Skip to content

Skip to table of contents

জীৱন কাহিনী

চিকিৎসাতকৈ গুৰুত্বপূৰ্ণ সেৱা

চিকিৎসাতকৈ গুৰুত্বপূৰ্ণ সেৱা

ইয়াৰপৰা মোৰ লʼৰালিকালৰ সপোন পূৰ হʼব। এই কথাষাৰ মই ১৯৭১ চনত মোৰ ক্লিনিকলৈ চিকিৎসা কৰিবলৈ অহা এহাল দম্পতীক কৈছিলোঁ। তেওঁলোকক লগ কৰাৰ পাছত মোৰ জীৱন সলনি হʼল। মোৰ বিশ্বাস হʼল যে মোৰ লʼৰালিকালৰ সপোন নিশ্চয় পূৰ হʼব। কিন্তু আপোনালোকে হয়তো জানিব বিচাৰে যে সেই দম্পতী কোন আছিল আৰু মোৰ লʼৰালিকালৰ সপোন কি আছিল। আহক ইয়াৰ বিষয়ে মই আৰম্ভণিৰপৰা কওঁ।

মোৰ জন্ম ১৯৪১ চনত ফ্ৰান্সৰ পেৰিচ চহৰত হৈছিল। মোৰ পৰিয়াল ধনী নাছিল। যেতিয়া মই দহ বছৰৰ হʼলোঁ, তেতিয়া মোৰ টি.বি. বেমাৰ হʼল আৰু মোৰ স্কুল যোৱাটো বন্ধ কৰি দিয়া হʼল। ডাক্তৰে কৈছিল যে মোৰ হাওঁফাওঁ একেবাৰে দুৰ্বল আছে। সেইবাবে, মই বিচনাতে থাকিব লাগিব। এই কথা শুনি মই একেবাৰে নিৰাশ হৈ পৰিলোঁ। কিয়নো মই পঢ়া-শুনা কৰি ভাল পাইছিলোঁ। কিন্তু মই হাৰ মনা নাছিলোঁ। কেইবামাহ মই শব্দকোষ পঢ়িলোঁ আৰু ইউনিভাৰচিটী অফ পেৰিচৰ ৰেডিঅʼ কাৰ্য্যক্ৰম শুনিবলৈ ধৰিলোঁ। যেতিয়া ডাক্তৰে কʼলে যে মোৰ বেমাৰ ভাল হৈ গʼল আৰু মই পুনৰ স্কুললৈ যাব পাৰোঁ, তেতিয়া মই বহুত আনন্দিত হৈছিলোঁ। মই ভাবিলোঁ ‘ডাক্তৰে কিমান ভাল কাম কৰে!’ তেতিয়াৰেপৰা সকলোৰে বেমাৰ ঠিক কৰাটো মোৰ সপোন হৈ পৰিল। যেতিয়া দেউতাই মোক সুধিছিল, “তুমি ডাঙৰ হৈ কি হʼবা?” তেতিয়া মই সদায় একেটা উত্তৰ দিছিলোঁ, “ডাক্তৰ।” এইদৰে মই সৰুৰেপৰা ডাক্তৰ হʼব বিচাৰিছিলোঁ।

বিজ্ঞানৰ বাবে মই ঈশ্বৰক জানিব পাৰিলোঁ

মোৰ পৰিয়াল কেথলিক আছিল, কিন্তু মই ঈশ্বৰৰ বিষয়ে নাজানিছিলোঁ। মোৰ মনত বহুতো প্ৰশ্ন আছিল, যাৰ উত্তৰবোৰ মই বিচাৰি পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই ডাক্তৰ পঢ়িবলৈ ধৰিলোঁ, তেতিয়া মোৰ বিশ্বাস হʼল যে জীৱনক সৃষ্টি কৰা হৈছে।

যেতিয়া মই প্ৰথমবাৰ টিউলিপ ফুলৰ কোষ মাইক্ৰস্কʼপৰ যোগেদি চাইছিলোঁ, সেই দিনটো মোৰ আজিও মনত আছে। মই এয়া জানি আচৰিত হʼলোঁ যে প্ৰতিটো কোষে কেনেকৈ নিজকে ঠাণ্ডা আৰু গৰমৰপৰা ৰক্ষা কৰে। মই এয়াও দেখিলোঁ যে কোষবোৰত এটা পদাৰ্থ (চাইটʼপ্লাজম) থাকে, যিয়ে নিমখ পালে কোচ খাই যায় আৰু বিশুদ্ধ পানী পালে বিয়পি যায়। এনেধৰণৰ দক্ষতাৰ বাবে বহুতো জীৱই বতৰ সলনি হʼলে নিজকে খাপ খোৱাব পাৰে। কিন্তু মই লক্ষ্য কৰিলোঁ যে কোষৰ গঠনত কিমান জটিলতা আছে আৰু ইয়াৰপৰা মই বুজি পালোঁ যে জীৱন নিজে নিজে অহা নাই, ইয়াক সৃষ্টি কৰা হৈছে।

ডাক্তৰ পঢ়ি থকাৰ দ্বিতীয় বছৰত মই এনে কথা জানিব পাৰিলোঁ, যাৰপৰা ঈশ্বৰ আছে বুলি মোৰ বিশ্বাস হʼল। মানুহৰ বিষয়ে পঢ়াৰ সময়ত মই গʼম পালোঁ যে আমাৰ হাতৰ কিলাকুটিৰপৰা হাতৰ সৰু গাঁথিৰ মাজত মাংসপেশীবোৰ লিগামেন্ট (যিয়ে হাড়ডালক হাড়ৰ লগত লগ-লগাই ৰাখে) আৰু টেণ্ডনৰ (ইয়ে হাড়ডালক মাংসপেশীৰ লগত লগ-লগাই ৰাখে) গঠন আচৰিত হয়। এই গঠনৰ বাবে আমি নিজৰ আঙুলিবোৰ লৰাব পাৰোঁ। আমাৰ হাতৰ টেণ্ডনৰ বিষয়ে মন কৰক। যি টেণ্ডনে আমাৰ হাতৰ মাংসপেশীবোৰক আঙুলিৰ আন হাড়ৰ লগত লগ-লগাই ৰাখে, সেইবোৰ দুটা ভাগত ভাগ হৈ যায়। ইয়াৰ বাবে আঙুলিৰ শেষলৈকে যোৱা টেণ্ডনে সেইবোৰৰ মাজতে অহা-যোৱা কৰিব পাৰে আৰু নিজৰ ঠাইতে থাকিব পাৰে। ইয়াৰ বাবে কিছুমান পেশীয়ে (টিচু) টেণ্ডনক আঙুলিৰ হাড়বোৰৰ লগত লগ-লগাই ৰাখে। আমাৰ আঙুলিবোৰৰ গঠন এইদৰে নোহোৱা হʼলে টেণ্ডন টানি থকা নিচিনা হʼলহেঁতেন আৰু আমাৰ আঙুলিবোৰে ভালদৰে কাম নকৰিলেহেঁতেন। এইবোৰ দেখি মোৰ বিশ্বাস আৰু বাঢ়িল যে আমাৰ শৰীৰক সৃষ্টিকৰ্তাজন বহুত বুদ্ধিমান হয়।

যেতিয়া মই শিকিলোঁ যে এটি শিশুৱে জন্মৰ পাছত কেনেকৈ উশাহ লয়, তেতিয়া ঈশ্বৰৰ প্ৰতি মোৰ কৃতজ্ঞতা আৰু বাঢ়িল। শিশুটিয়ে মাতৃৰ গৰ্ভত থকাৰ সময়ত গৰ্ভনলীৰ যোগেদি অক্সিজেন লয়। সেইসময়ত শিশুটিৰ হাওঁফাওঁ কাম নকৰে আৰু তাৰ ভিতৰত বেলুনৰ নিচিনা সৰু সৰু মোনা থাকে অৰ্থাৎ অল্ভিঅলী ফুলি নাথাকে। কিন্তু শিশুটি জন্ম হোৱাৰ কিছুসপ্তাহৰ পাছতে তাত এটা দ্ৰব্য চাৰফেক্টটেন্ট বিয়পিবলৈ ধৰে। তাৰ পাছত যেতিয়া শিশুটি জন্ম হয়, তেতিয়া এটাৰ পাছত এটা পৰিৱৰ্তন হʼবলৈ ধৰে। শিশুটিৰ হৃদয়ৰ ফুটা বন্ধ হৈ যায়, যাৰ বাবে হাওঁফাওঁত তেজ চলাচল কৰিবলৈ ধৰে। সেইসময়ত অল্ভিঅলীত চাৰফেক্টটেন্ট থকাৰ বাবে সেইবোৰ কোচ খোৱাৰ পৰিৱৰ্তে তাত বতাহ সুমাবলৈ ধৰে। এইদৰে শিশুটিৰ হাওঁফাওঁ কাম কৰিবলৈ আৰম্ভ কৰে আৰু সি নিজে উশাহ লʼবলৈ ধৰে।

যিজন সৃষ্টিকৰ্তাই সকলোকে সৃষ্টি কৰিছে, মই সেইজনাৰ বিষয়ে জানিব বিচাৰিছিলোঁ। সেইবাবে, মই মন দি বাইবেল পঢ়িবলৈ ধৰিলোঁ। ঈশ্বৰে প্ৰায় ৩০০০ বছৰৰ আগতে ইস্ৰায়েলীসকলক চাফ-চিকুনৰ ক্ষেত্ৰত যি নিয়ম দিছিল, তাৰ বিষয়ে পঢ়ি মই আচৰিত হʼলোঁ। ঈশ্বৰে ইস্ৰায়েলীসকলক মল ত্যাগ কৰাৰ পাছত মাটিত পুতি দিবলৈ, নিয়মিতৰূপে গা ধুবলৈ আৰু বিয়পি যোৱা বেমাৰ হʼলে আনৰপৰা পৃথকে থাকিবলৈ কৈছিল। (লেবী. ১৩:৫০; ১৫:১১; দ্বিতী. ২৩:১৩) বাইবেলত এইবোৰ কথা আগতে লিখা হৈছিল, কিন্তু বৈজ্ঞানিকসকলে ইয়াৰ বিষয়ে ১৫০ বছৰৰ আগতে গʼম পালে। লেবীয়া পুস্তক কিতাপখনত মই পঢ়িলোঁ যে ঈশ্বৰে ইস্ৰায়েলীসকলক যৌন সম্পৰ্কৰ বিষয়ে নিয়ম দিছিল, যাক পালন কৰাৰ যোগেদি ইস্ৰায়েলীসকলে আন জাতিবোৰতকৈ বেছি স্বাস্থ্যৱান হৈ আছিল। (লেবী. ১২:১-৬, ১৫:১৬-২৪) মই বুজি পালোঁ যে ইস্ৰায়েলীসকলক তেওঁলোকৰ লাভৰ বাবে এই নিয়মবোৰ দিছিল আৰু এই নিয়ম পালন কৰা লোকসকলক ঈশ্বৰে আশীৰ্বাদ দিলে। বাইবেলখন ঈশ্বৰৰ ফালৰপৰা হয় বুলি মোৰ বিশ্বাস হʼল। কিন্তু সেইসময়লৈকে মই ঈশ্বৰৰ নাম জনা নাছিলোঁ।

জীৱন সংগীৰ লগতে ঈশ্বৰকো পালোঁ

এপ্ৰিল ৩, ১৯৬৫ আমাৰ বিয়াৰ দিন

ডাক্তৰ পঢ়াৰ সময়তে মই এজনী ছোৱালীক লগ পাইছিলোঁ। তাইৰ নাম আছিল লাইডি। মই তাইৰ প্ৰেমত পৰিলোঁ আৰু আমি ১৯৬৫ চনত বিয়া পাতিলোঁ। সেইসময়ত মোৰ পঢ়া শেষ হোৱা নাছিল। ১৯৭১ লৈকে আমাৰ তিনিটা সন্তান জন্ম হʼল আৰু পাছত আৰু তিনিটা সন্তান জন্ম হʼল। লাইডিয়ে সদায় মোৰ বহুত সহযোগ কৰিছিল আৰু তাই আমাৰ পৰিয়ালৰ ভালদৰে যত্ন লৈছিল।

ডাক্তৰ পঢ়া শেষ হোৱাৰ পাছত মই এখন চিকিৎসালয়ত তিনি বছৰ কাম কৰিলোঁ। তাৰ পাছত মই নিজে এখন ক্লিনিক খুলিলোঁ। কিছুদিনৰ পাছত মোৰ ক্লিনিকত এহাল দম্পতী আহিছিল আৰু ইয়াৰ বিষয়ে মই ওপৰত ওপৰত উল্লেখ কৰিছিলোঁ। যেতিয়া মই স্বামীজনৰ বাবে দৰব লিখি আছিলোঁ, তেতিয়া তেওঁৰ পত্নীয়ে এইদৰে কʼলে, “ডাক্তৰ তেজ মিহলি থকা এনে কোনো দৰব নিলিখিব।” মই আচৰিত হৈ সুধিলোঁ, “কিয়?” তেতিয়া তাই কʼলে “আমি যিহোৱাৰ সাক্ষী হয়।” মই কেতিয়াও যিহোৱাৰ সাক্ষীৰ বিষয়ে শুনা নাছিলোঁ আৰু তেওঁলোকে কিয় তেজ নলয় তাৰ বিষয়ে জনা নাছিলোঁ। তাই বাইবেল খুলি মোক দেখুৱালে যে তেওঁলোকে কিয় তেজ নলয়। (পাঁচ. ১৫:২৮, ২৯) ইয়াৰ পাছত দুয়োজনে মিলি মোক কʼলে যে ঈশ্বৰৰ ৰাজ্যই অতি সোনকালে দুখ-কষ্ট, বেমাৰ-আজাৰ আৰু মৃত্যুক নাইকিয়া কৰি দিব। (প্ৰকা. ২১:৩, ৪) এয়া শুনি মোক বহুত ভাল লাগিল। মই এইদৰে কʼলোঁ, “ইয়াৰপৰা মোৰ লʼৰালিকালৰ সপোন পূৰ হʼব। মই আনৰ দুখ-কষ্ট দূৰ কৰিবলৈহে ডাক্তৰ হৈছোঁ।” আমাৰ কথা-বতৰা প্ৰায় ডেৰ ঘন্টালৈকে চলি থাকিল। এয়া জানি মই বৰ আনন্দিত হʼলোঁ যে যিজন ঈশ্বৰৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ, তেওঁৰ নাম হৈছে যিহোৱা। মই সেইসময়তে কেথলিক ধৰ্ম এৰি দিম বুলি ভাবিলোঁ।

সেই দম্পতীয়ে মোৰ ক্লিনিকলৈ তিনিবাৰ আহিছিল আৰু প্ৰতিবাৰে আমাৰ কথা-বতৰা প্ৰায় এঘন্টালৈকে চলিছিল। তাৰ পাছত মই তেওঁলোকক নিজৰ ঘৰলৈ মাতিলোঁ, যাতে আমি বাইবেলৰ বিষয়ে ভালদৰে আলোচনা কৰিব পাৰিম। যদিও লাইডিয়ে অধ্যয়নত বহিবলৈ সাজু আছিল, কিন্তু তাই কেথলিক ধৰ্মৰ শিক্ষাবোৰ ভুল আছিল বুলি মানি লোৱা নাছিল। সেইবাবে, মই এজন পাদুৰিক নিজৰ ঘৰলৈ মাতিলোঁ আৰু আমি কেৱল বাইবেলৰপৰা আলোচনা কৰিম বুলি তেওঁক কʼলোঁ। গীৰ্জাৰ শিক্ষাৰ বিষয়ে আমি বহু ৰাতিলৈকে কথা পাতিলোঁ। সেই আলোচনাৰপৰা লাইডিৰ বিশ্বাস হʼল যে যিহোৱাৰ সাক্ষীসকলে সত্য শিকায়। তাৰ পাছত আমি দুয়োজনে যিহোৱাৰ কাষ চাপিবলৈ ধৰিলোঁ আৰু ১৯৭৪ চনত আমি বাপ্তিষ্মা লʼলোঁ।

আমি যিহোৱাৰ সেৱাক প্ৰথম স্থান দিলোঁ

যেতিয়া মই শিকিলোঁ যে মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি হয়, তেতিয়া মোৰ জীৱন পৰিৱৰ্তন হʼল। প্ৰথমে মোৰ কামেই সকলো আছিল, কিন্তু মই আৰু লাইডিয়ে নিৰ্ণয় লʼলোঁ যে আমি যিহোৱাৰ সেৱাক প্ৰথম স্থান দিম। সেইবাবে, আমি নিৰ্ণয় লʼলোঁ যে আমি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিম। আমি সিহঁতক ঈশ্বৰ আৰু লোকসকলক প্ৰেম কৰিবলৈ শিকালোঁ। এই প্ৰেমে আমাৰ পৰিয়ালক একতাৰ বান্ধোনত বান্ধি ৰাখিলে।—মথি ২২:৩৭-৩৯.

মই আৰু লাইডিয়ে সদায় একমত হৈ নিৰ্ণয় লৈছিলোঁ আৰু এই কথা আমাৰ লʼৰা-ছোৱালীয়ে ভালদৰে জানিছিল। আমাৰ ঘৰৰ নিয়ম আছিল যে “তোমালোকৰ কথা হয় হয়, বা নহয় নহয় হওক;” এই কথাও তেওঁলোকে জানিছিল। (মথি ৫:৩৭) এবাৰ আমাৰ ১৭ বছৰীয়া ছোৱালীজনীয়ে নিজৰ বন্ধুসকলৰ লগত বাহিৰত ফুৰিবলৈ যাবলৈ বিচাৰিছিল। কিন্তু লাইডিয়ে তাইক মানা কৰিলে। তাইৰ এজনী বান্ধৱীয়ে এইদৰে কৈছিল, “যদি মাই মানা কৰিলে, তেনেহʼলে দেউতাক সোধা।” মোৰ ছোৱালীজনীয়ে তাইক এইদৰে উত্তৰ দিছিল, “একো লাভ নাই, তেওঁলোকৰ নিৰ্ণয় সদায় একে থাকে।” এনেধৰণৰ বহুতো ঘটনা আছে, যাৰ বিষয়ে মনত পেলাই আমি দুয়োজনে প্ৰায়ে হাহোঁ। আমি দুয়োজনে মিলি বাইবেলৰ সিদ্ধান্ত পালন কৰোঁ, এয়া আমাৰ সকলো লʼৰা-ছোৱালীয়ে দেখিব পাৰিলে। আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো আজি আমাৰ ওচৰত এটা ডাঙৰ পৰিয়াল আছে আৰু প্ৰায় সকলো লোকে যিহোৱাৰ উপাসনা কৰি আছে।

সত্য শিকাৰ পাছত মই নিজৰ সম্পূৰ্ণ ধ্যান যিহোৱাৰ ওপৰত লগাইছিলোঁ। কিন্তু ইয়াৰ উপৰিও মই ডাক্তৰ পঢ়ি যি শিকিছিলোঁ, তাৰপৰা মই ঈশ্বৰৰ লোকসকলক সহায় কৰিব বিচাৰিছিলোঁ। সেইবাবে, মই পেৰিচৰ বেথেলত সপ্তাহৰ কিছুদিন লোকসকলক সহায় কৰিবলৈ গৈছিলোঁ। পাছত লুবিয়েতত এখন নতুন বেথেল নিৰ্মাণ কৰা হʼল আৰু মই তালৈয়ো সহায় কৰিবলৈ গৈছিলোঁ। এইদৰে সেৱা কৰা মোৰ প্ৰায় ৫০ বছৰ হৈ গʼল। সেই সময়ছোৱাত মই বেথেলত বহুতো নতুন বন্ধু পাতিলোঁ। তেওঁলোকৰ মাজত কিছুমানৰ বয়স ৯০ বছৰতকৈ বেছি আছিল। এদিনাখন মই বেথেলত নতুন সদস্য এজনক লগ পালোঁ আৰু মই এয়া জানি আচৰিত হʼলোঁ যে প্ৰায় ২০ বছৰৰ আগতে তেওঁৰ জন্মৰ সময়ত তেওঁৰ মাকৰ ডেলিভাৰি ময়ে কৰিছিলোঁ।

যিহোৱাই নিজৰ লোকসকলৰ চোৱা-চিতা কৰে

মই দেখিলোঁ যে যিহোৱাই নিজৰ সংগঠনৰ যোগেদি নিজৰ লোকসকলক কেনেকৈ বাট দেখুৱাই আৰু তেওঁলোকক ৰক্ষা কৰে। ইয়াৰপৰা মোৰ যিহোৱাৰ প্ৰতি প্ৰেম আৰু বাঢ়িল। উদাহৰণস্বৰূপে, ১৯৮০ চনৰ সময়ছোৱাত প্ৰশাসন গোষ্ঠীয়ে আমেৰিকাত এটা নতুন কাৰ্য্যক্ৰমৰ আৰম্ভ কৰে, যাতে ডাক্তৰ আৰু চিকিৎসা বিভাগৰ লোকসকলক বুজাব পাৰি যে যিহোৱাৰ সাক্ষীসকলে কিয় তেজ নলয়।

তাৰ পাছত ১৯৮৮ চনত প্ৰশাসন গোষ্ঠীয়ে বেথেলত আৰু এটা বিভাগৰ আৰম্ভ কৰিলে, যাৰ নাম হৈছে ‘চিকিৎসালয়ৰ তথ্য সেৱাসমূহ’। আৰম্ভণিতে এই বিভাগে, আমেৰিকাত বনোৱা চিকিৎসালয় যোগাযোগ সমিতিৰ (HLC) চোৱা-চিতা কৰিছিল। যিসকল ডাক্তৰে তেজৰ ব্যৱহাৰ নকৰাকৈ চিকিৎসা কৰিবলৈ সাজু থাকে, তেনে ডাক্তৰ বিচাৰিবলৈ সেই সমিতিবোৰ গঠন কৰা হৈছিল। আগলৈ গৈ আন দেশবোৰ আৰু ফ্ৰান্সতো এই সমিতি গঠন কৰা হʼল। যিহোৱাৰ সংগঠনে সমস্যাৰ সময়ত বেমাৰত থকা ভাই-ভনীসকলক কেনেকৈ চোৱা-চিতা কৰে, এয়া দেখি মোক বহুত ভাল লাগিল।

মোৰ সপোন পূৰ হৈ আছে

আজিও আমাক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাবলৈ ভাল লাগে

প্ৰথমতে লোকসকলৰ চিকিৎসা কৰাটোৱেই মোৰ বাবে সকলো আছিল। কিন্তু পাছত মোৰ চিন্তাধাৰা সলনি হʼল। মই বুজিলোঁ যে লোকসকলক আমাৰ সৃষ্টিকৰ্তা যিহোৱাৰ বিষয়ে জনোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। মই অৱসৰ লোৱাৰ পাছত মই আৰু লাইডিয়ে অগ্ৰগামী সেৱক হʼলোঁ আৰু আমি প্ৰতিমাহে ৰাজ্য শুভবাৰ্তা প্ৰচাৰ কৰাত বহুসময় অতিবাহিত কৰিলোঁ। বৰ্তমান সময়তো আমি যিমান পাৰোঁ সিমান লোকসকলৰ জীৱন ৰক্ষা কৰা কামত ভাগ লৈ আছোঁ।

২০২১ চনত লাইডিৰ লগত

মই আজিও বেমাৰী লোকসকলৰ চিকিৎসা কৰোঁ। কিন্তু মই ভালদৰে জানোঁ যে যিমানে ভাল ডাক্তৰ নহওক কিয়, তেওঁ বেমাৰ আৰু মৃত্যুক শেষ কৰিব নোৱাৰে। সেইবাবে, মই সেইসময়ৰ বাবে বাট চাই আছোঁ, যেতিয়া দুখ-কষ্ট, বেমাৰ আৰু মৃত্যু নাথাকিব। নতুন পৃথিৱীত মই যিহোৱাৰ অদ্ভুত সৃষ্টিৰ বিষয়ে সদায়কাললৈকে শিকি থাকিম। মই এয়াও শিকিম যে ঈশ্বৰে মানুহৰ শৰীৰক কিমান আচৰিত ধৰণে সৃষ্টি কৰিছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে অতি সোনকালে মোৰ লʼৰালিকালৰ সপোন পূৰ হব!