Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৭

গীত নং ৭৩ আমাক নিৰ্ভয়তাৰ বৰদান দিয়ক

চাদোকৰ দৰে সাহসী হওক!

চাদোকৰ দৰে সাহসী হওক!

‘চাদোক . . . ডেকা বীৰ আৰু সাহসী ব্যক্তি আছিল!’১ বং. ১২:২৮.

কি শিকিম?

চাদোকে কেনেকৈ সাহসেৰে কাম কৰিলে আৰু আমি তেওঁৰ দৰে কেনেকৈ হʼব পাৰিম?

১-২. চাদোক কোন আছিল? (১ বংশাৱলি ১২:২২, ২৬-২৮)

 হিব্ৰোণৰ ওচৰত ৩,৪০,০০০ তকৈও বেছি লোক একত্ৰিত হৈছে। তেওঁলোকে দায়ূদক ৰজা পাতিব বিচাৰিছে। যোৱা তিনি দিনৰ পৰা তেওঁলোকে আনন্দ কৰি আছে, কথা পাতি আছে আৰু যিহোৱাৰ প্ৰশংসাত গীত গাই আছে। (১ বং. ১২:৩৯) এই ভীৰৰ মাজত এজন ডেকা ব্যক্তিও আছে, তেওঁৰ নাম হৈছে চাদোক। হয়তো তেওঁৰ ওপৰত কোনেও ধ্যান দিয়া নাই, কিন্তু যিহোৱাই তেওঁৰ ওপৰত ধ্যান দিলে। আমিও তেওঁৰ ওপৰত ধ্যান দিয়া আৰু তেওঁৰ পৰা শিকাটো যিহোৱাই বিচাৰে। (১ বংশাৱলি ১২:২২, ২৬-২৮ পঢ়ক।) কিন্তু চাদোক কোন আছিল?

চাদোক এজন পুৰোহিত আছিল আৰু তেওঁ মহাপুৰোহিত অবিয়াথৰ লগত সেৱা কৰিছিল। চাদোক এজন দৰ্শকো আছিল। ইয়াৰ অৰ্থ হৈছে যিহোৱাই তেওঁক বুদ্ধি দিছিল আৰু তেওঁৰ ইচ্ছা জানিবলৈ বিশেষ দক্ষতাও দিছিল। (২ চমূ. ১৫:২৭) যেতিয়া লোকসকলক কিবা গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শৰ প্ৰয়োজন হৈছিল, তেতিয়া তেওঁলোকে চাদোকৰ ওচৰলৈ আহিছিল। চাদোকৰ আৰু এটা দক্ষতা আছিল। তেওঁ বহুত শক্তিশালী আৰু সাহসী আছিল। এই লেখত আমি তেওঁৰ এই দক্ষতাৰ ওপৰত আলোচনা কৰিম।

৩. (ক) যিহোৱাৰ সেৱকসকলক কিয় সাহসৰ প্ৰয়োজন? (খ) এই লেখত আমি কি শিকিম?

এই শেষ সময়ছোৱাত চয়তানে আমাৰ বিশ্বাস দুৰ্বল কৰিবলৈ বহুত চেষ্টা কৰি আছে। (১ পিত. ৫:৮) সেইবাবে, যেতিয়া যিহোৱাই চয়তান আৰু তাৰ দুষ্ট জগতক শেষ কৰিব, সেই দিনৰ বাবে অপেক্ষা কৰিবলৈ আৰু ধৈৰ্য্য ধৰিবলৈ আমাক সাহসৰ প্ৰয়োজন। (গীত. ৩১:২৪) সেইবাবে, আহক আমি এনে তিনিটা পদ্ধতিৰ ওপৰত ধ্যান দিম যে আমি কেনেকৈ চাদোকৰ দৰে সাহসেৰে কাম কৰিব পাৰোঁ।

ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰক

৪. ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰিবলৈ আমাৰ সাহসৰ কিয় প্ৰয়োজন? (ছবিখনো চাওক।)

আমি যিহোৱাৰ ৰাজ্যক সম্পূৰ্ণভাৱে সমৰ্থন কৰিব বিচাৰোঁ। কিন্তু ইয়াৰ বাবে আমাক বহুবাৰ সাহসৰ প্ৰয়োজন হয়। (মথি ৬:৩৩) যেনে, এই দুষ্ট জগতত যিহোৱাৰ সিদ্ধান্তৰ অনুসৰি জীয়াই থাকিবলৈ আৰু তেওঁৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আমাক সাহসৰ প্ৰয়োজন হয়। (১ থিচ. ২:২) আজি ৰাজনৈতিক বিষয়ক লৈ লোকসকলৰ মতামত বেলেগ বেলেগ। সেইবাবে, নিৰপেক্ষ হৈ থাকিবলৈ আমাৰ সাহসৰ প্ৰয়োজন হয়। (যোহ. ১৮:৩৬) ইয়াৰ উপৰিও আন পৰিস্থিতিতো আমাৰ ভাই-ভনীসকলক সাহস দেখুৱাৰ প্ৰয়োজন হৈছে। যেনে, কিছুমান ভাই-ভনীয়ে ৰাজনীতিত ভাগ লʼবলৈ বা সেনাত ভৰ্তি হʼবলৈ মানা কৰাৰ বাবে তেওঁলোকে আৰ্থিক সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছে, তেওঁলোকক মাৰ-পিট কৰা হৈছে বা জেলত বন্দী কৰা হৈছে।

যদি আনে ৰাজনৈতিক পাৰ্টীৰ পক্ষ লয়, তেনেহʼলে আপুনি কি কৰিব? (অনুচ্ছেদ ৪ চাওক)


৫. দায়ূদক সমৰ্থন কৰিবলৈ চাদোকক কিয় সাহসৰ প্ৰয়োজন হৈছিল?

চাদোক হিব্ৰোনত কেৱল আনন্দ কৰিবলৈ অহা নাছিল। তেওঁ নিজৰ লগত অস্ত্ৰ লৈ আহিছিল। (১ বং. ১২:৩৮) তেওঁ দায়ূদৰ লগত যুদ্ধত যাবলৈ আৰু ইস্ৰায়েলীসকলক শত্ৰুসকলৰ পৰা বচাবলৈ যি পাৰে, সেয়া কৰিবলৈ সাজু আছিল। তেওঁ ডেকা আছিল আৰু যুদ্ধ কৰাৰ বেছি অভিজ্ঞতা নাছিল। তথাপিও তেওঁ যুদ্ধ কৰিবলৈ সাজু আছিল। ইয়াৰ বাবে তেওঁক নিশ্চয় সাহসৰ প্ৰয়োজন হৈছিল।

৬. সাহসেৰে কাম কৰাৰ ক্ষেত্ৰত চাদোকে হয়তো দায়ূদৰ পৰা কি শিকিলে? (গীতমালা ১৩৮:৩)

চাদোকে ইমান সাহস কʼৰ পৰা পালে? তেওঁৰ এনে বহুতো বন্ধু আছিল, যি শক্তিশালী আৰু সাহসী আছিল। হয়তো তেওঁলোকৰ পৰা চাদোকে বহুত কিছু শিকিলে। তেওঁলোকৰ মাজত এজন আছিল দায়ূদ, যি বহুত শক্তিশালী আৰু যুদ্ধত ইস্ৰায়েলীসকলৰ নেতৃত্ব লৈছিল। সেইবাবে, সকলো লোকে তেওঁক সহযোগ কৰিছিল। (১ বং. ১১:১, ২) নিজৰ শত্ৰুসকলৰ লগত যুদ্ধ কৰিবলৈ তেওঁ সদায় যিহোৱাৰ ওপৰত ভৰসা ৰাখিছিল। (গীত. ২৮:৭; গীতমালা ১৩৮:৩ পঢ়ক।) দায়ূদৰ উপৰিও চাদোকে আন লোকসকলৰ পৰাও সাহসেৰে কাম কৰিবলৈ শিকিলে। যেনে, যিহোয়াদা, তেওঁৰ পুত্ৰ বনায়া আৰু ইস্ৰায়েল বংশৰ ২২ জন সেনাপতিৰ পৰা। (১ বং. ১১:২২-২৫; ১২:২৬-২৮) এই সকলোৱে দায়ূদৰ বিশ্বাসী আছিল, তেওঁক ৰজা পাতিব বিচাৰিছিল আৰু যিকোনো পৰিস্থিতিত তেওঁক সহযোগ কৰিব বিচাৰিছিল।

৭. (ক) আজি কিছুমান ভায়ে কেনেকৈ সাহসেৰে কাম কৰি আছে আৰু যিহোৱাক সহযোগ কৰি আছে? (খ) আপুনি ভাই আয়েঙ্গে ছিলোৰ পৰা কি শিকিলে? (ফুটনোট চাওক।)

আজিও বহুতো লোকে যিহোৱাৰ ৰাজ্যক সমৰ্থন কৰিবলৈ সাহসেৰে কাম কৰি আছে। যদি আমি তেওঁলোকৰ উদাহৰণৰ ওপৰত ধ্যান দিওঁ, তেতিয়া আমিও শক্তি আৰু সাহস পাম। যেনে, যেতিয়া যীচু খ্ৰীষ্ট এই পৃথিৱীত আছিল, তেতিয়া তেওঁ এই জগতৰ ৰাজনীতিত ভাগ লোৱা নাছিল। (মথি ৪:৮-১১; যোহ. ৬:১৪, ১৫) তেওঁৰ যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা আছিল, সেইবাবে তেওঁ সাহসেৰে কাম কৰিব পাৰিলে। আজিও বহুতো ডেকা ভাই আছে, যিসকলে সেনাত ভৰ্তি নহʼবলৈ বা ৰাজনীতিত ভাগ নলʼবলৈ থিৰাং কৰিছে। সেই ভাইসকলৰ অনুভৱ jw.org-ত দিয়া হৈছে, সময় উলিয়াই আপোনালোকে এইবোৰ পঢ়িব পাৰে। a এইদৰে কৰিলে আপুনিও সাহসী হʼব পাৰিব।

ভাই-ভনীসকলক সহায় কৰক

৮. ভাই-ভনীসকলক সহায় কৰিবলৈ প্ৰাচীনসকলক কেতিয়া সাহসৰ প্ৰয়োজন হʼব পাৰে?

যিহোৱাৰ লোকসকলে এজনে-আনজনক প্ৰেম কৰে আৰু সহায় কৰে। (২ কৰি. ৮:৪) কিন্তু এইদৰে কৰিবলৈ তেওঁলোকৰ কেতিয়াবা সাহসৰ প্ৰয়োজনো হয়। যেনে, যেতিয়া যুদ্ধ আৰম্ভ হয়, তেতিয়া প্ৰাচীনসকলে ভাই-ভনীসকলৰ বাবে বহুত কিছু কৰে। তেওঁলোকে খোৱা-বোৱা, প্ৰকাশন আৰু বাইবেল সময়মতে পাইছে নে নাই তাৰ প্ৰতি ধ্যান ৰাখে। তেওঁলোকক শান্ত্বনা দিয়ে। প্ৰাচীনসকলে ভাই-ভনীসকলক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকে নিজৰ জীৱন বিপদত পেলাইও ভাই-ভনীসকলক সহায় কৰে। (যোহ. ১৫:১২, ১৩) এইদৰে তেওঁলোকে চাদোকৰ দৰে সাহস দেখুৱায়।

৯. দ্বিতীয় চমূৱেল ১৫:২৭-২৯ পদৰ অনুসৰি দায়ূদে চাদোকক কি কৰিবলৈ কৈছিল? (ছবিখনো চাওক।)

চাদোকেও কঠিন পৰিস্থিতিত আনক সহায় কৰিছিল। অব্‌চালোমে দায়ূদৰ সিংহাসন কাঢ়ি লʼব বিচাৰিছিল। (২ চমূ. ১৫:১২, ১৩) দায়ূদৰ জীৱন বিপদত আছিল। পৰিস্থিতি ইমানে বেয়া হৈ গৈছিল যে দায়ূদে যিৰূচালেম এৰি পলাবলগীয়া হৈছিল। তেওঁ নিজৰ সেৱকসকলক মাতি কʼলে, “আহাঁ, আমি ওলাই পলাওঁ; নহলে অব্‌চালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম।” (২ চমূ. ১৫:১৪) যেতিয়া তেওঁলোকে যিৰূচালেম এৰি পলাই আছিল, তেতিয়া দায়ূদে ভাবিলে যে কোনোবা এজনটো যিৰূচালেমত থাকিব লাগিব। সেইবাবে, তেওঁ চাদোক আৰু আন পুৰোহিতসকলক যিৰূচালেমলৈ উভতি যাবলৈ কʼলে যাতে সকলো খবৰ তেওঁলোকক দিব পাৰে। (২ চমূৱেল ১৫:২৭-২৯ পঢ়ক।) তেওঁলোকৰ কাম বিপদজনক আছিল। সেইবাবে, তেওঁলোকে সাৱধানে কাম কৰিব লাগিছিল। অব্‌চালোম স্বাৰ্থপৰ আছিল, তেওঁ নিজৰ ইচ্ছা পূৰ কৰিবলৈ যিকোনো কৰিব পাৰিলেহেঁতেন। অব্‌চালোমে নিজৰ পিতৃৰ লগতো বিশ্বাসঘাত কৰিছিল। গতিকে চিন্তা কৰকচোন, চাদোক আৰু আন পুৰোহিতসকলে দায়ূদৰ বাবে কাম কৰি আছে বুলি যদি সি গম পায়, তেনেহʼলে সি কি কৰিলেহেঁতেন?

দায়ূদে চাদোকক এনে এটা কাম দিলে, যি বিপদজনক আছিল (অনুচ্ছেদ ৯ চাওক)


১০. চাদোক আৰু তেওঁৰ বন্ধুসকলে দায়ূদৰ জীৱন ৰক্ষা কৰিবলৈ কি কৰিলে?

১০ দায়ূদে চাদোক আৰু হূচয়ক নিজৰ যোজনাত সহায় কৰিবলৈ কʼলে। (২ চমূ. ১৫:৩২-৩৭) দায়ূদে হূচয়ক অব্‌চালোমৰ ভৰসা জিকিবলৈ কʼলে আৰু এনে পৰিকল্পনা কৰিবলৈ কʼলে যʼত সময়ৰ প্ৰয়োজন হয়, যাতে দায়ূদে যুদ্ধৰ বাবে তৈয়াৰী কৰিবলৈ অলপ সময় পাব পাৰে। তেওঁ হূচয়ক এয়াও কʼলে যে ৰাজমহলত কি হৈ আছে, এই সকলো খবৰ চাদোক আৰু অবিয়াথৰক জনায়, যাতে তেওঁলোকে সকলো কথা দায়ূদক কʼব পাৰে। (২ চমূ. ১৭:৮-১৬) দায়ূদে কোৱাৰ দৰে সেই পুৰুষসকলে কৰিলে। (২ চমূ. ১৭:১৭) যিহোৱাৰ সহায়ত চাদোক আৰু তেওঁৰ বন্ধুসকলে সাহসেৰে কাম কৰিব পাৰিলে আৰু দায়ূদৰ জীৱন ৰক্ষা কৰিব পাৰিলে।—২ চমূ. ১৭:২১, ২২.

১১. ভাই-ভনীসকলক সহায় কৰাৰ সময়ত আমি কেনেকৈ চাদোকৰ দৰে সাহসেৰে কাম কৰিব পাৰোঁ?

১১ কোনো এটা বিপদজনক পৰিস্থিতিত ভাই-ভনীসকলক সহায় কৰাৰ সময়ত আমি কেনেকৈ চাদোকৰ দৰে সাহসী হʼব পাৰোঁ? (১) পৰামৰ্শ পালন কৰক। এনে পৰিস্থিতিত আমাৰ মাজত একতা বজাই ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইবাবে, শাখা কাৰ্য্যালয়ৰ পৰা আমি যি পৰামৰ্শ পাওঁ, সেয়া পালন কৰক। (ইব্ৰী ১৩:১৭) দুৰ্যোগ অহাৰ সময়ত আমি কি কৰিব লাগে, এই বিষয়ে সংগঠনে আগৰে পৰা পৰামৰ্শ দিয়ে আৰু প্ৰতিটো মণ্ডলীয়ে সেয়া পালন কৰে। প্ৰাচীনসকলে মাজে সময়ে সেই ব্যৱস্থা আৰু পৰামৰ্শৰ ওপৰত ধ্যান দি থকা উচিত। (১ কৰি. ১৪:৩৩, ৪০) (২) সাহসেৰে কাম কৰক আৰু সতৰ্ক হৈ থাকক। (হিতো. ২২:৩) কিবা কৰাৰ আগতে চিন্তা কৰক আৰু বিপদ আঁকোৱালি নলʼব। (৩) যিহোৱাৰ ওপৰত ভৰসা ৰাখক। মনত ৰাখক যে যিহোৱাই আপোনাৰ আৰু ভাই-ভনীসকলৰ বাবে বহুত চিন্তা কৰে। তেওঁলোকক ৰক্ষা কৰিবলৈ যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব।

১২-১৩. ভাই বিক্টৰ আৰু বিটালিৰ অনুভৱৰ পৰা আপুনি কি শিকিলে? (ছবিখনো চাওক।)

১২ ভাই বিক্টৰ আৰু বিটালিৰ উদাহৰণলৈ মন কৰক। এই দুজন ভায়ে বহুত সাহস দেখুৱালে। তেওঁলোকে ইউক্ৰেইনত ভাই-ভনীসকলৰ বাবে খোৱা-বোৱা আৰু আন বস্তুৰ যোগান ধৰিছিল। ভাই বিক্টৰে কৈছে, “আমাৰ আশে-পাশে গুলি চালনা হৈ আছিল। আমি যʼতেই আহাৰ পাইছিলোঁ, সেয়া লৈ ভাই-ভনীসকলক দিছিলোঁ। এজন ভায়ে ইমানে বস্তু দিলে যে ভাই-ভনীসকলে বহু দিনলৈকে সেয়া ব্যৱহাৰ কৰিব পাৰিলে। যেতিয়া আমি ট্ৰাকত সেই বস্তুবোৰ ভৰাই আছিলোঁ, তেতিয়া কি হʼল আপোনালোকে জানে নে? আমাৰ গাড়ীৰ পৰা ২০ মিটাৰ (৬৬ ফুট) দূৰত এটা বোমা পৰিল কিন্তু সেয়া বিস্ফোৰণ নহʼল! তাৰ পাছত মই সাহস বিচাৰি যিহোৱালৈ গোটেই দিন প্ৰাৰ্থনা কৰি থাকিলোঁ যাতে মই ভাই-ভনীসকলক সহায় কৰি থাকিব পাৰোঁ।”

১৩ ভাই বিটালিয়ে কৈছে, “এই কামৰ বাবে আমাক বহুত সাহসৰ প্ৰয়োজন আছিল। প্ৰথমবাৰ যেতিয়া মই ভাই-ভনীসকলক বস্তু দিবলৈ গৈছিলোঁ, তেতিয়া প্ৰায় ১২ ঘন্টা লাগিছিল। গোটেই ৰাস্তা মই যিহোৱালৈ প্ৰাৰ্থনা কৰি আছিলোঁ।” ভাই বিটালিয়ে সাহসেৰে কাম কৰাৰ লগতে সতৰ্কও হৈ আছিল। তেওঁ কৈছে, “মই যিহোৱালৈ বুদ্ধি বিচাৰি প্ৰাৰ্থনা কৰিলোঁ, যাতে মই বিপদত নপৰোঁ আৰু অধিকাৰীসকলৰ নিৰ্দেশনাও পালন কৰিব পাৰোঁ। মই কেৱল চৰকাৰে অনুমতি দিয়া ৰাস্তাৰেহে গʼলোঁ। আমি গৈ থাকোঁতে ভাই-ভনীসকলক একেলগে মিলি কাম কৰাটো চাই মোৰ বিশ্বাস দৃঢ় হʼল। তেওঁলোকে ৰাস্তা চাফা কৰি আছিল আৰু আনৰ বস্তুবোৰ গোটাই আমাৰ ট্ৰাকত ভৰাই আছিল। ইয়াৰ উপৰিও, যেতিয়া মই আৰু বিক্টৰে বস্তু লৈ গৈছিলোঁ, তেতিয়া ভাই-ভনীসকলে আমাৰ বাবে খোৱা-বোৱা আৰু আৰাম কৰাৰ ব্যৱস্থা কৰিছিল। এই কথাই আমাৰ হৃদয় স্পৰ্শ কৰিলে।”

কঠিন পৰিস্থিতিত ভাই-ভনীসকলক সহায় কৰাৰ সময়ত সাহস দেখুৱাওক, কিন্তু সৰ্তকও হৈ থাকক (অনুচ্ছেদ ১২-১৩ চাওক)


যিহোৱাৰ বিশ্বাসী হৈ থাকক

১৪. যেতিয়া আমাৰ আপোনজনাই যিহোৱাক এৰি গুচি যায়, তেতিয়া কেনে অনুভৱ হয়?

১৪ কিছুমান সমস্যাই আমাক বহুত দুখ দিয়ে। যেনে, আমাৰ পৰিয়ালৰ কোনো এজন ব্যক্তি বা বন্ধুৱে যিহোৱাক এৰি গুচি যায়, তেতিয়া সেই দুখ সহন কৰাটো আমাৰ বাবে কঠিন হৈ পৰে। (গীত. ৭৮:৪০; হিতো. ২৪:১০) যিমান বেছি আমি সেই ব্যক্তিজনক প্ৰেম কৰোঁ, সিমানে আমি দুখ অনুভৱ কৰোঁ। আমাৰ অন্তৰখন একেবাৰে ভাঙি পৰিব পাৰে। এনে পৰিস্থিতিৰ সন্মুখীন হʼবলৈ আমি কি কৰিব পাৰোঁ? চাদোকে যিদৰে যিহোৱাৰ বিশ্বাসী হৈ থাকিল, তাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ।

১৫. যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ চাদোকক কিয় সাহসৰ প্ৰয়োজন আছিল? (১ ৰাজাৱলি ১:৫-৮)

১৫ চাদোকৰ জীৱনত এনে এটা পৰিস্থিতি আহিছিল, যেতিয়া যিহোৱাৰ বিশ্বাসী হৈ থকাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল আৰু সাহসেৰে কাম কৰিবলগীয়া হৈছিল। এয়া সেই সময়ৰ কথা যেতিয়া দায়ূদ বহুত বৃদ্ধ হৈ পৰিছিল। এনে পৰিস্থিতিত তেওঁৰ লʼৰা অদোনিয়াই তেওঁৰ সিংহাসন কাঢ়ি লʼবলৈ চেষ্টা কৰিছিল। যিহোৱাই আগতীয়াকৈ কৈছিল যে পৰৱৰ্তী ৰজা চলোমন হʼব, তথাপিও অদোনিয়াই ৰজা হʼবলৈ চেষ্টা কৰিলে। (১ বং. ২২:৯, ১০) সেই সময়ত চাদোকৰ বন্ধু অবিয়াথৰে অদোনিয়াক সহযোগ কৰিলে। (১ ৰাজাৱলি ১:৫-৮ পঢ়ক।) এইদৰে কৰি তেওঁ দায়ূদৰ লগতে যিহোৱাকো বিশ্বাসঘাত কৰিলে। চিন্তা কৰকচোন, এইবোৰ চাই চাদোকৰ কেনে লাগিছিল! তেওঁৰ হয়তো বিশ্বাসে হোৱা নাছিল যে তেওঁৰ আটাইতকৈ ভাল বন্ধুৱে এইদৰে কৰিব পাৰে। অবিয়াথৰ আৰু চাদোকে প্ৰায় ৪০ বছৰ ধৰি একেলগে যিহোৱাৰ সেৱা কৰিছিল। (২ চমূ. ৮:১৭) তেওঁলোক দুয়োজনে মিলি ‘ঈশ্বৰৰ চন্দুকৰ’ চোৱা-চিতা কৰিছিল। (২ চমূ. ১৫:২৯) তেওঁলোকে দায়ূদক নিজৰ সিংহাসন ঘূৰাই পাবলৈ সহায় কৰিছিল আৰু যিহোৱাৰ সেৱাত বহুত পৰিশ্ৰম কৰিছিল। (২ চমূ. ১৯:১১-১৪) অবিয়াথৰে বিশ্বাসঘাত কৰাৰ বাবে হয়তো চাদোকৰ বহুত দুখ লাগিছিল।

১৬. বিশ্বাসী হৈ থাকিবলৈ হয়তো চাদোকক কিহে সহায় কৰিলে?

১৬ চাদোকৰ বন্ধু অবিয়াথৰে দায়ূদক এৰি দিলে। কিন্তু চাদোকে দায়ূদৰ বিশ্বাসী হৈ থাকিলে। দায়ূদে চাদোকৰ ওপৰত বহুত ভৰসা কৰিছিল, সেইবাবে যেতিয়া তেওঁ অদোনিয়াৰ ষড়যন্ত্ৰৰ বিষয়ে গʼম পালে, তেতিয়া চাদোক, নাথন আৰু বনায়াক মাতি চলোমনক ৰজা পাতিবলৈ কʼলে। (১ ৰাজা. ১:৩২-৩৪) খন্তেকৰ বাবে চিন্তা কৰকচোন, যেতিয়া চাদোকে নাথন আৰু আন সেৱকসকলে দায়ূদৰ বিশ্বাসী হৈ থকা দেখিলে, তেতিয়া চাদোকে কিমান সাহস পালে। সেইবাবে, তেওঁ দায়ূদৰ বিশ্বাসী হৈ থাকিব পাৰিলে। (১ ৰাজা. ১:৩৮, ৩৯) পাছত যেতিয়া চলোমন ৰজা হʼল, তেতিয়া তেওঁ “অবিয়াথৰৰ পদত চাদোকক পুৰোহিত নিযুক্ত কৰিলে।”—১ ৰাজা. ২:৩৫.

১৭. যদি আপোনাৰ আপোনজনাই যিহোৱাক এৰি গুচি যায়, তেনেহʼলে চাদোকৰ দৰে আপুনি কি কৰিব পাৰে?

১৭ যেতিয়া আপোনাৰ কোনো আপোনজনাই যিহোৱাক এৰি গুচি যায়, তেতিয়া চাদোকৰ দৰে নিজৰ কামেৰে দেখুৱাওক যে আপুনি যিহোৱাৰ বিশ্বাসী হৈ আছে। (যিহো. ২৪:১৫) এইদৰে কৰিবলৈ যিহোৱাই আপোনাক সহায় কৰিব। সেইবাবে, প্ৰাৰ্থনা কৰি থাকক আৰু যিহোৱাৰ বিশ্বাসী হৈ থকা বন্ধুসকলৰ লগত থাকক। মনত ৰাখক যে বিশ্বাসী হৈ থাকিলে যিহোৱাই আনন্দিত হʼব আৰু ইয়াৰ বাবে তেওঁ আপোনাক পুৰস্কাৰো দিব।—২ চমূ. ২২:২৬.

১৮. ভাই মাৰ্ক আৰু ভনী চিডচেৰ উদাহৰণৰ পৰা আপুনি কি শিকিলে?

১৮ ক্ষন্তেকৰ বাবে ভাই মাৰ্ক আৰু তেওঁৰ পত্নী চিডচেৰ উদাহৰণলৈ মন কৰক। তেওঁলোকৰ দুয়োজনী ছোৱালীয়ে ডাঙৰ হৈ যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিলে। ভাই মাৰ্কে এইদৰে কৈছে, “যেতিয়া আপোনাৰ লʼৰা-ছোৱালী হয়, তেতিয়া আপুনি তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকক সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰে। সেইবাবে, যেতিয়া তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়ে, তেতিয়া আপুনি একেবাৰে ভাগি পৰে।” ভাই আগলৈ কৈছে, “কিন্তু যিহোৱাই আমাক কেতিয়াও অকলশৰীয়াকৈ এৰি নিদিলে। তেওঁৰ সহায়ত আমি এজনে-আনজনক সহায় কৰি থাকিব পাৰিলোঁ। মই নিৰাশ হোৱাৰ সময়ত মোৰ পত্নীয়ে মোক উৎসাহিত কৰিছিল আৰু যেতিয়া তাই নিৰাশ হৈছিল, তেতিয়া মই তাইক উৎসাহিত কৰিছিলোঁ।” ভনী চিডচে কৈছে, “যিহোৱাৰ অবিহনে আমি এইবোৰ কৰিব নোৱাৰিলোঁহেঁতেন। মোৰ ভুলৰ কাৰণে এই সকলোবোৰ হৈ আছে বুলি মই নিজকে দুখ দি আছিলোঁ। মই যিহোৱালৈ প্ৰাৰ্থনা কৰি সকলো কথা তেওঁক জনালোঁ। ইয়াৰ কিছু দিনৰ পাছত এগৰাকী ভনীক মই ৰাজ্যগৃহত লগ পালোঁ। তাইক মই বহু বছৰৰ আগতে লগ পাইছিলোঁ। তাই মোৰ কান্ধত হাত দি মোৰ ফালে চাই কʼলে, ‘চিডচে মনত ৰাখিবা ইয়াত তোমাৰ কোনো ভুল নাই।’ যিহোৱাই মোক বহুত সহায় কৰিলে, সেইবাবে আনন্দেৰে আজি মই তেওঁৰ সেৱা কৰিব পাৰিছোঁ।”

১৯. এই লেখ পঢ়াৰ পাছত আপুনি কি কৰিবলৈ থিৰাং কৰিছে?

১৯ যিহোৱাৰ সকলো সেৱকে চাদোকৰ দৰে সাহসী হোৱাটো তেওঁ বিচাৰে। (২ তীম. ১:৭) কিন্তু আমি নিজৰ শক্তিৰ ওপৰত ভৰসা কৰাটো তেওঁ নিবিচাৰে। সেইবাবে, কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ থকাৰ সময়ত সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। তেতিয়া আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে যে চদোকৰ দৰে যিহোৱাই আপোনাকো সাহসী কৰি তুলিব।—১ পিত. ৫:১০.

গীত নং ১২৬ পৰ দি থাকক, শক্তিশালী হওক