Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৯

গীত নং ১৪৭ অনন্ত জীৱনৰ প্ৰতিজ্ঞা

অনন্ত জীৱন কেনেকৈ পাব পাৰোঁ?

অনন্ত জীৱন কেনেকৈ পাব পাৰোঁ?

“যি কোনোৱে পুত্ৰক গ্ৰহণ কৰে আৰু তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পাব।”যোহ. ৬:৪০.

কি শিকিম?

অভিষিক্ত খ্ৰীষ্টানসকল আৰু অন্য মেৰৰ লোকসকল যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ পৰা কি আশীৰ্বাদ লাভ কৰে।

১. বহুতো লোকে কিয় সদায় জীয়াই থকাৰ বিষয়ে নাভাবে?

 বহুতো লোকে স্বাস্থ্যৱান হৈ থাকিবলৈ খোৱা-বোৱাত ধ্যান দিয়ে আৰু নিয়মীয়াকৈ ব্যায়াম কৰে। কিন্তু তেওঁলোকে এয়া কেতিয়াও নাভাবে যে তেওঁলোকে সদায় জীয়াই থাকিব। কাৰণ তেওঁলোকে ভাবে এয়া অসম্ভৱ, এদিন নহয় এদিন সকলোৱে মৰিবই লাগিব। বৃদ্ধ বয়সত যি সমস্যাবোৰ আহে, তাৰ বাবেও লোকসকলে সদায় জীয়াই থাকিব নিবিচাৰে। যেনে, যোহন ৩:১৬ আৰু যোহন ৫:২৪ পদৰ পৰা জানিব পাৰি যে যীচুৱে কৈছিল লোকসকলে সদায় জীয়াই থকাটো সম্ভৱ, এয়া ঈশ্বৰৰ ফালৰ পৰা এক আশীৰ্বাদ হয়।

২. যোহন ৬ অধ্যায়ত অনন্ত জীৱনৰ বিষয়ে কি কোৱা হৈছে? (যোহন ৬:৩৯, ৪০)

যেনেকৈ আমি ইয়াৰ আগৰ লেখত আলোচনা কৰিছিলোঁ এবাৰ যীচুৱে হাজাৰ হাজাৰ লোকক চমৎকাৰ কৰি ৰুটি আৰু মাছ খোৱাইছিল। (যোহ. ৬:৫-৩৫) এয়া এক আচৰিতজনক চমৎকাৰ আছিল। কিন্তু পাছদিনাখন যেতিয়া লোকসকলৰ ভীৰ তেওঁৰ পিছে পিছে গালীল সাগৰৰ ওচৰত কফৰনাহূমলৈ আহিল, তেতিয়া যীচুৱে তেওঁলোকক যি কʼলে সেয়া আৰু আচৰিতজনক আছিল। যীচুৱে তেওঁলোকক জনালে যে যিসকলৰ মৃত্যু হৈ গৈছে, তেওঁ তেওঁলোকক আকৌ জীয়াই তুলিব পাৰে আৰু তেওঁলোকে অনন্ত জীৱন পাব পাৰে। (যোহন ৬:৩৯, ৪০ পঢ়ক।) যীচুৰ কথাৰ পৰা জানিব পাৰি যে হয়তো বহুতো লোকক আকৌ জীয়াই তোলা হʼব। চিন্তা কৰক, আপুনি আপোনাৰ যি আপোন লোকসকলক মৃত্যুত হেৰুৱাইছে, তেওঁলোকক আকৌ লগ পাব পাৰে। আপুনি পৰিয়ালৰ লোকসকল আৰু বন্ধুসকলৰ লগত সদায় জীয়াই থাকিব পাৰিব। কিন্তু যীচুৱে ৬ অধ্যায়ত ইয়াৰ পাছত যি কৈছিল, এয়া বহুতো লোকৰ বাবে বুজি পোৱাটো কঠিন হয়। আহক এই শব্দবোৰৰ ওপৰত মন কৰোঁ।

৩. যোহন ৬:৫১ পদৰ অনুসৰি যীচুৱে নিজৰ বিষয়ে কি কʼলে?

যেতিয়া যীচুৱে চমৎকাৰ কৰি লোকসকলক ৰুটি খুৱালে, তেতিয়া তেওঁলোকৰ মান্নাৰ মনত পৰিছিল, যি যিহোৱাই ইস্ৰায়েলীসকলক অৰণ্যত খুৱাইছিল। বাইবেলত মান্নাক ‘স্বৰ্গীয় আহাৰ’ বুলি কোৱা হৈছে। (গীত. ১০৫:৪০; যোহ. ৬:৩১) সেইবাবে, যীচুৱে মান্নাৰ বিষয়ে উল্লেখ কৰি লোকসকলক এটা গুৰুত্বপূৰ্ণ কথা শিকালে। তেওঁ নিজৰ বিষয়ে কʼলে যে তেওঁ “স্বৰ্গৰ পৰা প্ৰকৃত আহাৰ” “ঈশ্বৰে দিয়া আহাৰ” আৰু “জীৱন দিওঁতা আহাৰ” হয়। (যোহ. ৬:৩২, ৩৩, ৩৫) পাছত তেওঁ মান্না আৰু তেওঁৰ মাজত এটা ডাঙৰ পাৰ্থক্য জনালে। মান্না ঈশ্বৰে দিয়া উপহাৰ আছিল। কিন্তু তাক খোৱা লোকসকলে এদিন মৰিবলগীয়া হʼল। (যোহ. ৬:৪৯) কিন্তু যীচুৱে নিজৰ বিষয়ে কʼলে যে “স্বৰ্গৰ পৰা নামি অহা জীৱন দিওঁতা আহাৰ ময়েই হওঁ। যদি কোনোৱে এই আহাৰৰ পৰা খায়, তেওঁ সদায় জীয়াই থাকিব।” (যোহন ৬:৫১ পঢ়ক।) এয়া শুনি যিহূদী লোকসকলে ভাবিবলৈ ধৰিলে, যীচুৱে নিজকে স্বৰ্গৰ পৰা অহা “আহাৰ” বুলি কেনেকৈ কʼব পাৰে? তেওঁ সেই মান্নাৰ পৰা উত্তম কেনেকৈ হʼব পাৰে, যি ঈশ্বৰে আমাৰ পূৰ্ব পুৰুষসকলক দিছিল? পাছত যীচুৱে তেওঁলোকক যি কʼলে তাত এই প্ৰশ্নৰ উত্তৰ আছিল। তেওঁ তেওঁলোকক কʼলে, “যি আহাৰ মই দিম, সেয়া মোৰ শৰীৰ হয়।” তেওঁ কোৱাৰ অৰ্থ কি আছিল? এয়া বুজাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ পৰা আমি জানিব পাৰোঁ যে আমি আৰু আমাৰ আপোন লোকসকলে অনন্ত জীৱন কেনেকৈ পাব পাৰে? গতিকে আহক এয়া চাওঁ যে যীচুৱে কি কʼব বিচাৰিছিল?

জীৱন দিওঁতা আহাৰ আৰু যীচুৰ শৰীৰৰ অৰ্থ

৪. যীচুৰ কথা শুনি কিছুমান যিহূদী কিয় আচৰিত হʼল?

যেতিয়া যীচুৱে তেওঁলোকক কʼলে যে তেওঁ নিজৰ শৰীৰ মানুহৰ কাৰণে দিব, তেতিয়া কিছুমান যিহূদী আচৰিত হʼল। হয়তো তেওঁলোকে ভাবিলে যে যীচু সঁচাকৈ তেওঁলোকক নিজৰ মাংস খাবলৈ দিব। (যোহ. ৬:৫২) ইয়াৰ পাছত যীচুৱে যি কʼলে সেয়া শুনি যিহূদীসকলে আৰু বেছিকৈ আচৰিত হʼল। তেওঁ কʼলে, “মানুহৰ পুত্ৰৰ মাংস আৰু তেজ নোখোৱালৈকে তোমালোকে জীৱন নাপাবা।”—যোহ. ৬:৫৩.

৫. যীচুৱে সঁচাকৈ তেজ খাবলৈ কোৱা নাছিল বুলি আমি কিয় কʼব পাৰোঁ?

নোহৰ সময়ত যিহোৱাই লোকসকলক তেজ খাবলৈ মানা কৰিছিল। (আদি. ৯:৩, ৪) পাছত যিহোৱাই এই নিয়ম ইস্ৰায়েলীসকলকো দিছিল। যদি কোনোবাই তেজ খায়, তেনেহʼলে তেওঁক “উচ্ছন্ন কৰা” বা মৃত্যু দণ্ড দিয়া হʼলহেঁতেন। (লেবী. ৭:২৭) যীচু ঈশ্বৰৰ নিয়ম পালন কৰিছিল আৰু আনকো এইদৰে কৰিবলৈ উৎসাহিত কৰিছিল। (মথি ৫:১৭-১৯) সেইবাবে, এইদৰে হʼবই নোৱাৰে যে তেওঁ যিহূদীসকলক তেওঁৰ মাংস খাবলৈ আৰু তেওঁৰ তেজ পান কৰিবলৈ কৈছিল। কিন্তু যীচুৱে এয়া কৈ জনাব বিচাৰিছিল যে তেওঁলোকে অনন্ত জীৱন কেনেকৈ পাব পাৰে।—যোহ. ৬:৫৪.

৬. আমি এয়া কিয় কʼব পাৰোঁ যে যোহন ৬:৫৩ পদত যীচুৱে কেৱল উদাহৰণ দি এটা গুৰুত্বপূৰ্ণ কথা শিকাই আছিল?

যীচুৱে কেৱল উদাহৰণ দি এটা গুৰুত্বপূৰ্ণ কথা বুজাব বিচাৰিছিল। তেওঁ আগতেও এগৰাকী চমৰীয়া তিৰোতাৰ লগত কথা পতাৰ সময়ত এইদৰে কৰিছিল। তেওঁ কৈছে, “যি কোনোৱে মই দিয়া পানী খাব, তেওঁৰ আৰু কেতিয়াও পিয়াহ নালাগিব। যি পানী মই তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত বুৰবুৰাই ওলাই থকা পানীৰ ভুমুকৰ দৰে হʼব, যিয়ে তেওঁক অনন্ত জীৱন দিব।” (যোহ. ৪:৭, ১৪) a যীচুৱে সেই তিৰোতাক এয়া কোৱা নাছিল যে, তাই সঁচাকৈ পানী খাই অনন্ত জীৱন পাব পাৰে। ঠিক সেইদৰে কফৰনাহূমত যীচুৱে লোকসকলক এয়া কোৱা নাছিল যে অনন্ত জীৱন পাবলৈ সঁচাকৈ যীচুৰ মাংস খাব লাগিব আৰু তেওঁৰ তেজ পান কৰিব লাগিব।

দুটা ঘটনাৰ মাজত পাৰ্থক্য

৭. যোহন ৬:৫৩ পদত যীচুৱে যি কৈছিল, সেই বিষয়ে কিছুমান লোকে কি ভাবে?

কিছুমান লোকে কয় যে যোহন ৬:৫৩ পদত যীচুৱে বুজাইছিল যে প্ৰভুৰ সন্ধ্যা ভোজ কেনেকৈ পালন কৰা উচিত। কাৰণ আগলৈ গৈ সেয়া পালন কৰাৰ সময়ত যীচুৱে একেধৰণৰ শব্দ ব্যৱহাৰ কৰিছিল। (মথি ২৬:২৬-২৮) সেইবাবে, তেওঁলোকে ভাবে যে প্ৰভুৰ সন্ধ্যা ভোজত যিসকলে আহে, তেওঁলোকৰ মাজৰ প্ৰতিজন ব্যক্তিয়ে ৰুটি আৰু দ্ৰাক্ষাৰস খোৱা উচিত। তেওঁলোকৰ এই চিন্তাধাৰা সঠিক হয় নে? এই প্ৰশ্নৰ উত্তৰ জনাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ প্ৰতি বছৰে গোটেই পৃথিৱীত লাখ লাখ লোকে প্ৰভুৰ সন্ধ্যা ভোজত উপস্থিত হয়। আমি চাম যে যোহন ৬:৫৩ পদত যীচুৱে যি কৈছিল আৰু প্ৰভুৰ সন্ধ্যা ভোজত যি কৈছিল তাৰ মাজত কি পাৰ্থক্য আছে।

৮. দুয়োটা ঘটনাৰ মাজত কি কি পাৰ্থক্য আছে? (ছবিখনো চাওক।)

এতিয়া আহক এই দুটা ঘটনাৰ মাজত দুটা পাৰ্থক্য চাম। প্ৰথম, যোহন ৬:৫৩-৫৬ পদত যি কথা লিখা আছে, সেয়া যীচুৱে কেতিয়া আৰু কাক কৈছিল? তেওঁ এই কথা ৩২ খ্ৰীষ্টাব্দত গালীলত যিহূদীসকলৰ এটা ভীৰক কৈছিল। কিন্তু প্ৰভুৰ সন্ধ্যা ভোজ যীচুৱে এবছৰৰ পাছত যিৰূচালেমত আৰম্ভ কৰিছিল। দ্বিতীয়, তেওঁ এই কথা কাক কৈছিল? গালীলত তেওঁ যি লোকসকলৰ লগত কথা পাতিছিল, তেওঁলোকৰ সম্পূৰ্ণ ধ্যান খোৱা-বোৱাৰ প্ৰয়োজনীয়তা পূৰ কৰাত লাগি আছিল। যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে শিকাৰ ওপৰত নাছিল। (যোহ. ৬:২৬) যেতিয়া যীচুৱে তেওঁলোকক এনে এটা কথা কʼলে যি বুজি পোৱাটো তেওঁলোকৰ বাবে কঠিন হৈছিল, তেতিয়া যীচুৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাইকিয়া হʼল। আনকি যীচুৰ কিছুমান শিষ্যই তেওঁক এৰি গুচি গʼল। (যোহ. ৬:১৪, ৩৬, ৪২, ৬০, ৬৪, ৬৬) কিন্তু মন কৰক যে ইয়াৰ এবছৰৰ পাছত ৩৩ খ্ৰীষ্টাব্দত কি হʼল। সেই সময়ত প্ৰভুৰ সন্ধ্যা ভোজত যীচুৰ ১১ জন বিশ্বাসী পাঁচনি তেওঁৰ লগত আছিল। হয়তো তেওঁলোকেও যীচুৰ কিছুমান কথা বুজি পোৱা নাছিল। তথাপিও তেওঁলোকে যীচুক এৰি নগʼল। তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যীচুৱেই ঈশ্বৰৰ পুত্ৰ যি স্বৰ্গৰ পৰা নামি আহিছে। (মথি ১৬:১৬) যীচুৱে তেওঁলোকৰ প্ৰশংসা কৰিলে আৰু তেওঁলোকক কʼলে, “মোৰ পৰীক্ষাৰ সময়ত মোৰ লগত থকাসকল তোমালোকেই হয়।” (লূক ২২:২৮) গতিকে আমি যি দুটা পাৰ্থক্য চালোঁ তাৰ পৰা কি জানিব পাৰোঁ? যোহন ৬:৫৩ পদত যীচুৱে প্ৰভুৰ সন্ধ্যা ভোজ কেনেকৈ পালন কৰা উচিত, তাৰ বিষয়ে কৈছে বুলি ভবাটো ভুল হʼব। এই কথাৰ আৰু বহুতো প্ৰমাণ আছে।

যোহন ৬ অধ্যায়ত কোৱা হৈছে যে যীচুৱে গালীলত যিহূদীসকলৰ এটা ভীৰক কি কৈছিল (বাওঁ ফালে)। এবছৰৰ পাছত তেওঁ যিৰূচালেমত এটা সৰু সমূহৰ লগত কথা পাতিলে, অৰ্থাৎ বিশ্বাসী পাঁচনিসকলৰ লগত (সোঁ ফালে) (অনুচ্ছেদ ৮ চাওক)


যীচুৱে কোৱা কথাৰ পৰা আপোনাৰ কেনেকৈ লাভ হʼব পাৰে?

৯. প্ৰভুৰ সন্ধ্যা ভোজত যীচুৱে যি কৈছিল, সেয়া কাৰ বাবে আছিল?

প্ৰভুৰ সন্ধ্যা ভোজত যীচুৱে খমিৰ নোহোৱা ৰুটি নিজৰ পাঁচনিসকলক দিলে আৰু তেওঁলোকক কʼলে যে এয়া তেওঁৰ শৰীৰক চিত্ৰিত কৰে। পাছত তেওঁ দ্ৰাক্ষাৰসৰ পাত্ৰ দি কʼলে যে এয়া “তেজক চিত্ৰিত কৰে যি ঈশ্বৰৰ লগত কৰা চুক্তিক নিশ্চিত কৰে।” (মাৰ্ক ১৪:২২-২৫; লূক ২২:২০; ১ কৰি. ১১:২৪) ইয়াৰ বহুত ডাঙৰ অৰ্থ আছে। কাৰণ নতুন চুক্তি সকলোৰে লগত কৰা নাছিল। কেৱল ইস্ৰায়েলৰ বংশৰ লগত কৰা হৈছিল অৰ্থাৎ সেই লোকসকলৰ লগত যিসকলে ঈশ্বৰৰ ৰাজ্যত যীচুৰ লগত থাকিলেহেঁতেন। (ইব্ৰী ৮:৬, ১০; ৯:১৫) সেই সময়ত পাঁচনিসকলে ইয়াৰ অৰ্থ বুজি পোৱা নাছিল। কিন্তু অতি সোনকালে তেওঁলোকক পবিত্ৰ শক্তিৰে অভিষিক্ত কৰা হʼলহেঁতেন আৰু নতুন চুক্তিৰ ভাগ হৈ পৰিলেহেঁতেন। তাৰ পাছত তেওঁলোকে স্বৰ্গত যীচুৰ লগত শাসন কৰাৰ সুযোগ পালেহেঁতেন।—যোহন. ১৪:২, ৩.

১০. যীচুৱে গালীলত যি কৈছিল আৰু প্ৰভুৰ সন্ধ্যা ভোজত যি কৈছিল, এই দুয়োটাৰ মাজত আৰু এটা পাৰ্থক্য কি? (ছবিখনো চাওক।)

১০ এই কথাৰ ওপৰতো মন কৰক যে প্ৰভুৰ সন্ধ্যা ভোজত যীচুৱে ‘সৰু জাকক’ মনত ৰাখি এই কথা কৈছিল। এই সমূহৰ প্ৰথম সদস্য যীচুৰ ১১ জন বিশ্বাসী পাঁচনি আছিল, যিসকলে সেই সময়ত তাত আছিল। (লূক ১২:৩২) এই পাঁচনিসকল আৰু পাছত যিসকল এই সমূহৰ সদস্য হʼলহেঁতেন কেৱল তেওঁলোকেহে ৰুটি আৰু দ্ৰাক্ষাৰস খোৱা উচিত। কেৱল তেওঁলোকেহে স্বৰ্গত যীচুৰ লগত শাসন কৰাৰ সুযোগ পাব। কিন্তু গালীলত যীচুৱে ভীৰক যি কথা কৈছিল, সেয়া এনে এটা সমূহৰ বাবে আছিল যিসকলক কোনেও গণিব নোৱাৰে। এয়া সেই দুয়োটা ঘটনাৰ মাজত আৰু এটা পাৰ্থক্য।

ৰুটি আৰু দ্ৰাক্ষাৰস কেৱল কিছুমান লোকেহে খায় কিন্তু যীচুৰ ওপৰত সকলোৱে বিশ্বাস কৰিব পাৰে আৰু অনন্ত জীৱন লাভ কৰিব পাৰে (অনুচ্ছেদ ১০ চাওক)


১১. যীচুৱে গালীলত কি কʼলে, যাৰ পৰা জানিব পাৰি যে তেওঁ কেৱল বাছনি কৰা লোকসকলৰ বিষয়ে কোৱা নাছিল?

১১ যেতিয়া ৩২ খ্ৰীষ্টাব্দত যীচু গালীলত আছিল, তেতিয়া তেওঁ যি লোকসকলৰ লগত কথা পাতিছিল, তাৰে মাজৰ বেছি ভাগে আহাৰ পাবলৈ আশা কৰি তেওঁৰ ওচৰলৈ আহিছিল। কিন্তু যীচুৱে তেওঁলোকক এয়া বুজাবলৈ চেষ্টা কৰিলে যে আহাৰতকৈয়ো উত্তম ব্যৱস্থা আছে। যীচুৱে তেওঁলোকক এনে এটা ব্যৱস্থা বিষয়ে জনালে যাৰ বাবে তেওঁলোকে অনন্ত জীৱন পাব পাৰে। যীচুৱে এয়াও কʼলে যে যি লোকসকলৰ মৃত্যু হৈ গৈছে, তেওঁলোকক শেষ দিনা হয়তো আকৌ জীয়াই তোলা হʼব আৰু তেওঁলোক সদায় জীয়াই থাকিব পাৰিব। গতিকে যীচুৱে প্ৰভুৰ সন্ধ্যা ভোজত যি আশীৰ্বাদৰ বিষয়ে কৈছিল, সেয়া কেৱল বাছনি কৰা লোকসকলেহে পালেহেঁতেন, কিন্তু ইয়াত এনে এটা আশীৰ্বাদৰ বিষয়ে কৈছিল যি সকলোৱে পালেহেঁতেন। যীচুৱে কৈছিল, “যদি কোনোৱে এই আহাৰৰ পৰা খায়, তেওঁ সদায় জীয়াই থাকিব। . . . যি আহাৰ মই দিম, সেয়া মোৰ শৰীৰ হয়, যি মই মানুহৰ [বা জগতৰ] কাৰণে দিম যাতে তেওঁলোকে জীৱন পায়।”—যোহ. ৬:৫১. b

১২. অনন্ত জীৱন পাবলৈ হʼলে এজন ব্যক্তিয়ে কি কৰিব লাগিব?

১২ গালীলত যীচুৱে যিহূদীসকলক এয়া কোৱা নাছিল যে পৃথিৱীত জীয়াই থকা সকলোৱে অনন্ত জীৱন পাব। তাৰ পৰিৱৰ্তে তেওঁ কৈছিল যে এই আশীৰ্বাদ তেওঁলোকেহে পাব যিসকলে ‘ৰুটিৰ পৰা খায়’ অৰ্থাৎ তেওঁৰ ওপৰত বিশ্বাস কৰে। নিজকে খ্ৰীষ্টান বুলি কোৱা বহুতো লোকে ভাবে যে যদি তেওঁলোকে যীচুক উদ্ধাৰকৰ্তা হিচাপে মানিব, তেনেহʼলে তেওঁলোকে উদ্ধাৰ পাব। (যোহ. ৬:২৯) কিন্তু ইমানেই যথেষ্ট নহয়। গালীলত অহা সেই ভীৰৰ মাজত বহুতোলোকে আৰম্ভণিতে যীচুৰ ওপৰত বিশ্বাস কৰিছিল। কিন্তু পাছত তেওঁক এৰি গুচি গʼল। তেওঁলোকে এইদৰে কিয় কৰিলে?

১৩. যদি এজন ব্যক্তি সঁচাকৈ যীচুৰ শিষ্য হʼব বিচাৰে, তেনেহʼলে তেওঁ কি কৰিব লাগিব?

১৩ ভীৰৰ বেছিভাগ লোকে তেতিয়ালৈকে যীচুৰ লগত থাকিলে, যেতিয়ালৈকে যীচুৱে তেওঁলোকৰ ইচ্ছা পূৰ কৰিলে। তেওঁলোকে বিচাৰিছিল যে যীচুৱে চমৎকাৰ কৰি তেওঁলোকক বেমাৰৰ পৰা সুস্থ কৰে, তেওঁলোকক আহাৰ খোৱাই আৰু তেওঁলোকে যি শুনিব বিচাৰে, সেয়া তেওঁলোকক শিকায়। কিন্তু যীচুৱে স্পষ্টকৈ জনালে যে তেওঁ পৃথিৱীত তেওঁলোকৰ ইচ্ছা পূৰ কৰিবলৈ অহা নাই। তাৰ পৰিৱৰ্তে তেওঁ এয়া শিকাবলৈ আহিছে যে যদি তেওঁলোকে সঁচাকৈ তেওঁৰ শিষ্য হʼব বিচাৰে, তেনেহʼলে তেওঁলোকে কি কৰা উচিত। তেওঁলোকে যীচুৰ “ওচৰলৈ আহিব” লাগিছিল, অৰ্থাৎ তেওঁ যি শিকাইছিল সেই অনুসৰি চলিব লাগিছিল।—যোহ. ৫:৪০; ৬:৪৪.

১৪. যীচুৰ বলিদানৰ পৰা আশীৰ্বাদ পাবলৈ আমি কি কৰিব লাগিব?

১৪ যীচুৱে লোকসকলক কৈছিল যে তেওঁলোকে বিশ্বাস কৰাৰ প্ৰয়োজন আছে। কি কথাৰ ওপৰত? তেওঁলোকে এই কথাৰ ওপৰত বিশ্বাস কৰাৰ প্ৰয়োজন আছিল যে যীচুৱে নিজৰ যি তেজ আৰু শৰীৰ বলিদান দিবলৈ গৈছে, তাৰ বাবেহে তেওঁলোকে অনন্ত জীৱন পাব পাৰিলেহেঁতেন। আজি আমিও এই কথাৰ ওপৰত বিশ্বাস কৰা উচিত। (যোহ. ৬:৪০) গতিকে যোহন ৬:৫৩ পদত যীচুৱে যি কৈছিল ইয়াৰ অৰ্থ হৈছে, অনন্ত জীৱন পাবলৈ লোকসকলে মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰিব লাগিব। এই আশীৰ্বাদ কেৱল কিছুমান লোকে নহয়, সকলোৱে পোৱাৰ সুযোগ আছে।—ইফি. ১:৭.

১৫-১৬. যোহন ৬ অধ্যায়ৰ পৰা আমি কি কি শিকিলোঁ?

১৫ যোহন ৬ অধ্যায়ত যি কোৱা হৈছে, তাৰ পৰা আমি আৰু আমাৰ আপোন লোকসকলে বহুত লাভৱান হʼব পাৰে। আমি শিকিলোঁ যে যীচুৱে লোকসকলৰ বিষয়ে বহুত চিন্তা কৰে। গালীলত তেওঁ বেমাৰত থকা লোকসকলক সুস্থ কৰিলে, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকালে আৰু লোকসকলৰ খোৱা-বোৱাৰ প্ৰয়োজনীয়তা পূৰ কৰিলে। (লূক ৯:১১; যোহ. ৬:২, ১১, ১২) কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যি তেওঁ শিকালে, সেয়া হৈছে তেওঁ “জীৱন দিওঁতা আহাৰ” হয়।—যোহ. ৬:৩৫, ৪৮.

১৬ যীচুৱে যি লোকসকলক “অন্য ভেড়া” বুলি কৈছিল, তেওঁলোকে প্ৰভুৰ সন্ধ্যা ভোজত ৰুটি আৰু দ্ৰাক্ষাৰস নাখাই আৰু তেওঁলোকে এইদৰে কৰিবও নালাগে। (যোহ. ১০:১৬) তথাপিও তেওঁলোকে যীচু খ্ৰীষ্টৰ তেজ আৰু শৰীৰৰ পৰা লাভৱান হয়। কাৰণ তেওঁলোকে যীচু খ্ৰীষ্টৰ বলিদানৰ ওপৰত বিশ্বাস কৰে আৰু ইয়াৰ বাবেহে লোকসকলে ডাঙৰ ডাঙৰ আশীৰ্বাদ পাব বুলি ভৰসা কৰে। (যোহ. ৬:৫৩) আনহাতে, যি লোকসকলে ৰুটি আৰু দ্ৰাক্ষাৰস খাই তেওঁলোকে এয়া প্ৰকাশ কৰে যে তেওঁলোকে নতুন চুক্তিৰ ভাগ হয় আৰু তেওঁলোকৰ ওচৰত স্বৰ্গত ৰজা হিচাপে শাসন কৰাৰ আশা আছে। আমি অভিষিক্ত খ্ৰীষ্টানে হওঁ বা ‘অন্য ভেড়াৰ’ লোক, আমি সকলোৱে যোহন ৬ অধ্যায়ৰ পৰা বহুতো কথা শিকিব পাৰোঁ। আমি বিশেষকৈ মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰিব লাগিব, তেতিয়াহে আমি অনন্ত জীৱন লাভ কৰিব পাৰিব।

গীত নং ১৫০ নিজৰ উদ্ধাৰৰ বাবে যিহোৱাক বিচাৰক

a যীচুৱে যি পানীৰ উল্লেখ কৰিছিল, তাৰ অৰ্থ হৈছে যিহোৱাৰ সেই ব্যৱস্থা যাৰ পৰা আমি অনন্ত জীৱন পাব পাৰোঁ।

b যোহন ৬ অধ্যায়ত যি ঠাইত সেই লোকসকলৰ বিষয়ে কোৱা হৈছে, যিসকলে অনন্ত জীৱন লাভ কৰিব পাৰে। তাত এনে গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে যাৰ অনুবাদ “যি কোনোৱে” “যি জনে” বা “যিসকলে” কৰিব পাৰি।—যোহ. ৬:৩৫, ৪০, ৪৭, ৫৪, ৫৬-৫৮.