Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৭

গীত নং ১০৩ মেৰৰখীয়া, মানুহৰ ৰূপত বৰ

ভাইসকল—আপোনালোকে প্ৰাচীন হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে নে?

ভাইসকল—আপোনালোকে প্ৰাচীন হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে নে?

“যদি কোনো পুৰুষে অধ্যক্ষ হোৱাৰ কাৰণে চেষ্টা কৰি আগবাঢ়ি আহে, তেনেহʼলে তেওঁ এক উত্তম কাম কৰাৰ ইচ্ছা ৰাখে।”১ তীম. ৩:১.

কি শিকিম?

যদি এজন ভায়ে প্ৰাচীন হিচাপে সেৱা কৰিব বিচাৰে, তেনেহʼলে তেওঁ বাইবেলত দিয়া কি কি যোগ্যতা পূৰ কৰিব লাগিব, তাৰ বিষয়ে এই লেখত আলোচনা কৰা হʼব।

১-২. এজন প্ৰাচীনে কি কি কাম কৰে?

 যদি আপুনি এজন সহায়ক সেৱক হয়, তেনেহʼলে আপুনি এনে বহুতো যোগ্যতা পূৰ কৰি আছে, যি এজন প্ৰাচীনৰ থাকে। এজন প্ৰাচীন হিচাপে সেৱা কৰিবলৈ আপুনি আৰু কি কৰিব পাৰে? এই ‘উত্তম কামৰ’ বাবে আপুনি কেনেকৈ আগবাঢ়ি আহিব পাৰে।—১ তীম. ৩:১.

এজন প্ৰাচীনে প্ৰচাৰ কামৰ নেতৃত্ব লয়, মেৰ পালকৰ সাক্ষাৎ কৰিবলৈ আৰু শিকাবলৈ পৰিশ্ৰম কৰে। ইয়াৰ লগতে তেওঁ মণ্ডলীক নিজৰ কথাৰে মজবুত কৰে আৰু ভাই-ভনীসকলৰ বাবে এক ভাল উদাহৰণ ৰাখে। সঁচাকৈ, প্ৰাচীনসকলে বহুত পৰিশ্ৰম কৰে! সেইবাবে, বাইবেলত তেওঁলোকক “মানুহৰ ৰূপত উপহাৰ” বুলি কোৱা হৈছে।—ইফি. ৪:৮.

৩. যদি এজন ভায়ে প্ৰাচীন হিচাপে সেৱা কৰিব বিচাৰে, তেনেহʼলে তেওঁ কি কৰা উচিত? (১ তীমথিয় ৩:১-৭; তীত ১:৫-৯)

যদি আপুনি এজন প্ৰাচীন হিচাপে সেৱা কৰিব বিচাৰে, তেনেহʼলে আপুনি কি কৰিব লাগিব? প্ৰাচীন হিচাপে সেৱা কৰাটো চাকৰি পোৱাৰ দৰে নহয়। যদি আপোনাৰ ওচৰত কিবা দক্ষতা আছে বা আপুনি কিবা কাম জানে, তেনেহʼলে আপুনি সহজে চাকৰি পাব পাৰে। কিন্তু প্ৰাচীন হʼবলৈ প্ৰচাৰ কৰা আৰু শিকোৱা কামত দক্ষতা থকাটোৱে যথেষ্ট নহয়। ইয়াৰ বাবে এজন ভায়ে বাইবেলত দিয়া যোগ্যতাবোৰো পূৰ কৰিবলগীয়া হয়। এই যোগ্যতাবোৰ ১ তীমথিয় ৩:১-৭ আৰু তীত ১:৫-৯ পদত দিয়া হৈছে। (পঢ়ক।) এই লেখত আমি ইয়াৰে মাজৰ কিছুমান যোগ্যতাৰ ওপৰত মন কৰিম আৰু চাম যে প্ৰাচীন হʼব বিচৰা এজন ভায়ে বিশেষকৈ কি তিনিটা ক্ষেত্ৰত ধ্যান দিব লাগিব। তেওঁ ধ্যান দিব লাগিব যে, (১) তেওঁৰ মণ্ডলীত আৰু মণ্ডলীৰ বাহিৰতো ভাল নাম থাকিব লাগিব, (২) তেওঁ পৰিয়ালৰ এজন ভাল মূৰব্বী হʼব লাগিব আৰু (৩) তেওঁ মণ্ডলীত আনন্দৰে আনক সহায় কৰিব লাগিব।

ভাল নাম অৰ্জন কৰক

৪. এজন ভাই “নিৰ্দোষী হোৱা উচিত” ইয়াৰ অৰ্থ কি?

যদি আপুনি এজন প্ৰাচীন হিচাপে সেৱা কৰিব বিচাৰে, তেনেহʼলে আপুনি “নিৰ্দোষী হোৱা উচিত।” ইয়াৰ অৰ্থ হৈছে মণ্ডলীত আপোনাৰ ভাল নাম হোৱা উচিত আৰু আপোনাৰ আচাৰ-ব্যৱহাৰত কোনোৱে যাতে অভিযোগ লগাব নোৱাৰে। ইয়াৰ লগতে ‘বাহিৰৰ লোকসকলৰ পৰা তেওঁ ভাল নাম অৰ্জন কৰাটো’ অতি গুৰুত্বপূৰ্ণ। আপোনাৰ বিশ্বাসৰ বাবে হয়তো জগতৰ লোকসকলে আপোনাৰ ওপৰত মিছা অভিযোগ লগাব পাৰে। কিন্তু আপোনাৰ আচাৰ-ব্যৱহাৰ আৰু আপুনি সকলো বিষয়ত বিশ্বাসী হয় নে নহয় বুলি তেওঁলোকে যাতে সন্দেহ নকৰে। (দানি. ৬:৪, ৫) সেইবাবে, নিজকে সোধক, ‘মণ্ডলীৰ ভিতৰত আৰু বাহিৰৰ লোকসকলৰ মাজত মই ভাল নাম অৰ্জন কৰিছোঁ নে?’

৫. আপুনি ‘ভাল বিষয়ক প্ৰেম কৰে’ বুলি কেনেকৈ দেখুৱাব পাৰে?

যদি আপুনি ‘ভাল বিষয়ক প্ৰেম কৰে,’ তেনেহʼলে আপুনি আনৰ ভাল কামবোৰৰ ওপৰত মন কৰিব আৰু তেওঁলোকৰ ভাল গুণবোৰৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰিব। ইয়াৰ লগতে আপুনি আনন্দেৰে আনৰ বাবে ভাল কাম কৰিব, তেতিয়াও যেতিয়া আপোনাৰ পৰা আশা কৰা নহয়। (১ থিচ. ২:৮) প্ৰাচীনসকলৰ বাবে ভাল বিষয়ক প্ৰেম কৰাটো কিয় গুৰুত্বপূৰ্ণ? কাৰণ, তেতিয়াহে তেওঁলোকে ৰখীয়াৰ দৰে ভাই-ভনীসকলৰ চোৱা-চিতা কৰিব আৰু মণ্ডলীত আন দায়িত্ববোৰ পূৰ কৰিবলৈ পৰিশ্ৰম কৰিব। (১ পিত. ৫:১-৩) এই সকলো কাম কৰোঁতে তেওঁলোকে যি আনন্দ পায়, সেয়া যিকোনো ত্যাগৰ তুলনাত বহুগুণে বেছি।—পাঁচ. ২০:৩৫.

৬. ‘অতিথি-সৎকাৰ কৰাৰ’ অৰ্থ কি? (ইব্ৰী ১৩: ২, ১৬; ছবিখনো চাওক।)

আপুনি “অতিথি-সৎকাৰ কৰা” ব্যক্তি হয় বুলি কেনেকৈ দেখুৱাব পাৰে? আনৰ বাবে ভাল কাম কৰক, সেই লোকসকলৰ বাবেও যিসকল আপোনাৰ ভাল বন্ধু নহয়। (১ পিত. ৪:৯) বাইবেলৰ এখন শব্দকোষে অতিথি-সৎকাৰ কৰা ব্যক্তিৰ বিষয়ে এইদৰে কৈছে, “তেওঁ অচিনাকী লোকসকলৰ বাবে নিজৰ ঘৰৰ দুৱাৰ খোলাৰ লগতে নিজৰ হৃদয়ো খোলে। সেইবাবে, নিজকে সোধক, ‘মই মণ্ডলীত নতুনকৈ অহা লোকসকলক আদৰণি জনাওঁ বুলি সকলোৱে জানে নে?’ (ইব্ৰী ১৩:২, ১৬ পঢ়ক।) অতিথি-সৎকাৰ কৰা ব্যক্তিয়ে নিজৰ ওচৰত যি থাকে, সেইবোৰ আনক দিয়ে। সেই লোকসকলকো যিসকল দুখীয়া হয় আৰু যিসকলে যিহোৱাৰ সেৱাত বহুত পৰিশ্ৰম কৰে, যেনে: চাৰ্কিট ওভাৰচিয়াৰ আৰু আলহী বক্তাসকলক।—আদি. ১৮:২-৮; হিতো. ৩:২৭; লূক ১৪:১৩, ১৪; পাঁচ. ১৬:১৫; ৰোম. ১২:১৩.

এহাল দম্পতীয়ে অতিথি-সৎকাৰ দেখুৱাই আছে আৰু এজন চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীক স্বাগতম জনাই আছে (অনুচ্ছেদ ৬ চাওক)


৭. আপুনি “টকা-পইচাৰ প্ৰতি লোভ কৰা ব্যক্তি হোৱা উচিত নহয়” বুলি কেনেকৈ দেখুৱাব পাৰে?

“টকা-পইচাৰ প্ৰতি লোভ কৰা ব্যক্তি হোৱা উচিত নহয়।” ইয়াৰ অৰ্থ হৈছে আপোনাৰ সম্পূৰ্ণ ধ্যান টকা-পইচা অৰ্জন কৰা আৰু বস্তুবোৰ গোটোৱাত লাগি থকা উচিত নহয়। আপুনি ধনীয়েই হওক বা দুখীয়া আপুনি নিজৰ জীৱনত ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া উচিত। (মথি ৬:৩৩) আপুনি নিজৰ সময়, শক্তি আৰু সাধন যিহোৱাৰ উপাসনা, নিজৰ পৰিয়ালৰ চোৱা-চিতা আৰু ভাই-ভনীসকলক সহায় কৰাত লগোৱা উচিত। (মথি ৬:২৪; ১ যোহ. ২:১৫-১৭) সেইবাবে, নিজকে সোধক, ‘মই টকা-পইচাৰ প্ৰতি সঠিক দৃষ্টিভংগী ৰাখোঁ নে? মোৰ ওচৰত যি প্ৰয়োজনীয় বস্তুবোৰ আছে, তাত মই সন্তুষ্ট আছোঁ নে মই আৰু টকা-পইচা অৰ্জন কৰিবলৈ আৰু বস্তুবোৰ গোটোৱাৰ বিষয়ে ভাবি থাকোঁ?’—১ তীম. ৬:৬, ১৭-১৯.

৮. আপুনি সকলো “বিষয়ত আত্মনিয়ন্ত্ৰণ ৰখা” ব্যক্তি হয় বুলি কেনেকৈ দেখুৱাব পাৰে?

আপুনি“সকলো বিষয়ত আত্মনিয়ন্ত্ৰণ ৰখা” ব্যক্তি হোৱা উচিত। ইয়াৰ অৰ্থ হৈছে আপুনি জীৱনৰ প্ৰতিটো ক্ষেত্ৰত কিছুমান সীমা ৰাখিব। যেনে, আপুনি প্ৰয়োজনতকৈ বেছি খোৱা-বোৱাত ব্যস্ত হৈ নাথাকিব, এই জগতৰ ফেশ্ব্যনৰ পাছে পাছে দৌৰি নাযাব আৰু মনোৰঞ্জনত সম্পূৰ্ণৰূপে ব্যস্ত হৈ নাথাকিব। যদি আপুনি আত্মনিয়ন্ত্ৰণ ৰাখে, তেনেহʼলে আপুনি এই জগতৰ লোকসকলৰ দৰে কাম নকৰিব, ইয়াৰ দাস হৈ নপৰিব। (লূক ২১:৩৪; যাকো. ৪:৪) ইয়াৰ উপৰিও যেতিয়া কোনোবাই আপোনাৰ খং তুলে, তেতিয়াও শান্ত হৈ থকা উচিত। আপুনি যাতে ‘মতলীয়া হৈ নাজায়’ তাৰ প্ৰতিও ধ্যান দিয়া উচিত আৰু আপুনি মতলীয়া হয় বুলি লোকসকলে যাতে নাভাবে তাৰ প্ৰতিও ধ্যান দিয়া উচিত। সেইবাবে নিজকে সোধক, ‘মোৰ অভ্যাসবোৰ কেনেকুৱা মই সকলো সময়ত আত্মনিয়ন্ত্ৰণ ৰাখো নে?

৯. “সঠিক দৃষ্টিভংগী ৰখা” আৰু ‘সংগঠিতভাৱে’ চলাৰ অৰ্থ কি?

আপুনি “সঠিক দৃষ্টিভংগী ৰখা ব্যক্তি” হোৱা উচিত। ইয়াৰ অৰ্থ হৈছে আপুনি কোনো এটা বিষয়ত এয়া জানিবলৈ চেষ্টা কৰা উচিত, যে কোনো এটা বিষয়ত বাইবেলত কি সিদ্ধান্ত দিয়া হৈছে। পাছত আপুনি সেই সিদ্ধান্তৰ বিষয়ে চিন্তা কৰিব পাৰে, যাতে আপুনি সেই বিষয়টো আৰু ভালদৰে জানিব পাৰে। আপুনি লগে লগে নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে বিষয়বোৰক ভালদৰে জানিবলৈ চেষ্টা কৰক। (হিতো. ১৮:১৩) তেতিয়া আপুনি এনে নিৰ্ণয় লʼব পাৰিব, যি যিহোৱাৰ চিন্তাধাৰাৰ অনুসৰি সঠিক হয়। যদি আপুনি ‘সংগঠিতভাৱে’ চলা ব্যক্তি হয়, তেনেহʼলে আপুনি প্ৰতিটো কাম শৃংখলাৱদ্ধভাৱে আৰু সময়মতে কৰিব। তেতিয়া লোকসকলে আপোনাক বিশ্বাসযোগ্য আৰু নিৰ্দেশনাৰ অনুসৰি কাম কৰা ব্যক্তি হয় বুলি জানিব। এতিয়ালৈকে আমি যিবোৰ গুণ আৰু যোগ্যতাৰ বিষয়ে আলোচনা কৰিলোঁ, যদি আপুনি সেইবোৰ পুৰ কৰে, তেনেহʼলে ভাইসকলৰ মাজত আপোনাৰ এটা ভাল নাম হʼব। যদি আপুনি পৰিয়ালৰ মূৰব্বী হয়, তেনেহʼলে প্ৰাচীন হিচাপে সেৱা কৰিবলৈ আপুনি আৰু কি কি যোগ্যতা পুৰ কৰা উচিত। আহক এতিয়া তাৰ ওপৰত আলোচনা কৰোঁ।

পৰিয়ালৰ ভাল মূৰব্বী হওক

১০. এজন ভায়ে নিজৰ পৰিয়ালৰ চোৱা-চিতা কেনেকৈ কৰিব পাৰে?

১০ যদি আপুনি বিবাহিত হয় আৰু এজন প্ৰাচীন হিচাপে সেৱা কৰিব বিচাৰে, তেনেহʼলে আপোনাৰ পৰিয়ালৰ ভাল নাম হোৱা উচিত। আপুনি “নিজৰ পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰা ব্যক্তি হোৱা উচিত।” লোকসকলে এয়া স্পষ্টকৈ দেখি পোৱা উচিত যে আপুনি নিজৰ পৰিয়ালক প্ৰেম কৰে আৰু মূৰব্বীৰ দায়িত্ব ভালদৰে পুৰ কৰে। আপুনি যিহোৱাৰ উপাসনাৰ লগত জড়িত কামবোৰতো নেতৃত্ব লʼব লাগিব। এয়া কিয় গুৰুত্বপূৰ্ণ? পাঁচনি পৌলে বুজালে যে “যদি এজন পুৰুষে নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিব নাজানে, তেনেহʼলে তেওঁ ঈশ্বৰৰ মণ্ডলীৰ চোৱা-চিতা কেনেকৈ কৰিব।”—১ তীম. ৩:৫.

১১-১২. যদি এজন ভাই প্ৰাচীন হিচাপে সেৱা কৰিবলৈ আগবাঢ়িছে, তেনেহʼলে তেওঁৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ তেওঁৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে? (ছবিখনো চাওক।)

১১ যদি আপুনি পিতৃ হয়, তেনেহʼলে ১৮ বছৰ পুৰ নোহোৱা আপোনাৰ “লʼৰা-ছোৱালী সম্পূৰ্ণ গম্ভীৰতাৰে যেন [আপোনাৰ] অধীনত” থকা উচিত। আপুনি মৰমেৰে তেওঁলোকক শিকোৱা আৰু ট্ৰেইনিং দিয়া উচিত। লʼৰা-ছোৱালীয়ে খেলি ভাল পায়, ইয়াত কোনো ভুল নাই। কিন্তু আপুনি তেওঁলোকক ভাল ট্ৰেইনিঙো দিয়া উচিত যাতে তেওঁলোকে আজ্ঞা পালন কৰিবলৈ শিকে, আনক সন্মান কৰে আৰু আদৰেৰে ব্যৱহাৰ কৰে। আপুনি এয়াও চেষ্টা কৰা উচিত যে আপোনাৰ লʼৰা-ছোৱালীয়ে যাতে যিহোৱাৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলে। তেওঁলোকে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন-যাপন কৰে আৰু বাপ্তিষ্মা লʼবলৈ আগবাঢ়ি আহে।

১২ “তেওঁৰ লʼৰা-ছোৱালী বিশ্বাসী হয় আৰু তেওঁলোকৰ ওপৰত অনৈতিক জীৱন-যাপন কৰা বা বিদ্ৰোহী হোৱাৰ অভিযোগ নাই।” যদি এজন ভাইৰ লৰা-ছোৱালীয়ে বাপ্তিষ্মা লৈছে বা আগলৈ গৈ লʼবলগীয়া আছে, কিন্তু সেই সন্তানে কিবা গভীৰ পাপ কৰে, তেনেহʼলে ভাইৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? যদি তেওঁ নিজৰ লʼৰা-ছোৱালীক ভালদৰে শিকাব পৰা নাই বা তেওঁলোকক শুধৰণি কৰিব পৰা নাই তেনেহʼলে তেওঁ এজন প্ৰাচীন হিচাপে সেৱা কৰাৰ যোগ্য নহবও পাৰে।—অক্টোবৰ ১৫, ১৯৯৬ প্ৰহৰীদুৰ্গ (হিন্দী) পৃষ্ঠা ২১ অনুচ্ছেদ ৬-৭ পঢ়ক।

পৰিয়ালৰ মূৰব্বীয়ে নিজৰ লʼৰা-ছোৱালীক শিকাই আৰু তেওঁলোকৰ লগত মিলি যিহোৱাৰ উপাসনাৰ লগত জড়িত কামবোৰ কৰে (অনুচ্ছেদ ১১ চাওক)


মণ্ডলীত আনন্দেৰে আনক সহায় কৰক

১৩. আপুনি কেনেকৈ দেখুৱাব পাৰে যে ‘নিজৰ মতামতত লাগি থকা’ আৰু ‘নিজ ইচ্ছাৰ মতে চলা ব্যক্তি’ নহয়?

১৩ যি ভাইসকলৰ খ্ৰীষ্টান গুণবোৰ থাকে, তেওঁলোকে মণ্ডলীৰ বাবে আশীৰ্বাদ হয়। যিজন ভায়ে ‘নিজৰ মতামতত লাগি নাথাকে,’ তেওঁ মণ্ডলীত শান্তি বজাই ৰাখিবলৈ উৎসাহিত কৰে। যদি আপুনি নিজৰ মতামতত লাগি নথকা ব্যক্তি হʼব বিচাৰে, তেনেহʼলে আনৰ কথা মনোযোগেৰে শুনক আৰু যেতিয়া তেওঁলোকে কোনো এটা বিষয়ত নিজৰ মতামত দিয়ে, তেতিয়া সেয়া বুজিবলৈ চেষ্টা কৰক। ধৰি লওক, আপুনি প্ৰাচীনসকলৰ এখন সভাত বহিছে। বেছিভাগ ভাই এটা নিৰ্ণয়ৰ ওপৰত সন্মত আছে আৰু সেই নিৰ্ণয় বাইবেলৰ সিদ্ধান্ত বা নিয়মৰ বিৰোধে নহয়। এনে পৰিস্থিতিত আপুনি আনন্দেৰে সেই নিৰ্ণয়ক সহযোগ কৰিব নে? এজন ভাই “নিজ ইচ্ছাৰ মতে চলা ব্যক্তি” হোৱা উচিত নহয়। ইয়াৰ অৰ্থ হৈছে তেওঁ নিজৰ কথাত লাগি থকা উচিত নহয় আৰু এয়াও ভবা উচিত নহয় যে তেওঁ যি বিচাৰে সেয়াই হোৱা উচিত। তাৰ পৰিৱৰ্তে তেওঁ এয়া বুজিবলৈ চেষ্টা কৰা উচিত যে আনৰ পৰামৰ্শ ললে হে লাভ হয়। (আদি. ১৩:৮, ৯; হিতো. ১৫:২২) আপুনি এয়াও ধ্যান দিয়া উচিত যে আপুনি “খঙাল” বা “কাজিয়া কৰা ব্যক্তি” নহয়। ইয়াৰ অৰ্থ হৈছে আপুনি কঠোৰ হোৱা উচিত নহয় আৰু সৰু সৰু কথাত তৰ্ক বিতৰ্ক কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে আপুনি প্ৰেমেৰে আৰু ভাবি-চিন্তি কথা পতা উচিত। আপুনি আগবাঢ়ি আহি আনৰ লগত ‘শান্তি বজাই ৰাখিবলৈ’ চেষ্টা কৰা উচিত। তেতিয়াও যেতিয়া এইদৰে কৰিবলৈ কঠিন হয়। (যাকো. ৩:১৭, ১৮) যেতিয়া মৰমেৰে কথা পাতিব, তেতিয়া আপোনাক বিৰোধ কৰা লোকসকলেও হয়তো শান্ত হৈ যাব।—বিচা. ৮:১-৩; হিতো. ২০:৩; ২৫:১৫; মথি ৫:২৩, ২৪.

১৪. এজন ভাই “নতুনকৈ খ্ৰীষ্টান হোৱা ব্যক্তি” বা “বিশ্বাসী” হোৱাৰ অৰ্থ কি?

১৪ প্ৰাচীন হোৱাৰ যোগ্য হʼবলৈ এজন ভাই “নতুনকৈ খ্ৰীষ্টান হোৱা ব্যক্তি উচিত নহয়।” ইয়াৰ অৰ্থ এয়া নহয় যে এজন ভাই বাপ্তিষ্মালৈ বহু বছৰ হোৱা উচিত। কিন্তু এয়া অতি গুৰুত্বপূৰ্ণ যে তেওঁ এজন পৰিপক্ক খ্ৰীষ্টান হয় আৰু পৰিপক্ক হʼবলৈ সময়ৰ প্ৰয়োজন হয়। প্ৰাচীন হিচাপে নিযুক্ত হোৱাৰ আগতে আপুনি এয়া স্পষ্টকৈ দেখুৱা উচিত যে আপুনি যীচুৰ দৰে নম্ৰ হয় আৰু যি কোনো দায়িত্ব পাবলৈ যিহোৱাৰ সময়ৰ অপেক্ষা কৰিবলৈ সাজু আছে। (মথি ২০:২৩; ফিলি. ২:৫-৮) আপুনি “বিশ্বাসী” হৈ থকাটোও প্ৰয়োজন। আপুনি কেনেকৈ এইদৰে কৰি থাকিব পাৰিব? যিহোৱাৰ কাষ চাপি থাকক, তেওঁৰ মানদণ্ড মানি চলক আৰু তেওঁৰ সংগঠনে দিয়া নিৰ্দেশনাবোৰ নিজৰ জীৱনত পালন কৰি থাকক।—১ তীম. ৪:১৫.

১৫. প্ৰাচীন হʼবলৈ এজন ভাই বহুত ভাল বক্তা হোৱা উচিত নে? বুজাওক।

১৫ বাইবেলত কোৱা হৈছে যে অধ্যক্ষসকলে “শিক্ষা দিয়াত নিপুণ হোৱা উচিত।” ইয়াৰ অৰ্থ এয়ানে যে আপুনি বহুত ভাল বক্তা হোৱা উচিত? নহয়। যদিও কিছুমান প্ৰাচীন বহুত ভাল বক্ত নহয়, কিন্তু তেওঁলোকে প্ৰচাৰ কাৰ্য্যত আৰু মেৰ পালকৰ সাক্ষ্যতত প্ৰভাৱশালীৰূপে শিক্ষা দিয়ে। (১ কৰিন্থীয়া ১২:২৮, ২৯; আৰু ইফিচীয়া ৪:১১ লগত তুলনা কৰক।) তথাপিও আপুনি শিকোৱাৰ দক্ষতা বঢ়াই থকাটো অতি গুৰুত্বপূৰ্ণ, যাতে আপুনি এজন ভাল শিক্ষক হʼব পাৰে। আপুনি এয়া কেনেকৈ কৰিব পাৰে?

১৬. আপুনি আৰু ভালদৰে শিকাবলৈ কি কৰিব পাৰে? (ছবিখনো চাওক।)

১৬ “তেওঁ ঈশ্বৰৰ ভৰসাযোগ্য বাক্য দৃঢ়তাৰে ধৰি থকা উচিত।” যদি আপুনি আৰু ভাল শিক্ষক হʼব বিচাৰে, তেনেহʼলে যেতিয়া আপুনি ভাই-ভনীসকলক কিবা শিকায় বা অকলে তেওঁলোকক কিবা পৰামৰ্শ দিয়ে, তেতিয়া সেয়া বাইবেল আধাৰিত হোৱাটো অতি গুৰুত্বপূৰ্ণ। সেইবাবে, বাইবেল আৰু আমাৰ প্ৰকাশনবোৰৰ ভালদৰে অধ্যয়ন কৰক। (হিতো. ১৫:২৮; ১৬:২৩) এয়া বুজিবলৈ চেষ্টা কৰক যে বাইবেলৰ পদবোৰৰ অৰ্থ কি আৰু ইয়াক কেনেকৈ ব্যবহাৰ কৰিব পাৰি। তাৰ পাছত এইদৰে শিকাবলৈ চেষ্টা কৰক যাতে আপোনাৰ কথাই লোকসকলৰ হৃদয় স্পৰ্শ কৰিব পাৰে আৰু তেওঁলোকে পদক্ষেপ লʼব পাৰে। এজন ভাল শিক্ষক হʼবলৈ আপুনি ক’ত শুধৰণি কৰাৰ প্ৰয়োজন আছে সেয়া অভিজ্ঞ প্ৰাচীনসকলক সোধাটো অতি গুৰুত্বপূৰ্ণ। (১ তীম. ৫:১৭) এজন প্ৰাচীনে ভাই-ভনীসকলক ‘উসাহিত কৰাৰ’ লগতে মাজে সময়ে তেওঁলোকক পৰামৰ্শ দিয়া আৰু “শুধৰণি” কৰাটো গুৰুত্বপূৰ্ণ। যিয়ে নহওক কিয়, এজন প্ৰাচীনে সদায় মৰমেৰে আৰু কোমলতাৰে কথা পতা উচিত। যদি আপুনি এইদৰে কৰিব আৰু ঈশ্বৰৰ বাক্যৰ পৰা শিকাব, তেনেহʼলে লোকসকলৰ ওপৰত আপোনাৰ কথাই ভাল প্ৰভাৱ পেলাব। এইদৰে আপুনি মহান শিক্ষক যীচুৰ দৰে হʼব পাৰিব।—মথি ১১:২৮-৩০; ২ তীম. ২:২৪.

এজন সহায়ক সেৱক এজন অভিজ্ঞ প্ৰাচীনৰ লগত আছে আৰু তেওঁ বাইবেলৰ পৰা কেনেকৈ আনক উৎসাহিত কৰিব পাৰে, সেয়া শিকি আছে। সেই ভাই আইনাৰ ওচৰত থিয় হৈ ভাষণ দিয়াৰ প্ৰেক্টিচ কৰি আছে (অনুচ্ছেদ ১৬ চাওক)


আগবাঢ়ি থাকক

১৭. (ক) এজন সহায়ক সেৱকে আগবাঢ়িবলৈ কি কৰিব পাৰে? (খ) যেতিয়া ভাইসকলৰ যোগ্যতাৰ বিষয়ে আলোচনা কৰা হয়, তেতিয়া প্ৰাচীসকলে কি কথা মনত ৰাখিব পাৰে? (“ ভাইসকলৰ যোগ্যতাবোৰৰ ওপৰত আলোচনা কৰাৰ সময়ত নিজৰ মতামতত লাগি নাথাকিব” নামৰ বক্সখনো চাওক।)

১৭ আমাৰ এই আলোচনাৰ পাছত কিছুমান সহায়ক সেৱকসকলে হয়তো ভাবিব পাৰে যে তেওঁলোকে প্ৰাচীনসকলৰ বাবে দিয়া যোগ্যতাবোৰ কেতিয়াও পূৰ কৰিব নোৱাৰে। কিন্তু মনত ৰাখক যিহোৱা আৰু সংগঠনে ইয়াত দিয়া সকলো যোগ্যতা আপুনি সম্পূৰ্ণকৈ পূৰ কৰিব আৰু আপোনাৰ কোনো দুৰ্বলতা নাথাকিব বুলি আশা নকৰে। (১ পিত. ২:২১) এয়াও মনত ৰাখক যে যিহোৱাই আপোনাক নিজৰ পবিত্ৰ শক্তি দিব যাৰ সহায়ত আপুনি এই যোগ্যতাবোৰ পূৰ কৰিব পাৰিব আৰু খ্ৰীষ্টান গুণবোৰ বঢ়াব পাৰিব। (ফিলি. ২:১৩) কোনো যোগ্যতা বা গুণ বঢ়াবলৈ আপুনি নিজকে শুধৰণি কৰাৰ প্ৰয়োজন আছে নে? যদি আছে, তেনেহʼলে ইয়াৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰক। লগতে এই বিষয়ে অনুসন্ধান কৰক আৰু কোনো প্ৰাচীনক সোধক যে আপুনি কেনেকৈ শুধৰণি কৰিব পাৰে।

১৮. সহায়ক সেৱকসকলে কি কৰিব পাৰে?

১৮ আমি প্ৰাচীন হওঁ বা নহওঁ আহক আমি সকলো ভাই এই লেখত উল্লেখ কৰা গুণবোৰ বঢ়াবলৈ পৰিশ্ৰম কৰি থাকোঁ। (ফিলি. ৩:১৬) আপুনি এজন সহায়ক সেৱক হয় নে? যদি হয়, তেনেহʼলে আগবাঢ়ি থাকক। যিহোৱালৈ প্ৰাৰ্থনা কৰক যাতে তেওঁ আপোনাক শিকায় থাকে। এইদৰে আপুনি যিহোৱাৰ সেৱা কৰি থাকিব পাৰিব আৰু মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰি থাকিব পাৰিব। (যিচ. ৬৪:৮) আমি প্ৰাৰ্থনা কৰোঁ যে যিহোৱাই আপোনাৰ পৰিশ্ৰমৰ ওপৰত আশীৰ্বাদ দিয়ে, যাতে প্ৰাচীন হোৱাৰ যি যোগ্যতাবোৰ দিয়া হৈছে সেয়া আপুনি পূৰ কৰিব পাৰে।

গীত নং ১০১ একতা হৈ কাম কৰক