Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৬

গীত নং ৪৯ যিহোৱাৰ মন আনন্দিত কৰা

ভাইসকল—আপোনালোকে সহায়ক সেৱক হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে নে?

ভাইসকল—আপোনালোকে সহায়ক সেৱক হিচাপে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে নে?

“লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।”পাঁচ. ২০:৩৫.

কি শিকিম?

বাপ্তিষ্মা লোৱা ভাইসকলে সহায়ক সেৱক হʼবলৈ কেনেকৈ আগবাঢ়ি আহিব পাৰে।

১. পাঁচনি পৌলে সহায়ক সেৱকসকলৰ বিষয়ে কেনে অনুভৱ কৰিছিল?

 সহায়ক সেৱকসকলে মণ্ডলীত বহুতো গুৰুত্বপূৰ্ণ কাম চম্ভালে। পাঁচনি পৌলে এই বিশ্বাসী ভাইসকলৰ প্ৰতি বহুত কৃতজ্ঞ আছিল। তেওঁ যেতিয়া ফিলিপী মণ্ডলীলৈ চিঠি লিখিছিল, তেতিয়া তেওঁ প্ৰাচীনসকলৰ লগতে সহায়ক সেৱকসকলৰ বিষয়েও উল্লেখ কৰিছিল।—ফিলি. ১:১.

২. সহায়ক সেৱক হিচাপে সেৱা কৰাৰ বিষয়ে ভাই লুইচে কেনে অনুভৱ কৰে?

বৰ্তমান সময়ত বাপ্তিষ্মা লোৱা বিভিন্ন বয়সৰ ভাইসকলে সহায়ক সেৱক হিচাপে সেৱা কৰি আছে। তেওঁলোকে ইয়াৰ পৰা বহুত আনন্দ লাভ কৰে। যেনে, ভাই দেৱনক ১৮ বছৰ বয়সতে সহায়ক সেৱক হিচাপে নিযুক্ত কৰা হʼল। আনহাতে, ভাই লুইচ ৫০ বছৰ বয়সত সহায়ক সেৱক হʼল। সহায়ক সেৱক হিচাপে সেৱা কৰাৰ বিষয়ে ভাই লুইচে কেনে অনুভৱ কৰে? তেওঁ এইদৰে কৈছে, “মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰি মই বৰ আনন্দিত হওঁ। তেওঁলোকে মোক বহুত প্ৰেম কৰে আৰু তেওঁলোকক সহায় কৰি মই নিজৰ প্ৰেম দেখুৱাব পাৰোঁ।” গোটেই পৃথিৱীত সহায়ক সেৱকসকলে এইদৰেই অনুভৱ কৰে।

৩. এই লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

যদি আপুনি বাপ্তিষ্মা লোৱা এজন ভাই হয় আৰু সহায়ক সেৱক নহয়, তেনেহʼলে আপুনি এই লক্ষ্য ৰাখিব পাৰে নে? এই লক্ষ্য ৰাখিবলৈ কি কথাই আপোনাক সহায় কৰিব? সহায়ক সেৱক হিচাপে সেৱা কৰিবলৈ বাইবেলত দিয়া কি কি যোগ্যতা আপোনাৰ থকা উচিত? এই লেখত আমি এই প্ৰশ্নবোৰৰ ওপৰত আলোচনা কৰিম। কিন্তু প্ৰথমে আহক আমি চাওঁ যে সহায়ক সেৱকসকলে কি কি দায়িত্ব পালন কৰে।

সহায়ক সেৱকসকলে কি কি দায়িত্ব পালন কৰে

৪. সহায়ক সেৱকসকলে কি কি দায়িত্ব পালন কৰে? (ছবিখনো চাওক।)

সহায়ক সেৱক বাপ্তিষ্মা লোৱা এনে ভাই হয়, যিসকলক পবিত্ৰ শক্তিৰে নিযুক্ত কৰা হয়। তেওঁলোকে মণ্ডলীৰ বহুতো কামত প্ৰাচীনসকলক সহায় কৰে। যেনে, তেওঁলোকে ধ্যান দিয়ে যে ভাই-ভনীসকলৰ ওচৰত প্ৰচাৰৰ এলেকা আৰু লোকসকলক দিবলৈ প্ৰকাশনবোৰ আছে নে নাই। তেওঁলোকে ৰাজ্যগৃহ চাফ চিকুণ কৰা আৰু মেৰামতি কৰা কামতো সহায় কৰে। কিছুমানে এটেনডেন্ট হিচাপে সেৱা কৰে। সভাৰ সময়ত কিছুমানে অডিঅʼ-ভিডিঅʼ চম্ভালে। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে সহায়ক সেৱকসকলৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক থাকে। তেওঁলোকে যিহোৱাক বহুত প্ৰেম কৰে আৰু তেওঁৰ নৈতিক মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰে। তেওঁলোকে ভাই-ভনীসকলকো বহুত প্ৰেম কৰে। (মথি ২২:৩৭-৩৯) গতিকে বাপ্তিষ্মা লোৱা এজন ভায়ে সহায়ক সেৱক হʼবলৈ কেনেকৈ আগবাঢ়ি আহিব পাৰে?

সহায়ক সেৱকসকলে যীচুৰ দৰে আনন্দেৰে আনক সহায় কৰিবলৈ সাজু হৈ থাকে (অনুচ্ছেদ ৪ চাওক)


৫. সহায়ক সেৱক হʼবলৈ এজন ভায়ে কি কৰিব লাগিব?

যিসকল ভায়ে সহায়ক সেৱক হʼব বিচাৰে, তেওঁলোকৰ কি কি যোগ্যতা থকা উচিত, তাৰ বিষয়ে বাইবেলত স্পষ্টকৈ কোৱা হৈছে। (১ তীম. ৩:৮-১০, ১২, ১৩) যদি আপুনি সহায়ক সেৱক হʼব বিচাৰে, তেনেহʼলে সেই যোগ্যতাবোৰৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক আৰু তাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ কঠিন পৰিশ্ৰম কৰক। কিন্তু প্ৰথমে এই বিষয়ে ধ্যান দিয়ক যে আপুনি কিয় সহায়ক সেৱক হʼব বিচাৰে।

আপুনি কিয় সহায়ক সেৱক হʼব বিচাৰে?

৬. ভাই-ভনীসকলক সহায় কৰাৰ কি কাৰণ হোৱা উচিত? (মথি ২০:২৮; দিয়া ছবিখনো চাওক।)

যীচু আমাৰ বাবে সকলোতকৈ ভাল উদাহৰণ হয়, আহক তেওঁলৈ মন কৰোঁ। তেওঁ নিজৰ পিতৃ আৰু লোকসকলক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁ কঠিন পৰিশ্ৰম কৰিলে আৰু এনে কাম কৰিলে, যিবোৰ আন লোকসকলে সৰু বুলি ভাবিছিল। (মথি ২০:২৮ পঢ়ক; যোহ. ১৩:৫, ১৪, ১৫) যদি আপুনি প্ৰেমৰ বাবে আগবাঢ়িব বিচাৰে, তেনেহʼলে যিহোৱাই আপোনাক আশীৰ্বাদ দিব আৰু সহায়ক সেৱক হোৱাৰ লক্ষ্যত উপনীত হʼবলৈ সহায় কৰিব।—১ কৰি. ১৬:১৪; ১ পিত. ৫:৫.

যীচুৱে নিজৰ পাঁচনিসকলৰ বাবে ভাল উদাহৰণ ৰাখিলে আৰু এইদৰে তেওঁলোকক শিকাইছিল যে ডাঙৰ পদ পোৱাৰ পৰিৱৰ্তে নম্ৰ হৈ আনক সহায় কৰা উচিত (অনুচ্ছেদ ৬ চাওক)


৭. এজন ভায়ে আনতকৈ ডাঙৰ হোৱাৰ উদ্দেশ্যেৰে কিয় আগবঢ়া উচিত নহয়?

আজি জগতত লোকসকলে ডাঙৰ মানুহ হʼবলৈ চেষ্টা কৰে আৰু লোকসকলে তেনে লোককে প্ৰশংসা কৰে। কিন্তু যিহোৱাৰ সংগঠনত এইদৰে নহয়। যি ভায়ে যীচুৰ দৰে আনক প্ৰেম কৰে, তেওঁ ডাঙৰ হʼবলৈ বা আনৰ ওপৰত অধিকাৰ চলাবলৈ এইদৰে নকৰিব। এনে ভাইক যদি মণ্ডলীত নিযুক্ত কৰা হয়, যি নিজকে ডাঙৰ বুলি ভাবে, তেনেহʼলে তেওঁ হয়তো এনে কাম নকৰিব, যি যিহোৱাৰ ভেড়াবোৰক চোৱা-চিতা কৰিবলৈ প্ৰয়োজন হয়। হয়তো তেওঁ ভাবিব যে এই কাম কৰিলে মই সৰু হৈ যাম। (যোহ. ১০:১২) যদি কোনো ভাই অহংকাৰৰ বাবে বা নিজকে আনতকৈ ডাঙৰ দেখুৱাবলৈ আগবাঢ়িবলৈ চেষ্টা কৰে, তেনেহʼলে যিহোৱাই তেওঁৰ পৰিশ্ৰমৰ ওপৰত আশীৰ্বাদ নিদিব।—১ কৰি. ১০:২৪, ৩৩; ১৩:৪, ৫.

৮. যীচুৱে পাঁচনিসকলক কি পৰামৰ্শ দিলে?

কেতিয়াবা কেতিয়াবা যীচুৰ ভাল বন্ধুসকলেও সঠিক উদ্দেশ্যেৰে দায়িত্ব পাবলৈ চেষ্টা কৰা নাছিল। মন কৰক এবাৰ পাঁচনি যোহন আৰু যাকোবে কি কৰিলে। তেওঁলোকে যীচুক তেওঁৰ ৰাজ্যত এক বিশেষ দায়িত্ব দিবলৈ কৈছিল। যীচুক তেওঁলোকৰ কথা ভাল নালাগিল। তেওঁ ১২ জন পাঁচনিক পৰামৰ্শ দিলে, “তোমালোকৰ মাজত যিজনে ডাঙৰ হʼব বিচাৰে, তেওঁ তোমালোকৰ সেৱক হোৱা উচিত। আৰু যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হʼব বিচাৰে, তেওঁ সকলোৰে দাস হোৱা উচিত।” (মাৰ্ক ১০:৩৫-৩৭, ৪৩, ৪৪) যেতিয়া এজন ভায়ে সঠিক উদ্দেশ্যেৰে অৰ্থাৎ ভাই-ভনীসকলক সহায় কৰাৰ উদ্দেশ্যেৰে আগবাঢ়ে, তেনেহʼলে তেওঁ মণ্ডলীৰ বাবে আশীৰ্বাদ হয়।—১ থিচ. ২:৮.

আনক সহায় কৰাৰ ইচ্ছা বঢ়াবলৈ আৰু কি কৰিব পাৰে?

৯. আনক সহায় কৰাৰ ইচ্ছা বঢ়াবলৈ আপুনি কি কৰিব পাৰে?

আপুনি নিশ্চয় যিহোৱাক বহুত প্ৰেম কৰে আৰু আনক সহায় কৰিব বিচাৰে। কিন্তু আপোনাক এনে কাম কৰিবলৈ মন নাযাব পাৰে, যি এজন সহায়ক সেৱকক কৰিবলগীয়া হয়। এনে পৰিস্থিতিত আনক সহায় কৰাৰ ইচ্ছা বঢ়াবলৈ আপুনি কি কৰিব পাৰে? চিন্তা কৰক, ভাই-ভনীসকলক সহায় কৰিলে কিমান আনন্দ পোৱা যায়। যীচুৱে কৈছিল, “লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।” (পাঁচ. ২০:৩৫) যীচুৱে এইদৰে কৰিও দেখুৱালে। তেওঁ আনক সহায় কৰি বহুত আনন্দিত হৈছিল। আপুনিও সেই আনন্দ অনুভৱ কৰিব পাৰিব।

১০. যীচুৱে আনক সহায় কৰি আনন্দিত হৈছিল বুলি কেনেকৈ জানিব পাৰি? (মাৰ্ক ৬:৩১-৩৪)

১০ এটা উদাহৰণলৈ মন কৰক, যাৰ পৰা জানিব পাৰি যে যীচুৱে আনন্দেৰে আনক সহায় কৰিব বিচাৰিছিল। (মাৰ্ক ৬:৩১-৩৪ পঢ়ক।) এবাৰ যীচু আৰু তেওঁৰ পাঁচনিসকলে বহুত ভাগৰি পৰিছিল আৰু নিজান ঠাইত গৈ আৰাম কৰিব বিচাৰিছিল। কিন্তু লোকসকলে তেওঁলোকক যোৱা দেখা পালে আৰু লোকসকলে তেওঁলোকতকৈ আগতে সেই ঠাইত পালেগৈ। তেওঁলোকে আশা কৰিছিল যে যীচুৱে তেওঁলোকক কিবা শিকাব। যীচুৱে বিচৰা হʼলে তেওঁলোকক মানা কৰিব পাৰিলেহেঁতেন। কাৰণ যীচু আৰু পাঁচনিসকলে ‘আহাৰ খাবলৈও সুযোগ পোৱা নাছিল।’ অথবা কিছুমান কথা শিকাই তেওঁলোকক পঠাই দিব পাৰিলেহেঁতেন। তেওঁ এইদৰে নকৰিলে, কাৰণ যীচুৱে তেওঁলোকক হৃদয়েৰে প্ৰেম কৰিছিল। সেইবাবে, “তেওঁলোকক তেওঁ বহুতো কথা শিকাবলৈ ধৰিলে” আৰু ‘গধূলিলৈকে’ তেওঁলোকক শিকাই থাকিল। (মাৰ্ক ৬:৩৫) তেওঁ এয়া নিজৰ কৰ্তব্য বুলি কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ সঁচাকৈ তেওঁলোকক শিকাব বিচাৰিছিল। কাৰণ ‘তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিছিল।’ সঁচাকৈ, যীচুৱে আনক সহায় কৰি বহুত আনন্দিত হৈছিল।

১১. যীচুৱে আৰু কি উপায়েৰে আনক সহায় কৰিলে? (ছবিখনো চাওক।)

১১ যীচুৱে লোকসকলক শিকোৱাৰ লগতে আন উপায়েৰেও তেওঁলোকক সহায় কৰিলে। তেওঁ চমৎকাৰ কৰি তেওঁলোকৰ খোৱাৰ ব্যৱস্থা কৰিলে আৰু নিজৰ শিষ্যসকলক সেই আহাৰ ভগাই দিবলৈ কʼলে। (মাৰ্ক ৬:৪১) এইদৰে তেওঁ নিজৰ শিষ্যসকলক শিকাইছিল যে কেনেকৈ আনক সহায় কৰিব পাৰি আৰু এয়াও শিকাইছিল যে আহাৰ ভগাই দিয়াটো কিমান গুৰুত্বপূৰ্ণ কাম হয়। এনেধৰণৰ কাম আজি সহায়ক সেৱকসকলেও কৰে। কল্পনা কৰক, যেতিয়া শিষ্যসকলে লোকসকলক আহাৰ বিলাই দিছিল আৰু এয়া চাইছিল যে “সকলোৱে পেট ভৰাই খালে,” তেতিয়া তেওঁলোকে কিমান আনন্দিত হৈছিল। (মাৰ্ক ৬:৪২) যীচুৱে আন বহুতো পৰিস্থিতিত নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে লোকসকলৰ বিষয়ে চিন্তা কৰিছিল আৰু সহায় কৰিছিল। তেওঁ গোটেই জীৱন আনক সহায় কৰিলে। (মথি ৪:২৩; ৮:১৬) তেওঁ লোকসকলক শিকাই আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰি বহুত আনন্দিত হৈছিল। সঁচাকৈ, যদি আপুনিও আনৰ বিষয়ে চিন্তা কৰিব আৰু সহায়ক সেৱক হʼবলৈ আগবাঢ়ি আহিব, তেনেহʼলে আপুনিও বহুত আনন্দিত হʼব।

যিহোৱাৰ প্ৰতি প্ৰেম আৰু আনক সহায় কৰাৰ ইচ্ছা থাকিলে আপুনি মণ্ডলীত যিকোনো কাম কৰিবলৈ সাজু হৈ থাকিব (অনুচ্ছেদ ১১ চাওক) a


১২. মই মণ্ডলীত বেছিকৈ কৰিব পৰা নাই বুলি কিয় ভবা উচিত নহয়?

১২ যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ ওচৰত এনে কোনো বিশেষ দক্ষতা নাই, তেনেহʼলে নিৰাশ নহʼব। আপোনাৰ ওচৰত নিশ্চয় এনে কিছুমান গুণ আছে, যাৰ যোগেদি আপুনি মণ্ডলীক সহায় কৰিব পাৰিব। পাঁচনি পৌলে ১ কৰিন্থীয়া ১২:১২-৩০ পদত যি কৈছে, সেয়া পঢ়ক আৰু তাৰ বিষয়ে প্ৰাৰ্থনা কৰক। পাঁচনি পৌলে স্পষ্টকৈ জনাইছে যে মণ্ডলীৰ প্ৰতিজন সদস্য লগতে আপুনিও বহুত গুৰুত্বপূৰ্ণ আৰু আপুনি নিশ্চয় কিবা নহয় কিবা উপায়েৰে ভাই-ভনীসকলক সহায় কৰিব পাৰিব। যদি আপুনি এতিয়া সহায়ক সেৱকসকলৰ বিষয়ে বাইবেলত দিয়া যোগ্যতাবোৰ পূৰ কৰিব পৰা নাই, তেনেহʼলে হাৰ নামানিব। আপুনি যিমান পাৰে যিহোৱাৰ সেৱা কৰি থাকক আৰু ভাই-ভনীসকলক সহায় কৰি থাকক। ভৰসা ৰাখক প্ৰাচীনসকলে আপোনাৰ দক্ষতাৰ প্ৰতি ধ্যান দিব আৰু সেই অনুসৰি দায়িত্ব দিব।—ৰোম. ১২:৪-৮.

১৩. সহায়ক সেৱকসকলৰ বাবে যিবোৰ যোগ্যতা দিয়া হৈছে, সেয়া পূৰ কৰাটো কিয় কঠিন নহয়?

১৩ আপুনি কিয় সহায়ক সেৱক হʼবলৈ আগবাঢ়ি অহা উচিত, তাৰ আৰু এটা কথালৈ মন কৰক। বাইবেলত সহায়ক সেৱকসকলৰ বাবে যিবোৰ যোগ্যতা দিয়া হৈছে, সেয়া সকলো খ্ৰীষ্টানে পূৰ কৰিবলগীয়া হয়। যেনে, আমি সকলোৱে যিহোৱাৰ কাষ চাপি অহা উচিত, আনন্দেৰে আনক সহায় কৰা উচিত আৰু এনে জীৱন-যাপন কৰা উচিত যাৰ পৰা যিহোৱা আনন্দিত হয়। এই যোগ্যতাবোৰৰ মাজৰ বেছিভাগ যোগ্যতা আপুনি আগৰ পৰাই পূৰ কৰে। তেনেহʼলে এজন ভায়ে আগবাঢ়ি আহিবলৈ কি কৰিব লাগিব?

সহায়ক সেৱক হʼবলৈ কি কৰিব?

১৪. ‘গম্ভীৰ হোৱাৰ’ অৰ্থ কি? (১ তীমথিয় ৩:৮-১০, ১২)

১৪ এতিয়া আহক ১ তীমথিয় ৩:৮-১০, ১২ পদত দিয়া যোগ্যতাবোৰৰ বিষয়ে মন কৰোঁ। (পঢ়ক।) এজন সহায়ক সেৱক “গম্ভীৰ হোৱা উচিত।” এই শব্দবোৰৰ অনুবাদ “আদৰৰ যোগ্য” আৰু “বেছি আদৰেৰে ব্যৱহাৰ কৰা” বুলিও কৰিব পাৰি। ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি কেতিয়াও হাঁহি-ধেমালি কৰিব নোৱাৰে। (উপ. ৩:১, ৪) তাৰ পৰিৱৰ্তে ইয়াৰ অৰ্থ হৈছে যেতিয়া আপোনাক কিবা দায়িত্ব দিয়া হয়, তাক গভীৰভাৱে লোৱা উচিত। আপোনাক যি কাম দিয়া হয়, যদি আপুনি তাক ভালদৰে আৰু সময়মতে পূৰ কৰে, তেনেহʼলে মণ্ডলীত আপোনাৰ ভাল নাম হʼব। ভাই-ভনীসকলে আপোনাৰ ওপৰত ভৰসা কৰিব আৰু আপোনাক সন্মান কৰিব।

১৫. এজন সহায়ক সেৱকে ‘দুতলীয়া কথা কোৱা আৰু লোভ কৰি আনৰ সুযোগ লোৱা ব্যক্তি হোৱা উচিত নহয়,’ ইয়াৰ অৰ্থ কি?

১৫ ‘দুতলীয়া কথা কোৱা ব্যক্তি হোৱা উচিত নহয়।’ ইয়াৰ অৰ্থ হৈছে আপুনি বিশ্বাসযোগ্য হোৱা উচিত। আপুনি যি কয়, তাৰ অনুসৰি কাম কৰা উচিত আৰু আনক ঠগা উচিত নহয়। (হিতো. ৩:৩২) ‘লোভ কৰি আনৰ সুযোগ লোৱা ব্যক্তিও হোৱা উচিত নহয়,’ ইয়াৰ অৰ্থ হৈছে আপুনি ব্যৱসায় বা লেন-দেন কৰাৰ সময়ত বিশ্বাসযোগ্য হোৱা উচিত। আপুনি ভাই-ভনীসকলৰ সুযোগ লৈ টকা-পইচা অৰ্জন কৰিবলৈ চেষ্টা কৰা উচিত নহয়।

১৬. (ক) ‘অধিক পৰিমাণে মদ খোৱা ব্যক্তি হোৱা উচিত নহয়,’ ইয়াৰ অৰ্থ কি? (খ) ‘শুদ্ধ বিবেক’ হোৱাৰ অৰ্থ কি?

১৬ ‘অধিক পৰিমাণে মদ খোৱা ব্যক্তি হোৱা উচিত নহয়।’ ইয়াৰ অৰ্থ হৈছে, আপুনি মদ খাই মতলীয়া হোৱা উচিত নহয় আৰু আপুনি বহুত মদ খাই বুলি লোকসকলৰ ওচৰত আপোনাৰ বেয়া নাম থকা উচিত নহয়।‘শুদ্ধ বিবেক’ হোৱাৰ অৰ্থ হৈছে, আপুনি যিহোৱা মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰে। যদিও আপোনাৰ পৰা সৰু-সুৰা ভুল হৈ যায়, তথাপিও আপোনাৰ ঈশ্বৰৰ লগত এক ভাল সম্পৰ্ক আছে আৰু ইয়াৰ বাবে আপুনি মনত শান্তি অনুভৱ কৰে।

১৭. “চালি-জাৰি চোৱা উচিত যে তেওঁলোকে যোগ্য হয় নে নহয়,” ইয়াৰ অৰ্থ কি? (১ তীমথিয় ৩:১০; ছবিখনো চাওক।)

১৭ “চালি-জাৰি চোৱা উচিত যে তেওঁলোকে যোগ্য হয় নে নহয়।” ইয়াৰ অৰ্থ হৈছে আপুনি প্ৰমাণ কৰিব লাগিব যে আপুনি নিজৰ দায়িত্ব ভালদৰে পূৰ কৰে আৰু আপোনাৰ ওপৰত ভৰসা কৰিব পাৰি। সেইবাবে, যেতিয়া প্ৰাচীনসকলে আপোনাক কিবা কাম দিয়ে, তেতিয়া তেওঁলোকৰ নিৰ্দেশনা আৰু সংগঠনে দিয়া পৰামৰ্শৰ অনুসৰি কাম কৰক। আপোনাক যি কাম দিয়া হয়, সেয়া কেনেকৈ কৰিব পাৰি আৰু কেতিয়া শেষ কৰিব লাগিব, সেয়া ভালদৰে বুজি লওক। যদি আপুনি সম্পূৰ্ণ হৃদয়েৰে আপোনাক দিয়া দায়িত্ব পূৰ কৰে, তেনেহʼলে মণ্ডলীৰ ভাই-ভনীসকলে আপোনাৰ উন্নতি চাবলৈ পাব। প্ৰাচীনসকল, বাপ্তিষ্মা লোৱা ভাইসকলক ট্ৰেইনিং দিয়াত ধ্যান দিয়ক। (১ তীমথিয় ৩:১০ পঢ়ক।) আপোনাৰ মণ্ডলীত এনে ভাইসকল আছে নে, যাৰ বয়স ১০-১৪ বছৰৰ মাজত আছে আৰু তেওঁলোকে বাপ্তিষ্মা লৈছে? তেওঁলোকৰ ব্যক্তিগত অধ্যয়ন কৰাৰ অভ্যাস আছে নে? তেওঁলোকে সভাৰ ভাল তৈয়াৰী কৰে নে আৰু তাত ভাগ লয় নে? তেওঁলোকে নিয়মীয়াকৈ প্ৰচাৰত ভাগ লয় নে? যদি হয়, তেনেহʼলে তেওঁলোকৰ বয়স আৰু পৰিস্থিতি অনুসৰি তেওঁলোকক কিছুমান কাম দিয়ক। এইদৰে সেই ডেকা ভাইসকলক “চালি-জাৰি চোৱা উচিত যে তেওঁলোকে যোগ্য হয় নে নহয়।” পাছত যেতিয়া তেওঁলোকৰ বয়স ১৭-১৮ বছৰ হʼব, তেতিয়া তেওঁলোকে হয়তো সহায়ক সেৱক হʼবলৈ যোগ্য হʼব পাৰে।

বাপ্তিষ্মা লোৱা ভাইসকলক কিবা কাম দি প্ৰাচীনসকলে ‘চালি-জাৰি চাব পাৰে যে তেওঁলোকে যোগ্য হয় নে নহয়’ (অনুচ্ছেদ ১৭ চাওক)


১৮. ‘নিৰ্দোষী বুলি প্ৰমাণিত হওক’ ইয়াৰ অৰ্থ কি?

১৮ ‘নিৰ্দোষী বুলি প্ৰমাণিত হওক।’ ইয়াৰ অৰ্থ হৈছে যে কোনোৱে যাতে আপুনি গভীৰ পাপ কৰিছে বুলি অভিযোগ কৰিব নোৱাৰে। হয়তো এজন খ্ৰীষ্টানৰ ওপৰত মিছা অভিযোগ লগোৱা হয়। এনে পৰিস্থিতিত মনত ৰাখক যে যীচুৰ ওপৰতো মিছা অভিযোগ লগোৱা হৈছিল আৰু তেওঁ কৈছিল যে তেওঁৰ শিষ্যসকলৰ লগতো এইদৰে কৰা হʼব। (যোহ. ১৫:২০) কিন্তু আপুনি যদি যীচুৰ দৰে নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰি ৰাখে, তেনেহʼলে মণ্ডলীত আপোনাৰ এক ভাল নাম থাকিব।—মথি ১১:১৯.

১৯. এজন বিবাহিত ভাইৰ “এজনীয়েই পত্নী হোৱা উচিত” ইয়াৰ অৰ্থ কি?

১৯ “এজনীয়েই পত্নী হোৱা উচিত।” যদি আপোনাৰ বিয়া হৈছে, তেনেহʼলে এই বিষয়ে আপুনি যিহোৱাৰ মানদণ্ড পালন কৰা উচিত, যি তেওঁ আৰম্ভণিতে দিছিল অৰ্থাৎ এজন পুৰুষে কেৱল এজনী তিৰোতাকহে বিয়া পতা উচিত। (মথি ১৯:৩-৯) এজন খ্ৰীষ্টানে কাৰো লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখা উচিত নহয়। (ইব্ৰী ১৩:৪) কিন্তু আপুনি আৰু কিছুমান কথাৰ ওপৰত ধ্যান দিয়া উচিত। আপুনি নিজৰ পত্নীৰ বিশ্বাসী হৈ থকা উচিত, কেতিয়াও আন তিৰোতাক বেয়া দৃষ্টিৰে চোৱা উচিত নহয় আৰু তাইৰ কাষ চপা উচিত নহয়।—ইয়ো. ৩১:১.

২০. এজন ভায়ে নিজৰ পৰিয়ালৰ কেনেকৈ “ভালদৰে চোৱা-চিতা” কৰিব পাৰে?

২০ “নিজৰ লʼৰা-ছোৱালী আৰু পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰোঁতা ব্যক্তি হোৱা উচিত।” যদি আপুনি পৰিয়ালৰ মুৰব্বী হয়, তেনেহʼলে আপুনি নিজৰ দায়িত্ব ভালদৰে পূৰ কৰা উচিত। প্ৰতি সপ্তাহে পাৰিবাৰিক উপাসনা কৰক। পৰিয়ালত সকলোৰে লগত যিমান পাৰে, সিমান প্ৰচাৰ কৰক। নিজৰ লʼৰা-ছোৱালীক সহায় কৰক, যাতে যিহোৱাৰ লগত তেওঁলোকে এক মজবুত সম্পৰ্ক গঢ়ি তুলিব পাৰে। (ইফি. ৬:৪) যদি আপুনি পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰে, তেনেহʼলে ইয়ে দেখুৱাব যে আপুনি মণ্ডলীৰ ভাই-ভনীসকলৰো ভালদৰে চোৱা-চিতা কৰিব পাৰিব।—১ তীমথিয় ৩:৫ পদৰ লগত তুলনা কৰক।

২১. যদি আপুনি সহায়ক সেৱক হʼব বিচাৰে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

২১ ভাইসকল, যদি আপোনালোকে সহায়ক সেৱক হিচাপে সেৱা কৰিব বিচাৰে, তেনেহʼলে এই লেখখন ভালদৰে পঢ়ক আৰু এই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰক। বাইবেলত সহায়ক সেৱকসকলৰ বাবে যিবোৰ যোগ্যতা দিয়া হৈছে, সেইবোৰ অধ্যয়ন কৰক আৰু তাৰ অনুসৰি কাম কৰিবলৈ কঠিন পৰিশ্ৰম কৰক। আপুনি যিহোৱা আৰু ভাই-ভনীসকলক কিমান প্ৰেম কৰে, তাৰ বিষয়েও চিন্তা কৰক। আপুনি আনক সহায় কৰাৰ ইচ্ছা আৰু বঢ়াওক। (১ পিত. ৪:৮, ১০) পাছত যেতিয়া আপুনি সহায়ক সেৱক হʼব আৰু ভাই-ভনীসকলক সহায় কৰিব, তেতিয়া বহুত আনন্দ লাভ কৰিব। আপুনি সহায়ক সেৱক হʼবলৈ যি পৰিশ্ৰম কৰি আছে, তাৰ ওপৰত যিহোৱাই আশীৰ্বাদ দিয়ক, এয়াই আমাৰ প্ৰাৰ্থনা!—ফিলি. ২:১৩.

গীত নং ১৭ “মই ইচ্ছা কৰিছোঁ”

a ছবিৰ বিষয়ে: বাওঁফালে দেখুৱা হৈছে যে যীচু নম্ৰ হয়, তেওঁ নিজৰ শিষ্যসকলক সহায় কৰি আছে; সোঁফালে দেখুৱা হৈছে যে এজন সহায়ক সেৱকে এজন বৃদ্ধ ভাইক সহায় কৰি আছে।