অধ্যয়নৰ লেখ ৫০
ভাল ব্যক্তি হʼবলৈ বিশ্বাসেৰে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ
‘আমাৰ ওপৰ-পুৰুষ অব্ৰাহামৰ যি বিশ্বাস আছিল, সেই বিশ্বাসৰূপ খোজত চলা।’—ৰোম. ৪:১১.
গীত ১১৯ আমাৰ বিশ্বাস দৃঢ় হওক
লেখৰ এক আভাস a
১. অব্ৰাহামৰ বিষয়ে চিন্তা কৰাৰ সময়ত আমাৰ মনলৈ হয়তো কি প্ৰশ্ন আহিব পাৰে?
বহুতো লোকে অব্ৰাহামৰ বিষয়ে শুনিছে, তথাপিও বেছিভাগ লোকে তেওঁৰ বিষয়ে বেছি কথা নাজানে। কিন্তু আপুনি তেওঁৰ বিষয়ে বহুতো কথা জানে। যেনে, আপুনি জানে যে “বিশ্বাস কৰা সকলোৰে তেওঁ যেন পিতৃ হয়।” (ৰোম. ৪:১১) কিন্তু আপুনি হয়তো ভাবিব পাৰে যে ‘মই অব্ৰাহামৰ দৰে হʼব পাৰিমনে আৰু তেওঁৰ নিচিনা যিহোৱাৰ ওপৰত বিশ্বাস কৰিব পাৰিম নে?’ আপুনি নিশ্চয় এইদৰে কৰিব পাৰিব।
২. অব্ৰাহামৰ বিষয়ে অধ্যয়ন কৰিলে কি লাভ হʼব? (যাকোব ২:২২, ২৩)
২ অব্ৰাহামৰ নিচিনা বিশ্বাস দেখুৱাৰ এটা ভাল উপায় হৈছে তেওঁৰ বিষয়ে অধ্যয়ন কৰা। তেওঁ সদায় যিহোৱাৰ আজ্ঞা পালন কৰিছিল। ঈশ্বৰৰ কথা শুনি তেওঁ নিজৰ ঘৰ-বাৰী এৰি আন এখন দেশলৈ গৈছিল আৰু বহু বছৰলৈকে তম্বুত থাকিছিল। আনকি তেওঁ নিজৰ মৰমৰ পুত্ৰ ইচ্হাকৰ বলি দিবলৈও সাজু আছিল। ইয়াৰ পৰা জানিব পাৰি যে অব্ৰাহামৰ যিহোৱাৰ ওপৰত বহুত বিশ্বাস আছিল। অব্ৰাহামৰ এই বিশ্বাস আৰু কামৰ বাবে তেওঁ ঈশ্বৰক আনন্দিত কৰিব পাৰিলে আৰু তেওঁৰ বন্ধু হʼব পাৰিলে। (যাকোব ২:২২, ২৩ পঢ়ক।) চিন্তা কৰক, এয়া কিমান ভাল আশীৰ্বাদ আছিল। আপুনিও এই আশীৰ্বাদ পোৱাটো যিহোৱাই বিচাৰে। সেইবাবে, তেওঁ পৌল আৰু যাকোবক অব্ৰাহামৰ বিষয়ে লিখিবলৈ কৈছিল। গতিকে আহক, ৰোমীয়া ৪ অধ্যায় আৰু যাকোব ২ অধ্যায়ত তেওঁৰ বিষয়ে যিবোৰ কথা কোৱা হৈছে, তালৈ মন কৰোঁ। এই দুয়োটা অধ্যায়ত অব্ৰাহামৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে।
৩. পৌল আৰু যাকোবে নিজৰ চিঠিত কোনটো কথা পুনৰাই কʼলে?
৩ পৌল আৰু যাকোব দুয়োজনে আদিপুস্তক ১৫:৬ পদত লিখা কথা পুনৰায় কʼলে। তাত লিখা আছে, ‘অব্ৰাহামে যিহোৱাত বিশ্বাস কৰিলত, যিহোৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্ম্মিকতা b বুলি গণনা কৰিলে।’ ঈশ্বৰে এজন মানুহক তেতিয়াহে ভাল ব্যক্তি বা নিৰ্দোষী বুলি ভাবে, যেতিয়া তেওঁ সেই ব্যক্তিজনৰ পৰা আনন্দিত হয়। চিন্তা কৰক, এয়া কিমান ডাঙৰ কথা যে এজন অসিদ্ধ আৰু পাপী ব্যক্তিয়ে ঈশ্বৰৰ দৃষ্টিত নিৰ্দোষী হʼব পাৰে। আপুনি ঈশ্বৰৰ দৃষ্টিত ভাল ব্যক্তি হʼব বিচাৰে আৰু আপুনি নিশ্চয় হʼব পাৰিব। কিন্তু কেনেকৈ বাৰু? এয়া জানিবলৈ আহক চাওঁ যে ঈশ্বৰে অব্ৰাহামক কিয় ভাল ব্যক্তি বুলি কʼলে।
ভাল ব্যক্তি হʼবলৈ বিশ্বাসৰ প্ৰয়োজন
৪. লোকসকলৰ বাবে ভাল ব্যক্তি হʼবলৈ কিয় কঠিন হয়?
৪ ৰোমৰ খ্ৰীষ্টানসকলক লিখা নিজৰ চিঠিত পৌলে কʼলে যে সকলো মানুহে পাপ কৰে। (ৰোম. ৩:২৩) তেনেহʼলে এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ দৃষ্টিত নিৰ্দোষী বা ভাল ব্যক্তি হʼব পাৰে আৰু তেওঁক আনন্দিত কৰিব পাৰে? যিসকল খ্ৰীষ্টানে সঁচাকৈ এই প্ৰশ্নৰ উত্তৰ জানিবলৈ বিচাৰে, তেওঁলোকক সহায় কৰিবলৈ পৌলে অব্ৰাহামৰ বিষয়ে জনালে।
৫. যিহোৱাই অব্ৰাহামক ভাল ব্যক্তি বুলি কিয় কʼলে? (ৰোমীয়া ৪:২-৪)
৫ অব্ৰাহামে কনান দেশত থকাৰ সময়তে যিহোৱাই তেওঁক ভাল ব্যক্তি বুলি কʼলে। অব্ৰাহামে মোচিৰ জৰিয়তে দিয়া সকলো নিয়ম পালন কৰিছিল বুলি তেওঁক ভাল ব্যক্তি বুলি কোৱা নাছিল। (ৰোম. ৪:১৩) আমি এয়া কিয় কʼব পাৰোঁ? কাৰণ তেতিয়ালৈকে যিহোৱাই নিজৰ লোকসকলক কোনো নিয়ম দিয়া নাছিল। যিহোৱাই তেওঁলোকক ৪০০ বছৰতকৈও বহু সময়ৰ পাছত এই নিয়ম দিছিল। তেনেহʼলে তেওঁ অব্ৰাহামক কিয় ভাল ব্যক্তি বুলি কʼলে? তেওঁৰ বিশ্বাসৰ বাবে। সঁচাকৈ, এয়া যিহোৱাৰ মহা কৃপা আছিল।—ৰোমীয়া ৪:২-৪ পঢ়ক।
৬. যিহোৱাই পাপ কৰা ব্যক্তিকো কেনেকৈ ভাল ব্যক্তি বুলি ভাবিব পাৰে?
৬ পৌলে এয়াও বুজালে যে যেতিয়া কোনোবাই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, তেতিয়া কিয় “তেওঁৰ সেই বিশ্বাস ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হয়।” (ৰোম. ৪:৫) তেওঁ কʼলে, “যি মানুহৰ অৰ্থে ঈশ্বৰে কৰ্ম্মৰ বিনে ধাৰ্ম্মিকতা গণনা কৰে, তেওঁৰ ধন্যবাদৰ বিষয়ে দায়ূদেও কৈছে, বোলে, যিবিলাকৰ অধৰ্ম্ম ক্ষমা কৰা হল, আৰু যিবিলাকৰ পাপ ঢকা হল, তেওঁবিলাক ধন্য। যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব, তেওঁ ধন্য।” (ৰোম. ৪:৬-৮; গীত. ৩২:১ ২) গতিকে, যি কোনোৱে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, ঈশ্বৰে তেওঁলোকৰ পাপ ঢাকি দিয়ে। তেওঁ তেওঁলোকৰ পাপ সম্পূৰ্ণৰূপে ক্ষমা কৰে আৰু সেইবোৰৰ পুনৰ হিচাপ নলয়। এইদৰে তেওঁলোকৰ বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক নিৰ্দোষী আৰু ভাল ব্যক্তি বুলি ভাবে।
৭. ঈশ্বৰে নিজৰ বিশ্বাসী সেৱকসকলক কিয় ভাল ব্যক্তি বুলি কʼলে?
৭ যিহোৱা ঈশ্বৰে অব্ৰাহাম, দায়ূদ আৰু আন বিশ্বাসী সেৱকসকলক ভাল ব্যক্তি বুলি কʼলে। কিন্তু তেওঁলোকেও অসিদ্ধ আছিল আৰু তেওঁলোকৰ পৰাও ভুল হৈছিল। তথাপিও তেওঁলোকৰ বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক ভাল ব্যক্তি বা নিৰ্দোষী বুলি গণ্য কৰিলে। বিশেষকৈ, সেই লোকসকলৰ তুলনাত যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। (ইফি. ২:১২) পৌলে ৰোমীয়া নামৰ নিজৰ চিঠিখনত বুজালে যে যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকে ঈশ্বৰৰ বন্ধু হʼব পাৰে। অব্ৰাহাম আৰু দায়ূদেও ঈশ্বৰৰ বন্ধু হʼব পাৰিলে। কাৰণ তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল। ঠিক সেইদৰে, আজি আমিও যদি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে আমি তেওঁৰ বন্ধু হʼব পাৰিম।
বিশ্বাসৰ লগতে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ
৮-৯. পৌল আৰু যাকোবে যি কথা লিখিলে, তাৰ বিষয়ে কিছুমান লোকৰ কি ভুল ধাৰণা আছে আৰু কিয়?
৮ ঈশ্বৰক আনন্দিত কৰিবলৈ কেৱল বিশ্বাসৰ প্ৰয়োজন নে আমি কোমো কৰিব লাগিব? প্ৰাচীন সময়ৰ পৰা পাদুৰীসকলে এই বিষয়ৰ ওপৰত তৰ্ক কৰি আহিছে। কিছুমান পাদুৰীয়ে কয় যে উদ্ধাৰ পাবলৈ প্ৰভু যীচুৰ ওপৰত বিশ্বাস কৰাটোৱে যথেষ্ট। হয়তো আপুনি তেওঁলোকক এইদৰে কোৱা শুনিছে, “প্ৰভুৰ নাম লোৱা আৰু উদ্ধাৰ পোৱা।” তেওঁলোকে হয়তো কʼব পাৰে যে পৌলেও কৈছিল যে এজন ব্যক্তিক “ঈশ্বৰে কৰ্ম্মৰ বিনে ধাৰ্ম্মিকতা গণনা কৰে।” (ৰোম. ৪:৬) আন কিছুমানে হয়তো এইদৰে কʼব পাৰে, “যদি আমি ডাঙৰ ডাঙৰ গীৰ্জা বা এনেধৰণৰ আন স্থানলৈ যাওঁ আৰু ভাল কাম কৰোঁ, তেনেহʼলে আমি নিশ্চয় উদ্ধাৰ পাম।” তেওঁলোকে এইদৰে কʼব পাৰে, যাকোবেও দেখোন কৈছিল, “কৰ্ম্মৰ দ্বাৰাই মানুহ ধাৰ্ম্মিক বুলি গণিত হয়, অকল বিশ্বাসৰ দ্বাৰাই নহয়।”—যাকো. ২:২৪.
৯ পাদুৰীসকলৰ বেলেগ বেলেগ চিন্তাধাৰাৰ বাবে বাইবেলৰ কিছুমান বিদ্বানসকলে ভাবে যে পৌল আৰু যাকোবে যি কথা শিকাইছিল, সেইবোৰ এটাই আনটোৰ লগত মিল নাই। এজনে কৈছিল যে ভাল ব্যক্তি হʼবলৈ কেৱল বিশ্বাস হোৱাটোৱেই যথেষ্ট, আন এজনে কৈছিল যে ইয়াৰ বাবে আমি ভাল কামো কৰিব লাগিব। এই কথাৰ বিষয়ে বাইবেলৰ এজন প্ৰফেচাৰে এইদৰে কৈছে, “যাকোবে এয়া বুজি পোৱা নাছিল যে পৌলে ভাল ব্যক্তি হʼবলৈ কেৱল বিশ্বাস হোৱাটোৱেই যথেষ্ট বুলি কিয় কৈছিল। তেওঁ পৌলৰ কথাত সন্মত নাছিল।” কিন্তু আমি জানোঁ যিহোৱাই পৌল আৰু যাকোবক এই কথাবোৰ লিখাইছিল। (২ তীম. ৩:১৬) তেওঁলোকে এই কথাবোৰ কিয় লিখিলে? এয়া বুজিবলৈ আহক এই কথাৰ ওপৰত ধ্যান দিওঁ যে তেওঁলোকে নিজৰ চিঠিত আৰু কি কি কথাবোৰৰ বিষয়ে লিখিলে।
১০. পৌলে বিশেষকৈ কি কি কামৰ বিষয়ে কৈছিল? (ৰোমীয়া ৩:২১, ২৮) (ছবিখনো চাওক।)
১০ ৰোমীয়া ৩ আৰু ৪ অধ্যায়ত পৌলে কি কৰ্ম বা কামৰ বিষয়ে কৈছিল? তেওঁ বিশেষকৈ বিধানৰ কামৰ কথা কৈ আছিল, যি মোচিক চীনয় পৰ্বতত দিয়া হৈছিল। (ৰোমীয়া ৩:২১, ২৮ পঢ়ক।) এনে অনুভৱ হয় যে পৌলৰ দিনত কিছুমান যিহূদী খ্ৰীষ্টান হৈছিল। তেওঁলোকক এই কথা ভাল লগা নাছিল যে এতিয়া তেওঁলোকক মোচিৰ নিয়ম পালন কৰাৰ প্ৰয়োজন নাই। সেইবাবে, পৌলে তেওঁলোকক অব্ৰাহামৰ উদাহৰণ দি কʼলে যে বিধানৰ কামবোৰৰ বাবে এজন মানুহ ভাল ব্যক্তি নহয়। তেওঁ নিজৰ বিশ্বাসৰ বাবেহে ভাল ব্যক্তি বুলি গণ্য হয়। ইয়াৰ অৰ্থ হৈছে যদি আমি ঈশ্বৰ আৰু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে আমি ঈশ্বৰক আনন্দিত কৰিব পাৰিম। এই কথাৰ পৰা আমি কিমান উৎসাহ পাওঁ।
১১. যাকোবে কি কামবোৰৰ বিষয়ে কৈছিল?
১১ কিন্তু যাকোব ২ অধ্যায়ত যি কামৰ বিষয়ে কোৱা হৈছে, সেয়া ‘বিধানৰ কাম’ নহয়, যাৰ বিষয়ে পাঁচনি পৌলে উল্লেখ কৰিছিল। খ্ৰীষ্টানসকলে দৈনন্দিন জীৱনত যি কামবোৰ কৰে, সেই কামবোৰৰ বিষয়ে যাকোবে ইয়াত কৈছিল। এই কামবোৰৰ পৰা গম পোৱা যায় যে এজন খ্ৰীষ্টানে প্ৰকৃততে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে নে নকৰে। আহক, যাকোবৰ কিতাপত এনে দুটা উদাহৰণৰ ওপৰত ধ্যান দিওঁ।
১২. বিশ্বাসৰ লগতে কাম কৰাটো গুৰুত্বপূৰ্ণ বুলি যাকোবে কেনেকৈ বুজালে? (ছবিখনো চাওক।)
১২ প্ৰথম উদাহৰণত যাকোবে কৈছে যে খ্ৰীষ্টানসকলে কাৰো লগত পক্ষপাত কৰা উচিত নহয়। এয়া বুজিবলৈ তেওঁ এনে এজন ব্যক্তিৰ উদাহৰণ দিছিল, যিজনে এজন ধনী ব্যক্তিৰ লগত ভালদৰে ব্যৱহাৰ কৰিছিল, কিন্তু এজন দুখীয়া ব্যক্তিৰ লগত ভালদৰে ব্যৱহাৰ কৰা নাছিল। যাকোবে কৈছিল যে সেই ব্যক্তিজনে হয়তো দাবী কৰিব পাৰে যে তেওঁৰ বিশ্বাস আছে। কিন্তু তেওঁৰ কামৰ পৰা এয়া দেখিবলৈ পোৱা নাযায়। (যাকো ২:১-৫, ৯) দ্বিতীয় উদাহৰণত যাকোবে আৰু এজন ব্যক্তিৰ বিষয়ে কৈছিল। সেই ব্যক্তিজনে চাই যে তেওঁৰ ভাই বা ভনী উদঙে আছে আৰু তেওঁৰ দৈনিক আহাৰ নাই, তথাপিও তেওঁক সহায় নকৰে। যদি এনে এজন ব্যক্তিয়ে কয় যে তেওঁৰ বিশ্বাস আছে কিন্তু তাৰ অনুসৰি কাম নকৰে, তেনেহʼলে তেওঁৰ বিশ্বাস থাকিও একো লাভ নাই। সেইবাবে, যাকোবে এইদৰে কৈছিল, “সেই দৰে বিশ্বাসো; যদি তাৰ কৰ্ম্ম নাথাকে, তেন্তে সি অকলে মৰা।”—যাকো. ২:১৪-১৭.
১৩. বিশ্বাসৰ লগতে কাম কৰাটো গুৰুত্বপূৰ্ণ বুলি যাকোবে কি উদাহৰণ দি বুজালে? (যাকোব ২:২৫, ২৬)
১৩ যাকোবে ৰাহাবৰ উদাহৰণ দি বুজালে যে যদি আমাৰ বিশ্বাস থাকে , তেনেহʼলে আমি নিজৰ কামৰ যোগেদি এয়া দেখুৱাম। (যাকোব ২:২৫, ২৬ পঢ়ক।) যিহোৱাই ইস্ৰায়েলীসকলক সহায় কৰিছিল বুলি ৰাহাবে শুনিছিল আৰু তেওঁ যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। (যিহো. ২:৯-১১) তেওঁ নিজৰ বিশ্বাস কামৰ যোগেদি দেখুৱালে। যেতিয়া দুজন ইস্ৰায়েলী চোৰাংচোৱাৰ জীৱন বিপদত আছিল, তেতিয়া ৰাহাবে তেওঁলোকক বচালে। এই কাৰণে যদিও তেওঁ অসিদ্ধ আছিল আৰু মোচিৰ নিয়ম পালন কৰা নাছিল, তথাপিও অব্ৰাহামৰ দৰে তেওঁকো ভাল ব্যক্তি বুলি কোৱা হʼল। ৰাহাবৰ পৰা আমি শিকিলোঁ যে বিশ্বাস থকাৰ লগতে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ।
১৪. পৌল আৰু যাকোবৰ কথাত মিল আছিল বুলি আমি কিয় কʼব পাৰোঁ?
১৪ পৌল আৰু যাকোবে বিশ্বাস আৰু কামবোৰৰ বিষয়ে কেৱল দুটা বেলেগ বেলেগ উপায়েৰে বুজাই আছিল। পৌলে যিহূদী খ্ৰীষ্টানসকলক কৈছিল যে তেওঁলোকে কেৱল নিয়মত কোৱা কামবোৰ কৰিলে যিহোৱাক আনন্দিত কৰিব নোৱাৰে। যাকোবে কৈছিল যে সকলো খ্ৰীষ্টানে বিশ্বাসৰ লগতে ভাল কামবোৰ কৰা উচিত।
১৫. আমাৰ বিশ্বাস আছে বুলি আমি নিজৰ কামৰ যোগেদি কেনেকৈ দেখুৱাব পাৰোঁ? (ছবিখনো চাওক।)
১৫ ভাল ব্যক্তি হʼবলৈ অব্ৰাহামে যিবোৰ কাম কৰিছিল, সেইবোৰ কাম আমিও কৰিব লাগিব বুলি যিহোৱাই কোৱা নাই। আমি বহুতো উপায়েৰে নিজৰ বিশ্বাস দেখুৱাব পাৰোঁ। যেনে, আমি মণ্ডলীত নতুনকৈ অহা লোকসকলক আদৰণি জনাব পাৰোঁ, সহায়ৰ প্ৰয়োজন হোৱা ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ আৰু নিজৰ পৰিয়ালৰ লোকসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। এইদৰে কৰিলে যিহোৱা আমাৰ পৰা আনন্দিত হʼব আৰু আমাক বহুতো আশীৰ্বাদ দিব। (ৰোমী. ১৫:৭; ১ তীম. ৫:৪, ৮; ১ যোহ. ৩:১৮) নিজৰ বিশ্বাস দেখুৱাৰ আটাইতকৈ ভাল উপায় হৈছে উৎসাহেৰে লোকসকলক প্ৰচাৰ কৰা। (১ তীম. ৪:১৬) যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু তেওঁৰ কথাবোৰ পালন কৰিলে আমাৰে লাভ হয়, এই কথা আমি বিশ্বাস কৰোঁ বুলি নিজৰ কামৰ যোগেদি দেখুৱাব পাৰোঁ। তেতিয়া আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাক ভাল ব্যক্তি বুলি ভাবিব আৰু আমাক নিজৰ বন্ধু বুলি কʼব।
বিশ্বাস কৰিবলৈ আশা থকাটো অতি গুৰুত্বপূৰ্ণ
১৬. অব্ৰাহামে যিহোৱাৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰিলে?
১৬ ৰোমীয়া ৪ অধ্যায়ত আৰু এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যি আমি অব্ৰাহামৰ পৰা শিকিব পাৰোঁ। সেয়া হৈছে আমি নিজৰ আশাৰ ওপৰত ধ্যান দিয়াটো অতি গুৰুত্বপূৰ্ণ। যিহোৱাই অব্ৰাহামক প্ৰতিজ্ঞা কৰিছিল যে তেওঁ ‘অনেক জাতিৰ পিতৃ’ হʼব আৰু তেওঁৰ যোগেদি ‘সমুদায় গোষ্ঠী’ অৰ্থাৎ অনেক জাতিয়ে আশীৰ্বাদ পাব। সঁচাকৈ, অব্ৰাহামৰ ওচৰত কিমান সুন্দৰ আশা আছিল। (আদি. ১২:৩; ১৫:৫; ১৭:৪; ৰোমী. ৪:১৭) কিন্তু অব্ৰাহাম যেতিয়া ১০০ বছৰৰ হৈছিল আৰু চাৰা ৯০, তেতিয়ালৈকেও তেওঁলোকৰ কোনো সন্তান নাছিল। এই বয়সত তেওঁলোকৰ সন্তান জন্ম হোৱাৰ কোনো আশা নাছিল। এনে পৰিস্থিতিত যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ অব্ৰাহামৰ হয়তো বহুত কঠিন হৈছিল। তথাপি তেওঁৰ ওচৰত যি “আশা” আছিল, তাৰ বাবে তেওঁ “বিশ্বাস” ৰাখিব পাৰিলে যে “তেওঁ অনেক জাতিৰ পিতৃ” হʼব। (ৰোমী. ৪:১৮, ১৯) আগলৈ গৈ তেওঁলোকৰ আশা পূৰ হʼল। তেওঁলোকৰ লʼৰা ইচ্হাকৰ জন্ম হʼল, যাৰ বাবে তেওঁলোকে বহু সময়ৰ পৰা বাট চাই আছিল।—ৰোমী. ৪:২০-২২.
১৭. ঈশ্বৰে আমাক ভাল ব্যক্তি আৰু নিজৰ বন্ধু বুলি ভাবিব পাৰে বুলি আমি কিয় কʼব পাৰোঁ?
১৭ অব্ৰাহামৰ দৰে আমিও যিহোৱাক আনন্দিত কৰিব পাৰোঁ আৰু যিহোৱাই আমাকো ভাল ব্যক্তি আৰু তেওঁৰ বন্ধু বুলি কʼব পাৰে। পৌলেও ইয়াৰ বিষয়ে এইদৰে লিখিছিল, “তেওঁলৈ গণিত হʼল বুলি যে কেৱল তেওঁৰ নিমিত্তে লিখা হল, এনে নহয়, আমাৰ নিমিত্তেও লিখা হল। আমাৰ প্ৰভু যীচুক মৃতবিলাকৰ মাজৰ পৰা তোলা জনাত বিশ্বাস কৰা যি আমি, আমালৈকো গণিত হব।” (ৰোমী. ৪:২৩, ২৪) অব্ৰাহামৰ দৰে আমিও যিহোৱাৰ ওপৰত বিশ্বাস কৰিব লাগিব, ভাল কাম কৰিব লাগিব আৰু যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হʼব বুলি আশা ৰাখিব লাগিব। পৌলে এই আশাৰ বিষয়ে ৰোমীয়া ৫ অধ্যায়তো কৈছে। পৰৱৰ্তী লেখত আমি ইয়াৰ বিষয়ে আৰু বেছিকৈ শিকিম।
গীত ২৮ যিহোৱাৰ বন্ধু কোন?
a যিহোৱাই আমাৰ পৰা আনন্দিত হোৱা আৰু আমাক ভাল ব্যক্তি বুলি কোৱাটো আমি সকলোৱে বিচাৰোঁ। ইয়াৰ বাবে আমি কি কৰিব লাগিব? এই প্ৰশ্নৰ উত্তৰ পাবলৈ আহক পৌল আৰু যাকোবে লিখা কথাবোৰলৈ ধ্যান দিওঁ। এই লেখত আমি এয়াও শিকিম যে ঈশ্বৰক আনন্দিত কৰিবলৈ বিশ্বাস কৰা আৰু ভাল কাম কৰা, এই দুয়োটাই কিয় ইমান গুৰুত্বপূৰ্ণ।
b কিছুমান বাইবেলত ভাল কাম কৰা ব্যক্তিক ধাৰ্মিক আৰু ধাৰ্মিকতা বুলি অনুবাদ কৰা হৈছে। সেইবাবে, এই লেখত যেতিয়া ধাৰ্মিক আৰু ধাৰ্মিকতা শব্দটো আহে, তেতিয়া ইয়াৰ অৰ্থ হৈছে ভাল কাম কৰা ব্যক্তি বা ভাল ব্যক্তি।