Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫১

গীত নং ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

আপোনাৰ চকুপানী যিহোৱাৰ বাবে বহুত মূল্যৱান

আপোনাৰ চকুপানী যিহোৱাৰ বাবে বহুত মূল্যৱান

“তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে?”গীত. ৫৬:৮.

কি শিকিম?

যেতিয়া আমাৰ দুখী বা নিৰাশ অনুভৱ হওঁ, তেতিয়া যিহোৱাই আমাৰ দুখ বুজি পায় আৰু আমাক শান্ত্বনা দিয়ে।

১-২. আমাৰ চকুপানী কেতিয়া বৈ আহে?

 আমাৰ সকলোৰে কেতিয়াবা নহয় কেতিয়াবা চকুপানী বৈছে। যেতিয়া আমি বহুত আনন্দত থাকোঁ বা আমাৰ লগত কিবা ভাল হয়, তেতিয়া আমাৰ আনন্দৰ চকুপানী বৈ আহে। যেনে, যেতিয়া আপুনি প্ৰথম বাৰ নিজৰ সন্তানক কোলাত লৈছিল, তেতিয়া হয়তো আপোনাৰ আনন্দৰ চকুপানী বৈ আহিছিল। অথবা কোনো এটা ভাল স্মৃতি মনত পেলাই বা বহু বছৰৰ পাছত নিজৰ ভাল বন্ধুক লগ পাই আপোনাৰ চকুপানী বৈ আহিছিল।

কিন্তু বহু বাৰ আমি দুখত বা সমস্যাত থকাৰ বাবে আমাৰ চকুপানী বৈ আহে। যেনে, যেতিয়া কোনো আপোনাজনাই আমাৰ লগত বিশ্বাসঘাত কৰে, তেতিয়া আমি হয়তো কান্দিবলৈ ধৰোঁ। অথবা আমাৰ এনে কিবা বেমাৰ আছে, যাৰ বাবে আমি বহুত বিষত থাকোঁ বা নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছোঁ। এইবোৰৰ বাবে আমাৰ চকুপানী নৰখে। এনে পৰিস্থিতিত আমি ভৱিষ্যবক্তা যিৰিমিয়াৰ দৰে অনুভৱ কৰিব পাৰোঁ। যেতিয়া বাবিলৰ লোকসকলে যিৰূচালেমখন ধ্বংস কৰিলে, তেতিয়া তেওঁ কৈছিল, “মোৰ চকুৰ পৰা জলৰ সোঁত বৈছে। মোৰ চকুৰ পৰা পানী খতি নোহোৱাকৈ পৰে, ক্ষান্ত নহয়।”—বিলা. ৩:৪৮, ৫০.

৩. যেতিয়া যিহোৱাই নিজৰ লোকসকলক দুখত থকা দেখে, তেতিয়া তেওঁ কেনে অনুভৱ কৰে? (যিচয়া ৬৩:৯)

আমি নিজৰ কষ্ট আৰু চিন্তাৰ বাবে যিমান কান্দিছোঁ, সেই সকলোবোৰ যিহোৱাই চাইছে। বাইবেলত কোৱা হৈছে যে তেওঁ ভালদৰে জানে তেওঁৰ সেৱকসকলে কেনে পৰিস্থিতিৰ মাজেদি পাৰ হৈ আছে আৰু যেতিয়া তেওঁলোকে সহায়ৰ বাবে তেওঁক মাতে, তেতিয়া তেওঁ শুনে। (গীত. ৩৪:১৫) কিন্তু এনে নহয় যে যিহোৱাই কেৱল আমাৰ চকুপানী চাই বা আমাৰ প্ৰাৰ্থনা শুনে। তেওঁ আমাক কান্দি থকা দেখি অন্তৰত বহুত দুখ অনুভৱ কৰে আৰু লগে লগে সহায় কৰে। কাৰণ আমাৰ পিতৃ যিহোৱাই আমাক বহুত প্ৰেম কৰে।—যিচয়া ৬৩:৯ পঢ়ক।

৪. এই লেখত আমি কাৰ উদাহৰণলৈ মন কৰিম আৰু যিহোৱাৰ বিষয়ে কি শিকিম?

যিহোৱাই নিজৰ বাক্যত লিখাইছে যে যেতিয়া তেওঁৰ সেৱকসকলে কান্দিছিল, তেতিয়া তেওঁ কেনে অনুভৱ কৰিছিল আৰু তেওঁলোকক কেনেকৈ সহায় কৰিলে। এই লেখত আমি হান্না, দায়ূদ আৰু ৰজা হিষ্কিয়াৰ উদাহৰণলৈ মন কৰিম আৰু চাম যে (১) তেওঁলোকে কিয় কান্দিছিল, (২) যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিছিল আৰু (৩) আজি যেতিয়া আমি মনত দুখ পাওঁ, কোনোবাই আমাৰ লগত বিশ্বাসঘাত কৰে বা আশাহীন হৈ পৰোঁ আৰু এইবোৰৰ বাবে যেতিয়া আমি কান্দিবলৈ ধৰোঁ, তেতিয়া আমি কেনেকৈ শান্ত্বনা পাব পাৰোঁ।

যেতিয়া আপুনি মনত বহুত দুখ অনুভৱ কৰে

৫. হান্নাই যি সমস্যাৰ মাজেদি পাৰ হৈ আছিল, তাৰ বাবে তাই কেনে অনুভৱ কৰিছিল?

হান্নাৰ জীৱনত বহুতো সমস্যা থকাৰ বাবে তাই কান্দিবলগীয়া হৈছিল। তাইৰ স্বামীৰ আৰু এজনী পত্নী আছিল, তাইৰ নাম আছিল পিনিন্না। তাই হান্নাক বহুত বেয়া পাইছিল। পিনিন্নাৰ বহুতো লʼৰা-ছোৱালী আছিল, কিন্তু হান্নাৰ এটাও সন্তান নাছিল। (১ চমূ. ১:১, ২) হান্নাৰ সন্তান নোহোৱাৰ বাবে পিনিন্নাই তাই মনত আঘাত পোৱাকৈ কথা কৈছিল। চিন্তা কৰক, যদি আপুনি হান্নাৰ ঠাইত থকা হʼলে আপোনাৰ কেনে লাগিলেহেঁতেন? বাইবেলত কোৱা আছে হান্নাই ইমানেই দুখ অনুভৱ কৰিলে যে ‘তাই ভোজন নকৰি কান্দি কান্দি থাকিছিল’ আৰু তাইৰ ‘মন বেজাৰেৰে’ ভৰি পৰিছিল।—১ চমূ. ১:৬, ৭, ১০.

৬. হান্নাই শান্ত্বনা পাবলৈ কি কৰিলে?

হান্নাক কি কথাই শান্ত্বনা দিলে? তাই যিহোৱাৰ উপাসনা কৰিবলৈ পবিত্ৰ তম্বুলৈ গৈছিল। তাই হয়তো চোতালৰ দুৱাৰৰ কাষত “প্ৰাৰ্থনা কৰি বহুত ক্ৰন্দন কৰিলে।” তাই যিহোৱালৈ এইদৰে মিনতি কৰিলে, “তোমাৰ বেটীৰ দুখলৈ দৃষ্টি কৰি মোক সোঁৱৰণ কৰা।” (১ চমূ. ১:১০, ১১) হান্নাই নিজৰ মনৰ সকলো কথা খুলি কʼলে। নিজৰ মৰমৰ ছোৱালীজনীৰ কষ্ট আৰু চকুলো চাই, হয়তো যিহোৱাৰো বৰ দুখ লাগিছিল!

৭. যিহোৱাক নিজৰ মনৰ সকলো কথা খুলি কোৱাৰ পাছত হান্নাই কেনে অনুভৱ কৰিলে?

হান্না নিজৰ মনৰ সকলো কথা যিহোৱাক খুলি কʼলে আৰু মহাপুৰোহিত এলীয়ে তাইক আশ্বাস দিলে যে যিহোৱাই তাইৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব। তেতিয়া হান্নাই কেনে অনুভৱ কৰিলে? বাইবেলত লিখা আছে, “তেতিয়া তিৰোতা জনীয়ে নিজ বাটে গুচি গৈ ভোজন কৰিলে; তেওঁৰ মুখ আৰু বিবৰ্ণ নহল।” (১ চমূ. ১:১৭, ১৮) হান্নাৰ পৰিস্থিতি এতিয়াও সলনি হোৱা নাছিল, কিন্তু তাই মনৰ শান্তি পালে। কিয় বাৰু? কাৰণ তাই নিজৰ মনৰ সকলো বোজা যিহোৱাক দি দিছিল। যিহোৱাই তাইৰ মিনতি শুনিলে, তাইৰ কষ্ট বুজি পালে আৰু আশীৰ্বাদ দিলে যাৰ বাবে আগলৈ গৈ তাইৰ বহুতো সন্তান হʼল।—১ চমূ. ১:১৯, ২০; ২:২১.

৮-৯. আমি কিয় সভালৈ যাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত? (ইব্ৰী ১০:২৪, ২৫) (ছবিখনো চাওক।)

আমি কি শিকিব পাৰোঁ? আপুনি এনে সমস্যাৰ মাজেদি পাৰ হৈছে নে, যাৰ বাবে আপোনাৰ চকুলো বৈ থাকে? হয়তো আপোনাৰ ঘৰৰ কাৰোবাৰ বা আপোনাৰ বন্ধুৰ মৃত্যু হৈছে। এনে সময়ত আপুনি হয়তো অকলশৰীয়াকৈ থাকিব বিচাৰে বা কাৰো লগত কথা পাতিবলৈ মন নাযাব পাৰে। এনে পৰিস্থিতিত হান্নাৰ বিষয়ে চিন্তা কৰক। তাই যেতিয়া পবিত্ৰ তম্বুলৈ গৈছিল, তেতিয়া তাই শান্ত্বনা আৰু সাহস পালে। ঠিক সেইদৰে যেতিয়া আপুনি সভালৈ যাব, তেতিয়া সাহস লাভ কৰিব। আপুনি হয়তো দুখত ইমানেই ভাঙি পৰিছে যে আপোনাক সভালৈ যাবলৈ মনে নাযাব। তথাপিও যেতিয়া আপুনি সভালৈ যাব, তেতিয়া শান্ত্বনা লাভ কৰিব। (ইব্ৰী ১০:২৪, ২৫ পঢ়ক।) সভাত যেতিয়া আমি বাইবেলৰ পদবোৰ শুনোঁ, তেতিয়া আমি বহুত উৎসাহিত হওঁ। এইদৰে বেয়া কথাবোৰৰ পৰিৱৰ্তে ভাল কথাবোৰৰ বিষয়ে চিন্তা কৰিবলৈ যিহোৱাই আমাক সহায় কৰে। আমাৰ পৰিস্থিতি লগে লগে ভাল নহʼবও পাৰে, কিন্তু আমি মনৰ শান্তি পাম আৰু নিজকে চম্ভালিব পাৰিম।

ইয়াৰ উপৰিও যেতিয়া আমি ভাই-ভনীসকলক সভাত লগ পাওঁ, তেতিয়া ইয়াৰ পৰাও আমি শান্ত্বনা লাভ কৰোঁ। ভাই-ভনীসকলে আমাক উৎসাহিত কৰে আৰু তেওঁলোকে আমাক বহুত প্ৰেম কৰে বুলি অনুভৱ কৰায়। (১ থিচ. ৫:১১, ১৪) বিশেষ অগ্ৰগামী সেৱা কৰা এজন ভাইৰ অনুভৱলৈ মন কৰক, যাৰ পত্নীৰ মৃত্যু হʼল। ভায়ে এইদৰে কৈছে, “আজিও যেতিয়া মোৰ পত্নীৰ কথা মনত পৰে, তেতিয়া মোৰ চকুলো বৈ আহে। বহু বাৰ মই চুকত বহি অকলে কান্দি থাকোঁ। কিন্তু যেতিয়া মই সভালৈ যাওঁ, তেতিয়া মই বৰ উৎসাহিত হওঁ। ভাই-ভনীসকলৰ উত্তৰ শুনি আৰু যিদৰে তেওঁলোকে মোৰ লগত মৰমেৰে কথা পাতে, তাৰ বাবে মোৰ বহুত ভাল লাগে। সভালৈ যোৱাৰ আগতে মই মনত অশান্তি অনুভৱ কৰোঁ, কিন্তু তাত যোৱাৰ পাছত মই মনৰ শান্তি লাভ কৰোঁ।” যেতিয়া আমি সভালৈ যাওঁ, তেতিয়া যিহোৱাই ভাই-ভনীসকলৰ জৰিয়তে আমাক সহায় আৰু শান্ত্বনা দিব পাৰে।

আমি ভাই-ভনীসকলৰ পৰা শান্ত্বনা পাব পাৰোঁ (অনুচ্ছেদ ৮-৯ চাওক)


১০. যেতিয়া আমি দুখ অনুভৱ কৰোঁ, তেতিয়া আমি হান্নাৰ দৰে কি কৰিব পাৰোঁ?

১০ হান্নাই আৰু এটা কথাৰ পৰা শান্ত্বনা পালে। তাই নিজৰ মনৰ সকলো কথা যিহোৱাক জনালে। আপুনি নিজৰ মনৰ সকলো চিন্তাৰ ভাৰ যিহোৱাৰ ওপৰত পেলাই দিব পাৰে আৰু বিশ্বাস ৰাখিব পাৰে যিহোৱাই আপোনাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব। (১ পিত. ৫:৭) এজনী ভনীৰ স্বামীক ডকাইতসকলে মাৰি পেলাইছিল, তাই এইদৰে কৈছে, “যেতিয়া মোৰ স্বামীৰ মৃত্যু হʼল, তেতিয়া মোৰ এনে লাগিল যেন মোৰ হৃদয়খন ভাঙি চুৰমাৰ হৈ গʼল আৰু এয়া কেতিয়াও যোগ নহʼব। কিন্তু যেতিয়া মই মোৰ মৰমৰ পিতৃ যিহোৱাক প্ৰাৰ্থনা কৰিলোঁ, তেতিয়া মই বৰ শান্ত্বনা লাভ কৰিলোঁ। বহু বাৰ মই মোৰ দুখ শব্দেৰে প্ৰকাশ কৰিব পৰা নাছিলোঁ। কিন্তু মই জানিছিলোঁ যে যিহোৱাই মোৰ মনৰ সকলো কথা বুজি পায়। দুখ আৰু চিন্তাৰ মাজেদি পাৰ হোৱাৰ সময়ত মই যিহোৱাক মনৰ শান্তি বিচাৰিলোঁ। তেতিয়া মই মনৰ শান্তি পোৱাৰ লগতে আৰু এদিন জীয়াই থকা আশা লাভ কৰিলোঁ।” যেতিয়া আপুনি কান্দি কান্দি যিহোৱাক নিজৰ মনৰ সকলো কথা জনায়, তেতিয়া তেওঁকো দুখ লাগে আৰু তেওঁ আপোনাৰ কষ্ট ভালদৰে বুজি পায়। আপোনাৰ চিন্তা লগে লগে দূৰ নহʼবও পাৰে, কিন্তু প্ৰাৰ্থনা কৰিলে যিহোৱাই আপোনাক শান্ত্বনা দিব আৰু মনৰ শান্তি দিব। (গীত. ৯৪:১৯; ফিলি. ৪:৬, ৭) সকলোবোৰ সহ্য কৰি বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি থকাৰ বাবে তেওঁ আপোনাক নিশ্চয় পুৰস্কাৰ দিব।—ইব্ৰী ১১:৬.

যেতিয়া আপোনাৰ আপোনজনে বিশ্বাসঘাত কৰে

১১. দায়ূদৰ জীৱনত যিবোৰ সমস্যা আহিছিল, তাৰ বাবে তেওঁ কেনে অনুভৱ কৰিছিল?

১১ দায়ূদৰ জীৱনত বহুতো সমস্যা আহিছিল, যাৰ বাবে তেওঁ কান্দিবলগীয়া হৈছিল। বহুতো লোকে তেওঁক হিংসা কৰিছিল। তেওঁৰ পৰিয়ালৰ লোকসকলে আৰু বন্ধুসকলেও তেওঁক বিশ্বাসঘাত কৰিছিল। (১ চমূ. ১৯:১০, ১১; ২ চমূ. ১৫:১০-১৪, ৩০) যেনে, এবাৰ দায়ূদে ইমানেই দুখত আছিল যে তেওঁ এইদৰে লিখিলে, “কেঁকাই কেঁকাই মোৰ ভাগৰ লাগিছে; প্ৰতি ৰাতি মোৰ শয্যা ওপঙাওঁ। সন্তাপত মোৰ চকু সোমাই গৈছে।” দায়ূদে এইদৰে কিয় অনুভৱ কৰিছিল? তেওঁ কʼলে, ‘বৈৰীবোৰৰ কাৰণে।’ (গীত. ৬:৬, ৭) লোকসকলে দায়ূদৰ লগত ইমানেই বেয়া ব্যৱহাৰ কৰিছিল যে তেওঁৰ চকুলো ৰখাই নাছিল।

১২. গীতমালা ৫৬:৮ পদৰ অনুসৰি দায়ূদৰ কি কথা ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল?

১২ দায়ূদৰ জীৱনত বহুতো সমস্যা অহাৰ সত্ত্বেও তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁৰ লগত আছে। তেওঁ এইদৰে লিখিলে, “যিহোৱাই মোৰ ক্ৰন্দনৰ স্বৰ শুনিলে।” (গীত. ৬:৮) এবাৰ দায়ূদে এটা অন্তৰ চুই যোৱা কথা লিখিলে, যি আমি গীতমালা ৫৬:৮ পদত পঢ়িবলৈ পাওঁ। (পঢ়ক।) দায়ূদৰ কথাৰ পৰা জানিব পাৰি যে যিহোৱাই আমাক কিমান প্ৰেম কৰে আৰু যত্ন লয়। তেওঁ কʼলে যে যিহোৱাই যেন আমাৰ চকুপানী এটা বটলত ভৰাই আছে আৰু তেওঁৰ ওচৰত এখন কিতাপ আছে, যʼত তেওঁ প্ৰতি টোপাল চকুলোৰ হিচাপ ৰাখে। দায়ূদৰ সম্পূৰ্ণ ভৰসা আছিল যে যিহোৱাই তেওঁৰ ওপৰত ধ্যান দি আছে আৰু তেওঁ যি সমস্যাৰ মাজেদি পাৰ হৈ আছে সেয়াও জানে। ইয়াৰ উপৰিও যিহোৱাই এয়াও জানে যে এই সকলোবোৰৰ বাবে তেওঁ কেনে অনুভৱ কৰিছে।

১৩. যেতিয়া কোনোবাই আমাৰ লগত বিশ্বাসঘাত কৰে, তেতিয়া আমি কি কথাৰ পৰা শান্ত্বনা লাভ কৰিব পাৰোঁ? (ছবিখনো চাওক।)

১৩ আমি কি শিকিব পাৰোঁ? আপোনাৰ কোনো আপোনজনাই আপোনাৰ লগত বিশ্বাসঘাত কৰিছে নে, যাৰ বাবে আপুনি বহুত দুখ অনুভৱ কৰিছে? হয়তো আপুনি যাৰ লগত ডেটিং কৰি আছিলে, তেওঁ আপোনাৰ লগত সম্পৰ্ক ভাঙি দিছে। অথবা হঠাতে আপোনাৰ জীৱন-সংগীয়ে আপোনাক এৰি গুচি গʼল। নাইবা আপোনাৰ কোনো আপোনজনাই যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিলে। মন কৰক, যেতিয়া এজন ভাইৰ পত্নীয়ে তেওঁৰ লগত বিশ্বাসঘাত কৰিলে আৰু তেওঁক এৰি গুচি গʼল, তেতিয়া তেওঁৰ কেনে অনুভৱ হʼল। তেওঁ এইদৰে কৈছে, “মোৰ লগত এইদৰে হʼল বুলি মোৰ বিশ্বাসে হোৱা নাছিল। মোৰ বহুত দুখ লাগিছিল, খং উঠিছিল আৰু মোৰ এনে লাগিছিল যেন মই কোনো কামৰ যোগ্য নহওঁ।” যদি কোনোবাই আপোনাৰ লগত বিশ্বাসঘাত কৰিছে, তেনেহʼলে মনত ৰাখক যিহোৱাই আপোনাক কেতিয়াও নেৰিব। এয়া জানি আপুনি শান্ত্বনা লাভ নকৰে নে? ভায়ে এয়াও কৈছে, “মই বুজি পালোঁ যে মানুহৰ লগত আমাৰ সম্পৰ্ক ভাঙিব পাৰে, কিন্তু যিহোৱাই আমাক কেতিয়াও নেৰে। তেওঁ আমাৰ শিলা হয়। যিয়ে নহওক কিয়, তেওঁ নিজৰ বিশ্বাসী সেৱকসকলক কেতিয়াও নেৰে।” (গীত. ৩৭:২৮) এয়াও মনত ৰাখক যে মানুহতকৈ বেছি যিহোৱাই আপোনাক প্ৰেম কৰে। এয়া সঁচা যে কোনোবাই আমাৰ লগত বিশ্বাসঘাত কৰিলে আমাৰ বহুত দুখ লাগে। কিন্তু ইয়াৰ বাবে আপোনাৰ প্ৰতি যিহোৱাৰ প্ৰেম কমি নাযায়। আপুনি তেওঁৰ বাবে বহুত মূল্যৱান! (ৰোম. ৮:৩৮, ৩৯) এটা কথাত কʼবলৈ গʼলে লোকসকলে আপোনাৰ লগত যিদৰেই ব্যৱহাৰ নকৰক কিয়, আপোনাৰ মৰমিয়াল পিতৃ যিহোৱাই আপোনাক বহুত প্ৰেম কৰে।

গীতমালা কিতাপত আমাক আশ্বাস দিয়া হৈছে যে যিহোৱাই ভগ্ন-চিত্তীয়াসকলৰ ওচৰত থাকে (অনুচ্ছেদ ১৩ চাওক)


১৪. গীতমালা ৩৪:১৮ পদৰ অনুসৰি আমি কি কথাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ?

১৪ যদি কোনোবাই আপোনাৰ লগত বিশ্বাসঘাত কৰিছে, তেনেহʼলে দায়ূদে লিখা এই কথাৰ পৰা আপুনি শান্ত্বনা লাভ কৰিব পাৰে। যি গীতমালা ৩৪:১৮ পদত লিখা আছে। (পঢ়ক।) এখন কিতাপত এই পদক এইদৰে বুজোৱা হৈছে, ‘খেদিত মনৰ যি লোকসকল’ বুলি কোৱা হৈছে, সেয়া এনে লোকসকলক চিত্ৰিত কৰে, যাৰ ওচৰত কোনো আশা নাই। যিহোৱাই এনে লোকসকলক কেনেকৈ সহায় কৰে? খন্তেকৰ বাবে চিন্তা কৰক, যেতিয়া এটি সন্তানে কান্দিবলৈ ধৰে, তেতিয়া তেওঁৰ মাক বা দেউতাকে তেওঁক লগে লগে কোলাত লৈ লয় আৰু ফুচলাব ধৰে। ঠিক সেইদৰে যেতিয়া কোনোবাই আমাৰ লগত বিশ্বাসঘাত কৰে বা আমাক এৰি গুচি যায়, তেতিয়া যিহোৱা আমাৰ কাষত থাকে। তেওঁ জানে যে আমি কেনে দুখৰ মাজেৰে পাৰ হৈ আছোঁ আৰু তেওঁ লগে লগে আমাক সহায় কৰে। তেওঁ খেদিত মনৰ লোকসকলক শান্ত্বনা দিয়ে। ইয়াৰ উপৰিও তেওঁ আমাক আশা দিছে আৰু ভৱিষ্যৰ বিষয়ে বহুতো প্ৰতিজ্ঞা কৰিছে, যাৰ বিষয়ে ভাবি আমি সমস্যাবোৰ সহিবলৈ সাহস লাভ কৰোঁ।—যিচ. ৬৫:১৭.

যেতিয়া কোনো আশা দেখি নাপাওঁ

১৫. হিষ্কিয়াই কিয় হোক-হোকাই কান্দিবলৈ ধৰিলে?

১৫ যিহূদাৰ ৰজা হিষ্কিয়াৰ ৩৯ বছৰ বয়সত এটা ডাঙৰ বেমাৰ হʼল। ভৱিষ্যবক্তা যিচয়াৰ জৰিয়তে যিহোৱাই কʼলে যে এই বেমাৰ কেতিয়াও ভাল নহʼব আৰু তেওঁৰ মৃত্যু হʼব। (২ ৰাজা. ২০:১) হিষ্কিয়াই বচাৰ কোনো উপায় দেখি পোৱা নাছিল। তেওঁ ইমানেই দুখিত হৈ পৰিছিল যে তেওঁ হোক-হোকাই কান্দিবলৈ ধৰিলে। তেতিয়া তেওঁ যিহোৱালৈ কাকূতি-মিনতি কৰিলে।—২ ৰাজা. ২০:২, ৩.

১৬. হিষ্কিয়াৰ কাকূতি-মিনতি কৰাটো চাই যিহোৱাই কি কৰিলে?

১৬ হিষ্কিয়াৰ চকুপানী আৰু কাকূতি-মিনতি কৰাটো চাই যিহোৱাৰ বহুত দুখ লাগিল আৰু তেওঁ কʼলে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, আৰু তোমাৰ চকু-লোত মোৰ দৃষ্টি পৰিল, চোৱা, মই তোমাক সুস্থ কৰিম।” যিহোৱাৰ মনত হিষ্কিয়াৰ প্ৰতি দয়া উপজিল আৰু যিচয়াৰ যোগেদি তেওঁ হিষ্কিয়াক প্ৰতিজ্ঞা কৰিলে যে তেওঁৰ বয়স বঢ়াব আৰু যিৰূচালেমক অচূৰীয়াসকলৰ হাতৰ পৰা বচাব।—২ ৰাজা. ২০:৪-৬.

১৭. যেতিয়া আমাৰ কোনো এটা ডাঙৰ বেমাৰ হয়, তেতিয়া যিহোৱাই আমাক কেনেকৈ চম্ভালে? (গীতমালা ৪১:৩) (ছবিখনো চাওক।)

১৭ আমি কি শিকিব পাৰোঁ? আপোনাৰ এনে বেমাৰ হৈছে নে যাৰ কোনো চিকিৎসা নাই? তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক। যদি আপোনাৰ কান্দিবলৈ মন যায়, তেনেহʼলে কান্দক আৰু তেওঁক জনাওক যে আপুনি কেনে অনুভৱ কৰি আছে। বাইবেলত আমাক আশ্বাস দিয়া হৈছে যে তেওঁ “দয়ালু পিতৃ হয় আৰু সকলো ধৰণৰ শান্ত্বনা দিওঁতা ঈশ্বৰ হয়।” আমাৰ সকলো পৰীক্ষাত তেওঁ আমাক শান্ত্বনা দিয়ে। (২ কৰি. ১:৩, ৪) আজি আমি আশা কৰিব নোৱাৰোঁ যে যিহোৱাই আমাৰ সকলো সমস্যা দূৰ কৰিব। কিন্তু আমি ভৰসা ৰাখিব পাৰোঁ যে তেওঁ আমাক চম্ভালিব। (গীতমালা ৪১:৩ পঢ়ক।) যিহোৱাই নিজৰ পবিত্ৰ শক্তিৰ যোগেদি আমাক শক্তি, বুদ্ধি আৰু মনৰ শান্তি দিয়ে, যাতে আমি নিজৰ সমস্যা সহন কৰিব পাৰোঁ। (হিতো. ১৮:১৪; ফিলি. ৪:১৩) ইয়াৰ উপৰিও, যিহোৱাই আমাক আশা দিছে যে অতি সোনকালে তেওঁ সকলো ধৰণৰ বেমাৰ দূৰ কৰিব। তাৰ পৰাও আমি সাহস লাভ কৰোঁ।—যিচ. ৩৩:২৪.

যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনে, আমাক শক্তি দিয়ে, বুদ্ধি দিয়ে আৰু মনৰ শান্তি দিয়ে (অনুচ্ছেদ ১৭ চাওক)


১৮. যেতিয়া আপুনি কোনো ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়া আপুনি কোনটো পদৰ পৰা শান্ত্বনা পালে? (“ দুখত থকাৰ সময়ত শান্ত্বনা দিয়া পদবোৰ” নামৰ বক্সখনো চাওক।)

১৮ যিহোৱাৰ কথা শুনি হিষ্কিয়াই শান্ত্বনা পালে। আমিও যিহোৱাৰ বাক্যৰ পৰা শান্ত্বনা পাব পাৰোঁ। যিহোৱাই বাইবেলত শান্ত্বনা দিয়া কথাবোৰ লিখুৱাইছে, যাতে যেতিয়া আমি নিৰাশ বা দুখত থাকোঁ, তেতিয়া সেই কথা পঢ়ি আমি সাহস আৰু মনৰ শান্তি পাব পাৰোঁ। (ৰোম. ১৫:৪) পশ্চিম আফ্ৰিকাত থকা এজনী ভনীয়ে যেতিয়া গʼম পালে যে তাইৰ কেন্সাৰ হৈছে, তেতিয়া তাই বহুত কান্দিলে। তাই কৈছে,“যিচয়া ২৬:৩ পদৰ পৰা মই বহুত শান্ত্বনা পালোঁ। এই পদত যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক মনৰ শান্তি দিব। প্ৰায়ে আমি আমাৰ সমস্যা সমাধান কৰিব নোৱাৰোঁ। কিন্তু যিহোৱাই আমাক শান্তি দিয়ে যাৰ বাবে আমি সকলো ধৰণৰ সমস্যা সন্মুখীন হʼব পাৰোঁ।” বাইবেলৰ এনে কোনো এটা পদ আছে নে, যাৰ পৰা আপুনি শান্ত্বনা লাভ কৰিছে। বিশেষকৈ সেই সময়ত যেতিয়া আপুনি কোনো সমস্যাৰ মাজেদি পাৰ হৈছিল আৰু আপোনাৰ ওচৰত কোনো আশা নাছিল।

১৯. আমাৰ ভৱিষ্য কেনেকুৱা হʼব?

১৯ আমি এই দুষ্ট জগতৰ শেষ সময়ত জীয়াই আছোঁ। আমি জানোঁ যে আমাৰ সমস্যা বাঢ়ি যাব আৰু আমাক বহু বাৰ কান্দিবলগীয়া হʼব। যেনেকৈ আমি হান্না, দায়ূদ আৰু ৰজা হিষ্কিয়াৰ পৰা শিকিলোঁ যিহোৱাই আমাৰ চকু পানীলৈ দৃষ্টি ৰাখে আৰু যেতিয়া আমি কান্দোঁ, তেতিয়া তেওঁৰ বহুত দুখ লাগে। আমাৰ চকুপানী যিহোৱাৰ বাবে বহুত মূল্যৱান। গতিকে, আমি যেতিয়া কোনো সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়া আহক নিজৰ মনৰ কথা যিহোৱাক কওঁ, ভাই-ভনীসকলক লগ কৰি থাকোঁ আৰু বাইবেলত লিখা কথাৰ পৰা শান্ত্বনা পাই থাকোঁ। যদি আপুনি সমস্যাৰ সত্ত্বেও যিহোৱাৰ বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি থাকে, তেনেহʼলে তেওঁ আপোনাক নিশ্চয় ইয়াৰ পুৰস্কাৰ দিব। তেওঁ অতি সোনকালে নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু আমাৰ সকলো চকুপানী মচি গুচাব। (প্ৰকা. ২১:৪) আজি যেতিয়া আমি দুখ অনুভৱ কৰোঁ বা কোনোবাই আমাৰ লগত বিশ্বাসঘাত কৰে বা আমাৰ ওচৰত কোনো আশা নাথাকে, তেতিয়া আমাৰ চকুলো বৈ আহে। কিন্তু নতুন পৃথিৱীত আমাৰ চকুৰ পৰা কেৱল আনন্দৰ চকুপানী ওলাব।

গীত নং ৪ “যিহোৱা মোৰ ৰক্ষক”