Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩২

যিহোৱাৰ দৰে সঠিক চিন্তাধাৰা ৰাখক

যিহোৱাৰ দৰে সঠিক চিন্তাধাৰা ৰাখক

‘তোমালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক।ʼ—ফিলি ৪:৫. a

গীত ৮৯ শুনি পালন কৰা

লেখৰ এক আভাস b

আপুনি কোনজোপা গছৰ দৰে হʼব বিচাৰে? (অনুচ্ছেদ ১ চাওক)

১. খ্ৰীষ্টানসকলে কেনেকৈ এজোপা গছৰ দৰে হʼব পাৰে? (ছবিখনো চাওক।)

 বতাহ বলাৰ সময়ত নাৰিকল গছৰ কি হয় আপোনালোকে দেখিছেনে? সি হাউলি যায় কিন্তু নাভাঙে। ইয়াৰ পৰা আমি এটা ভাল গুণ শিকিবলৈ পাওঁ। সেয়া হৈছে, এই গছে মজবুতেৰে থিয় হৈ থাকিব পাৰে, কাৰণ প্ৰয়োজন হʼলে ই হাউলিবলৈ সাজু থাকে। ঠিক সেইদৰে যদি এজন খ্ৰীষ্টানে আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিবলৈ বিচাৰে, তেনেহʼলে তেওঁ হাউলিবলৈ অৰ্থাৎ পৰিস্থিতিৰ লগত খাপ খাবলৈ সাজু থকা উচিত। ইয়াৰ অৰ্থ হৈছে যদি আমাৰ পৰিস্থিতি সলনি হয়, তেনেহʼলে আমি সাল-সলনি কৰিবলৈ সাজু থকা উচিত আৰু আনৰ চিন্তাধাৰা বা নিৰ্ণয় আমাৰ পৰা বেলগে হʼলেও তেওঁলোকক সন্মান কৰা উচিত।

২. (ক) আমি কি কি গুণ বঢ়ালে পৰিস্থিতি সলনি হোৱাৰ সময়ত নিজকে তাৰ লগত খাপ খোৱাব পাৰিম? (খ) এই লেখত আমি কি শিকিম?

আমি যিহোৱাৰ সেৱক হয়, সেইবাবে আমিও সঠিক চিন্তাধাৰা ৰাখিবলৈ বা সাল-সলনি কৰিবলৈ সাজু হৈ থাকিব বিচাৰোঁ। ইয়াৰ লগতে আমি নম্ৰ আৰু দয়ালু হʼব বিচাৰোঁ। এই লেখত আমি শিকিম যে এই গুণবোৰ বঢ়োৱাৰ বাবে কিছুমান খ্ৰীষ্টানে কেনেকৈ পৰিস্থিতি সলনি হোৱাৰ সময়ত নিজকে খাপ খোৱাব পাৰিলে আৰু এই গুণবোৰ বঢ়ালে আমি কেনেকৈ লাভৱান হʼব পাৰিম। কিন্তু প্ৰথমে আহক যিহোৱা আৰু যীচুৰ পৰা শিকোঁ, যিসকলে সঠিক চিন্তাধাৰা ৰখা আৰু সাল-সলনি কৰাত এটা ভাল উদাহৰণ হয়।

যিহোৱা আৰু যীচু এক ভাল উদাহৰণ হয়

৩. যিহোৱা সঠিক চিন্তাধাৰা ৰখা আৰু সাল-সলনি কৰিবলৈ সাজু থকা ঈশ্বৰ হয় বুলি কি কথাই প্ৰমাণ কৰে?

যিহোৱাক “শিলা” বুলি কোৱা হৈছে, কিয়নো তেওঁ থিৰে থাকে। (দ্বিতী. ৩২:৪) কিন্তু তেওঁ সঠিক চিন্তাধাৰা ৰখা ঈশ্বৰ হয় আৰু প্ৰয়োজন হʼলে সাল-সলনি কৰিবলৈও সাজু থাকে। জগতৰ পৰিস্থিতি সলনি হোৱাৰ লগে লগে তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ সাল-সলনি কৰে। যিহোৱাই মানুহক নিজৰ প্ৰতিমূৰ্তিৰে বনাইছে। সেইবাবে, সলনি হোৱা পৰিস্থিতিৰ লগতে নিজকে খাপ খোৱাৰ দক্ষতা আমাৰ ওচৰতো আছে। তেওঁ বাইবেলত এনে কিছুমান সিদ্ধান্ত দিছে, যিবোৰ মনত ৰাখি আমি যিকোনো পৰিস্থিতিতে সঠিক নিৰ্ণয় লʼব পাৰোঁ। যিহোৱাৰ উদাহৰণ আৰু তেওঁ যিবোৰ সিদ্ধান্ত দিছে, তাৰ পৰা প্ৰমাণ হয় যে যিহোৱা ‘শিলাৰ’ দৰে থিৰ হয় কিন্তু তেওঁ সঠিক চিন্তাধাৰা ৰাখিবলৈ আৰু সাল-সলনি কৰিবলৈও সাজু থাকে।

৪. এটা উদাহৰণ দি বুজাওক যে যিহোৱা কেনেকৈ সঠিক চিন্তাধাৰা ৰখা ঈশ্বৰ হয়? (লেবীয়া পুস্তক ৫:৭, ১১)

যিহোৱাই লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰ পৰাও জানিব পাৰি যে তেওঁ সঠিক চিন্তাধাৰা ৰখা ঈশ্বৰ হয়। তেওঁ সদায় সঠিক কাম কৰে, তেওঁ কেতিয়াও লোকসকলৰ লগত কঠোৰতাৰে ব্যৱহাৰ নকৰে। তাৰ পৰিৱৰ্তে তেওঁ সাল-সলনি কৰিবলৈ সাজু থাকে। উদাহৰণস্বৰূপে, মন কৰক যে যিহোৱাই সঠিক চিন্তাধাৰা ৰাখি ইস্ৰায়েলীসকলক কেনেকৈ দয়া দেখুৱালে। ধনী বা দুখীয়া সকলো ইস্ৰায়েলীয়ে একেধৰণৰ বলিদান দিয়াটো তেওঁ আশা কৰা নাছিল। কিছুমান ক্ষেত্ৰত তেওঁ প্ৰতিজনকে নিজৰ সামৰ্থৰ অনুসৰি বলিদান দিবলৈ অনুমতি দিছিল।লেবীয়া পুস্তক ৫:৭, ১১ পঢ়ক।

৫. যিহোৱা নম্ৰ আৰু কৰুণাময় ঈশ্বৰ হয় বুলি আমি কিয় কʼব পাৰোঁ? উদাহৰণ দি বুজাওক।

যিহোৱা নম্ৰ হয় আৰু তেওঁৰ অন্তৰত লোকসকলৰ প্ৰতি কৰুণা আছে। সেইবাবে, তেওঁ সঠিক চিন্তাধাৰা ৰাখি লোকসকলক দয়া দেখুৱায় আৰু সাল-সলনি কৰিবলৈ সাজু থাকে। এটা উদাহৰণলৈ মন কৰক যাৰ পৰা জানিব পাৰি যে যিহোৱা কিমান নম্ৰ হয়। তেওঁ চদোমৰ দুষ্ট লোকসকলক ধ্বংস কৰিবলৈ নিৰ্ণয় লৈছিল। তেওঁ নিজৰ স্বৰ্গদূত পঠিয়াই লোটক পাহাৰীয়া এলেকাত পলাই যাবলৈ নিৰ্দেশনা দিলে। কিন্তু লোটে তাত যাবলৈ ভয় কৰিছিল। সেইবাবে, তেওঁ আৰু তেওঁৰ পৰিয়ালে ওচৰৰ চোৱৰ নামৰ এখন সৰু নগৰত যাবলৈ অনুৰোধ কৰিলে। যিহোৱাই চোৱৰ নগৰখনো ধ্বংস কৰিম বুলি ভাবিছিল। সেইবাবে, তেওঁ লোটক কʼব পাৰিলেহেঁতেন যে তেওঁক যি কৰিবলৈ কোৱা হৈছে, সেইমতে কৰক। কিন্তু তেওঁ লোটক দয়া দেখুৱালে আৰু তেওঁৰ অনুৰোধ মানিলে। সেইবাবে, তেওঁ চোৱৰ নগৰখন ধ্বংস নকৰিলে। (আদি. ১৯:১৮-২২) বহু বছৰৰ পাছত যিহোৱাই নীনবিৰ লোকসকলক দয়া দেখুৱালে। কেনেকৈ বাৰু? তেওঁ ভৱিষ্যতবক্তা যোনাক এয়া ঘোষণা কৰিবলৈ পঠিয়ালে যে অতি সোনকালে তেওঁ সেই চহৰ আৰু তাত থকা দুষ্ট লোকসকলক ধ্বংস কৰিব। কিন্তু পাছত নীনবিৰ লোকসকলে অনুতাপ কৰিলে। সেইবাবে, যিহোৱাই তেওঁলোকক দয়া দেখুৱালে। তেওঁ নীনবি আৰু তাত থকা লোকসকলক ধ্বংস নকৰিলে।—যোনা ৩:১, ১০; ৪:১০, ১১.

৬. উদাহৰণ দি বুজাওক যে যীচুৱে কেনেকৈ যিহোৱাৰ দৰে সঠিক চিন্তাধাৰা ৰাখি আনক দয়া দেখুৱালে?

যিহোৱাৰ দৰে যীচুৱেও সঠিক চিন্তাধাৰা ৰাখি লোকসকলক দয়া দেখুৱাইছিল। তেওঁক পৃথিৱীত ‘ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰক’ প্ৰচাৰ কৰিবলৈ পঠিওৱা হৈছিল। কিন্তু এই দায়িত্ব পালন কৰাৰ সময়ত তেওঁ একেটা কথাকে ধৰি থকা নাছিল। এবাৰ এজনী ইস্ৰায়েলী নোহোৱা তিৰোতাই নিজৰ ছোৱালীজনীক ভাল কৰিবলৈ যীচুক মিনতি কৰিছিল, যাক ‘ভূতে ধৰিছিল।’ যীচুৰ অন্তৰত সেই তিৰোতাৰ প্ৰতি কৰুণা জাগিল আৰু তাইৰ ছোৱালীজনীক ঠিক কৰিলে। (মথি ১৫:২১-২৮) আন এটা উদাহৰণলৈ মন কৰক। পৃথিৱীত সেৱা কৰাৰ সময়ত যীচুৱে এইদৰে কৈছিল, ‘যি কোনোৱে মোক অস্বীকাৰ কৰে, ময়ো তেওঁক অস্বীকাৰ কৰিম।’ (মথি ১০:৩৩) কিন্তু পিতৰে যেতিয়া তেওঁক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিলে, তেতিয়া যীচুৱে কি কৰিলে? যীচুৱে জানিছিল যে পিতৰে নিজৰ ভুলৰ বাবে অন্তৰৰ পৰা অনুতাপ কৰিছে আৰু তেওঁ বিশ্বাসযোগ্য সেৱক হয়। সেইবাবে, তেওঁ পিতৰক অস্বীকাৰ নকৰিলে। জীৱিত হোৱাৰ পাছত তেওঁ পিতৰক লগ কৰিলে আৰু তেওঁক ক্ষমা কৰিলে আৰু এতিয়াও তেওঁক প্ৰেম কৰে বুলি বিশ্বাস দিলে।—লূক ২৪:৩৩, ৩৪.

৭. ফিলিপীয়া ৪:৫ পদত কোৱাৰ দৰে আমি কেনে ব্যক্তি হʼব বিচাৰোঁ?

এতিয়ালৈকে আমি শিকিলোঁ যে যিহোৱা আৰু যীচুৱে সঠিক চিন্তাধাৰা ৰাখি দয়া দেখুৱায়। আমিও তেওঁলোকৰ দৰে হোৱাটো যিহোৱাই বিচাৰে। (ফিলিপীয়া ৪:৫ পঢ়ক।) ফিলিপীয়া ৪:৫ পদটো আন এখন বাইবেলত এইদৰে অনুবাদ কৰা হৈছে, “আপুনি দয়া দেখুৱা লোক বুলি লোকসকলে জানক।” গতিকে আমি নিজকে সুধিব পাৰোঁ, ‘লোকসকলে মোৰ বিষয়ে কি ভাবে? মই দয়া দেখুৱা ব্যক্তি হওঁনে? মই ঢাল খাবলৈ বা সাল-সলনি কৰিবলৈ সাজু থাকোঁনে? বা তেওঁলোকে মোক কঠোৰ বা একেটা কথাতে লাগি থকা লোক বুলি ভাবে? মই এইদৰে ভাবোঁ নেকি মোৰ কথা সঠিক হয় আৰু সকলোৱে মোৰ কথা শুনা উচিত? বা মই আনৰ কথা শুনিবলৈ সাজু থাকোঁ আৰু প্ৰয়োজন হʼলে তেওঁলোকৰ কথা মানি লওঁ?ʼ যিমানেই আমি আনক দয়া দেখুৱাওঁ আৰু সাল-সলনি কৰিবলৈ সাজু থাকোঁ, সিমানেই আমি যিহোৱা আৰু যীচুৰ দৰে হ’ম। এতিয়া আহক এনে দুটা পৰিস্থিতিৰ বিষয়ে মন কৰোঁ, য’ত আমি সাল-সলনি কৰিবলৈ সাজু থকা উচিত। প্ৰথম, যেতিয়া আমাৰ পৰিস্থিতি সলনি হয় আৰু দ্বিতীয়, যেতিয়া লোকসকলৰ চিন্তাধাৰা আৰু নিৰ্ণয় আমাৰ পৰা বেলেগ হয়।

পৰিস্থিতি সলনি হʼলে সাল-সলনি কৰিবলৈ সাজু থাকক

৮. আমি কি কৰিলে সলনি হোৱা পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাব পাৰিম? (ফুটনটো চাওক।)

পৰিস্থিতি সলনি হʼলে আমাৰ বাবে সাল-সলনি কৰাটো প্ৰয়োজন হৈ পৰে। কিছুমান সাল-সলনিৰ বাবে আমাৰ ওচৰত এনে সমস্যাবোৰ আহিব পাৰে যাৰ বিষয়ে আমি হয়তো ভবাও নাই। হয়তো হঠাতে আমাৰ স্বাস্থ্য বেয়া হʼব পাৰে বা আৰ্থিক বা ৰাজনৈতিক সাল-সলনিৰ বাবে হয়তো হঠাতে আমাৰ জীৱন সলনি হʼব পাৰে। (উপ. ৯:১১; ১ কৰি. ৭:৩১) হয়তো যিহোৱাৰ সংগঠনত আমাক যি দায়িত্ব দিয়া হৈছে, তাত কিছুমান সাল-সলনি হʼব পাৰে। আমাৰ ওচৰত যিয়েই পৰিস্থিতি নাহক কিয় যদি আমি তলত কোৱা চাৰিটা পদক্ষেপ লওঁ, তেনেহʼলে আমি সহজতে নতুন পৰিস্থিতিৰ লগত নিজকে খাপ খোৱাব পাৰিম। (১) পৰিস্থিতি সলনি হʼল বুলি মানি লওক, (২) আগলৈ চাওক, (৩) ভাল কথাবোৰলৈ মন দিয়ক আৰু (৪) আনৰ বাবে কিবা কৰক। c এতিয়া আহক এনে কিছুমান ভাই-ভনীৰ উদাহৰণলৈ মন কৰোঁ, যিসকলে এই পদক্ষেপবোৰ লোৱাৰ বাবে সহায় পালে।

৯. যেতিয়া হঠাতে এহাল মিচনেৰী দম্পতীৰ পৰিস্থিতি সলনি হʼল, তেতিয়া তেওঁলোকে কেনেকৈ তাৰ সন্মুখীন হʼব পাৰিলে?

পৰিস্থিতি সলনি হʼলে বুলি মানি লওক। ভাই এমানবেলা আৰু তেওঁৰ পত্নী ফ্ৰেঞ্চেস্কাক আন এখন দেশত মিচনেৰী হিচাপে সেৱা কৰিবলৈ পঠিওৱা হৈছিল। তেওঁলোকে সেই মণ্ডলীৰ ভাই-ভনীসকলক জানিবলৈ আৰু তাৰ ভাষা শিকিবলৈ চেষ্টা কৰি থাকোঁতেই কভিড ১৯ মহামাৰী আৰম্ভ হʼল। সেইবাবে, তেওঁলোকে তাত থকা ভাই-ভনীসকলক লগ কৰিব নোৱাৰিছিল। তাৰ পাছত হঠাতে ভনীৰ মাকৰ মৃত্যু হʼল। ভনীক নিজৰ পৰিয়ালৰ লগত থাকিবলৈ বৰ মন গৈছিল, কিন্তু তাই নিজৰ পৰিয়ালৰ ওচৰলৈ যাব নোৱাৰিলে। ভনীয়ে এই কঠিন পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼব পাৰিলে? প্ৰথম কথা, তেওঁলোক দুয়োজনে প্ৰতিদিনে যিহোৱালৈ বুদ্ধি বিচাৰি প্ৰাৰ্থনা কৰিছিল, যাতে কোনোমতে তেওঁলোকে আজিৰ দিনটো পাৰ কৰিব পাৰে। যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে আৰু সংগঠনৰ যোগেদি সঠিক সময়ত তেওঁলোকক সহায় কৰিলে। উদাহৰণস্বৰূপে, এখন ভিডিঅ’ত এজন ভায়ে যি কথা কৈছিল, তাৰ পৰা তেওঁলোকে বহুত সাহস পালে। সেই ভাইজনে এইদৰে কৈছিল, “আমি আগৰ কথাবোৰৰ বিষয়ে বেছিকৈ ভাবি থাকিলে আমি চিন্তিত হʼম। কিন্তু এই নতুন পৰিস্থিতিৰ লগত খাপ খোৱালে আমি আনন্দত থাকিব পাৰিম আৰু উৎসাহেৰে যিহোৱাৰ সেৱা কৰিব পাৰিম।” d দ্বিতীয় কথা, তেওঁলোকে ফোনৰ যোগেদি প্ৰচাৰ কৰাৰ দক্ষতা বঢ়োৱাৰ কথা ভাবিলে আৰু এইদৰে কৰাৰ বাবে তেওঁলোকে এটা বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰিলে। তৃতীয় কথা, তেওঁলোকৰ মণ্ডলীৰ ভাই-ভনীসকলে যেতিয়া তেওঁলোকক উৎসাহিত কৰিবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকক সহায় কৰিবলৈ বিচাৰিলে, তেতিয়া তেওঁলোকে আনন্দেৰে সেয়া গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা দেখুৱালে। যেনে, এজনী ভনীয়ে প্ৰতিদিনে তেওঁলৈ মেছেজ পঠিয়াইছিল, যʼত তেওঁ এটা বাইবেলৰ পদ লিখিছিল আৰু এইদৰে তেওঁ এবছৰ ধৰি কৰি থাকিল। যদি আমিও আমাৰ পৰিস্থিতি সলনি হ’ল বুলি মানি লওঁ, তেনেহʼলে আমি নতুন পৰিস্থিতিত নিজকে খাপ খোৱাব পাৰিম আৰু আমি যি কৰিব পাৰিম তাৰ পৰা আনন্দ পাম।

১০. পৰিস্থিতি সলনি হোৱাত এজনী ভনীয়ে কি সাল-সলনি কৰিলে?

১০ আগলৈ চাওক আৰু ভাল কথাবোৰলৈ মন দিয়ক। ৰোমানিয়াৰ এজনী ভনী জাপানত সেৱা কৰে। প্ৰথমতে তাই এখন ইংৰাজী মণ্ডলীত আছিল। কিন্তু পাছত সেই মণ্ডলী বন্ধ কৰা হʼল। ইয়াৰ বাবে ভনীক অলপ দুখ লাগিছিল কিন্তু তাৰ বিষয়ে ভাবি নাথাকিলে। ইয়াৰ পৰিৱৰ্তে থিৰাং কৰিলে যে তাই জাপানী ভাষা কোৱা মণ্ডলীলৈ যাব আৰু সেই ভাষাত ভালদৰে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব। ভনীয়ে জাপানী ভাষা ভালদৰে শিকিব বিচাৰিছিল। সেইবাবে, তেওঁ এজনী তিৰোতাৰ পৰা সহায় বিচাৰিলে, যিজনী আগতে তাইৰ লগতে কাম কৰিছিল। ভনীয়ে সেই তিৰোতাজনীক সুধিলে যে তেওঁ বাইবেল আৰু দুখ-কষ্ট নথকা এক অনন্ত জীৱন! ব্ৰচাৰখনৰ পৰা তাইক জাপানী ভাষা শিকাব পাৰিবনে? তেওঁ শিকাম বুলি কʼলে। ইয়াৰ বাবে ভনীয়ে জাপানী ভাষা ভালদৰে কʼব পাৰিলে আৰু লগতে সেই তিৰোতাজনীয়েও বাইবেলৰ বাৰ্তাৰ প্ৰতি আগ্ৰহ দেখুৱালে। এই অনুভৱৰ পৰা আমি কি শিকিব পাৰোঁ? যদি আমি আগলৈ চাওঁ আৰু ভাল কথাবোৰলৈ মন দিওঁ, তেনেহʼলে হঠাতে পৰিস্থিতি সলনি হʼলেও আমি এনে আশীৰ্বাদ পাম, যাৰ বিষয়ে আমি হয়তো ভবাও নাই।

১১. এহাল দম্পতীৰ যেতিয়া টকা-পইটাৰ অভাৱ হৈছিল, তেতিয়া তেওঁলোকে কেনেকৈ তাৰ সন্মুখীন হʼব পাৰিলে?

১১ আনৰ বাবে কিবা কৰক। এহাল দম্পতীয়ে এনে এখন দেশত থাকে, যʼত আমাৰ কাম নিষেধ কৰা হৈছে। সেই দেশত হঠাতে বহুত লোকচান হʼল। সেইবাবে, তেওঁলোকৰ টকা-পইচাৰ অভাৱ হʼল। এই পৰিস্থিতিত তেওঁলোকে নিজকে কেনেকৈ খাপ খোৱালে? প্ৰথমতে, তেওঁলোকে নিজৰ খৰচ কম কৰিবলৈ চেষ্টা কৰিলে। তাৰ পাছত তেওঁলোকে নিৰ্ণয় লʼলে যে তেওঁলোকে নিজৰ সমস্যাবোৰৰ বিষয়ে বেছিকৈ চিন্তা কৰাৰ পৰিৱৰ্তে প্ৰচাৰ কামত বেছিকৈ ধ্যান দিব আৰু এইদৰে আনক সহায় কৰিব। (পাঁচ. ২০:৩৫) ভায়ে এইদৰে কৈছে, “প্ৰচাৰ কাম কৰি থকাৰ বাবে নিজৰ সমস্যাবোৰৰ বিষয়ে ভাবিবলৈ আমাৰ ওচৰত সময়ে নাথাকিছিল। আমি ঈশ্বৰৰ ইচ্ছা পূৰ কৰাত বেছিকৈ ধ্যান দিছিলোঁ।” যেতিয়া আমাৰ পৰিস্থিতি সলনি হয়, তেতিয়া আমি মনত ৰখা উচিত যে আনক সহায় কৰি থকাটো অতি প্ৰয়োজন, বিশেষকৈ প্ৰচাৰ কামৰ যোগেদি।

১২. প্ৰচাৰত সাল-সলনি কৰাৰ বিষয়ে আমি পাঁচনি পৌলৰ পৰা কি শিকিব পাৰোঁ?

১২ আমি প্ৰচাৰতো সাল-সলনি কৰিবলৈ সাজু থকা উচিত। আমি যিসকল লোকক প্ৰচাৰ কৰোঁ, তেওঁলোক বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে, তেওঁলোকৰ ব্যৱহাৰ-পাতি বেলেগ বেলেগ আৰু ঈশ্বৰৰ ওপৰত বিশ্বাসো সকলোৰে বেলেগ থাকে। লোকসকলৰ পৰিস্থিতিক মনত ৰাখি তেওঁলোকৰ লগত কথা পতাৰ ক্ষেত্ৰত পৌল এটা ভাল উদাহৰণ হয়। পৌলক যীচুৱে ‘পৰজাতিবিলাকৰ নিমিত্তে পাঁচনি নিযুক্তʼ কৰিছিল। (ৰোম. ১১:১৩) কিন্তু তেওঁ যিহূদীয়া, গ্ৰীক, পঢ়া-লিখা লোক, গাঁৱলীয়া, ডাঙৰ ডাঙৰ অধিকাৰী আৰু ৰজাসকলকো প্ৰচাৰ কৰিলে। এনেধৰণৰ বেলেগ বেলেগ লোকসকলৰ অন্তৰত সত্যৰ বীজ সিঁচিবলৈ পৌলে “সকলোলৈকে সকলো প্ৰকাৰ” হʼল। (১ কৰি. ৯:১৯-২৩) তেওঁ এই কথাৰ ওপৰতো ধ্যান দিলে যে যিসকল লোকক তেওঁ প্ৰচাৰ কৰি আছে তেওঁলোকৰ সংস্কৃতি কি, কি পৰিৱেশত ডাঙৰ-দীঘল হৈছে আৰু তেওঁলোকৰ বিশ্বাস কি? ইয়াৰ পাছত তেওঁ তাৰ অনুসৰি নিজৰ প্ৰচাৰ কৰাৰ উপায় সাল-সলনি কৰিছিল। ঠিক সেইদৰে যদি আমি চিন্তা কৰোঁ যে আমি বেলেগ বেলেগ লোকৰ লগত কিহৰ বিষয়ে কথা পতা উচিত আৰু তাৰ অনুসৰি নিজৰ প্ৰচাৰ কৰাৰ উপায় সাল-সলনি কৰোঁ, তেনেহʼলে আমি তেওঁলোকক ভালদৰে প্ৰচাৰ কৰিব পাৰিম।

আনৰ নিৰ্ণয়ক সন্মান কৰক

যদি আমি সঠিক চিন্তাধাৰা ৰখা ব্যক্তি হওঁ, তেনেহʼলে আমি আনৰ চিন্তাধাৰা আৰু নিৰ্ণয়ক সন্মান কৰিম

১৩. যদি আমি আনৰ চিন্তাধাৰা আৰু নিৰ্ণয়ক সন্মান কৰোঁ, তেনেহʼলে আমি ১ কৰিন্থীয়া ৮:৯ পদৰ অনুসৰি কি কৰাৰ পৰা বাচি থাকিব পাৰিম?

১৩ আনৰ প্ৰতি সঠিক চিন্তাধাৰা ৰাখিলে আমি তেওঁলোকৰ চিন্তাধাৰা আৰু নিৰ্ণয়ক সন্মান কৰিম। উদাহৰণস্বৰূপে, কিছুমান ভনীয়ে মেকআপ কৰি ভাল পায় আৰু কিছুমানে নাপায়। কিছুমান খ্ৰীষ্টানে এটা সীমা ৰাখি মদ খায় কিন্তু কিছুমানে একেবাৰে ভাল নাপায়। আমাৰ স্বাস্থ্য ভালে থকাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু যেতিয়া চিকিৎসা কৰা উপায়ৰ কথা আহি পৰে, তেতিয়া সকলো খ্ৰীষ্টানৰ বেলেগ বেলেগ চিন্তাধাৰা থাকে। যদি আমি এইদৰে ভাবোঁ যে মইযি বিশ্বাস কৰোঁ, সেয়া সঠিক হয় আৰু নিজৰ মতামত মণ্ডলীত আনকো জাপি দিওঁতেনেহʼলে ইয়াৰ পৰা আনে উজুটি খাব পাৰে আৰু মণ্ডলীত বিবাদৰ সৃষ্টি হʼব পাৰে। আমি কেতিয়াও এইদৰে কৰিব নিবিচাৰোঁ। (১ কৰিন্থীয়া ৮:৯ পঢ়ক; ১০:২৩, ২৪) এতিয়া আহক দুটা উদাহৰণলৈ মন কৰোঁ। ইয়াৰ পৰা আমি বুজিব পাৰিম যে বাইবেলৰ সিদ্ধান্ত মনত ৰাখি আমি কেনেকৈ ভাল নিৰ্ণয় লʼব পাৰোঁ আৰু শান্তি বজাই ৰাখিব পাৰোঁ।

যদি আমি সঠিক চিন্তাধাৰা ৰখা ব্যক্তি হওঁ, তেনেহʼলে আমি আনৰ চিন্তাধাৰা আৰু নিৰ্ণয়ক সন্মান কৰিম

১৪. কাপোৰ-কানি পিন্ধা আৰু ষ্টাইল কৰাৰ ক্ষেত্ৰত নিৰ্ণয় লোৱাৰ সময়ত আমি বাইবেলৰ কোনটো সিদ্ধান্ত মনত ৰখা উচিত?

১৪ কাপোৰ-কানি আৰু ষ্টাইল। আমি কেনেধৰণৰ কাপোৰ পিন্ধা উচিত, ইয়াৰ বিষয়ে যিহোৱাই কোনো নিয়ম দিয়া নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ কিছুমান সিদ্ধান্ত দিছে, যিবোৰ মনত ৰাখি আমি সঠিক নিৰ্ণয় ল’ব পাৰোঁ। এই বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত আমি ‘সুবুদ্ধিৰে’ কাম কৰা উচিত, আনৰ প্ৰতি সঠিক চিন্তাধাৰা ৰখা উচিত আৰু এনে কাপোৰ পিন্ধা উচিত, যি পৰিপাটি হয় আৰু যাৰ পৰা যিহোৱাৰ মহিমা হয়। (১ তীম. ২:৯, ১০; ১ পিত. ৩:৩) সেইবাবে, আমি এনেধৰণৰ কাপোৰ নিপিন্ধোঁ, যাৰ বাবে লোকসকলৰ ধ্যান আমাৰ ফালে আকৰ্ষিত হয়। যিহোৱাই বাইবেলত আমাৰ বাবে সিদ্ধান্ত লিখাইছে। সেইবাবে, প্ৰাচীনসকলে ধ্যান দিয়ে যে তেওঁলোকে কাপোৰ পিন্ধা বা চুলি ফনিওৱাৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা যাতে নিয়ম নবনায়। মন কৰক, এখন মণ্ডলীৰ প্ৰাচীনসকলে কি কৰিলে। সেই মণ্ডলীৰ কিছুমান ডেকা ভায়ে এনেধৰণে চুলিৰ ষ্টাইল কৰিছিল, যি সেই সময়ত ফেশ্ব্যন হৈ পৰিছিল। তেওঁলোকৰ চুলি চুটি আছিল, কিন্তু দেখিবলৈ একেবাৰে ভাল লগা নাছিল। প্ৰাচীনসকলে কোনো নিয়ম নবনোৱাকৈ কেনেকৈ সেই ডেকাসকলক সহায় কৰিলে? তেওঁলোকৰ চাৰ্কিট ওভাৰচিয়াৰে তেওঁলোকক পৰামৰ্শ দিলে যে তেওঁলোকে সেই ডেকাসকলক এইদৰে ক’ব পাৰে, “ধৰি লওক, আপুনি ষ্টেজৰ পৰা কিবা ভাগ আগবঢ়াই আছে, কিন্তু আপুনি যি কৈ আছে তাৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে ভাই-ভনীসকলে আপোনাক দেখাত কেনেকুৱা লাগিছে, তাৰ ওপৰত ধ্যান দিছে। তেনেহʼলে নিশ্চয় কিবা সমস্যা আছে।” এইদৰে কৰাৰ বাবে ভাইসকলে নিয়ম বনোৱাৰো প্ৰয়োজন নহʼল আৰু সমস্যাও সমাধান হʼল। e

যদি আমি সঠিক চিন্তাধাৰা ৰখা ব্যক্তি হওঁ, তেনেহʼলে আমি আনৰ চিন্তাধাৰা আৰু নিৰ্ণয়ক সন্মান কৰিম

১৫. বাইবেলত দিয়া কোনবোৰ নিয়ম আৰু সিদ্ধান্ত মনত ৰাখি আমি স্বাস্থ্য আৰু চিকিৎসাৰ লগত জড়িত নিৰ্ণয়বোৰ ল’ব পাৰোঁ? (ৰোমীয়া ১৪:৫, ৬)

১৫ স্বাস্থ্য আৰু চিকিৎসা। প্ৰতিজন খ্ৰীষ্টানে নিজে নিৰ্ণয় লোৱা উচিত যে তেওঁ নিজৰ স্বাস্থ্যৰ কেনেদৰে যত্ন লʼব। (গালা. ৬:৫) চিকিৎসাৰ বিষয়ে যেতিয়া নিৰ্ণয় লোৱাৰ কথা আহে, তেতিয়া ইয়াৰ বিষয়ে বাইবেলত কিছুমানহে নিয়ম দিয়া হৈছে। যেনে, আমি তেজৰ পৰা আৰু যাদু-বিদ্যাৰ পৰা আঁতৰি থকা উচিত। (পাঁচ. ১৫:২০; গালা. ৫:১৯, ২০) ইয়াৰ উপৰিও প্ৰতিজন খ্ৰীষ্টানে নিজেই নিৰ্ণয় লাগিব যে তেওঁ কেনেধৰণৰ চিকিৎসা কৰাব। কিছুমান লোকক ডাক্তৰৰ পৰা চিকিৎসা কৰোৱাটো সঠিক লাগিব পাৰে। আনহাতে, কিছুমানক বেলেগ ধৰণৰ চিকিৎসা কৰাবলৈ সঠিক লাগিব পাৰে। চিকিৎসাৰ কোনো এটা উপায় আমাক যিমানেই ভাল বা বেয়া নালাগক কিয় আমি নিজৰ মতামত আনৰ ওপৰত জাপি দিয়া উচিত নহয়। আমি মনত ৰাখা উচিত যে এই বিষয়ত প্ৰতিজন ভাই-ভনীয়ে নিজেই নিৰ্ণয় লোৱাৰ অধিকাৰ আছে। গতিকে আমি সকলোৱে তলত কোৱা কথাৰবোৰলৈ ধ্যান দিয়া উচিত: (১) ঈশ্বৰৰ ৰাজ্যতহে সকলো ধৰণৰ বেমাৰ দূৰ হʼব আৰু আমি সম্পূৰ্ণৰূপে স্বাস্থ্যৱান হৈ পৰিম। (যিচ. ৩৩:২৪) (২) প্ৰতিজন খ্ৰীষ্টানৰ “নিসংশয়” অৰ্থাৎ সম্পূৰ্ণ বিশ্বাস হোৱা উচিত যে তেওঁৰ বাবে কেনেধৰণৰ চিকিৎসা কৰাটো সঠিক হʼব। (ৰোমীয়া ১৪:৫, ৬ পঢ়ক।) (৩) আমি আনৰ নিৰ্ণয়ত প্ৰশ্ন নুঠাওঁ আৰু এনে একো কাম নকৰোঁ, যাৰ বাবে তেওঁলোকে উজুটি খাব পাৰে। (ৰোম. ১৪:১৩) (৪) আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ আৰু মনত ৰাখোঁ যে আমাৰ পছন্দবোৰতকৈ মণ্ডলীত একতা থকাটো বেছি গুৰুত্বপূৰ্ণ। (ৰোম. ১৪:১৫, ১৯, ২০) যদি আমি এই কথাবোৰ মনত ৰাখোঁ, তেনেহʼলে ভাই-ভনীসকলৰ লগত আমাৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু মণ্ডলীত শান্তি বজাই ৰাখিব পাৰিম।

যদি আমি সঠিক চিন্তাধাৰা ৰখা ব্যক্তি হওঁ, তেনেহʼলে আমি আনৰ চিন্তাধাৰা আৰু নিৰ্ণয়ক সন্মান কৰিম

১৬. এজন প্ৰাচীনে কেনেকৈ আন প্ৰাচীনসকলৰ প্ৰতি সঠিক চিন্তাধাৰা ৰাখিব পাৰে? (ছবিখনো চাওক।)

১৬ আনৰ প্ৰতি সঠিক চিন্তাধাৰা ৰখাৰ ক্ষেত্ৰত প্ৰাচীনসকলে এটা ভাল উদাহৰণ ৰখা উচিত। (১ তীম. ৩:২, ৩) যেনে, এজন প্ৰাচীনে এয়া ভবা উচিত নহয় যে তেওঁ আন প্ৰাচীনসকলতকৈ বয়সত ডাঙৰ বা আনতকৈ বেছি অভিজ্ঞতা আছে, সেইবাবে সদায় তেওঁৰ কথা মানি চলা উচিত। তেওঁ মনত ৰখা উচিত যে যিহোৱাৰ পবিত্ৰ শক্তিয়ে প্ৰাচীন গোষ্ঠীৰ যিকোনো প্ৰাচীনক এনে কথা কʼবলৈ উৎসাহিত কৰিব পাৰে, যাৰ সহায়ত সঠিক নিৰ্ণয় লʼব পাৰি। যদি বেছিভাগ প্ৰাচীনে কোনো এটা কথাত সন্মত হয় আৰু সেই কথা বাইবেলৰ সিদ্ধান্তৰ অনুসৰি সঠিক হয়, তেনেহʼলে সঠিক চিন্তাধাৰা ৰখা প্ৰাচীনে আনন্দেৰে তেওঁলোকক সহযোগ কৰে, যদিও সেই বিষয়ত তেওঁৰ মতামত বেলেগ থাকে।

সঠিক চিন্তাধাৰা ৰাখক আৰু বহুতো আশীৰ্বাদ লাভ কৰক

১৭. যদি আমি সঠিক চিন্তাধাৰা ৰখা ব্যক্তি হওঁ আৰু সাল-সলনি কৰিবলৈ সাজু হৈ থাকোঁ, তেনেহʼলে আমি কি কি আশীৰ্বাদ পাম?

১৭ যদি আমি সঠিক চিন্তাধাৰা ৰখা ব্যক্তি হওঁ আৰু সাল-সলনি কৰিবলৈ সাজু হৈ থাকোঁ, তেনেহʼলে বহুতো আশীৰ্বাদ পাওঁ। ভাই-ভনীসকলৰ লগত আমাৰ সম্পৰ্ক আৰু ভাল হৈ পৰে আৰু মণ্ডলীত শান্তি থাকে। আমি বেলেগ বেলেগ ভাই-ভনীসকলৰ লগত মিলি সেৱা কৰিবলৈ সুযোগ পাওঁ। আমাৰ সকলোৰে স্বভাৱ আৰু সংস্কৃতি বেলেগ তথাপিও আমি একেলগে মিলি যিহোৱাৰ উপাসনা কৰিব পাৰোঁ, যাৰ পৰা আমি বহুত আনন্দ পাওঁ। সকলোতকৈ বেছি আমি এয়া জানি আনন্দিত হওঁ যে আমি দয়া দেখুৱা যিহোৱা ঈশ্বৰৰ দৰে হʼবলৈ চেষ্টা কৰি আছোঁ।

গীত ৯০ এজনে-আনজনক সাহস দিয়ক

a ক্ষান্ত স্বভাৱ অৰ্থাৎ সঠিক চিন্তাধাৰা ৰখা লোক।

b সঠিক চিন্তাধাৰা ৰখা আৰু সাল-সলনি কৰাৰ ক্ষেত্ৰত যিহোৱা আৰু যীচু সকলোতকৈ ভাল উদাহৰণ হয়। আমি তেওঁলোকৰ দৰে হোৱাটো তেওঁলোকে বিচাৰে। যেতিয়া আমি সাল-সলনি কৰিবলৈ সাজু থাকোঁ, তেতিয়া পৰিস্থিতি সলনি হʼলে আমি নিজকে তাত খাপ খোৱাব পাৰোঁ। যেনে, যদি আমাৰ স্বাস্থ্য বেয়া হয় বা আমাৰ টকা-পইচাৰ অভাৱ হয়, তেতিয়া তাৰ সন্মুখীন হʼবলৈ আমাৰ অলপ সহজ হয়। আনৰ প্ৰতি সঠিক চিন্তাধাৰা ৰাখিলে মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখিব পাৰি।

c ২০১৬ চনৰ সচেতন থাকক! (হিন্দী) নং ৪-ত দিয়া “সলনি হোৱা পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼম?” নামৰ লেখখন পঢ়ক।

d এই ভিডিঅ’খন চাবলৈ jw.org-ত “অনুসন্ধান” বক্সত ভাই ডিমীট্ৰি মিখাইলৌবৰ লগত সাক্ষাৎকাৰ টাইপ কৰক।

e কাপোৰ-কানি পিন্ধা আৰু ষ্টাইল কৰাৰ বিষয়ে বেছিকৈ জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পাঠ ৫২ পঢ়ক।