Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫০

“তুমি পৰমদেশত মোৰ সঙ্গী হবা”

“তুমি পৰমদেশত মোৰ সঙ্গী হবা”

“মই তোমাক আজি স্বৰূপকৈ কওঁ, তুমি পৰমদেশত মোৰ সঙ্গী হবা।”—লূক ২৩:৪৩, NW.

গীত ১৪৫ প্ৰমোদবন ঈশ্বৰৰ প্ৰতিজ্ঞা

লেখৰ এক আভাস a

১. নিজৰ মৃত্যুৰ আগতে যীচুৱে এজন অপৰাধীক কি কৈছিল? (লূক ২৩:৩৯-৪৩)

 যীচু আৰু দুজন অপৰাধীক কাঠত আঁৰি থোৱা হৈছে। তেওঁলোকে বহুত কষ্ট ভুগিবলগীয়া হৈছে আৰু তেওঁলোকৰ বাবে উশাহ-নিশাহ লʼবলৈও কঠিন হৈছে। (লূক ২৩:৩২, ৩৩) সেই অপৰাধী কেইজন যীচুৰ শিষ্য নাছিল। কাৰণ অলপ আগতে তেওঁলোকে যীচুৰ নিন্দা কৰিছিল। (মথি ২৭:৪৪; মাৰ্ক ১৫:৩২) কিন্তু অলপ সময়ৰ পাছত এজন অপৰাধীয়ে যীচুৰ ওপৰত বিশ্বাস কৰিলে। তেওঁ এইদৰে কৈছিল, “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুঁৱিৰব।” তেতিয়া যীচুৱে তেওঁক কʼলে, “মই তোমাক আজি স্বৰূপকৈ কওঁ, তুমি পৰমদেশত মোৰ সঙ্গী হবা।” (লূক ২৩:৪৩, NW; লূক ২৩:৩৯-৪২ পঢ়ক।) যীচুৱে এয়া কোৱা নাছিল যে সেই অপৰাধীজন স্বৰ্গলৈ যাব। বাইবেলত এয়াও উল্লেখ কৰা নাই যে সেই অপৰাধীয়ে যীচুৱে শিকোৱা ‘স্বৰ্গৰাজ্যৰ’ ওপৰত বিশ্বাস কৰিছিল। (মথি ৪:১৭) ইয়াৰ পৰিৱৰ্তে যীচুৱে পৃথিৱীত হোৱা প্ৰমোদবনৰ বিষয়ে কৈছিল। এয়া আমি কিয় কʼব পাৰোঁ?

যিজন অপৰাধীয়ে যীচুৰ লগত কথা পাতিছিল, তেওঁৰ বিষয়ে আমি কি কʼব পাৰোঁ আৰু তেওঁ হয়তো কি জানিছিল? (অনুচ্ছেদ ২-৩ চাওক)

২. যীচুৰ ওপৰত বিশ্বাস কৰা অপৰাধীজন হয়তো যিহূদী আছিল বুলি আমি কিয় কʼব পাৰোঁ?

যীচুৰ ওপৰত বিশ্বাস কৰা অপৰাধীজন হয়তো যিহূদী আছিল। এয়া আমি কিয় কʼব পাৰোঁ? কাৰণ তেওঁ আন অপৰাধীজনক এইদৰে কৈছিল, ‘তুমি ঈশ্বৰলৈ ভয় নকৰা নে?’ (লূক ২৩:৪০) যিহূদীসকলে বিশ্বাস কৰিছিল যে এজনেই ঈশ্বৰ আছে কিন্তু পৰজাতিসকলে বহুতো ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল। (যাত্ৰা. ২০:২, ৩; ১ কৰি. ৮:৫, ৬) যদি সেই অপৰাধীজন পৰজাতি হোৱা হʼলে তেওঁ আন অপৰাধীজনক এইদৰে কʼলেহেঁতেন, ‘তুমি ঈশ্বৰবোৰলৈ ভয় নকৰা নে?’ কিন্তু তেওঁ এইদৰে কোৱা নাছিল। আন এটা কথালৈ মন কৰক সাধাৰণতে যীচুৱে পৰজাতিসকলক প্ৰচাৰ কৰা নাছিল, কাৰণ তেওঁক “ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰৰ” ওচৰলৈহে পঠোৱা হৈছিল। (মথি ১৫:২৪) ইয়াৰ উপৰিও মৃত লোকসকলক পুনৰ জীৱিত কৰা হʼব বুলি যিহোৱাই কেৱল ইস্ৰায়েলীসকলকহে জনাইছিল। সেই অপৰাধীজনেও হয়তো ইয়াৰ বিষয়ে জানিছিল। তেওঁ যীচুৰ লগত যিদৰে কথা পাতিছিল, তাৰ পৰা জানিব পাৰি যে তেওঁ হয়তো ভাবিছিল যিহোৱাই যীচুকো জীৱিত কৰিব আৰু তেওঁক নিজৰ ৰাজ্যৰ ৰজা বনাব। যিহোৱাই তেওঁকো জীৱিত কৰিব বুলি তেওঁ বিশ্বাস কৰিছিল।

৩. যীচুৱে অপৰাধীজনক প্ৰমোদবনৰ বিষয়ে কোৱাৰ সময়ত তেওঁ হয়তো কিহৰ বিষয়ে ভাবিছিল? বুজাওক। (আদিপুস্তক ২:১৫)

এজন যিহূদী হিচাপে অপৰাধীজনে হয়তো আদম আৰু হৱাৰ বিষয়ে ভালদৰে জানিছিল। ইয়াৰ উপৰিও যিহোৱাই আদম আৰু হৱাৰ বাবে এই পৃথিৱীতে ধুনীয়া প্ৰমোদবন বনাইছিল, তাৰ বিষয়েও হয়তো তেওঁ জানিছিল। সেই কাৰণে আমি কʼব পাৰোঁ যে যীচুৱে যেতিয়া তেওঁক প্ৰমোদবনৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ এখন ধুনীয়া পৃথিৱীৰ বিষয়ে ভাবিছিল।আদিপুস্তক ২:১৫ পঢ়ক।

৪. আমি কিহৰ বিষয়ে ভবা উচিত?

এই ঘটনা পঢ়ি আমি ভাবিব পাৰোঁ যে প্ৰমোদবনত আমাৰ জীৱন কেনেকুৱা হʼব আৰু আমি ইয়াৰ বিষয়ে ভাবিবও লাগিব। আমাৰ জীৱন কেনেকুৱা হʼব, তাৰ এটা আভাস আমি চলোমনৰ শাসনৰ পৰা পাওঁ। তেওঁ শাসন কৰাৰ সময়ত সকলো ঠাইতে শান্তি আছিল। কিন্তু যীচু তেওঁতকৈ মহান হয়, সেইবাবে আমি বিশ্বাস কৰিব পাৰোঁ যে যীচু আৰু ১,৪৪,০০০ জন লোকে মিলি এই পৃথিৱীখনক ধুনীয়া প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব আৰু তাত শান্তি থাকিব। (মথি ১২:৪২) যদি ‘অন্য মেৰৰ’ লোকসকলে প্ৰমোদবনত অনন্ত জীৱন জীয়াই থাকিব বিচাৰে, তেনেহʼলে তেওঁলোকে ভাবিব পাৰে যে তাত জীয়াই থাকিবলৈ আজি কি কৰা উচিত।—যোহ. ১০:১৬.

প্ৰমোদবনত জীৱন কেনেকুৱা হʼব?

৫. প্ৰমোদবনৰ বিষয়ে ভাবিলে আপোনাৰ মনলৈ কি আহে?

প্ৰমোদবনৰ বিষয়ে ভাবিলে আপোনাৰ মনলৈ কি আহে? আপুনি হয়তো ভাবে যে আপুনি এদনৰ নিচিনা এখন ধুনীয়া বাগিচাত আছে। তাৰ চাৰিওফালে পৰিৱেশ সেউজীয়া হৈ আছে। তাত বিভিন্ন ৰঙৰ ফুল আৰু গছ-গছনিবোৰ আছে আৰু বতাহত সেই ফুলবোৰৰ গোন্ধ মলমলাই আছে। (আদি. ২:৭-৯) আপোনাৰ হয়তো মীখাৰ ভৱিষ্যতবাণীও মনত পৰিব পাৰে। তাত এইদৰে লিখা আছে, “প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব।” (মীখা ৪:৩, ৪) আপোনাৰ হয়তো এয়াও মনত পৰে যে নতুন পৃথিৱীত আহাৰৰ কোনো অভাৱ নহʼব। (গীত. ৭২:১৬; যিচ. ৬৫:২১, ২২) আপুনি কল্পনা কৰিছে যে বাগিচাৰ মাজত এখন টেবুল আছে আৰু তাত বহুতো সোৱাদ লগা আহাৰ থোৱা আছে আৰু আপুনি নিজৰ পৰিয়াল আৰু বন্ধুৰ লগত মিলি সেই আহাৰৰ সোৱাদ লৈ আছে। তেওঁলোকৰ মাজত যিহোৱাই পুনৰ জীৱিত কৰা লোকসকলো আছে। তেওঁলোকৰ লগত কথা পাতি, সময় অতিবাহিত কৰি আৰু হাঁহি-ধেমালি কৰি আপোনাৰ বহুত ভাল লাগিছে। কিন্তু এয়া কোনো সপোন নহয়। প্ৰমোদবনত পৃথিৱীৰ পৰিস্থিতি সঁচাকৈ এনেকুৱা হʼব। সেই সময়ত আমি এই বস্তুবোৰৰ আনন্দ লোৱাৰ উপৰিও এনে কামো কৰিম, যাৰ পৰা আমি আনন্দ পাম ।

নতুন পৃথিৱীত জীৱিত হোৱা লোকসকলক আমি শিকাব লাগিব (অনুচ্ছেদ ৬ চাওক)

৬. আমি প্ৰমোদবনত কি কি কৰিম? (ছবিখন চাওক)

যিহোৱাই আমাক এনেধৰণে সৃষ্টি কৰিছে, যাতে আমি নিজৰ কাম আৰু পৰিশ্ৰমৰ পৰা আনন্দ পাব পাৰোঁ। (উপ. ২:২৪) মচীহৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত আমাৰ ওচৰত বহুতো কাম থাকিব। মহা-ক্লেশৰ পৰা বাচি ওলাই অহা আৰু পুনৰ জীৱিত হোৱা লাখ লাখ লোকক আহাৰ, কাপোৰ আৰু থাকিবলৈ ঘৰৰ প্ৰয়োজন হʼব। তেওঁলোকক সহায় কৰি আমি বহুত আনন্দ পাম। যিহোৱাই আদম আৰু হৱাক গোটেই পৃথিৱীখন এদন বাগিচাৰ নিচিনা ধুনীয়া বনাবলৈ কৈছিল। ঠিক সেইদৰে আমিও গোটেই পৃথিৱীখন প্ৰমোদবনৰ নিচিনা ধুনীয়া কৰি তুলিব লাগিব। নতুন পৃথিৱীত লাখ লাখ লোকক জীৱিত কৰা হʼব আৰু আমি তেওঁলোকক শিকাই বহুতো আনন্দ লাভ কৰিম। যিহোৱাৰ বিষয়ে জানিবলৈ সুযোগ নোপোৱা লোকসকলকো জীৱিত কৰা হʼব আৰু আমি তেওঁলোকক যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকাব লাগিব। যিহোৱাই প্ৰাচীন সময়ৰ সেই লোকসকলকো জীৱিত কৰিব, যিসকলে যীচুৰ বিষয়ে নাজানিছিল। তেওঁলোকৰ মৃত্যুৰ পাছত কি কি হʼল, তাৰ বিষয়ে আমি তেওঁলোকক কʼব লাগিব।

৭. আমি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ আৰু কিয়?

আমি বিশ্বাস কৰিব পাৰোঁ যে প্ৰমোদবনত চাৰিওফালে শান্তি থাকিব। আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰা হʼব আৰু সকলো কাম শৃংখলাবদ্ধভাৱে হʼব। আমি এয়া কিয় কʼব পাৰোঁ? কাৰণ তেওঁৰ ৰাজ্যত কি কি হʼব তাৰ এটা আভাস যিহোৱাই আগতে আমাক দেখুৱালে। চলোমনৰ শাসনৰ সময়ত যেনেধৰণৰ পৰিস্থিতি আছিল, সেই একেই পৰিস্থিতি প্ৰমোদবনতো থাকিব।

চলোমনৰ শাসন—প্ৰমোদবনৰ এক আভাস

৮. গীতমালা ৩৭:১০, ১১, ২৯ পদত লিখা কথাবোৰ প্ৰাচীন সময়ত কেনেকৈ পূৰ হʼল? (এই প্ৰহৰীদুৰ্গৰপাঠকসকলৰ প্ৰশ্ন” নামৰ লেখো চাওক।)

ৰজা দায়ূদে ঈশ্বৰৰ প্ৰেৰণাৰে লিখিছিল যে যেতিয়া এজন বুদ্ধিমান আৰু যিহোৱাৰ বিশ্বাসী ৰজা আহিব, তেতিয়া পৰিস্থিতি কেনেকুৱা হʼব। (গীতমালা ৩৭:১০, ১১, ২৯ পঢ়ক।) সাধাৰণতে যেতিয়া আমি কাৰোবাক প্ৰমোদবনৰ বিষয়ে কওঁ, তেতিয়া আমি গীতমালা ৩৭:১১ পদটো পঢ়ি শুনাওঁ। এইদৰে কৰাটো সঠিক হয়। কাৰণ যীচুৱে পৰ্বতীয়া উপদেশ দি থকাৰ সময়ত লোকসকলক কৈছিল যে নতুন পৃথিৱীত কেনেধৰণৰ লোক থাকিব, তেতিয়া তেওঁ দায়ূদৰ এই কথাটোৱে কৈছিল। ইয়াৰ পৰা বুজিব পাৰি যে গীতমালা ৩৭:১১ পদত কোৱা কথাটো ভৱিষ্যতে নিশ্চয় পূৰ হʼব। (মথি ৫:৫) কিন্তু চলোমনৰ শাসনৰ সময়ত এই কথাটো কেনেকৈ পূৰ হʼল? তেওঁ শাসন কৰাৰ সময়ত চাৰিওফালে শান্তি আছিল আৰু কোনো বস্তুৰ অভাৱ হোৱা নাছিল। যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে ইস্ৰায়েল দেশত “গাখীৰ মৌ-জোল বৈ” থাকিব। তেওঁ নিজৰ লোকসকলক এয়াও কৈছিল যে ‘যদি তোমালোকে মোৰ বিধিমতে চলা, তেন্তে মই দেশত শান্তি দান কৰিম; তাতে তোমালোকক কোনেও ভয় নুখুউৱাকৈ তোমালোকে শুবলৈ পাবা।’ (লেবী. ২০:২৪; ২৬:৩, ৬) চলোমনৰ শাসনৰ সময়ত যিহোৱাৰ এই ভৱিষ্যতবাণী পূৰ হʼল। (১ বং. ২২:৯; ২৯:২৬-২৮) তেওঁৰ শাসনত সকলো লোকে যিহোৱাৰ আজ্ঞা পালন কৰা হʼলে অলপ সময়ৰ পাছতে দুষ্ট লোকসকল একেবাৰে “নাইকিয়া” হʼলহেঁতেন। (গীত. ৩৭:১০) গতিকে আমি দেখিলোঁ যে গীতমালা ৩৭:১০, ১১, ২৯ পদটো প্ৰাচীন সময়ত পূৰ হʼল আৰু ভৱিষ্যতেও পূৰ হʼব।

৯. চিবাৰ ৰাণীয়ে চলোমনৰ ৰাজ্যৰ ঐশ্বৰ্য্যৰ বিষয়ে কি কʼলে?

চলোমনৰ শাসনৰ সময়ত কোনো বস্তুৰ অভাৱ হোৱা নাছিল আৰু তেওঁৰ দেশত থকা শান্তি আৰু আনন্দৰ কথা দূৰ-দূৰণি ঠাইলৈকে বিয়পি পৰিছিল। (১ ৰাজা. ১০:১) এই বিষয়ে যেতিয়া চিবাৰ ৰাণীয়ে শুনিলে, তেতিয়া তেওঁ বহু দূৰৰ পৰা যিৰূচালেমলৈ আহিল, যাতে তেওঁ নিজ চকুৰে চাব পাৰে। তেওঁ চলোমনৰ ৰাজ্যৰ ঐশ্বৰ্য্যৰ বিষয়ে এইদৰে কৈছিল, “চোৱা, ইয়াৰ আধাও মোক কোৱা নাছিল . . . আপোনাৰ এই যি লোকবিলাকে, আপোনাৰ এই যি দাসবিলাকে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, ইবিলাক ধন্য।” (১ ৰাজা. ১০:৬-৮) কিন্তু চলোমনৰ শাসন এটা আভাসহে আছিল যে যেতিয়া যীচুৱে শাসন কৰিব, তেতিয়া আমাৰ জীৱন কেনেকুৱা হʼব।

১০. যীচু চলোমনতকৈ ভাল ৰজা হয় বুলি আমি কিয় কʼব পাৰোঁ?

১০ যীচু সকলো ক্ষেত্ৰতে চলোমনতকৈ ভাল ৰজা হয়। চলোমন অসিদ্ধ আছিল, সেইবাবে তেওঁ বহুতো ভুল কৰিছিল আৰু ইয়াৰ বাবে ঈশ্বৰৰ লোকসকলৰ ওপৰত বহুতো সমস্যা আহিছিল। কিন্তু যীচু সিদ্ধ হয়। তেওঁ কেতিয়াও কোনো ভুল নকৰে। (লূক ১:৩২; ইব্ৰী ৪:১৪, ১৫) যেতিয়া চয়তানে তেওঁৰ ওপৰত ডাঙৰ ডাঙৰ সমস্যা আনিছিল, তেতিয়াও তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিল। ইয়ে প্ৰমাণ কৰে যে তেওঁ কেতিয়াও পাপ নকৰিব আৰু নিজৰ প্ৰজাসকলৰ হানি হোৱা একো কাম নকৰিব। সঁচাকৈ যীচুতকৈ ভাল ৰজা আৰু কোনেও হʼব নোৱাৰে।

১১. যীচুৰ লগত মিলি কোনে শাসন কৰিব?

১১ যীচুৰ লগত শাসন কৰিবলৈ ১,৪৪,০০০ জন পুৰুষ আৰু মহিলাক এই পৃথিৱীৰ পৰা একগোট কৰি থকা হৈছে। (প্ৰকা. ১৪:১-৩) তেওঁলোকে যীচুৰ লগত মিলি আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব আৰু আমাক সহায় কৰিব। যিহোৱাই এই পৃথিৱীৰ বাবে যি উদ্দেশ্য ৰাখিছে, সেয়াও তেওঁলোকে পূৰ কৰিব। তেওঁলোকে এই পৃথিৱীত থকাৰ সময়ত বহুতো সমস্যা আৰু দুখ-কষ্টৰ সন্মুখীন হৈছে। গতিকে তেওঁলোকে আমাৰ সমস্যা আৰু দুখ-কষ্টবোৰ ভালদৰে বুজি পাব। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে ১০০০ বছৰৰ শাসনৰ সময়ছোৱাত তেওঁলোকে কি কি কাম কৰিব?

অভিষিক্ত খ্ৰীষ্টানসকলে কি কাম কৰিব?

১২. যিহোৱাই ১,৪৪,০০০ জন লোকক কি দায়িত্ব দিব?

১২ চলোমনক কিছুমান লোকৰ ওপৰত অধিকাৰ দিয়া হৈছিল, কিন্তু যীচু আৰু ১,৪৪,০০০ জন লোকক তেওঁতকৈ বহুগুণে বেছি লোকসকলৰ ওপৰত অধিকাৰ দিয়া হৈছে। চলোমন কেৱল ইস্ৰায়েল দেশৰ ওপৰত ৰজা আছিল আৰু তেওঁক কিছু লাখ লোকৰহে চোৱা-চিতা কৰিবলগীয়া হৈছিল। কিন্তু যীচু আৰু ১,৪৪,০০০ জন লোকে গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব আৰু কোটি কোটি লোকৰ চোৱা-চিতা কৰিব। সঁচাকৈ যিহোৱাই তেওঁলোকক বহুতো দায়িত্ব দিব!

১৩. যীচুৰ লগত শাসন কৰা ১,৪৪,০০০ জন লোকে কি বিশেষ কাম কৰিব?

১৩ যীচুৰ দৰে ১,৪৪,০০০ জন লোকেও ৰজা আৰু পুৰোহিত হিচাপে সেৱা কৰিব। (প্ৰকা. ৫:১০) প্ৰাচীন সময়ত যেতিয়া ইস্ৰায়েলীসকলক মোচিৰ নিয়ম দিয়া হৈছিল, তেতিয়া লোকসকলৰ স্বাস্থ্য যাতে ভালে থাকে আৰু তেওঁলোকে যিহোৱাৰ কাষত থাকে, তাৰ প্ৰতি ধ্যান দিবলৈ পুৰোহিতসকলক কোৱা হৈছিল। আমি জানোঁ যে মোচিৰ নিয়ম আহিবলগীয়া ভাল কথাৰ “ছায়াবিশিষ্ট” আছিল। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে আহিবলগীয়া নতুন পৃথিৱীত ১,৪৪,০০০ জন লোকে পুৰোহিত হিচাপে মন দিব যে সকলো লোকৰ স্বাস্থ্য যাতে ভালে থাকে আৰু তেওঁলোকে যিহোৱাৰ কাষত থাকে। (ইব্ৰী ১০:১) আমি স্পষ্টকৈ নাজানোঁ যে তেওঁলোকে নতুন পৃথিৱীত লোকসকলৰ লগত কেনেকৈ কথা পাতিব বা নিৰ্দেশনা দিব। কিন্তু যিহোৱাই যিয়ে ব্যৱস্থা নকৰক কিয়, আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ যে তেওঁ নিজৰ লোকসকলক সঠিক পথ দেখুৱাব।—প্ৰকা. ২১:৩, ৪.

প্ৰমোদবনত জীয়াই থাকিবলৈ ‘অন্য মেৰৰ’ লোকসকলে আজি কি কৰিব লাগিব?

১৪. (ক) বাইবেলত ‘তাকৰ জাক’ আৰু ‘অন্য মেৰৰ’ বিষয়ে কি লিখা আছে? (খ) আজি এয়া কেনেকৈ পূৰ হৈ আছে?

১৪ যীচুৰ লগত মিলি যিসকলে শাসন কৰিব, তেওঁলোকক যীচুৱে ‘তাকৰ জাক’ বুলি কৈছে। (লূক ১২:৩২) তেওঁ আৰু এটা সমূহৰ বিষয়ে কৈছিল, যাক ‘অন্য মেৰ’ বুলি কোৱা হয়। বাইবেলত কোৱা হৈছে যে এই দুয়োটা সমূহ মিলি একেটা জাক হʼব। (যোহ. ১০:১৬) আজি এই দুয়োটা সমূহে একেলগে মিলি কাম কৰি আছে। ভৱিষ্যতেও প্ৰমোদবনত এইদৰেই কৰি থাকিব। সেই সময়ত ‘তাকৰ জাক’ স্বৰ্গলৈ গুচি যাব আৰু ‘অন্য মেৰৰ’ লোকসকলে প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ সুযোগ পাব। কিন্তু ‘অন্য মেৰৰ’ লোকসকলে প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাটো যদি বিচাৰে, তেনেহʼলে তেওঁলোকে এতিয়াৰে পৰা কি কৰিব লাগিব?

প্ৰমোদবনত জীয়াই থাকিবলৈ আমি এতিয়াৰে পৰা তৈয়াৰী কৰিব পাৰোঁ (অনুচ্ছেদ ১৫ চাওক) b

১৫. (ক) অন্য মেৰৰ লোকসকলে খ্ৰীষ্টৰ ভাইসকলক কেনেকৈ সহায় কৰে? (খ) ছবিখনত দেখুৱা ভাইৰ দৰে আপুনি কি কৰিব পাৰে?

১৫ যীচুৰ লগত যিজন অপৰাধীক কাঠত আঁৰি থোৱা হৈছিল, তেওঁ যীচুৰ ওপৰত বিশ্বাস কৰিছিল। কিন্তু যীচুৱে তেওঁৰ বাবে যি যি কৰিলে, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ তেওঁ সুযোগ নাপালে। কিন্তু আজি ‘অন্য মেৰৰ’ লোকসকলৰ ওচৰত যীচুৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ বহুতো কাৰণ আছে। যেনে, তেওঁলোকে অভিষিক্ত খ্ৰীষ্টানসকলক সহায় কৰি দেখুৱাব পাৰে যে তেওঁলোকে যীচুক কিমান প্ৰেম কৰে। যীচুৱে এয়াও কৈছিল যে আমি যীচুৰ ভাইসকলৰ লগত অৰ্থাৎ অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিম, তাৰ অনুসৰি তেওঁ আমাৰ ন্যায় কৰিব। (মথি ২৫:৩১-৪০) আমি প্ৰচাৰ আৰু শিষ্য বনোৱা কামত উৎসাহেৰে ভাগ লৈ অভিষিক্ত খ্ৰীষ্টানসকলক সহায় কৰিব পাৰোঁ। (মথি ২৮:১৮-২০) আজি বাইবেলৰ পৰা লোকসকলক শিকাবলৈ আমাৰ ওচৰত বহুতো প্ৰকাশন আছে। যেনে, দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ নতুন কিতাপ। আমি এই কিতাপখন ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। আপুনি কাৰোবাৰ বাইবেল অধ্যয়ন কৰেনে? যদি নাই কৰা, তেনেহʼলে আপুনি যিসকল লোকক প্ৰচাৰ কৰে, তেওঁলোকৰ লগত বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিব পাৰিবনে?

১৬. প্ৰমোদবনত জীয়াই থাকিবলৈ আমি এতিয়াৰে পৰা কি কৰিব লাগিব?

১৬ এজন ভাল মানুহ হʼবলৈ আমি নতুন পৃথিৱীৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে আমি এতিয়াৰে পৰা সাজু হʼব পাৰোঁ। যেনে, আমি ভাল গুণবোৰ বঢ়াব পাৰোঁ। আমি সকলো ক্ষেত্ৰতে সদাচাৰ অৰ্থাৎ বিশ্বাসী হৈ থাকিব পাৰোঁ, সদায় সঁচা কথা কʼবলৈ চেষ্টা কৰিব পাৰোঁ আৰু আৰু ধ্যান দিব পাৰোঁ যে আমাৰ ব্যৱহাৰ-পাতি আৰু কামৰ যোগেদি যিহোৱা আনন্দিত হয়। আমি যিহোৱা, নিজৰ জীৱন-সংগী আৰু ভাই-ভনীসকলৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। এই জগতত যিহোৱাৰ মানদণ্ডবোৰ পালন কৰাটো ইমান সহজ নহয়। তথাপি যদি আমি এতিয়াৰে পৰা যিহোৱাৰ মানদণ্ডবোৰ পালন কৰোঁ, তেনেহʼলে প্ৰমোদবনত এইদৰে কৰিবলৈ আমাৰ বাবে সহজ হৈ পৰিব। ইয়াৰ উপৰিও আমি এনে কিছুমান দক্ষতা বঢ়াব পাৰোঁ, যিবোৰ প্ৰমোদবনত আমাৰ কামত আহিব। এই প্ৰহৰীদুৰ্গত দিয়া “আপুনি পৃথিৱীৰ অধিকাৰী হʼবলৈ সাজু আছেনে?” নামৰ লেখখন পঢ়ক।

১৭. আমি আগতে যদি কিবা গম্ভীৰ পাপ কৰিছিলোঁ, তেনেহʼলে আমি তাৰ বিষয়ে ভাবি ভাবি চিন্তিত হোৱা উচিতনে? বুজাওক।

১৭ যদি আমি আগতে কিবা গম্ভীৰ পাপ কৰিছিলোঁ, তেনেহʼলে আমি তাৰ বিষয়ে ভাবি চিন্তিত হোৱা উচিত নহয়। মনত ৰাখক যীচুৱে ফৰীচিসকলক কি কৈছিল, “মই ধাৰ্ম্মিক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।” (মথি ৯:১৩) আমি যিমানেই ডাঙৰ পাপ নকৰোঁ কিয়, যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত আমি ক্ষমা পাব পাৰোঁ। কিন্তু যিহোৱাই আমাক মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত ক্ষমা কৰিব বুলি আমি জানি-শুনি পাপ কৰি থকা উচিত নহয়। (ইব্ৰী ১০:২৬-৩১) যদি আমি অনুতাপ কৰিলোঁ, যিহোৱাৰ পৰা ক্ষমা বিচাৰিলোঁ, প্ৰাচীনৰ পৰা সহায় লʼলোঁ আৰু নিজকে সলনি কৰিলোঁ, তেনেহʼলে আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাক ক্ষমা কৰি দিলে।—যিচ. ৫৫:৭; পাঁচ. ৩:১৯.

আপুনি প্ৰমোদবনত অনন্ত জীৱন জীয়াই থাকিব পাৰিব!

১৮. যীচুৰ ওপৰত বিশ্বাস কৰা অপৰাধীজনক নতুন পৃথিৱীত লগ পালে আপুনি কিহৰ বিষয়ে কথা পাতিব?

১৮ কল্পনা কৰকচোন আপুনি প্ৰমোদবনত যীচুৰ ওপৰত বিশ্বাস কৰা অপৰাধীজনৰ লগত কথা পাতি আছে। প্ৰথমে আপোনালোকে হয়তো এজনে-আনজনক কʼব যে যীচুৱে আপোনালোকৰ বাবে যি যি কৰিলে, তাৰ প্ৰতি আপোনালোক কিমান কৃতজ্ঞ। আপুনি হয়তো সুধিব যে যীচুৰ লগত যেতিয়া তেওঁক কাঠত আঁৰি থোৱা হৈছিল, তেতিয়া কি কি হৈছিল? আপুনি হয়তো এয়াও সুধিব পাৰে যে যেতিয়া যীচুৱে তেওঁক কʼলে যে পৰমদেশত তেওঁ যীচুৰ সংগী হʼব, তেতিয়া তেওঁক কেনেকুৱা লাগিছিল? অপৰাধীজনেও আপোনাক হয়তো সুধিব পাৰে যে শেষ-কালত আপোনাৰ জীৱন কেনেকুৱা আছিল? কল্পনা কৰকচোন এনেধৰণৰ লোকসকলক ঈশ্বৰৰ বাক্যৰ পৰা শিকাই আমাক কিমান ভাল লাগিব!—ইফি. ৪:২২-২৪.

মচীহ হাজাৰ বছৰৰ সময়ছোৱাত এজন ভায়ে এনে দক্ষতা শিকি আছে, যি তেওঁ বহু বছৰৰ পৰা শিকিব বিচাৰিছিল (অনুচ্ছেদ ১৯ চাওক)

১৯. প্ৰমোদবনত আমাক কিয় আমনি নালাগিব? (বাহিৰত দিয়া ছবিখন চাওক।)

১৯ প্ৰমোদবনত যেতিয়া আমি অনন্ত জীৱন জীয়াই থাকিম, তেতিয়া আমাক আমনি নালাগিব। কাৰণ আমি সদায় নতুন নতুন লোকসকলক লগ পাম আৰু আমাৰ কৰিবলগীয়া বহুতো কাম থাকিব। প্ৰতিদিনে আমি যিহোৱাক আৰু ভালদৰে জানিম আৰু সদায় আমি তেওঁৰ বিষয়ে নতুন নতুন কথা শিকিম। সময় অতিবাহিত হোৱাৰ লগে লগে আমি তেওঁক আৰু বেছিকৈ প্ৰেম কৰিম। ইয়াৰ উপৰিও যিহোৱাই যিবোৰ বস্তু সৃষ্টি কৰিছে, তাৰ বিষয়ে আমি শিকি থাকিম আৰু তাৰ আনন্দ লৈ থাকিম। যিহোৱা আৰু যীচুৱে আমাক প্ৰতিজ্ঞা কৰিছে যে আমি প্ৰমোদবনত অনন্ত জীৱন জীয়াই থাকিম। ইয়াৰ বাবে আমি সঁচাকৈ বহুত আনন্দিত!

গীত ২২ স্বৰ্গত ৰাজ্য আৰম্ভ হʼল—এতিয়া পৃথিৱীত হওক, এই প্ৰাৰ্থনা!

a প্ৰমোদবনত আমাৰ জীৱন কেনেকুৱা হʼব, তাৰ বিষয়ে আপুনি ভাবেনে? প্ৰমোদবনত যিহোৱাই আমাৰ বাবে কি কি কৰিব, তাৰ বিষয়ে ভাবিলে আমি উৎসাহিত হʼম আৰু উৎসাহেৰে প্ৰমোদবনৰ বিষয়ে লোকসকলক জনাব পাৰিম। এই লেখ পঢ়ি আমাৰ বিশ্বাস বাঢ়িব যে যীচুৱে যি প্ৰমোদবনৰ বিষয়ে কৈছিল, সেয়া নিশ্চয় আহিব।

b ছবিৰ বিষয়ে: এজন ভায়ে এতিয়াৰে পৰা লোকসকলক যিহোৱাৰ বিষয়ে শিকাই আছে আৰু এইদৰে কৰি তেওঁ নতুন পৃথিৱীত জীৱিত হোৱা লোকসকলক শিকাবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰি আছে।