Skip to content

Skip to table of contents

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

যিহোৱাৰ বিশ্বাসী সেৱকে নিজৰ প্ৰতিজ্ঞা পূৰ কৰে

যিহোৱাৰ বিশ্বাসী সেৱকে নিজৰ প্ৰতিজ্ঞা পূৰ কৰে

বিচাৰকৰ্ত্তাবিলাক ১১:৩০-৪০ পঢ়ক আৰু জানক যে আমি যিপ্তহ আৰু তেওঁৰ ছোৱালীৰ পৰা প্ৰতিজ্ঞা পূৰ কৰাৰ বিষয়ে কি শিকিব পাৰোঁ?

বেছিকৈ জানিবলৈ আশে-পাশে থকা পদবোৰ পঢ়ক। যেতিয়া এজন বিশ্বাসী ইস্ৰায়েলীয়ে যিহোৱাৰ আগত প্ৰতিজ্ঞা কৰিছিল, তেতিয়া এয়া তেওঁৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল? (গণ. ৩০:২) যিহোৱাৰ ওপৰত বিশ্বাস আছে বুলি যিপ্তহ আৰু তেওঁৰ ছোৱালীয়ে কেনেকৈ দেখুৱালে?—বিচা. ১১:৯-১১, ১৯-২৪, ৩৬.

গভীৰভাৱে অনুসন্ধান কৰক। যেতিয়া যিপ্তহে প্ৰতিজ্ঞা কৰি আছিল, তেতিয়া তেওঁ কি কৈ আছিল? (w১৬.০৪-HI ৭ ¶১২) নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ যিপ্তহ আৰু তেওঁৰ ছোৱালীয়ে কি ত্যাগ কৰিলে? (w১৬.০৪-HI ৭-৮ ¶১৪-১৬) আজি এজন খ্ৰীষ্টানে হয়তো যিহোৱাক কি প্ৰতিজ্ঞা কৰিব পাৰে?—w১৭.০৪-HI ৫-৮ ¶১০-১৯.

আপুনি কি শিকিলে, তাৰ বিষয়ে চিন্তা কৰক। নিজকে সোধক:

  • ‘বাপ্তিষ্মাৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ মই কি কৰিব লাগিব?’ (w২০.০৩ ১৩ ¶২০)

  • ‘যিহোৱাৰ সেৱা ভালদৰে কৰিবলৈ মই আৰু কি ত্যাগ কৰিব পাৰোঁ?’

  • ‘সদায় বিয়াৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ মই কি কৰিব পাৰোঁ?’ (মথি ১৯:৫, ৬; ইফি. ৫:২৮-৩৩)