Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫০

গীত নং ১৩৫ যিহোৱাই প্ৰেমেৰে কৰা অনুৰোধ: ‘হে মোৰ বোপা, জ্ঞানৱান হোৱা’

পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীৰ বিশ্বাস মজবুত কৰক

পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীৰ বিশ্বাস মজবুত কৰক

“তুমি চালি-জাৰি চাব পাৰা যে ঈশ্বৰৰ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ ইচ্ছা কি হয়।”ৰোম. ১২:২.

কি শিকিম?

আমি কিছুমান পৰামৰ্শৰ ওপৰত মন কৰিম, যিবোৰ পালন কৰিলে মা-দেউতাকে নিজৰ লʼৰা-ছোৱালীৰ লগত ঈশ্বৰ আৰু বাইবেলৰ বিষয়ে ভালদৰে কথা পাতিব পাৰিব আৰু তেওঁলোকৰ বিশ্বাস মজবুত কৰিব পাৰিব।

১-২. যেতিয়া লʼৰা-ছোৱালীয়ে বাইবেলৰ শিক্ষাৰ বিষয়ে প্ৰশ্ন সোধে, তেতিয়া মাক-দেউতাকে কি কৰা উচিত?

 পিতৃ-মাতৃৰ বাবে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাটো ডাঙৰ দায়িত্ব হয়। পিতৃ-মাতৃসকল, আমি আপোনালোকক বহুত ধন্যবাদ দিব বিচাৰোঁ, কাৰণ আপোনালোকে নিজৰ লʼৰা-ছোৱালীক শিকাবলৈ আৰু তেওঁলোকৰ বিশ্বাস মজবুত কৰিবলৈ বহুত পৰিশ্ৰম কৰে। (দ্বিতী. ৬:৬, ৭) কিন্তু যেতিয়া সন্তান ডাঙৰ হয়, তেতিয়া তেওঁ বাইবেলৰ শিক্ষা আৰু মানদণ্ডৰ বিষয়ে হয়তো কিছুমান প্ৰশ্ন কৰিব পাৰে।

লʼৰা-ছোৱালীৰ প্ৰশ্ন শুনি হয়তো আপুনি চিন্তিত হৈ পৰিব যে তেওঁলোকৰ বিশ্বাস দুৰ্বলতো হোৱা নাই। কিন্তু যেতিয়া লʼৰা-ছোৱালীয়ে প্ৰশ্ন সোধে, তেতিয়া তেওঁলোকৰ বিশ্বাস আৰু মজবুত হয়। (১ কৰি. ১৩:১১) গতিকে আপোনাৰ লʼৰা-ছোৱালীয়ে প্ৰশ্ন সোধাৰ সময়ত চিন্তিত হোৱাৰ পৰিৱৰ্তে এয়া তেওঁলোকৰ বিশ্বাস মজবুত কৰাৰ ভাল সুযোগ হয় বুলি ভাবক আৰু সেই বিষয়টো গভীৰভাৱে চিন্তা কৰিবলৈ তেওঁলোকক সহায় কৰক।

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

এই লেখত আমি চাম যে মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে, যাতে (১) ঈশ্বৰ আৰু বাইবেলৰ ওপৰত তেওঁলোকৰ বিশ্বাস মজবুত হয়, (২) তেওঁলোকৰ অন্তৰত বাইবেলৰ মানদণ্ডৰ প্ৰতি কৃতজ্ঞতা বাঢ়ে আৰু (৩) তেওঁলোকে আনক নিজৰ বিশ্বাসৰ বিষয়ে বুজাব পাৰে। আমি এয়াও চাম যে লʼৰা-ছোৱালীয়ে প্ৰশ্ন সোধাটো কিয় ভাল আৰু আপুনি তেওঁলোকৰ লগত বাইবেলৰ সত্যতাৰ বিষয়ে কথা পাতিবলৈ কি কৰিব পাৰে।

ঈশ্বৰ আৰু বাইবেলৰ ওপৰত লʼৰা-ছোৱালীৰ বিশ্বাস মজবুত কৰক

৪. লʼৰা-ছোৱলীৰ মনত হয়তো কি প্ৰশ্ন আহিব পাৰে আৰু কিয়?

পিতৃ-মাতৃসকল, আপোনালোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, ইয়াৰ অৰ্থ এয়া নহয় যে আপোনাৰ লʼৰা-ছোৱালীয়েও ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিব। আমাৰ ওচৰত বিশ্বাস জন্মগতভাৱে নাথাকে। সেইবাবে, লʼৰা-ছোৱালীয়ে হয়তো এই প্ৰশ্ন সুধিব পাৰে, ‘ঈশ্বৰ আছে বুলি মই কেনেকৈ মানি লওঁ? বাইবেলত লিখা কথাবোৰ সঁচা হয় নে?’ এনেধৰণৰ প্ৰশ্ন সোধাটো ভুল নহয়। কাৰণ বাইবেলতো আমাক ‘চিন্তা কৰা শক্তি ব্যৱহাৰ কৰিবলৈ’ আৰু “সকলো কথা চালি-জাৰি” চাবলৈ উৎসাহিত কৰা হৈছে। (ৰোম. ১২:১; ১ থিচ. ৫:২১) গতিকে পিতৃ-মাতৃসকল, যেতিয়া লʼৰা-ছোৱালীয়ে প্ৰশ্ন সোধে, তেতিয়া তেওঁলোকৰ বিশ্বাস মজবুত কৰিবলৈ আপুনি কি কৰিব পাৰে?

৫. বাইবেলৰ ওপৰত নিজৰ লʼৰা-ছোৱালীৰ বিশ্বাস বঢ়াবলৈ মাক-দেউতাকে কি কৰিব পাৰে? (ৰোমীয়া ১২:২)

বাইবেলত লিখা কথাবোৰ সঁচা হয় বুলি প্ৰমাণ বিচাৰিবলৈ নিজৰ সন্তানক উৎসাহিত কৰক। (ৰোমীয়া ১২:২ পঢ়ক।) যেতিয়া আপোনাৰ লʼৰা-ছোৱালীয়ে কিবা প্ৰশ্ন সোধে, তেতিয়া সুযোগ লৈ তেওঁৰ সেই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ শিকাওক। আপুনি তেওঁক ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী আৰু যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) অনুসন্ধান কৰিবলৈ শিকাব পাৰে। যেনে, আপুনি তেওঁক অনুসন্ধান গাইডত বিষয় “বাইবেল”-ত গৈ “ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছিল” নামৰ ভাগটো চাবলৈ কʼব পাৰে। তাত তেওঁ এনে লেখবোৰ পাব যʼত এই কথাৰ প্ৰমাণ দিয়া হৈছে যে যদিও বাইবেলখন মানুহে লিখিছে, কিন্তু এয়া আচলতে “ঈশ্বৰৰ বাক্য” হয়। (১ থিচ. ২:১৩) উদাহৰণস্বৰূপে, তেওঁ প্ৰাচীন অচূৰীয়াবিলাকৰ নীনবি নগৰৰ বিষয়ে অনুসন্ধান কৰিব পাৰে। বাইবেলৰ ওপৰত প্ৰশ্ন কৰা কিছুমান লোকে কৈছিল যে নীনবি নামৰ কোনো নগৰেই নাছিল। কিন্তু ১৮৫০ চনৰ আশে-পাশে খনন কৰাৰ সময়ত এই চহৰৰ ধ্বংসাৱশেষ পোৱা গʼল যাৰ পৰা প্ৰমাণ হʼল যে বাইবেলত লিখা কথাবোৰ সঁচা হয়। (চফ. ২:১৩-১৫) ইয়াৰ উপৰিও আপোনাৰ সন্তানে নৱেম্বৰ ২০২১ চনৰ প্ৰহৰীদুৰ্গত দিয়া “আপুনি জানেনে?” লেখখন পঢ়িব পাৰে। ইয়াৰ পৰা তেওঁ বুজি পাব যে নীনবি নগৰখন যিদৰে ধ্বংস কৰা হʼল, তাৰ বিষয়ে বাইবেলত আগতীয়াকৈ কোৱা হৈছিল। যেতিয়া আপোনাৰ সন্তানে আমাৰ প্ৰকাশনবোৰ পঢ়িব আৰু চাব যে এনচাইক্লপেডিয়া আৰু আন বিখ্যাত কিতাপবোৰতো এই কথাই লিখা আছে, তেতিয়া বাইবেলৰ ওপৰত তেওঁৰ বিশ্বাস বাঢ়িব।

৬. বাইবেলত লিখা কথাবোৰ সঁচা হয়, ইয়াক বুজাবলৈ মাক-দেউতাকে লʼৰা-ছোৱালীক কি কি প্ৰমাণ দিব পাৰে? এটা উদাহৰণ দিয়ক। (ছবিখনো চাওক।)

নিজৰ সন্তানক প্ৰমাণ দি ভাবিবলৈ উৎসাহিত কৰক। মাক-দেউতাকৰ ওচৰত এনে বহুতো সুযোগ থাকে, যেতিয়া তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত এই বিষয়ে কথা পাতিব পাৰে যে তেওঁলোকে বাইবেল আৰু ঈশ্বৰৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰে। যেনে, যেতিয়া তেওঁলোকে কোনো মিউজিয়াম, বাগিছা বা যিহোৱাৰ সাক্ষীসকলৰ কোনো কাৰ্য্যালয়ৰ মিউজিয়াম চাবলৈ যায়। উদাহৰণস্বৰূপে, কোনো মিউজিয়াম চোৱাৰ সময়ত বা অনলাইন টুৰ কৰাৰ সময়ত, আপুনি এনে কিবা বস্তু বা ঘটনাৰ ওপৰত তেওঁলোকৰ ধ্যান আকৰ্ষিত কৰিব পাৰে, যাৰ বিষয়ে বাইবেলতো উল্লেখ আছে। যেনে, আপোনাৰ লʼৰা-ছোৱালীয়ে জানেনে মোৱাবী চিলা নামৰ এটা শিল আছিল, যি ৩,০০০ বছৰ পুৰণি হয় আৰু তাত ঈশ্বৰৰ নাম লিখা আছে। এই শিল ফ্ৰান্সৰ পেৰিছ চহৰৰ লুব্ৰ মিউজিয়ামত ৰখা আছে। এই শিলৰ এটা নকল ৱাৰউইকত যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যালয়ৰ এখন মিউজিয়ামতো ৰখা আছে। এই মিউজিয়ামৰ নাম হৈছে, “বাইবেল আৰু ঈশ্বৰৰ নাম।” মোৱাবী চিলা নামৰ এই শিলত লিখা আছে যে মোৱাৰ ৰজা মেচাই ইস্ৰায়েলৰ বিৰোধে বিদ্ৰোহ কৰিছিল আৰু এই কথা বাইবেলৰ লগতো মিল খায়। (২ ৰাজা. ৩:৪, ৫) যেতিয়া আপোনাৰ সন্তানে এই প্ৰমাণবোৰ নিজ চকুৰে চাব, তেতিয়া বাইবেলৰ ওপৰত তেওঁলোকৰ বিশ্বাস আৰু বাঢ়িব।—২ বংশাৱলি ৯:৬ পদৰ লগত তুলনা কৰক।

আপুনি নিজৰ লʼৰা-ছোৱালীক মিউজিয়ামত ৰখা বস্তুবোৰ দেখুৱাই চিন্তা কৰিবলৈ উৎসাহিত কৰিব পাৰে নে? (অনুচ্ছেদ ৬ চাওক)


৭-৮. (ক) প্ৰকৃতিত পোৱা বস্তুবোৰৰ সুন্দৰ ডিজাইনৰ পৰা কি জানিব পাৰি? এটা উদাহৰণ দিয়ক। (ছবিখনো চাওক।) (খ) আপুনি নিজৰ লʼৰা-ছোৱালীক কি প্ৰশ্ন সুধিব পাৰে যাতে ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস বাঢ়ে?

নিজৰ লʼৰা-ছোৱালীক প্ৰকৃতিৰ বস্তুবোৰৰ বিষয়ে ভাবিবলৈ উৎসাহিত কৰক। যেতিয়া আপুনি বাগিছাত কাম কৰে বা পাৰ্কলৈ যায়, তেতিয়া প্ৰকৃতিৰ বস্তুবোৰৰ ভাল ভাল ডিজাইনৰ ওপৰত নিজৰ লʼৰা-ছোৱালীৰ ধ্যান আকৰ্ষিত কৰক। এইদৰে আপোনাৰ লʼৰা-ছোৱালীয়ে বুজি পাব যে কোনোবাই বহুত ভাবি-চিন্তি এই ডিজাইনবোৰ বনাইছে। উদাহৰণস্বৰূপে, প্ৰকৃতিৰ বহুতো বস্তুত স্পাইৰেল ডিজাইন (এটা বিন্দুৰ পৰা আৰম্ভ হৈ গোল গোল ঘূৰি থকা ডিজাইন) দেখিবলৈ পোৱা যায়। বৈজ্ঞানিকসকলে বহু বছৰৰ পৰা এই ডিজাইনৰ অধ্যয়ন কৰি আছে। এই বিষয়ে নিকʼলা ফামেলি নামৰ এজন বৈজ্ঞানিকে কৈছে যে যদি আপুনি এই স্পাইৰেল ডিজাইন মন দি চাই, তেনেহʼলে আপুনি ইয়াত সংখ্যাৰ এক বিশেষ ক্ৰম দেখিবলৈ পাব। এই সংখ্যাবোৰক ফিবʼনাচী অনুক্ৰম বুলি কোৱা হয়। স্পাইৰেল ডিজাইন বহুতো বস্তুত দেখিবলৈ পোৱা যায়। যেনে, আকাশমণ্ডলত পোৱা কিছুমান তাৰাকাৰাজ্য, নʼটিলাছ নামৰ সমুদ্ৰৰ জীৱৰ খোলা, কিছুমান গছ-গছনিৰ পাতবোৰত আৰু বেলিফুলত। a

আপোনাৰ লʼৰা-ছোৱালীয়ে বিজ্ঞানৰ ক্লাছত প্ৰকৃতিত পোৱা আৰু বহুতো ডিজাইন আৰু আকাৰৰ বিষয়ে শিকিব। যেনে, গছৰ বিষয়ে। বেছিভাগ গছৰ পৰা ডাল ওলাই, ডালৰ পৰা সৰু সৰু ঠাৰি ওলায়। এই সকলোবোৰ একেটা ডিজাইনতে ওলাই আৰু এই ডিজাইনক ফ্ৰেক্টল বুলি কোৱা হয়। এই ডিজাইন প্ৰকৃতিৰ আৰু কিছুমান বস্তুত পোৱা যায়। কিন্তু চিন্তা কৰক, এই ডিজাইন কোনে বনালে? কোনে সকলোবোৰ ইমান বিৱস্থিতৰূপে আৰু ভাবি-চিন্তি বনালে? আপোনাৰ লʼৰা-ছোৱালীয়ে প্ৰকৃতিৰ বস্তুবোৰৰ বিষয়ে যিমানেই চিন্তা কৰিব, সিমানেই তেওঁলোকৰ এই কথাৰ ওপৰত বিশ্বাস বাঢ়িব যে এজন ঈশ্বৰ আছে, যি সকলোবোৰ বনাইছে। (ইব্ৰী ৩:৪) আপোনাৰ লʼৰা-ছোৱালী ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকক এয়াও বুজিবলৈ সহায় কৰক যে ঈশ্বৰৰ আজ্ঞা পালন কৰাটো কিয় গুৰুত্বপূৰ্ণ। তেওঁক সোধক, “যদি ঈশ্বৰে আমাক বনাইছে, তেনেহʼলে আমি আনন্দত থাকিবলৈ কেনেধৰণৰ জীৱন-যাপন কৰিব লাগিব, তাৰ বিষয়ে তেওঁ জনাইছে বুলি তুমি নাভাবা নে?” তাৰ পাছত আপুনি তেওঁক জনাব পাৰে যে ঈশ্বৰে বাইবেলত আমাক বহুতো ভাল পৰামৰ্শ দিছে, যিবোৰ পালন কৰিলে আমি আনন্দিত থাকিব পাৰিম।

NASA, ESA, and the Hubble Heritage (STScl/AURA)-ESA/Hubble Collaboration

প্ৰকৃতিৰ বস্তুবোৰৰ ধুনীয়া ডিজাইন কোনে বনাইছে? (অনুচ্ছেদ ৭-৮ চাওক)


নিজৰ সন্তানৰ হৃদয়ত বাইবেলৰ সিদ্ধান্তৰ প্ৰতি কৃতজ্ঞতা বঢ়াওক

৯. আপোনাৰ লʼৰা-ছোৱালীয়ে হয়তো বাইবেলৰ নৈতিক মানদণ্ডৰ বিষয়ে কিয় প্ৰশ্ন সুধিব পাৰে?

যদি আপোনাৰ লʼৰা-ছোৱালীয়ে বাইবেলত দিয়া ভাল-বেয়া মানদণ্ডৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰে, তেনেহʼলে এয়া বুজিবলৈ চেষ্টা কৰক যে তেওঁ এই প্ৰশ্নটো কিয় সুধিছে। তেওঁ সঁচাকৈ ভাবে নে যে বাইবেলত লিখা কথাবোৰ সঠিক নহয়? অথবা তেওঁ বাইবেলৰ মানদণ্ড কিয় পালন কৰে, সেয়া আনক বুজাবলৈ কঠিন হোৱাৰ বাবে এই প্ৰশ্ন সুধিছে? যি কি নহওক আপুনি নিজৰ লʼৰা-ছোৱালীক এয়া বুজিবলৈ সহায় কৰিব পাৰে যে বাইবেলৰ মানদণ্ডবোৰ পালন কৰিলে কিয় আমাৰে লাভ হয়। ইয়াৰ বাবে আপুনি তেওঁৰ লগত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা অধ্যয়ন কৰিব পাৰে। b

১০. আপুনি নিজৰ সন্তানক কেনেকৈ সহায় কৰিব পাৰে, যাতে তেওঁ যিহোৱাক সকলোতকৈ ভাল বন্ধু বনাব পাৰে?

১০ যিহোৱাক সকলোতকৈ ভাল বন্ধু বনাবলৈ নিজৰ সন্তানক উৎসাহিত কৰক। যেতিয়া আপুনি নিজৰ লʼৰা-ছোৱালীৰ লগত বাইবেল অধ্যয়ন কৰে, তেতিয়া দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনত দিয়া প্ৰশ্ন আৰু ছবিবোৰৰ সহায়ত এয়া জানিবলৈ চেষ্টা কৰক যে আপোনাৰ লʼৰা-ছোৱালীৰ মনত কি চলি আছে। (হিতো. ২০:৫) যেনে, পাঠ ৮-ত যিহোৱাক এজন ভাল বন্ধু বুলি কোৱা হৈছে, যিজনৰ কথা শুনিলে আমি লাভৱান হʼম আৰু বিপদৰ পৰা বাচি থাকিব পাৰিম। পাঠত ১ যোহন ৫:৩ পদৰ ওপৰত আলোচনা কৰাৰ পাছত নিজৰ লʼৰা-ছোৱালীক সোধক যে “যিহোৱা আমাৰ ভাল বন্ধু হয়, গতিকে তেওঁ আমাক কিবা কৰিবলৈ কয়, তেনেহʼলে আমি কি কৰা উচিত?” এই প্ৰশ্নটো একেবাৰে সহজ যেন লাগিব পাৰে, কিন্তু এই প্ৰশ্ন সুধিলে আপোনাৰ সন্তানে বুজি পাব যে যিহোৱাই আমাক যিয়ে কৰিবলৈ কয়, সেয়া প্ৰেমৰ বাবেহে কয়।—যিচ. ৪৮:১৭, ১৮.

১১. আপুনি নিজৰ সন্তানৰ হৃদয়ত বাইবেলৰ সিদ্ধান্তৰ প্ৰতি কৃতজ্ঞতা কেনেকৈ বঢ়াব পাৰে? (হিতোপদেশ ২:১০; উপদেশক ৭:১২)

১১ বাইবেলৰ সিদ্ধান্ত পালন কৰিলে লাভ হয়, তাৰ বিষয়ে নিজৰ সন্তানৰ লগত আলোচনা কৰক। যেতিয়া আপোনাৰ পৰিয়ালে একেলগে মিলি বাইবেল বা দৈনিক পাঠ পঢ়ে, তেতিয়া বাইবেলৰ সিদ্ধান্ত পালন কৰাৰ বাবে আপোনাৰ কিমান লাভ হৈছে, তাৰ বিষয়ে আলোচনা কৰক। উদাহৰণস্বৰূপে, আপোনাৰ লʼৰা-ছোৱালীয়ে এয়া বুজি পাই নে যে পৰিশ্ৰমী আৰু বিশ্বাসী হৈ থাকিলে কি কি লাভ হয়? (ইব্ৰী ১৩:১৮) আপুনি তেওঁক এয়াও জনাব পাৰে যে বাইবেলৰ সিদ্ধান্ত পালন কৰিলে আমাৰ স্বাস্থ্য ভাল হৈ থাকে আৰু আমি আনন্দত থাকোঁ। (হিতো. ১৪:২৯, ৩০) এইদৰে আপোনাৰ লʼৰা-ছোৱালীয়ে বুজি পাব যে বাইবেলৰ সিদ্ধান্ত পালন কৰিলে কিমান লাভ হয় আৰু তেওঁকো এই সিদ্ধান্তবোৰ পালন কৰিবলৈ মন যাব।—হিতোপদেশ ২:১০; উপদেশক ৭:১২ পঢ়ক।

১২. এহাল দম্পতীয়ে নিজৰ লʼৰাক কেনেকৈ বুজালে যে বাইবেলৰ পৰামৰ্শ পালন কৰিলে আমাৰেই লাভ হয়?

১২ ফ্ৰান্সত থকা ভাই ষ্টীবৰ উদাহৰণলৈ মন কৰক, যাৰ ১৬ বছৰীয়া এজন লʼৰা আছে। তেওঁ কয় যে তেওঁ আৰু তেওঁৰ পত্নীয়ে কেনেকৈ নিজৰ লʼৰা ইথনক বুজালে যে যিহোৱাই যিয়েই কৰিবলৈ কয়, সেয়া প্ৰেমৰ বাবে কয়। “আমি তেওঁক এনে কিছুমান প্ৰশ্ন সোধো, ‘তুমি কি ভাবা আমি যিহোৱাৰ এই কথা কিয় পালন কৰা উচিত? ইয়াৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই আমাক প্ৰেম কৰে? যদি আমি এই কথা পালন নকৰোঁ, তেনেহʼলে কি হʼব?’” এইদৰে আলোচনা কৰাৰ বাবে ইথনৰ বিশ্বাস মজবুত হʼল আৰু তেওঁ বুজি পালে যে যিহোৱাৰ আজ্ঞা পালন কৰিলে আমাৰেই লাভ হয়। ভাই ষ্টীবে কৈছে, “বাইবেলত কিমান বুদ্ধি ভৰা কথা লিখা আছে, যি মানুহৰ চিন্তাধাৰতকৈ বহুগুণে উত্তম, এই কথা ইথনে বুজি পোৱাটো আমি বিচাৰোঁ।”

১৩. মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ বাইবেলৰ সিদ্ধান্ত পালন কৰিবলৈ শিকাব পাৰে?

১৩ নিজৰ সন্তানক বাইবেলৰ সিদ্ধান্ত পালন কৰিবলৈ শিকাওক। হয়তো আন লʼৰা-ছোৱালীয়ে আপোনাৰ সন্তানক চিনেমা চাবলৈ বা ভিডিঅʼ গেম খেলিবলৈ মাতিছে। হয়তো তাত এনে এটা চৰিত্ৰৰ বিষয়ে কোৱা হৈছে, যিজনে অনৈতিক জীৱন-যাপন কৰে বা মাৰ-কাট কৰে, কিন্তু লগতে তেওঁক বহুত ভাল বুলি দেখুৱা হৈছে। এনে পৰিস্থিতিত আপুনি নিজৰ লʼৰা-ছোৱালীক ভাবিবলৈ কʼব পাৰে, “এই চৰিত্ৰই যিদৰে জীৱন-যাপন কৰি আছে, সেয়া বাইবেলৰ সিদ্ধান্তৰ অনুসৰি সঠিক হয় নে? যিহোৱাই এনে কামবোৰক ভাল পায় নে?” (হিতো. ২২:২৪, ২৫; ১ কৰি. ১৫:৩৩; ফিলি. ৪:৮) এইদৰে আপোনাৰ লʼৰা-ছোৱালীয়ে বুজি পাব যে যিহোৱাই যি কয়, সেয়া সঠিক হয় আৰু আমি তেওঁৰ কথা পালন কৰা উচিত। ইয়াৰ লগতে তেওঁ আন লʼৰা-ছোৱালীকো বুজাব পাৰিব যে এইবোৰ ভুল হয় বুলি তেওঁ কিয় বিশ্বাস কৰে।

নিজৰ বিশ্বাসৰ বিষয়ে বুজাবলৈ নিজৰ সন্তানক শিকাওক

১৪. লʼৰা-ছোৱালীৰ হয়তো কোনটো বিষয়ত কথা পাতিবলৈ ভয় লাগিব পাৰে আৰু কিয়?

১৪ বহু বাৰ নিজৰ বিশ্বাসৰ বিষয়ে আনক জনাবলৈ লʼৰা-ছোৱালীয়ে ভয় কৰে। যেনে, হয়তো যেতিয়া তেওঁৰ স্কুলত বিবৰ্তনৰ বিষয়ে শিকোৱা হয়। কিয় বাৰু? কাৰণ তেওঁৰ টিচাৰে হয়তো সম্পূৰ্ণ বিশ্বাসেৰে কয় যে প্ৰমাণবোৰেও দেখুৱাই যে আমাক সৃষ্টি কৰা হোৱা নাই আমি, বিবৰ্তনৰ পৰাহে আহিছোঁ। গতিকে পিতৃ-মাতৃসকল, আপোনালোকে কেনেকৈ নিজৰ লʼৰা-ছোৱালীক সহায় কৰিব পাৰে যাতে তেওঁ সম্পূৰ্ণ বিশ্বাসেৰে আনক নিজৰ বিশ্বাসৰ বিষয়ে জনাব পাৰে?

১৫. আপোনাৰ সন্তানে যিবোৰ কথাৰ ওপৰত বিশ্বাস কৰে, সেয়া সঁচা হয় বুলি তেওঁলোকৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰে?

১৫ আপোনাৰ সন্তানে যিবোৰ কথাৰ ওপৰত বিশ্বাস কৰে, সেয়া সঁচা হয় বুলি তেওঁৰ বিশ্বাস বঢ়াওক। আপোনাৰ লʼৰা-ছোৱালীয়ে এজন সৃষ্টিকৰ্তা আছে বুলি বিশ্বাস কৰাৰ বাবে লাজ অনুভৱ কৰাৰ কোনো প্ৰয়োজন নাই। (২ তীম. ১:৮) কিয় বাৰু? কাৰণ বহুতো বৈজ্ঞানিকে বিশ্বাস কৰে যে জীৱন হঠাৎ বা নিজে নিজে অহা নাই। জীৱ-জন্তুৰ গঠন ইমানেই জটিল যে সেয়া চাই তেওঁলোকে কয় নিশ্চয় ইয়াৰ আঁৰত কোনো বুদ্ধিমান ব্যক্তিৰ হাত আছে। সেইবাবে, তেওঁলোকে বিবৰ্তনৰ শিক্ষাৰ ওপৰত বিশ্বাস নকৰে, যি আজি গোটেই পৃথিৱীত শিকোৱা হয়। ঈশ্বৰৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ আপোনাৰ লʼৰা-ছোৱালীয়ে কি কৰিব পাৰে? তেওঁলোকে এনে ভাই-ভনীসকলৰ অনুভৱলৈ মন কৰিব পাৰে, যিসকলে এসময়ত সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰা নাছিল। এনে কৰাৰ সময়ত তেওঁলোকে মন কৰিব পাৰে যে এজন সৃষ্টিকৰ্তা আছে বুলি কি কথাৰ পৰা তেওঁলোকৰ বিশ্বাস হʼল। c

১৬. লʼৰা-ছোৱালীয়ে সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰে বুলি আনক জনাবলৈ মাক-দেউতাকে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে? (১ পিতৰ ৩:১৫) (ছবিখনো চাওক।)

১৬ আপোনাৰ সন্তানে এজন সৃষ্টিকৰ্তা আছে বুলি আনক কেনেকৈ বুজাব পাৰে তাৰ বিষয়ে শিকাওক। (১ পিতৰ ৩:১৫ পঢ়ক।) আপুনি যদি বিচাৰে, তেনেহʼলে তেওঁলোকৰ লগত মিলি jw.org-ত দিয়া ধাৰাবাহিকত “যুৱক-যুৱতীসকলে সোধে—সৃষ্টি বা বিবৰ্তন?” ভাগত দিয়া লেখবোৰৰ ওপৰত আলোচনা কৰিব পাৰে। তাৰ পাছত লʼৰা-ছোৱালীক সুধিব পাৰে যে ইয়াত এনে কি যুক্তি দিয়া আছে, যাৰ সহায়ত তেওঁ আনক বিশ্বাস দিব পাৰে যে এজন সৃষ্টিকৰ্তা আছে। তাৰ পাছত তেওঁ ইয়াৰ বিষয়ে আনক কেনেকৈ বুজাব, তাৰ বাবে নিজৰ লʼৰা-ছোৱালীৰ লগত প্ৰেক্টিছ কৰিব পাৰে। লʼৰা-ছোৱালীক জনাওক যে তেওঁ আনৰ লগত তৰ্ক কৰাৰ প্ৰয়োজন নাই। কিন্তু যদি কোনোবাই কথা পাতিবলৈ সাজু আছে, তেনেহʼলে তেওঁক সহজ-সৰল যুক্তি দি নিজৰ কথা বুজাব পাৰে। যেনে, কোনো লʼৰা-ছোৱালীয়ে হয়তো কʼব পাৰে যে “মই যিবোৰ বস্তু নিজ চকুৰে দেখা পাওঁ, সেইবোৰৰ ওপৰতহে বিশ্বাস কৰোঁ। কিন্তু মই ঈশ্বৰকতো কেতিয়াও দেখা নাই।” তেতিয়া এজন ডেকা খ্ৰীষ্টানে কʼব পাৰে যে “চিন্তা কৰা তুমি এখন ঘন জংঘলৰ মাজেদি গৈ আছা, যʼত কোনো মানুহ নাথাকে। আগলৈ গৈ থাকোঁতে তুমি এখন নাদ দেখিবলৈ পালা। সেই নাদটো দেখি তুমি এইদৰে ভাবিবা নে যে সেই নাদখন নিজে নিজে সৃষ্টি হʼল? নে এইদৰে ভাবিবা নিশ্চয় সেই নাদটো কোনোবাই খান্দিলে? যদি কোনোবাই সেই নাদটো খান্দিলে, তেনেহʼলে তুমি কি ভাবা এই বিশ্বব্ৰহ্মাণ্ডটো নিজে নিজে সৃষ্টি হʼল নে ইয়াক কোনোবাই সৃষ্টি কৰিলে?”

স্কুলত লʼৰা-ছোৱালীৰ লগত কথা পাতোঁতে সহজ-সৰল যুক্তি দি নিজৰ কথা বুজাওক (অনুচ্ছেদ ১৬-১৭ চাওক) d


১৭. সুযোগ বিচাৰি আনক সত্যৰ বিষয়ে জনাবলৈ মাক-দেউতাকে নিজৰ সন্তানক কেনেকৈ উৎসাহিত কৰিব পাৰে? বুজাওক।

১৭ বাইবেলৰ সত্যতাবোৰ আনক জনাবলৈ সুযোগ বিচাৰি থাকিবলৈ নিজৰ সন্তানক কওক। (ৰোম. ১০:১০) নিজৰ বিশ্বাসৰ বিষয়ে আনক জনোৱাটো সৰু লʼৰা-ছোৱালীয়ে খোজকঢ়াৰ দৰে হয়। যেতিয়া কোনো সৰু লʼৰা বা ছোৱালীয়ে খোজকাঢ়িবলৈ শিকে, তেতিয়া আৰম্ভণিতে তেওঁ থিয় হʼবলৈ শিকে আৰু তাৰ পাছত সৰু সৰু খোজ দিয়ে। ঠিক সেইদৰে কোনো ডেকাই আৰম্ভণিতে নিজৰ বিশ্বাসৰ বিষয়ে আনক কিছুমান সহজ কথা জনায়। যেনে, তেওঁ স্কুলত কোনো লʼৰা-ছোৱালীক সুধিব পাৰে, “তুমি জানা নে ইঞ্জিনিয়াৰসকলে প্ৰায়ে প্ৰকৃতিৰ বস্তুবোৰ চাই ডিজাইন বনায়? আহা তোমাক মই এখন ভাল ভিডিঅʼ দেখুৱাও।” তাৰ পাছত ইয়াক সৃষ্টি কৰা হৈছিল নেকি? ধাৰাবাহিকৰ এখন ভিডিঅʼ দেখুৱাই তেওঁক প্ৰশ্ন সুধিব পাৰে, “প্ৰকৃতিৰ বস্তুবোৰৰ গঠন চাই যেতিয়া বৈজ্ঞানিকসকলে কিবা নতুন বস্তু বনায়, তেতিয়া সকলোৱে তেওঁলোকৰ প্ৰশংসা কৰে। গতিকে প্ৰকৃতিৰ বস্তুবোৰৰ বাবে কোনে প্ৰশংসা পোৱা উচিত?” এই কথা-বতৰাৰ পৰা হয়তো সেই লʼৰা বা ছোৱালীজনীৰ আৰু বেছিকৈ জানিবলৈ মন যাব।

বিশ্বাস মজবুত কৰিবলৈ নিজৰ সন্তানক সহায় কৰক

১৮. যিহোৱাৰ ওপৰত নিজৰ লʼৰা-ছোৱালীৰ বিশ্বাস বঢ়াবলৈ পিতৃ-মাতৃয়ে কি কৰিব পাৰে?

১৮ আজি পৃথিৱীত এনে লোকসকল আছে, যিসকলে যিহোৱাৰ ওপৰত বিশ্বাস নকৰে। (২ পিত. ৩:৩) সেইবাবে পিতৃ-মাতৃসকল, যেতিয়া আপুনি নিজৰ লʼৰা-ছোৱালীৰ লগত বাইবেল অধ্যয়ন কৰে, তেতিয়া তেওঁলোকক এনে বিষয়বোৰৰ ওপৰত অনুসন্ধান কৰিবলৈ উৎসাহিত কৰক যাৰ পৰা তেওঁলোকৰ বিশ্বাস বাঢ়িব যে বাইবেলত লিখা কথাবোৰ সঠিক হয় আৰু সেইবোৰ পালন কৰিলে আমাৰেই লাভ হʼব। নিজৰ লʼৰা-ছোৱালীৰ লগত যিহোৱাই বনোৱা বস্তুবোৰৰ বিষয়ে আলোচনা কৰক আৰু সেইবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ উৎসাহিত কৰক। বাইবেলৰ ভৱিষ্যভাণীবোৰ কিমান আচৰিত ধৰণে পূৰ হৈছিল, সেয়া বুজিবলৈও তেওঁলোকক সহায় কৰক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে নিজৰ লʼৰা-ছোৱালীৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে তেওঁলোকৰ লগতো প্ৰাৰ্থনা কৰক। যেতিয়া আপুনি নিজৰ লʼৰা-ছোৱালীৰ বিশ্বাস মজবুত কৰিবলৈ পৰিশ্ৰম কৰিব, তেতিয়া যিহোৱাই আপোনাৰ পৰিশ্ৰমত আশীৰ্বাদ দিব।—২ বং. ১৫:৭.

গীত নং ১৩৩ যৌৱনকালত যিহোৱাৰ সেৱা কৰা

a ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ jw.org-ত দিয়া The Wonders of Creation Reveal God‘s GloryPatterns নামৰ ভিডিঅʼখন চাওক।

b যদি দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পৰা আপোনাৰ লʼৰা-ছোৱালীৰ অধ্যয়ন সম্পূৰ্ণ হʼল, তেনেহʼলে আপুনি তেওঁৰ লগত ভাগ ৩ আৰু -ত দিয়া সেই পাঠবোৰৰ ওপৰত পুনৰ আলোচনা কৰিব পাৰে, যʼত বাইবেলৰ মানদণ্ডবোৰৰ বিষয়ে কোৱা হৈছে।

c অক্টোবৰ-ডিচেম্বৰ, ২০০৬ চনৰ সচেতন থাকক!-ত (হিন্দী) দিয়া লেখ “এজন সৃষ্টিকৰ্তা আছে বুলি আমি কিয় বিশ্বাস কৰোঁ” আৰু জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন (হিন্দী) ব্ৰচাৰখন পঢ়ক। ইয়াৰ লগতে ভাই-ভনীসকলৰ অনুভৱ শুনিবলৈ jw.org-ত জীৱনৰ আৰম্ভণিৰ বিষয়ে দৃষ্টিকোণ ধাৰাবাহিক ভিডিঅʼখন চাওক।

d ছবিৰ বিষয়ে: এজন ডেকা ভাইৰ লগত পঢ়া এজন লʼৰাই ড্ৰʼন ভাল পায়। ভায়ে তেওঁক ইয়াক সৃষ্টি কৰা হৈছিল নেকি? ধাৰাবাহিকৰ এখন ভিডিঅʼ দেখুৱাই আছে।