Skip to content

Skip to table of contents

জীৱন কাহিনী

মই জীৱনৰ প্ৰতিটো ক্ষেত্ৰত শিকি থাকিলোঁ

মই জীৱনৰ প্ৰতিটো ক্ষেত্ৰত শিকি থাকিলোঁ

যিহোৱা মোৰ মহান উপদেশক হোৱাৰ বাবে মই তেওঁৰ বহুত কৃতজ্ঞ। (যিচ. ৩০:২০) তেওঁ নিজৰ বাক্য বাইবেল, নিজৰ সৃষ্টি আৰু নিজৰ সংগঠনৰ যোগেদি বহুতো কথা শিকায়। তেওঁ ভাই-ভনীসকলৰ যোগেদিও আমাক বহুতো কথা শিকায়। মোৰ ১০০ বছৰ হʼবলৈ হʼল, তথাপি মই এতিয়াও শিকি আছোঁ। কেনেকৈ বাৰু আহক জনাওঁ।

নিজৰ পৰিয়ালৰ লগত ১৯৪৮ চনত

মোৰ জন্ম ১৯২৭ চনৰ চিকাগো চহৰৰ ওচৰৰে এখন সৰু গাঁৱত হৈছিল। এয়া আমেৰিকাৰ ইলিনায় চহৰত আছে। আমি পাঁচজন ভাই-ভনী আছিলোঁ। ডাঙৰ বাইদেউ জেথা আৰু দাদা ডʼন, তাৰ পাছত মই, মোৰ সৰু ভাই কাৰ্ল আৰু মোৰ সৰু ভন্টী জয়। আমি সকলোৱে যিহোৱাৰ সেৱা সম্পূৰ্ণ হৃদয়েৰে কৰিব বিচাৰিছিলোঁ। জেথা ১৯৪৩ চনত গিলিয়াডৰ দ্বিতীয় ক্লাছলৈ গʼল। তাৰ পাছত ১৯৪৪ চনত ডʼন বেথেললৈ গʼল। চন ১৯৪৭-ত কাৰ্ল আৰু ১৯৫১ চনত জয় বেথেললৈ গʼল। মা-দেউতা আৰু মোৰ ভাই-ভনীসকলে মোৰ বাবে ভাল উদাহৰণ ৰাখিলে, যাৰ বাবে মই যিহোৱাৰ সেৱাত আৰু বেছিকৈ কৰিবলৈ উৎসাহিত হʼলোঁ।

আমাৰ পৰিয়ালে সত্য শিকিলে

মা-দেউতাই বাইবেল পঢ়িছিল আৰু ঈশ্বৰক বহুত মানিছিল। তেওঁলোকে আমাকো ঈশ্বৰক প্ৰেম কৰিবলৈ শিকাইছিল। পাছত যেতিয়া দেউতা প্ৰথম বিশ্ব যুদ্ধৰ বাবে ইউৰোপলৈ গʼল, তেতিয়া গীৰ্জাৰ প্ৰতি তেওঁৰ বিশ্বাস একেবাৰে নাইকিয়া হʼল। যেতিয়া দেউতা ভালে ভালে উভতি আহিল, তেতিয়া মা বহুত আনন্দিত হʼল। মায়ে দেউতাক কʼলে, “বʼলা আমি গীৰ্জালৈ যাওঁ, যেনেকৈ আমি আগতে গৈছিলোঁ।” তেতিয়া দেউতাই কʼলে, “মই তোমাক তালৈ লৈ যাম, কিন্তু ভিতৰলৈ নাযাম।” তেতিয়া মায়ে সুধিলে, “কিয়?” তেতিয়া দেউতাই কʼলে, “একেটা ধৰ্মৰ হোৱাৰ সত্ত্বেও যুদ্ধত দুয়োফালে পাদুৰীসকলে নিজৰ সৈনিক আৰু তেওঁলোকৰ অস্ত্ৰবোৰক আশীৰ্বাদ দি আছিল। তেনেহʼলে ঈশ্বৰে কাক সহযোগ কৰি আছিল?”

পাছত যেতিয়া মায়ে গীৰ্জাত আছিল, তেতিয়া আমাৰ ঘৰলৈ দুজন যিহোৱাৰ সাক্ষী আহিছিল। তেওঁলোকে দেউতাক প্ৰকাশ (ইংৰাজী) নামৰ দুখন কিতাপ দেখুৱালে, এই কিতাপবোৰত প্ৰকাশিত বাক্য কিতাপৰ বিষয়ে বুজোৱা হৈছিল। দেউতাক সেই কিতাপবোৰ ভাল লাগিল আৰু তেওঁ লʼলে। যেতিয়া মায়ে সেই কিতাপবোৰ দেখিলে, তেতিয়া তাই পঢ়িবলৈ ধৰিলে। এদিনাখন মায়ে বাতৰি কাকতত পঢ়িলে যে যিসকলে এই প্ৰকাশ (ইংৰাজী) নামৰ কিতাপৰ পৰা বাইবেল অধ্যয়ন কৰিব বিচাৰে, তেওঁলোকে এই ঠিকনাত আহিব পাৰে। মায়ে তালৈ যোৱাৰ বিষয়ে ভাবিলে। যেতিয়া মায়ে সেই ঠিকনাত গʼল, তেতিয়া এগৰাকী বৃদ্ধ তিৰোতাই দুৱাৰ খুলিলে। মায়ে তেওঁক সেই কিতাপ দেখুৱাই সুধিলে, “এই কিতাপৰ পৰা ইয়াত অধ্যয়ন কৰোৱা হয় নে?” তেতিয়া সেই তিৰোতা গৰাকীয়ে কʼলে, “হয়, মাজনী ভিতৰলৈ অহা।” তাৰ পাছৰ সপ্তাহৰ পৰা মায়ে আমাকো তালৈ নিবলৈ ধৰিলে আৰু ইয়াৰ পাছত আমি প্ৰতি সপ্তাহে তালৈ যাবলৈ ধৰিলোঁ।

এখন সভাত ভাইজনে মোক গীতমালা ১৪৪:১৫ পদটো পঢ়িবলৈ কʼলে, যʼত কোৱা হৈছে যে যিসকলে যিহোৱাৰ উপাসনা কৰে তেওঁলোক ধন্য। এই পদে মোৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলালে। ঠিক তেনেকৈ আৰু দুটা পদে মোৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলালে। প্ৰথম, ১ তীমথিয় ১:১১ পদ, যʼত লিখা আছে যিহোৱা “আনন্দিত ঈশ্বৰ” হয় আৰু দ্বিতীয়টো, ইফিচীয়া ৫:১, এই পদত ‘ঈশ্বৰৰ উদাহৰণত চলিবলৈ’ আমাক উৎসাহিত কৰা হৈছে। মই বুজি পালোঁ যে মই আনন্দেৰে নিজৰ ঈশ্বৰৰ উপাসনা কৰা উচিত আৰু তেওঁৰ কৃতজ্ঞ হোৱা উচিত। কাৰণ তেওঁ আমাক তেওঁৰ উপাসনা কৰিবলৈ সুযোগ দিছে। এই দুটা কথাৰ অনুসৰি মই জীৱন-যাপন কৰিবলৈ সদায় চেষ্টা কৰোঁ।

আমাৰ ঘৰৰ আটাইতকৈ ওচৰৰ মণ্ডলী ৩২ কিলোমিটাৰ (২০ মাইল) দূৰত চিকাগোত আছিল। তথাপিও আমি সভাত উপস্থিত হৈছিলোঁ। এইদৰে মই বাইবেলৰ পৰা আৰু বেছিকৈ শিকিব পাৰিলোঁ। মোৰ এতিয়াও মনত আছে যেতিয়া জেথায়ে সভাত উত্তৰ দি আছিল, তেতিয়া তাইৰ উত্তৰ শুনি মই ভাবিলোঁ, ‘এয়াতো ময়ো জানিছিলোঁ। ময়ো হাত উঠাব লাগিছিল।’ ইয়াৰ পাছৰে পৰা মই সভাৰ ভালদৰে তৈয়াৰী কৰিবলৈ ধৰিলোঁ আৰু নিজৰ শব্দত উত্তৰ দিবলৈ ধৰিলোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা যে মোৰ আৰু মোৰ ভাইটি-ভণ্টীসকলৰ যিহোৱাৰ লগত সম্পৰ্ক আৰু মজবুত হʼবলৈ ধৰিলে আৰু ১৯৪১ চনত মই বাপ্তিষ্মা লʼলোঁ।

অধিৱেশনবোৰৰ পৰা যিহোৱাই বহুতো কথা শিকালে

চন ১৯৪২-ত ক্লিভলেণ্ড চহৰত হোৱা অধিৱেশন এতিয়াও মোৰ মনত আছে। সেই অধিৱেশনত আমেৰিকাৰ ৫০ খন বেলেগ বেলেগ চহৰৰ ভাই-ভনীসকলে ফোনৰ যোগেদি অধিৱেশনৰ কাৰ্য্যক্ৰম শুনি আছিল। আমাৰ পৰিয়াল আৰু আন পৰিয়ালসকলে অধিৱেশনৰ ওচৰতে বনোৱা তম্বুত আছিল। সেইদিনাখন গধূলি কিছুমান ভায়ে নিজৰ গাড়ীৰ হেড লাইট বাহিৰৰফালে কৰি গাড়ী থিয় কৰালে। কাৰণ সেই সময়ত দ্বিতীয় বিশ্ব যুদ্ধ চলি আছিল আৰু যিহোৱাৰ সাক্ষীসকলৰ বিৰোধ কৰা হৈছিল। সেইবাবে, ভাইসকলে নিৰ্ণয় লʼলে যে ৰাতি পহৰা দিবলৈ গাড়ীত এজন নহয় এজন ভাই থাকিব। যদি কোনোবাই আক্ৰমণ কৰিবলৈ আহে, তেনেহʼলে ভায়ে হেড লাইট জ্বলাব যাতে তেওঁলোকৰ চকু তিৰবিৰাই উঠে আৰু জোৰেৰে হৰ্ণ বজাব। তেতিয়া আন ভাই-ভনীসকলে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিব। মই ভাবিলোঁ, ‘কি যে ভাল কথা! যিহোৱাৰ লোকসকলে সকলো পৰিস্থিতিৰ বাবে সাজু হৈ আছে।’ সেই ৰাতি মোৰ একেবাৰে ভয় লগা নাছিল আৰু মই আৰামেৰে শুব পাৰিলোঁ, কোনো সমস্যাও নহʼল।

আজি বহু বছৰৰ পাছত যেতিয়া মই সেই অধিৱেশনৰ বিষয়ে মনত পেলাওঁ, তেতিয়া মোৰ অনুভৱ হয় যে মোৰ মাৰ কোনো ধৰণৰ চিন্তা বা ভয় নাছিল। তেওঁৰ যিহোৱা আৰু সংগঠনৰ ওপৰত সম্পূৰ্ণ ভৰসা আছিল। তেওঁৰ এই ভাল উদাহৰণ মই কেতিয়াও পাহৰিব নোৱাৰোঁ।

অধিৱেশনৰ কিছু সময়ৰ আগতে মায়ে অগ্ৰগামী সেৱা আৰম্ভ কৰিছিল। সেইবাবে, অধিৱেশনৰ সময়ছোৱাত পূৰ্ণ সময়ৰ সেৱাৰ বিষয়ে যি ভাষণবোৰ দিয়া হৈছিল, সেইবোৰ মায়ে মনোযোগেৰে শুনিছিল। ঘৰলৈ উভতি অহাৰ সময়ত তেওঁ আমাক কʼলে, “মই অগ্ৰগামী সেৱা কৰি থাকিব বিচাৰোঁ, কিন্তু ইয়াৰ লগতে ঘৰখন চম্ভালাটো মোৰ বাবে কঠিন হৈ পৰিছে।” তেওঁ আমাক সুধিলে তোমালোকে মোৰ সহায় কৰিবা নে? তেতিয়া আমি কʼলোঁ, হয় নিশ্চয় কৰিম। তাৰ পাছত মায়ে আমাক সকলোকে কাম ভগাই দিলে। ৰাতিপুৱাৰ আহাৰ খোৱাৰ আগতে তেওঁ আমাক এটা বা দুটা কোঠালী চাফা কৰিবলৈ কʼলে। আমি স্কুললৈ যোৱাৰ পাছত মায়ে ঘৰত সকলো ঠিকেই আছে নে নাই, সেইবোৰ চাই প্ৰচাৰলৈ গৈছিল। মাৰ বহুতো কাম থকাৰ সত্ত্বেও তেওঁ আমাৰ যত্ন লৈছিল। যেতিয়া আমি দুপৰীয়া আহাৰৰ বাবে ঘৰলৈ আহিছিলোঁ, তেতিয়া মা ঘৰতে থাকিছিল। কেতিয়াবা কেতিয়াবা আমিও স্কুল ছুটী হোৱাৰ পাছত মাৰ লগত প্ৰচাৰলৈ গৈছিলোঁ। ইয়াৰ পৰা জানিব পাৰিলোঁ যে অগ্ৰগামী সেৱা কৰাটো কি হয়।

পূৰ্ণ সময়ৰ সেৱা আৰম্ভ কৰিলোঁ

মই ১৬ বছৰ বয়সত অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। এতিয়ালৈকে মোৰ দেউতা এজন যিহোৱাৰ সাক্ষী হোৱা নাছিল, কিন্তু মোৰ প্ৰচাৰ কাম কেনে চলি আছে, সেয়া জানিবলৈ সদায় আগ্ৰহী হৈ আছিল। এদিন গধূলি মই তেওঁক কʼলোঁ, মই বহুত চেষ্টা কৰিলোঁ, কিন্তু এনে এজনো ব্যক্তি পোৱা নাই, যিজনে বাইবেল অধ্যয়ন কৰিব বিচাৰে। অলপ দেৰি ৰৈ মই তেওঁক সুধিলোঁ, “আপুনি মোৰ লগত অধ্যয়ন কৰিব নে?” তেতিয়া তেওঁ অলপ চিন্তা কৰি মোক কʼলে, “ঠিক আছে। মোৰ ওচৰত না কোৱাৰ কোনো কাৰণো নাই।” এইদৰে দেউতা মোৰ প্ৰথম বাইবেল বিদ্যাৰ্থী হʼল। এয়া মোৰ বাবে কিমান ডাঙৰ সন্মানৰ কথা!

আমি “সত্যই তোমাক মুকলি কৰিব” (ইংৰাজী) নামৰ কিতাপৰ পৰা অধ্যয়ন আৰম্ভ কৰিলোঁ। আমি অধ্যয়ন কৰি থাকিলোঁ। পাছত মই মন কৰিলোঁ যে দেউতাই মোৰ এজন ভাল বিদ্যাৰ্থী আৰু মোক এজন ভাল শিক্ষক হʼবলৈ সহায় কৰি আছে। এদিন আমি গধূলি অধ্যয়নৰ সময়ত প্ৰেগ্ৰাফ পঢ়ি থাকোঁতে তেওঁ মোক কʼলে, “ইয়াত যি লিখা আছে, সেয়া মই বুজি পালোঁ, কিন্তু তুমি কেনেকৈ জানা যে ইয়াত যি লিখা আছে, সেয়া একেবাৰে সঠিক?” ইয়াৰ উত্তৰ মোৰ ওচৰত নাছিল, সেইবাবে মই তেওঁক কʼলোঁ, “এতিয়াতো মই ইয়াৰ বিষয়ে কʼব নোৱাৰোঁ, কিন্তু অহাবাৰ অধ্যয়ন কৰাৰ সময়ত মই আপোনাক ইয়াৰ উত্তৰ নিশ্চয় দিম।” তাৰ পাছত মই অনুসন্ধান কৰিলোঁ আৰু কিছুমান বাইবেলৰ পদ বিচাৰি পালোঁ। ইয়াৰ পাছত মই অধ্যয়নৰ ভালদৰে তৈয়াৰী কৰিবলৈ ধৰিলোঁ আৰু অনুসন্ধান কৰিবলৈ শিকিলোঁ। এইদৰে দেউতা আৰু মই বাইবেলৰ ভাল বিদ্যাৰ্থী হʼব পাৰিলোঁ। দেউতাই যি শিকিছিল, সেয়া পালনো কৰিছিল আৰু ১৯৫২ চনত তেওঁ বাপ্তিষ্মা লʼলে।

মই বেথেলতো শিকি থাকিলোঁ

মই ১৭ বছৰ বয়সত আন এখন ঠাইত গৈ থাকিবলৈ ধৰিলোঁ। মোৰ বাইদেউ জেথা a মিচনেৰী সেৱা কৰিবলৈ ধৰিলে, আৰু মোৰ দাদা ডʼন বেথেললৈ গুচি গʼল। তেওঁলোকে দুয়োজনে বহুত আনন্দিত আছিল। তেওঁলোকক দেখি ময়ো বেথেল আৰু গিলিয়াড স্কুলৰ ফৰ্ম পূৰ কৰিলোঁ আৰু সকলোবোৰ যিহোৱাৰ হাতত এৰি দিলোঁ, যাতে মই কʼত সেৱা কৰিম তাৰ নিৰ্ণয় তেওঁ লয়। তাৰ পাছত ১৯৪৬ চনত মোক বেথেললৈ মাতা হʼল।

যোৱা ৭৫ বছৰ ধৰি বেথেলত মই বেলেগে বেলেগ কাম কৰিবলৈ শিকিলোঁ। যেনে, মই কিতাপ ছপাৰ কাম আৰু হিচাপ-কিতাপৰ কাম শিকিলোঁ। মই বেথেলৰ বাবে বস্তু কিনা কাম আৰু প্ৰয়োজনীয় বস্তুবোৰ বেলেগে ঠাইলৈ পঠাবলৈও শিকিলোঁ। কিন্তু বেথেলত যি ৰাতিপুৱাৰ উপাসনা হয় আৰু যি ভাষণ দিয়া হয়, সেয়া মোৰ বহুত ভাল লাগে। এইদৰে মই বাইবেলত লিখা কথাবোৰ আৰু ভালদৰে বুজিব পাৰিলোঁ।

প্ৰাচীনসকলৰ ক্লাছত শিকোৱাৰ সময়ত

মই, মোৰ সৰু ভাইটি কাৰ্লৰ পৰাও বহুতো কথা শিকিলোঁ। তেওঁ ১৯৪৭ চনত বেথেললৈ আহিছিল। তেওঁ বাইবেলৰ গভীৰভাৱে অধ্যয়ন কৰিছিল আৰু আনক ভালদৰে শিকাইছিল। এবাৰ মোক এটা ভাষণ দিবলৈ কোৱা হʼল। তেতিয়া মই কাৰ্লৰ পৰা সহায় বিচাৰিলোঁ। মই তেওঁক কʼলোঁ যে মই বহুতো তথ্য জমা কৰিলোঁ, কিন্তু এতিয়া বুজি পোৱা নাই যে কেনেকৈ আগবাঢ়িম? তেতিয়া তেওঁ মোক এটা প্ৰশ্ন সুধিলে, “যোৱেল, তোমাৰ ভাষণৰ বিষয় কি?” তেতিয়া মই তেওঁৰ কথা বুজি পালোঁ। মই কেৱল ভাষণৰ লগত জড়িত থকা তথ্যৰ ওপৰত ধ্যান দিয়া উচিত, বাকী তথ্যবোৰৰ ওপৰত নহয়। মই এই কথা সদায় মনত থʼলোঁ।

যদি আপুনি বেথেলত আনন্দিত হৈ থাকিব বিচাৰে, তেনেহʼলে আপুনি উৎসাহেৰে প্ৰচাৰ কামত ভাগ লʼব লাগিব। যদি আপুনি এইদৰে কৰে, তেনেহʼলে আপুনি বহুতো ভাল অনুভৱ লাভ কৰিব। মোৰ এতিয়াও মনত আছে এদিনা গধূলি মই আৰু এজন ভায়ে নিউ ইয়ৰ্ক চহৰত প্ৰচাৰ কৰি আছিলোঁ। তেতিয়া আমি এনে এগৰাকী তিৰোতাক লগ কৰিবলৈ গৈছিলোঁ, যিগৰাকীয়ে আগতে প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! আলোচনী লৈছিল। আমি তাত গৈ এইদৰে কʼলোঁ, “আজি আমি লোকসকলৰ লগত বাইবেলৰ পৰা কিছুমান ভাল বিষয়ে কথা পাতি আছোঁ।” তেতিয়া তিৰোতাগৰাকীয়ে আমাক কʼলে, “যদি এয়া বাইবেলৰ পৰা হয়, তেনেহʼলে ভিতৰলৈ আহক।” আমি ঈশ্বৰৰ ৰাজ্য আৰু নতুন পৃথিৱীৰ বিষয়ে বহুতো পদ পঢ়িলোঁ আৰু আমাৰ মাজত ভাল কথা বতৰা হʼল। ইয়াৰ পাছৰ সপ্তাহত তিৰোতাগৰাকীয়ে নিজৰ পৰিয়ালৰ লোকসকলকো আমাৰ লগত বহিবলৈ কʼলে। আগলৈ গৈ তিৰোতাগৰাকী আৰু তাইৰ স্বামী যিহোৱাৰ সাক্ষী হʼল।

মই মোৰ পত্নীৰ পৰা শিকিলোঁ

জীৱন-সংগী বিচাৰি পাবলৈ মোক কʼমেও দহ বছৰ লাগিল। অৱশেষত মই বিচাৰি পালোঁ। এজনী ভাল জীৱন-সংগী বাছনি কৰিবলৈ কি কথাই মোক সহায় কৰিলে? মই যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ আৰু চিন্তা কৰিলোঁ যে “মোৰ লক্ষ্য কি? বিয়াৰ পাছত মই নিজৰ পত্নীৰ লগত মিলি কি কৰিব বিচাৰোঁ?”

চাৰ্কিটৰ কাম কৰি থকাৰ সময়ত মেৰীৰ লগত

চন ১৯৫৩-ত যেতিয়া য়েংকি ইষ্টেডিয়ামত এখন অধিৱেশন হৈছিল, তাৰ পাছত মই মেৰী এনিঅʼল নামৰ এজনী ভনীক লগ পাইছিলোঁ। তাই আৰু জেথাই একেলগে গিলিয়াডৰ দ্বিতীয় ক্লাছত আছিল আৰু তেওঁলোকে একেলগে মিলি মিচনেৰী সেৱা কৰিছিল। মেৰীয়ে মোক জনালে যে কেৰেবিয়ান দ্বীপত মিচনেৰী সেৱা কৰাৰ সময়ছোৱাত তাই কি কি কৰিলে। তাই যিসকলৰ লগত বাইবেল অধ্যয়ন কৰিছিল, তেওঁলোকৰো ভাল অনুভৱ মোক জনালে। যেতিয়া তাই এইবোৰ কথা কৈ আছিল, তেতিয়া তাইৰ চেহেৰাত বহুত আনন্দ দেখিবলৈ পোৱা গৈছিল। যেতিয়া আমি এজনে-আনজনক আৰু ভালদৰে জানিবলৈ ধৰিলোঁ, তেতিয়া আমি গʼম পালোঁ যে আমি দুয়োজনে পূৰ্ণ সময়ৰ সেৱা কৰিব বিচাৰোঁ। আমি এজনে-আনজনক ভাল পাবলৈ ধৰিলোঁ আৰু ১৯৫৫ চনৰ এপ্ৰিল মাহত বিয়া পাতিলোঁ। মেৰী যিহোৱাৰ ফালৰ পৰা পোৱা উপহাৰৰ দৰে আছিল। তাই সদায় মোৰ বাবে ভাল উদাহৰণ ৰাখিছিল। তাইক যিয়ে কাম দিয়া হৈছিল, সেয়া তাই আনন্দেৰে কৰিছিল। তাই বহুত পৰিশ্ৰমী আছিল, লোকসকলৰ বিষয়ে বহুত চিন্তা কৰিছিল আৰু ৰাজ্যৰ কামক নিজৰ জীৱনত প্ৰথম স্থান দিছিল। (মথি ৬:৩৩) আমি তিনি বছৰলৈকে চাৰ্কিটৰ কাম কৰিলোঁ। পাছত ১৯৫৮ চনত আমাক বেথেললৈ মাতা হʼল।

মেৰীৰ পৰা মই বহুতো কথা শিকিলোঁ। উদাহৰণস্বৰূপে, যেতিয়া আমাৰ বিয়া হৈছিল, তেতিয়া আমি একেলগে বাইবেল পঢ়িবলৈ নিৰ্ণয় লৈছিলোঁ। আমি প্ৰায় ১৫ টা পদ একেলগে পঢ়িছিলোঁ। কিছুমান পদ পঢ়াৰ পাছত তাৰ পৰা আমি কি শিকিলোঁ আৰু সেয়া নিজৰ জীৱনত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ বিষয়ে কথা পাতিছিলোঁ। মেৰীয়ে প্ৰায়ে কৈছিল যে তাই গিলিয়াড আৰু মিচনেৰী সেৱা কৰাৰ সময়ত কি শিকিছিল। এইদৰে কথা পতাৰ বাবে আমাৰ বহুতো লাভ হʼল। মই আৰু ভালদৰে ভাষণ দিব পাৰিলোঁ আৰু ভনীসকলক আৰু ভালদৰে উৎসাহিত কৰিব পাৰিলোঁ।—হিতো. ২৫:১১.

মোৰ মৰমৰ পত্নীক মই ২০১৩ চনত মৃত্যুত হেৰুৱালোঁ। মই সেই সময়ৰ বাবে আগ্ৰহেৰে বাট চাই আছোঁ, যেতিয়া তাইক নতুন পৃথিৱীত আকৌ লগ পাম। কিন্তু সেই সময় নহালৈকে মই যিহোৱাৰ পৰা শিকি থাকিবলৈ আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ ওপৰত ভৰসা কৰিবলৈ থিৰাং কৰিছোঁ। (হিতো. ৩:৫, ৬) যেতিয়া মই চিন্তা কৰোঁ যে যিহোৱাই নতুন পৃথিৱীত কি কি কৰিব, তেতিয়া মই বৰ শান্ত্বনা পাওঁ আৰু আনন্দিত হওঁ। সেই সময়ত আমি আমাৰ মহান উপদেশকৰ পৰা বহুতো কথা শিকিব পাৰিম। ইয়াৰ লগতে তেওঁৰ বিষয়েও নতুন নতুন কথা শিকিম। যিহোৱাই এতিয়ালৈকে যি শিকালে আৰু মোৰ ওপৰত যি মহা কৃপা কৰিলে, তাৰ বাবে মই তেওঁক যিমান ধন্যবাদ দিলেও, সেয়া কম হʼব।