জীৱন কাহিনী
যুদ্ধ আৰু শান্তিৰ সময়ছোৱাত আমি যিহোৱাৰ পৰা সাহস পালোঁ
পʼল: এয়া নৱেম্বৰ ১৯৮৫-ৰ কথা। মই আৰু মোৰ পত্নী প্ৰথমবাৰ মিচনেৰী সেৱাৰ বাবে পশ্চিম আফ্ৰিকাৰ লাইবেৰিয়ালৈ গৈ আছিলোঁ। মই আৰু মোৰ পত্নী বৰ আনন্দিত আছিলোঁ। আমাৰ উৰা জাহাজ চেনেগলত ৰৈছিল, তেতিয়া এনে কʼলে, “আৰু এঘন্টাত আমি লাইবেৰিয়ালৈ গৈ পাম।” তেতিয়াই এটা ঘোষণা হʼল, “লাইবেৰিয়ালৈ যোৱা যাত্ৰীসকল জাহাজৰ পৰা নামি যাওক। আমি তালৈ নাযাম। কাৰণ তাত বিৰোধী দলে চৰকাৰৰ বিৰোধে প্ৰতিবাদ কৰিছে আৰু তাৰ ঠাই লʼবলৈ চেষ্টা কৰিছে। তাৰ পৰিস্থিতি একেবাৰে ভাল নহয়।” সেইবাবে, আমি দহ দিনলৈকে চেনেগলতে মিচনেৰী ভাই-ভনীসকলৰ লগত থাকিলোঁ। লাইবেৰিয়াত মাৰ-কাট হৈ আছে, ট্ৰাকত ভৰাই মৃতদেহবোৰ লৈ যোৱা হৈছে আৰু কাৰ্ফিউ লাগি আছে বুলি আমি বাতৰিবোৰত শুনি আছিলোঁ। ইয়াৰ উপৰিও যদি কোনোবাই কাৰ্ফিউ নামানে, তেনেহʼলে তেওঁক গুলিয়াই দিয়া হʼব।
এন: কিছুমান লোকে একেবাৰে ভয় নকৰে, যিকোনো বিপদৰ সন্মুখীন হয়। কিন্তু আমি তেওঁলোকৰ দৰে নহওঁ। সৰুতে মই ইমানেই ভয় খাইছিলোঁ যে ৰাস্তা পাৰ কৰিবলৈও মোৰ ভয় লাগিছিল। সেইবাবে, লোকসকলে মোক “ভয়াতুৰ এনী” বুলি মাতিছিল। কিন্তু আমি লাইবেৰিয়ালৈ নিশ্চয় যাম বুলি মই আৰু মোৰ স্বমীয়ে ভাবি লৈছিলোঁ।
পʼল: আমাৰ জন্ম ইংলেণ্ডত হৈছিল। মোৰ ঘৰৰ পৰা এনৰ ঘৰ আঠ কিলোমিটাৰ (৫ মাইল) দূৰত আছিল। এনৰ মা আৰু মোৰ মা-দেউতাই সদায় আমাক অগ্ৰগামী সেৱা কৰিবলৈ উৎসাহিত কৰিছিল। সেইবাবে, স্কুলৰ পঢ়া শেষ হোৱাৰ পাছতে আমি অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। এয়া চাই আমাৰ মা-দেউতা বহুত আনন্দিত আছিল যে আমি পূৰ্ণ সময়ৰ সেৱা কৰাৰ নিৰ্ণয় লʼলোঁ। যেতিয়া মই ১৯ বছৰৰ হʼলোঁ, তেতিয়া মোক বেথেললৈ মাতা হʼল। পাছত ১৯৮২-ত বিয়াৰ পাছত এনকো বেথেললৈ মাতা হʼল।
এন: বেথেলত সেৱা কৰি আমাৰ ভাল লাগিছিল। কিন্তু আমি আগৰে পৰা প্ৰচাৰকসকলৰ বেছিকৈ প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰিব বিচাৰিছিলোঁ। বেথেলত এনে কিছুমান ভাই-ভনী আছিল, যিসকলে আগতে মিচনেৰী আছিল। তেওঁলোকৰ লগত সময় অতিবাহিত কৰি আমাৰ ইচ্ছা আৰু বাঢ়ি গʼল। আমি তিনি বছৰলৈকে প্ৰতিদিনে এই বিষয়ে প্ৰাৰ্থনা কৰিলোঁ আৰু ১৯৮৫ চনত আমাৰ প্ৰাৰ্থনাৰ উত্তৰ পালোঁ। আমাক গিলিয়াডৰ ৭৯তম ক্লাচৰ বাবে মতা হʼল। আমি বৰ আনন্দিত আছিলোঁ! স্কুলৰ পাছত আমাক পশ্চিম আফ্ৰিকাৰ লাইবেৰিয়ালৈ পঠিওৱা হʼল।
ভাই-ভনীসকলৰ মৰমৰ পৰা সাহস পালোঁ
পʼল: লাইবেৰিয়াৰ পৰিস্থিতি যেতিয়া অলপ ভাল হʼল, তেতিয়া আমি প্ৰথম উৰা জাহাজেৰে তালৈ গʼলোঁ। কিন্তু তাত এতিয়াও কাৰ্ফিউ লাগি আছিল আৰু লোকসকল বহুত ভয়ত আছিল। লোকসকলে গাড়ীৰ চাইলেন্সাৰৰ মাত শুনিও ভয় খাইছিল আৰু a লগত বেথেলত কাম কৰিছিলোঁ। ভাই জʼন চেৰুকৰ বহুতো অভিজ্ঞতা আছিল। তেওঁ ভাই-ভনীসকলৰ পৰিস্থিতি ভালদৰে বুজি পাইছিল। তেওঁ মোক বহুত ভালদৰে ট্ৰেইনিং দিলে।
পলাইছিল। শান্ত্বনা পাবলৈ আমি প্ৰতিটো ৰাতি গীতমালা কিতাপৰ কিছুমান পদ পঢ়িছিলোঁ। তাত থকাটো ইমান সহজ নাছিল। কিন্তু তাত সেৱা কৰি আমি বহুত ভাল পাইছিলোঁ। এন প্ৰতিদিনে প্ৰচাৰলৈ গৈছিল। কিন্তু মই ভাই জʼন চেৰুকৰএন: জানেনে, লাইবেৰিয়াত থাকি আমাক বৰ ভাল লাগিছিল। কাৰণ তাৰ ভাই-ভনীসকল বহুত মৰমিয়াল আছিল! তেওঁলোকে আনন্দত থাকিছিল, আমাক বহুত প্ৰেম কৰিছিল আৰু তাতকৈও ডাঙৰ কথা তেওঁলোকে যিহোৱাক প্ৰেম কৰিছিল। তেওঁলোকে আমাৰ আপোন যেন হৈ পৰিছিল। আমি তাত এটা নতুন পৰিয়াল পালোঁ! তাৰ ভাই-ভনীসকলে আমাৰ বহুত সহায় কৰিলে, আমাক ভাল পৰামৰ্শ দিলে আৰু উৎসাহিত কৰিলে। তাত প্ৰচাৰ কৰিও বৰ ভাল লাগিছিল। তাৰ লোকসকলে আমাৰ কথা শুনিব বিচাৰিছিল। যদি আমি কাৰোবাৰ ঘৰৰ পৰা সোনকালে ওলাই আহিছিলোঁ, তেনেহʼলে তেওঁলোকে দুখ পাইছিল। লোকসকলে বাইবেলৰ বিষয়ে কথা পাতি ভাল পাইছিল। আমি ৰাস্তাতো তেওঁলোকৰ লগত এই বিষয়ে কথা পাতিব পাৰিছিলোঁ। যদি দুজন ব্যক্তিয়ে কথা পাতি আছে আৰু আমি মাজতে গৈ কথা পাতোঁ, তেনেহʼলে তেওঁলোকে বেয়া পোৱা নাছিল। আমাৰ ওচৰত ইমানেই বাইবেল অধ্যয়ন আছিল যে সকলোকে সময় দিবলৈ কঠিন হৈছিল। কিন্তু এয়া আমি ভাল পাইছিলোঁ।
ভয় লাগিছিল, কিন্তু যিহোৱাই সাহস দিলে
পʼল: চাৰি বছৰ দেশত অলপ শান্তি আছিল। কিন্তু ১৯৮৯ চনত গৃহ যুদ্ধ আৰম্ভ হʼল। বিৰোধী গোটৰ হত্যাকাৰী লোকসকলে জুলাই ২, ১৯৯০ চনত বেথেলৰ আশে-পাশে থকা এলেকাবোৰ অধিকাৰ কৰি লʼলে। তিনি মাহলৈকে আমি নিজৰ পৰিয়াল আৰু মুখ্য কাৰ্য্যালয়ৰ লগত যোগাযোগ কৰিব পৰা নাছিলোঁ। সকলো ফালে মাৰ-কাট হৈ আছিল, খোৱা-বোৱাৰ অভাৱ হৈছিল আৰু তিৰোতাসকলৰ লগত বলৎকাৰ হৈ আছিল। দেশৰ পৰিস্থিতি ১৪ বছৰলৈকে এইদৰেই আছিল।
এন: কিছুমান জাতিৰ লোকসকলে নিজৰ মাজতেই কাজিয়া কৰিছিল আৰু এজনে-আনজনক হত্যা কৰিছিল। হত্যাকাৰীবিলাকে অস্ত্ৰ লৈ ফুৰিছিল আৰু অদ্ভুত ধৰণৰ কাপোৰ পিন্ধিছিল। তেওঁলোকে ঘৰবোৰত সোমাই লুট-মাৰ কৰিছিল। তেওঁলোকৰ বাবে লোকসকলৰ হত্যা কৰাটো কুকুৰা কাটা যেন আছিল। তেওঁলোকে সকলো ঠাইতে নাকাবন্দী কৰিছিল আৰু মৃতদেহবোৰক এটাৰ ওপৰত আনটোক জাপি চেক পষ্টʼ বনাইছিল। শাখা কাৰ্য্যালয়ৰ ওচৰে-পাজৰে সেই একেই পৰিস্থিতি আছিল। আমাৰ ভাই-ভনীসকলকো হত্যা কৰা হৈছিল। ইয়াৰে মাজৰ দুজন মিচনেৰী আছিল।
হত্যাকাৰীসকলে আন জাতিৰ লোকসকলক বিচাৰি বিচাৰি হত্যা কৰিছিল। এনে পৰিস্থিতিত আমাৰ ভাই-ভনীসকলে নিজৰ জীৱন বিপদত পেলাই আন জাতিৰ ভাই-ভনীসকলক নিজৰ ঘৰত লুকুৱাই থৈছিল। মিচনেৰী ভাই-ভনী আৰু বেথেলত সেৱা কৰা ভাই-ভনীসকলেও এইদৰেই কৰিছিল। কিছুমান ভাই-ভনীয়ে পলাই বেথেললৈ আহিছিল। তেওঁলোকৰ মাজৰ কিছুমানে আমাৰ ওপৰৰ কোঠালিত শুইছিল আৰু আন কিছুমানে তলত অফিচত। আমি নিজৰ কোঠালিত এটা পৰিয়ালক থৈছিলোঁ। তেওঁলোক সাত জন আছিল।
পʼল: এই হত্যাকাৰীসকলে সদায় আমাৰ ঘৰলৈ আহি চাবলৈ চেষ্টা কৰিছিল যে আমি আন জাতিৰ লোকসকলক লুকুৱাই ৰখাতো নাই। সুৰক্ষা দিবলৈ আমি চাৰিজন ভাইক নিযুক্ত কৰিছিলোঁ। যেতিয়া কোনোবা আহিছিল, তেতিয়া দুজন ভাই গেটলৈ গৈছিল আৰু দুজনে খিৰিকীৰ পৰা তেওঁলোকক চাইছিল। যদি তেওঁলোকে নিজৰ হাত আগফালে কৰিছিল, তাৰ অৰ্থ হৈছে সকলো ঠিকে আছে আৰু যদি তেওঁলোকে নিজৰ হাত পিছফালে কৰিছিল, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে হত্যাকাৰীবিলাকে খঙত আছে আৰু লগে লগে তেওঁলোকে ভাই-ভনীসকলক লুকুৱাই দিছিল।
এন: বহু সপ্তাহৰ পাছত কিছুমান হত্যাকাৰীয়ে বেথেলত সোমাই আহিল। মই এজনী ভনীক বাথৰুমত লৈ গʼলোঁ আৰু দুৱাৰখন বন্ধ কৰি দিলোঁ। বাথৰুমত এখন আলমাৰী আছিল, যʼত লুকাবলৈ এখন ঠাই আছিল। মই যেনে-তেনে ভনীক তাত লুকুৱাই দিলোঁ। সেই লোকসকলেও মোৰ পিছে পিছে ওপৰলৈ আহিল। তেওঁলোকৰ হাতত মেচিনগান আছিল। তেওঁলোকে জোৰেৰে বাথৰুমৰ দুৱাৰত মাৰিবলৈ ধৰিলে। পʼলে তেওঁলোকক বহুত ৰখাবলৈ চেষ্টা কৰিলে আৰু কʼলে “মোৰ পত্নী বাথৰুমত আছে।” ভনীক লুকুৱাৰ পাছত বস্তুবোৰ আকৌ আলমাৰীত থʼবলৈ মোক অলপ সময় লাগিল। হত্যাকাৰীবিলাকে এই সকলো মাত শুনি পালে আৰু তেওঁলোকৰ সন্দেহ হʼল যেন মোৰ লাগিল। সেইবাবে, মই ভয়তে কপিবলৈ ধৰিলোঁ। এনে পৰিস্থিতিত দুৱাৰ খোলাটো সম্ভৱ নাছিল। মই সহায় বিচাৰি মনতে যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। তাৰ পাছত মই দুৱাৰ খুলি তেওঁলোকক হেল্ল কʼলোঁ। এজন মানুহে মোক জোৰেৰে ঠেলা মাৰি বাথৰুমত হুৰ-মুৰকৈ সোমাই গʼল আৰু আলমাৰীৰ ভিতৰত চাবলৈ ধৰিলে আৰু বস্তুবোৰ পেলাই দিলে। তাত একো নোপোৱাৰ বাবে তেওঁ বহুত আচৰিত হʼল। তেওঁ আৰু তেওঁৰ লগত অহা লোকসকলে ঘৰৰ ওপৰৰ পৰা তললৈকে সকলো ঠাইতে বিচাৰিলে, কিন্তু একো নাপালে।
আন্ধাৰতো সত্যৰ পোহৰ জিলিকি থাকিল
পʼল: আমাৰ ওচৰত খোৱা-বোৱা বস্তুৰ অভাৱ আছিল, কিন্তু ঈশ্বৰৰ পৰা পোৱা আহাৰৰ একো অভাৱ নাছিল। কেইবা মাহলৈকে আমি ব্ৰেকফাষ্টৰ ঠাইত ৰাতিপুৱাৰ উপাসনা শুনিছিলোঁ। ইয়াৰ পৰা আমি কিমান শক্তি পালোঁ, সেয়া শব্দেৰে প্ৰকাশ কৰিব নোৱাৰোঁ।
আমি বাহিৰলৈ গৈ খোৱা-বোৱা বস্তু কিনি আনিব পৰা নাছিলোঁ। কাৰণ আমি গুচি যোৱা হʼলে বেথেলত লুকাই থকা ভাই-ভনীসকলক তেওঁলোকে মাৰি পেলালেহেঁতেন। আমি লক্ষ্য কৰিলোঁ যে যিহোৱাই একেবাৰে সঠিক সময়ত আৰু এনে উপায়েৰে সহায় কৰিলে, যাৰ বিষয়ে আমি ভবাও নাছিলোঁ। যিহোৱাই আমাক সকলো সময়তে চম্ভালিলে আৰু নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰিলে।
লাইবেৰিয়াৰ পৰিস্থিতি বহুত বেয়ালৈ ঢাল খাইছিল আৰু কোনো আশা দেখিবলৈ পোৱা নগৈছিল। কিন্তু সত্যৰ বাবে ভাই-ভনীসকলে আশা হেৰুৱাই নিদিলে। তেওঁলোকে নিজৰ জীৱন বচাবলৈ বহু বাৰ পলাবলগীয়া হৈছিল। তথাপিও তেওঁলোকে বিশ্বাসত দৃঢ় হৈ থাকিল আৰু কঠিন পৰিস্থিতিতো শান্ত হৈ থাকিব পাৰিলে। তেওঁলোকৰ মাজৰ কিছুমান ভাই-ভনীয়ে কʼলে যে এই সমস্যাবোৰে তেওঁলোকক মহা সংকটৰ বাবে সাজু কৰি আছে। প্ৰাচীনসকলে আৰু ডেকা ভাইসকলে বহুত সাহস দেখুৱালে আৰু ভাই-ভনীসকলক সহায় কৰিলে। ভাই-ভনীসকলেও এজনে-আনজনক চম্ভালিলে। যেতিয়া তেওঁলোকে আন ঠাইলৈ পলাই গৈছিল, তেতিয়াও তেওঁলোকে প্ৰচাৰ কৰিছিল আৰু সভা চলাইছিল। তেওঁলোকে জংঘলত গছৰ ডাল আৰু পাতেৰে ৰাজ্যগৃহ বনাইছিল। এই কঠিন পৰিস্থিতিত সভা আৰু প্ৰচাৰ কৰাৰ বাবে তেওঁলোকে বহুত সাহস পালে। যেতিয়া আমি ভাই-ভনীসকলক সাহায্যৰ বস্তু দি আছিলোঁ, তেতিয়া তেওঁলোকে কাপোৰৰ সলনি প্ৰচাৰৰ বেগ খুজিলে। এয়া চাই আমাৰ হৃদয় স্পৰ্শ হʼল। তাৰ লোকসকলে বহুত দুখত আৰু ভয়ত আছিল। মথি ৫:১৪-১৬) তেওঁলোকৰ উৎসাহ চাই কিছুমান হত্যাকাৰী লোকেও আগলৈ গৈ সত্য গ্ৰহণ কৰিলে।
যেতিয়া আমি তেওঁলোকক শুভবাৰ্তা শুনাইছিলোঁ, তেতিয়া তেওঁলোকে আমাৰ কথা মনোযোগেৰে শুনিছিল। যিহোৱাৰ সাক্ষীসকলক কঠিন পৰিস্থিতিতো আনন্দত থকা দেখি তেওঁলোকে আচৰিত হৈছিল। সঁচাকৈ, ভাই-ভনীসকল আন্ধাৰত পোহৰৰ দৰে জিলিকি আছিল। (ভাই-ভনীসকলৰ পৰা দূৰলৈ যোৱাৰ সময়ত যিহোৱাই সাহস দিলে
পʼল: মাজে মাজে আমি লাইবেৰিয়া এৰি যাবলগীয়া হʼল। তিনি বাৰ কিছু সময়ৰ বাবে আৰু দুবাৰ গোটেই বছৰৰ বাবে। এগৰাকী মিচনেৰী ভনীয়ে কৈছিল, “গিলিয়াড স্কুলত আমাক শিকোৱা হৈছিল যে আমাক যিয়ে কাম দিয়া হয়, সেয়া আমি সম্পূৰ্ণ মনেৰে কৰা উচিত আৰু আমি এইদৰেই কৰিলোঁ। যেতিয়া কঠিন পৰিস্থিতিত ভাই-ভনীসকলক এৰি যাবলগীয়া হৈছিল, তেতিয়া আমাৰ বহুত দুখ লাগিছিল। আমি একেবাৰে ভাঙি পৰিছিলোঁ।” আমিও যেতিয়া লাইবেৰিয়া এৰি গৈছিলোঁ, তেতিয়া এইদৰেই অনুভৱ কৰিছিলোঁ। কিন্তু আনন্দৰ কথা যে আমি লাইবেৰিয়াৰ বাহিৰত থাকিও তাত থকা ভাই-ভনীসকলক সহায় কৰিব পাৰিছিলোঁ।
এন: এয়া মে’ ১৯৯৬-ৰ কথা। আমি বেথেলৰ পৰা ১৬ কিলোমিটাৰ (১০ মাইল) দূৰত এখন সুৰক্ষিত ঠাইলৈ যাব বিচাৰিছিলোঁ। সেইবাবে, আমি চাৰিজন বেথেলৰ গাড়ী লৈ ওলাই গৈছিলোঁ। আমাৰ ওচৰত শাখা কাৰ্য্যালয়ৰ কিছুমান গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ আছিল। সেই সময়তে আমাৰ এলেকাত কিছুমান হত্যাকাৰী লোকে আক্ৰমণ কৰিলে আৰু গুলি চলাবলৈ ধৰিলে। তেওঁলোকে আমাৰ গাড়ীখন ৰখাই দিলে। আমাক তিনিজনক গাড়ীৰ পৰা নমাই দিলে আৰু পʼলক গাড়ীৰ লগতে লৈ গʼল। আমি বুজিয়েই নাপালোঁ যে আমাৰ লগত কি হʼল। তাৰ পাছত পʼলে ভীৰৰ মাজেৰে খোজ কাঢ়ি আমাৰ ফালে আহি আছিল আৰু তেওঁৰ মূৰৰ পৰা তেজ ওলাই আছিল। আমি ভাবিলোঁ পʼলক গুলি লাগিছে। আকৌ ভাবিলোঁ গুলি লগা হʼলেতো তেওঁ খোজ কাঢ়ি আহিব নোৱাৰিলেহেঁতেন। আচলতে তেওঁক কোনোবাই মাৰিছিল আৰু গাড়ীৰ পৰা পেলাই দিছিল। কিন্তু ভাল কথা যে তেওঁ বেছিকৈ আঘাত পোৱা নাছিল!
ওচৰতে লোকসকলেৰে ভৰা মিলিটেৰিৰ এখন গাড়ী আছিল আৰু লোকসকলে বহুত ভয়ত আছিল। আমি যেনে-তেনে সেই গাড়ীখনত ওলমি গʼলোঁ। তাৰ পাছত ড্ৰাইভাৰে গাড়ীখন ইমান স্পীডত চলালে যে অলপৰ কাৰণে বাচি গʼলোঁ নহʼলে পৰি গʼলোঁ হয়। আমি তেওঁক গাড়ী ৰখাবলৈ কʼলোঁ, কিন্তু তেওঁ ইমানেই ভয় খাইছিল যে তেওঁ আমাৰ কথা নুশুনিলে। আমি যেনে-তেনে সেই গাড়ীখনত ওলমি থাকিলোঁ। তাৰ পাছত যেতিয়া গাড়ীখন ৰৈছিল, তেতিয়া আমি তাৰ পৰা নামিলোঁ। সেই সময়ত আমাৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছিল। ইমান দেৰি ওলমি থকাৰ বাবে আমি কপি আছিলোঁ।
পʼল: আমাৰ ওচৰত একোৱেই নাছিল। আমাৰ কাপোৰ লেতেৰা হৈ গৈছিল আৰু ফাটি গৈছিল। আমি এজনে-আনজনক চাই ভাবিলোঁ যিয়েই নহওক কিয় আমি জীয়াইতো আছোঁ। আমি এখন হেলিকপ্তাৰৰ ওচৰত গʼলোঁ, যি এখন ফিল্ডত আছিল। হেলিকপ্তাৰত গুলিৰ বহুতো চিন আছিল আৰু তাৰ অৱস্থা একেবাৰে বেয়া আছিল। আমি সেই হেলিকপ্তাৰৰ ওচৰতে শুই গʼলোঁ। তাৰ পাছদিনা আমি সেই হেলিকপ্তাৰতে চিয়েৰা লিয়োন গʼলোঁ। আমি জীয়াই আছোঁ বুলি আমি সকলোৱে আনন্দিত আছিলোঁ, কিন্তু লাইবেৰিয়াত থকা ভাই-ভনীসকলৰ বাবে আমি বহুত চিন্তিত আছিলোঁ।
যিহোৱাই আৰু এটা সমস্যা সহন কৰিবলৈ সাহস দিলে
এন: আমি ভালে ভালে চিয়েৰা লিয়োনৰ ফ্ৰিটাওন চহৰত থকা বেথেললৈ গৈ পালোঁ। তাৰ ভাই-ভনীসকলে বহুত ভালদৰে আমাৰ যত্ন লʼলে। কিন্তু পাছত যুদ্ধৰ বেয়া স্মৃতিবোৰে মোক আমনি কৰিবলৈ ধৰিলে। মই গোটেই দিন ভয়ত থাকিছিলোঁ। মোৰে আশে-পাশে যি হৈ আছে, সেয়া সঁচাকৈ হৈ আছে নে সপোন হয়, সেয়া মই ভাবিব পৰা নাছিলোঁ। মই ৰাতি ভালকৈ শুব পৰা নাছিলোঁ। ৰাতি মই সাৰ পাই গৈছিলোঁ আৰু ভয়তে কপিবলৈ ধৰিছিলোঁ আৰু মোৰ হাত-ভৰি চেঁচা হৈ পৰিছিল। মই উশাহও লʼব পৰা নাছিলোঁ। তেতিয়া পʼলে মোক সাৱটি ধৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল আৰু যেতিয়ালৈকে মই শান্ত হোৱা নাছিলোঁ, তেতিয়ালৈকে ৰাজ্য গীত গাইছিলোঁ। মোৰ এনে লাগিছিল যেন মই পাগল হৈ আছোঁ আৰু এতিয়া মিচনেৰী সেৱা কৰিব নোৱাৰিম।
তাৰ পাছত যি হʼল, সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেই সপ্তাহতে মই দুখন আলোচনী পালোঁ। এখন জুন ৮, ১৯৯৬ চনৰ সচেতন থাকক! (ইংৰাজী) আছিল। তাত এখন লেখ আহিছিল, যাৰ বিষয় আছিল, ““পেনিক এটেক আহিলে কি কৰিম?” সেইখন পঢ়ি মই গʼম পালোঁ যে মোৰ লগত কি হৈ আছে। আন আলোচনীখন মে’ ১৫, ১৯৯৬ চনৰ প্ৰহৰীদুৰ্গ (হিন্দী)আছিল। তাত এখন লেখ আছিল, যাৰ বিষয় আছিল, “তেওঁলোকে কʼৰ পৰা শক্তি পায়?” এই লেখত এজনী পখিলাৰ ছবি আছিল, যাৰ পাখিবোৰ ভাঙি গৈছিল। সেই লেখত বুজোৱা হৈছিল যে পখিলাৰ পাখি ভাঙি যোৱাৰ সত্ত্বেও উৰি ফুৰে। ঠিক সেইদৰে যেতিয়া আমাৰ মন ভাঙি পৰে, তেতিয়া যিহোৱাই নিজৰ পবিত্ৰ শক্তিৰ যোগেদি আমাক শক্তি দিয়ে আৰু এইদৰে আমি আনকো সহায় কৰিব পাৰোঁ। এই দুয়োটা লেখ একেবাৰে সঠিক সময়ত যিহোৱাৰ পৰা পোৱা আহাৰ আছিল। (মথি ২৪:৪৫) মই এনেধৰণৰ আৰু লেখ বিচাৰিলোঁ আৰু এটা ফাইল বনাই চম্ভালি ৰাখিলোঁ। ইয়াৰ পৰা মই বহুত লাভৱান হʼলোঁ। লাহে লাহে মোৰ পৰিস্থিতি ভাল হʼবলৈ ধৰিলে আৰু মোৰ ভয় কম হʼল।
নতুন ঠাইত গৈ সেৱা কৰিবলৈ যিহোৱাই সাহস দিলে
পʼল: যেতিয়াই আমি নিজৰ ঘৰ লাইবেৰিয়ালৈ গৈছিলোঁ, তেতিয়া আমি বহুত আনন্দিত হৈছিলোঁ। আমি তাত সেৱা কৰা ২০০৪ চনৰ শেষলৈকে প্ৰায় ২০ বছৰ হৈছিল। যুদ্ধ শেষ হৈ গৈছিল
আৰু শাখা কাৰ্য্যালয়ত কিছুমান নিৰ্মাণ কাম কৰাৰ যোজনা বনোৱা হৈছিল। কিন্তু পাছত আমাক আন ঠাইলৈ সেৱা কৰিবলৈ পঠিওৱা হৈছে বুলি জনোৱা হʼল।এয়া আমাৰ বাবে সহজ নাছিল। লাইবেৰিয়াৰ ভাই-ভনীসকল আমাৰ পৰিয়ালৰ দৰে হৈ পৰিছিল। তেওঁলোকৰ অবিহনে আমি কেনেকৈ থাকিব পাৰিলোঁহেঁতেন! আমি গিলিয়াডলৈ যোৱাৰ সময়ত নিজৰ পৰিয়ালক এৰি গৈছিলোঁ। কিন্তু সেই সময়ত যিহোৱাই আমাক চম্ভালিলে আৰু বহুতো আশীৰ্বাদ দিলে। সেইবাবে, আমি আন ঠাইলৈ গৈ সেৱা কৰিবলৈ সাজু আছিলোঁ। এইবাৰ আমাক ঘানালৈ পঠিওৱা হৈছিল।
এন: লাইবেৰিয়া এৰি যোৱাৰ সময়ত আমি বহুত কান্দিলোঁ। কিন্তু ফ্ৰেংক নামৰ এজন বৃদ্ধ ভায়ে আমাক কʼলে, “তোমালোকে আমাক পাহৰি যাবা।” এই কথা শুনি আমি আচৰিত হʼলোঁ। পাছত তেওঁ আমাক বুজালে, “আমি জানোঁ তোমালোকে আমাক কেতিয়াও পাহৰিব নোৱাৰা। কিন্তু যি দায়িত্ব পাইছা, সেয়া যিহোৱাৰ পৰা হয়। সেইবাবে, এই কাম সম্পূৰ্ণ মনেৰে কৰিবা। তাৰ ভাই-ভনীসকলৰ যত্ন লʼবা আৰু তেওঁলোকক সহায় কৰিবা।” এই পৰামৰ্শ আমাৰ বহুত ভাল লাগিল। আমি আকৌ এবাৰ নতুন ঠাইলৈ গৈ সেৱা কৰিবলৈ আৰু নতুন বন্ধু বনাবলৈ সাজু আছিলোঁ।
পʼল: অলপ সময়তে আমি ঘানাৰ ভাই-ভনীসকলক নিজৰ পৰিয়াল যেন কৰি তুলিলোঁ। তাত বহুতো ভাই-ভনী আছিল। তেওঁলোকৰ বিশ্বাস বহুত মজবুত আছিল আৰু সমস্যাৰ সত্ত্বেও বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছিল। তেওঁলোকৰ পৰা আমি বহুতো কথা শিকিব পাৰিলোঁ। ঘানাত ১৩ বছৰ সেৱা কৰাৰ পাছত আমি আৰু এটা খবৰ পালোঁ। আমাক পূব আফ্ৰিকাৰ শাখা কাৰ্য্যালয়ত গৈ সেৱা কৰিবলৈ কোৱা হʼল, যি কেনিয়াত আছে। ঘানা আৰু লাইবেৰিয়াৰ ভাই-ভনীসকললৈ আমাৰ মনত পৰিছিল। কিন্তু কেনিয়ালৈ গৈ পোৱাৰ অলপ পাছতে আমি বহুতো বন্ধু বনাব পাৰিলোঁ। আজি আমি কেনিয়াতে সেৱা কৰি আছোঁ আৰু ইয়াত বহুত কাম বাকী আছে।
যিহোৱাই আমাক বহুতো কথা শিকালে
এন: আমি জীৱনত বহুতো সমস্যাৰ মাজেদি পাৰ হৈছোঁ। ইয়ে মোৰ স্বাস্থ্য আৰু ভাবনাৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাইছে। যিহোৱাই চমৎকাৰ কৰি আমাক সমস্যাৰ পৰা ৰক্ষা নকৰে। আজিও যেতিয়া মই গুলিৰ মাত শুনোঁ, তেতিয়া মই ভয় খাওঁ আৰু মোৰ হাত-ভৰি কপিবলৈ ধৰে। কিন্তু আমাৰ সাহস বঢ়াবলৈ যিহোৱাই আমাক বহুত কিছু দিছে। যেনে, মৰমিয়াল ভাই-ভনীসকলক দিছে। মই লক্ষ্য কৰিছোঁ যে অধ্যয়ন কৰিলে, প্ৰাৰ্থনা কৰিলে, সভা আৰু প্ৰচাৰলৈ গʼলে, আমি যিহোৱাৰ সেৱা কৰি থাকিবলৈ সাহস পাওঁ।
পʼল: কিছুমান লোকে আমাক সোধে, “মিচনেৰী সেৱা আপোনালোকৰ ভাল লাগে নে?” তেতিয়া মই কওঁ, কিছুমান দেশ দেখাত ধুনীয়া, কিন্তু পৰিস্থিতি যিকোনো সময়ত সলনি হʼব পাৰে আৰু সমস্যা আহিব পাৰে। কিন্তু আমি ঠাইবোৰতকৈ বেছি ভাই-ভনীসকলক মৰম কৰোঁ আৰু তেওঁলোক আমাৰ পৰিয়াল হয়। যদিও আমি বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছোঁ আৰু বেলেগ বেলেগ ঠাইৰ পৰা হওঁ। কিন্তু আমাৰ চিন্তাধাৰা একে নিচিনা। আমাক ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ পঠিওৱা হয়, কিন্তু সঁচা কথা কʼবলৈ গʼলে আমি তেওঁলোকৰ পৰা উৎসাহিত হওঁ।
আমি যʼতেই গʼলোঁ, তাতেই ভাই-ভনীসকলেৰে গঠিত পৰিয়াল পালোঁ। এয়া আমাৰ বাবে চমৎকাৰতকৈ কম নাছিল! আমি যেতিয়ালৈকে যিহোৱাৰ মণ্ডলীৰ ভাগ হৈ থাকোঁ, তেতিয়ালৈকে আমাৰ ওচৰত থাকিবলৈ এটা ধুনীয়া ঘৰ থাকে। আমাৰ সম্পূৰ্ণ ভৰসা আছে যে আমি যিহোৱাৰ ওপৰত ভৰসা কৰিলে, তেওঁ আমাক প্ৰয়োজনৰ অনুসৰি সাহস আৰু শক্তি দিব।—ফিলি. ৪:১৩.
a মাৰ্চ ১৫, ১৯৭৩ চনৰ (ইংৰাজী) প্ৰহৰীদুৰ্গত ছপা কৰা ভাই জʼন চেৰুকৰ জীৱন কাহিনী “আই এম থেংকফুল টু গড এণ্ড খ্ৰাইষ্ট” পঢ়ক।