Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৬

যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বুলি গেৰেন্টি দিছে

যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বুলি গেৰেন্টি দিছে

“যিসকলে নিজৰ বাবে পৃথিৱীত আশীৰ্বাদ বিচাৰে, তেওঁলোকে সত্য ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব।”—যিচ. ৬৫:১৬, NW.

গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

লেখৰ এক আভাস a

১. যিচয়াই ইস্ৰায়েলীসকলক কি জনাব বিচাৰিছল?

 ভৱিষ্যবক্তা যিচয়াই যিহোৱা ‘সত্য ঈশ্বৰ’ হয় বুলি কৈছিল। ইয়াত ব্যৱহাৰ কৰা ‘সত্য’ শব্দৰ অৰ্থ হৈছে “আমিন।” (যিচ. ৬৫:১৬) “আমিন” শব্দৰ অৰ্থ হৈছে “এইদৰেই হওক” বা “নিশ্চয় হওক।” বাইবেলত যিহোৱা আৰু যীচুৰ ক্ষেত্ৰত “আমিন” শব্দটো ব্যৱহাৰ কৰি এই কথাৰ গেৰেন্টি দিছে যে তেওঁলোকে যি কৈছে সেয়া একেবাৰে সত্য। গতিকে যিচয়াই ইস্ৰায়েলীসকলক এয়া জনাব বিচাৰিছিল যে যিহোৱাই ভৱিষ্যৰ বিষয়ে যি কয়, সেয়া নিশ্চয় পূৰ হয়। যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰি এই কথা সঁচা হয় বুলি প্ৰমাণ কৰিলে।

২. (ক) ভবিষ্যতৰ বিষয়ে যিহোৱাই যি প্ৰতিজ্ঞা কৰিছে সেইবোৰৰ ওপৰত আমি কিয় বিশ্বাস কৰিব পাৰোঁ?(খ) এই লেখত আমি কি কি প্ৰশ্নৰ উত্তৰ পাম?

যিহোৱাই ভৱিষ্যৰ বিষয়ে যিবোৰ প্ৰতিজ্ঞা কৰিছে, সেয়া পূৰ হʼব বুলি আজি আমি ভৰসা কৰিব পাৰোঁ নে? যিহোৱাৰ প্ৰতিজ্ঞাবোৰ সদায় পূৰ হয় বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ তাৰ বিষয়ে যিচয়াৰ সময়ৰ পৰা প্ৰায় ৮০০ বছৰৰ পাছত পাঁচনি পৌলে বুজাইছিল। তেওঁ কৈছিল যে “ঈশ্বৰে মিছা” কথা কেতিয়াও নকয়। (ইব্ৰী ৬:১৮) আপোনালোকে কেতিয়াবা মিঠা পানীৰ ভুমুকৰ পৰা নিমখীয়া পানী ওলোৱা দেখিছে নে? হয়তো কেতিয়াও দেখা নাই। ঠিক সেইদৰে যিহোৱা সত্যৰ ঈশ্বৰ হয়, গতিকে তেওঁ কেতিয়াও মিছা কথা নকʼব। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ ভৱিষ্যৰ বিষয়ে যিবোৰ প্ৰতিজ্ঞা কৰিছে, সেইবোৰ নিশ্চয় পূৰ হʼব। এই লেখত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম: যিহোৱাই ভৱিষ্যৰ বিষয়ে কি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞা পূৰ হʼব বুলি তেওঁ কি গেৰেন্টি দিছে?

যিহোৱাই কি প্ৰতিজ্ঞা কৰিছে?

. (ক) ঈশ্বৰৰ সেৱকসকলৰ বাবে কোনটো প্ৰতিজ্ঞা অতি গুৰুত্বপূৰ্ণ? (প্ৰকাশিত বাক্য ২১:৩, ৪) (খ) এই প্ৰতিজ্ঞা শুনি লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাই?

এতিয়া আমি এনে এটা প্ৰতিজ্ঞাৰ বিষয়ে আলোচনা কৰিম, যি যিহোৱাৰ সকলো সেৱকৰ বাবে অতি গুৰুত্বপূৰ্ণ। (প্ৰকাশিত বাক্য ২১:৩, ৪ পঢ়ক।) যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে এনে এটা পৰিস্থিতি আহিব, যেতিয়া “মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।” এই প্ৰতিজ্ঞাই আমাৰ হৃদয় স্পৰ্শ কৰে। আমাৰ মাজৰ বহুতো লোকে প্ৰচাৰ কৰাৰ সময়ত প্ৰমোদবনত আমাৰ জীৱন কেনেকুৱা হʼব এই প্ৰতিজ্ঞাটো লোকসকলক পঢ়ি শুনায়। ইয়াৰ বিষয়ে শুনি কিছুমান লোকে এইদৰে কʼব পাৰে, “এয়া শুনিবলৈ ভাল লাগিছে, কিন্তু সঁচাকৈ এইদৰে হʼব জানোঁ?”

৪. (ক) যিহোৱাই আগৰ পৰা কি কি কথা জানিছিল? (খ) প্ৰতিজ্ঞা কৰাৰ লগতে যিহোৱাই আৰু কি কৰিলে?

যিহোৱাই যেতিয়া যোহনক প্ৰমোদবনৰ প্ৰতিজ্ঞাৰ বিষয়ে লিখুৱালে, তেতিয়া যিহোৱাই জানিছিল যে আগলৈ গৈ যেতিয়া আমি লোকসকলক তেওঁৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিম, তেতিয়া এই প্ৰতিজ্ঞাৰ বিষয়ে জনাম। যিহোৱাই আগতীয়াকৈ জানিছিল যে তেওঁ ‘নতুন কথাবোৰৰ’ বিষয়ে যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত বিশ্বাস কৰিবলৈ বহুতো লোকক কঠিন লাগিব। (যিচ. ৪২:৯; ৬০:২; ২ কৰি. ৪:৩, ৪) প্ৰকাশিত বাক্য ২১:৩, ৪ পদত লিখা প্ৰতিজ্ঞাটো নিশ্চয় পূৰ হʼব বুলি আমি নিজৰ আৰু আনৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ। যিহোৱাই হৃদয় স্পৰ্শ কৰা এই প্ৰতিজ্ঞাটো কৰি এৰি দিয়া নাই, কিন্তু এয়া পূৰ হʼব বুলি বিশ্বাস কৰিবলৈ আমাক বহুতো কাৰণ দিছে। সেই কাৰণবোৰনো কি?

যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰাৰ গেৰেন্টি দিছে

৫. (ক) যিহোৱাৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত বিশ্বাস কৰাৰ কাৰণ কোনবোৰ পদত উল্লেখ কৰা হৈছে? (খ) এই কাৰণবোৰ কি?

প্ৰমোদবনৰ বিষয়ে যিহোৱাই কৰা প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰাৰ বহুতো কাৰণ আছে। আগত উল্লেখ কৰা পদবোৰলৈ মন কৰিলে আমি সেই কাৰণবোৰৰ বিষয়ে জানিব পাৰিম। তাত এইদৰে লিখা আছে, “সিংহাসনৰ ওপৰত বহা জনাই কলে, চোৱা, মই সকলোকে নতুন কৰোঁ। তেওঁ আৰু কলে, লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। পাছে তেওঁ মোক কলে, হল; মই আল্ফা আৰু ওমিগা, আদি আৰু অন্ত।”—প্ৰকা. ২১:৫, ৬ক.

৬. প্ৰকাশিত বাক্য ২১:৫, ৬ পদত যি কথা লিখা আছে তাৰ পৰা ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ ভৰসা কিয় বাঢ়ে?

বাইবেলৰ এই পদবোৰৰ পৰা ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত আমাৰ ভৰসা কিয় বাঢ়ে? আমাৰ এখন কিতাপত ইয়াৰ বিষয়ে এইদৰে লিখা আছে, “যিহোৱাই যেন নিজেই এখন কাগজত চহী কৰি নিজৰ বিশ্বাসী সেৱকসকলক এই আশীৰ্বাদবোৰ দিব বুলি গেৰেন্টি দিছে।” b প্ৰকাশিত বাক্য ২১:৩, ৪ পদত আমি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে পঢ়োঁ আৰু ৫ আৰু ৬ পদত যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰাৰ গেৰেন্টি দিছে, এই প্ৰতিজ্ঞাবোৰত যিহোৱাই যেন নিজেই চহী কৰিছে। যিহোৱাই গেৰেন্টি দিয়াৰ সময়ত যিবোৰ কথা কʼলে, আহক সেইবোৰৰ বিষয়ে এটা-এটাকৈ আলোচনা কৰোঁ।

৭. প্ৰকাশিত বাক্য ২১:৫ পদত লিখা কথা কোনে কৈ আছে আৰু এয়া কিয় গুৰুত্বপূৰ্ণ?

ঈশ্বৰে যি গেৰেন্টি দিছে তাৰ আৰম্ভণি এই শব্দবোৰৰ পৰা হৈছে, “সিংহাসনৰ ওপৰত বহা জনাই কলে।” (প্ৰকা. ২১:৫ক) প্ৰকাশিত বাক্য কিতাপত এনে তিনিটা ঘটনাৰ বিষয়ে উল্লেখ আছে, যʼত যিহোৱাই নিজেই কথা পাতিছিল আৰু তাৰে মাজৰ এইটো এটা হয়। এই গেৰেন্টি কোনো শক্তিশালী স্বৰ্গদূত বা স্বৰ্গলৈ যোৱাৰ পাছত যীচুৱে দিয়া নাই, যিহোৱাই নিজেই দিছে। ইয়াৰ পৰা আমি আগত কোৱা কথাৰ ওপৰত বিশ্বাস কৰাৰ প্ৰমাণ পাওঁ। কিয় বাৰু? কাৰণ যিহোৱাই কেতিয়াও ‘মিছা কথা নকয়।’ (তীত ১:২) গতিকে প্ৰকাশিত বাক্য ২১:৫, ৬ পদত লিখা কথাবোৰ সঁচাকৈ ভৰসাৰ যোগ্য।

“চোৱা, মই সকলোকে নতুন কৰোঁ”

৮. যিহোৱাৰ এই প্ৰতিজ্ঞা যিকোনো পৰিস্থিতিত পূৰ হ’ব বুলি তেওঁ কেনেকৈ বিশ্বাস দিছে? (যিচয়া ৪৬:১০)

এতিয়া আহক “চোৱা” শব্দটোৰ প্ৰতি মন কৰোঁ। (প্ৰকা. ২১:৫) ইয়াত যি গ্ৰীক শব্দৰ অনুবাদ “চোৱা” বুলি কৰা হৈছে, এই শব্দটো প্ৰকাশিত বাক্য কিতাপত বহু বাৰ উল্লেখ কৰা হৈছে। বাইবেলৰ বিষয়ে তথ্য দিয়া এখন কিতাপত এই শব্দটোৰ বিষয়ে কোৱা হৈছে যে আগলৈ হʼবলগীয়া ঘটনাবোৰৰ বিষয়ে ধ্যান আকৰ্ষিত কৰিবলৈ প্ৰায়ে এই শব্দটো ব্যৱহাৰ কৰা হয়। গতিকে “চোৱা” শব্দটো কোৱাৰ পাছত ঈশ্বৰে কি কʼলে? তেওঁ কʼলে, “মই সকলোকে নতুন কৰোঁ।” ঈশ্বৰৰ এই প্ৰতিজ্ঞা ভৱিষ্যতে পূৰ হʼব কিন্তু তেওঁ এনেদৰে কৈছে যেন এইবোৰ এতিয়াই পূৰ হৈ আছে। তেওঁ এইদৰে কোৱাটো সঠিকো হয়, কাৰণ তেওঁ জানে যে এই প্ৰতিজ্ঞা তেওঁ নিশ্চয় পূৰ কৰিব। সেইবাবে তেওঁ এইদৰে কোৱা নাই, “মই সকলোবোৰ নতুনকৈ বনাম” ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছে, “মই সকলোকে নতুন কৰোঁ।”যিচয়া ৪৬:১০ পঢ়ক।

৯. (ক) “মই সকলোকে নতুন কৰোঁ” এই শব্দৰ পৰা যিহোৱাৰ কি দুটা কামৰ বিষয়ে জানিব পাৰি? (খ) ‘প্ৰথম আকাশ’ আৰু ‘প্ৰথম পৃথিৱীৰ’ কি হ’ব?

“মই সকলোকে নতুন কৰোঁ” আহক এই বাক্যৰ অৰ্থ ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ। (প্ৰকা. ২১:৫) প্ৰকাশিত বাক্য ২১ অধ্যায়ত লিখা এই কথাৰ পৰা আমি যিহোৱাৰ দুটা কামৰ বিষয়ে জানিব পাৰোঁ। প্ৰথম, “প্ৰথম আকাশ-মণ্ডল আৰু প্ৰথম পৃথিবী” শেষ কৰিব। দ্বিতীয়, ইয়াৰ ঠাইত “নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবী” আনিব। (প্ৰকা. ২১:১) ‘প্ৰথম আকাশ-মণ্ডলৰ’ অৰ্থ হৈছে মানৱীয় চৰকাৰ, যি চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ হাতত আছে। (মথি ৪:৮, ৯; ১ যোহ. ৫:১৯) বাইবেলত “পৃথিৱী” শব্দটো প্ৰায়ে পৃথিৱীত থকা লোকসকলক চিত্ৰিত কৰে। (আদি. ১১:১; গীত. ৯৬:১) সেইবাবে, ‘প্ৰথম পৃথিৱী’ বৰ্তমান সময়ত পৃথিৱীত থকা দুষ্ট লোকসকল হয় বুলি আমি ক’ব পাৰোঁ। যিহোৱাই এই “আকাশ-মণ্ডল” আৰু ‘পৃথিৱীত’ অলপ সাল-সলনি নকৰে, তাৰ পৰিৱৰ্তে ইয়াক সম্পূৰ্ণৰূপে শেষ কৰিব আৰু ইয়াৰ ঠাইত ‘নতুন আকাশ আৰু নতুন পৃথিৱী’ আনিব অৰ্থাৎ এটা নতুন চৰকাৰ আৰু ভাল মানুহৰ এটা নতুন সমাজ।

১০. যিহোৱাই কি কি নতুন কৰি তুলিব?

১০ যিহোৱাই যিবোৰ বস্তু “নতুন” কৰি তুলিব তাৰ বিষয়ে তেওঁ কি কৈছে আহক তালৈ মন কৰোঁ। যিহোৱাই এইদৰে কোৱা নাছিল, “মই সকলোবোৰ নতুনকৈ বনাম” ইয়াৰ পৰিৱৰ্তে তেওঁ এইদৰে কৈছে, “মই সকলোকে নতুন কৰোঁ।” (প্ৰকা. ২১:৫) ইয়াৰ অৰ্থ হৈছে যিহোৱাই পৃথিৱী আৰু মানুহৰ পৰিস্থিতি ইমানেই ভাল কৰিব যে সেইবোৰ একেবাৰে নতুন যেন হৈ পৰিব। যিচয়াই ভৱিষ্যবাণী কৰাৰ দৰে গোটেই পৃথিৱীখন এদন বাগিছাৰ দৰে সুন্দৰ আৰু তাৰ মাটি সাৰুৱা হʼব। সকলো মানুহ সিদ্ধ হৈ পৰিব, আমি যেন নতুন জীৱন পোৱাৰ দৰে হʼব। যিসকল লোকে খোজকাঢ়িব নোৱাৰে বা চকুৰে চাব নোৱাৰে অথবা কাণেৰে শুনিব নোৱাৰে, তেওঁলোকে একেবাৰে সুস্থ হৈ পৰিব। ইয়াৰ উপৰিও যিসকল লোকৰ মৃত্যু হৈছে, তেওঁলোকক আকৌ জীয়াই তোলা হʼব।—যিচ. ২৫:৮; ৩৫:১-৭.

‘এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। এইবোৰ পূৰ হʼল’

১১. যিহোৱাই যোহনক কি কৰিবলৈ ক’লে আৰু কিয়?

১১ যিহোৱাই নিজৰ কথাৰ ওপৰত বিশ্বাস দিবলৈ আৰু কি কʼলে? তেওঁ যোহনক এইদৰে কʼলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।” (প্ৰকা. ২১:৫) যিহোৱাই যোহনক এইবোৰ কথা “লিখা” বুলি অকল কোৱা নাছিল, কিন্তু এইবোৰ লিখাৰ কাৰণো জনাইছিল। তেওঁ কৈছিল, “এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।” যিহোৱাই যোহনক যিবোৰ কথা লিখিবলৈ কৈছিল, সেইবোৰ তেওঁ ‘লিখাৰ’ বাবে আমি বহুত আনন্দিত। ইয়াৰ বাবে আমি প্ৰমোদবনৰ বিষয়ে যিহোৱাই যিবোৰ প্ৰতিজ্ঞা কৰিছে তাৰ বিষয়ে পঢ়িবলৈ পাওঁ আৰু ভৱিষ্যতে তাত পাবলগীয়া আশীৰ্বাদবোৰৰ বিষয়ে আজি আমি মনন কৰিব পাৰোঁ।

১২. “এইবোৰ কথা পূৰ হ’ল” বুলি যিহোৱাই কোৱা কথাটো কিয় একেবাৰে সঠিক হয়?

১২ ইয়াৰ পাছত ঈশ্বৰে কʼলে, এইবোৰ কথা পূৰ “হʼল।” (প্ৰকা. ২১:৬) যিহোৱাই এইবোৰ কথা এনেদৰে কʼলে যেন তেওঁ প্ৰমোদবন অনাৰ যি প্ৰতিজ্ঞা কৰিছে, সেয়া পূৰ হʼল। তেওঁ এইদৰে কোৱাটো সঠিক হয়। কিয়নো যিহোৱাৰ উদ্দেশ্য পূৰ কৰাত তেওঁক কোনেও বাধা দিব নোৱাৰে। ইয়াৰ পাছত যিহোৱাই এনে কিছুমান কথা কʼলে যাৰ পৰা তেওঁৰ প্ৰতিজ্ঞা যিকোনো পৰিস্থিতিতে পূৰ হʼব বুলি আৰু নিশ্চিত হৈ যায়। তেওঁ কি কৈছিল বাৰু?

“মই আল্ফা আৰু ওমিগা”

১৩. “মই আল্ফা আৰু ওমিগা” বুলি যিহোৱাই কিয় ক’লে?

১৩ এই লেখৰ আৰম্ভণিত কোৱা হৈছিল যে যিহোৱাই যোহনক দৰ্শন দিয়াৰ সময়ত তিনিটা পৰিস্থিতিত নিজেই কথা পাতিছিল। (প্ৰকা. ১:৮; ২১:৫, ৬; ২২:১৩) এই তিনিটা পৰিস্থিতিত যিহোৱাই কৈছিল, “মই আল্ফা আৰু ওমিগা” অৰ্থাৎ “আদি আৰু অন্ত।” “আল্ফা” গ্ৰীক বৰ্ণমালাৰ প্ৰথম আখৰ হয় আৰু “ওমিগা” শেষৰ আখৰ। যিহোৱাই “মই আল্ফা আৰু ওমিগা” কোৱাৰ যোগেদি কʼব বিচাৰিছিল যে তেওঁ যি কাম আৰম্ভ কৰে, তাক যিকোনো পৰিস্থিতিতে পূৰো কৰে।

যিহোৱাই যেতিয়া কিবা কাম আৰম্ভ কৰে, তেতিয়া তাক পূৰো কৰে (অনুচ্ছেদ ১৪, ১৭ চাওক)

১৪. (ক) উদাহৰণ দি বুজাওক যে কেতিয়া যিহোৱাই যেন “আল্ফা” বুলি ক’লে আৰু তেওঁ কেতিয়া “ওমিগা” বুলি ক’ব? (খ) আদিপুস্তক ২:১-৩ পদত কি গেৰেন্টি দিয়া হৈছে?

১৪ আদম আৰু হৱাক সৃষ্টি কৰাৰ পাছত যিহোৱাই স্পষ্টকৈ জনালে যে মানুহ আৰু পৃথিৱীৰ বাবে তেওঁৰ উদ্দেশ্য কি। বাইবেলত এইদৰে লিখা আছে, “ঈশ্বৰে সিবিলাকক আশীৰ্ব্বাদ কৰিলে; ঈশ্বৰে সিবিলাকক ক’লে, তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা।” (আদি. ১:২৮) এইদৰে যিহোৱাই যেতিয়া তেওঁলোকক নিজৰ উদ্দেশ্যৰ বিষয়ে কৈছিল, তেতিয়া এয়া আৰম্ভণি আছিল। সেই সময়ত তেওঁ যেন “আল্ফা” কৈছিল। ভৱিষ্যতে আদম আৰু হৱাৰ সিদ্ধ সন্তানেৰে পৃথিৱীখন ভৰি পৰিব, সকলোৱে যিহোৱাৰ আজ্ঞা পালন কৰিব আৰু তেতিয়া পৃথিৱীখন সুন্দৰ প্ৰমোদবন হৈ পৰিব। এইদৰে আগলৈ গৈ যেতিয়া যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিব, তেতিয়া তেওঁ যেন “ওমিগা” বুলি কʼব। আৰম্ভণিতে যেতিয়া যিহোৱাই “আকাশ-মণ্ডল, পৃথিৱী, আৰু সেই উভয়ত থকা সকলো পদাৰ্থ নিৰ্ম্মাণ কৰি” শেষ কৰিলে তেতিয়া তেওঁ এটা গেৰেন্টি দিলে। ইয়াৰ বিষয়ে আমি আদিপুস্তক ২:১-৩ পদত পঢ়িবলৈ পাওঁ। (পঢ়ক।) যিহোৱাই সপ্তম দিনক পবিত্ৰ বুলি কʼলে। ইয়াৰ অৰ্থ হৈছে যিহোৱাই সপ্তম দিনক বেলেগ কৰিলে যাতে তেওঁ পৃথিৱী আৰু মানুহৰ বাবে নিজৰ উদ্দেশ্য পূৰ কৰিব পাৰে। গতিকে, যেতিয়া তেওঁ সপ্তম দিনক পবিত্ৰ বুলি কʼলে, তেতিয়া তেওঁ যেন এই গেৰেন্টি দিছে যে সপ্তম দিনৰ শেষলৈকে তেওঁৰ উদ্দেশ্য পূৰ হৈ যাব।

১৫. যিহোৱাৰ উদ্দেশ্য কেতিয়াও পূৰ নহয় বুলি হয়তো চয়তানে কিয় ভাবিছিল?

১৫ যেতিয়া আদম আৰু হৱা যিহোৱাৰ বিৰোধে বিদ্ৰোহ কৰিলে, তেতিয়া তেওঁলোকে পাপী হৈ পৰিল আৰু তেওঁলোকে উত্তৰাধিকাৰী হিচাপে পাপ আৰু মৃত্যু নিজৰ সন্তানসকলক দিলে। (ৰোম. ৫:১২) সেইবাবে, চয়তানে হয়তো ভাবিলে যে যিহোৱাৰ উদ্দেশ্য আৰু কেতিয়াও পূৰ নহʼব, পৃথিৱীত কেতিয়াও সিদ্ধ মানুহ নাথাকিব, যিসকলে যিহোৱাৰ আজ্ঞা পালন কৰিব পাৰে আৰু তেওঁ কেতিয়াও “ওমিগা” বুলি কʼবও নোৱাৰিব। আদম আৰু হৱাক শেষ কৰি আন এহাল সিদ্ধ দম্পতীক সৃষ্টি কৰি নিজৰ উদ্দেশ্য পূৰ কৰাৰ বাহিৰে যিহোৱাই আৰু একো কৰিব নোৱাৰিব বুলি চয়তানে হয়তো ভাবিছিল। কিন্তু যিহোৱাই এইদৰে কৰা হʼলে চয়তানে যিহোৱাক মিছলীয়া বুলি অভিযোগ কৰিলেহেঁতেন। কিয় বাৰু? কিয়নো আদিপুস্তক ১:২৮ পদত যিহোৱাই আদম আৰু হৱাক তেওঁলোকৰ সন্তানেৰে পৃথিৱীখন পৰিপূৰ্ণ কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল।

১৬. যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ সফল হোৱা নাই বুলি ক’বলৈ পাৰিম বুলি চয়তানে কিয় ভাবিছিল?

১৬ যিহোৱাই বেলেগ এটা নিৰ্ণয় লʼব বুলি চয়তানে হয়তো ভাবিছিল। চয়তানে হয়তো ভাবিলে যে যিহোৱাই আদম আৰু হৱাক সন্তান জন্ম দিয়াৰ সুযোগ দিব কিন্তু তেওঁলোকৰ সন্তান কেতিয়াও সিদ্ধ হʼব নোৱাৰিব। (উপ. ৭:২০; ৰোম. ৩:২৩) এনে পৰিস্থিতিত যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰাত সফল হʼব পৰা নাই বুলি চয়তানে অভিযোগ কৰিলেহেঁতেন। কিয় বাৰু? এইদৰে হোৱা হʼলে যিহোৱাৰ উদ্দেশ্য কেতিয়াও পূৰ নহʼলহেঁতেন অৰ্থাৎ যিহোৱাৰ আজ্ঞা পালন কৰা সিদ্ধ মানুহেৰে পৃথিৱীখন পৰিপূৰ্ণ নহʼলহেঁতেন আৰু পৃথিৱীখনো প্ৰমোদবন নহʼলহেঁতেন।

১৭. (ক) চয়তান আৰু মানুহে যিহোৱাৰ বিৰোধে বিদ্ৰোহ কৰাৰ পাছত যিহোৱাই কি ব্যৱস্থা কৰিলে? (খ) শেষত কি হ’ব? (ছবিখনো চাওক)

১৭ যেতিয়া চয়তান, আদম আৰু হৱাই যিহোৱাৰ বিৰোধে বিদ্ৰোহ কৰিলে, তেতিয়া যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ ইমানেই ভাল ব্যৱস্থা কৰিলে যে ইয়াক চাই চয়তানে আচৰিত হʼল। (গীত. ৯২:৫) যিহোৱাই আদম আৰু হৱাক সন্তান জন্ম দিয়াৰ সুযোগ দিলে। এইদৰে যিহোৱাই প্ৰমাণ কৰিলে যে তেওঁ সত্য ঈশ্বৰ হয় আৰু তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰাত সফল হʼল। তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ এটা ‘বংশৰ’ ব্যৱস্থা কৰিলে, যিয়ে আদম আৰু হৱাৰ সন্তানসকলক বচাবলৈ নিজৰ বলিদান দিলেহেঁতেন। (আদি. ৩:১৫; ২২:১৮) যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ ইমান সুন্দৰ ব্যৱস্থা কৰিব বুলি চয়তানে হয়তো সপোনতো ভবা নাছিল। কিয় বাৰু? কাৰণ চয়তান স্বাৰ্থপৰ হয় কিন্তু যিহোৱাৰ এই ব্যৱস্থা নিস্বাৰ্থ প্ৰেমৰ ওপৰত আধাৰিত। (মথি ২০:২৮; যোহ. ৩:১৬) যিহোৱাৰ এই ব্যৱস্থাৰ পৰা কি সম্ভৱ হʼব? মচীহৰ হাজাৰ বছৰৰ শাসনৰ শেষত এই পৃথিৱীখন প্ৰমোদবন হৈ পৰিব আৰু আদম আৰু হৱাৰ সিদ্ধ সন্তানেৰে ভৰি পৰিব আৰু সকলোৱে যিহোৱাৰ আজ্ঞা পালন কৰিব। আৰম্ভণিতে মানৱজাতি আৰু পৃথিৱীৰ বাবে যিহোৱাৰ যি উদ্দেশ্য আছিল, সেয়া পূৰ হʼব। তেতিয়া যিহোৱাই যেন “ওমিগা” বুলি কʼব।

প্ৰমোদবনৰ প্ৰতিজ্ঞাৰ ওপৰত নিজৰ ভৰসা কেনেকৈ বঢ়াব পাৰোঁ?

১৮. যিহোৱাই তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিবলৈ কি তিনিটা কাৰণ দিছে? (“ যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰাৰ তিনিটা কাৰণ” নামৰ বক্সখনো চাওক।)

১৮ এই লেখত আমি শিকলোঁ যে যিহোৱাই পৃথিৱীত প্ৰমোদবন অনাৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত আমি কিয় বিশ্বাস কৰিব পাৰোঁ। কিন্তু যিসকল লোকে এই কথাৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকৰ বিশ্বাস জন্মাবলৈ আমি কি কৰিব পাৰোঁ? আমি তেওঁলোকক তিনিটা কাৰণ কʼব পাৰোঁ। প্ৰথম, যিহোৱাই নিজেই এই প্ৰতিজ্ঞা কৰিছে। প্ৰকাশিত বাক্য কিতাপত এইদৰে লিখা আছে, “সিংহাসনৰ ওপৰত বহা জনাই কলে, চোৱা, মই সকলোকে নতুন কৰোঁ।” যিহোৱাৰ ওচৰত বহুতো শক্তি আৰু বুদ্ধি আছে, যাৰ বাবে তেওঁ নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব পাৰে আৰু তেওঁ নিজেও এইদৰে কৰিব বিচাৰে। দ্বিতীয়, যিহোৱাই জানে যে তেওঁৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ হʼব। সেইবাবে, তেওঁ এনেদৰে কয় যেন সেইবোৰ পূৰ হʼল। তেওঁ কৈছিল, ‘এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। . . . এইবোৰ পূৰ হʼল।’ তৃতীয়, যিহোৱাই যি কৰিবলৈ আৰম্ভ কৰে, তাক যিকোনো পৰিস্থিতিতে পূৰ কৰে। সেইবাবে, তেওঁ এইদৰে কৈছে, “মই আল্ফা আৰু ওমিগা।” অতি সোনকালে যিহোৱাই প্ৰমাণ কৰিব যে চয়তান মিছলীয়া হয় আৰু সি কেতিয়াও সফল নহʼব।

১৯. যিহোৱাৰ প্ৰমোদবনৰ প্ৰতিজ্ঞাৰ ওপৰত যেতিয়া কোনোবাই বিশ্বাস নকৰে, তেতিয়া আপুনি কি কৰিব?

১৯ প্ৰতিবাৰে প্ৰচাৰত যেতিয়া আমি লোকসকলক ঈশ্বৰৰ এই গেৰেন্টিৰ বিষয়ে জনাওঁ, তেতিয়া যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ ভৰসা আৰু বাঢ়ে। অহাবাৰ যেতিয়া আপুনি কাৰোবাক প্ৰকাশিত বাক্য ২১:৪ পদটো পঢ়ি জনাব যে প্ৰমোদবনত ঈশ্বৰে কি কি কৰিব, তেতিয়া তেওঁ হয়তো কʼব যে “এয়া শুনিবলৈ ভাল লাগিছে কিন্তু সঁচাকৈ এইদৰে হʼব নে?” তেতিয়া আপুনি তেওঁক কেনেকৈ বুজাব? আপুনি ৫ আৰু ৬ পদটো পঢ়ি তেওঁক বুজাব পাৰে। তেওঁক জনাওক যে যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰাৰ গেৰেন্টি দিছে আৰু সেই প্ৰতিজ্ঞাত তেওঁ যেন নিজেই চহী কৰিছে।—যিচ. ৬৫:১৬.

গীত ১৪৫ প্ৰমোদবন ঈশ্বৰৰ প্ৰতিজ্ঞা

a যিহোৱাই প্ৰমোদবন অনাৰ যি প্ৰতিজ্ঞা কৰিছে, সেয়া তেওঁ নিশ্চয় পূৰ কৰিব। তেওঁ এই কথাৰ গেৰেন্টি দিছে। এই গেৰেন্টিৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম। যেতিয়া আমি এই গেৰেন্টিৰ বিষয়ে আনক জনাওঁ, তেতিয়া যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ ভৰসা বাঢ়ে।