Skip to content

Skip to table of contents

মদৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী

মদৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী

যিহোৱাই আমাক বহুতো ভাল ভাল উপহাৰ দিছে। আনন্দৰ কথা যে এই উপহাৰ আমি কিদৰে ব্যৱহাৰ কৰিম, সেয়া তেওঁ আমাৰ ওপৰত এৰি দিছে। বাইবেলত কোৱা হৈছে যে মদ বা দ্ৰাক্ষাৰসো ঈশ্বৰৰ পৰা পোৱা উপহাৰ হয়। ইয়াত এইদৰে লিখা আছে “আমোদৰ কাৰণে ভোজ পতা হয়, আৰু দ্ৰাক্ষাৰসে জীৱনক হৰ্ষিত কৰে।” (উপ. ১০:১৯; গীত. ১০৪:১৫) হয়তো আপুনি দেখিবলৈ পাইছে মদৰ কাৰণে বহুতো লোকে সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও, গোটেই পৃথিৱীত মদৰ বিষয়ে লোকসকলৰ বেলেগ বেলেগ মতামত আছে। তেনেহʼলে খ্ৰীষ্টানসকলে কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে?

আমি যিকোনো পৰিস্থিতিত ডাঙৰ-দীঘল নহওঁ কিয়, এই ক্ষেত্ৰত যিহোৱাৰ দৃষ্টিভংগী ৰখা উচিত। যেতিয়া আমি যিহোৱাৰ মানদণ্ডৰ অনুসাৰে নিৰ্ণয় লওঁ, তেতিয়া আমাৰ লাভ হয় আৰু আমি আনন্দত থাকোঁ।

পৃথিৱীত লোকসকলক মদ খোৱা বা বেছিকৈ মদ খোৱা হয়তো আপুনি নিশ্চয় দেখিছে। কিছুমান লোকে ভাগৰ দূৰ কৰিবলৈ, কিছুমানে নিজৰ সমস্যাবোৰ পাহৰিবলৈ আৰু কিছুমানে আনক দেখুৱাবলৈ মদ খায়। কিছুমান ঠাইত লোকসকলে ভাবে যে যিসকলে বেছিকৈ খাব পাৰে, তেওঁলোকহে আচল পুৰুষ।

কিন্তু ঈশ্বৰে এই বিষয়ে আমাক ভাল পৰামৰ্শ দিছে। যেনে, তেওঁ কৈছে যে বেছিকৈ মদ খালে তাৰ কি বেয়া পৰিণাম হʼব পাৰে। হিতোপদেশ ২৩:২৯-৩৫ পদত স্পষ্টকৈ কোৱা হৈছে যে যিসকল লোকে মদৰ নিচাত থাকে, সেই লোকসকলৰ অৱস্থা কি হয়। যিসকল লোকে বেছিকৈ মদ খাই, তেওঁলোকৰ কি কি সমস্যা হʼব পাৰে। a ইউৰোপত থকা এজন প্ৰাচীন ভাই দানিয়েলৰ উদাহৰণলৈ মন কৰক। সত্যত অহাৰ আগতে তেওঁৰ জীৱন কেনেকৈ আছিল তাৰ বিষয়ে তেওঁ এইদৰে কৈছে, “মই বহুত বেছিকৈ মদ খাইছিলোঁ আৰু ইয়াৰ বাবে মই বহুতো ভুল নিৰ্ণয় লʼলোঁ। ইয়াৰ কাৰণে মোৰ ওপৰত কি কি সমস্যা আহিল, তাক মই শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আজিও সেই কথাবোৰ মনত পৰিলে মই নিৰাশ হৈ পৰোঁ।”

খ্ৰীষ্টানসকলে কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে আৰু ইয়াৰ বেয়া পৰিণামৰ পৰা বাচিব পাৰে? এই বিষয়ে যিহোৱাই কি ভাবে এয়া আমাক জানিব লাগিব আৰু সেই অনুসৰি নিৰ্ণয় লʼব লাগিব।

আহক চাওঁ, বাইবেলত মদৰ বিষয়ে কি কোৱা হৈছে আৰু এয়াও চাম যে কিছুমান লোকে কিয় মদ খাই।

বাইবেলত কি কোৱা হৈছে

বাইবেলত সীমিত পৰিমাণত মদ খোৱাটো বেয়া বুলি কোৱা নাই। ইয়াত কোৱা হৈছে মদ খালে আমাৰ মন আনন্দিত হয়। ইয়াত লিখা আছে, “আনন্দেৰে নিজৰ আহাৰ ভোজন আৰু হৰ্ষিত মনেৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ।” (উপ. ৯:৭) কিছুমান সময়ত যীচুৱেও দ্ৰাক্ষাৰস পান কৰিছিল। ইয়াৰ লগতে কিছুমান যিহোৱাৰ বিশ্বাসী সেৱকসকলেও দ্ৰাক্ষাৰস পান কৰিছিল।—মথি ২৬:২৭-২৯; লূক ৭:৩৪; ১ তীম. ৫:২৩.

কিন্তু বাইবেলত স্পষ্টকৈ কোৱা হৈছে যে সীমিত পৰিমাণত মদ খোৱা আৰু মদ খাই মতলীয়া হোৱাৰ মাজত বহুত পাৰ্থক্য আছে। ইয়াত লিখা আছে, “দ্ৰাক্ষাৰসেৰে মতলীয়া নহবা।” (ইফি. ৫:১৮) ইয়াত এয়াও কোৱা হৈছে, ‘মতলীয়াবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।’ (১ কৰি. ৬:১০) ইয়াৰ পৰা বুজিব পাৰি যে যিহোৱাই বেছিকৈ মদ খোৱা আৰু মতলীয়া হোৱা লোকসকলক একেবাৰে ভাল পায়। গতিকে, আমি নিৰ্ণয় লোৱাৰ সময়ত আমাৰ ওচৰে-পাজৰে থকা লোকসকলক চাই নিৰ্ণয় নলওঁ, ইয়াৰ পৰিৱৰ্তে যিহোৱাই ইয়াৰ বিষয়ে কি ভাবে তাৰ প্ৰতি ধ্যান দিওঁ।

কিছুমান লোকে ভাবে মই যিমান মদ খালেও মতলীয়া নহʼম। কিন্তু এইদৰে কৰিলে বহুতো বিপদ হয়। বাইবেলত এয়া স্পষ্টকৈ কোৱা হৈছে যে যদি কোনো পুৰুষ বা মহিলাই “বহু দ্ৰাক্ষৰসৰ দাসী” হয়, তেনেহʼলে তেওঁ বহু ডাঙৰ পাপ কৰিব পাৰে আৰু যিহোৱাৰ লগত থকা তেওঁৰ সম্পৰ্কও বেয়া হʼব পাৰে। (তীত ২:৩; হিতো. ২০:১) যীচুৱে এয়াও কৈছিল যে যিসকল লোকে ‘অপৰিমিত ভোজন’ কৰে, তেওঁলোকে নতুন পৃথিৱীত সোমাব নোৱাৰিব। (লূক ২১:৩৪-৩৬) তেনেহʼলে এজন খ্ৰীষ্টানে কেনেকৈ মদ খোৱাৰ বেয়া পৰিণামৰ পৰা বাচিব পাৰে ?

আপুনি কিয়, কেতিয়া আৰু কিমান মদ খাই?

আপুনি মদ খোৱাৰ নিৰ্ণয় লোৱাৰ সময়ত অকল এই বিষয়ৰ ওপৰত ধ্যান দিয়ে নে যে আপোনাৰ ওচৰে-পাজৰে থকা লোকসকলে কি ভাবে? যদি হয়, তেনেহʼলে এয়া বৰ বিপদজনক হʼব পাৰে। যেতিয়া খোৱা-বোৱাৰ কথা আহে, তেতিয়া খ্ৰীষ্টানসকলে যিহোৱাই কি কথাত আনন্দিত হয়, ইয়াৰ ওপৰত ধ্যান দিয়ে। বাইবেলত লিখা আছে, “তোমালোকে ভোজন-পান আদি যি যি কৰ্ম্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা।” (১ কৰি. ১০:৩১) আহক কিছুমান প্ৰশ্নৰ ওপৰত ধ্যান দিম আৰু এয়াও জানিম যে বাইবেলত ইয়াৰ বিষয়ে কি কি সিদ্ধান্ত দিয়া আছে।

লোকসকলে মোক ঠাট্টা নকৰক বুলি মই মদ খাওঁ নে? যাত্ৰাপুস্তক ২৩:২ “তুমি কুকৰ্ম্ম কৰিবলৈ বহু লোকৰ অনুগামী নহবা, আৰু বিচাৰত অন্যায় কৰিবলৈ বহু লোকৰ পক্ষ হৈ সিদ্ধান্ত নকৰিবা।” ইয়াত যিহোৱাই ইজ্ৰায়েলী লোকসকলক সাৱধান কৰি আছে যে তেওঁলোকে সেই লোকসকলৰ দৰে নহওক, যিসকলে বেয়া বেয়া কাম কৰি আছে। আজি খ্ৰীষ্টানসকলে এই কথাৰ ওপৰত ধ্যান দিয়া উচিত। মদৰ বিষয়ে যদি আমি আমাৰ বন্ধুসকলৰ দৰে ভাবোঁ, তেওঁলোকৰ দৰে কৰোঁ, তেনেহʼলে লাহে লাহে আমি হয়তো বাইবেলৰ মানদণ্ডবোৰ মানিবলৈ এৰি দিম আৰু যিহোৱাৰ পৰা আতঁৰি যাম।—ৰোম. ১২:২.

মই মোৰ শক্তি দেখুৱাবলৈ মদ খাওঁ নে? কিছুমান সংস্কৃতিত বহু বেছি পৰিমানে মদ খোৱা হয় আৰু এয়া বেয়া বুলিও নাভাবে। (১ পিত. ৪:৩) মন কৰক যে বাইবেলত কি ভাল পৰামৰ্শ দিয়া আছে। ১ কৰিন্থীয়া ১৬:১৩ পদত এইদৰে লিখা আছে, “তোমালোকে পৰ দি থাকা, বিশ্বাসত সুস্থিৰ হোৱা, পুৰুষালি দেখুউৱা, শক্তিমন্ত হোৱা।” মদ খালেহে এজন ব্যক্তিয়ে আচল পুৰুষ বা শক্তিশালী হʼব পাৰে নে? নহয়, ইয়াৰ পৰিৱৰ্তে এজন ব্যক্তি মদ খালে ভালকৈ ভাবিব নোৱাৰে আৰু কামো কৰিব নোৱাৰে। ইয়াৰ পৰা বুজিব পাৰোঁ যে মদ খোৱাটো শক্তিৰ নহয় দুৰ্বলতাৰহে চিন। যিচয়া ২৮:৭ পদত কোৱা হৈছে, যিসকল লোকে মদ খাই মতলীয়া হৈ থাকে, তেওঁলোকে ভালদৰে খোজ কাঢ়িব নোৱাৰে আৰু সঠিক নিৰ্ণয়ো লʼব নোৱাৰে।

যিজন ব্যক্তিয়ে ‘পৰি দি বিশ্বাসত সুস্থিৰে’ থাকে, তেওঁহে প্ৰকৃত অৰ্থত শক্তিশালী। এনে ব্যক্তিয়ে সদায় সতৰ্ক হৈ থাকে আৰু এনে কোনো কাম নকৰে যাৰ পৰা যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হʼব পাৰে। যিহোৱাৰ সহায়তহে এজন ব্যক্তি শক্তিশালী হৈ এইদৰে কৰিব পাৰে। (গীত. ১৮:৩২) এই ক্ষেত্ৰত যীচুৱে আমাৰ বাবে ভাল উদাহৰণ ৰাখিছিল। যিহোৱাৰ লগত তেওঁৰ ভাল সম্পৰ্ক আছিল, সেইবাবে যীচুৱে সদায় সাহসেৰে সঠিক কাম কৰিছিল।

মই মোৰ চিন্তা আৰু দুখ পাহৰিবলৈ মদ খাওঁ নে? এজন গীত ৰচকে এইদৰে কৈছে, “মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।” (গীত. ৯৪:১৯) চিন্তাই যেতিয়া আপোনাক আগুৰি ধৰে, তেতিয়া আপুনি মদ খোৱাৰ পৰিৱৰ্তে যিহোৱাৰ পৰা সহায় লওক, তেতিয়া তেওঁ আপোনাক মনৰ শান্তি দিব। যিহোৱাৰ পৰা সহায় পাবলৈ বাৰে বাৰে তেওঁলৈ প্ৰাৰ্থনা কৰক। ইয়াৰ উপৰিও আপুনি মণ্ডলীৰ বুদ্ধিমান বন্ধুসকলৰ পৰা সহায় লʼব পাৰে। এইদৰে কৰাৰ বাবে বহুতো লোকে লাভৱান হʼল। মদ খালে আমাৰ চিন্তা আৰু সমস্যাবোৰ কমি নাযায়, ইয়াৰ পৰিৱৰ্তে সঠিক কাম কৰাৰ ইচ্ছা দুৰ্বল হৈ পৰে। (হোচে. ৪:১১) আগতে উল্লেখ কৰা ভাই দানিয়েলে এইদৰে কয়, “মই বহুত চিন্তিত হৈ পৰিছিলোঁ আৰু আগতে মই যিবোৰ ভুল কৰিলোঁ, তাৰ বিষয়ে চিন্তা কৰি মই দুখত থাকিছিলোঁ। সেইবাবে, মই মদ খাবলৈ ধৰিলোঁ। ইয়াৰ বাবে মোৰ সমস্যাবোৰ আৰু বাঢ়ি গʼল। লোকসকলৰ লগত মোৰ বন্ধুত্ব নাইকিয়া হʼল আৰু মই নিজকে তল চকুৰে চাবলৈ ধৰিলোঁ।” তেনেহʼলে কি কথাই ভাই দানিয়েলক সহায় কৰিলে? তেওঁ এইদৰে কৈছে, “মই অনুভৱ কৰিব পাৰিলোঁ যে যিহোৱাই মোৰ সমস্যা সমাধান কৰিব পাৰিব, মদে নহয়। যেতিয়া মই তেওঁৰ পৰা সহায় লʼলোঁ, তেতিয়া মই নিজৰ সমস্যাৰ লগত যুঁজিব পাৰিলোঁ আৰু শান্ত্বনা পালোঁ।” বহুবাৰ আমি ইমানে চিন্তিত হৈ পৰোঁ যে আমাৰ ওচৰত কোনো আশাই নাথাকে, কিন্তু সেই সময়তো যিহোৱাই আমাক সহায় কৰিবলৈ সাঁজো হৈ থাকে।—ফিলি. ৪:৬, ৭; ১ পিত. ৫:৭.

যদি আপুনি কেতিয়াবা কেতিয়াবা মদ খাই আৰু এই ক্ষেত্ৰত আপোনাক কিছুমান সাল-সলনি কৰাৰ প্ৰয়োজন আছে নে নাই, ইয়াক বুজিবলৈ আপুনি নিজকে কিছুমান প্ৰশ্ন সুধিব পাৰে। যেনে: ‘এই ক্ষেত্ৰত মোৰ পৰিয়ালৰ লোকসকলে বা বন্ধুৱে মোক বাধা দিছে নে?’ যদি এইদৰে হয়, তেনেহʼলে মদ খোৱাটো আপোনাৰ অভ্যাস হৈ পৰিছে আৰু আপুনি ইয়াৰ বিষয়ে গমেই পোৱা নাই। অথবা আপুনি ভাবিব পাৰে,‘মই আগতকৈ বেছি মদ খাবলৈ আৰম্ভ কৰিছোঁ নে?’ হয়তো এজন ব্যক্তিৰ এতিয়ালৈকে মদ খোৱাটো অভ্যাস হৈ পৰা নাই, কিন্তু তেওঁ যদি এইদৰেই মদ খাই থাকে, তেনেহʼলে আগলৈ গৈ মদ খোৱাটো তেওঁৰ অভ্যাস হৈ পৰিব। এই বিষয়ে চিন্তা কৰক, ‘কিছু দিনলৈকে মদ নাখালে মই থাকিব নোৱাৰোঁ নে?’ যদি নোৱাৰে, তেনেহʼলে আপোনাৰ অভ্যাস হৈ পৰিছে। ইয়াৰ পৰা ওলাই আহিবলৈ হয়তো আপোনাক ডাক্তৰ বা আন কাৰোবাৰ পৰা সহায় লোৱাৰ প্ৰয়োজন আছে।

আমি বুজিব পাৰিলোঁ যে মদ খালে বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে। সেই কাৰণে কিছুমান খ্ৰীষ্টানে অলপো মদ নাখাবলৈ নিৰ্ণয় লৈছে। আন কিছুমানে ইয়াৰ সোৱাদ ভাল নলগাৰ কাৰণে নাখায়। যদি আপোনাৰ বন্ধুৱে মদ নাখাই, তেনেহʼলে তাক কিবা-কবি কোৱাৰ পৰিৱৰ্তে তেওঁৰ নিৰ্ণয়ক সন্মান কৰক। এনে কৰাৰ যোগেদি আপুনি তেওঁক প্ৰেম কৰে বুলি দেখুৱাব।

হয়তো আপুনি এটা পৰিমাণত মদ খাবলৈ বা কিমান বাৰ খাব, তাৰ নিৰ্ণয় লৈছে। যেনে, সপ্তাহত এবাৰ বা আহাৰ খোৱাৰ সময়ত অলপ পৰিমানে। হয়তো কিছুমান খ্ৰীষ্টানে অলপ বেলেগ ধৰণৰ মদ খাবলৈ নিৰ্ণয় লৈছে। যেনে, তেওঁ হয়তো অলপ পৰিমানে ওৱাইন বা বিয়েৰ খাম বুলি ভাবিছে, যাৰ পৰা বেছি নিচা নহয়, কিন্তু বেছি নিচা হোৱা মদ একেবাৰে নাখাব, আনকি কলড্ৰিংকচ বা জুচতো মিলাই নাখাব। যেতিয়া এজন ব্যক্তিয়ে মদ খোৱাৰ বিষয়ে কিছুমান নিৰ্ণয় লয়, তেতিয়া তাৰ অনুসৰি চলিবলৈ তেওঁৰ বাবে সহজ হয়। যদি এজন খ্ৰীষ্টানে এই ক্ষেত্ৰত কোনো এটা নিৰ্ণয় লৈছে আৰু তাৰ অনুসৰি চলিছে, তেনেহʼলে তেওঁ এয়া ভাবি নিৰাশ হোৱাৰ প্ৰয়োজন নাই যে আনে তেওঁৰ বিষয়ে কি ভাবিব।

মদ খোৱাৰ সময়ত আপুনি আনৰ বিষয়ে চিন্তা কৰা উচিত। ৰোমীয়া ১৪:২১ পদত এইদৰে কৈছে, “মঙহ খোৱা, বা দ্ৰাক্ষাৰস পান কৰা, বা আন যি কাৰ্য্যৰ দ্বাৰাই তোমাৰ ভায়েৰাই উজটি খায়, তাক নকৰাই ভাল।” আপুনি এই পৰামৰ্শ কেনেকৈ পালন কৰিব? ভাই-ভনীসকলক প্ৰেম কৰাৰ যোগেদি। কিছুমান পৰিস্থিতিত আপোনাক হয়তো লাগিব পাৰে যে আপুনি মদ খোৱাৰ বাবে আনে উজটি খাব পাৰে। এনে পৰিস্থিতিত ভাই-ভনীসকলৰ প্ৰতি থকা প্ৰেমৰ বাবে আপুনি মদ নাখাওঁ বুলি নিৰ্ণয় লʼব নে? এনে কৰাৰ যোগেদি আপুনি দেখুৱাব যে আপুনি অকল নিজৰ বিষয়ে নহয়, আনৰ বিষয়েও চিন্তা কৰে।—১ কৰি. ১০:২৪.

ইয়াৰ উপৰিও এজন খ্ৰীষ্টানে যিখন দেশত থাকে, হয়তো সেই দেশৰ চৰকাৰে মদ খোৱাৰ বিষয়ে কিছুমান নিয়ম বনাইছে। তেওঁ সেই নিয়মবোৰ মনত ৰাখি নিৰ্ণয় লোৱা উচিত। হয়তো চৰকাৰে এটা নিয়ম বনাইছে যে নিৰ্ধাৰিত বয়সৰ লোকসকলেহে মদ খাব পাৰে, তাতকৈ কম বয়সৰ লোকসকলে খাব নোৱাৰে। অথবা মদ খোৱাৰ পাছত এজন ব্যক্তিয়ে গাড়ী বা কোনো ধৰণৰ মেচিন চলাব নোৱাৰে।—ৰোম. ১৩:১-৫.

যিহোৱাই আমাক যিবোৰ ভাল উপহাৰ দিছে, সেইবোৰ আমি কেনেকৈ ব্যৱহাৰ কৰিম, সেয়া তেওঁ আমাৰ ওপৰত এৰি দিছে। এই স্বাধীনতা কোনো উপহাৰতকৈ কম নহয়। গতিকে আমি নিজেই নিৰ্ণয় লোৱা উচিত যে আমি কি খাম আৰু কি পান কৰিম। সেইবাবে, আহক আমি এনে নিৰ্ণয় লওঁ, যাৰ পৰা যিহোৱা আনন্দিত হয় আৰু এয়াও দেখুৱাও যে তেওঁ দিয়া উপহাৰৰ প্ৰতি আমি কৃতজ্ঞ।

a আমেৰিকাৰ এটা স্বাস্থ্য সংগঠনৰ অনুসৰি এজন ব্যক্তিয়ে এবাৰতে বেছি পৰিমাণৰ মদ খায়, তেনেহʼলে তেওঁৰ বহুতো বিপদ হʼব পাৰে। যেনে: এজন ব্যক্তিয়ে হয়তো কাৰোবাক হত্যা কৰিব পাৰে, কোনো ব্যক্তিক যৌন উৎপীড়ন কৰিব পাৰে, নিজৰ সংগীক মাৰ-পিট কৰিব বা আত্মহত্যা কৰিব পাৰে। এজনী গৰ্ভৱতী তিৰোতাৰ অজন্মা সন্তানৰ মৃত্যু হʼব পাৰে বা এজনী তিৰোতাই নিবিচাৰৰ সত্ত্বেও গৰ্ভৱতী হʼব পাৰে বা অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখাৰ বাবে হয়তো ডাঙৰ বেমাৰো হʼব পাৰে।