৰে কিয় কৰিব পাৰিলে? শাস্ত্ৰৰ অধ্যয়ন কৰি আৰু নিজৰ অনুভৱৰ পৰা পৌলে ভালদৰে জানিব পাৰিলে যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়। তেওঁৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁক বহুত প্ৰেম কৰে। (ৰোম. ৮:৩৮, ৩৯; ইফি. ২:৪, ৫) তাৰ পাছত তেৱোঁ যিহোৱাক প্ৰেম কৰিবলৈ ধৰিলে। তেওঁ নিজৰ প্ৰেম কেনেকৈ দেখুৱালে? একেৰাহে ‘পবিত্ৰ লোকবিলাকৰ সেৱা-শুশ্ৰূষাʼ কৰি।—ইব্ৰী ৬:১০.

৭. যিহোৱাৰ প্ৰতি প্ৰেম বঢ়োৱাৰ এটা উপায় কি?

আজি আমি ঈশ্বৰৰ প্ৰতি নিজৰ প্ৰেম কেনেকৈ বঢ়াব পাৰোঁ? সম্পূৰ্ণ মনেৰে তেওঁৰ বাক্য অধ্যয়ন কৰি। যেতিয়া আপুনি বাইবেল পঢ়ে, তেতিয়া আপুনি এয়া জানিবলৈ চেষ্টা কৰক যে আপুনি যি পঢ়িলে তাৰ পৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰি। নিজকে এইদৰে প্ৰশ্ন সোধক, ‘এই ঘটনাৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই মোক প্ৰেম কৰে? ইয়াত লিখা কোনটো কথাই মোক যিহোৱাক আৰু বেছিকৈ প্ৰেম কৰিবলৈ উৎসাহিত কৰিছে?ʼ

৮. প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম কেনেকৈ বাঢ়িব পাৰে?

যিহোৱাৰ প্ৰতি প্ৰেম বঢ়োৱাৰ আন এটা উপায় হৈছে প্ৰতিদিনে মন খুলি তেওঁলৈ প্ৰাৰ্থনা কৰা। (গীত. ২৫:৪, ৫) এইদৰে কৰিলে পাছত যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। (১ যোহ. ৩:২১, ২২) এছিয়াৰ ভনী কায়লাই এইদৰে কৈছে, “আৰম্ভণিতে মই যিহোৱাৰ বিষয়ে বহুতো ভাল ভাল কথা শিকিছিলোঁ, কেৱল সেইবাবে তেওঁক প্ৰেম কৰিছিলোঁ। কিন্তু মই দেখিলোঁ যে তেওঁ কেনেকৈ মোৰ প্ৰাৰ্থনাৰ উত্তৰ দি আছে, তেতিয়া মই তেওঁক আৰু বেছিকৈ প্ৰেম কৰিবলৈ ধৰিলোঁ। পাছত মোৰ সকলো কামৰ পৰা যিহোৱাক আনন্দিত কৰিবলৈ মোৰ মন গ’ল।” b

আনৰ প্ৰতি প্ৰেম বঢ়াই থাকক

৯. পৌলে কোৱা কথাৰ পৰা কেনেকৈ জানিব পাৰি যে তীমথিয়ে ভাই-ভনীসকলক আৰু বেছিকৈ প্ৰেম কৰিছিল?

পৌল খ্ৰীষ্টান হোৱাৰ কিছু বছৰৰ পাছত তীমথিয় নামৰ এজন ডেকাক লগ পাইছিল। তীমথিয়ই যিহোৱা আৰু লোকসকলক বহুত প্ৰেম কৰিছিল। ইয়াৰ কিছু বছৰৰ পাছত পৌলে ফিলিপী মণ্ডলীলৈ এইদৰে লিখিছিল, “যি জনে তোমালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিব, এনে মনৰ লোক মোৰ (তীমথিয়ৰ দৰে) আন কোনো নাই।” (ফিলি. ২:২০) মন কৰক, ইয়াত তীমথিয়ই কিমান ভালদৰে সকলো কামৰ ব্যৱস্থা কৰে বা কিমান ভাল ভাষণ দিয়ে তাৰ বিষয়ে পৌলে উল্লেখ কৰা নাই। ইয়াৰ পৰিৱৰ্তে তেওঁক তীমথিয়ৰ এই কথা ভাল লাগিল যে তীমথিয় ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰে আৰু তেওঁলোকক প্ৰেম কৰে। সেইবাবে, মণ্ডলীৰ ভাই-ভনীসকলেও হয়তো আশাৰে বাট চাই আছিল যে তীমথিয়ই কেতিয়া তেওঁলোকৰ মণ্ডলীত সাক্ষাৎ কৰিবলৈ আহিব।—১ কৰি. ৪:১৭.

১০. ভনী এনা আৰু তাইৰ স্বামীয়ে ভাই-ভনীসকলক কেনেকৈ প্ৰেম দেখুৱালে?

১০ আমিও নিজৰ ভাই-ভনীসকলক সহায় কৰাৰ সুযোগ বিচাৰি থাকোঁ। (ইব্ৰী ১৩:১৬) ভনী এনাৰ উদাহৰণলৈ মন কৰক, তাইৰ বিষয়ে ইয়াৰ আগৰ লেখত উল্লেখ কৰা হৈছিল। তেওঁলোকৰ এলেকাত এটা ভয়ংকৰ ধুমুহা আহিছিল। ধুমুহাৰ পাছত তেওঁলোকে এটা পৰিয়ালক লগ কৰিবলৈ গ’ল। তাত গৈ তেওঁলোকে গম পালে যে এই পৰিয়ালৰ ঘৰৰ চাদ পৰি গৈছে। সেইবাবে, এই পৰিয়ালৰ ওচৰত এযোৰো চফা কাপোৰ নাছিল। ভনী এনাই এইদৰে কৈছে, “আমি তেওঁলোকৰ কাপোৰ ল’লোঁ, ধুলোঁ, ইস্ত্ৰী কৰিলোঁ আৰু ভালদৰে ৰাখি তেওঁলোকক দিলোঁ। আমাৰ বাবে এয়া সৰু-সুৰা কাম আছিল, কিন্তু ইয়াৰ বাবে তেওঁলেকৰ লগত আমাৰ বন্ধুত্ব গভীৰ হ’ল আৰু আমি আজিলৈকে ভাল বন্ধু হৈ আছোঁ। ভনী এনা আৰু তেওঁৰ স্বামীয়ে ভাই-ভনীসকলক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকে ভাই-ভনীসকলৰ সহায় কৰিলে।—১ যোহ. ৩:১৭, ১৮.

১১. (ক) যেতিয়া আমি আনৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰোঁ, তেতিয়া প্ৰায়ে তেওঁলোকক কেনেকুৱা লাগে? (খ) হিতোপদেশ ১৯:১৭ পদৰ অনুসৰি যেতিয়া আমি প্ৰেমৰ বাবে লোকসকলৰ কাৰণে কিবা কৰোঁ, তেতিয়া যিহোৱাই কি কৰে?

১১ যেতিয়া আমি আনৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰোঁ আৰু তেওঁলোকক সহায় কৰোঁ, তেতিয়া তেওঁলোকে প্ৰায়ে ধ্যান দিয়ে যে আমি কেনেকৈ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিবলৈ আৰু তেওঁৰ ধৰে হ’বলৈ চেষ্টা কৰি আছোঁ। আমাৰ হয়তো অনুভৱে নহয় যে আমি তেওঁলোকৰ বাবে যি কৰোঁ তাৰ বাবে তেওঁলোক কিমান কৃতজ্ঞ। ভনী কায়লাৰ উদাহৰণলৈ আকৌ মন কৰক। বহু বছৰ আগতে ভনীসকলে যি সহায় কৰিছিল সেই কথা তেওঁৰ আজিও মনত আছে। তেওঁ এইদৰে কৈছে, “মই সেই সকলো ভনীৰ প্ৰতি কৃতজ্ঞ যিসকলে মোক প্ৰচাৰলৈ নিছিল, মোক ঘৰৰ পৰা নিবলৈ আহিছিল, আহাৰৰ বাবে নিছিল আৰু ঘৰত থৈ গৈছিল। আজি যেতিয়া মই তাৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মোৰ অনুভৱ হয় যে তেওঁলোকে মোৰ বাবে কিমান কাম কৰিলে আৰু সেয়া কেৱল প্ৰেমৰ বাবে।” হয়তো আমি যিসকলক সহায় কৰোঁ, তেওঁলোকৰ মাজৰ প্ৰতিজনে আমাৰ বাবে একো নকৰিব পাৰে। ভনী কায়লাক যিসকলে সহায় কৰিছিল, তেওঁলোকৰ বিষয়ে ভনীয়ে এইদৰে কৈছে, “তেওঁলোকে মোৰ বাবে বহুতো কাম কৰিলে মইয়ো তেওঁলোকক সহায় কৰিব পৰা হ’লে কিমান ভাল আছিল। মই নাজানোঁ যে তেওঁলোকে এতিয়া ক’ত আছে কিন্তু যিহোৱাই ইয়াৰ বিষয়ে জানে আৰু মই প্ৰাৰ্থনা কৰোঁ যে যিহোৱাই মোৰ ফালৰ পৰা তেওঁলোকক সহায় কৰক।” ভনী কায়লাই একেবাৰে সচাঁ কথা ক’লে। যদি আমি আনক আলপো সহায় কৰোঁ তেনেহ’লে যিহোৱাই ইয়াৰ ওপৰত ধ্যান দিয়ে আৰু ইয়াক মূল্যৱান বলিদানৰ দৰে ভাবে। যিহোৱাই ভাবে যে আমি আনক সহায় কৰি যেন তেওঁৰ উপকাৰ কৰোঁ আৰু তেওঁ ইয়াৰ বাবে আমাক নিশ্চয় পুৰস্কাৰ দিব।হিতোপদেশ ১৯:১৭ পঢ়ক।

যিসকল খ্ৰীষ্টানে উন্নতি কৰিব বিচাৰে, তেওঁলোকে আনক সহায় কৰাৰ সুযোগ বিচাৰি থাকে (অনুচ্ছেদ ১২ চাওক)

১২. ভাইসকলে মণ্ডলীৰ ভাই-ভনীসকলৰ বাবে নিজৰ প্ৰেম কেনেকৈ দেখুৱাব পাৰে? (ছবিখনো চাওক।)

১২ যদি আপুনি এজন ভাই হয়, তেনেহ’লে প্ৰেম দেখুৱাবলৈ আৰু আগবাঢ়ি আহি তেওঁলোকক সহায় কৰিবলৈ আপুনি কি কৰিব পাৰে? জৰ্ডন নামৰ এজন ডেকা ভাইৰ উদাহৰণলৈ মন কৰক। তেওঁ এজন প্ৰাচীনক সুধিছিল যে তেওঁ কেনেকৈ মণ্ডলীৰ সহায় কৰিব পাৰে। জৰ্ডনে আগৰে পৰা যি কৰি আছিল, তাৰ বাবে প্ৰাচীনজনে তেওঁৰ প্ৰশংসা কৰিলে আৰু তেওঁক কিছুমান উপায়ৰ বিষয়ে ক’লে। যেনে, প্ৰাচীনজনে কʼলে যে তেওঁ সভা আৰম্ভ হোৱাৰ অলপ আগতে ৰাজ্যগৃহলৈ আহিব পাৰে আৰু আনক আদৰণি জনাব পাৰে, সভাবোৰত ভালদৰে উত্তৰ দিব পাৰে, একেৰাহে নিজৰ সমূহৰ লগত প্ৰচাৰ কৰিব পাৰে আৰু চিন্তা কৰিব পাৰে যে তেওঁ আৰু কি কি উপায়েৰে আনৰ সহায় কৰিব পাৰে। জৰ্ডনে সেই প্ৰাচীনজনৰ পৰামৰ্শ মানিলে। ইয়াৰ বাবে তেওঁ সেই কামবোৰ ভালদৰে কৰিব পাৰিলে আৰু ভাই-ভনীসকলৰ প্ৰতিও তেওঁৰ প্ৰেম বাঢ়িবলৈ ধৰিলে। জৰ্ডনে এটা গুৰুত্বপূৰ্ণ কথাও শিকিলে। সেয়া হৈছে এজন ভায়ে পৰিচাৰক হোৱাৰ পাছত আনক সহায় কৰিবলৈ আৰম্ভ নকৰে, তাৰ পৰিৱৰ্তে পৰিচাৰক হোৱাৰ আগৰে পৰা এইদৰে কৰিবলগীয়া হয় আৰু আগলৈও কৰি থাকিব লাগিব।—১ তীম. ৩:৮-১০, ১৩.

১৩. ভাই ক্ৰীষ্টিয়ানে প্ৰেমৰ বাবে কেনেকৈ পুনৰ প্ৰাচীন হিচাপে সেৱা কৰাৰ যোগ্য হ’ব পাৰিলে?

১৩ হয়তো আগতে আপুনি প্ৰাচীন বা পৰিচাৰক হিচাপে সেৱা কৰি আছিলে। সেই সময়ত আপুনি ভাই-ভনীসকলৰ বাবে যিদৰে প্ৰেম দেখুৱাইছিল যিহোৱাই তাক পাহৰা নাই। (১ কৰি. ১৫:৫৮) আজি আপুনি ভাই-ভনীসকলৰ বাবে যিদৰে প্ৰেম দেখুৱাই আছে, তাৰ ওপৰতো যিহোৱাই ধ্যান দিয়ে। ক্ৰীষ্টিয়ান নামৰ ভাইৰ উদাহৰণলৈ মন কৰক। তেওঁ এজন প্ৰাচীন হিচাপে সেৱা কৰি আছিল কিন্তু তেওঁৰ পৰা এই দায়িত্ব লৈ লোৱা হ’ল, তেতিয়া তেওঁক অলপ দুখ লাগিল। তেওঁ এইদৰে কৈছে, “মই যিহোৱাক বহুত প্ৰেম কৰোঁ। সেইবাবে, মই থিৰাং কৰিলোঁ যে যদিও মোৰ ওচৰত দায়িত্ব থাকক বা নাথাকক মই যিমান পাৰোঁ সিমান যিহোৱাৰ সেৱা কৰি থাকিম।” কিছু সময়ৰ পাছত ভাইক পুনৰ প্ৰাচীন নিযুক্ত কৰা হ’ল। তেওঁ এইদৰে কৈছে, “প্ৰথমতে মই এই দায়িত্ব ল’বলৈ সংকোচ কৰিছিলোঁ। কিন্তু মই ভাবিলোঁ যদি যিহোৱাই মোক দয়া দেখুৱাইছে আৰু মোক পুনৰ প্ৰাচীন হিচাপে সেৱা কৰাৰ সুযোগ দিছে, তেনেহ’লে মই এই দায়িত্ব লোৱা উচিত। মই যিহোৱাক আৰু ভাই-ভনীসকলক বহুত প্ৰেম কৰোঁ। সেইবাবে, এই দায়িত্ব ল’বলৈ আগবাঢ়ি আহিলোঁ।”

১৪. আপুনি ভনী এলেনাৰ উদাহৰণৰ পৰা কি শিকিলে?

১৪ যিহোৱাৰ সেৱকসকলে নিজৰ ওচৰ-চুবুৰীয়াকো প্ৰেম কৰে। (মথি ২২:৩৭-৩৯) জৰ্জিয়াত থকা ভনী এলেনাৰ উদাহৰণলৈ মন কৰক। তেওঁ এইদৰে কৈছে, “প্ৰথমে মই যিহোৱাক বহুত প্ৰেম কৰাৰ বাবেহে লোকসকলক প্ৰচাৰ কৰি আছিলোঁ। কিন্তু যেনেকৈ যিহোৱাৰ প্ৰতি মোৰ প্ৰেম বাঢ়িবলৈ ধৰিলে, তেনেকৈ মই লোকসকলকো আৰু বেছিকৈ প্ৰেম কৰিলোঁ। মই চিন্তা কৰিলোঁ যে তেওঁলোকে কি সমস্যাৰ সন্মুখীন হৈ আছে আৰু তেওঁলোকৰ লগত কোনটো বিষয়ে কথা পাতিলে ভাল হ’ব। যিমানেই মই এই বিষয়ে চিন্তা কৰিলোঁ, সিমানেই তেওঁলোকক সহায় কৰিবলৈ মোৰ মন গ’ল।”—ৰোম. ১০:১৩-১৫.

আনক প্ৰেম কৰিলে বহুতো আশীৰ্বাদ পোৱা যায়

প্ৰেমৰ বাবে কোনো এজন ব্যক্তিক সহায় কৰিলে বহুতৰে লাভ হ’ব পাৰে (অনুচ্ছেদ ১৫-১৬ চাওক)

১৫-১৬. ছবিখনত দেখুৱাৰ দৰে আনক প্ৰেম কৰিলে কি কি আশীৰ্বাদ পোৱা যায়?

১৫ যেতিয়া আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেতিয়া তেওঁলোকৰ লগতে আনৰো লাভ হয়। এটা উদাহৰণলৈ মন কৰক। কভিড ১৯ মহামাৰী আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছত ভাই পাওল’ আৰু তেওঁৰ পত্নীয়ে কিছুমান বৃদ্ধ ভনীসকলক শিকালে যে তেওঁলোকে নিজৰ ফোন বা টেবলেটৰ যোগেদি কেনেকৈ লোকসকলক প্ৰচাৰ কৰিব পাৰে। এজনী ভনীক আৰম্ভণিতে এইদৰে কৰিবলৈ কঠিন লাগিছিল, কিন্তু পাছত তাই শিকিলে। তেওঁ নিজৰ বহুতো সম্বন্ধীয় লোকক স্মৰণীয় দিনত উপস্থিত হ’বলৈ নিমন্ত্ৰণ দিলে। আচৰিত কথা যে তেওঁলোকৰ মাজৰ ৬০ জন লোকে স্মৰণীয় দিনত ভিডিঅ’ কনফ্ৰেন্সিঙৰ জৰিয়তে উপস্থিত হ’ল। ভাই পাওল’ আৰু তেওঁৰ পত্নীয়ে যি পৰিশ্ৰম কৰিলে তাৰ পৰা সেই বৃদ্ধ ভনীৰ লগতে তেওঁৰ বহুতো সম্বন্ধীয় লোকেও লাভৱান হ’ল। পাছত সেই বৃদ্ধ ভনীয়ে ভাই পাওল’ক এইদৰে লিখিলে, “আপুনি আমাৰ নিচিনা বৃদ্ধ ভনীসকলক যিদৰে শিকালে তাৰ বাবে বহুত বহুত ধন্যবাদ। যিহোৱাই আমাৰ যিদৰে যত্ন ল’লে আৰু আপুনি আমাৰ বাবে যি পৰিশ্ৰম কৰিলে তাক মই কেতিয়াও নাপাহৰিম।

১৬ এনেধৰণৰ উদাহৰণৰ পৰা ভাই পাওল’ই এটা গুৰুত্বপূৰ্ণ কথা শিকিলে। সেয়া হৈছে কোনো দক্ষতা আৰু জ্ঞান থকাতকৈ বেছি ভাই-ভনীসকলক প্ৰেম কৰাটোহে অৰ্থ ৰাখে। তেওঁ এইদৰে কৈছে, “মই আগতে চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰিছিলোঁ। সেই সময়ত মই যি ভাষণ দিছিলোঁ, সেয়া হয়তো ভাই-ভনীসকলৰ মনত নাই, কিন্তু মই যিদৰে তেওঁলোকক সহায় কৰিছিলোঁ, সেয়া তেওঁলোকে আজিও পাহৰা নাই।”

১৭. যেতিয়া আমি আনক প্ৰেম কৰোঁ, তেতিয়া আৰু কাৰ লাভ হয়?

১৭ আনক প্ৰেম কৰিলে অজানিতে আমাৰ নিজৰে লাভ হয়। নিউজিলেণ্ডত থকা ভাই যোনাথনৰ লগত এইদৰেই হৈছিল। এবাৰ শনিবাৰ দুপৰীয়া তেওঁ দেখিলে যে এজন অগ্ৰগামী সেৱকে ইমান গৰমত ৰাস্তাৰ কাষতে লোকসকলক প্ৰচাৰ কৰি আছে। তেওঁ ভাবিলে অহা সপ্তাহৰ পৰা শনিবাৰে দুপৰীয়া তেওঁ সেই অগ্ৰগামী সেৱকৰ লগত প্ৰচাৰ কৰিব। তেওঁ কেৱল সেই অগ্ৰগামী সেৱকক সহায় কৰাৰ কথা ভাবিছিল, কিন্তু তেওঁ গ’মেই পোৱা নাছিল যে ইয়াৰ পৰা তেওঁৰ কিমান লাভ হ’ব। তেওঁ এইদৰে কৈছে, “সঁচাকৈ ক’বলৈ গ’লে সেই সময়ত প্ৰচাৰ কৰি মোক ইমান ভাল লগা নাছিল। কিন্তু যেতিয়া মই দেখিলোঁ যে সেই অগ্ৰগামী সেৱকজনে লোকসকলক কেনেকৈ শিকাই আৰু প্ৰচাৰত তেওঁ কিমান ভাল পৰিনাম পাই আছে। তেতিয়া ময়ো প্ৰচাৰ কৰিবলৈ উৎসাহিত হ’লোঁ। সেই অগ্ৰগামী সেৱকজনৰ লগত মোৰ ভাল সম্পৰ্ক হ’ল। তেওঁৰ লগত সময় কটায় মই আৰু উন্নতি কৰিব পাৰিলোঁ, প্ৰচাৰত মোক ভাল লাগিব ধৰিলে আৰু মই যিহোৱাৰ বেছিকৈ কাষ চাপিব পাৰিলোঁ।”

১৮. যিহোৱাই আমাৰ পৰা কি বিচাৰে?

১৮ আমি যিহোৱা আৰু আনৰ প্ৰতি নিজৰ প্ৰেম বঢ়াই থকাটো যিহোৱাই বিচাৰে। এই লেখত আমি শিকিলোঁ যে ঈশ্বৰৰ বাক্য পঢ়ি, তাৰ ওপৰত মনন কৰি আৰু বাৰে বাৰে প্ৰাৰ্থনা কৰি আমি ঈশ্বৰৰ প্ৰতি নিজৰ প্ৰেম বঢ়াব পাৰোঁ। আমি ভাই-ভনীসকলক বেলেগ বেলেগ উপায়েৰে সহায় কৰি তেওঁলোকৰ প্ৰতি নিজৰ প্ৰেম বঢ়াব পাৰোঁ। যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি আমাৰ প্ৰেম যিমানে বাঢ়িব সিমানে আমি তেওঁলোকক কাষত অনুভৱ কৰিম আৰু তেওঁলোকৰ লগত আমাৰ বন্ধুত্ব সদায় থাকিব।

গীত ১০৯ হৃদয়েৰে প্ৰেম কৰা

a যদিও আমি অলপতে বাপ্তিষ্মা লৈছোঁ বা যিহোৱাৰ সেৱা কৰা আমাৰ বহু বছৰ হ’ল, আমি সকলোৱে খ্ৰীষ্টান হিচাপে উন্নতি কৰি থাকিব পাৰোঁ। এই লেখত এনেধৰণৰ এটা বিশেষ উপায়ৰ বিষয়ে আলোচনা কৰা হ’ব। সেয়া হৈছে যিহোৱা আৰু আন লোকসকলৰ প্ৰতি প্ৰেম বঢ়োৱা। এই লেখখন আলোচনা কৰাৰ সময়ত আপুনি মন কৰিব যে এই বিষয়ত আপুনি এতিয়ালৈকে কিমান উন্নতি কৰিলে আৰু আগলৈ আপুনি কেনেকৈ উন্নতি কৰিব পাৰিব।

b কিছুমান নাম সলনি কৰা হৈছে।