Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৪

গীত নং ৩৩ নিজৰ ভাৰ যিহোৱাৰ ওপৰত পেলাই দিয়া

অন্যায় হʼলে কি কৰিব?

অন্যায় হʼলে কি কৰিব?

“বেয়া কামৰ দ্বাৰাই পৰাজিত নহৈ ভাল কামৰ দ্বাৰাই বেয়া কামক পৰাজয় কৰা।”ৰোম. ১২:২১.

কি শিকিম?

যেতিয়া আপোনাৰ লগত অন্যায় হয়, তেতিয়া আপুনি কি কৰিব পাৰে, যাতে পৰিস্থিতি আৰু বেয়া হৈ নাযায়।

১-২. আমাৰ লগত কিয় অন্যায় হয়? বুজাওক।

 এবাৰ যীচুৱে এগৰাকী বিধৱাৰ উদাহৰণ দিছিল। যিয়ে ন্যায় বিচাৰি বাৰে বাৰে ন্যায়াধীশৰ ওচৰলৈ গৈছিল। এই উদাহৰণ শুনি শিষ্যসকলে নিশ্চয় বুজি পাইছিল যে সেই বিধৱাগৰাকীয়ে কেনে অনুভৱ কৰিছে। কিয়নো সেই সময়ৰ লোকসকলৰ লগত প্ৰায়ে অন্যায় কৰা হৈছিল। (লূক ১৮:১-৫) আজি আমিও সেই বিধৱাগৰাকীৰ দুখ ভালদৰে বুজি পাওঁ। কিয়নো আমিও কেতিয়াবা কেতিয়াবা অন্যায়ৰ সন্মুখীন হওঁ।

আজি চাৰিওফালে লোকসকলে পক্ষপাত কৰে, নিজকে আনতকৈ ডাঙৰ বুলি ভাবে আৰু আনৰ লগত অন্যায় কৰে। সেইবাবে, যেতিয়া লোকলসকলে আমাক বিৰোধ কৰে, আমাক তাড়না দিয়ে, তেতিয়া আমি আচৰিত নহওঁ। (উপ. ৫:৮) কিন্তু যেতিয়া ভাই-ভনীসকলে আমাৰ লগত এইদৰে কৰে, তেতিয়া আমাৰ বহুত দুখ লাগে। কিয়নো তেওঁলোকে এইদৰে কৰিব বুলি আমি কেতিয়াও আশা নকৰোঁ। কিন্তু এয়া সঁচা যে তেওঁলোকেও অসিদ্ধ হয় আৰু জানি-বুজি তেওঁলোকে আমাক কেতিয়াও আঘাত দিব নিবিচাৰে। সেইবাবে, আমি তেওঁলোকক সহ্য কৰা উচিত। যীচুৰ লগতো অন্যায় হৈছিল। কিন্তু তেওঁ বিৰোধীসকলৰ লগত ধৈৰ্য্যৰে ব্যৱহাৰ কৰিলে আৰু সকলো সহন কৰিলে। যেতিয়া বিৰোধীসকলে আমাৰ লগত অন্যায় কৰে, তেতিয়া আমি যীচুৰ দৰে তেওঁলোকৰ লগত ধৈয্যেৰে ব্যৱহাৰ কৰিব পাৰোঁ। তেনেহʼলে চিন্তা কৰক, যদি আমি বিৰোধীসকলৰ লগত ধৈৰ্য্য ধৰোঁ, তেনেহʼলে ভাই-ভনীসকলৰ প্ৰতি আমি কিমান ধৈৰ্য্য ধৰাৰ প্ৰয়োজন আছে? কিন্তু এতিয়া প্ৰশ্ন হৈছে যে যেতিয়া জগতৰ লোকসকলে বা আমাৰ ভাই-ভনীসকলে আমাৰ লগত অন্যায় কৰে, তেতিয়া যিহোৱাৰ কেনেকুৱা লাগে? তেওঁ এই বিষয়ে চিন্তা কৰে নে?

৩. যেতিয়া আমাৰ লগত অন্যায় হয়, তেতিয়া যিহোৱাৰ কেনেকুৱা লাগে আৰু কিয়?

যিহোৱাৰ সেৱকসকলৰ লগত অন্যায় হোৱাটো তেওঁ কেতিয়াও নিবিচাৰে। বাইবেলত লিখা আছে: “যিহোৱাই ন্যায়-বিচাৰ ভাল পায়।” (গীত. ৩৭:২৮) সেইবাবে, যেতিয়া লোকসকলে আমাৰ লগত অন্যায় কৰে, তেতিয়া যিহোৱাক বহুত বেয়া লাগে। যীচুৱে আশ্বাস দিছিল যে যিহোৱাই “অতি সোনকালে . . . ন্যায় কৰিব।” (লূক ১৮:৭, ৮) অতি সোনকালে যিহোৱাই অন্যায়ৰ বাবে হোৱা ক্ষতি পূৰ কৰিব আৰু সকলো ধৰণৰ অন্যায় শেষ কৰি দিব।—গীত. ৭২: ১, ২.

৪. অন্যায়ৰ সন্মুখীন হʼবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰিব পাৰে?

আমি সেই সময়ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, যেতিয়া যিহোৱাই সকলো ধৰণৰ অন্যায় শেষ কৰি দিব। কিন্তু তেওঁ বৰ্তমান সময়তো আমাক সহায় কৰি আছে, যাতে আমি সেই সকলোবোৰ সহিব পাৰোঁ। (২ পিত. ৩:১৩) তেওঁ আমাক শিকাই যে যেতিয়া আমাৰ লগত অন্যায় হয়, তেতিয়া যেন আমি এনে কোনো কাম নকৰোঁ, যাৰ বাবে আমাৰ ক্ষতি হʼব পাৰে। তেওঁ নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি আমাক জনাইছে যে যেতিয়া আমাৰ লগত অন্যায় হয়, তেতিয়া আমি কি কৰিব পাৰোঁ। ইয়াৰ উপৰিও তেওঁ আমাক বাইবেল দিছে, যʼত বহুতো ভাল পৰামৰ্শ দিয়া হৈছে। যিবোৰ পালন কৰিলে আমি অন্যায়ৰ সন্মুখীন হʼব পাৰিম।

কোনো ভুল পদক্ষেপ নলʼব

৫. আমাৰ লগত অন্যায় হʼলে আমি কি কথা মনত ৰখা উচিত?

যেতিয়া আমাৰ লগত অন্যায় হয়, তেতিয়া আমাৰ বহুত দুখ লাগে। (উপ. ৭:৭) ঈশ্বৰৰ বিশ্বাসী সেৱক ইয়োব আৰু হবক্কুকৰ লগতো এইদৰেই হৈছিল। (ইয়ো. ৬:২, ৩; হব. ১:১-৩) যেতিয়া আমাৰ লগত অন্যায় হয়, তেতিয়া দুখ অনুভৱ কৰা বা খং উঠাটো স্বাভাৱিক। কিন্তু আমি মনত ৰখা উচিত যে আমি আৱেগিক হৈ যেন কোনো ভুল পদক্ষেপ নলওঁ।

৬. অবচালোমৰ পৰা আমি কি শিকিব পাৰোঁ? (ছবিখনো চাওক।)

যেতিয়া কোনোবাই আমাৰ লগত বা আমাৰ পৰিয়ালৰ লোকসকলৰ লগত অন্যায় কৰে, তেতিয়া হয়তো আমি প্ৰতিশোধ লোৱাৰ বিষয়ে ভাবিব পাৰোঁ। কিন্তু এইদৰে কৰিলে পৰিস্থিতি বেয়া হʼব পাৰে। খন্তেকৰ বাবে দায়ূদৰ পুত্ৰ অবচালোমৰ বিষয়ে মন কৰক, যেতিয়া তেওঁৰ মাহী মাকৰ লʼৰা অম্নোনে তাৰ ভনীয়েক তামাৰক বলাৎকাৰ কৰিছিল, তেতিয়া তেওঁৰ বহুত খং উঠিল। তেওঁ খং কৰাটো স্বাভাৱিক আছিল। কাৰণ মোচিৰ নিয়মৰ অনুসৰি অম্নোনে মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিল। (লেবী. ২০:১৭) কিন্তু অবচালোমে আৱেগিক হৈ বিষয়টো নিজৰ হাতত লʼলে আৰু নিজৰ ভায়েকক মাৰি পেলালে।—২ চমূ. ১৩:২০-২৩, ২৮, ২৯.

যেতিয়া অবচালোমৰ ভনীৰ লগত বলাৎকাৰ হৈছিল, তেতিয়া তেওঁ নিজৰ খং নিয়ন্ত্ৰণ নকৰিলে (অনুচ্ছেদ ৬ চাওক)


৭. যেতিয়া গীত ৰচকে অন্যায় হোৱা দেখিলে, তেতিয়া তেওঁক কেনেকুৱা লাগিলে?

যেতিয়া অন্যায় কৰা লোকসকলে কোনো শাস্তি নাপায়, তেতিয়া হয়তো আমি ভাবিব পাৰোঁ যে ‘ভাল কাম কৰাৰ কিবা লাভ আছে নে?’ গীতমালা ৭৩-ৰ লেখকেও এইদৰেই অনুভৱ কৰিছিল। যেতিয়া দুষ্ট লোকসকলে ভাল লোকসকলক অন্যায় কৰা দেখিলে, তেতিয়া তেওঁ কৈছিল যে “ইহঁত দুষ্ট; ইহঁতে সদায় নিৰ্ব্বিঘ্নে থাকি, অধিক সম্পত্তি বঢ়ায়।” (গীত. ৭৩:১২) তেওঁ ইমানেই চিন্তিত হৈ পৰিল যে তেওঁৰ চিন্তাধাৰা সলনি হৈ গʼল। তেওঁ ভাবিবলৈ ধৰিলে যে যিহোৱাৰ সেৱা কৰাৰ একো লাভে নাই। তেওঁ কৈছিল “যেতিয়া মই এই পৰিস্থিতি বুজিবলৈ চেষ্টা কৰিলোঁ, তেতিয়া মই চিন্তিত হৈ পৰিলোঁ।” (গীত. ৭৩:১৪, ১৬, NW) তেওঁ এয়াও কৈছিল যে “মোৰ ভৰি হলে প্ৰায় লৰিছিল; মোৰ খোজ প্ৰায়ে পিছলি গৈছিল।” (গীত. ৭৩:২) গীতমালা ৭৩-ৰ লেখকৰ দৰে ভাই এলবাৰ্টেও অনুভৱ কৰিছিল।

৮. যেতিয়া এজন ভাইৰ লগত অন্যায় হʼল, তেতিয়া তেওঁৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিলে?

ভাই এলবাৰ্টৰ ওপৰত মিছা অভিযোগ লগোৱা হৈছিল যে তেওঁ মণ্ডলীৰ পইচা চুৰ কৰিছে। সেইবাবে, তেওঁৰ সকলো দায়িত্ব লৈ লোৱা হʼল আৰু যিসকলে ইয়াৰ বিষয়ে জানিছিল, তেওঁলোকৰ দৃষ্টিতো তেওঁ দোষী বুলি প্ৰমাণিত হʼল। সেইবাবে, তেওঁ তেওঁলোকৰ ওচৰত লাজ অনুভৱ কৰিছিল। সেই সময়ৰ কথা ভাবি তেওঁ এইদৰে কৈছে, “মোৰ বহুত খং উঠিছিল। মই বুজি পোৱা নাছিলোঁ যে মই কি কৰিম।” ভাই এলবাৰ্টো এইবোৰ ভাবি ভাবি নিৰাশ হৈ পৰিল আৰু যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক দুৰ্বল হৈ পৰিল। তেওঁ পাঁচ বছৰলৈকে সভালৈ যোৱা নাছিল আৰু প্ৰচাৰো কৰা নাছিল। এই অনুভৱৰ পৰা বুজিব পাৰি যে যেতিয়া আমাৰ লগত অন্যায় হয়, তেতিয়া যদি আমি খং পুহি ৰাখোঁ, তেনেহʼলে ইয়াৰ কি পৰিণাম হʼব পাৰে।

যীচুৰ দৰে হওক

৯. যীচুৱে কি কি অন্যায়ৰ সন্মুখীন হʼবলগীয়া হʼল? (ছবিখনো চাওক।)

অন্যায় সহন কৰাৰ ক্ষেত্ৰত যীচুৱে আটাইতকৈ ভাল উদাহৰণ ৰাখিলে। তেওঁৰ পৰিয়ালৰ লোকসকলে, আনকি আন লোকসকলেও তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। যীচুৰ সম্বন্ধীয়সকলে তেওঁ পগলা হʼল বুলি কৈছিল। ধৰ্ম গুৰুসকলে মিছা অভিযোগ লগাইছিল যে তেওঁ দুষ্ট স্বৰ্গদূতসকলৰ সহায়ত চমৎকাৰ কৰিছে। আনকি ৰোমী সৈনিকসকলেও তেওঁক ঠাট্টা কৰিছিল, মাৰ-পিট কৰিছিল, অৱশেষত তেওঁক হত্যাও কৰিলে। (মাৰ্ক ৩:২১, ২২; ১৪:৫৫; ১৫:১৬-২০, ৩৫-৩৭) কিন্তু যীচুৱে এই সকলো ধৈৰ্য্যেৰে সহন কৰিলে আৰু প্ৰতিশোধ নলʼলে। আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ?

অন্যায় সহন কৰাৰ ক্ষেত্ৰত যীচু আটাইতকৈ ভাল উদাহৰণ (অনুচ্ছেদ ৯-১০ চাওক)


১০. যীচুৱে অন্যায় কেনেকৈ সহন কৰিলে? (১ পিতৰ ২:২১-২৩)

১০ প্ৰথম পিতৰ ২:২১-২৩ পঢ়ক। a যীচুৱে আমাৰ বাবে এক ভাল আৰ্হি ৰাখিলে। তেওঁৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। যেতিয়া তেওঁৰ লগত অন্যায় কৰা হৈছিল, তেতিয়া তেওঁ কি কৰিলে তালৈ মন কৰক। তেওঁ ভালদৰে জানিছিল যে কেতিয়া কথা কʼব লাগে আৰু কেতিয়া মনে মনে থাকিব লাগে। (মথি ২৬:৬২-৬৪) যেতিয়া লোকসকলে তেওঁৰ ওপৰত মিছা অভিযোগ লগাইছিল, তেতিয়া তেওঁ প্ৰতিবাৰে নিজকে সঁচা বুলি প্ৰমাণিত কৰা নাছিল। (মথি ১১:১৯) কিন্তু যেতিয়া তেওঁ বিৰোধীসকলক উত্তৰ দিছিল, তেতিয়া তেওঁলোকৰ লগত সন্মানৰে কথা পাতিছিল আৰু তেওঁলোকক কেতিয়াও দাবি-ধমকি দিয়া নাছিল। যীচুৱে আত্ম-নিয়ন্ত্ৰণ কৰিলে, নিজকে “ন্যায়ৰূপে বিচাৰ কৰোঁতা জনাৰ ওপৰত ভাৰ দিলে।” যীচুৱে ভালদৰে জানিছিল যে যিহোৱাই সকলোবোৰ চাই আছে আৰু তেওঁৰ ভৰসা আছিল যে যিহোৱাই সঠিক সময়ত ন্যায় কৰিব আৰু সকলো ঠিক কৰি দিব।

১১. আমি নিজৰ জিভাক কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ? (ছবিখনো চাওক।)

১১ যেতিয়া কোনোবাই আমাক বেয়াকৈ কয় বা আমাৰ লগত কিবা বেয়া কৰে, তেতিয়া আমি যীচুৰ দৰে কেনেকৈ হʼব পাৰোঁ? আমি নিজৰ জিভা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কিছুমান কথা হয়তো বেছি ডাঙৰ নহʼবও পাৰে, সেইবাবে আমি সেইবোৰ আওকাণ কৰিব পাৰোঁ বা আমি মনে মনে থাকিব পাৰোঁ আৰু এনে কথা কোৱাৰ পৰা আঁতৰি থাকিব পাৰোঁ, যাৰ বাবে পৰিস্থিতি আৰু বেয়া হʼব পাৰে। (উপ. ৩:৭; যাকো. ১:১৯, ২০) কিন্তু কেতিয়াবা কেতিয়াবা আমি কথা কʼব লাগিব। যেনে, যদি কাৰোবাৰ লগত কিবা বেয়া হৈছে, তেনেহʼলে আমি তেওঁৰ ফলীয়া হৈ কʼব লাগিব বা আমি নিজৰ বিশ্বাসৰ বিষয়ে জনাব লাগিব। (পাচঁ. ৬:১, ২) কিন্তু যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া আমি সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত যে আমি শান্ত হৈ থাকোঁ আৰু সন্মানৰে কথা পাতোঁ।—১ পিত. ৩:১৫. b

অন্যায় হোৱাৰ সময়ত আমি যীচুৰ দৰে ভাবি-চিন্তি নিৰ্ণয় লʼব পাৰোঁ যে আমি কেতিয়া কম আৰু কি কম। (অনুচ্ছেদ ১১-১২ চাওক)


১২. আমি কেনেকৈ ‘নিজৰ ভাৰ ন্যায়ৰূপে বিচাৰ কৰোতাঁ জনাৰ ওপৰত দিব পাৰোঁ’?

১২ আমি আৰু এটা উপায়েৰে যীচুৰ দৰে হʼব পাৰোঁ। আমি ‘নিজৰ ভাৰ ন্যায়ৰূপে বিচাৰ কৰোঁতা জনাৰ ওপৰত দিব পাৰোঁ।’ এয়া আমি কেনেকৈ কৰিব পাৰোঁ? যেতিয়া লোকসকলে আমাক ভুল বুজে আৰু আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি মনত ৰাখিব পাৰোঁ যে যিহোৱাই এই সকলোবোৰ চাই আছে আৰু তেওঁ এইবোৰ এদিন নিশ্চয় ঠিক কৰিব। এইদৰে আমি অন্যায় সহন কৰিব পাৰিম। যেতিয়া আমি বিষয়টো যিহোৱাৰ হাতত এৰি দিম, তেতিয়া আমি বেছিকৈ চিন্তা নকৰিম আৰু খং পুহি নাৰাখিম। ইয়াৰ উপৰিও, আমি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিম, নিজৰ আনন্দ বজাই ৰাখিব পাৰিম আৰু যিহোৱাৰ লগত আমাৰ সৰ্ম্পক মজবুত কৰি ৰাখিব পাৰিম।—গীত. ৩৭:৮.

১৩. অন্যায় সহন কৰিবলৈ কি কথাই আমাক সহায় কৰিব?

১৩ এয়া সচাঁ যে আমি সম্পূৰ্ণৰূপে যীচুৰ দৰে হʼব নোৱাৰোঁ। হয়তো কেতিয়াবা আমি এনে কিবা কৰোঁ বা কৈ দিওঁ, যাৰ বাবে আমি পিছলৈ গৈ দুখ অনুভৱ কৰোঁ। (যাকো. ৩:২) আনকি অন্যায় হোৱাৰ বাবে আমি অন্তৰৰ পৰা ভাঙি পৰিব পাৰোঁ আৰু আমাৰ স্বাস্থ্য বেয়া হʼব পাৰে। ইয়াৰ উপৰিও, এই দুখ আমি গোটেই জীৱন ভুগিবলগীয়া হʼব পাৰে। যদি আপোনাৰ লগত এইদৰে হৈছে, তেনেহʼলে বিশ্বাস ৰাখক যিহোৱাই আপোনাৰ দুখ বুজি পায় আৰু যীচুৱেও আপোনাৰ দুখ বুজি পায়। কাৰণ তেওঁ এনেধৰণৰ অন্যায় সহন কৰিছিল। (ইব্ৰী ৪:১৫, ১৬) আমি যিহোৱাৰ প্ৰতি বহুত কৃতজ্ঞ যে তেওঁ যীচুক পৃথিৱীলৈ পঠিয়ালে, যাতে আমি তেওঁৰ পৰা শিকিব পাৰোঁ। ইয়াৰ উপৰিও, যিহোৱাই বাইবেলত ভাল পৰামৰ্শবোৰ দিছে, যিবোৰ পালন কৰি আমি অন্যায় সহন কৰিব পাৰোঁ। এতিয়া আহক ৰোমীয়া কিতাপৰ দুটা পদৰ ওপৰত ধ্যান দিওঁ।

“ক্ৰোধক সুযোগ দিয়া”

১৪. “ক্ৰোধক সুযোগ” দিয়াৰ অৰ্থ কি? (ৰোমীয়া ১২:১৯)

১৪ ৰোমীয়া ১২:১৯ পঢ়ক। এই পদত পৌলে কাক “ক্ৰোধক সুযোগ” দিয়াৰ বিষয়ে কৈছে? এই পদৰ আশে-পাশে থকা পদবোৰৰ পৰা জানিব পাৰি যে তেওঁ যিহোৱাৰ ক্ৰোধৰ বিষয়ে কৈ আছিল। কিন্তু আমি কেনেকৈ যিহোৱাৰ ক্ৰোধক সুযোগ দিব পাৰোঁ? আমি তেওঁৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ যে তেওঁ নিজৰ সময় আৰু নিজৰ পদ্ধতিৰে ন্যায় কৰিব। ভাই জʼনৰ অনুভৱলৈ ধ্যান দিয়ক, যাৰ লগত অন্যায় হৈছিল। তেওঁ এইদৰে কৈছে, “সমস্যাবোৰ নিজৰ মতে সমাধান কৰাটো মোৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা আছিল। ৰোমীয়া ১২:১৯ পদৰ পৰা মই যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ আৰু তেওঁৰ সময়ৰ বাবে অপেক্ষা কৰিবলৈ সহায় পালোঁ।”

১৫. কোনো এটা বিষয় যিহোৱাৰ হাতত এৰি দিয়াটো কিয় ভাল?

১৫ যেতিয়া আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ আৰু বিষয়টো তেওঁৰ হাতত এৰি দিওঁ, তেতিয়া আমাৰে লাভ হয়। বিষয়টো আমি নিজেই সমাধান কৰিব লাগে বুলি ভাবি ভাবি চিন্তিত নহওঁ। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ প্ৰতিশোধ লʼব। তেওঁ যেন আমাক কৈ আছে, ‘চিন্তা নকৰিবা, মই সকলো চম্ভালি লʼম।’ যদি আমি তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস ৰাখোঁ, তেনেহʼলে বিষয়টো তেওঁৰ হাতত এৰি দিম আৰু ভৰসা ৰাখিম যে তেওঁ ভালদৰে বিষয়টো সমাধান কৰিব। এই কথা মনত ৰাখি ভাই জʼনেও সহায় লাভ কৰিলে, যাৰ বিষয়ে আগতে উল্লেখ কৰা হৈছিল। তেওঁ কৈছে, “মই জানোঁ, যদি মই যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ, তেনেহʼলে তেওঁ মোতকৈয়ো ভালদৰে সমস্যাটো সমাধান কৰিব।”

“ভাল কামৰ দ্বাৰাই বেয়া কামক পৰাজয় কৰা”

১৬-১৭. প্ৰাৰ্থনা কৰিলে আমি কেনেকৈ “ভাল কামৰ দ্বাৰাই বেয়া কামক পৰাজয়” কৰিব পাৰোঁ? (ৰোমীয়া ১২:২১)

১৬ ৰোমীয়া ১২:২১ পঢ়ক। পৌলে খ্ৰীষ্টানসকলক এয়াও কৈছিল, “ভাল কামৰ দ্বাৰাই বেয়া কামক পৰাজয় কৰা।” যীচুৱেও পাহাৰত দিয়া উপদেশত কৈছিল, “তোমাক হানি কৰিব বিচৰা লোকসকলক প্ৰেম কৰি থাকা আৰু তোমাৰ লগত বেয়া ব্যৱহাৰ কৰা লোকসকলৰ বাবে প্ৰাৰ্থনা কৰি থাকা।” (মথি ৫:৪৪) যীচুৱে কেৱল এইদৰে কোৱা নাছিল, কিন্তু কৰিও দেখুৱালে। যেতিয়া ৰোমী সৈনিকসকলে তেওঁক কাঠত গজাল মাৰি আঁৰি দিছিল, সেই সময়ত তেওঁৰ কিমান কষ্ট হৈছিল, আমি কল্পনাও কৰিব নোৱাৰোঁ। ইয়াৰ উপৰিও, তেওঁলোকে যীচুক বদনাম কৰিলে আৰু তুচ্ছ বুলি ভাবিলে।

১৭ কিন্তু যীচুৱে এই সকলো সহন কৰিলে, তেওঁ বেয়া কামৰ দ্বাৰাই পৰাজিত নহʼল। সৈনিকসকলক বেয়াকৈ কোৱাৰ পৰিৱৰ্তে তেওঁ তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিলে। তেওঁ কʼলে, “পিতৃ, এওঁলোকক ক্ষমা কৰি দিয়া কিয়নো এওঁলোকে নাজানে যে এওঁলোকে কি কৰি আছে।” (লূক ২৩:৩৪) যি লোকসকলে আমাক অত্যাচাৰ কৰে, আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেওঁলোকৰ বাবে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি শান্ত হওঁ আৰু আমাৰ খং নাইকিয়া হয়। ইয়াৰ উপৰিও, তেওঁলোকৰ প্ৰতি আমাৰ দৃষ্টিভংগী সলনি হয়।

১৮. ভাই এলবাৰ্ট আৰু ভাই জʼনে প্ৰাৰ্থনা কৰাৰ বাবে কেনেকৈ অন্যায় সহন কৰিব পাৰিলে?

১৮ এই লেখত উল্লেখ কৰা দুজন ভায়ে প্ৰাৰ্থনাৰ সহায়ত অন্যায় সহন কৰিব পাৰিলে। ভাই এলবাৰ্টে কৈছে, “যি ভাইসকলে মোৰ লগত বেয়া ব্যৱহাৰ কৰিছিল, তেওঁলোকৰ বাবে মই প্ৰাৰ্থনা কৰিলোঁ। মই যিহোৱাক বাৰে বাৰে যি হʼল, সেই কথা পাহৰিবলৈ সহায় বিচাৰিলোঁ।” আনন্দৰ কথা যে ভায়ে পুনৰ যিহোৱাৰ সেৱা কৰিবলৈ আৰম্ভ কৰিব পাৰিলে। প্ৰাৰ্থনা কৰাৰ বাবে ভাই জʼনেও সহায় লাভ কৰিলে। তেওঁ কৈছে, “যি ভায়ে মোৰ মনত আঘাত দিছিল, তেওঁৰ বাবে মই বাৰে বাৰে প্ৰাৰ্থনা কৰিলোঁ। ইয়াৰ ফলত মোৰ খং শান্ত হʼল আৰু মই তেওঁৰ বিষয়ে বেয়াকৈ নাভাবিলোঁ। মই হৃদয়েৰে তেওঁক ক্ষমা কৰিব পাৰিলোঁ আৰু প্ৰাৰ্থনা কৰাৰ বাবে মই মনৰ শান্তি লাভ কৰিলোঁ।”

১৯. যেতিয়ালৈকে এই দুষ্ট জগতৰ অন্ত নহয়, তেতিয়ালৈকে আমি কি কৰি থাকিব লাগিব? (১ পিতৰ ৩:৮, ৯)

১৯ আমি নাজানো যে এই দুষ্ট জগতৰ অন্ত হোৱাৰ আগতে আমি কি কি অন্যায় সহন কৰিব লাগিব। আমি যিয়ে অন্যায়ৰ সন্মুখীন নহওঁ কিয়, আমি থিৰাং কৰা উচিত যে আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নেৰিম, যীচুৰ উদাহৰণত চলি থাকিম আৰু বাইবেলৰ সিদ্ধান্ত পালন কৰি থাকিম। যদি আমি এইদৰে কৰি থাকোঁ, তেনেহʼলে আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক নিশ্চয় আশীৰ্বাদ দিব।—১ পিতৰ ৩:৮, ৯ পঢ়ক।

গীত নং ৩৮ তেওঁ তোমাক শক্তি দিব

a প্ৰথম পিতৰ ২ আৰু ৩ অধ্যায়ত পিতৰে কৈছিল যে প্ৰথম শতিকাত বহুতো খ্ৰীষ্টানক তেওঁলোকৰ মালিকসকলে অন্যায় কৰিছিল। ইয়াৰ উপৰিও, বহুতো ভনীৰ ওপৰত তেওঁলোকৰ স্বামীয়ে অত্যাচাৰ কৰিছিল।—১ পিত. ২:১৮-২০; ৩:১-৬, ৮, ৯.

b jw.org-ত প্ৰেমে প্ৰকৃত শান্তি কঢ়িয়াই আনে নামৰ ভিডিঅʼখন চাওক।