Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৫

গীত নং ১৩৮ পকা চুলিৰ সৌন্দয্যতা

বিশ্বাসীসকলে যি কʼলে, তাৰ পৰা শিকক

বিশ্বাসীসকলে যি কʼলে, তাৰ পৰা শিকক

“প্ৰাচীনবিলাকৰ মাজত জ্ঞান আছে, দীৰ্ঘ আয়ুসত বুদ্ধি থাকে।”ইয়ো. ১২:১২.

কি শিকিম?

যিহোৱাৰ আজ্ঞা পালন কৰিলে আজি আমি বহুতো আশীৰ্বাদ পাম আৰু ভৱিষ্যতে অনন্ত জীৱন লাভ কৰিম।

১. বৃদ্ধ ভাই-ভনীসকলৰ পৰা আমি কিয় পৰামৰ্শ লোৱা উচিত?

 আমাক সকলোকে পৰামৰ্শৰ প্ৰয়োজন হয়, বিশেষকৈ নিৰ্ণয় লোৱাৰ সময়ত। মণ্ডলীৰ প্ৰাচীনসকলে আৰু যোগ্য ভাই-ভনীসকলে আমাক ভাল পৰামৰ্শ দিব পাৰে। তেওঁলোক বৃদ্ধও হʼব পাৰে। তেওঁলোকৰ পৰামৰ্শ আমাৰ কোনো কামৰ যোগ্য নহয় বুলি আমি ভবা উচিত নহয়। এই ভাই-ভনীসকলৰ পৰা আমি শিকাটো যিহোৱাই বিচাৰে। তেওঁলোকৰ ওচৰত বহুতো অভিজ্ঞতা আৰু বুদ্ধি আছে, যাৰ পৰা আমাৰ লাভ হʼব পাৰে।—ইয়ো. ১২:১২.

২. এই লেখত আমি কি শিকিম?

প্ৰাচীন সময়ত যিহোৱাই নিজৰ বৃদ্ধ সেৱকসকলৰ যোগেদি নিজৰ লোকসকলৰ সাহস বঢ়াইছিল আৰু পৰামৰ্শ দিছিল। যেনে, মোচি, দায়ূদ আৰু পাঁচনি যোহন। এই বিশ্বাসী লোকসকল বেলেগ বেলেগ সময়ত জীয়াই আছিল আৰু তেওঁলোকৰ পৰিস্থিতিও বেলেগ বেলেগ আছিল। নিজৰ জীৱনৰ শেষ সময়ছোৱাত এই বৃদ্ধসকলে ডেকাসকলক বহুতো ভাল ভাল পৰামৰ্শ দিছিল। তেওঁলোকে এটা বিশেষ কথাৰ ওপৰত জোৰ দিছিল। তেওঁলোকে কৈছিল যে যিহোৱাৰ আজ্ঞা পালন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। যিহোৱাই এই বৃদ্ধ সেৱকসকলৰ কথা আমাৰ বাবে বাইবেলত লিখাইছে। আমি সৰুৱে হওঁ বা ডাঙৰ, এই কথাবোৰ মানি চলিলে আমাৰ সকলোৰে লাভ হয়। (ৰোম. ১৫:৪; ২ তীম. ৩:১৬) এই লেখত আমি মোচি, দায়ূদ আৰু পাঁচনি যোহনৰ সেই কথাবোৰৰ ওপৰত মন কৰিম, যি তেওঁলোকে নিজৰ জীৱনৰ শেষ সময়ছোৱাত কৈছিল আৰু এয়াও চাম যে আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ।

তেওঁ তোমাক “দীঘল আয়ুস” দিব পাৰে

৩. মোচিয়ে যিহোৱাৰ সেৱাত কি কি কৰিলে?

মোচিয়ে গোটেই জীৱন যিহোৱাৰ সেৱাত বহুত পৰিশ্ৰম কৰিছিল। তেওঁ এজন ভৱিষ্যবক্তা, ন্যায়ী, সেনাপতি আৰু ইতিহাসবিদ আছিল। তেওঁৰ বহুতো অভিজ্ঞতা আছিল। তেওঁ ইস্ৰায়েলী ৰাষ্ট্ৰৰ নেতৃত্ব লৈছিল আৰু তেওঁ ইস্ৰায়েলীসকলক মিচৰ দেশৰ দাসত্বৰ পৰা মুকলি কৰাইছিল। তেওঁ যিহোৱাৰ বহুতো চমৎকাৰ চাইছিল। যিহোৱাই মোচিক বাইবেলৰ প্ৰথম পাঁচখন কিতাপ লিখুৱাইছিল, লগতে গীতমালা ৯০ আৰু হয়তো ৯১-ও লিখুৱাইছল। এনে লাগে যেন ইয়োবৰ কিতাপো মোচিয়েই লিখিছিল।

৪. মোচিয়ে কাৰ উৎসাহ বঢ়ালে আৰু কিয়?

মোচিয়ে নিজৰ মৃত্যুৰ কিছু সময়ৰ আগত ১২০ বছৰ বয়সত সকলো ইস্ৰায়েলীক একগোট কৰালে আৰু যিহোৱাই কৰা সকলো ভাল কামবোৰ তেওঁলোকক সোঁৱৰাই দিলে। যিসকল ইস্ৰায়েলীয়ে এই কথাবোৰ শুনি আছিল, তেওঁলোকৰ মাজৰ কিছুমানে সৰুতে যিহোৱাই কৰা চমৎকাৰবোৰ চাইছিল আৰু মিচৰীয়াসকলক যিহোৱাই কেনেকৈ শাস্তি দিছিল, সেয়াও চাইছিল। (যাত্ৰা. ৭:৩, ৪) যিহোৱাই কেনেকৈ চূফ সাগৰক দুভাগত ভাগ কৰিছিল আৰু তেওঁলোকে খোজকাঢ়ি পাৰ কৰিছিল, এই সকলো চমৎকাৰ তেওঁলোকে নিজ চকুৰে চাইছিল। পাছত সেই সাগৰতে মিচৰীয়াসকলক কেনেকৈ মাৰি পেলাইছিল সেয়াও চাইছিল। (যাত্ৰা. ১৪:২৯-৩১) ইয়াৰ উপৰিও ৪০ বছৰলৈকে যিহোৱাই অৰণ্যত তেওঁলোকক সুৰক্ষা দিছিল আৰু যত্ন লৈছিল। (দ্বিতী. ৮:৩, ৪) এতিয়া তেওঁলোকে প্ৰতিজ্ঞা কৰা দেশত সোমোৱাৰ সময় আহি পৰিছিল। সেইবাবে, মোচিয়ে মৃত্যুৰ অলপ আগতে তেওঁলোকৰ উৎসাহ বঢ়াব বিচাৰিছিল। মোচিয়ে তেওঁলোকক কি কৈছিল, আহক এতিয়া তাৰ বিষয়ে চাওঁ। a

৫. নিজৰ মৃত্যুৰ আগতে মোচিয়ে ইস্ৰায়েলীসকলক কি কথাৰ আশ্বাস দিছিল? (দ্বিতীয় বিবৰণ ৩০:১৯, ২০)

মোচিয়ে কি কʼলে? (দ্বিতীয় বিবৰণ ৩০:১৯, ২০ পঢ়ক।) মোচিয়ে ইস্ৰায়েলীসকলক মনত পেলাই দিলে যে তেওঁলোকে এটা ধুনীয়া ভৱিষ্য পাব। যিহোৱাই প্ৰতিজ্ঞা কৰা যি দেশ দিব, তাত তেওঁলোকে বহু বছৰলৈকে জীয়াই থাকিব পাৰিব। মোচিয়ে তেওঁলোকক কৈছিল যে সেই দেশ বহুত ধুনীয়া আৰু তাৰ মাটি সাৰুৱা হʼব। তেওঁ কৈছিল, “সেই দেশত তেওঁ তোমাক সুমুউৱাৰ পাছত, তুমি যিহক সজা নাই, এনে ডাঙৰ আৰু সুন্দৰ নগৰ, আৰু যিহক তুমি ভৰোৱা নাই, সকলো উত্তম দ্ৰব্যেৰে পূৰ হোৱা এনে ঘৰ, আৰু যিহক তুমি খনা নাই এনে নাদ, আৰু যিহক তুমি ৰোৱা নাই এনে দ্ৰাক্ষালতা আৰু জিতগছৰ বাৰী, এই সকলোকে পাই তুমি যেতিয়া হেঁপাহ পলুৱাই খাবা।”—দ্বিতী. ৬:১০, ১১.

৬. যিহোৱাই ইস্ৰায়েলীসকলক কিয় আন ৰাষ্ট্ৰৰ হাতত এৰি দিলে?

মোচিয়ে ইস্ৰায়েলীসকলক সতৰ্কও কৰিছিল। যদি তেওঁলোকে সেই দেশত সদায় থাকিব বিচাৰে, তেনেহʼলে তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰিব লাগিব। মোচিয়ে তেওঁলোকক যিহোৱাৰ কথা মানিবলৈ, ‘তেওঁত আসক্ত হʼবলৈ’ আৰু এনেধৰণৰ ‘জীৱন বাছনি’ কৰিবলৈ তেওঁলোকক অনুৰোধ কৰিলে। কিন্তু দুখৰ কথা যে তেওঁলোকে যিহোৱাৰ কথা নামানিলে যাৰ বাবে যিহোৱাই তেওঁলোকক অচূৰীয়াসকলক আৰু আগলৈ গৈ বাবিলৰ লোকসকলৰ হাতত বন্দী হʼবলৈ এৰি দিলে।—২ ৰাজা. ১৭:৬-৮, ১৩, ১৪; ২ বং. ৩৬:১৫-১৭, ২০.

৭. মোচিৰ কথাৰ পৰা আমি কি শিকিব পাৰোঁ? (ছবিখনো চাওক।)

ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? পৰামৰ্শ পালন কৰিলে জীৱন ৰক্ষা পৰে। ইস্ৰায়েলীসকলে যিদৰে প্ৰতিজ্ঞা কৰা দেশত যাবলগীয়া আছিল, ঠিক সেইদৰে আমিও প্ৰমোদবনৰ একেবাৰে কাষত আছোঁ। আমি যিহোৱাৰ প্ৰতিজ্ঞাবোৰ পূৰ হোৱা আৰু পৃথিৱীক প্ৰমোদবনলৈ পৰিৱৰ্তন হোৱাটো চাবলৈ পাম। (যিচ. ৩৫:১; লূক ২৩:৪৩) সেই সময়ত চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাক নাথাকিব। (প্ৰকা. ২০:২, ৩) ঈশ্বৰৰ বিষয়ে মিছা কথা শিকোৱা কোনো ধৰ্ম নাথাকিব। (প্ৰকা. ১৭:১৬) লোকসকলৰ ওপৰত অত্যাচাৰ কৰা চৰকাৰ নাথাকিব। (প্ৰকা. ১৯:১৯, ২০) নতুন পৃথিৱীত দুষ্ট লোকসকল নাথাকিব। (গীত. ৩৭:১০, ১১) সকলোৱে যিহোৱাৰ আজ্ঞা পালন কৰিব। লোকসকলৰ মাজত শান্তি আৰু একতা থাকিব। তেওঁলোকে এজনে-আনজনক প্ৰেম কৰিব আৰু ভৰসা কৰিব। (যিচ. ১১:৯) আহিবলগীয়া ভৱিষ্য সঁচাকৈ বহুত ধুনীয়া হʼব! আটাইতকৈ ডাঙৰ কথা যে যদি আমি যিহোৱাৰ কথা পালন কৰোঁ, তেনেহʼলে এই পৃথিৱীত আমি কিছু বছৰ নহয়, সদায় কালৰ কাৰণে জীয়াই থাকিব পাৰিম।—গীত. ৩৭:২৯; যোহ. ৩:১৬.

যদি আমি যিহোৱাৰ আজ্ঞা পালন কৰোঁ, তেনেহʼলে আমি প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ সুযোগ পাম (অনুচ্ছেদ ৭ চাওক)


৮. ঈশ্বৰে অনন্ত জীৱন দিয়াৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে চিন্তা কৰাৰ বাবে এজন ভায়ে কেনেকৈ সহায় পালে? (যিহূদা ২০, ২১)

ঈশ্বৰে অনন্ত জীৱন দিয়াৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰ বিষয়ে চিন্তা কৰিলে আমি সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হʼব পাৰিম আৰু তেওঁৰ কাষ চাপিব পাৰিম। (যিহূদা ২০, ২১ পঢ়ক।) ইয়াৰ উপৰিও আমি নিজৰ দুৰ্বলতাবোৰৰ লগত যুঁজিব পাৰিম। এই প্ৰতিজ্ঞাৰ বিষয়ে চিন্তা কৰাৰ বাবে এজন মিচনেৰী ভাইৰ কি লাভ হʼল তাৰ বিষয়ে চাওঁ আহক। এই ভাইজনে বহু সময়ৰ পৰা আফ্ৰিকাত সেৱা কৰি আছে আৰু কিছু সময় ধৰি তেওঁ নিজৰ দুৰ্বলতাৰ লগত যুঁজি আছে। তেওঁ কৈছে, “মই জানোঁ অনন্ত জীৱন পাবলৈ হʼলে মই যিহোৱাৰ আজ্ঞা পালন কৰিব লাগিব। সেইবাবে, মই নিজৰ দুৰ্বলতাৰ লগত যুঁজি থাকিবলৈ থিৰাং কৰিছোঁ। এই বিষয়ে মই যিহোৱালৈ কাকূতি-মিনতি কৰি প্ৰাৰ্থনা কৰিলোঁ আৰু ইয়াৰ সহায়ত মই নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ।”

তুমি সফল হʼবা

৯. দায়ূদে নিজৰ জীৱনত কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল?

দায়ূদ এজন ভাল ৰজা আৰু যিহোৱাৰ বিশ্বাসী ব্যক্তি আছিল। তেওঁ সংগীতকাৰ, কবি, যুঁজাৰু আৰু ভৱিষ্যবক্তাও আছিল। তেওঁৰ জীৱনত বহুতো সমস্যা আহিল। ৰজা চৌলৰ পৰা নিজৰ জীৱন ৰক্ষা কৰিবলৈ তেওঁ বহু সময়লৈকে যʼতে-তʼতে পলাই ফুৰিবলগীয়া হৈছিল। পাছত যেতিয়া দায়ূদ ৰজা হʼল, তেতিয়া তেওঁৰ লʼৰা অবচলোমে তেওঁৰ ৰাজ্য কাঢ়ি লʼবলৈ আৰু তেওঁক হত্যা কৰিব বিচাৰিছিল। তেতিয়া তেওঁ আকৌ নিজৰ জীৱন ৰক্ষা কৰিবলৈ পলাই ফুৰিবলগীয়া হৈছিল। দায়ূদে বহুতো সমস্যাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ পৰা কিছুমান ডাঙৰ ভুলো হৈছিল। কিন্তু তেওঁ শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল। সেইবাবে, যিহোৱাই তেওঁৰ বিষয়ে বাইবেলত এইদৰে লিখালে, “তেওঁ মোৰ ইচ্ছাৰ অনুসৰি কাম কৰে।” তেনেহʼলে ঈশ্বৰে নিজৰ এই বিশ্বাসী সেৱকৰ কথাৰ ওপৰত ধ্যান নিদিয়াকৈ কেনেকৈ থাকিব পাৰে।—পাঁচ. ১৩:২২; ১ ৰাজা. ১৫:৫.

১০. দায়ূদে চলোমনক কিয় পৰামৰ্শ দিলে?

১০ দায়ূদে নিজৰ লʼৰা চলোমনক কি পৰামৰ্শ দিলে তালৈ মন কৰক, যি আগলৈ গৈ ৰজা হʼলহেঁতেন। চলোমনে সত্য উপাসনাক সহযোগ কৰা আৰু যিহোৱাৰ মহিমাৰ বাবে মন্দিৰ বনোৱাটো যিহোৱাৰ ইচ্ছা আছিল, সেইবাবে তেওঁক ৰজা হিচাপে বাছনি কৰিছিল। চলোমনে আগলৈ গৈ বহুতো সমস্যাৰ সন্মুখীন হʼলহেঁতেন। সেইবাবে, দায়ূদে তেওঁক কিছুমান ভাল পৰামৰ্শ দিলে। তেওঁ কি কৈছিল আহক তালৈ মন কৰোঁ।

১১. দায়ূদে চলোমনক কি পৰামৰ্শ দিছিল আৰু চলোমনে তাক পালন কৰাৰ বাবে কি লাভ হʼল? (১ ৰাজাৱলি ২:২-৪) (ছবিখনো চাওক।)

১১ দায়ূদে কি কʼলে? (১ ৰাজাৱলি ২:২-৪ পঢ়ক।) দায়ূদে নিজৰ লʼৰা চলোমনক কʼলে যে যদি তেওঁ যিহোৱাৰ আজ্ঞা পালন কৰে, তেনেহʼলে তেওঁ সফল হʼব। চলোমনে বহু বছৰলৈকে যিহোৱাৰ আজ্ঞা পালন কৰিলে আৰু সফল হʼল। (১ বং. ২৯:২৩-২৫) তেওঁ যিহোৱাৰ বাবে এটা ধুনীয়া আৰু ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিলে। তেওঁ বাইবেলৰ কিছুমান কিতাপো লিখিলে। তেওঁৰ কিছুমান কথা বাইবেলৰ আন কিতাপতো উল্লেখ আছে। তেওঁ বুদ্ধি আৰু ধন-সম্পত্তিৰ বাবে বহুত বিখ্যাত আছিল। (১ ৰাজা. ৪:৩৪) কিন্তু দায়ূদে যিদৰে কৈছিল চলোমনে যেতিয়ালৈকে যিহোৱাৰ কথা পালন কৰিব, তেতিয়ালৈকেহে সফল হʼব। কিন্তু দুখৰ কথা যে চলোমনে আগলৈ গৈ যিহোৱাৰ কথা পালন নকৰিলে আৰু মিছা দেৱী-দেৱতাবোৰৰ উপাসনা কৰিবলৈ ধৰিলে। সেইবাবে, যিহোৱাই তেওঁক যিবোৰ আশীৰ্বাদ দিছিল, সেইবোৰ তেওঁৰ ওপৰৰ পৰা আঁতৰাই দিলে। পৰিণামস্বৰূপে, তেওঁ যিহোৱাৰ বুদ্ধি হেৰুৱালে আৰু লোকসকলৰ ভালদৰে ন্যায় কৰিব নোৱাৰিলে।—১ ৰাজা. ১১:৯, ১০; ১২:৪.

দায়ূদে চলোমনক নিজৰ জীৱনৰ শেষ সময়ছোৱাত যি কৈছিল, তাৰ পৰা আমি শিকোঁ যে যদি আমি যিহোৱাৰ আজ্ঞা পালন কৰোঁ, তেনেহʼলে আমি বুদ্ধি পাম আৰু সঠিক নিৰ্ণয় লʼব পাৰিম (অনুচ্ছেদ ১১-১২ চাওক) b


১২. দায়ূদে যি কʼলে তাৰ পৰা আমি কি শিকিব পাৰোঁ?

১২ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আজ্ঞা পালন কৰিলে সফলতা পোৱা যায়। (গীত. ১:১-৩) এয়া সঁচা যে যিহোৱাই আমাক চলোমনৰ দৰে ধন-সম্পত্তি দিব আৰু আমাক বিখ্যাত কৰি তুলিব বুলি প্ৰতিজ্ঞা কৰা নাই। কিন্তু আমি যদি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেনেহʼলে তেওঁ আমাক নিশ্চয় বুদ্ধি দিব যাতে আমি সঠিক নিৰ্ণয় লʼব পাৰোঁ। (হিতো. ২:৬, ৭; যাকো. ১:৫) যেনে, যিহোৱাৰ সিদ্ধান্ত পালন কৰিলে আমি চাকৰি, পঢ়া-শুনা, মনোৰঞ্জন আৰু টকা-পইচাৰ ক্ষেত্ৰত সঠিক নিৰ্ণয় লʼব পাৰিম। যিহোৱাৰ পৰা পোৱা বুদ্ধিয়ে আমাক আজি আৰু আহিবলগীয়া ভৱিষ্যতত সুৰক্ষা দিব। (হিতো. ২:১০, ১১) ইয়াৰ উপৰিও আমি ভাল বন্ধু বনাব পাৰিম আৰু যিহোৱাৰ পৰামৰ্শ পালন কৰিলে আমাৰ পৰিয়ালো আনন্দিত থাকিব।

১৩. ভনী কাৰমেনে জীৱনত সফল হʼবলৈ কি কৰিলে?

১৩ মোজাম্বিকত থকা ভনী কাৰমেনে ভাবিছিল যে সফলতা লাভ কৰিবলৈ হʼলে বহুত পঢ়িব লাগিব। তাই আৰ্কিটেক হʼব বিচাৰিছিল, যিসকলে বিল্ডিঙৰ নক্সা তৈয়াৰ কৰে। সেইবাবে, তাই স্কুলৰ পঢ়া শেষ কৰাৰ পাছত ইউনিভাৰচিটিলৈ যাবলৈ ধৰিলে। তাই কৈছে, “মই যি শিকি আছিলোঁ, সেয়া মোক বহুত ভাল লাগিছিল। কিন্তু মোৰ সকলো সময় তাতে গুচি গৈছিল। ৰাতিপুৱা ৭:৩০-ৰ পৰা গধূলি ছটালৈকে মই ইউনিভাৰচিটিতে থাকিবলগীয় হৈছিল, যাৰ বাবে মই সভাত যাব পৰা নাছিলোঁ আৰু ঈশ্বৰৰ লগত মোৰ সম্পৰ্ক দুৰ্বল হʼবলৈ ধৰিলে। তেতিয়া মোৰ অনুভৱ হʼল যে মই দুজন মালিকৰ সেৱা কৰি আছোঁ।” (মথি ৬:২৪) কাৰমেনে এই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু প্ৰকাশনবোৰত অনুসন্ধান কৰিলে। তাই এইদৰে কৈছে, “প্ৰাচীনসকলে আৰু মোৰ মায়ে এই বিষয়ে মোক ভাল পৰামৰ্শ দিলে। সেইবাবে, মই ইউনিভাৰচিটি এৰি পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ ধৰিলোঁ। মই যি নিৰ্ণয় লʼলোঁ, সেয়া একেবাৰে সঠিক আছিল। ইয়াৰ বাবে মোৰ মনত কোনো দুখ নাই।”

১৪. মোচি আৰু দায়ূদে কি কথাক গুৰুত্বপূৰ্ণ বুলি কৈছিল?

১৪ মোচি আৰু দায়ূদে যিহোৱাক বহুত প্ৰেম কৰিছিল। তেওঁলোকে জানিছিল যে যিহোৱাৰ আজ্ঞা পালন কৰাটো বহুত গুৰুত্বপূৰ্ণ। সেইবাবে, তেওঁলোকে মৃত্যুৰ আগতে লোকসকলক যিহোৱাৰ কাষ চাপি থাকিবলৈ উৎসাহিত কৰিলে। তেওঁলোকে এয়াও কʼলে যে যিসকলে যিহোৱাৰ বিশ্বাসী হৈ নাথাকে, তেওঁলোকৰ লগত যিহোৱাই বন্ধুত্ব নকৰে আৰু আশীৰ্বাদো নিদিয়ে। এই পৰামৰ্শ আমাৰ বাবেও বহুত গুৰুত্বপূৰ্ণ। মোচি আৰু দায়ূদৰ সময়ৰ বহু বছৰৰ পাছত যিহোৱাৰ আৰু এজন বৃদ্ধ সেৱকেও কৈছিল যে যিহোৱাৰ বিশ্বাসী হৈ থকাটো বহুত গুৰুত্বপূৰ্ণ। আহক তেওঁলৈ মন কৰোঁ।

‘তাতকৈ আৰু বৰ আনন্দ নাই’

১৫. পাঁচনি যোহনে নিজৰ জীৱনত কি কি চাইছিল?

১৫ পাঁচনি যোহন যীচুৰ বহুত ভাল বন্ধু আছিল। তেওঁ প্ৰচাৰত সদায় যীচুৰ লগত থাকিছিল। (মথি ১০:২; যোহ. ১৯:২৬) তেওঁ যীচুৰ চমৎকাৰবোৰ চাইছিল আৰু সমস্যাৰ সময়তো তেওঁ যীচুক এৰি দিয়া নাছিল। যীচুক যেতিয়া কাঠত আঁৰি দিয়া হৈছিল, তেতিয়াও পাঁচনি যোহন তেওঁৰ কাষতে আছিল। তাৰ পাছত যীচুক যেতিয়া আকৌ জীয়াই তোলা হʼল, তেতিয়াও যোহনে যীচুক লগ কৰিলে। তেওঁ প্ৰথম শতিকাত খ্ৰীষ্টান মণ্ডলীত উন্নতি হোৱাটো চাইছিল আৰু ‘গোটেই সৃষ্টিৰ আগত প্ৰচাৰ হোৱাটো’ তেওঁ চাইছিল।—কল. ১:২৩.

১৬. যোহনৰ চিঠিৰ পৰা কাৰ লাভ হʼল?

১৬ নিজৰ জীৱনৰ শেষত পাঁচনি যোহনে ঈশ্বৰৰ প্ৰেৰণাৰে বাইবেলৰ কিছুমান কিতাপ লিখাৰ সুযোগ পাইছিল। তেওঁ প্ৰকাশিত বাক্য কিতাপখনৰ কিছুমান আচৰিত কথাবোৰ লিখিছিল, যি যীচু খ্ৰীষ্টই তেওঁৰ ওপৰত প্ৰকাশ কৰিছিল। (প্ৰকা. ১:১) তেওঁ নিজৰ নামৰ এখন শুভবাৰ্তাৰ কিতাপ লিখিছিল। ইয়াৰ উপৰিও তেওঁ আৰু তিনিখন চিঠি লিখিছিল। তেওঁৰ তৃতীয় চিঠিখন গায় নামৰ এজন বিশ্বাসী খ্ৰীষ্টানলৈ লিখিছিল, যাক তেওঁ নিজৰ লʼৰাৰ দৰে মৰম কৰিছিল। (৩ যোহ. ১) গায়ৰ উপৰিও পাঁচনি যোহনে আন খ্ৰীষ্টানসকলকো নিজৰ লʼৰা-ছোৱালীৰ দৰে মৰম কৰিছিল। ঈশ্বৰৰ এই বিশ্বাসী সেৱকে যি কথা লিখিছিল, তাৰ পৰা যীচুৰ শিষ্যসকলে আজিও লাভৱান হয়। আহক তেওঁৰ কথালৈ মন কৰোঁ।

১৭. তৃতীয় যোহন ৪ পদৰ অনুসৰি আটাইতকৈ বেছি আনন্দ কি কথাত পোৱা যায়?

১৭ পাঁচনি যোহনে কি লিখিলে? (৩ যোহন ৪ পঢ়ক।) ঈশ্বৰৰ আজ্ঞা পালন কৰিলে আনন্দ পোৱা যায় বুলি পাঁচনি যোহনে লিখিছিল। যোহনে তৃতীয় চিঠিখন লিখাৰ সময়ত মণ্ডলীত কিছুমান লোকে মিছা শিক্ষা বিয়পাবলৈ আৰু বিভাজন সৃষ্টি কৰিবলৈ ধৰিলে। কিন্তু বাকী খ্ৰীষ্টানসকলে ‘সত্যত চলি থাকিল’ আৰু যিহোৱাৰ “আজ্ঞা” পালন কৰি থাকিল। (২ যোহ. ৪, ৬) এই বিশ্বাসী সেৱকসকলক চাই যোহনৰ লগতে যিহোৱাও বহুত আনন্দিত হৈছিল।—হিতো. ২৭:১১.

১৮. যোহনে যি কʼলে তাৰ পৰা আমি কি শিকিব পাৰোঁ?

১৮ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? বিশ্বাসী হৈ থাকিলে আনন্দ পোৱা যায়। (১ যোহ. ৫:৩) যিহোৱাৰ মন আনন্দিত কৰাৰ বাবে আমি আনন্দিত হওঁ। আমি বেয়াৰ পৰা আঁতৰি থকাৰ বাবে আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰাটো চাই যিহোৱাই বহুত আনন্দিত হয়। (হিতো. ২৩:১৫) স্বৰ্গদূতসকলেও এয়া চাই আনন্দিত হয়। (লূক ১৫:১০) ইয়াৰ উপৰিও আমাৰ ভাই-ভনীসকলে প্ৰলোভনৰ সময়ত আৰু সমস্যাৰ সময়ত যেতিয়া যিহোৱাৰ বিশ্বাসী হৈ থকাটো চাওঁ, তেতিয়া আমি বৰ আনন্দিত হওঁ। (২ থিচ. ১:৪) যেতিয়া জগতৰ শেষ হʼব, তেতিয়া এই চয়তানৰ জগততো আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিলোঁ বুলি ভাবি আনন্দিত হʼম।

১৯. আনক সত্য শিকোৱাৰ বিষয়ে ভনী ৰেচলে কেনে অনুভৱ কৰে? (ছবিখনো চাওক।)

১৯ যেতিয়া আমি যিহোৱাৰ বিষয়ে আনক শিকাওঁ, তেতিয়া আমি বৰ আনন্দিত হওঁ। ডʼমিনিকন গণৰাজ্যত থকা ভনী ৰেচলে অনুভৱ কৰে যে যিহোৱাৰ বিষয়ে আনক শিকোৱাটো বৰ সন্মানৰ কথা। তেওঁ নিজৰ বাইবেল বিদ্যাৰ্থীসকলৰ বিষয়ে এইদৰে কৈছে, “যেতিয়া মোৰ বাইবেল বিদ্যাৰ্থীসকলে যিহোৱাৰ প্ৰতি প্ৰেম বঢ়োৱা, তেওঁৰ ওপৰত ভৰসা কৰা আৰু তেওঁক আনন্দিত কৰিবলৈ জীৱনত সাল-সলনি কৰাটো চাওঁ, তেতিয়া মই বহুত আনন্দিত হওঁ। এয়া সঁচা যে শিকাবলৈ বহুত পৰিশ্ৰম আৰু ত্যাগ কৰিবলগীয়া হয়। কিন্তু ইয়াত যি আনন্দ পোৱা যায়, সেয়া আটাইতকৈ ডাঙৰ।”

যেতিয়া আমি আনক যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ শিকাওঁ, তেতিয়া আমি বহুত আনন্দিত হওঁ (অনুচ্ছেদ ১৯ চাওক)


বৃদ্ধসকলে যি কʼলে তাৰ পৰা লাভবান হওক

২০. মোচি, দায়ূদ, যোহন আৰু আমাৰ মাজত কি মিল আছে?

২০ মোচি, দায়ূদ আৰু যোহন যি পৰিস্থিতিত জীয়াই আছিল, সেয়া আমাৰ পৰিস্থিতিতকৈ একেবাৰে বেলেগ। কিন্তু তেওঁলোক আৰু আমাৰ মাজত কিছুমান মিল আছে। তেওঁলোকৰ দৰে আমিও সত্য ঈশ্বৰৰ উপাসনা কৰোঁ, তেওঁক প্ৰাৰ্থনা কৰোঁ, তেওঁৰ ওপৰত ভৰসা ৰাখোঁ আৰু সহায়ৰ বাবে যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থাকোঁ। এই বৃদ্ধসকলৰ দৰে আমিও বিশ্বাস কৰোঁ যে যদি আমি যিহোৱাৰ আজ্ঞা পালন কৰোঁ, তেনেহʼলে আমি বহুতো আশীৰ্বাদ পাম।

২১. যদি আমি মোচি, দায়ূদ আৰু যোহনৰ পৰামৰ্শ পালন কৰোঁ, তেনেহʼলে আমাৰ কি লাভ হʼব?

২১ গতিকে আহক মোচি, দায়ূদ আৰু যোহনে নিজৰ জীৱনৰ শেষ সময়ছোৱাত যি কৈছিল, সেয়া মনত ৰাখোঁ আৰু যিকোনো পৰিস্থিতিত যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ চেষ্টা কৰি থাকোঁ। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি সফল হʼম আৰু যিহোৱাই আমাক “দীঘল আয়ুস” দিব। আমি সদাই কালৰ বাবে জীয়াই থাকিব পাৰিম। (দ্বিতী. ৩০:২০) ইয়াৰ উপৰিও, যিহোৱাৰ মন আনন্দিত কৰাৰ বাবে আমি আনন্দিত হʼম। তেওঁ নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰে আৰু এনেদৰে পূৰ কৰে যিদৰে আমি হয়তো ভবাও নাই।—ইফি. ৩:২০.

গীত নং ১২৯ আমি ধৈৰ্য্য ধৰিম

a যিসকল ইস্ৰায়েলীয়ে চূফ সাগৰত যিহোৱাৰ চমৎকাৰ চাইছিল, তেওঁলোকৰ মাজত বেছিভাগ ইস্ৰায়েলীয়ে প্ৰতিজ্ঞা কৰা দেশত যোৱাৰ সুযোগ নাপালে। (গণ. ১৪:২২, ২৩) যিহোৱাই কৈছিল যে যিসকলৰ বয়স ২০ বছৰ বা তাতকৈ বেছি আছে আৰু যিসকলৰ নাম লিখা হৈছে, তেওঁলোকৰ অৰণ্যতে মৃত্যু হʼব। (গণ. ১৪:২৯) কিন্তু ২০ বছৰতকৈ কম বয়সৰ লোকসকলে যিহোচূৱা, কালেব আৰু লেবী ফৈদৰ লোকসকলৰ লগত মিলি যৰ্দ্দন নদী পাৰ কৰিলে আৰু প্ৰতিজ্ঞা কৰা দেশত অৰ্থাৎ কনান দেশত গʼল।—দ্বিতী. ১:২৪-৪০.

b ছবিৰ বিষয়ে: বাওঁফালে: দায়ূদে মৃত্যুৰ আগতে নিজৰ লʼৰা চলোমনক পৰামৰ্শ দি আছে। সোঁফালে: অগ্ৰগামী সেৱা স্কুলত বিদ্যাৰ্থীসকলে ঈশ্বৰৰ পৰা পোৱা শিক্ষাৰ পৰা লাভৱান হৈ আছে।