Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫৩

ডেকা ভাইসকল, পৰিপক্ক খ্ৰীষ্টান হওক!

ডেকা ভাইসকল, পৰিপক্ক খ্ৰীষ্টান হওক!

“হে ভাইবিলাক, তোমালোক বিবেচনাত ল’ৰা নহবা; . . . বিবেচনাত বয়সস্থ হোৱা।”—১ কৰি. ১৪:২০.

গীত ১৩৫ যিহোৱাই প্ৰেমেৰে কৰা অনুৰোধ “হে মোৰ বোপা জ্ঞানৱান হোৱা”

লেখৰ এক আভাস a

১. এজন ভায়ে পৰিপক্ক হʼবলৈ কি কৰিব লাগিব?

 পৌলে কৰিন্থীয়াৰ খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “হে ভাইবিলাক, তোমালোক বিবেচনাত ল’ৰা নহবা; . . . বিবেচনাত বয়সস্থ হোৱা।” (১ কৰি. ১৪:২০) পৰিপক্ক হʼবলৈ আজি সকলো ভায়ে এই পৰামৰ্শ পালন কৰা উচিত। ইয়াৰ বাবে তেওঁলোকে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু বাইবেলত যিবোৰ সিদ্ধান্ত দিয়া হৈছে, তাৰ অনুসৰি সৰু-ডাঙৰ সকলো নিৰ্ণয় লোৱাটো অতি গুৰুত্বপূৰ্ণ। (লূক ২:৫২) কিন্তু ডেকা ভাইসকলে পৰিপক্ক হোৱাটো কিয় গুৰুত্বপূৰ্ণ?

২-৩. ডেকা ভাইসকলে পৰিপক্ক হোৱাটো কিয় গুৰুত্বপূৰ্ণ?

ভাইসকলে নিজৰ পৰিয়াল আৰু মণ্ডলীত বহুতো দায়িত্ব পালন কৰিবলগীয়া হয়। ডেকা ভাইসকল, আপোনালোকেও হয়তো আগলৈ গৈ কিছুমান দায়িত্ব চম্ভালিম বুলি নিশ্চয় ভাবিছে। আপুনি হয়তো ভাবিছে যে আপুনি পূৰ্ণসময়ৰ সেৱা কৰিব, পৰিচাৰক হʼব আৰু পাছত মণ্ডলীত প্ৰাচীন হিচাপে সেৱা কৰিব। আপুনি হয়তো বিয়া পাতিবলৈ আৰু লʼৰা-ছোৱালীৰ কথাও ভাবিছে। (ইফি. ৬:৪; ১ তীম. ৩:১) এই দায়ত্ববোৰ চম্ভালিবৰ কাৰণে যোগ্য হʼবলৈ আৰু এইবোৰ ভালদৰে পালন কৰিবলৈ আপোনাক পৰিপক্ক হʼব লাগিব। b

তেনেহʼলে আপুনি কেনেকৈ এজন পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব? আপুনি কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লʼব লাগিব আৰু কিছুমান দক্ষতাও শিকিব লাগিব। ভৱিষ্যতে আপুনি যিবোৰ দায়িত্ব পাব, তাক ভালদৰে পালন কৰিবলৈ আপুনি এতিয়াৰে পৰা তৈয়াৰী কৰিব লাগিব। আহক সেই কামবোৰ আপুনি কেনেকৈ কৰিব পাৰে তালৈ মন কৰোঁ।

পৰিপক্ক হোৱাৰ কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ

যদি এজন ডেকা ভায়ে যীচুৰ দৰে গুণবোৰ বঢ়াই, তেনেহʼলে পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব (অনুচ্ছেদ ৪ চাওক)

৪. ডেকা ভাইসকলৰ বাবে কোন লোকসকলৰ ভাল উদাহৰণ আছে? (ছবিখনো চাওক।)

এনে কিছুমান পৰিপক্ক লোকসকলৰ বিষয়ে চিন্তা কৰক, যিসকলৰ দৰে আপুনি হʼব বিচাৰে। বাইবেলত এনে বহুতো লোকৰ বিষয়ে উল্লেখ আছে, যিসকলে যিহোৱাক প্ৰেম কৰিছিল। তেওঁলোকে বহুতো বেলেগ বেলেগ দায়িত্ব পালন কৰিছিল আৰু ঈশ্বৰৰ লোকসকলৰ ভালদৰে যত্ন লৈছিল। ডেকা ভাইসকল, আপোনালোকে তেওঁলোকৰ পৰা বহুতো কথা শিকিব পাৰে। আপোনাৰ পৰিয়াল বা মণ্ডলীত হয়তো বহুতো পৰিপক্ক ভাই আছে। আপুনি তেওঁলোকৰ পৰাও বহুতো কথা শিকিব পাৰে। (ইব্ৰী ১৩:৭) যীচু খ্ৰীষ্ট আপোনাৰ বাবে আটাইতকৈ ভাল উদাহৰণ হয়। (১ পিত. ২:২১) যেতিয়া আপুনি যীচু আৰু প্ৰাচীন সময়ৰ পৰিপক্ক লোকসকলৰ বিষয়ে অধ্যয়ন কৰিব আৰু বৰ্তমান সময়ৰ পৰিপক্ক ভাইসকলৰ বিষয়ে চিন্তা কৰিব, তেতিয়া তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়ক। (ইব্ৰী ১২:১, ২) তাৰ পাছত চিন্তা কৰক যে আপুনি তেওঁলোকৰ দৰে কেনেকৈ হʼব পাৰিব?

৫. আপুনি চিন্তা-শক্তিৰ দক্ষতা কেনেকৈ বঢ়াব পাৰে আৰু এইদৰে কৰাটো কিয় গুৰুত্বপূৰ্ণ? (গীতমালা ১১৯:৯)

“বুদ্ধি-কৌশল” অৰ্থাৎ চিন্তা-শক্তি বঢ়াওক, ইয়াক নেহেৰুৱাব। (হিতো. ৩:২১) যিজন ব্যক্তিৰ চিন্তা-শক্তিৰ দক্ষতা থাকে, তেওঁৰ মনত যি আহে তাকে নকৰে। তেওঁ কাম কৰাৰ আগতে অলপ সময় ৰৈ সেই কাম কি কি উপায়েৰে কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰে। ডেকা ভাইসকল এই দক্ষতা নিজে নিজে নাবাঢ়ে, ইয়াৰ বাবে আপুনি কঠিন পৰিশ্ৰম কৰিব লাগিব। কিয়নো আজি পৃথিৱীৰ বেছিভাগ ডেকাই নিজৰ ইচ্ছা মতে কাম কৰে বা আবেগিক হৈ নিৰ্ণয় লয়। (হিতো. ৭:৭; ২৯:১১) চিনেমা, টিভি আৰু ইন্টাৰনেটত যিবোৰ দেখুৱা হয়, সেইবোৰেও আপোনাৰ চিন্তাধাৰাৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে। গতিকে, আপুনি নিজৰ চিন্তা-শক্তিৰ দক্ষতা কেনেকৈ বঢ়াব পাৰে? প্ৰথমতে বাইবেলৰ সিদ্ধান্তবোৰৰ বিষয়ে শিকক আৰু যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক। ইয়াৰ উপৰিও সেই সিদ্ধান্তবোৰ পালন কৰিলে কি লাভ হয়, তাৰ বিষয়ে চিন্তা কৰক আৰু এনে নিৰ্ণয় লওক, যাৰ পৰা যিহোৱা আনন্দিত হয়। (গীতমালা ১১৯:৯ পঢ়ক।) সঁচাকৈ, চিন্তা-শক্তিৰ দক্ষতা বঢ়োৱাটো অতি গুৰুত্বপূৰ্ণ! তেতিয়াহে আমি পৰিপক্ক হʼব পাৰিম। (হিতো. ২:১১, ১৪; ইব্ৰী ৫:১৪) এতিয়া আহক মন কৰোঁ যে এই দক্ষতা থকাৰ বাবে কেনেকৈ দুটা ক্ষেত্ৰত আপোনাৰ লাভ হʼব পাৰে: (১) ভনীসকলৰ লগত ব্যৱহাৰ কৰাৰ সময়ত আৰু (২) যেতিয়া আপোনাক নিৰ্ণয় লʼবলগীয়া হয় যে আপুনি কেনেধৰণৰ কাপোৰ পিন্ধিব আৰু চুলি ফনিয়াব।

৬. চিন্তা-শক্তিৰ দক্ষতা থাকিলে এজনে ভায়ে কেনেকৈ ভনীসকলক সন্মান কৰিব পাৰে?

চিন্তা-শক্তিৰ দক্ষতা থাকিলে আপুনি তিৰোতাসকলক সন্মান কৰিব পাৰিব। কেনেকৈ বাৰু? যদি এজন ভায়ে কোনো এজনী ভনীক বিয়া পতাৰ কথা ভাবিছে আৰু তাইক ভালদৰে জানিবলৈ চেষ্টা কৰিছে, তেনেহʼলে এয়া ভুল নহয়। কিন্তু যদি তাইক বিয়া পতাৰ কোনো উদ্দেশ্য নাই, তেনেহʼলে তেওঁ কিছুমান কথা ধ্যান দিব লাগিব। তেওঁ ভনীজনীক এনে একো কথা নকʼব বা কাম নকৰিব অথবা মেছেজো নপঠিয়াব, যাৰ বাবে ভনীক লাগিব পাৰে যে তেওঁ তাইক ভাল পায়। (১ তীম. ৫:১, ২) যদি সেই ভায়ে কোনো ভনীৰ লগত ডেটিং কৰি আছে (অৰ্থাৎ বিয়া পতাৰ উদ্দেশ্যেৰে তাইক বেছিকৈ জানিবলৈ চেষ্টা কৰি আছে), তেনেহʼলে ভায়জনে মনত ৰাখিব যে তেওঁ ভনীৰ লগত যাতে অকলে নাযায় কোনো এজন ব্যক্তিক তেওঁলোকৰ লগত লৈ যায়। এইদৰে তেওঁ ভনীৰ নাম বদনাম হʼবলৈ নিদিব।—১ কৰি. ৬:১৮.

৭. চিন্তা-শক্তিৰ দক্ষতা থাকিলে এজন ডেকা ভায়ে কাপোৰ পিন্ধা আৰু চুলি ফনিওৱাৰ ক্ষেত্ৰত কেনেকৈ সঠিক নিৰ্ময় লʼব পাৰে?

ডেকা ভাইসকলৰ চিন্তা-শক্তিৰ দক্ষতা আছে বা তেওঁলোকে যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখে বুলি আৰু কেনেকৈ দেখুৱাব পাৰে? তেওঁলোকে যি ধৰণৰ কাপোৰ পিন্ধে আৰু চুলি ফনিয়াই, তাৰ প্ৰতি ধ্যান দিয়াৰ যোগেদি। প্ৰায়ে দেখিবলৈ পোৱা যায় যে যিসকল লোকে নতুন নতুন ষ্টাইলৰ কাপোৰ ডিজাইন কৰে বা সেইবোৰ পিন্ধিবলৈ উৎসাহিত কৰে, তেওঁলোকে যিহোৱাৰ মানদণ্ড পালন নকৰে আৰু বহু বাৰ তেওঁলোকে অনৈতিক জীৱন-যাপনো কৰে। সেইবাবে, তেওঁলোকে এনে ষ্টাইলৰ কাপোৰ ডিজাইন কৰে, যি টাইট ফিটিং থাকে বা সেইবোৰ পিন্ধি এজন ব্যক্তিক তিৰোতাৰ দৰে দেখে। গতিকে যদি এজন ডেকা ভায়ে পৰিপক্ক হʼব বিচাৰে, তেনেহʼলে তেওঁ কাপোৰৰ ক্ষেত্ৰত নিৰ্ণয় লোৱাৰ সময়ত কি কি কথা মনত ৰখা উচিত? তেওঁ ভবা উচিত যে যদি তেওঁ সেই কাপোৰ পিন্ধে, তেনেহʼলে যিহোৱা আনন্দিত হʼব নে। ইয়াৰ উপৰিও তেওঁ এই বিষয়েও চিন্তা কৰিব পাৰে যে তেওঁৰ মণ্ডলীৰ পৰিপক্ক ভাইসকলে কেনেধৰণৰ কাপোৰ পিন্ধে। তেওঁ নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰে, ‘মই যেনেধৰণৰ কাপোৰ পিন্ধোঁ, তাৰ পৰা জানিব পাৰি নে যে মই সঠিক চিন্তাধাৰা ৰাখোঁ আৰু আনক সন্মান কৰোঁ? মই যেনেধৰণৰ কাপোৰ পিন্ধোঁ, তাৰ পৰা জানিব পাৰি নে যে মই ঈশ্বৰৰ উপাসনা কৰোঁ?’ (১ কৰি. ১০:৩১-৩৩; তীত ২:৬) যিসকল ডেকা ভায়ে নিজৰ চিন্তা-শক্তি বঢ়াই, তেওঁলোকক ভাই-ভনীসকলে সন্মান কৰে আৰু যিহোৱাও তেওঁলোকৰ পৰা আনন্দিত হয়।

৮. এজন ডেকা ভাই কেনেকৈ ভৰসাযোগ্য হʼব পাৰে?

ভৰসাযোগ্য হওক। ভৰসাযোগ্য ডেকাসকলে নিজৰ সকলো দায়িত্ব ভালদৰে পূৰ কৰে। (লূক ১৬:১০) এই ক্ষেত্ৰত যীচু সকলোতকৈ ভাল উদাহৰণ হয়। তেওঁ সকলো কামক গুৰুত্বপূৰ্ণভাৱে লৈছিল। যিহোৱাই তেওঁক যিবোৰ কাম দিছিল, সেই সকলো তেওঁ ভালদৰে পূৰ কৰিছিল। বহু বাৰ এইদৰে কৰিবলৈ তেওঁৰ বাবে কঠিন হৈছিল, তথাপি তেওঁ সেইবোৰ পূৰ কৰিছিল। তেওঁ লোকসকলক বহুত প্ৰেম কৰিছিল, বিশেষকৈ নিজৰ শিষ্যসকলক। সেইবাবে, যীচুৱে আনন্দ মনেৰে তেওঁলোকৰ বাবে নিজৰ জীৱন বলিদান দিলে। (যোহ. ১৩:১) গতিকে, ভাইসকল যীচুৰ দৰে হওক আৰু আপোনাক যিয়ে কাম দিয়া হয়, তাক পূৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰক। যদি আপুনি বুজি নাপায় যে কোনো এটা কাম কেনেকৈ কৰিব লাগে, তেনেহʼলে নম্ৰ হৈ পৰিপক্ক ভাইসকলৰ পৰা সহায় লওক। কেতিয়াও কোনো এটা কাম কেৱল দায়িত্ব হয় বুলি নকৰিব। (ৰোম. ১২:১১) ইয়াৰ পৰিৱৰ্তে আপোনাক যিয়ে কাম দিয়া হয়, তাক ভালদৰে পূৰ কৰক আৰু ‘যি কৰে, তাক মানুহৰ উদ্দেশে নহয়, কিন্তু যিহোৱাৰ উদ্দেশে’ কৰিছোঁ বুলি ভাবি কৰক। (কল. ৩:২৪) এয়া সঁচা যে আপোনাৰ পৰা ভুল হʼব, সেইবাবে নম্ৰ হৈ থাকক আৰু যেতিয়া কিবা ভুল হয়, তেতিয়া তাক মানি লওক।—হিতো. ১১:২.

এনে দক্ষতা শিকক যি আপোনাৰ কামত আহিব

৯. এজন ডেকা ভায়ে কিয় কিছুমান দক্ষতা শিকা উচিত?

পৰিপক্ক হʼবলৈ আপুনি কিছুমান দক্ষতা শিকা উচিত যিবোৰ আপোনাৰ কামত আহিব। ইয়াৰ পৰা আপুনি মণ্ডলীৰ কিছুমান দায়িত্ব চম্ভালিব পাৰিব, আপুনি চাকৰি পাব পাৰে, যাৰ বাবে আপুনি নিজৰ আৰু নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিব আৰু আনৰ লগত আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব। আহক চাওঁ যে আপুনি কি কি দক্ষতা বঢ়াব পাৰে।

যদি আপুনি ভালদৰে পঢ়া-লিখা শিকে, তেনেহʼলে ইয়াৰ পৰা আপোনাৰ লগতে মণ্ডলীৰ ভাই-ভনীসকলৰো লাভ হʼব (অনুচ্ছেদ ১০-১১ চাওক)

১০-১১. যদি এজন ডেকা ভায়ে ভালদৰে পঢ়া-লিখা শিকে, তেনেহʼলে তেওঁ আৰু মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ লাভৱান হʼব পাৰে? (গীতমালা ১:১-৩) (ছবিখনো চাওক।)

১০ ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকক। বাইবেলত কোৱা হৈছে যে যিজন ব্যক্তিয়ে প্ৰতিদিনে ঈশ্বৰৰ বাক্য পঢ়ে আৰু মনন কৰে, তেওঁলোকে আনন্দত থাকে আৰু নিজৰ সকলো কামত সফল হয়। (গীতমালা ১:১-৩ পঢ়ক।) গতিকে, প্ৰতিদিনে বাইবেল পঢ়ক। এইদৰে আপুনি যিহোৱাৰ চিন্তাধাৰা জানিব পাৰিব। যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিলে আপুনি বুজি পাব যে বাইবেলৰ সিদ্ধান্ত কেনেকৈ পালন কৰিব পাৰে আৰু কেনেকৈ ভাল নিৰ্ণয় লʼব পাৰে। (হিতো. ১:২, ৩) এনে ভাইসকলৰ মণ্ডলীত বহুত প্ৰয়োজন আছে। কিয় বাৰু?

১১ কাৰণ মণ্ডলীত এনে ভাইসকলৰ প্ৰয়োজন হয়, যিসকলে সকলোকে বাইবেলৰ পৰা শিকাব পাৰে আৰু ভাল ভাল পৰামৰ্শ দিব পাৰে। (তীত ১:৮, ৯) যদি আপুনি ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকে, তেনেহʼলে আপুনি ভালদৰে ভাষণ তৈয়াৰী কৰিব পাৰিব আৰু এনে উত্তৰ দিব পাৰিব, যাৰ পৰা ভাই-ভনীসকলৰ বিশ্বাস মজবুত হʼব আৰু তেওঁলোকে কিছুমান কথা শিকিব পাৰিব। ইয়াৰ উপৰিও ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত বা সভা, সন্মিলন আৰু অধিৱেশনবোৰত আপুনি নোটচ্‌ লʼব পাৰিব। আপুনি যি নোটচ্‌ লʼব, তাৰ পৰা অকল আপোনাৰে লাভ নহʼব, আপুনি আনকো উৎসাহিত কৰিব পাৰিব।

১২. ভালদৰে কথা পাতিবলৈ আপুনি কি কৰিব পাৰে?

১২ ভালদৰে কথা পাতিবলৈ শিকক। এজন ভাইৰ দক্ষতা থকাটো অতি গুৰুত্বপূৰ্ণ। যিজন ভাইৰ এই দক্ষতা থাকে, তেওঁ আনৰ কথা মন দি শুনে আৰু তেওঁ কি চিন্তা কৰিছে আৰু কেনে অনুভৱ কৰিছে, তাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰে। (হিতো. ২০:৫) সেই ব্যক্তিজনৰ কথা কোৱাৰ ধৰণ, তেওঁৰ চেহেৰা আৰু তেওঁৰ অংগী-ভংগী চাই তেওঁলোকৰ বিষয়ে বহুত কিছু বুজিব পাৰে। আপুনি যেতিয়া লোকসকলৰ লগত সময় অতিবাহিত কৰিব, তেতিয়াহে এইদৰে কৰিব পাৰিব। যদি আপুনি সদায় ইমেল বা মেচেজৰ যোগেদি লোকসকলৰ লগত কথা পাতি থাকে, তেনেহʼলে তেওঁলোকক লগ কৰি কথা পাতিবলৈ আপোনাক কঠিন লাগিব। সেইবাবে, লোকসকলক লগ কৰি কথা পাতিবলৈ চেষ্টা কৰক।—২ যোহ. ১২.

এনে কিবা দক্ষতা শিকাটো ভাল, যাৰ পৰা আগলৈ গৈ আপুনি চাকৰি পাব পাৰে (অনুচ্ছেদ ১৩ চাওক)

১৩. এজন ডেকা ভাইক আৰু কি শিকাৰ প্ৰয়োজন? (১ তীমথিয় ৫:৮) (ছবিখনো চাওক।)

১৩ নিজৰ ভৰিত থিয় হʼবলৈ শিকক বা দায়িত্ব লʼবলৈ শিকক। এজন পৰিপক্ক খ্ৰীষ্টানক এনে হোৱা উচিত যে তেওঁ নিজৰ আৰু নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিব পাৰে। (১ তীমথিয় ৫:৮ পঢ়ক।) কিছুমান দেশত আমাৰ ডেকা ভাইসকলে নিজৰ পিতৃ বা কোনো সম্বন্ধীয় লোকৰ পৰা কিবা কাম বা দক্ষতা শিকে। আনহাতে, কিছুমান দেশত এজন ডেকা ভায়ে যদি বিচাৰে, তেনেহʼলে স্কুলতে কিবা কাম বা দক্ষতা শিকিব পাৰে। আপুনি ঘৰত বা স্কুলত যʼতেই নিশিকক কিয়, কিবা নহয় কিবা দক্ষতা শিকাটো অতি প্ৰয়োজন। ইয়াৰ পৰা আপুনি আগলৈ গৈ চাকৰি পাব পাৰে। (পাঁচ. ১৮:২, ৩; ২০:৩৪; ইফি. ৪:২৮) গতিকে কঠিন পৰিশ্ৰম কৰিবলৈ শিকক আৰু আপোনাক যি কাম দিয়া হয়, তাক পূৰ কৰক। এইদৰে আপুনি ভাল নাম অৰ্জন কৰিব। এইদৰে কৰিলে আপুনি সহজতে চাকৰি পাব পাৰিব আৰু তাক বজাই ৰাখিব পাৰিব। এতিয়ালৈকে আমি যিবোৰ গুণ আৰু দক্ষতাৰ বিষয়ে শিকিলোঁ, সেইবোৰ বঢ়ালে এজন খ্ৰীষ্টানে ভৱিষ্যতে নিজৰ দায়িত্ববোৰ ভালদৰে পূৰ কৰিব পাৰিব। এতিয়া আহক এনেধৰণৰ কিছুমান দায়িত্বৰ বিষয়ে আলোচনা কৰোঁ।

ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ তৈয়াৰী কৰক

১৪. এজন ডেকা ভায়ে পূৰ্ণসময়ৰ সেৱা কৰিবলৈ কেনেকৈ তৈয়াৰী কৰিব পাৰে?

১৪ পূৰ্ণসময়ৰ সেৱক। বহুতো পৰিপক্ক ভায়ে কম বয়সতে পূৰ্ণসময়ৰ সেৱা আৰম্ভ কৰিছিল। ইয়াৰ পৰা কি লাভ হয়? যেতিয়া এজন ডেকা ভায়ে অগ্ৰগামী সেৱা কৰে, তেতিয়া তেওঁ বেলেগ বেলেগ লোকসকলৰ লগত ভালদৰে কাম কৰিবলৈ শিকে। অগ্ৰগামী সেৱা কৰাৰ বাবে এজন ডেকাই এয়াও শিকিব পাৰে যে তেওঁৰ ওচৰত যি আছে, তাতেই কেনেকৈ চলিব পাৰে। (ফিলি. ৪:১১-১৩) পূৰ্ণসময়ৰ সেৱা কৰিবলৈ হʼলে আপুনি আগতে অলপ সময়ৰ বাবে সহকাৰী অগ্ৰগামী সেৱা কৰাটো ভাল হʼব। যিসকল লোকে এইদৰে কৰে, তেওঁলোকে আগলৈ গৈ অগ্ৰগামী সেৱা কৰিবলৈ সাজু হʼব পাৰে। অগ্ৰগামী সেৱা কৰিলে আপুনি পূৰ্ণসময়ৰ সেৱা কৰিবলৈ আৰু বহুতো সুযোগ পাব, যেনে: নিৰ্মাণ কামত সহযোগ কৰা বা বেথেলত সেৱা কৰা।

১৫-১৬. এজন ডেকা ভায়ে মণ্ডলীত ভাই-ভনীসকলক সহায় কৰাৰ যোগ্য কেনেকৈ হʼব পাৰে?

১৫ পৰিচাৰক বা প্ৰাচীন। ভাইসকলে মণ্ডলীত প্ৰাচীন হিচাপে ভাই-ভনীসকলক সহায় কৰাৰ যোগ্য হʼবলৈ লক্ষ্য ৰখা উচিত। বাইলেত কোৱা হৈছে যে যিজন ভায়ে এইদৰে কৰিবলৈ আগবাঢ়ি যায়, “তেওঁ উত্তম কৰ্ম্মলৈ ইচ্ছা কৰে।” (১ তীম. ৩:১) প্ৰাচীন হিচাপে সেৱা কৰাৰ আগতে এজন ভায়ে পৰিচাৰক হিচাপে সেৱা কৰাৰ যোগ্য হোৱা উচিত। পৰিচাৰকে বহুতো উপায়েৰে প্ৰাচীনক সহায় কৰিব পাৰে। প্ৰাচীন আৰু পৰিচাৰকসকল নম্ৰ হয় আৰু ভাই-ভনীসকলক সহায় কৰাৰ তেওঁলোকৰ উৎসাহ থাকে। তেওঁলোকে উৎসাহেৰে প্ৰচাৰো কৰে। এজন ডেকা ভাই ১৭-১৮ বছৰ বয়সতে পৰিচাৰক হোৱাৰ যোগ্য হʼব পাৰে আৰু এজন পৰিপক্ক পৰিচাৰকক ২০-২২ বছৰ বয়সতে প্ৰাচীন হিচাপে নিযুক্ত কৰিব পাৰি।

১৬ আপুনি পৰিচাৰক বা প্ৰাচীন হিচাপে সেৱা কৰাৰ যোগ্য কেনেকৈ হʼব পাৰে? ইয়াৰ বাবে বাইবেলত কিছুমান যোগ্যতাৰ বিষয়ে উল্লেখ আছে। এজন ভায়ে যেতিয়া যিহোৱা, নিজৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলক প্ৰেম কৰিব, তেতিয়াহে তেওঁ এই যোগ্যতাবোৰ পূৰ কৰিব পাৰিব। (১ তীম. ৩:১-১৩; তীত ১:৬-৯; ১ পিত. ৫:২, ৩) আপুনিও বাইবেলত দিয়া এই যোগ্যতাবোৰ বুজিবলৈ আৰু এইবোৰ পূৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। আপুনি এইদৰে কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। c

এজন ব্যক্তিয়ে নিজৰ পত্নীক প্ৰেম কৰা, তেওঁৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি যত্ন লোৱা, তেওঁৰ ভাল বন্ধু হোৱা আৰু ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক মজবুত কৰিবলৈ সহায় কৰাটো যিহোৱাই বিচাৰে (অনুচ্ছেদ ১৭ চাওক)

১৭. এজন ডেকা ভায়ে আগলৈ গৈ এজন ভাল স্বামী আৰু পৰিয়ালৰ মুৰব্বী হʼবলৈ এতিয়াৰে পৰা কি কৰিব পাৰে? (ছবিখনো চাওক।)

১৭ স্বামী আৰু পৰিয়ালৰ মুৰব্বী। যীচুৱে কোৱাৰ দৰে কিছুমান পৰিপক্ক ভায়ে অবিবাহিত হৈ থাকে। (মথি ১৯:১২) কিন্তু আপুনি যদি বিয়া পাতিবলৈ নিৰ্ণয় লৈছে, তেনেহʼলে আপুনি স্বামী আৰু মুৰব্বীৰ দায়িত্ব পালন কৰিব লাগিব। (১ কৰি. ১১:৩) এজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰা, তেওঁৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি যত্ন লোৱা, তেওঁৰ ভাল বন্ধু হোৱা আৰু ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক মজবুত কৰিবলৈ সহায় কৰাটো যিহোৱাই বিচাৰে। (ইফি. ৫:২৮, ২৯) এই লেখত আমি যিবোৰ গুণ আৰু দক্ষতাৰ বিষয়ে আলোচনা কৰিলোঁ, যদি আপুনি সেইবোৰ বঢ়াই, তেনেহʼলে আগলৈ গৈ আপুনি এজন ভাল জীৱন সংগী হʼব পাৰিব। যেনে: যদি আপুনি এতিয়াৰে পৰা নিজৰ চিন্তা-শক্তি বঢ়াই, তিৰোতাসকলক সন্মান কৰিবলৈ শিকে আৰু ভৰসাযোগ্য হয়, তেনেহʼলে আপুনি আগলৈ গৈ এজন স্বামী আৰু মুৰব্বীৰ দায়িত্ব ভালদৰে চম্ভালিবলৈ পাৰিব।

১৮. এজন ডেকা ভায়ে ভৱিষ্যতে ভাল পিতৃ হʼবলৈ এতিয়াৰে পৰা কি কৰিব পাৰে?

১৮ পিতৃ। বিয়াৰ পাছত হয়তো আপোনাৰ লʼৰা-ছোৱালী হʼব পাৰে। গতিকে, আপুনি এজন ভাল পিতৃ কেনেকৈ হʼব পাৰিব? ইয়াৰ বিষয়ে আপুনি যিহোৱাৰ পৰা বহুতো কথা শিকিব পাৰে। (ইফি. ৬:৪) যিহোৱাই খুলি কৈছিল যে তেওঁ নিজৰ পুত্ৰ যীচুক বহুত প্ৰেম কৰে আৰু তেওঁৰ পৰা আনন্দিত আছে। (মথি ৩:১৭) গতিকে আগলৈ গৈ যেতিয়া আপুনি পিতৃ হʼব, তেতিয়া আপুনিও যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিব। আপুনি নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰে বুলি বিশ্বাস দিব। যেতিয়া তেওঁলোকে কিবা ভাল কাম কৰিব, তেতিয়া মন খুলি তেওঁলোকৰ প্ৰশংসা কৰিব। যদি আপুনি এইদৰে নিজৰ লʼৰা-ছোৱালীৰ লগত ব্যৱহাৰ কৰিব, তেনেহʼলে আগলৈ গৈ তেওঁলোকেও পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব। সেইবাবে, আপুনি এতিয়াৰে পৰা নিজৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ যত্ন লওক, আপুনি তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকক মূল্যৱান বুলি ভাবে বুলি জনাওক। (যোহ. ১৫:৯) এই সকলোবোৰ কৰাৰ বাবে আপুনি আগলৈ গৈ এজন ভাল স্বামী আৰু পিতৃ হʼব পাৰিব। কিন্তু আজিও আপুনি যিহোৱাৰ বহুত কামত আহিব পাৰে আৰু নিজৰ পৰিয়াল আৰু মণ্ডলীৰ বাবে এটা আশীৰ্বাদ হʼব পাৰে।

এতিয়া আপুনি কি কৰিব?

বহুতো ডেকা ভায়ে বাইবেলৰ পৰা শিকিলে আৰু সেইবোৰ পালন কৰিলে। সেইবাবে, তেওঁলোকে পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিলে (অনুচ্ছেদ ১৯-২০ চাওক)

১৯-২০. ডেকা ভাইসকলে কেনেকৈ পৰিপক্ক খ্ৰীষ্টান হʼব পাৰে? (বেটুপাতত দিয়া ছবিখন চাওক।)

১৯ ডেকা ভাইসকল, আপোনালোকে নিজে নিজে এজন ভাল বা পৰিপক্ক খ্ৰীষ্টান হʼব নোৱাৰে, ইয়াৰ বাবে আপুনি পৰিশ্ৰম কৰিব লাগিব। আপুনি এনে কিছুমান পৰিপক্ক লোকসকলৰ বিষয়ে ভাবিব লাগিব, যিসকলৰ দৰে আপুনি হʼব বিচাৰে। আপুনি নিজৰ চিন্তা-শক্তিৰ দক্ষতা বঢ়াব লাগিব, ভৰসাযোগ্য হʼব লাগিব, এনে কিছুমান দক্ষতা শিকিব লাগিব, যি আগলৈ গৈ আপোনাৰ কামত আহে আৰু ভৱিষ্যতে দায়িত্ববোৰ চম্ভালিবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰিব লাগিব।

২০ যেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাক ইমান কাম কৰিবলগীয়া আছে, তেতিয়া হয়তো আপুনি চিন্তিত হৈ পৰিব। কিন্তু নিৰাশ নহʼব, আপুনি এজন পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব। মনত ৰাখক, যিহোৱা আপোনাৰ লগত আছে আৰু তেওঁ আপোনাক সহায় কৰিব বিচাৰে। (যিচ. ৪১:১০, ১৩) মণ্ডলীৰ ভাই-ভনীসকলেও আপোনাক সহায় কৰিব। গতিকে আপুনি পৰিপক্ক হʼবলৈ পৰিশ্ৰম কৰি থাকক। যেতিয়া আপুনি এজন পৰিপক্ক ভাই হৈ যাব, তেতিয়া আপুনি বহুতো কাম কৰিব পাৰিব আৰু আপুনি আনন্দিত হʼব। ডেকা ভাইসকল, আমি আপোনালোকক বহুত প্ৰেম কৰোঁ! যিহোৱাই আপোনালোকৰ পৰিশ্ৰমত আশীৰ্বাদ দিয়ক এয়েই আমাৰ প্ৰাৰ্থনা।—হিতো. ২২:৪.

গীত ৬৫ আগবাঢ়ি যোৱা!

a মণ্ডলীবোৰত পৰিপক্ক খ্ৰীষ্টানসকলৰ বহুত প্ৰয়োজন হয়। এই লেখত আমি শিকিম যে ডেকা ভাইসকলে কেনেকৈ আৰু ভাল বা পৰিপক্ক খ্ৰীষ্টান হʼব পাৰে।

b ইয়াৰ আগৰ লেখত দিয়া “ইয়াৰ অৰ্থ কি” নামৰ ফুটনোট পঢ়ক।