অধ্যয়নৰ লেখ ৫২
সমস্যাৰ সময়ত আনক সহায় কৰক
“তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, উপকাৰ কৰিব লগীয়াক উপকাৰ নকৰাকৈ নাথাকিবা।”—হিতো. ৩:২৭.
গীত ১০৩ মেৰৰখীয়া, মানুহৰ ৰূপত বৰ
লেখৰ এক আভাস a
১. যেতিয়া যিহোৱাৰ উপাসকে সহায়ৰ বাবে তেওঁলৈ প্ৰাৰ্থনা কৰে, তেতিয়া প্ৰায়ে যিহোৱাই তেওঁক কেনেকৈ সহায় কৰে?
যেতিয়া যিহোৱাৰ কোনো সেৱকে সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰে, তেতিয়া যিহোৱাই আপোনাৰ যোগেদি তেওঁক সহায় কৰিব পাৰে বুলি আপুনি জানেনে? আপুনি প্ৰাচীনে হওক বা পৰিচাৰক, অগ্ৰগামী সেৱকে হওক বা প্ৰচাৰক, ডেকাই হওক বা বৃদ্ধ, ভাই হওক বা ভনী, আপোনাক যিহোৱাই নিজৰ কামত ব্যৱহাৰ কৰিব পাৰে। যিসকলে সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰে, তেওঁলোকক যিহোৱাই প্ৰায়ে প্ৰাচীন আৰু নিজৰ বিশ্বাসী লোকসকলৰ জৰিয়তে “শান্ত্বনা” দিয়ে। (কল. ৪:১১, NW) এয়া কিমান সন্মানৰ বিষয় যে যিহোৱাই আমাক ভাই-ভনীসকলক সহায় কৰিবলৈ ব্যৱহাৰ কৰে, বিশেষকৈ যেতিয়া তেওঁলোকে বেমাৰ, দুৰ্যোগ আৰু তাড়নাৰ সন্মুখীন হয়।
বেমাৰ বিয়পাৰ সময়ত
২. বেমাৰ বিয়পাৰ সময়ত ভাই-ভনীসকলক সহায় কৰাটো কিয় কঠিন হʼব পাৰে?
২ বেমাৰ বা মহামাৰী বিয়পিলে ভাই-ভনীসকলক সহায় কৰাটো আমাৰ বাবে কঠিন হৈ পৰে। যেনে, আমি ভাই-ভনীসকলক লগ কৰিব বিচাৰোঁ আৰু এনে পৰিয়ালক আহাৰ খাবলৈ মাতিব বিচাৰোঁ, যিসকলৰ টকা-পইচাৰ অভাৱ হৈছে। কিন্তু মহামাৰীৰ বাবে এনে কৰাটো আমাৰ বাবে কঠিন হয়। হয়তো আমি আন ভাই-ভনীসকলক সহায় কৰিব বিচাৰোঁ, কিন্তু আমাৰ টকা-পইচাৰ অভাৱ আৰু ঘৰৰ সদস্যৰ বেমাৰ হোৱাৰ বাবে এনে কৰাটো কঠিন হʼব পাৰে। তথাপি আমি যিমান পাৰোঁ সিমান কৰিবলৈ যেতিয়া চেষ্টা কৰোঁ, তেতিয়া এয়া চাই যিহোৱা বৰ আনন্দিত হয়। (হিতো. ৩:২৭; ১৯:১৭) গতিকে আমি নিজৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ?
৩. আমি ভনী ডেজীৰ মণ্ডলীৰ প্ৰাচীনসকলৰ পৰা কি শিকিব পাৰোঁ? (যিৰিমিয়া ২৩:৪)
৩ প্ৰাচীনসকলে কি কৰিব পাৰে? যদি আপুনি এজন প্ৰাচীন হয়, তেনেহʼলে নিজৰ মেৰসকলৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। (যিৰিমিয়া ২৩:৪ পঢ়ক।) মন কৰক আগৰ লেখত উল্লেখ কৰা ভনী ডেজীয়ে ইয়াৰ বিষয়ে কি কৈছে, তেওঁ এইদৰে কৈছে, “আমাৰ প্ৰচাৰ সমূহত যিজন প্ৰাচীন আছিল, তেওঁ আমাৰ সকলোৰে লগত মিলি প্ৰচাৰ কৰিছিল আৰু তেওঁ আমাৰ লগত মিলি আনন্দ ফুৰ্তিও কৰিছিল।” b ভনী ডেজীৰ মণ্ডলীৰ প্ৰাচীনসকলে ভাই-ভনীসকলৰ লগত সংগতি কৰিছিল আৰু তেওঁলোকৰ লগত সময় অতিবাহিত কৰিছিল। সেইবাবে, যেতিয়া কভিড মহামাৰী বিয়পিছিল আৰু ভনী ডেজীয়ে নিজৰ পৰিয়ালৰ কিছুমান লোকক মৃত্যুত হেৰুৱাইছিল, তেতিয়া তেওঁলোকে ভনীক আৰু ভালদৰে সহায় কৰিব পাৰিলে।
৪. ভনী ডেজীৰ মণ্ডলীৰ প্ৰাচীনসকলে তেওঁক কিয় সহায় কৰিব পাৰিলে আৰু ইয়াৰ পৰা প্ৰাচীনসকলে কি শিকিব পাৰে?
৪ ভনী ডেজীয়ে কৈছে, “মণ্ডলীৰ প্ৰাচীনসকল মোৰ বন্ধুৰ নিচিনা আছিল। সেইবাবে, মই তেওঁলোকক মন খুলি কৈছিলোঁ যে মই কেনে অনুভৱ কৰিছোঁ আৰু মোক কি কথাই চিন্তিত কৰিছে।” প্ৰাচীনসকল, কোনো সমস্যা অহালৈকে ৰৈ নাথাকিব। তাৰ পৰিৱৰ্তে আগৰে পৰা নিজৰ মেৰবিলাকক ভালদৰে জানিবলৈ আৰু তেওঁলোকৰ বন্ধু হʼবলৈ চেষ্টা কৰক। বেমাৰ বা মহামাৰীৰ বাবে ভাই-ভনীসকলক লগ কৰাটো সম্ভৱ নহʼলে আন উপায়েৰে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰক। ভনী ডেজীয়ে কৈছে, ‘বহু বাৰ একে দিনাখন বহুতো প্ৰাচীনে মোলৈ ফোন আৰু মেছেজ কৰিছিল। তেওঁলোকে মোক বেলেগ বেলেগ শাস্ত্ৰ পদৰ বিষয়ে কৈছিল। মই সেই শাস্ত্ৰ পদবোৰ আগতে বহু বাৰ পঢ়িছিলোঁ। কিন্তু সেইবোৰ আকৌ পঢ়ি মই সাহস লাভ কৰিলোঁ।’
৫. ভাই-ভনীসকলক কিহৰ প্ৰয়োজন আছে, তাৰ বিষয়ে প্ৰাচীনসকলে কেনেকৈ জানিব পাৰে আৰু তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে?
৫ ভাই-ভনীসকলক কি বস্তুৰ প্ৰয়োজন আছে, তাক জানিবলৈ তেওঁলোকক প্ৰশ্ন সোধক। কিন্তু এনে প্ৰশ্ন নুসুধিব, যাৰ বাবে তেওঁলোকে দুখ অনুভৱ কৰিব পাৰে। (হিতো. ২০:৫) আপুনি তেওঁলোকক সুধিব পাৰে যে তেওঁলোকৰ ওচৰত খাবলৈ আহাৰ, দৰৱ আৰু প্ৰয়োজনীয় বস্তুবোৰ আছেনে? অথবা তেওঁলোকে নিজৰ চাকৰি হেৰুৱাই দিয়াৰ সম্ভাৱনাতো নাই বা ঘৰৰ ভাড়া দিবলৈ তেওঁলোকৰ ওচৰত পইচা আছে নে নাই। যদি চৰকাৰে এনে লোকসকলৰ অভাৱ পূৰ কৰিবলৈ কিবা ব্যৱস্থা কৰিছে, তেনেহʼলে আপুনি ভাই-ভনীসকলক সুধিব পাৰে যে এনে ব্যৱস্থাৰ পৰা লাভৱান হʼবলৈ তেওঁলোকক কিবা সহায়ৰ প্ৰয়োজন আছেনে। ভাই-ভনীসকলে ভনী ডেজীৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিলে। প্ৰাচীনসকলেও তেওঁৰ প্ৰতি বহুত প্ৰেম দেখুৱালে আৰু বহুতো শাস্ত্ৰ পদবোৰ দেখুৱালে, যাৰ যোগেদি তেওঁ এই সমস্যা সহজভাৱে পাৰ কৰিবলৈ সহায় পালে। তেওঁ এইদৰে কৈছে, “বহু বাৰ প্ৰাচীনসকলে মোৰ লগত প্ৰাৰ্থনাও কৰিছিল। তেওঁলোকে প্ৰাৰ্থনাত কি কি কʼলে মোৰ মনত নাই, কিন্তু মই কেনে অনুভৱ কৰিছিলোঁ, সেয়া মোৰ এতিয়াও মনত আছে। মই সেই সময়ত এনে অনুভৱ কৰিছিলোঁ যেন যিহোৱাই মোক কৈ আছে, ‘মই তোমাৰ লগতে আছোঁ।’”—যিচ. ৪১:১০, ১৩.
৬. আনক সহায় কৰিবলৈ মণ্ডলীৰ ভাই-ভনীসকলে কি কৰিব পাৰে? (ছবিখন চাওক।)
৬ আন ভাই-ভনীসকলে কি কৰিব পাৰে? প্ৰাচীনসকলে ভাই-ভনীসকলৰ যত্ন লোৱাটো আমি সকলোৱে আশা কৰোঁ। কিন্তু যিহোৱাই আমাক সকলোকে উৎসাহিত কৰে যে আমি ইজনে-সিজনক সহায় কৰোঁ আৰু উৎসাহিত কৰোঁ। (গালা. ৬:১০) যদি কোনো ভাই বা ভনীৰ বেমাৰ হৈছে, তেনেহʼলে আমি কি কৰিব পাৰোঁ? সৰু লʼৰা-ছোৱালীয়ে তেওঁলোকৰ বাবে কাৰ্ড বা ড্ৰইং বনাই দিব পাৰে। ডেকা ভাই-ভনীসকলে তেওঁলোকৰ বাবে বজাৰ কৰি দিব পাৰে আৰু লগতে ঘৰৰ কাম কৰি তেওঁলোকক সহায় কৰিব পাৰে। ইয়াৰ লগতে আমি তেওঁলোকৰ আহাৰৰ ব্যৱস্থাও কৰি দিব পাৰোঁ। এই সকলো হয়তো সৰু কথা যেন লাগিব পাৰে কিন্তু ইয়াৰ যোগেদি তেওঁলোকে উৎসাহিত হয়। আমি বেমাৰ হওঁ বা নহওঁ, মহামাৰীৰ সময়ছোৱাত আমাক সকলোকে উৎসাহৰ বৰ প্ৰয়োজন হয়। সেইবাবে, ৰাজ্যগৃহতে হওক বা ভিডিঅʼ কʼনফ্ৰেন্সিঙৰ জৰিয়তে হওক, সভাৰ পাছত কিছু সময় ৰৈ ভাই-ভনীসকলৰ লগত কথা পাতক। প্ৰাচীনসকলকো উৎসাহৰ প্ৰয়োজন হয় আৰু বেমাৰ বিয়পিলে তেওঁলোকৰ কাম আৰু বাঢ়ি যায়। সেইবাবে, কিছুমান ভাই-ভনীয়ে তেওঁলোকক ধন্যবাদ কʼবলৈ মেছেজ বা কাৰ্ড দিয়ে। গতিকে আহক আমি ‘ইজনে সিজনক উৎসাহ দিওঁ আৰু ইজনে সিজনক দৃঢ় কৰোঁ।’—১ থিচ. ৫:১১ NW.
দুৰ্যোগৰ সময়ত
৭. দুৰ্যোগ আহিলে কি কি হʼব পাৰে?
৭ দুৰ্যোগ আহিলে সকলো সলনি হৈ যায়। আমি নিজৰ ঘৰ, বস্তু হেৰুৱাবলগীয়া হʼব পাৰে বা আমাৰ আপোনজনাৰো মৃত্যু হʼব পাৰে। এই দুৰ্যোগ অকল জগতৰ লোকসকলৰ ওপৰত আহে এনে নহয়। এয়া যিহোৱাৰ লোকসকলৰ ওপৰতো আহে। যদি এনে হয়, তেতিয়া আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ?
৮. দুৰ্যোগ অহাৰ আগতেই প্ৰাচীন আৰু পৰিয়ালৰ মুৰব্বীয়ে কি কৰিব পাৰে?
৮ প্ৰাচীনসকলে কি কৰিব পাৰে? প্ৰাচীনসকল, দুৰ্যোগ অহাৰ আগতেই ভাই-ভনীসকলক প্ৰস্তুত কৰক। দুৰ্যোগ আহিলে কি কৰিব লাগে, তাৰ বিষয়ে ভাই-ভনীসকলক আগতীয়াকৈ কৈ থওক আৰু এনে পৰিস্থিতিত আপোনাক যোগাযোগ কৰিবলৈ কওক। আগৰ লেখত উল্লেখ কৰা ভনী মাৰ্গেটে এইদৰে কৈছে, “মণ্ডলীৰ প্ৰয়োজনীয়তা ভাগত প্ৰাচীনসকলে আমাক কৈছিল যে বনজুই লগাৰ সম্ভাৱনা এতিয়াও কম হোৱা নাই। যদি অধিকাৰীসকলে সেই ঠাই খালী কৰি তাৰ পৰা ওলাই যাবলৈ কয় আৰু যদি আমাক লাগে যে বিপদ বাঢ়ি গৈছে, তেনেহʼলে তাৰ পৰা অতি সোনকালে ওলাই যোৱা উচিত।” প্ৰাচীনসকলে ভাই-ভনীসকলক উচিত পৰামৰ্শ দিলে। কাৰণ তাৰ পাঁচ সপ্তাহৰ পাছত বনজুই লাগিছিল আৰু বহুতো লোকক নিজৰ ঠাই এৰি তাৰ পৰা ওলাবলগীয়া হৈছিল। যদি আপুনি পৰিয়ালৰ মুৰব্বী হয়, তেনেহʼলে পাৰিবাৰিক উপাসনাৰ সময়ত এই বিষয়ে কথা পাতক যে যদি দুৰ্যোগ আহে, তেনেহʼলে প্ৰতিজনে কি কৰিব। এইদৰে আপুনি আৰু আপোনাৰ লʼৰা-ছোৱালীয়ে দুৰ্যোগ আহিলেও ভয় নকৰি শান্ত হৈ থাকিব।
৯. দুৰ্যোগ অহাৰ আগতে আৰু পাছত প্ৰাচীনসকলে কি কৰিব পাৰে?
৯ যদি আপুনি এজন সমূহ অধ্যক্ষ হয়, তেতিয়া হʼলে দুৰ্যোগ অহাৰ আগতে নিজৰ সমূহৰ প্ৰতিজন ভাই-ভনীৰ ফোন নম্বৰ আৰু ঠিকনা লিখি ৰাখক। আপুনি ইয়াৰ এটা লিষ্ট বনাব পাৰে আৰু কোনো ভাই বা ভনীৰ নম্বৰ আৰু ঠিকনা সলনিতো হোৱা নাই, তাকো মাজে-সময়ে চাব পাৰে। এইদৰে কৰিলে দুৰ্যোগ অহাৰ সময়ত আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু তেওঁলোকক কিহৰ প্ৰয়োজন আছে, তাকো জানিব পাৰিব। আপুনি এই বিষয়ে গম পালে লগে লগে মণ্ডলীৰ প্ৰাচীন গোষ্ঠীৰ সমপদস্থ ভাইক জনাওক আৰু তেওঁ এই বিষয়ে চাৰ্কিট ওভাৰচিয়াৰক জনাব। এইদৰে মিলি কাম কৰিলে, এই ভাইসকলে সকলোকে সহায় আগবঢ়াব পাৰিব। এই বিষয়ে ধ্যান দিয়ক যেতিয়া ভনী মাৰ্গেটৰ এলেকাত বনজুই লাগিল, তেতিয়া প্ৰাচীনসকলে কেনেকৈ ভাই-ভনীসকলক সহায় কৰিলে। তেওঁলোকে লগে লগে সকলোকে ফোন কৰিলে আৰু ইয়াৰ বিষয়ে তেওঁলোকে চাৰ্কিট ওভাৰচিয়াৰক জনালে। প্ৰায় ৪৫০ জন ভাই-ভনীক নিজৰ ঘৰ এৰি যাবলগীয়া হʼল। তেওঁলোকৰ চাৰ্কিট ওভাৰচিয়াৰে প্ৰাচীনসকলৰ লগত একেৰাহে যোগাযোগ কৰি আছিল, যাতে সকলো ভাই-ভনীৰ কাৰণে থকাৰ ব্যৱস্থা কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকে ৩৬ ঘন্টালৈকে শুব নাপালে। (২ কৰি. ১১:২৭) অৱশেষত সকলো ভাই-ভনীৰ থকাৰ ব্যৱস্থা কৰা হʼল।
১০. প্ৰাচীনসকলে মেৰ পালকৰ সাক্ষাৎ কিয় কৰে? (যোহন ২১:১৫)
১০ দুৰ্যোগ অহাৰ সময়ত প্ৰাচীনসকলে ভাই-ভনীসকলৰ বাবে বিশেষকৈ কাপোৰ, থকাৰ ঠাই আৰু খোৱা বস্তু আছে নে নাই তাৰ প্ৰতি ধ্যান দিয়ে। তেওঁলোকে ভাই-ভনীসকলক বাইবেলৰ পৰা শান্ত্বনা দিয়ে আৰু দুখত থকা লোকসকলক উৎসাহিত কৰে। (১ পিত. ৫:২) দুৰ্যোগ অহাৰ বহু মাহ পাছতো তেওঁলোকক শান্তনা আৰু উৎসাহৰ প্ৰয়োজন হয়। (যোহন ২১:১৫ পঢ়ক।) ধ্যান দিয়ক এই বিষয়ে শাখা সমিতিৰ সদস্য ভাই হেৰল্ডে কি কৈছে। তেওঁ দুৰ্যোগৰ সন্মুখীন বহুতো ভাই-ভনীক লগ কৰিছিল। তেওঁ এইদৰে কৈছে, ‘ভাই-ভনীসকলক এই দুখৰ পৰা ওলাই আহিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। তেওঁলোকৰ জীৱন আগৰ নিচিনা হʼব পাৰে কিন্তু দুৰ্যোগত তেওঁলোকে যি ভুগিছে, যেনে: তেওঁলোকে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছে বা মূল্যৱান সামগ্ৰী হেৰুৱাইছে বা দুৰ্যোগৰ সময়ত তেওঁলোকৰ জীৱন যেনে তেনে ৰক্ষা পৰিল, অতীতৰ সেই কথাক লৈ তেওঁলোকে আকৌ চিন্তিত হʼব পাৰে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁলোকৰ বিশ্বাস দুৰ্বল হয়, কাৰণ তেওঁলোকেও দেখোন মানুহ হয়।’
১১. প্ৰাচীনসকলে পৰিয়ালবোৰক কেনেকৈ সহায় কৰিব পাৰে?
১১ প্ৰাচীনসকলে বাইবেলত লিখা এই কথা পালন কৰিব লাগে: “যিবিলাকে ক্ৰন্দন কৰে; তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা।” (ৰোম. ১২:১৫) দুৰ্যোগৰ সন্মুখীন হোৱা ভাই-ভনীসকলক প্ৰাচীনসকলে আশ্বাস দিব লাগে যে যিহোৱাই আৰু ভাই-ভনীসকলে এতিয়াও তেওঁলোকক বহুত প্ৰেম কৰে। সকলো পৰিয়ালে যাতে উপাসনাৰ লগত জড়িত কামবোৰত লাগি থাকে, তাৰ বাবে প্ৰাচীনসকলে তেওঁলোকক উৎসাহিত কৰিব পাৰে। যেনে, প্ৰাৰ্থনা কৰা, অধ্যয়ন কৰা, সভাত উপস্থিত হোৱা আৰু প্ৰচাৰত ভাগ লোৱা। প্ৰাচীনসকলে সকলো পিতৃ-মাতৃক কোৱা উচিত যে তেওঁলোকে নিজৰ সন্তানক মনত পেলাই দিয়া উচিত যে দুৰ্যোগৰ বাবে তেওঁলোকে সকলো বস্তু হেৰুৱাই দিয়া নাই। এতিয়াও তেওঁলোকৰ ওচৰত কিছুমান বস্তু আছে, যাক দুৰ্যোগে তেওঁলোকৰ পৰা কাঢ়ি লʼব নোৱাৰে। যেনে, মা-দেউতাকে নিজৰ লʼৰা-ছোৱালীক কʼব পাৰে যে যিহোৱা এতিয়াও তেওঁলোকৰ বন্ধু হয় আৰু সদায় কাললৈকে তেওঁলোকৰ লগত থাকিব। তেওঁলোকে এয়াও কʼব পাৰে যে গোটেই বিশ্বজুৰিত তেওঁলোকৰ এটা ডাঙৰ পৰিয়াল আছে আৰু তেওঁলোকে তেওঁলোকক বহুত প্ৰেম কৰে আৰু যিকোনো পৰিস্থিতিত তেওঁলোকক সহায় কৰিবলৈ সাজু থাকে।—১ পিত. ২:১৭.
১২. আন ভাই-ভনীসকলে দুৰ্যোগ আহিলে কি কৰিব পাৰে? (ছবিখন চাওক।)
১২ আন ভাই-ভনীসকলে কি কৰিব পাৰে? যদি আপোনাৰ এলেকাৰ ওচৰত দুৰ্যোগ হৈছে, তেতিয়া আপুনি প্ৰাচীনক সুধিব পাৰে যে আপুনি কেনেকৈ সহায় কৰিব পাৰে। হয়তো আপুনি সেই ভাই-ভনীসকলক নিজৰ ঘৰত থাকিবলৈ ঠাই দিব পাৰে, যিসকলে দুৰ্যোগৰ কাৰণে নিজৰ ঘৰ এৰি আহিছে। ইয়াৰ লগতে নিৰ্মাণ কামৰ বাবে আপোনাৰ এলেকাত অহা ভাই-ভনীসকলকো নিজৰ ঘৰত ঠাই দিব পাৰে। হয়তো আপুনি তেওঁলোকৰ বাবে খোৱা বস্তু বা আন প্ৰয়োজনীয় বস্তু যোগান ধৰাত সহায় কৰিব পাৰে। কিন্তু দুৰ্যোগ এনে এলেকাত আহিছে, যি আপোনাৰ ঘৰৰ পৰা বহুত দূৰত আছে, তেতিয়া আপুনি সেই ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে। (২ কৰি. ১:৮-১১) সাহায্য কামত সহযোগ কৰিবলৈ আপুনি গোটেই বিশ্বজুৰিত হৈ থকা কামৰ বাবে দান দিব পাৰে। (২ কৰি. ৮:২-৫) যদি আপুনি তাত গৈ সহায় কৰিব বিচাৰে, তেনেহʼলে প্ৰাচীনসকলৰ লগত কথা পাতক। যদি আপোনাক তাত মতা হয়, তেনেহʼলে ভাইসকলে আপোনাক ট্ৰেইনিং দিব, যাতে আপুনি আৰু বেছিকৈ সহায় আগবঢ়াব পাৰে।
তাড়নাৰ সন্মুখীন হোৱাৰ সময়ত
১৩. যিবোৰ দেশত আমাৰ কাম নিষেধ কৰা হৈছে, তাত থকা ভাই-ভনীসকলে কি কি সমস্যাৰ সন্মুখীন হৈছে?
১৩ যিবোৰ দেশত আমাৰ কামক নিষেধ কৰা হৈছে, তাত থকা ভাই-ভনীসকলেও বহুতো সমস্যা সন্মুখীন হয়। গোটেই বিশ্বজুৰিত থকা আন ভাই-ভনীসকলৰ নিচিনা তেওঁলোকৰো টকা-পইচাৰ অভাৱ হয়, বেমাৰত ভুগে আৰু মৃত্যুত আপোনজনাক হেৰুৱাই। কিন্তু নিষেধ থকাৰ বাবে প্ৰাচীনসকলে তেওঁলোকক সহজতে লগ কৰি কথা পাতিব নোৱাৰে। আগৰ লেখত উল্লেখ কৰা ভাই আন্দ্ৰেৰ লগতো এইদৰেই হৈছিল। তেওঁলোকৰ প্ৰচাৰ সমূহত এজনী ভনী আছিল, তেওঁৰ টকা-পইচাৰ অভাৱ হোৱাৰ লগতে এক্সিডেন্টও হৈছিল। ডাক্তৰে কʼলে যে তেওঁৰ বহুতো অপাৰেশ্বন কৰিব লাগিব আৰু এতিয়াৰ পৰা তেওঁ কোনো কাম কৰিব নোৱাৰে। নিষেধ আৰু মহামাৰীৰ কাৰণে ভাই-ভনীসকলে তেওঁক সহায় কৰাটো ইমান সহজ নাছিল। কিন্তু যিহোৱাই এই ভনীৰ পৰিস্থিতি চাই আছিল আৰু তেওঁ আন ভাই-ভনীসকলক উৎসাহিত কৰিলে, যাতে তেওঁলোকে এই ভনীক সহায় কৰে।
১৪. সমস্যা অহাৰ সময়ত প্ৰাচীনে কেনেকৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখিব পাৰে?
১৪ প্ৰাচীনসকলে কি কৰিব পাৰে? ভাই আন্দ্ৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু তেওঁ যি পাৰে সেয়া কৰিলে। যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে। যিহোৱাই আন ভাই-ভনীসকলক উৎসাহিত কৰিলে, যাতে তেওঁলোকে এই ভনীক সহায় কৰিবলৈ আগবাঢ়ি আহে। কিছুমান ভাই-ভনীয়ে তেওঁক ডাক্তৰৰ ওচৰলৈ লৈ গʼল আৰু আন কিছুমানে তেওঁক টকা-পইচা দি সহায় কৰিলে। তেওঁলোকে সাহসেৰে কাম কৰিলে আৰু মিলিজুলি এই ভনীক সহায় কৰিলে। সেইবাবে, যিহোৱাই তেওঁলোকৰ কামত আশীৰ্বাদ দিলে আৰু ভনীৰ সকলো প্ৰয়োজনীয়তা পূৰ হʼল। (ইব্ৰী ১৩:১৬) প্ৰাচীনসকল, যেতিয়া আমাৰ কামক নিষেধ কৰা হয়, তেতিয়া নিজৰ কিছুমান কাম আন ভাই-ভনীসকলক দিয়ক। (যিৰি. ৩৬:৫, ৬) যিহোৱাৰ ওপৰত সম্পূৰ্ণকৈ ভৰসা ৰাখক তেওঁ ভাই-ভনীসকলৰ চোৱা-চিতা কৰিবলৈ আপোনাক নিশ্চয় সহায় কৰিব।
১৫. যদি আমাৰ কামক নিষেধ কৰা হয়, তেন্তে আমাৰ মাজত থকা একতা বজাই ৰাখিবলৈ আমি কি কৰিব লাগিব?
১৫ আন ভাই-ভনীসকলে কি কৰিব পাৰে? আমি থকা ঠাইত যদি আমাৰ কামক নিষেধ কৰা হয়, তেতিয়া সৰু সৰু সমূহত গোট খাবলগীয়া হʼব পাৰে। এনে পৰিস্থিতিত আমি আমাৰ ভাই-ভনীসকলৰ লগত এটা ভাল সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয় হৈ পৰে। আমাৰ যুদ্ধ চয়তানৰ লগত আছে, আমাৰ ভাই-ভনীসকলৰ লগত নহয়। সেইবাবে, যদি কোনো ভাই বা ভনীয়ে এনে কাম কৰে, যি আপোনাক ভাল লগা নাই, তেনেহʼলে এই কথা ধৰি নাৰাখিব বা কোনো ভাই-ভনীৰ লগত কিবা কথাক লৈ আপোনাৰ সমস্যা হৈছে, তেন্তে তাক অতি সোনকালে সমাধান কৰক। (হিতো. ১৯:১১; ইফি. ৪:২৬) নিজে আগবাঢ়ি আহি এজনে-আনজনক সহায় কৰক। (তীত ৩:১৪) আপুনি জানেনে যেতিয়া ভাই-ভনীসকলে সেই এক্সিডেন্ট হোৱা ভনীক সহায় কৰিলে, তেতিয়া কি হʼল? তেওঁলোকে এজনে-আনজনৰ কাষ চাপিল আৰু এটা পৰিয়ালৰ দৰে হৈ পৰিল। ঠিক সেইদৰে আমি এজনে-আনজনক সহায় কৰিলে আমাৰ মাজত প্ৰেম আৰু বাঢ়িব।—গীত. ১৩৩:১.
১৬. যিসকল ভাই-ভনীয়ে তাড়নাৰ সন্মুখীন হৈছে, তেওঁলোকক সহায় কৰিবলৈ কলচীয়া ৪:৩, ১৮ পদে আমাক কেনেকৈ সহায় কৰে?
১৬ আজিও আমাৰ বহুতো ভাই-ভনী এনে দেশত থাকে, যʼত চৰকাৰে আমাৰ কামক নিষেধ কৰিছে। যিহোৱাৰ সেৱা কৰাৰ বাবে বহুতো ভাই-ভনীক জেইলত বন্দী কৰি ৰখা হৈছে। আমি সেই ভাই-ভনী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। c (কলচীয়া ৪:৩, ১৮ পঢ়ক।) আমি সেই ভাই-ভনীসকলৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ, যিসকলে জেইলত থকা ভাই-ভনীক উৎসাহিত কৰে, তেওঁলোকৰ প্ৰয়োজনীয় বস্তু যোগান ধৰে আৰু ন্যায়ালয়ত তেওঁলোকৰ ফলীয়া হৈ মোকদমাত ভাগ লয়। সহায় কৰা এই ভাই-ভনীসকলকো গ্ৰেপ্তাৰ কৰিব পাৰে। তথাপি তেওঁলোকে ভয় নকৰাকৈ সাহসেৰে এই ভাই-ভনীসকলক সহায় কৰে। আপুনি এই ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিলে বা নকৰিলে কোনো প্ৰভাৱ নপৰিব বুলি কেতিয়াও নাভাবিব।—২ থিচ. ৩:১, ২; ১ তীম. ২:১, ২.
১৭. আপুনি তাড়নাৰ সন্মুখীন হʼবলৈ এতিয়াৰে পৰা কেনেকৈ সাজু হʼব পাৰে?
১৭ এতিয়াৰে পৰা আপুনি আৰু আপোনাৰ পৰিয়ালে আহিবলগীয়া তাড়নাৰ সন্মুখীন হʼবলৈ তৈয়াৰী কৰিব পাৰে। (পাঁচ. ১৪:২২) কিন্তু বেয়া বেয়া কথাবিলাক ভাবি নাথাকিব আৰু এয়াও নাভাবিব যে যদি এইদৰে হয়, কি হʼব? তাৰ পৰিৱৰ্তে যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কক মজবুত কৰক। নিজৰ লʼৰা-ছোৱালীকো যিহোৱাৰ কাষত থাকিবলৈ সহায় কৰক আৰু যদি আপুনি বেছিকৈ চিন্তিত হয়, তেনেহʼলে মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক। (গীত. ৬২:৭, ৮) আপুনি নিজৰ পৰিয়ালৰ লগত মিলি কথা পাতক যে আপুনি কিয় যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰে। d যিদৰে দুৰ্যোগ সন্মুখীন হʼবলৈ আপুনি আগতীয়াকৈ তৈয়াৰী কৰে আৰু যিহোৱাৰ ওপৰত ভৰসা কৰে, ঠিক সেইদৰে তাড়নাৰ সন্মুখীন হʼবলৈও আগতীয়াকৈ সাজু হওক। তেতিয়া আপোনাক দেখি আপোনাৰ সন্তানেও সাহসেৰে কাম কৰিব আৰু শান্ত হৈ থাকিব।
১৮. ভৱিষ্যতে যিহোৱাই আমাক কি দিব?
১৮ “ঈশ্বৰৰ শান্তি” থাকিলে আমি সুৰক্ষিত অনুভৱ কৰোঁ। (ফিলি. ৪:৬, ৭) যিকোনো বেমাৰ, দুৰ্যোগ আৰু তাড়না আহিলেও আমাক যিহোৱাই মনৰ শান্তি দিয়ে, প্ৰাচীনৰ যোগেদি আমাক উৎসাহিত কৰে আৰু আমাৰ চোৱা-চিতা কৰে। তেওঁ আমাকো আনক সহায় কৰিবলৈ সুযোগ দিছে। গতিকে আহক আমি এতিয়াৰে পৰা চেষ্টা কৰোঁ, যাতে সমস্যা অহাৰ সময়ত আমি শান্ত হৈ থাকোঁ আৰু আনকো শান্ত হৈ থাকিবলৈ সহায় কৰোঁ। কিয়নো আগলৈ গৈ যেতিয়া ডাঙৰ ডাঙৰ সমস্যা আৰু “মহাক্লেশ” হʼব, তেতিয়া এইদৰে কৰাটো আৰু বেছিকৈ প্ৰয়োজন হʼব। (মথি ২৪:২১) মহাক্লেশৰ পাছত আৰু কেতিয়াও এনেধৰণৰ সমস্যা আমাৰ ওপৰত নাহিব আৰু এনে চিন্তাই আমাক আমনি নকৰিব। সেই সময়ত যিহোৱাৰ উদ্দেশ্য পূৰ হʼব আৰু তেওঁ মানুহক প্ৰকৃত শান্তি দিব, যি সদায় কাললৈকে থাকিব।—যিচ. ২৬:৩, ৪.
গীত ১০৯ হৃদয়েৰে প্ৰেম কৰা
a যিহোৱাৰ সেৱকে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত বহু বাৰ তেওঁসেই সেৱকক আন সেৱকসকলৰ যোগেদি সহায় কৰে। যিহোৱাই আপোনাৰ যোগেদিও ভাই-ভনীসকলৰ উৎসাহ বঢ়ায়। এই লেখত আমি শিকিম যে সমস্যাৰ সময়ত আমি কেনেকৈ নিজৰ ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ।
b কিছুমান নাম সলনি কৰা হৈছে।
c যদি আপুনি জেইলত থকা ভাই বা ভনীক চিঠি লিখিব বিচাৰিছে, তেনেহʼলে সেই চিঠি শাখা কাৰ্য্যালয় বা মূখ্য কাৰ্য্যালয়লৈ নপঠিয়াব। কাৰণ তাৰ পৰা সেই ভাই বা ভনীক চিঠি পঠোৱাৰ কোনো ব্যৱস্থা নাই।
d ২০১৯ চনৰ জুলাই মাহৰ প্ৰহৰীদুৰ্গত (হিন্দী) “আহিবলগীয়া তাড়নাৰ বাবে এতিয়াৰপৰাই প্ৰস্তুতি কৰক” নামৰ লেখটো পঢ়ক।
e ছবিৰ বিষয়ে: দুৰ্যোগ অহাৰ পাছত তম্বুত থকা এটা পৰিয়ালৰ বাবে এহাল দম্পতীয়ে আহাৰ লৈ আনিছে।