Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫১

সমস্যাৰ সময়ছোৱাতো আপুনি শান্তি পাব পাৰে!

সমস্যাৰ সময়ছোৱাতো আপুনি শান্তি পাব পাৰে!

“তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।”—যোহ. ১৪:২৭

গীত ১১২ যিহোৱা, শান্তিৰ ঈশ্বৰ

লেখৰ এক আভাস a

১. “ঈশ্বৰৰ শান্তি” কি আৰু ইয়াৰ দ্বাৰা কি হয়? (ফিলিপীয়া ৪:৬, ৭)

 বাইবেলত এনে শান্তিৰ বিষয়ে কোৱা হৈছে, যাৰ বিষয়ে জগতৰ লোকসকলে নাজানে। এই শান্তিক “ঈশ্বৰৰ শান্তি” বুলি কোৱা হয়। ই এক মনৰ সন্তুষ্টি হয়, যি যিহোৱাৰ লগত আমাৰ এটা ভাল সম্পৰ্ক থাকিলেহে আমি পাওঁ। “ঈশ্বৰৰ শান্তি” থাকিলে আমি সুৰক্ষিত অনুভৱ কৰোঁ। (ফিলিপীয়া ৪:৬, ৭ পঢ়ক।) লগতে ভাই-ভনীসকলৰ লগতো আমাৰ এটা ভাল বন্ধুত্ব গঢ়ি উঠে, কাৰণ তেওঁলোকেও যিহোৱাক প্ৰেম কৰে। ইয়াৰ উপৰিও আমি “শান্তিদাতা” ঈশ্বৰৰ কাষ চাপোঁ। (১ থিচ. ৫:২৩) যেতিয়া আমি যিহোৱাৰ বিষয়ে ভালদৰে জানিবলৈ ধৰোঁ, তেওঁৰ ওপৰত ভৰসা কৰোঁ আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেতিয়া সমস্যা আহিলেও আমি চিন্তিত নহʼম, কাৰণ আমাৰ ওচৰত “ঈশ্বৰৰ শান্তি” থাকে।

২. সমস্যাৰ সময়তো “ঈশ্বৰৰ শান্তি” পোৱাটো সম্ভৱ বুলি আমি কিয় কʼব পাৰোঁ?

কিন্তু কোনো বেমাৰ বিয়পিলে, দুৰ্যোগ আহিলে, প্ৰতিবাদ হʼলে বা আমি তাড়নাৰ সন্মুখীন হʼলে আমাক বৰ ভয় লাগে। সেই সময়তো আমি “ঈশ্বৰৰ শান্তি” পাব পাৰোঁনে? মন কৰক, যীচুৱে নিজৰ শিষ্যসকলক কি কৈছিল: “তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।” (যোহ. ১৪:২৭) বহুতো ভাই-ভনীয়ে যীচুৰ এই পৰামৰ্শ পালন কৰিলে আৰু যিহোৱাৰ সহায়ত সমস্যাৰ সময়ত শান্ত হৈ থাকিব পাৰিলে।

বেমাৰ বিয়পাৰ সময়ত

৩. মহামাৰী বিয়পিলে আমাৰ শান্তি কেনেকৈ নাইকিয়া হʼব পাৰে?

যেতিয়া মহামাৰী বিয়পিবলৈ আৰম্ভ হয়, তেতিয়া আমাৰ জীৱন পৰিৱৰ্তন হৈ যায়। কভিড ১৯ মহামাৰী আৰম্ভ হোৱাৰ সময়তো এইদৰেই হৈছিল। ইয়াৰ বিষয়ে জানিবলৈ বহুতো লোকৰ চাৰ্ভে কৰা হʼল আৰু জানিব পৰা গʼল যে আধাতকৈ বেছি লোকসকলে শান্তিৰে শুব পৰা নাছিল। মহামাৰী আৰম্ভ হোৱাৰ পাছত লোকসকল বহুত চিন্তিত হৈ পৰিছিল। সেইবাবে, তেওঁলোকৰ ডিপ্ৰেচন হʼল, তেওঁলোকে বহুত মদ খাবলৈ ধৰিলে আৰু কিছুমানে ড্ৰাগছো লʼবলৈ আৰম্ভ কৰিলে। ৰিপৰ্টৰ মতে বহুতো পৰিয়ালত মাৰ-পিট হʼবলৈ ধৰিলে আৰু বহুতো লোকে আত্মহত্যা কৰিবলৈও চেষ্টা কৰিলে। যেতিয়া আপোনাৰ এলেকাত বেমাৰ বিয়পে, তেতিয়া আপুনি “ঈশ্বৰৰ শান্তি” পাবলৈ আৰু বেছি চিন্তিত নহʼবলৈ কি কৰিব পাৰে?

৪. যীচুৱে শেষ-কালৰ বিষয়ে কোৱা কথাটো মনত ৰাখিলে আমি কেনেকৈ শান্ত হৈ থাকিব পাৰিম?

যীচুৱে আমাক আগতেই কৈছিল যে এটাৰ পাছত এটা “মহামাৰী” বিয়পিব। (লূক ২১:১১) কিন্তু এই কথাটো মনত ৰাখিলে আমি কেনেকৈ শান্ত হৈ থাকিব পাৰিম? যেতিয়া বেমাৰ বিয়পিবলৈ ধৰে, তেতিয়া আমি বহুত বেছি চিন্তিত হৈ নপৰোঁ। কাৰণ আমি জানোঁ যে এইদৰে হʼবই। এনেধৰণৰ কথা শুনিলে আমি সদায় যীচুৰ এই কথা মনত ৰখা উচিত। তেওঁ কৈছিল, ‘তোমালোকে ব্যাকুল নহবা।’—মথি ২৪:৬.

যেতিয়া আপোনাৰ এলেকাত বেমাৰ বিয়পে, তেতিয়া বাইবেলৰ অডিঅʼ ৰেৰ্কডিং শুনিলে আপুনি মনৰ শান্তি পাব পাৰে (অনুচ্ছেদ ৫ চাওক)

৫. (ক) ফিলিপীয়া ৪:৮, ৯ পদৰ অনুসৰি কোনো বেমাৰ বিয়পিলে আমি কি কথাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ? (খ) এজনী ভনীয়ে বাইবেলৰ ৰেকৰ্ডিং শুনি কেনেকৈ লাভৱান হʼল আৰু আপুনি তেওঁৰ পৰা কি শিকিলে?

যেতিয়া বেমাৰ বিয়পে, তেতিয়া আমাক বহুত ভয় লাগে আৰু আমি এই বিষয়ে ভাবি বহুত চিন্তিত হৈ পৰোঁ। ভনী ডেজীৰ লগতো এইদৰেই হৈছিল। b যেতিয়া কভিডৰ বাবে তেওঁৰ খুৰা, বৰদেউতাৰ লʼৰা আৰু ডাক্তৰজনৰ মৃত্যু হৈছিল, তেতিয়া তেওঁ বহুত চিন্তিত হৈছিল। যদি তেওঁৰ কভিড হয়, তেনেহʼলে তেওঁৰ বৃদ্ধ মাকৰ জীৱন বিপদত পৰিব বুলি ভাবি তেওঁ চিন্তিত হৈছিল। আৰু এটা বিষয়ৰ বাবে তেওঁ চিন্তিত হৈছিল। যদি তেওঁ চাকৰি হেৰুৱাই, তেনেহʼলে তেওঁ নিজৰ ঘৰখন কেনেকৈ চোৱা-চিতা কৰিব। এইবোৰ বিষয়ে চিন্তা কৰি তাই ভালদৰে শুব পৰা নাছিল। কিন্তু এনে পৰিস্থিতিত তেওঁ কেনেকৈ শান্ত হৈ থাকিব পাৰিলে? তেওঁ মনত শান্তি লাভ কৰিবলৈ আৰু ভাল কথাবোৰলৈ ধ্যান দিবলৈ সহায় বিচাৰি তেওঁ বিশেষভাৱে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। (ফিলিপীয়া ৪:৮, ৯ পঢ়ক।) তেওঁ বাইবেলৰ অডিঅʼ ৰেকৰ্ডিং শুনিলে আৰু এইদৰে তেওঁ যিহোৱাক তেওঁৰ লগত কথা পাতিবলৈ সুযোগ দিলে। তেওঁ এইদৰে কৈছে, “সেই ৰেকৰ্ডিঙত বাইবেলৰ পদবোৰ এনেদৰে পঢ়া হৈছিল, যাৰ যোগেদি মই মনত শান্তি লাভ কৰিলোঁ আৰু যিহোৱাই মোৰ যত্ন লয় বুলি অনুভৱ কৰিব পাৰিলোঁ।”—গীত. ৯৪:১৯.

৬. ব্যক্তিগত অধ্যয়ন কৰিলে আৰু সভালৈ গʼলে আপোনাৰ কি লাভ হʼব?

যেতিয়া বেমাৰ বিয়পে, তেতিয়া আমাৰ জীৱন আগৰ দৰে নাথাকে, একেবাৰে সলনি হৈ যায়। তথাপি সভাত উপস্থিত হʼবলৈ আৰু ব্যক্তিগত অধ্যয়ন কৰিবলৈ এৰি নিদিব। আমাৰ বহুতো ভিডিঅʼ আৰু প্ৰকাশনবোৰত এনে ভাই-ভনীসকলৰ অনুভৱৰ বিষয়ে কোৱা হৈছে, যিসকলে আপোনাৰ নিচিনা সমস্যাৰ সন্মুখীন হৈ আছে। তথাপি তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়া নাই। এই অনুভৱবোৰৰ পৰা আপুনি সাহস পাব পাৰে। (১ পিত. ৫:৯) যেতিয়া আমি সভাবোৰত উপস্থিত হওঁ, তেতিয়া আমি বাইবেলত লিখা কথাবোৰলৈ ধ্যান দিব পাৰোঁ আৰু ভাল কথাবোৰলৈ মন দিব পাৰোঁ। এনে কৰিলে আমি উৎসাহিত হʼম আৰু আনকো উৎসাহিত কৰিব পাৰিম। (ৰোম. ১:১১, ১২) বেমাৰ হোৱা, ভয় খোৱা আৰু অকলশৰীয়া অনুভৱ কৰা ভাই-ভনীসকলক যিহোৱাই কেনেকৈ সহায় কৰিলে, তাৰ বিষয়ে যেতিয়া আপুনি চিন্তা কৰিব, তেতিয়া যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব বুলি আপোনাৰ বিশ্বাস বাঢ়িব।

৭. পাঁচনি যোহনৰ পৰা আপুনি কি শিকিব পাৰে?

ভাই-ভনীসকলৰ লগত কথা পাতি থাকক। কিন্তু বেমাৰ বিয়পাৰ সময়ত আমি ভাই-ভনীসকলৰ পৰা দূৰে-দূৰে থাকিবলগীয়া হʼব পাৰে। এনে পৰিস্থিতিত আমি হয়তো পাঁচনি যোহনৰ দৰে অনুভৱ কৰিব পাৰোঁ। তেওঁ নিজৰ বন্ধু গায়ৰ লগত মুখা-মুখিকৈ কথা পাতিব বিচাৰিছিল। কিন্তু পৰিস্থিতি বেয়া হোৱাৰ বাবে তেওঁ এইদৰে কৰিব নোৱাৰিলে। (৩ যোহ. ১৩, ১৪) কিন্তু তেওঁ যি কৰিব পাৰিছিল, সেয়া কৰিলে। যোহনে তেওঁলৈ চিঠি লিখিলে। আমিও নিজৰ ভাই-ভনীসকলক ভিডিঅʼ কল কৰিব পাৰোঁ, ফোন কৰিব পাৰোঁ বা মেছেজ লিখিব পাৰোঁ। এনেদৰে তেওঁলোকৰ লগত কথা পাতি থাকিলে আমি অকলশৰীয়া অনুভৱ নকৰিম আৰু শান্ত হৈ থাকিব পাৰিম। যদি আপুনি বেছি চিন্তিত হৈছে, তেনেহʼলে প্ৰাচীনৰ লগত কথা পাতক। তেওঁলোকে নিশ্চয় আপোনাক উৎসাহিত কৰিব।—যিচ. ৩২:১, ২.

দুৰ্যোগ অহাৰ সময়ত

৮. কোনো দুৰ্যোগ আহিলে আমাৰ শান্তি কেনেকৈ নাইকিয়া হʼব পাৰে?

আপোনাৰ এলেকাতো বানপানী, ভূমিকম্প হৈছেনে বা জুই জ্বলিছেনে? তাৰ বিষয়ে ভাবিয়েই হয়তো আপুনি দুখ অনুভৱ কৰিব পাৰে। হয়তো সেই ঘটনাত আপোনাৰ পৰিয়াল বা বন্ধুসকলৰ মৃত্যু হৈছিল বা আপোনাৰ বস্তু-বাহিনী নষ্ট হৈছিল। সেই সময়ত আপুনি হয়তো বহুত দুখ অনুভৱ কৰিছিল বা আপোনাৰ খং উঠিছিল। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আপোনাৰ বিশ্বাস দুৰ্বল আছে বা আপুনি বস্তু-বাহিনীবোৰ বেছি প্ৰেম কৰে। এনে পৰিস্থিতিৰ সন্মুখীন হʼবলৈ আমাক হয়তো বহুত কঠিন লাগিব পাৰে আৰু আমাৰ মনত বেয়া বেয়া চিন্তা আহিব পাৰে। এনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাটো ভুল নহয় বুলি লোকসকলেও কʼব পাৰে। (ইয়ো. ১:১১) কিন্তু এনে পৰিস্থিতিতো আপুনি শান্ত হৈ থাকিব পাৰিব। কেনেকৈ বাৰু?

৯. যীচুৱে কি কৈছিল যাৰ পৰা আমি দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু থাকিব পাৰোঁ?

জগতৰ বহুতো লোকে ভাবে যে তেওঁলোকৰ এলেকাত কেতিয়াও কোনো দুৰ্যোগ নহʼব। কিন্তু আমি এইদৰে নাভাবোঁ। কাৰণ আমি মনত ৰাখোঁ যে যীচুৱে আমাৰ সময়ৰ বিষয়ে কি ভৱিষ্যতবাণী কৰিছিল। তেওঁ কৈছিল জগতৰ অন্ত হোৱাৰ আগতে “বৰ ভূমিকম্প” হʼব আৰু এনেধৰণৰ আন দুৰ্যোগবোৰ হʼব। (লূক ২১:১১) তেওঁ এয়াও কৈছিল যে “অধৰ্ম্ম অধিক” হʼব। আজি এইদৰেই হোৱাটো আমি দেখিবলৈ পাইছোঁ। প্ৰতিদিনে অপৰাধ, হিংসা, উগ্ৰপন্থীৰ আক্ৰমণৰ খবৰ আমি বাতৰিত শুনোঁ। (মথি ২৪:১২) যিহোৱাৰ আশীৰ্বাদ নথকা লোকসকলৰ ওপৰত এইবোৰ সমস্যা আহিব বুলি যীচুৱে কেতিয়াও কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ ওপৰতো এনেধৰণৰ দুৰ্যোগ আহি পৰিছে। গতিকে আমাৰ ওপৰতো কেতিয়াবা নহয় কেতিয়াবা এনেধৰণৰ দুৰ্যোগ আহিব পাৰে। (যিচ. ৫৭:১; ২ কৰি. ১১:২৫) সেই সময়ত যিহোৱাই আমাক চমৎকাৰ কৰি বচাব বুলি আমি আশা নকৰোঁ। কিন্তু আমি ভৰসা কৰিব পাৰোঁ যে তেওঁ আমাক শান্ত হৈ থাকিবলৈ নিশ্চয় সহায় কৰিব।

১০. দুৰ্যোগৰ বাবে আগতীয়াকৈ তৈয়াৰী কৰি আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ? (হিতোপদেশ ২২:৩)

১০ কোনো দুৰ্যোগ অহাৰ আগতে বা কোনো ঘটনা ঘটাৰ আগতে আমি তৈয়াৰী কৰি থʼলে সেই সময়ত আমি শান্ত হৈ থাকিব পাৰিম। কিন্তু আগতীয়াকৈ তৈয়াৰী কৰাৰ অৰ্থ এয়া নহয় যে যিহোৱাৰ ওপৰত আমাৰ ভৰসা কমি গৈছে। ইয়াৰ পৰিৱৰ্তে আগতীয়াকৈ তৈয়াৰী কৰি আমি দেখুৱাওঁ যে আমি সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত ভৰসা কৰোঁ। কাৰণ দুৰ্যোগৰ বাবে আমি আগতীয়াকৈ তৈয়াৰী কৰি ৰখাটো যিহোৱা নিজেই বিচাৰে আৰু তেওঁ এই কথাটো নিজৰ বাক্যতো লিখাইছে। (হিতোপদেশ ২২:৩ পঢ়ক।) বহু বাৰ আমাৰ পত্ৰিকা আৰু সভাবোৰত কোৱা হয় যে আমি দুৰ্যোগৰ বাবে আগতীয়াকৈ তৈয়াৰী কৰি ৰখা উচিত আৰু মাজে-সময়ে ইয়াৰ বাবে ঘোষণাও কৰা হয়। c আমি যদি এতিয়াৰে পৰা সেই নিৰ্দেশনাবোৰ পালন কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি দেখুৱাওঁ।

দুৰ্যোগৰ সন্মুখীন হʼবলৈ আগতীয়াকৈ তৈয়াৰী কৰি ৰাখিলে আপোনাৰ জীৱন ৰক্ষা পৰিব পাৰে (অনুচ্ছেদ ১১ চাওক) d

১১. ভনী মাৰ্গেটৰ পৰা আপুনি কি শিকিলে?

১১ ভনী মাৰ্গেটৰ লগত কি হʼল তালৈ মন কৰক। তাই ঘৰৰ ওচৰত বনজুই লাগিছিল আৰু তাত থকা অধিকাৰীসকলে সকলোকে সেই ঠাইখন খালী কৰিবলৈ কৈছিল। যেতিয়া একেলগে বহুতো লোকে সেই ঠাইখন খালী কৰিবলৈ ধৰিলে, তেতিয়া ৰাস্তাখন বহুত ভীৰ হʼল আৰু চাৰিওফালে কʼলা ধোঁৱা দেখিবলৈ পোৱা গৈছিল। যাৰ বাবে ভনীয়ে নিজৰ গাড়ীৰ পৰা ওলাব পৰা নাছিল। কিন্তু তাই নিজৰ বেগত সেই এলেকাৰ বেলেগ এখন ৰাস্তাৰ মেপ থৈছিল। সেই ৰাস্তাখন তেওঁ আগতেই চাই থৈছিল, যাতে প্ৰয়োজনৰ সময়ত তেওঁ সহজে তাৰ পৰা ওলাই যাব পাৰে। এইদৰে আগতীয়াকৈ তৈয়াৰী কৰি ৰখাৰ বাবে তেওঁৰ জীৱন ৰক্ষা পৰিল।

১২. অধিকাৰী আৰু সংগঠনৰ পৰা পোৱা নিৰ্দেশনা আমি কিয় পালন কৰা উচিত?

১২ অধিকাৰীসকলে সকলোৰে সুৰক্ষাৰ বাবে কাৰ্ফিউ লগাব পাৰে বা আমাক নিজৰ এলেকা এৰি যাবলৈ কʼব পাৰে বা এনেধৰণৰ আন বহুতো নিৰ্দেশনা দিব পাৰে। কিন্তু কিছুমান লোকে তেওঁলোকৰ নিৰ্দেশনা পালন কৰিবলৈ অৱহেলা কৰিব পাৰে। কাৰণ তেওঁলোকে নিজৰ বস্তু এৰি যাব নিবিচাৰে। কিন্তু এনে পৰিস্থিতিত সত্য খ্ৰীষ্টানসকলে কি কৰা উচিত? বাইবেলত কোৱা হৈছে, ‘প্ৰভুৰ নিমিত্তে মনুষ্যস্থাপিত সকলো ৰীতিৰ বশীভূত হোৱা; অৰ্থাৎ ৰজাক সকলোৰে ওপৰ বুলি, আৰু দেশাধিপতিসকলক, তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি, তেওঁলোকৰ বশীভূত হোৱা।’ (১ পিত. ২:১৩, ১৪) সংগঠনে আমাক বহুতো নিৰ্দেশনা দিয়ে। যেনে, প্ৰাচীনসকলক নিজৰ ফোন নম্বৰ আৰু ঠিকনা দিবলৈ সংগঠনে আমাক নিৰ্দেশনা দিয়ে, যাতে তেওঁলোকে আমাক যোগাযোগ কৰিব পাৰে। আপুনি এইদৰে কৰিছেনে? তেওঁলোকে হয়তো আমাক ঘৰতে থাকিবলৈ বা ঘৰ এৰি যাবলৈ নিৰ্দেশনা দিব পাৰে। ইয়াৰ উপৰিও খোৱা-বোৱা কেনেকৈ পোৱা যাব আৰু আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ, তাৰ বিষয়ে নিৰ্দেশনা দিব পাৰে। আমি এই সকলো নিৰ্দেশনা পালন কৰিম, নহʼলে আমি নিজৰ জীৱন বিপদত পেলোৱাৰ লগতে প্ৰাচীনসকলৰো জীৱন বিপদত পেলাম। মনত ৰাখক এই বিশ্বাসী ভাইসকলে আমাৰ নেতৃত্ব লয়, সেইবাবে আমি কেতিয়াও তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নালাগে। (ইব্ৰী ১৩:১৭) ইয়াৰ বিষয়ে ভনী মাৰ্গেটে কি কৈছে, তালৈ মন কৰক। তেওঁ কৈছে, “মই প্ৰাচীনৰ কথা মানিলোঁ আৰু সংগঠনে দিয়া নিৰ্দেশনাবোৰ পালন কৰিলোঁ। এইদৰে কৰি মোৰ জীৱন ৰক্ষা পৰিল।”

১৩. নিজৰ ঘৰ এৰিবলগীয়া হোৱা ভাই-ভনীসকলে কি কথাৰ পৰা আনন্দ আৰু শান্তি লাভ কৰিছে?

১৩ আজি আমাৰ বহুতো ভাই-ভনীয়ে যুদ্ধ, দুৰ্যোগ বা প্ৰতিবাদৰ সন্মুখীন হোৱাৰ বাবে নিজৰ এলেকা এৰি আন ঠাইলৈ যাবলগীয়া হৈছে। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ লগতো এইদৰেই হৈছিল। যেতিয়া তেওঁলোকক বিৰোধ কৰা হৈছিল, তেতিয়া তেওঁলোকে বেলেগ বেলেগ ঠাইত গৈ থাকিছিল আৰু তেওঁলোকে তাত “সকলো ঠাইতে ফুৰি ফুৰি, শুভবাৰ্ত্তাৰ বাক্য প্ৰচাৰ কৰিলে।” (পাঁচ. ৮:৪) আজিও সত্য খ্ৰীষ্টানসকলে বেলেগ বেলেগ ঠাইত গৈ থাকিবলগীয়া হৈছে। তাত তেওঁলোকে পৰিস্থিতিৰ অনুসৰি নিজকে সলনি কৰে। তেওঁলোকে তাত প্ৰচাৰ কৰে আৰু প্ৰতিটো সভাত উপস্থিত হʼবলৈ চেষ্টা কৰে। এইদৰে প্ৰচাৰ কামত ভাগ লৈ তেওঁলোকে নিজৰ ধ্যান সমস্যাৰ ওপৰত নহয়, যিহোৱাৰ ৰাজ্যৰ ওপৰত দিব পাৰিছে। এইদৰে তেওঁলোকে শান্তি আৰু আনন্দ লাভ কৰিছে।

তাড়নাৰ সময়ত

১৪. তাড়নাৰ সময়ত আমাৰ শান্তি কেনেকৈ নাইকিয়া হʼব পাৰে?

১৪ যেতিয়া আমি নিজৰ ভাই-ভনীসকলৰ লগত মিলি প্ৰচাৰ কৰোঁ আৰু যিহোৱাৰ উপাসনা কৰোঁ, তেতিয়া আমি বহুত আনন্দিত হওঁ আৰু মনৰ শান্তি পাওঁ। কিন্তু বহুতো দেশত আমাৰ ভাই-ভনীসকলে এই সকলো কাম মুকলিভাৱে কৰিব নোৱাৰে। কাৰণ তেওঁলোকে এইবোৰ কৰি থকাৰ সময়ত যদি ধৰা পৰে, তেতিয়া হʼলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় আৰু তাড়না দিয়া হয়। চৰকাৰে যেতিয়া আমাৰ কামক নিষেধ কৰে, তেতিয়া আমাৰ মনৰ শান্তি নাইকিয়া হʼব পাৰে। আমি হয়তো এয়া ভাবি চিন্তিত হʼব পাৰোঁ যে আগলৈ কি হʼব। এইদৰে হʼলে আমাক ভয় লাগে, কিন্তু আমি বেছি ভয় কৰাৰ প্ৰয়োজন নাই। কাৰণ যীচুৱেও কৈছিল যে যেতিয়া আমি তাড়নাৰ সন্মুখীন হওঁ, তেতিয়া আমাৰ বিশ্বাস দুৰ্বল হʼব পাৰে। (যোহ. ১৬:১, ২) এনে পৰিস্থিতিত শান্ত হৈ থাকিবলৈ আমি কি কৰিব পাৰিম?

১৫. তাড়নাৰ বিষয়ে ভাবি আমি কিয় ভয় কৰা উচিত নহয়? (যোহন ১৫:২০; ১৬:৩৩)

১৫ বাইবেলত এইদৰে লিখা আছে, “বাস্তিৱক খ্ৰীষ্ট্‌ যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীম. ৩:১২) কিন্তু আমাৰ লগত তাড়না হʼব বুলি মানি লʼবলৈ বহু বাৰ আমাক কঠিন লাগিব পাৰে। ভাই আন্দ্ৰেৰ লগতো এইদৰেই হৈছিল। তেওঁ এনে এখন দেশত থাকে, যʼত আমাৰ কামক নিষেধ কৰা হৈছে। তেওঁ ভাবিছিল যে ‘ইয়াত দেখোন বহুতো যিহোৱাৰ সাক্ষী আছে, তেনেহʼলে সকলোকে গ্ৰেপ্তাৰ কৰা হʼব জানোঁ।’ এইদৰে ভবাৰ কাৰণে তেওঁৰ চিন্তা কম হোৱাৰ পৰিৱৰ্তে আৰু বাঢ়িহে গৈছিল। পাছত তেওঁ ধ্যান দিলে যে আন ভাই-ভনীসকলে কেনেদৰে চিন্তা কৰে। তেওঁলোকে এয়া নাভাবে যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নহʼব, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সকলো কথা যিহোৱাৰ ওপৰত এৰি দিলে। এনে কৰাৰ বাবে তেওঁলোকৰ চিন্তা কম হʼল। আন্দ্ৰেও এইদৰে কৰিবলৈ আৰু সকলো কথা যিহোৱাৰ ওপৰত এৰি দিবলৈ চিন্তা কৰিলে। এইদৰে কৰি তেওঁ “ঈশ্বৰৰ শান্তি” পালে। আজিও আন্দ্ৰেৰ ওপৰত বহুতো সমস্যা আহে, কিন্তু তেওঁ আনন্দত আছে। আমিও সমস্যাৰ সময়ত শান্ত হৈ থাকিব পাৰিম। যীচুৱেও কেছিল যে তাড়নাৰ সত্ত্বেও আমি বিশ্বাসী হৈ থাকিব পাৰিম।—যোহন ১৫:২০; ১৬:৩৩ পঢ়ক।

১৬. আমি থকা ঠাইত আমাৰ কামক নিষেধ কৰিলে, আমি কি কি কথা মনত ৰখা উচিত?

১৬ আপুনি থকা এলেকাত যদি আমাৰ কামক নিষেধ কৰা হয়, তেনেহʼলে শাখা কাৰ্য্যালয় আৰু প্ৰাচীনসকলে আপোনাক মাজে-সময়ে নিৰ্দেশনা দি থাকিব। তেওঁলোকে এই নিৰ্দেশনাবোৰ দিয়াৰ কাৰণ হৈছে আমি যাতে সুৰক্ষিত হৈ থাকিব পাৰোঁ, প্ৰকাশনবোৰ পাই থাকিব পাৰোঁ আৰু সাৱধানেৰে প্ৰচাৰ কাম কৰি থাকিব পাৰোঁ। তেওঁলোকে দিয়া নিৰ্দেশনাবোৰ বুজি নাপালেও পালন কৰি থাকক। (যাকো. ৩:১৭) এনে কোনো ব্যক্তিক আমাৰ ভাই-ভনী আৰু মণ্ডলীৰ বিষয়ে তথ্য নিদিব, যিসকলক ইয়াৰ বিষয়ে জনাৰ কোনো অধিকাৰ নাই।—উপ. ৩:৭.

সমস্যাৰ সময়ছোৱাতো আপুনি শান্তি কেনেকৈ পাব পাৰে? (অনুচ্ছেদ ১৭ চাওক) e

১৭. পাঁচনিসকলৰ দৰে আমি কি কৰি থাকিম?

১৭ আমি ‘যীচুৰ বিষয়ে সাক্ষ্য’ দিবলৈ সুযোগ পাইছোঁ। সেই কাৰণে চয়তানে আমাৰ লগত যুদ্ধ কৰি থাকে। (প্ৰকা. ১২:১৭) কিন্তু আমি চয়তান আৰু তাৰ দুষ্ট জগতক ভয় কৰাৰ প্ৰয়োজন নাই। বিৰোধৰ সত্ত্বেও প্ৰচাৰ কৰি থাকক আৰু আনক শিকাই থাকক। এনে কৰিলে আপুনি মনৰ শান্তি আৰু আনন্দ লাভ কৰিব। প্ৰথম শতিকাতো যিহূদী মহাসভাই পাঁচনিসকলক প্ৰচাৰ কাম বন্ধ কৰিবলৈ কৈছিল। কিন্তু পাঁচনিসকলে তেওঁলোকৰ কথা শুনাৰ পৰিৱৰ্তে ঈশ্বৰৰ আজ্ঞা পালন কৰিলে আৰু প্ৰচাৰ কৰি থাকিল। এইদৰে কৰাৰ বাবে তেওঁলোকে আনন্দ লাভ কৰিলে। (পাঁচ. ৫:২৭-২৯, ৪১, ৪২) অৱশ্যে, আমাৰ কামক যেতিয়া নিষেধ কৰা হয়, তেতিয়া আমি সাৱধানেৰে প্ৰচাৰ কৰিমেই। (মথি ১০:১৬) কিন্তু আমি যিমান পাৰোঁ সিমান প্ৰচাৰ কৰিলে, আমি মনত শান্তি পাম। কাৰণ আমি যিহোৱাক আনন্দিত কৰি আছোঁ আৰু এই কামটো জীৱন বচোৱা কাম হয়।

‘শান্তিৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব’

১৮. কোনে আমাক প্ৰকৃত শান্তি দিব পাৰে?

১৮ বিশ্বাস ৰাখক যে কঠিন পৰিস্থিতিতো আমি শান্ত হৈ থাকিব পাৰিম। এনে পৰিস্থিতিত আমাক ঈশ্বৰৰ শান্তিৰ প্ৰয়োজন হয়, যি কেৱল যিহোৱাইহে দিব পাৰে। যেতিয়া আপুনি বেমাৰ, দুৰ্যোগ বা তাড়নাৰ সন্মুখীন হয়, তেতিয়া যিহোৱাৰ ওপৰত ভৰসা ৰাখক। সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰক আৰু ভাই-ভনীসকলৰ কাষত থাকক। যিহোৱাই আপোনাক যি ভাল জীৱন দিবলৈ প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে ভাবি থাকক। এনে কৰিলে ‘শান্তিৰ ঈশ্বৰ’ আপোনাৰ লগত থাকিব। (ফিলি. ৪:৯) আপোনাৰ নিচিনা আন ভাই-ভনীসকলেও বহুতো সমস্যাৰ সন্মুখীন হৈ আছে। তেওঁলোকক আপুনি কেনেকৈ সহায় কৰিব পাৰে, যাতে তেওঁলোকে “ঈশ্বৰৰ শান্তি” পাব পাৰে। ইয়াৰ বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।

গীত ৩৮ তেওঁ আপোনাক দৃঢ় কৰিব

a যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যিসকল লোকে তেওঁক প্ৰেম কৰে, তেওঁ তেওঁলোকক শান্তি দিব। এই লেখত আমি শিকিম যে “ঈশ্বৰৰ শান্তি” কি আৰু ইয়াক আমি কেনেকৈ পাব পাৰোঁ? আমি এয়াও শিকিম যে ঈশ্বৰৰ এই শান্তিয়ে বেমাৰ বিয়পাৰ সময়ত, দুৰ্যোগ আৰু তাড়নাৰ সন্মুখীন হোৱাৰ সময়ত আমাক কেনেকৈ সহায় কৰিব পাৰে।

b কিছুমান নাম সলনি কৰা হৈছে।

c ২০১৭ চনৰ সচেতন থাকক! (হিন্দী) নং ৫-ত দিয়া “দুৰ্যোগ আহিলে—কিছুমান পদক্ষেপ লওক আৰু জীৱন বচাওক” নামৰ লেখ পঢ়ক।

d ছবিৰ বিষয়ে: এজনী ভনীয়ে আগতীয়াকৈ তৈয়াৰী কৰি ৰখাৰ বাবে প্ৰয়োজনৰ সময়ত লগে লগে ঘৰৰ পৰা ওলাব পাৰিলে।

e ছবিৰ বিষয়ে: এজন ভাই এনে এখন এলেকাত থাকে, যʼত আমাৰ কামক নিষেধ কৰা হৈছে। তেওঁ সাৱধানেৰে প্ৰচাৰ কৰি আছে।