পাঠকসকলৰ প্ৰশ্ন
গীতমালা ৬১:৮ পদত দায়ূদে কৈছিল যে তেওঁ “চিৰকাললৈকে” ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিব, তেনেহʼলে দায়ূদে ফিতাহি মাৰি কৈছিল নেকি যে তেওঁ কেতিয়াও নমৰিব?
নহয় এনে কথা নাছিল, দায়ূদে এই কথাটো এনেই লিখা নাছিল। তেওঁ সঠিক কথাটো লিখিছিল।
গীতমালা ৬১:৮ পদত লিখা আছে, “তাতে, মই নিজৰ সঙ্কল্প সিদ্ধ কৰিবৰ নিমিত্তে, চিৰকাললৈকে তোমাৰ নামৰ প্ৰশংসাৰ গান কৰিম।” দায়ূদে আন গীতবোৰতো ঠিক এইদৰে লিখিছিল, “হে মোৰ প্ৰভু ঈশ্বৰ, মই সমস্ত চিত্তেৰে তোমাৰ স্তুতি কৰিম, আৰু চিৰকাললৈকে তোমাৰ নাম গৌৰৱাম্বিত কৰিম।” “হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম, যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।”—গীত. ৮৬:১২; ১৪৫:১, ২.
দায়ূদে কৈছিল যে তেওঁ “চিৰকাললৈকে” যিহোৱাৰ প্ৰশংসা কৰিব। কিন্তু তেওঁৰ কেতিয়াও মৃত্যু নহʼব বুলি তেওঁ ভবা নাছিল। যিহোৱাই কোৱা কথাটো তেওঁ ভালদৰে জানিছিল যে পাপ কৰাৰ বাবে মানুহৰ মৃত্যু নিশ্চয় হʼব। সেইবাবে, তেওঁ নিজেও লিখিছিল যে তেওঁ পাপ কৰিছে আৰু এদিন নহয় এদিন তেওঁৰ মৃত্যু হʼব। (আদি. ৩:৩, ১৭-১৯; গীত. ৫১:৪, ৫) দায়ূদে এয়াও জানিছিল যে অব্ৰাহাম, ইচ্হাক আৰু যাকোবৰ দৰে বিশ্বাসী লোকসকলৰো মৃত্যু হʼল আৰু তেওঁৰ জীৱনো ক্ষন্তেকীয়া। (গীত. ৩৭:২৫; ৩৯:৪) সেইবাবে, তেওঁ যিহোৱাৰ “চিৰকাললৈকে” প্ৰশংসা কৰিম বুলি কোৱাৰ অৰ্থ আছিল যে তেওঁ চিৰকাললৈকে তেওঁৰ মহিমা কৰিব বিচাৰে আৰু তেওঁৰ মৃত্যু নোহোৱালৈকে এইদৰে কৰি থাকিব বুলি থিৰাং কৰিছিল।—২ চমূ. ৭:১২.
দায়ূদে নিজৰ গীতত তেওঁৰ জীৱনৰ বহুতো কথাৰ বিষয়ে লিখিছিল, এয়া আমি গীতমালা ১৮, ৫১ আৰু ৫২-ৰ ওপৰৰ লেখত পঢ়িলে জানিব পাৰোঁ। গীতমালা ২৩-ত দায়ূদে যিহোৱাক ৰখীয়া বুলি কৈছে, যিজনে নিজৰ লোকসকলক সঠিক পথ দেখুৱায়, শান্ত্বনা দিয়ে আৰু তেওঁলোকক ৰক্ষা কৰে। দায়ূদ নিজে এজন ৰখীয়া হোৱাৰ বাবে বুজিব পাৰিছিল যে যিহোৱাই কেনেকৈ নিজৰ মেৰবিলাকৰ যত্ন লয়। সেইবাবে, জীৱনৰ “সকলো কালত” তেওঁ যিহোৱাৰ সেৱা কৰিব বিচাৰিছিল।—গীত. ২৩:৬.
এয়াও মনত ৰাখক যে দায়ূদে নিজৰ গীতবোৰ ঈশ্বৰৰ প্ৰেৰণাৰে লিখিছিল আৰু তাৰে মাজৰ কিছুমান ভৱিষ্যতবাণীও আছিল। যেনে, গীতমালা ১১০-ত দায়ূদে কৈছিল যে এনে এক সময় আহিব, যʼত প্ৰভুৱে ‘ঈশ্বৰৰ সোঁহাতে বহিব’ আৰু তেওঁক বহুতো অধিকাৰ দিয়া হʼব। দায়ূদে এয়াও লিখিছিল যে তেওঁৰ প্ৰভুৱে শত্ৰুবিলাকক পৰাজয় কৰি পৃথিৱীৰ ‘জাতিবিলাকৰ সোধ-বিচাৰ কৰিব।’ এই ভৱিষ্যতবাণী আচলতে দায়ূদৰ বংশৰ পৰা আহিবলগীয়া মচীহৰ বিষয়ে কৰা হৈছিল। তেওঁ স্বৰ্গৰ পৰা শাসন কৰিব আৰু “নিত্য পুৰোহিত” হʼব। (গীত. ১১০:১-৬) যীচুৱে পৃথিৱীত থকাৰ সময়ত কৈছিল যে গীতমালা ১১০-ত কৰা ভৱিষ্যতবাণীটো তেওঁৰ বিষয়ে কৰা হৈছিল আৰু এয়া ভৱিষ্যতে পূৰ হʼব।—মথি ২২:৪১-৪৫.
ইয়াৰ অৰ্থ হৈছে দায়ূদে যিহোৱাৰ প্ৰেৰণাৰে তেওঁৰ সময়ৰ ঘটনাৰ বিষয়ে লিখাৰ উপৰিও ভৱিষ্যতৰ বিষয়েও লিখিছিল, যেতিয়া তেওঁক পুনৰ জীৱিত কৰা হʼব আৰু তেওঁ “চিৰকাললৈকে” যিহোৱাৰ প্ৰশংসা কৰিব। সেইবাবে, গীতমালা ৩৭:১০, ১১ আৰু ২৯ পদত লিখা কথাবোৰ প্ৰাচীন সময়তো পূৰ হʼল আৰু ভৱিষ্যতেও পূৰ হʼব বুলি আমি কʼব পাৰোঁ। এই পদবোৰত কোৱাৰ দৰেই এসময়ত ইস্ৰায়েলৰ পৰিস্থিতি আছিল আৰু ভৱিষ্যতে যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰাৰ সময়তো পৃথিৱীৰ পৰিস্থিতি এনেদৰে হৈ পৰিব।—এই প্ৰহৰীদুৰ্গত দিয়া “তুমি পৰমদেশত মোৰ সংঙ্গী হবা” নামৰ লেখৰ অনুচ্ছেদ ৮ চাওক।
এই কথাবোৰ মনত ৰাখি আমি কʼব পাৰোঁ যে গীতমালা ৬১:৮ পদত দায়ূদে লিখা কথাটো ফিতাহি মাৰি লিখা নাছিল। এই পদ আৰু আন পদবোৰত যেতিয়া দায়ূদে কৈছিল যে তেওঁ “চিৰকাললৈকে” যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰে, তেতিয়া ইয়াৰ অৰ্থ আছিল যে তেওঁ মৃত্যুলৈকে যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰে। ভৱিষ্যতেও যেতিয়া নতুন পৃথিৱীত তেওঁক পুনৰ জীৱিত কৰা হʼব, তেতিয়া তেওঁ সঁচাকৈ “চিৰকাললৈকে” যিহোৱাৰ প্ৰশংসা কৰিব পাৰিব!