Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৮

গীত নং ৯৭ জীৱন যিহোৱাৰ বাক্যৰ ওপৰত নিৰ্ভৰশীল

ৰুটিৰ চমৎকাৰৰ পৰা আমি কি শিক্ষা লাভ কৰোঁ?

ৰুটিৰ চমৎকাৰৰ পৰা আমি কি শিক্ষা লাভ কৰোঁ?

“ময়েই সেই জীৱন দিওঁতা আহাৰ। যিজনে মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব।”যোহ. ৬:৩৫.

কি শিকিম?

যোহন ৬ অধ্যায়ত কোৱা যীচুৰ চমৎকাৰৰ বিষয়ে আমি আলোচনা কৰিম। যʼত তেওঁ পাঁচখন ৰুটিৰে আৰু দুটা মাছেৰে হাজাৰ হাজাৰ লোকক আহাৰ খুৱাইছিল। আমি এয়াও চাম যে আমি এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ।

১. ইস্ৰায়েলীসকলৰ বাবে ৰুটি কিমান গুৰুত্বপূৰ্ণ আছিল?

 ৰুটিৰ অবিহনে ইস্ৰায়েলীসকলৰ আহাৰ আধৰুৱা হৈছিল। (আদি. ১৪:১৮; লূক ৪:৪) সেই সময়ত ৰুটি খোৱাটো লোকসকলৰ বাবে ইমানেই সাধাৰণ আছিল যে বাইবেলত বহু বাৰ আহাৰ খোৱাৰ বাবে ৰুটি শব্দ ব্যৱহাৰ কৰা হৈছে। (মথি ৬:১১) যীচুৱে দুবাৰ চমৎকাৰ কৰি লোকসকলক ৰুটি খোৱাইছিল। (মথি ১৬:৯, ১০) তাৰে মাজৰ এটাৰ বিষয়ে যোহন ৬ অধ্যায়ত আমি পঢ়িবলৈ পাওঁ। আহক সেই চমৎকাৰৰ বিষয়ে মন কৰোঁ আৰু চাওঁ যে তাৰ পৰা আমি কি শিকিব পাৰোঁ।

২. পাঁচনিসকলে হাজাৰ হাজাৰ লোকৰ আহাৰৰ বিষয়ে কিয় চিন্তা কৰিবলগীয়া হʼল?

এবাৰ যেতিয়া যীচুৰ শিষ্যসকল প্ৰচাৰ কৰি উভতি আহিলে, তেতিয়া যীচুৱে তেওঁলোকক এখন নাৱত গালীল সাগৰৰ আনফালে লৈ গʼল যাতে তেওঁলোকে অলপ আৰাম কৰিব পাৰে। (মাৰ্ক ৬:৭, ৩০-৩২; লূক ৯:১০) তেওঁলোকে বৈৎচৈদাৰ এখন নিৰ্জন ঠাইত গৈ পালে, কিন্তু তাত তেওঁলোকৰ ওচৰত হাজাৰ হাজাৰ লোক আহিল। যীচুৱে তেওঁলোকক আওকাণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকাবলৈ ধৰিলে আৰু বেমাৰত থকা লোকসকলক সুস্থ কৰিবলৈ ধৰিলে। গধূলি হোৱাৰ লগে লগে পাঁচনিসকলে চিন্তা কৰিবলৈ ধৰিলে যে ইমান লোকসকলে আহাৰ কʼৰ পৰা খাব। কিছুমানৰ ওচৰততো অলপ খানা আছিল। কিন্তু বেছিভাগ লোকে গাঁৱত গৈ আহাৰ কিনিব লাগিছিল। (মথি ১৪:১৫; যোহ. ৬:৪, ৫) এনে পৰিস্থিতিত যীচুৱে কি কৰিলে?

যীচুৱে চমৎকাৰ কৰি ৰুটি খোৱালে

৩. লোকসকলক ভোকত থকা দেখি যীচুৱে পাঁচনিসকলক কি কʼলে? (দিয়া ছবিখন চাওক।)

যীচুৱে পাঁচনিসকলক কʼলে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই, তোমালোকে তেওঁলোকক কিবা খাবলৈ দিয়া।” (মথি ১৪:১৬) এয়া কেনেকৈ হʼলহেঁতেন? কাৰণ তাত প্ৰায় ৫,০০০ পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালীক মিলাই প্ৰায় ১৫,০০০ লোকক আহাৰ দিব লাগিছিল। (মথি ১৪:২১) তেতিয়া আন্দ্ৰিয়ই কʼলে, “ইয়াত এজন লʼৰা আছে, যিজনৰ ওচৰত যৱৰ পাঁচখন ৰুটি আৰু দুটা সৰু মাছ আছে। কিন্তু ইমান লোকৰ কাৰণে এইখিনিৰে কেনেকৈ জুৰিব?” (যোহ. ৬:৯) সেই সময়ত লোকসকলে যৱৰ ৰুটি খাইছিল। সেই লʼৰাজনৰ ওচৰত যি সৰু মাছ আছিল, সেয়া হয়তো নিমখ লগাই শুকোৱা হৈছিল। কিন্তু হাজাৰ হাজাৰ মানুহৰ বাবে এয়া যথেষ্ট হʼলহেঁতেন নে?

যীচুৱে লোকসকলৰ প্ৰয়োজনীয়তা পূৰ কৰিলে, তেওঁলোকক ঈশ্বৰৰ বিষয়ে সত্য শিকালে আৰু তেওঁলোকৰ খোৱা-বোৱাৰ প্ৰতিও ধ্যান দিলে (অনুচ্ছেদ ৩ চাওক)


৪. যোহন ৬:১১-১৩ পদত দিয়া ঘটনাৰ পৰা আমি কি কি শিকিব পাৰোঁ? (ছবিখনো চাওক।)

যীচুৱে লোকসকলক সহায় কৰিব বিচাৰিছিল আৰু তেওঁলোকৰ বাবে কিবা কৰিব বিচাৰিছিল। সেইবাবে, লোকসকলক ঘাঁহৰ ওপৰত জুম জুমকৈ বহিবলৈ কʼলে। (মাৰ্ক ৬:৩৯, ৪০; যোহন ৬:১১-১৩ পঢ়ক।) তাৰ পাছত যীচুৱে ৰুটি আৰু মাছৰ বাবে নিজৰ পিতৃক ধন্যবাদ দিলে। এয়া একেবাৰে সঠিক আছিল। কাৰণ এই আহাৰৰ ব্যৱস্থা যিহোৱাই কৰিছিল। এয়া আমাৰ বাবে এক ভাল শিক্ষা হয়। আমি অকলে থাকোঁ বা আনৰ লগত, আহাৰ খোৱাৰ আগতে প্ৰাৰ্থনাত যিহোৱাক ধন্যবাদ দিবলৈ কেতিয়াও পাহৰিব নালাগে। যিহোৱাক ধন্যবাদ দিয়াৰ পাছত যীচুৱে পাঁচনিসকলক আহাৰ ভগাই দিবলৈ কʼলে। সকলোৱে পেট ভৰাই খালে আৰু আহাৰ বাচিও গʼল। এই আহাৰখিনি বৰ্বাদ হোৱাটো যীচুৱে বিচৰা নাছিল। সেইবাবে, বাচি যোৱা আহাৰখিনি গোটাবলৈ নিজৰ পাঁচনিসকলক কʼলে, যাতে পাছত এইবোৰ কামত আহিব পাৰে। ইয়াৰ পৰা আমি আৰু এটা কথা শিকিব পাৰোঁ। আমাৰ ওচৰত যি আছে, সেইবোৰ আমি ভাবি-চিন্তি ব্যৱহাৰ কৰা উচিত, বৰ্বাদ কৰা উচিত নহয়। যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকৰ লগত এই ঘটনাৰ বিষয়ে আলোচনা কৰক আৰু ইয়াৰ পৰা প্ৰাৰ্থনা কৰা, অতিথি সৎকাৰ দেখুৱা আৰু মন খুলি আনক দিয়াৰ বিষয়ে কি শিকিব পাৰি, তাৰ বিষয়ে আলোচনা কৰিব পাৰে।

নিজকে সোধক, ‘যীচুৱে যিদৰে আহাৰ খোৱাৰ আগতে প্ৰাৰ্থনা কৰিছিল, তেনেকৈ মই কৰোঁ নে?’ (অনুচ্ছেদ ৪ চাওক)


৫. (ক) যীচুৰ কাম চাই লোকসকলে কি কৰিলে? (খ) কিন্তু যীচুৱে কি কৰিলে?

যীচুৱে যিদৰে লোকসকলক শিকাইছিল আৰু চমৎকাৰ কৰিছিল, সেয়া চাই লোকসকলে আচৰিত হৈছিল। মোচিয়ে কৈছিল যে ঈশ্বৰে এজন বিশেষ ভৱিষ্যবক্তা উৎপন্ন কৰিব, তাৰ বিষয়ে তেওঁলোকে জানিছিল। সেইবাবে, তেওঁলোকে হয়তো ভাবিছিল, ‘যীচুৱেই সেই ভাববাদী বা ভৱিষ্যবক্তাতো নহয়?’ (দ্বিতী. ১৮:১৫-১৮) যদি এইদৰে হয়, তেনেহʼলে তেওঁলোকে হয়তো ভাবিছিল যে যীচু এজন ভাল ৰজা হʼব পাৰে আৰু তেওঁ গোটেই ৰাষ্ট্ৰক আহাৰ দিব পাৰে। সেইবাবে, ভীৰৰ লোকসকলে ‘তেওঁক [যীচুক] জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবলৈ’ চেষ্টা কৰিলে। (যোহ. ৬:১৪, ১৫) যীচুৱে তেওঁলোকৰ ৰজা হোৱা হʼলেতেওঁ যিহূদীসকলৰ ৰাজনীতিত ভাগ লোৱাৰ দৰে হʼলহেঁতেন, যি সেই সময়ত ৰোমী সম্ৰাজ্যৰ অধীনত আছিল। কিন্তু তেওঁ এইদৰে নকৰিলে বাইবেলত কোৱা হৈছে যে ‘তেওঁ পাহাৰলৈ গুচি গʼল।’ যীচুৱে আমাৰ বাবে ভাল উদাহৰণ ৰাখিলে। আনৰ ইমান হেঁচাৰ সত্ত্বেও তেওঁ ৰাজনীতিত ভাগ নলʼলে।

৬. আমি কেনেকৈ যীচুৰ দৰে হʼব পাৰোঁ? (ছবিখনো চাওক।)

এয়া সঁচা যে আজি লোকসকলে আমাক চমৎকাৰ কৰি আহাৰ খোৱাবলৈ, বেমাৰীসকলক সুস্থ কৰিবলৈ আৰু ৰজা হʼবলৈ হেঁচা নিদিয়ে। কিন্তু তেওঁলোকে হয়তো আমাক ভোট দিবলৈ বা এনে ব্যক্তিক সহযোগ কৰিবলৈ হেঁচা দিব পাৰে, যিজন তেওঁলোকৰ পৰিস্থিতি সলনি কৰিব পাৰে। এনে পৰিস্থিতিত আমি যীচুৰ উদাহৰণ মনত ৰাখিব পাৰোঁ। তেওঁ ৰাজনীতিত ভাগ লোৱা নাছিল আৰু এবাৰ তেওঁ কʼলে, “মোৰ ৰাজ্য এই জগতৰ নহয়।” (যোহ. ১৭:১৪; ১৮:৩৬) আজি সত্য খ্ৰীষ্টানসকলেও যীচুৰ দৰে চিন্তাধাৰা ৰাখে আৰু তেওঁৰ দৰেই কাম কৰে। আমি কেৱল ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰোঁ, তাৰ বিষয়ে প্ৰচাৰ কৰোঁ আৰু প্ৰাৰ্থনা কৰোঁ। (মথি ৬:১০) এতিয়া আমি আকৌ ৰুটিৰ চমৎকাৰৰ বিষয়ে মন কৰোঁ আৰু চাওঁ যে আমি তাৰ পৰা কি শিকিব পাৰোঁ।

যীচুৱে ৰাজনীতিত ভাগ লোৱা নাছিল, আমিও তেওঁক অনুকৰণ কৰা উচিত (অনুচ্ছেদ ৬ চাওক)


‘ৰুটিৰ অৰ্থ’

৭. যীচুৱে কি চমৎকাৰ কৰে আৰু এয়া চাই পাঁচনিসকলৰ কেনে লাগে? (যোহন ৬:১৬-২০)

ভীৰে আহাৰ খোৱাৰ পাছত যীচুৱে নিজৰ শিষ্যসকলক সেই এলেকা এৰি নাৱেৰে কফৰনাহূমলৈ গুচি যাবলৈ কʼলে। লোকসকলে যাতে তেওঁক ৰজা নাপাতে, তাৰ কাৰণে তেওঁ নিজেও পাহাৰৰ ফালে গুচি যায়। (যোহন ৬:১৬-২০ পঢ়ক।) যেতিয়া পাঁচনিসকলে নাৱেৰে যাত্ৰা কৰি আছিল, তেতিয়া হঠাতে ধুমুহা আহিলে আৰু ডাঙৰ ডাঙৰ ঢৌ উঠিবলৈ ধৰিলে। তাৰ পাছত যীচুৱে পানীত খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহিল আৰু পিতৰকো এইদৰে কৰিবলৈ কʼলে। (মথি ১৪:২২-৩১) যীচুৱে নাৱত উঠাৰ লগে লগে ধুমুহা শান্ত হৈ যায়। এয়া চাই পাঁচনিসকলে আচৰিত হৈ যায় আৰু কয়, “আপুনি সঁচাকৈ ঈশ্বৰৰ পুত্ৰ।” a (মথি ১৪:৩৩) ৰুটিৰ চমৎকাৰ চোৱাৰ পাছতে পাঁচনিসকলে বুজি পাব লাগিছিল যে যিহোৱাই যীচুক চমৎকাৰ কৰাৰ অদ্ভুত শক্তি দিছিল, কিন্তু তেওঁলোকে বুজি নাপালে। যেতিয়া তেওঁলোকে যীচুক পানীত খোজকাঢ়ি থকাটো চালে, তেতিয়া তেওঁলোকে এয়া বুজি পালে। মাৰ্কে এইদৰে লিখিলে, “এয়া দেখি তেওঁলোকে [পাঁচনিসকলে] বৰ আচৰিত হʼল। কাৰণ ৰুটিৰ চমৎকাৰ দেখিও তেওঁলোকে তাৰ অৰ্থ বুজিব নোৱাৰিলে। তেওঁলোকৰ হৃদয়ে এতিয়াও বুজি পোৱা নাছিল।” (মাৰ্ক ৬:৫০-৫২) কিছু সময়ৰ পাছত যীচুৱে ৰুটিৰ চমৎকাৰৰ বিষয়ে উল্লেখ কৰিলে আৰু এটা গুৰুত্বপূৰ্ণ শিক্ষা দিলে।

৮-৯. ভীৰৰ লোকসকলে যীচুক কিয় বিচাৰি আছিল? (যোহন ৬:২৬, ২৭)

তাৰ পাছদিনা লোকসকলে সেই ঠাইতে যীচু আৰু পাঁচনিসকলক বিচাৰি গʼল, যʼত যীচুৱে তেওঁলোকক আহাৰ খুৱাইছিল। কিন্তু তেওঁলোকে তাত যীচু আৰু পাঁচনিসকলক লগ নাপালে। তেতিয়া ভীৰৰ লোকসকলে তিবিৰিয়াৰ পৰা অহা নাৱত উঠি যীচুক বিচাৰিবলৈ কফৰনাহূমলৈ গʼল। (যোহ. ৬:২২-২৪) তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ এইদৰে কৰিছিল নে? নহয়। তেওঁলোকৰ ধ্যান খোৱা-বোৱাৰ প্ৰয়োজনীয়তা পূৰ কৰাত লাগি আছিল। আমি এইদৰে কিয় কʼব পাৰোঁ?

মন কৰক, যেতিয়া ভীৰে যীচুক কফৰনাহূমত দেখিলে, তেতিয়া কি হʼল? যীচুৱে কʼলে যে তেওঁলোকে যাতে পেট ভৰাই ৰুটি খাব পাৰে, কেৱল তাৰ কাৰণেহে তেওঁক বিচাৰি আছে। তেওঁলোকে ‘পেট ভৰাই ৰুটি খাইছিল’ আৰু সেই আহাৰ খাই সন্তুষ্ট আছিল, ‘যি নষ্ট হৈ যায়।’ কিন্তু ‘যি আহাৰ অনন্ত জীৱন দিয়ে, তাৰ কাৰণে পৰিশ্ৰম কৰিবলৈ’ যীচুৱে তেওঁলোকক উৎসাহিত কৰিলে। (যোহন ৬:২৬, ২৭ পঢ়ক।) তেওঁ কʼলে পিতৃ যিহোৱাই এই আহাৰ দিব পাৰে। এই আহাৰৰ বিষয়ে শুনি কিছুমান লোকে হয়তো আচৰিত হʼল। এই আহাৰ কি হয় আৰু লোকসকলে এয়া কেনেকৈ পাব পাৰে?

১০. “অনন্ত জীৱন” পাবলৈ লোকসকলে কি কৰিব লাগিছিল?

১০ যিহূদীসকলে জানিব বিচাৰিছিল যে সেই আহাৰ পাবলৈ তেওঁলোকে কি কৰিব লাগিব। তেওঁলোকে হয়তো ভাবিছিল যে মোচিৰ নিয়মত কোৱা কামবোৰ তেওঁলোকে কৰিব লাগিব। কিন্তু যীচুৱে কʼলে, তেওঁলোকে ‘সেইজনৰ ওপৰত বিশ্বাস কৰিব লাগিব, যিজনক তেওঁ [ঈশ্বৰে] পঠাইছে।’ (যোহ. ৬:২৮, ২৯) ঈশ্বৰে যাক পঠাইছিল সেয়া যীচুৱে আছিল। তেওঁৰ ওপৰত বিশ্বাস কৰিলেহে তেওঁলোকে “অনন্ত জীৱন” পালেহেঁতেন। যীচুৱে আগতেও এই বিষয়ে কৈছিল। (যোহ. ৩:১৬-১৮) অনন্ত জীৱন কেনেকৈ পাব পাৰি, এই বিষয়ে যীচুৱে আগলৈও তেওঁলোকক জনালে।—যোহ. ১৭:৩.

১১. যিহূদীসকলৰ সম্পূৰ্ণ ধ্যান খোৱা-বোৱাৰ ওপৰত লাগি আছিল বুলি আমি কিয় কʼব পাৰোঁ? (গীতমালা ৭৮:২৪, ২৫)

১১ যিহূদীসকলে এয়া মানি লʼবলৈ বিচৰা নাছিল যে তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস কৰিব লাগিব। সেইবাবে, তেওঁলোকে কʼলে, “আপোনাৰ ওপৰত বিশ্বাস কৰিবলৈ আপুনি আমাক কি চমৎকাৰ দেখুৱাব?” (যোহ. ৬:৩০) তেওঁলোকে কʼলে মোচিৰ সময়ত তেওঁলোকৰ পূৰ্বপুৰুষসকলে স্বৰ্গৰ পৰা মান্না পাইছিল, যি তেওঁলোকৰ বাবে ৰুটিৰ দৰে আছিল। (নহি. ৯:১৫; গীতমালা ৭৮:২৪, ২৫ পঢ়ক।) তেওঁলোকৰ কথাৰ পৰা স্পষ্টকৈ জানিব পাৰি যে তেওঁলোকৰ সম্পূৰ্ণ ধ্যান সঁচা ৰুটিৰ ওপৰত লাগি আছিল। পাছত যীচুৱে তেওঁলোকক ‘স্বৰ্গৰ পৰা পোৱা প্ৰকৃত আহাৰ [ৰুটিৰ]’ বিষয়ে কʼলে, যি মান্নাতকৈও উত্তম আছিল। কাৰণ ইয়ে তেওঁলোকক অনন্ত জীৱন দিব পাৰিলেহেঁতেন। (যোহ. ৬:৩২) কিন্তু তেওঁলোকে এয়া জানিবলৈ চেষ্টা নকৰিলে যে যীচুৱে কোৱা ৰুটিৰ প্ৰকৃত অৰ্থ কি। তেওঁলোকৰ সম্পূৰ্ণ ধ্যান খোৱা-বোৱাৰ ওপৰত লাগি আছিল, ঈশ্বৰৰ বিষয়ে সত্য শিকাৰ ওপৰত নহয়। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ?

আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি হোৱা উচিত?

১২. আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি কথা হোৱা উচিত, তাৰ বিষয়ে যীচুৱে কেনেকৈ বুজালে?

১২ যোহন ৬ অধ্যায়ত আমি এটা গুৰুত্বপূৰ্ণ কথা শিকোঁ। ঈশ্বৰৰ বিষয়ে সত্যতা শিকা আৰু তেওঁৰ লগত সম্পৰ্ক মজবুত কৰাটো আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হোৱা উচিত। এই কথা যীচুৱে সেই সময়ত কৈছিল, যেতিয়া চয়তানে তেওঁক ফুচলাবলৈ চেষ্টা কৰিছিল। (মথি ৪:৩, ৪) যীচুৱে পাহাৰত দিয়া উপদেশতো এই কথাৰ ওপৰত জোৰ দিছিল। এজন ব্যক্তিৰ ঈশ্বৰৰ পৰা নিৰ্দেশনা পোৱাৰ ইচ্ছা থকা উচিত। (মথি ৫:৩) সেইবাবে, আমি নিজকে সোধা উচিত, ‘মই যিদৰে জীৱন-যাপন কৰোঁ, তাৰ পৰা জানিব পাৰি নে যে যিহোৱাৰ লগত থকা মোৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ নে নিজৰ ইচ্ছা পূৰ কৰা লাগি থকাটো?’

১৩. (ক) খোৱা-বোৱাৰ আনন্দ লোৱাটো কিয় ভুল নহয়? (খ) আমি কোনটো সতৰ্কবাণীৰ ওপৰত ধ্যান দিয়া উচিত? (১ কৰিন্থীয়া ১০:৬, ৭, ১১)

১৩ আমি খোৱা-বোৱাৰ আৰু আন প্ৰয়োজনীয়তাৰ বাবে প্ৰাৰ্থনা কৰা আৰু তাৰ আনন্দ লোৱাটো ভুল নহয়। (লূক ১১:৩) আমি পৰিশ্ৰম কৰি যি ‘ভোজন-পান কৰোঁ’ আৰু তাৰ পৰা যি আনন্দ লাভ কৰোঁ, সেয়া “ঈশ্বৰৰ হাতৰ পৰাহে হয়।” (উপ. ২:২৪; ৮:১৫; যাকো. ১:১৭) কিন্তু আমি মনত ৰখা উচিত যে এইবোৰ আমাৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ যোৱা উচিত নহয়। পাঁচনি পৌলেও এই কথা খ্ৰীষ্টানসকলক কৈছিল। তেওঁ তেওঁলোকক ইস্ৰায়েলীসকলৰ ঘটনা মনত পেলাই দিছিল, বিশেষকৈ চিনয় পৰ্বতত হোৱা ঘটনা। পাঁচনি পৌলে কৈছিল যে ‘তেওঁলোকে [ইস্ৰায়েলীসকলে] যিদৰে বেয়া কথাবোৰৰ ইচ্ছা কৰিছিল, ঠিক সেইদৰে আমি যেন নকৰোঁ’ তাৰ প্ৰতি ধ্যান দিয়া। (১ কৰিন্থীয়া ১০:৬, ৭, ১১ পঢ়ক।) যিহোৱাই চমৎকাৰ কৰি ইস্ৰায়েলীসকলৰ বাবে আহাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু আহাৰলৈ লোভ কৰাৰ বাবে সেই আহাৰেই তেওঁলোকৰ বাবে ফান্দ হৈ পৰিল। (গণ. ১১:৪-৬, ৩১-৩৪) যেতিয়া তেওঁলোকে সোণৰ দামুৰি বনালে, তেতিয়া তেওঁলোকে খোৱা-বোৱা আৰু আনন্দ ফুৰ্তি কৰাত লাগি থাকিল। (যাত্ৰা. ৩২:৪-৬) পৌলে ইস্ৰায়েলীসকলৰ উদাহৰণ দি খ্ৰীষ্টানসকলক সতৰ্কবাণী দিছিল। তেওঁলোকে এনে সময়ত জীয়াই আছে, যেতিয়া অতি সোনকালে (৭০ খ্ৰীষ্টাব্দত) যিৰূচালেম আৰু তাৰ মন্দিৰ ধ্বংস হʼলহেঁতেন। আজি আমিও জগতৰ একেবাৰে শেষ সময়ত জীয়াই আছোঁ। সেইবাবে, আমিও পৌলৰ এই পৰামৰ্শৰ ওপৰত ধ্যান দিয়াটো অতি গুৰুত্বপূৰ্ণ।

১৪. বাইবেলত খোৱা-বোৱাৰ বিষয়ে কি কি প্ৰতিজ্ঞা কৰা হৈছে?

১৪ যেতিয়া যীচুৱে এই প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল “আজিৰ আহাৰ আমাক দিয়া,” তেতিয়া তেওঁ এয়াও কৈছিল, “যেনেকৈ স্বৰ্গত তোমাৰ ইচ্ছা পূৰ হয়, তেনেকৈ পৃথিৱীতো হওক।” (মথি ৬:৯-১১) সেই সময়ৰ বিষয়ে চিন্তা কৰি আপোনাৰ মনলৈ কেনেধৰণৰ ছবি আহে। বাইবেলৰ পৰা জানিব পাৰি যে যেতিয়া এই পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ হʼব, তেতিয়া খাবলৈ ভাল ভাল আহাৰ থাকিব। যিচয়া ২৫:৬-৮ পদত কোৱা হৈছে যে ঈশ্বৰৰ ৰাজ্যত সকলোৰে ওচৰত প্ৰচুৰ মাত্ৰাত আহাৰ থাকিব। গীতমালা ৭২:১৬ পদত লিখা আছে, “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব।” আপুনি সেই সময়ৰ বাবে আগ্ৰহেৰে বাট চাই আছে নে যেতিয়া আপুনি নতুন পৃথিৱীত নিজৰ পছন্দৰ আহাৰ বনাব বা এনে কিছুমান আহাৰ বনাব, যি এতিয়ালৈকে বনোৱা নাই? সেই সময়ত আপুনি আঙুৰৰ খেতি কৰিব পাৰিব আৰু তাৰ আনন্দ লʼব পাৰিব। (যিচ. ৬৫:২১, ২২) পৃথিৱীত সকলো মানুহে ভাল বস্তুবোৰৰ আনন্দ লʼব পাৰিব।

১৫. যিসকলক নতুন পৃথিৱীত আকৌ জীয়াই তোলা হʼব, তেওঁলোকক কিহৰ বিষয়ে শিকোৱা হʼব? (যোহন ৬:৩৫)

১৫ যোহন ৬:৩৫ পঢ়ক। খন্তেকৰ বাবে সেই লোকসকলৰ বিষয়ে চিন্তা কৰক, যিসকলক যীচুৱে চমৎকাৰ কৰি ৰুটি আৰু মাছ খুৱাইছিল। যদিও তেওঁলোকে সেই সময়ত যীচুৰ ওপৰত বিশ্বাস কৰা নাছিল, তথাপি তেওঁলোকক হয়তো নতুন পৃথিৱীত আকৌ জীয়াই তোলা হʼব আৰু তেতিয়া আপুনি তেওঁলোকক হয়তো লগ কৰিব পাৰিব। (যোহ. ৫:২৮, ২৯) তেওঁলোকে যীচুৰ এই শব্দৰ অৰ্থ জানিব লাগিব, “ময়েই সেই জীৱন দিওঁতা আহাৰ। যিজনে মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব।” তেওঁলোকে যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰিব লাগিব আৰু এয়াও বিশ্বাস কৰিব লাগিব যে যীচুৱে তেওঁলোকৰ বাবে নিজৰ জীৱন বলিদান দিলে। আচলতে যিসকলক নতুন পৃথিৱীত আকৌ জীয়াই তোলা হʼব, তেওঁলোকক আৰু যিসকল লʼৰা-ছোৱালীৰ জন্ম হʼব, তেওঁলোকক ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকোৱাৰ ভাল ব্যৱস্থা কৰা হʼব। সেই সময়ত লোকসকলে ঈশ্বৰৰ বিষয়ে সত্য শিকাই যি আনন্দ পাব, সেয়া সোৱাদ লগা আহাৰ খায়ো পোৱা নাযায়!

১৬. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

১৬ এই লেখত আমি যোহন ৬ অধ্যায়ৰ কিছুমান কথাৰ ওপৰত আলোচনা কৰিলোঁ। কিন্তু যীচুৱে ‘অনন্ত জীৱনৰ’ বিষয়ে আৰু বহুতো কথা শিকালে। সেই সময়ত যিহূদীসকলে সেই কথাবোৰৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন আছিল আৰু আমিও ধ্যান দিয়া উচিত। পৰৱৰ্তী লেখত আমি যোহন ৬ অধ্যায়ৰ আন কিছুমান কথাৰ ওপৰত আলোচনা কৰিম।

গীত নং ২০ তুমি নিজৰ প্ৰিয় পুত্ৰক দিলা