আপোনাৰ মনত আছেনে?
আপুনি এই বছৰৰ প্ৰহৰীদুৰ্গ আলোচনী মনোযোগেৰে পঢ়িছে নে? মন কৰক যে আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিছে নে নাই:
“নতুন মন কৰাৰ” অৰ্থ কি? (ৰোম. ১২:২)
‘নতুন মন কৰিবলৈ’ আমি কেৱল সৰু-সুৰা ভাল কাম কৰিলেই নহʼব। আমি অন্তৰৰ পৰা কেনে ব্যক্তি হয়, তাক পৰীক্ষা কৰিব লাগিব আৰু নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব, যাতে আমি যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীয়াই থাকিব পাৰোঁ।—w২৩.০১, পৃষ্ঠা ৮-৯.
জগতত ঘটা ঘটনাবোৰ ধ্যান দিয়াৰ সময়ত আমি কেনেকৈ সচেতন হৈ থাকিব পাৰোঁ?
আমি এই কথাৰ ওপৰত ধ্যান দিওঁ যে পৃথিৱীত ঘটি থকা ঘটনাবোৰৰ পৰা কেনেকৈ বাইবেলৰ ভৱিষ্যবাণীবোৰ পূৰ হৈ আছে। কিন্তু এনে কৰাৰ সময়ত আমি কেতিয়াও অনুমান কৰা উচিত নহয়। কাৰণ এনে কৰিলে মণ্ডলীৰ একতা ভাঙি যাব। আমি যিহোৱাৰ সংগঠনৰ পৰা পোৱা তথ্যবোৰৰ বিষয়ে এজনে-আনজনৰ লগত কথা পতা উচিত। (১ কৰি. ১:১০)—w২৩.০২, পৃষ্ঠা ১৬.
যীচুৰ বাপ্তিষ্মা আৰু তেওঁৰ শিষ্যসকলৰ বাপ্তিষ্মাৰ মাজত কি পাৰ্থক্য আছে?
যীচুৱে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰাৰ প্ৰয়োজন নাছিল, কাৰণ আগৰে পৰা সমৰ্পণ কৰা ৰাষ্ট্ৰত তেওঁৰ জন্ম হৈছিল। তেওঁ পাপৰ বাবে অনুতাপ কৰাৰ প্ৰয়োজন নাছিল, কাৰণ তেওঁ সিদ্ধ আছিল আৰু তেওঁ কোনো পাপ কৰা নাছিল।—w২৩.০৩, পৃষ্ঠা ৫.
বেছিভাগ ভাই-ভনীয়ে যাতে সভাত উত্তৰ দিব পাৰে, তাৰ বাবে আমি কি কৰিব পাৰোঁ?
আমি চুটিকৈ উত্তৰ দিব পাৰোঁ, এইদৰে কৰিলে আনেও উত্তৰ দিবলৈ সুযোগ পাব। আমি যাতে বহুতো বিষয় একেলগে নকওঁ, তাৰ প্ৰতিও ধ্যান দিয়া উচিত। এইদৰে আনেও কিছুমান বিষয় কʼবলৈ সুযোগ পাব।—w২৩.০৪, পৃষ্ঠা ২৩.
যিচয়া ৩৫:৮ পদত যি ‘পবিত্ৰ আলিৰ‘ বিষয়ে কোৱা হৈছে, তাৰ অৰ্থ কি?
প্ৰাচীন সময়ত এই “পবিত্ৰ আলি” সেই পথক চিত্ৰিত কৰিছিল, যাৰ যোগেদি যিহূদীসকলে বাবিলৰ পৰা ইস্ৰায়েললৈ উভতি আহিছিল। বৰ্তমান সময়ত, ১৯১৯ চনৰ বহু শতিকাৰ আগৰে পৰা এই আলি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰা হʼল। যেনে: বাইবেল ছপা কৰা, ইয়াৰ অনুবাদ কৰা আৰু আন বহুতো কাম কৰিবলৈ আৰম্ভ কৰা হʼল। ঈশ্বৰৰ লোকসকলে এই ‘পবিত্ৰ আলিত’ গৈ যিহোৱাৰ উপাসনা কৰি আছে আৰু ভৱিষ্যতে যেতিয়া ঈশ্বৰৰ ৰাজ্য এই পৃথিৱীত আৰম্ভ হʼব, তেতিয়া তেওঁলোকে আৰু বহুতো আশীৰ্বাদ পাব।—w২৩.০৫, পৃষ্ঠা ১৫-১৯.
হিতোপদেশ ৯ অধ্যায়ত কোন দুজনী তিৰোতাৰ বিষয়ে কোৱা হৈছে আৰু তেওঁলোকৰ নিমন্ত্ৰণ স্বীকাৰ কৰিলে কি হয়?
ইয়াত এজনী ‘অজ্ঞানী তিৰোতাৰ’ বিষয়ে কোৱা হৈছে আৰু তাইৰ কথা শুনিলে এজন ব্যক্তি “মৃত্যুৰ ফাললৈ ঢাল” খায়। ইয়াত আৰু এজনী বুদ্ধিমতী তিৰোতাৰ বিষয়ে কোৱা হৈছে, যিয়ে ‘প্ৰজ্ঞাক’ চিত্ৰিত কৰে। যিসকলে প্ৰজ্ঞাৰ মাত শুনে, তেওঁলোকে সদায় “জীৱিত” থাকিব আৰু “সুবুদ্ধিৰ পথত” চলি থাকিব। (হিতো. ৯:১, ৬, ১৩, ১৮)—w২৩.০৬, পৃষ্ঠা ২২-২৪.
যিহোৱাই লোটৰ লগত যিদৰে ব্যৱহাৰ কৰিলে, তাৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱা নম্ৰ হয় আৰু সঠিক চিন্তাধাৰা ৰাখে?
যিহোৱাই লোটক চদোম এৰি পাহাৰীয়া এলেকাত পলাই যাবলৈ নিৰ্দেশনা দিলে। কিন্তু লোটে তাত যোৱাৰ পৰিৱৰ্তে যেতিয়া চোৱৰ নগৰলৈ যাবলৈ অনুৰোধ কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ অনুৰোধ শুনিলে।—w২৩.০৭, পৃষ্ঠা ২১.
যেতিয়া এগৰাকী তিৰোতাৰ স্বামীয়ে পৰ্ণগ্ৰাফী চায়, তেতিয়া তেওঁ কি কৰিব পাৰে?
তেওঁ নিজকে দোষ দিয়া উচিত নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁ যিহোৱাৰ লগত নিজৰ সম্পৰ্ক আৰু মজবুত কৰিবলৈ চেষ্টা কৰি থকা উচিত। তেওঁ বাইবেলৰ সেই তিৰোতাসকলৰ ঘটনা পঢ়ি মনন কৰা উচিত, যিসকলে চিন্তিত আছিল, কিন্তু যিহোৱালৈ প্ৰাৰ্থনা কৰি শান্ত্বনা পালে। তেওঁ নিজৰ স্বামীক সহায় কৰিব পাৰে যাতে তেওঁ এনে পৰিস্থিতিত নপৰে, যেতিয়া তেওঁক পৰ্ণগ্ৰাফী চাবলৈ মন যাব পাৰে।—w২৩.০৮, পৃষ্ঠা ১৪-১৭.
আমি যি বিশ্বাস কৰোঁ, তাৰ বিষয়ে যেতিয়া কোনোবাই প্ৰশ্ন কৰে, তেতিয়া গভীৰ বুজা শক্তি থাকিলে আমি কেনেকৈ কোমলতাৰে ব্যৱহাৰ কৰিব পাৰিম?
যেতিয়া কোনোবাই আমাক প্ৰশ্ন কৰে, তেতিয়া আমি ভাবিব পাৰোঁ যে তেওঁৰ মনত কি চলি আছে। তেওঁৰ বাবে কোনবোৰ কথা অৰ্থ ৰাখে। তেতিয়া আমি তেওঁক কোমলতাৰে উত্তৰ দিব পাৰিম।—w২৩.০৯, পৃষ্ঠা ১৭.
সাহস লাভ কৰাৰ বিষয়ে আমি মৰিয়মৰ পৰা কি শিকিব পাৰোঁ?
যেতিয়া মৰিয়মে গম পালে যে তেওঁ এটি সন্তানক জন্ম দিব, যি আগলৈ গৈ মচীহা হʼব, তেতিয়া তেওঁ আনৰ পৰা সহায় লʼলে। গাব্ৰিয়েল স্বৰ্গদূত আৰু এলীচাবেতৰ লগত কথা পাতি তেওঁ বহুত সাহস পালে আৰু যিহোৱা তেওঁৰ লগত আছে বুলি বিশ্বাস হʼল। মৰিয়মৰ দৰে আপুনিও ভাই-ভনীসকলৰ পৰা সাহস লাভ কৰিব পাৰে।—w২৩.১০, পৃষ্ঠা ১৫.
যিহোৱাই হয়তো কেনেকৈ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব পাৰে?
যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব। তেওঁ এই কথাৰ ওপৰতো ধ্যান দিয়ে যে আমাৰ প্ৰাৰ্থনা তেওঁৰ উদ্দেশ্যৰ লগত কেনেকৈ জড়িত আছে। বহু বাৰ তেওঁ হয়তো একেধৰণৰ প্ৰাৰ্থনাৰ উত্তৰ বেলেগ বেলেগ উপায়েৰে দিব পাৰে। কিন্তু তেওঁ আমাক নিশ্চয় সহায় কৰিব।—w২৩.১১, পৃষ্ঠা ২১-২২.
যদি ৰোমীয়া ৫:২ পদত ‘আশাৰ’ বিষয়ে আগতেই কৈ দিয়া হৈছিল, তেনেহʼলে ৪ পদত আকৌ তাৰ বিষয়ে কিয় কোৱা হৈছিল?
শুভবাৰ্তা শুনিলে আৰু তাক গ্ৰহণ কৰিলে এজন ব্যক্তিয়ে পৃথিৱীৰ প্ৰমোদবনত জীয়াই থকাৰ আশা পায়। কিন্তু যেতিয়া তেওঁৰ ওপৰত দুখ-কষ্ট আহে আৰু তেওঁ ধৈৰ্য্যেৰে সেইবোৰ সন্মুখীন কৰে, তেতিয়া তেওঁ যিহোৱাৰ অনুমোদন পায় আৰু তেওঁৰ আশা আৰু দৃঢ় হৈ যায় আৰু এয়া তেওঁৰ বাবেও মূল্যৱান হৈ পৰে।—w২৩.১২, পৃষ্ঠা ১২-১৩.