Skip to content

Skip to table of contents

আপোনাৰ মনত আছেনে?

আপোনাৰ মনত আছেনে?

আপুনি এই বছৰৰ প্ৰহৰীদুৰ্গ আলোচনী মনোযোগেৰে পঢ়িছেনে? মন কৰক যে আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিছে নে নাই:

যদি আমি সময় উলিয়াই যিহোৱাৰ লগত কথা পাতোঁ, তেওঁৰ কথা শুনোঁ আৰু তেওঁৰ বিষয়ে চিন্তা কৰোঁ, তেনেহʼলে আমাৰ কি লাভ হʼব?

আমি সঠিক নিৰ্ণয় লʼব পাৰিম, আনক ভালদৰে শিকাব পাৰিম, আমাৰ বিশ্বাস বাঢ়িব আৰু যিহোৱাৰ বাবে আমাৰ প্ৰেম আৰু গভীৰ হʼব।—w২২.০১, পৃষ্ঠা ৩০-৩১.

আজি যিহোৱা আৰু নেতৃত্ব লোৱা ভাইসকলৰ ওপৰত ভৰসা কৰাটো কিয় প্ৰয়োজন?

আজি আমি প্ৰাচীনসকলে দিয়া নিৰ্দেশনা মনা উচিত আৰু তেওঁলোকে নিজৰ অধিকাৰ চলাইছে বুলি ভবা উচিত নহয়। এইদৰে কৰাৰ যোগেদি আমি দেখুৱাওঁ যে যিহোৱা আৰু তেওঁৰ কাম কৰা ব্যৱস্থাৰ ওপৰত ভৰসা কৰোঁ। আজি আমি তেওঁলোকৰ আজ্ঞা পালন কৰিলে আহিবলগীয়া মহাক্লেশতো তেওঁলোকৰ আজ্ঞা পালন কৰিম, যদিও সেই আজ্ঞা আমাক আচৰিত আৰু অৰ্থহীন নালাগক কিয়।—w২২.০২, পৃষ্ঠা ৪-৬.

স্বৰ্গদূতে কৈছিল যে ৰাজ্যপাল “জৰুব্বাবিলৰ হাতত ওলোম-জৰীডাল” দেখি লোকসকলে আনন্দিত হʼব, ইয়াৰ অৰ্থ কি আছিল? (জখ. ৪:৮-১০)

এই দৰ্শনৰ পৰা লোকসকলৰ বিশ্বাস হʼব যে যদিও নতুন মন্দিৰটো বহুত ধুনীয়া নহʼব, কিন্তু সেয়া যিহোৱাৰ ইচ্ছাৰ অনুসৰি বনোৱা হʼব আৰু সেই মন্দিৰৰপৰা যিহোৱা আনন্দিত হʼব।—w২২.০৩, পৃষ্ঠা ১৬-১৭.

কথা কোৱাৰ ক্ষেত্ৰত আমি এটা ভাল উদাহৰণ কেনেকৈ ৰাখিব পাৰোঁ? (১ তীম. ৪:১২)

প্ৰচাৰ কৰাৰ সময়ত আমি লোকসকলৰ লগত প্ৰেম আৰু সন্মানেৰে কথা পতা উচিত। আমি সভাবোৰত উৎসাহেৰে গীত গোৱা আৰু উত্তৰ দিয়া উচিত। আমি নিজৰ কথাৰে লোকসকলক উৎসাহিত কৰা, সঁচা কথা কোৱা উচিত আৰু কেতিয়াও গালি-শপনি আৰু আনক অপমান কৰা উচিত নহয়।—w২২.০৪, পৃষ্ঠা ৬-৯.

প্ৰকাশিত বাক্য ১৩:১, ২ পদত কোৱা পশু, দানিয়েল ৭ অধ্যায়ত কোৱা চাৰিটা পশুৰ নিচিনা দেখিবলৈ কিয় আছিল?

প্ৰকাশিত বাক্য ১৩ অধ্যায়ত যি পশুৰ বিষয়ে কোৱা হৈছিল, সেয়া কোনো এটা চৰকাৰক চিত্ৰিত নকৰে, যেনে ৰোমক। ইয়াৰ পৰিৱৰ্তে ই এতিয়ালৈকে অহা সকলো চৰকাৰক চিত্ৰিত কৰে।—w২২.০৫, পৃষ্ঠা  ৯.

আমি কেনেকৈ দেখুৱাব পাৰোঁ যে যিহোৱাই আমাক ন্যায় দিব বুলি আমি বিশ্বাস কৰোঁ?

যদি কোনোবাই আমাক কিবা বেয়াকৈ কয়, আমাক আঘাত দিয়ে বা আমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহʼলে আমি তাৰ প্ৰতি খং পুহি নাৰাখিম, তাৰ পৰিৱৰ্তে বিষয়টো যিহোৱাৰ হাতত এৰি দিম। উচিত সময়ত যিহোৱাই সকলো ঠিক কৰিব।—w২২.০৬, পৃষ্ঠা ১০-১১.

যদি এজন ভাইক সভাত প্ৰাৰ্থনা কৰিবলৈ কোৱা হয়, তেনেহʼলে তেওঁ কি কথা মনত ৰখা উচিত?

প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁ কেতিয়াও ভাই-ভনীসকলক পৰামৰ্শ দিয়া উচিত নহয় আৰু কোনোধৰণৰ ঘোষণা কৰিব নালাগে। তেওঁ যাতে ‘বেচি কথা’ নকয়, তাৰ প্ৰতিও ধ্যান দিয়া উচিত, বিশেষকৈ সভাৰ আৰম্ভণিত। (মথি ৬:৭)—w২২.০৭, পৃষ্ঠা ২৪-২৫.

যিসকল লোকে মৃত্যুৰ আগতে “কুকৰ্ম্ম” কৰিছিল, তেওঁলোকক সোধ-বিচাৰৰ বাৰে পুনৰুত্থান কৰা হʼব, ইয়াৰ অৰ্থ কি? (যোহ. ৫:২৯)

ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁলোকে মৃত্যুৰ আগতে যি কাম কৰিছিল, তাৰ আধাৰত তেওঁলোকক শাস্তি দিবলৈ পুনৰুত্থান কৰা হʼব, তাৰ পৰিৱৰ্তে ইয়াৰ অৰ্থ হৈছে তেওঁলোকক জীৱিত কৰাৰ পাছত তেওঁলোকৰ কামৰ ওপৰত ধ্যান দিয়া হʼব আৰু পৰীক্ষা কৰা হʼব যে তেওঁলোকে নিজকে সলনি কৰিছে নে নাই। তাৰ আধাৰতহে তেওঁলোকৰ ন্যায় কৰা হʼব।—w২২.০৯, পৃষ্ঠা ১৮.

১৯২২ চনৰ চেপ্টেম্বৰ মাহত হোৱা এটা অধিৱেশনত ভাই যোচেফ এফ. ৰাডাৰফৰ্ডে সকলোকে কি কৰিবলৈ উৎসাহিত কৰিছিল?

আমেৰিকাৰ অহায়ʼ ৰাজ্যৰ চিডাৰ পইন্টত ৰখা অধিৱেশনত ভায়ে উৎসাহেৰে ভাষণ দি এইদৰে কৈছিল, “ৰজাই শাসন কৰিছে, তোমালোক তেওঁৰ প্ৰচাৰক হয়। ৰজা আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰক, ঘোষণা কৰক, ঘোষণা কৰক!”—w২২.১০, পৃষ্ঠা ৩-৫.

যিচয়া ৩০ অধ্যায়ত কি কি তিনিটা উপায়ৰ বিষয়ে কৈছে, যাৰ যোগেদি যিহোৱাই আমাক সমস্যাৰ সন্মুখীন হʼবলৈ সহায় কৰে?

এই অধ্যায়ত কোৱা হৈছে যে যিহোৱাই (১) আমাৰ প্ৰাৰ্থনা মন দি শুনে আৰু তাৰ উত্তৰ দিয়ে, (২) আমাক সঠিক পথ দেখুৱাই আৰু (৩) আমাক আশীৰ্বাদ দিয়ে আৰু সদায় দি থাকিব।—w২২.১১, পৃষ্ঠা ৯.

গীতমালা ৩৭:১০, ১১, ২৯ পদত লিখা কথাটো প্ৰাচীন সময়তো পূৰ হৈছিল আৰু ভৱিষ্যতেও পূৰ হʼব বুলি আমি কিয় কʼব পাৰোঁ?

দায়ূদে যি ভাল পৰিস্থিতিৰ বিষয়ে লিখিছিল, ইস্ৰায়েল দেশত সেই একে পৰিস্থিতি আছিল, বিশেষকৈ চলোমনৰ ৰাজত্বত। যেতিয়া যীচুৱে লোকসকলক কৈছিল যে নতুন পৃথিৱীত কেনেধৰণৰ লোক থাকিব, তেতিয়া তেওঁ ১১ পদত লিখা কথাখিনি কৈছিল। (মথি ৫:৫; লূক ২৩:৪৩)—w২২.১২, পৃষ্ঠা ৮-১০, ১৪.