Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫১

আমাৰ আশা কল্পনা নহয়!

আমাৰ আশা কল্পনা নহয়!

“আশাই আমাক নিৰাশ হʼবলৈ নিদিয়ে।”—ৰোম. ৫:৫, NW.

গীত ১৪২ নিজৰ আশাক দৃঢ়তাৰে ধৰি ৰাখক

লেখৰ এক আভাস a

১. অব্ৰাহামে কিয় এটা সন্তানৰ আশা ৰাখিব পাৰিলে?

 যিহোৱাই নিজৰ বন্ধু অব্ৰাহামক এটা প্ৰতিজ্ঞা কৰিছিল। তেওঁ কৈছিল যে অব্ৰাহামৰ বংশৰ যোগেদি পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব। (আদি. ১৫:৫; ২২:১৮) অব্ৰাহামৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ ভৰসা আছিল। সেইবাবে, ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ কৰিব বুলি তেওঁৰ বিশ্বাস আছিল। কিন্তু অব্ৰাহামৰ বয়স ১০০ আৰু তেওঁৰ পত্নী চাৰাৰ বয়স ৯০ বছৰ হোৱাৰ পাছতো তেওঁলোকৰ কোনো সন্তান জন্ম হোৱা নাছিল। (আদি. ২১:১-৭) তথাপি অব্ৰাহামৰ যি আশা আছিল, তাৰ বাবে “তেওঁ অনেক জাতিৰ পিতৃ হবলৈ, আশা নোহোৱাতো, আশা কৰি বিশ্বাস কৰিলে।” (ৰোম. ৪:১৮) আমি জানোঁ যে অব্ৰাহামৰ এই আশা পূৰ হʼল। তেওঁলোকৰ সন্তান ইচ্‌হাকৰ জন্ম হʼল, যাৰ বাবে তেওঁলোকে বহু সময়ৰ পৰা আশাৰে বাট চাই আছিল। কিন্তু যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বুলি অব্ৰাহামৰ কিয় বিশ্বাস কৰিছিল?

২. যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বুলি অব্ৰাহামৰ কিয় সম্পূৰ্ণ বিশ্বাস আছিল?

অব্ৰাহামে যিহোৱাৰ বিষয়ে ভালদৰে জানিছিল। সেইবাবে, “ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, তাক তেওঁ সিদ্ধ কৰিব পাৰে বুলি অব্ৰাহামৰ” সম্পূৰ্ণ বিশ্বাস আছিল। (ৰোম. ৪:২০, ২১) অব্ৰাহামৰ ইমান বিশ্বাস থকাৰ বাবে যিহোৱাই তেওঁৰ পৰা আনন্দিত আছিল আৰু তেওঁক ভাল ব্যক্তি বুলি কৈছিল। (যাকো. ২:২৩) যেনে, ৰোমীয়া ৪:১৮ পদৰ পৰা জানিব পাৰি যে অব্ৰাহামৰ যিহোৱাৰ ওপৰত বিশ্বাস আৰু আশা আছিল। এতিয়া আহক পাঁচনি পৌলে ৰোমীয়া ৫ অধ্যায়ত আশাৰ বিষয়ে কি কৈছিল, তাৰ বিষয়ে আলোচনা কৰোঁ।

৩. আশাৰ বিষয়ে পৌলে আৰু কি বুজালে?

পৌলে বুজাইছিল যে আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ যে “আশাই আমাক নিৰাশ হʼবলৈ নিদিয়ে।” (ৰোম. ৫:৫, NW) তেওঁ আমাক এয়াও জনাইছিল যে খ্ৰীষ্টানসকলৰ ওচৰত যি আশা আছে, সেয়া কেনেকৈ আৰু দৃঢ় হʼব পাৰে। গতিকে, আহক ৰোমীয়া ৫:১-৫ পদত পৌলে যিবোৰ কথা কৈছিল তালৈ ধ্যান দিওঁ। এনে কৰাৰ সময়ত আপুনি চিন্তা কৰিব পাৰে যে সময় পাৰ হোৱাৰ লগে লগে আপোনাৰ আশা কেনেকৈ দৃঢ় হৈছে। আমি যি আলোচনা কৰিম তাৰ পৰা আপুনি এয়াও জানিব পাৰিব যে আপুনি নিজৰ আশা কেনেকৈ আৰু দৃঢ় কৰিব পাৰে। আহক, প্ৰথমতে আমি সেই আশাৰ বিষয়ে আলোচনা কৰিম, যিয়ে আমাক নিৰাশ হʼবলৈ নিদিয়ে বুলি পৌলে কৈছিল।

আমাৰ সুন্দৰ আশা

৪. ৰোমীয়া ৫:১, ২ পদত কিহৰ বিষয়ে আলোচনা কৰা হৈছে?

ৰোমীয়া ৫:১, ২ পঢ়ক। পৌলে এই কথাষাৰ ৰোম মণ্ডলীলৈ লিখিছিল। তাত থকা ভাই-ভনীসকলে যিহোৱা আৰু যীচুৰ বিষয়ে শিকিছিল, তেওঁলোকৰ ওপৰত বিশ্বাস কৰিছিল আৰু খ্ৰীষ্টান হৈছিল। ঈশ্বৰে তেওঁলোকৰ বিশ্বাসৰ বাবে তেওঁলোকক ভাল ব্যক্তি বুলি কৈছিল আৰু পবিত্ৰ শক্তিৰে অভিষেক কৰিছিল। এতিয়া তেওঁলোকৰ ওচৰত এটা সুন্দৰ আশা আছিল আৰু এই আশা নিশ্চয় পূৰ হʼব তেওঁলোকে বিশ্বাস ৰাখিব পাৰিছিল।

৫. অভিষিক্ত খ্ৰীষ্টানসকলৰ কি আশা আছে?

পাছত পৌলে যেতিয়া ইফিচত থকা অভিষিক্ত খ্ৰীষ্টানসকললৈ চিঠি লিখিছিল, তেতিয়া তেওঁ এই আশাৰ বিষয়ে কৈছিল। তেওঁ কৈছিল তেওঁলোকে “পবিত্ৰ লোকবিলাৰ” বাবে সাঁচি থোৱা ‘উত্তৰাধিকাৰ’ পাব। (ইফি. ১:১৮) যেতিয়া পৌলে কলচীয়া নামৰ চিঠিখন লিখিছিল, তেতিয়া তেওঁ জনাইছিল যে তেওঁলোকৰ আশা কʼত পূৰ হʼব। পৌলে তেওঁলোকক কৈছিল, ‘তোমালোকৰ নিমিত্তে সাঁচি থোৱা আশা স্বৰ্গত’ পূৰ হʼব। (কল. ১:৩-৫) গতিকে, আমি কʼব পাৰোঁ যে অভিষিক্ত খ্ৰীষ্টানসকলৰ মৃত্যুৰ পাছত তেওঁলোকক আকৌ জীয়াই তুলি স্বৰ্গত জীৱন দিয়া হʼব আৰু তাত তেওঁলোকে মচীহৰ লগত শাসন কৰিব।—১ থিচ. ৪:১৩-১৭; প্ৰকা. ২০:৬.

ভাই ফ্ৰেডৰিক ফ্ৰাঞ্জে কৈছিল যে অভিষিক্ত খ্ৰীষ্টানসকৰ আশা পূৰ হʼব বুলি তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে (অনুচ্ছেদ ৬ চাওক)

৬. এজন অভিষিক্ত ভায়ে নিজৰ আশাৰ বিষয়ে কি কʼলে?

অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ এই আশাৰ বাবে বহুত কৃতজ্ঞ। ইয়াৰে মাজৰ এজন অভিষিক্ত ভাই আছিল ফ্ৰেডৰিক ফ্ৰাঞ্জ। তেওঁ বহু বছৰ ধৰি বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছিল। তেওঁ ১৯৯১ চনত নিজৰ আশাৰ বিষয়ে এইদৰে কৈছিল, “আমাৰ আশা নিশ্চিত আছে। তাকৰ জাকৰ ১,৪৪,০০০ জনৰ ভিতৰত প্ৰতিজনৰে আশা পূৰ হʼব আৰু এয়া ইমান সুন্দকৈ হʼব যাৰ বিষয়ে আমি কল্পনাও কৰিব নোৱাৰোঁ। . . . আমাৰ আশা আজিও আমাৰ বাবে বহুত মূল্যৱান। . . . যিমানে বেছি আমি এই আশা পূৰ হোৱাৰ বিষয়ে অপেক্ষা কৰি আছোঁ, সিমানেই ইয়াৰ বাবে আমাৰ অন্তৰত কৃতজ্ঞতা আৰু বাঢ়ি গৈছে। এই আশা ইমানেই সুন্দৰ যে যদি আমাক ইয়াৰ বাবে লাখ লাখ বছৰ অপেক্ষা কৰিবলগীয়া হয়, তেনেহʼলে আমি আনন্দেৰে অপেক্ষা কৰিম। মই এই আশাৰ বাবে আগতকৈ বেছি কৃতজ্ঞ।”

৭-৮. ঈশ্বৰৰ বেছিভাগ সেৱকৰ কি আশা আছে? (ৰোমীয়া ৮:২০, ২১)

আজি ঈশ্বৰৰ বেছিভাগ সেৱক অভিষিক্ত নহয়, কিন্তু তেওঁলোকৰ ওচৰতো এটা সুন্দৰ আশা আছে। অব্ৰাহামৰ দৰে তেওঁলোকৰো এই পৃথিৱীতে ঈশ্বৰৰ ৰাজ্যত অনন্ত জীৱন জীয়াই থকাৰ আশা আছে। (ইব্ৰী ১১:৮-১০, ১৩) যিসকলৰ ওচৰত এই আশা আছে, তেওঁলোকৰ বিষয়ে পৌলে কৈছিল যে তেওঁলোকৰ ভৱিষ্য সঁচাকৈ সুন্দৰ হʼব। (ৰোমীয়া ৮:২০, ২১ পঢ়ক।) অলপ সময় এই বিষয়ে চিন্তা কৰক, যেতিয়া আপুনি প্ৰথম বাৰ শুনিছিল যে ঈশ্বৰে কি কি কৰিম বুলি প্ৰতিজ্ঞা কৰিছে, তেতিয়া তাৰে মাজত কোনটো কথা আপোনাৰ হৃদয় স্পৰ্শ কৰিছিল। এয়া নে যে এনে এটা আহিব, যেতিয়া আপুনি বেমাৰ নহʼব, বৃদ্ধ নহʼব আৰু আপোনাৰ মৃত্যু কেতিয়াও নহʼব? অথবা আপোনাৰ সেই পৰিয়ালৰ লোক আৰু বন্ধুসকলক আকৌ লগ পাব, যিসকলৰ মৃত্যু হʼল আৰু তেওঁলোকৰ লগত প্ৰমোদবনত অনন্ত জীৱন জীয়াই থাকিব? চিন্তা কৰক, এই আশাৰ বাবে আপুনি আৰু কিমান ভাল ভাল আশীৰ্বাদ পাব।

আমাৰ আশা স্বৰ্গত অনন্ত জীৱন জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, আমাৰ আশা সচাঁকৈ বহুত সুন্দৰ হয়। এই আশাৰ বাবে আমি বহুত আনন্দ পাওঁ। আমাৰ এই আশা আৰু দৃঢ় হʼব পাৰে! এয়া কেনেকৈ হʼব পাৰে তাৰ বিষয়ে পৌলে ভালদৰে বুজাইছে। গতিকে, আহক মন কৰোঁ যে পৌলে আমাৰ আশাৰ বিষয়ে কি কৈছিল। ইয়াৰ পৰা আমাৰ বিশ্বাস আৰু বাঢ়িব যে আমি যিবোৰ কথাৰ বাবে আশা কৰোঁ, সেইবোৰ নিশ্চয় পূৰ হʼব।

আমাৰ আশা দৃঢ় হৈ থাকে

সকলো খ্ৰীষ্টানে কিবা নহয় কিবা দুখ-কষ্টৰ সন্মুখীন হʼব লাগিব বুলি মানি চলা উচিত (অনুচ্ছেদ ৯-১০ চাওক)

৯-১০. পৌলৰ দৰে আজি খ্ৰীষ্টানসকলে কি কথা মানি চʼলা উচিত? (ৰোমীয়া ৫:৩, ৪) (ছবিখনো চাওক।)

ৰোমীয়া ৫:৩, ৪ পঢ়ক। পৌলে কৈছিল যে যেতিয়া আমি দুখ-কষ্টৰ মাজেদি পাৰ হওঁ, তেতিয়া আমাৰ আশা আৰু দৃঢ় হʼব পাৰে। এই কথা আমাক আচৰিত যেন লাগিব পাৰে। কিন্তু এয়া সঁচা যে সকলো খ্ৰীষ্টানে কিবা নহয় কিবা দুখ-কষ্ট সহিব লাগিব। পৌলেও এই কথা জানিছিল, সেইবাবে তেওঁ থিচলনীকীয়াৰ ভাই-ভনীসকলক এইদৰে লিখিছিল, “আমালৈ ক্লেশ ঘটিব বুলি আগেয়ে আমি তোমালোকৰ লগত থাকোঁতেই কৈছিলোঁ; পাছে সেই দৰেই ঘটিল।” (১ থিচ. ৩:৪) তেওঁ কৰিন্থীয়াৰ ভাই-ভনীসকলকো এইদৰে লিখিছিল, “হে ভাইবিলাক, . . . আমালৈ যি ক্লেশ ঘটিছিল, তাৰ বিষয়ে তোমালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই; সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হলোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।”—২ কৰি. ১:৮; ১১:২৩-২৭.

১০ আজি সকলো খ্ৰীষ্টানে এয়া স্বীকাৰ কৰা উচিত যে তেওঁলোকে কিবা নহয় কিবা সমস্যাৰ মাজেদি পাৰ হʼব লাগিব। (২ তীম. ৩:১২) আপোনাৰ বিষয়েনো কি? আপুনি যীচুৰ ওপৰত বিশ্বাস কৰাৰ বাবে আৰু তেওঁৰ শিক্ষাবোৰ পালন কৰাৰ বাবে আপোনাকো দুখ-কষ্টৰ মাজেদি পাৰ হʼবলগীয়া হৈছে নেকি? হয়তো আপোনাৰ বন্ধু বা সমন্ধীয় লোকসকলে আপোনাক ঠাট্টা কৰিছে, আনকি আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে। অথবা আপুনি সদায় বিশ্বাসী হৈ থাকিব বিচাৰে, সেইবাবে আপোনাৰ কামৰ ঠাইত লোকসকলে হয়তো সমস্যা সৃষ্টি কৰিছে। (ইব্ৰী ১৩:১৮) অথবা আপোনাৰ আশাৰ বিষয়ে আনক কোৱাৰ বাবে চৰকাৰী অধিকাৰীসকলে আপোনাক বিৰোধ কৰিছে। কিন্তু পৌলে কৈছিল যে আমি যিয়েই দুখ-কষ্টৰ সন্মুখীন নহওঁ কিয়, আমি আনন্দত থকা উচিত। তেওঁ কিয় এইদৰে কৈছিল?

১১. আমি ধৈৰ্য্যেৰে দুখ-কষ্টৰ সন্মুখীন হʼম বুলি কিয় থিৰাং কৰা উচিত?

১১ আমি দুখ-কষ্টৰ সন্মুখীন হোৱাৰ সময়ত আনন্দত থাকিব পাৰোঁ, কিয়নো এইদৰে আমি ধৈৰ্য্য ধৰিবলৈ শিকিব পাৰোঁ। এই কথাই ৰোমীয়া ৫:৩, ৪ পদত লিখা আছে, “ক্লেশে ধৈৰ্য্য . . . সাধন কৰে।” সকলো খ্ৰীষ্টানৰ ওপৰত কেতিয়াবা নহয় কেতিয়াবা দুখ-কষ্ট নিশ্চয় আহিব। সেইবাবে, আমি থিৰাং কৰা উচিত যে আমি ধৈৰ্য্যেৰে সেইবোৰ সহন কৰিম। যদি আমি ধৈৰ্য্য ধৰোঁ আৰু যিহোৱাৰ সেৱা কৰি থাকোঁ, তেতিয়াহে আমি নিজৰ আশা পূৰ হোৱা দেখিবলৈ পাম। আমি সেই লোকসকলৰ দৰে হʼব নিবিচাৰোঁ, যিসকলৰ বিষয়ে যীচুৱে কৈছিল যে তেওঁলোকৰ হৃদয় শিলাময় মাটিৰ দৰে হয়। আৰম্ভণিতে এনে লোকসকলে বাইবেলৰ সত্যতা আনন্দেৰে গ্ৰহন কৰে, কিন্তু যেতিয়া ‘সমস্যা বা তাড়না আহে, তেতিয়া তেওঁলোকে বিশ্বাস কৰিবলৈ এৰি দিয়ে।’ (মথি ১৩:৫, ৬, ২০, ২১) এয়া সঁচা যে সমস্যা বা তাড়নাৰ সন্মুখীন হোৱাটো সহজ নহয় আৰু এয়া আমি ভালো নাপাওঁ। কিন্তু যেতিয়া আমি এইবোৰক ধৈৰ্য্যেৰে সহন কৰিম আৰু যিহোৱাৰ সেৱা কৰি থাকিম, তেনেহʼলে ইয়াৰ পৰা আমাৰ বহুতো লাভ হʼব। কেনেকৈ বাৰু?

১২. যেতিয়া আমি ধৈৰ্য্যেৰে দুখ-কষ্ট সহন কৰোঁ, তেতিয়া আমাৰ কি লাভ হয়?

১২ যাকোবে ধৈৰ্য্যেৰে দুখ-কষ্টক সহন কৰিলে কি লাভ হয় তাৰ বিষয়ে জনালে। তেওঁ কʼলে, “তোমালোক যেন একোতে অসম্পূৰ্ণ নহৈ, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য্য সিদ্ধ কাৰ্য্যবিশিষ্ট হওক।” (যাকো. ১:২-৪) যাকোবে ধৈৰ্য্যৰ বিষয়ে এনেদৰে লিখিলে, যেন ধৈৰ্য্যক কিবা কাম কৰিব লাগিব। তেনেহʼলে ধৈৰ্য্যই কি কাম কৰে? ইয়েআৰু বেছিকৈ ধৈৰ্য্য ধৰিবলৈ, যিহোৱাৰ ওপৰত আৰু বেছিকৈ ভৰসা কৰিবলৈ, আৰু বেছিকৈ বিশ্বাস কৰিবলৈ আৰু এনেধৰণৰে আন গুণবোৰ বঢ়াবলৈ আমাক সহায় কৰে। কিন্তু ধৈৰ্য্য ধৰিলে আমাৰ আৰু এটা ডাঙৰ লাভ হয়।

১৩-১৪. (ক) ধৈৰ্য্য ধৰিলে আমাৰ কি লাভ হয়? (ৰোমীয়া ৫:৪) (খ) এই কথা আমাৰ আশাৰ লগত কেনেকৈ জড়িত আছে?

১৩ ৰোমীয়া ৫:৪, NW পঢ়ক  b পৌলে কৈছিল যে ধৈৰ্য্য ধৰিলে “ঈশ্বৰৰ অনুমোদন” পোৱা যায়, অৰ্থাৎ যেতিয়া আমি ধৈৰ্য্য ধৰোঁ, তেতিয়া যিহোৱা আনন্দিত হয়। ইয়াৰ অৰ্থ এয়া নহয় যে যেতিয়া আপোনাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া যিহোৱাই আনন্দিত হয়। তেওঁ এয়া চাই আনন্দিত হয় যে সমস্যাৰ সময়ত আপুনি ধৈৰ্য্যেৰে ইয়াৰ সন্মুখীন হয় আৰু বিশ্বাসী হৈ থাকে। যেতিয়া আমি ধৈৰ্য্য ধৰোঁ, তেতিয়া আমি যিহোৱাৰ মনক আনন্দিত কৰিব পাৰোঁ আৰু এয়া জানি আমি বহুত উৎসাহ লাভ কৰোঁ।—গীত. ৫:১২.

১৪ অব্ৰাহামৰ বিষয়ে চিন্তা কৰক, তেওঁ ধৈৰ্য্যেৰে বহুতো সমস্যাৰ সন্মুখীন হʼল আৰু যিহোৱাই তেওঁৰ পৰা আনন্দিত আছিল। যিহোৱাই তেওঁক নিজৰ বন্ধু আৰু ভাল ব্যক্তি বুলি কʼলে। (আদি. ১৫:৬; ৰোম. ৪:১৩, ২২) যিহোৱাই আমাৰ পৰাও আনন্দিত হʼব পাৰে। কিন্তু যিহোৱাই এয়া চাই আনন্দিত নহয় যে আমি তেওঁৰ বাবে কিমান কাম কৰি আছোঁ বা আমি কি কি দায়িত্ব পালন কৰি আছোঁ। ইয়াৰ পৰিৱৰ্তে আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিছোঁ আৰু তেওঁৰ বিশ্বাসী হৈ আছোঁ, সেয়া চাই তেওঁ আনন্দিত হয়। আমাৰ বয়স বা পৰিস্থিতি যিয়ে নহওক কিয় বা আমাৰ ওচৰত যিয়ে দক্ষতা নাথাকক কিয় আমি সকলোৱে ধৈৰ্য্য ধৰিব পাৰোঁ। আপুনি এতিয়া সমস্যাৰ সত্ত্বেও যিহোৱাৰ বিশ্বাসী হৈ আছে নে? যদি আছে, তেনেহʼলে আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে। যেতিয়া আমাৰ অনুভৱ হয় যে যিহোৱা আমাৰ পৰা আনন্দিত আছে, তেতিয়া আমাৰ আশা আৰু দৃঢ় হৈ যায়।

এটা নিশ্চিত আশা

১৫. পৌলে আগলৈ কি কʼলে আৰু ইয়াৰ বাবে কিছুমান লোকে হয়তো কিয় চিন্তিত হʼব পাৰে?

১৫ পৌলে বুজালে যে যেতিয়া আমি ধৈৰ্য্যেৰে সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমাৰ ওপৰত ঈশ্বৰৰ অনুমোদন থাকে অৰ্থাৎ তেওঁ আমাৰ পৰা আনন্দিত হয়। এতিয়া মন কৰক পৌলে আগলৈ কি কʼলে, তেওঁ এইদৰে লিখিলে, ‘ধৈৰ্য্য ধৰিলে ঈশ্বৰৰ অনুমোদন পোৱা যায় আৰু ইয়াৰ পৰা আমি আশাও পাওঁ, এই আশাই আমাক নিৰাশ হʼবলৈ নিদিয়ে।’ (ৰোম. ৫:৪, ৫ NW) এই কথা শুনি কিছুমান লোকে হয়তো চিন্তিত হʼব পাৰে। কিয় বাৰু? কিয়নো পৌলে আগতেই কৈছিল যে ৰোমত থকা খ্ৰীষ্টানসকলৰ ওচৰত “ঈশ্বৰৰ মহিমাৰ ভাগি” হোৱাৰ আশা আছিল। (ৰোম. ৫:২) সেইবাবে, কিছুমান লোকে হয়তো কʼব পাৰে যদি সেই খ্ৰীষ্টানসকলৰ ওচৰত আগৰে পৰা আশা আছিল, তেনেহʼলে পৌলে আশাৰ বিষয়ে পাছত কিয় কʼলে?

আৰম্ভণিতে আপুনি যি আশা লাভ কৰিছিল, সেয়া এতিয়া আৰু দৃঢ় হৈছে। আপুনি ইয়াৰ প্ৰতি আৰু বেছিকৈ কৃতজ্ঞ হৈছে আৰু সেয়া পূৰ হোৱাটো চাবলৈ আপুনি আগ্ৰেহেৰ বাট চাই আছে (অনুচ্ছেদ ১৬-১৭ চাওক)

১৬. আমাৰ আশা সময় পাৰ হোৱাৰ লগে লগে কেনেকৈ আৰু দৃঢ় হয়? (ছবিখনো চাওক।)

১৬ যেতিয়া আমি এই কথাৰ ওপৰত ধ্যান দিওঁ যে আশা এনে এটা বস্তু হয়, যি সময় পাৰ হোৱাৰ লগে লগে আৰু দৃঢ় হৈ যায়, তেতিয়া আমি পৌলে কোৱা এই কথা আৰু ভালদৰে বুজিব পাৰোঁ। যেনে, আপোনাৰ মনত আছে নে, যেতিয়া আপুনি প্ৰথম বাৰ বাইবেলৰ পৰা সুন্দৰ আশাৰ বিষয়ে গম পালে, তেতিয়া আপোনাক কেনেকুৱা লাগিছিল। হয়তো সেই সময়ত আপুনি ভাবিছিল, প্ৰমোদবনত জীয়াই থকাটো কাল্পনিক কথা। কিন্তু যেতিয়া আপুনি যিহোৱা আৰু তেওঁৰ প্ৰতিজ্ঞাৰ বিষয়ে আৰু ভালদৰে জানিব পাৰিলে, তেতিয়া আপোনাৰ বিশ্বাস হʼল যে এদিন আপোনাৰ এই আশা নিশ্চয় পূৰ হʼব।

১৭. বাপ্তিষ্মাৰ পাছতো আমাৰ আশা কেনেকৈ আৰু দৃঢ় হৈ থাকে?

১৭ নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লোৱাৰ পাছতো আপুনি যিহোৱাক আৰু ভালদৰে জানিবলৈ চেষ্টা কৰি থাকে আৰু তেওঁক প্ৰেম কৰি থাকে। ইয়াৰ বাবে আপোনাৰ আশা আৰু দৃঢ় হয়। (ইব্ৰী ৫:১৩–৬:১) আপুনি হয়তো ৰোমীয়া ৫:২-৪ পদত কোৱা কথাবোৰ নিজৰ জীৱনত অনুভৱ কৰিছে। আপোনাৰ ওপৰত হয়তো বহুতো সমস্যা আহিছে। কিন্তু আপুনি ধৈৰ্য্যেৰে সেইবোৰ সহন কৰিলে আৰু যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে বুলি অনুভৱ কৰিলে। আপুনি জানে তেওঁ আপোনাক প্ৰেম কৰে আৰু আপোনাৰ পৰা আনন্দিত আছে। সেইবাবে, আপোনাৰ বিশ্বাস হʼল যে তেওঁ যিবোৰ প্ৰতিজ্ঞা কৰিছে, সেইবোৰ নিশ্চয় পূৰ কৰিব। আৰম্ভণিতে আপোনাৰ যি আশা আছিল, সেয়া এতিয়া আৰু দৃঢ় হৈ গʼল। এতিয়া সেইবোৰ কথা কাল্পনিক হয় বুলি আপুনি নাভাবে। এইদৰে সঁচাকৈ হʼব বুলি আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে। ইয়ে আপোনাৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলায়। আপুনি যিদৰে জীৱন-জাপন কৰে, যিদৰে নিৰ্ণয় লয়, যিদৰে নিজৰ পৰিয়ালৰ লগত ব্যৱহাৰ কৰে, আনকি যিদৰে সময় কটাই সেই সকলোবোৰ সলনি হৈ যায়।

১৮. যিহোৱাই কি গেৰেন্টি দিছে?

১৮ আপোনাৰ ওচৰত যিহোৱাৰ অনুমোদন আছে, এই কথাষাৰ কোৱাৰ পাছত পাঁচনি পৌলে আশাৰ বিষয়ে আৰু এটা গুৰুত্বপূৰ্ণ কথা জনালে। সেয়া হৈছে আপোনাৰ আশা নিশ্চয় পূৰ হʼব। কিন্তু আপুনি এই কথাৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰে। পৌলে ঈশ্বৰৰ ফালৰ পৰা খ্ৰীষ্টানসকলক এই গেৰেন্টি দিলে, “সেই আশাই লাজত নেপেলাই [অৰ্থাৎ নিৰাশ হʼবলৈ নিদিয়ে]; কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।” (ৰোম. ৫:৫) সেইবাবে, আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে ঈশ্বৰে আপোনাক যি আশা দিছে, সেয়া নিশ্চয় পূৰ হʼব।

১৯. আপুনি নিজৰ আশাৰ বিষয়ে কি বিশ্বাস ৰাখিব পাৰে?

১৯ আকৌ অব্ৰাহামৰ বিষয়ে মন কৰক। যিহোৱাই অব্ৰাহামক যি প্ৰতিজ্ঞা কৰিছিল আৰু তেওঁক নিজৰ বন্ধু বুলি কৈছিল, সেই বিষয়ে চিন্তা কৰক। অব্ৰাহামক মিছাকৈ আশা দিয়া নাছিল। বাইবেলত এইদৰে লিখা আছে, ‘অব্ৰাহামে ধৈৰ্য্যেৰে সহন কৰিলত, সেই প্ৰতিজ্ঞাৰ ফল পালে।’ (ইব্ৰী ৬:১৫; ১১:৯, ১৮; ৰোম. ৪:২০-২২) অব্ৰাহামক নিৰাশ হʼবলগীয়া নহʼল, তেওঁৰ আশা পূৰ হʼল। অব্ৰাহামৰ দৰে যদি আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকে, তেনেহʼলে আপুনিও নিৰাশ নহʼব। আপোনাৰ আশা কোনো কাল্পনিক নহয়, এয়া এদিন নিশ্চয় পূৰ হʼব। সেইবাবে, ইয়াৰ পৰা আপুনি আনন্দিত হয়। (ৰোম. ১২:১২) পৌলে এইদৰে লিখিলে, “এতেকে তোমালোক পবিত্ৰ আত্মাৰ মহিমাৰে যেন আশাত উপচি পৰা, এই কাৰণে আশাৰ আকৰ ঈশ্বৰে তোমালোকক, বিশ্বাস কৰাৰ সকলো আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।”—ৰোম. ১৫:১৩.

গীত ১৩৯ নিজকে নতুন পৃথিৱীত চাওক

a এই লেখত আমি আলোচনা কৰিম যে খ্ৰীষ্টানসকলৰ ওচৰত কি আশা আছে আৰু আমাৰ আশা নিশ্চয় পূৰ হʼব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ। আমি ৰোমীয়া ৫ অধ্যায়ৰ ওপৰতো আলোচনা কৰিম আৰু শিকিম যে এতিয়া আমাৰ ওচৰত যি আশা আছে, সেই আশা আৰম্ভণিতে বাইবেলৰ সত্যতা শিকাৰ পৰা পোৱা আশাৰ পৰা কেনেকৈ পৃথক।

b ৰোমীয়া ৫:৪ (NW): “ধৈৰ্য্য ধৰিলে ঈশ্বৰৰ অনুমোদন পোৱা যায় আৰু ইয়াৰ পৰা আমি আশা পাওঁ।”