Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৬

বাইবেলে ইয়াৰ লেখকৰ বিষয়ে কি কয়?

বাইবেলে ইয়াৰ লেখকৰ বিষয়ে কি কয়?

“মই তোমাৰ আগত কোৱা সকলো বাক্য এখন পুথিত লিখি থোৱা।” —যিৰি. ৩০:২.

গীত ৯৬ যিহোৱাৰ পবিত্ৰ কিতাপ—এক ৰত্ন

লেখৰ এক আভাস a

১. যিহোৱাই আমাক বাইবেল দিয়াৰ বাবে আমি কিয় কৃতজ্ঞ?

 যিহোৱাই আমাক বাইবেল দিয়াৰ বাবে আমি তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ। ইয়াত তেওঁ বহুতো ভাল ভাল পৰামৰ্শ দিছে, যাৰ সহায়ত আমি সমস্যাবোৰ সন্মুখীন হʼব পাৰোঁ। বাইবেলত তেওঁ ভৱিষ্যতৰ এটা ভাল আশা দিছে। ইয়াৰ উপৰিও বাইবেল পঢ়াৰ যোগেদি আমি জানিব পাৰোঁ যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ আৰু তেওঁৰ কি কি গুণ আছে। যিহোৱাৰ গুণবোৰৰ বিষয়ে ধ্যান কৰিলে আমাক বহুত ভাল লাগে। এইদৰে কৰিলে তেওঁৰ আৰু কাষ চাপিবলৈ আৰু তেওঁৰ বন্ধু হʼবলৈ আমাৰ মন যায়।—গীত. ২৫:১৪.

২. যিহোৱাই কি কি উপায়েৰে লোকসকলক নিজৰ বিষয়ে জনালে?

আমি যিহোৱাৰ বিষয়ে জনাটো তেওঁ বিচাৰে। সেইবাবে, প্ৰাচীন সময়ত তেওঁ সপোন, দৰ্শন আৰু স্বৰ্গদূতৰ যোগেদি লোকসকলক নিজৰ বিষয়ে কৈছিল। (গণ. ১২:৬; পাঁচ. ১০:৩, ৪) কিন্তু চিন্তা কৰক, তেওঁলোকে এই সকলো কথা নিলিখা হʼলে আমি তেওঁৰ বিষয়ে কেনেকৈ জানিব পাৰিলোঁহেঁতেন। সেইবাবে, যিহোৱাই কিছুমান মানুহৰ যোগেদি সেই সকলো কথা “এখন পুথিত” লিখালে। (যিৰি. ৩০:২) কাৰণ যিহোৱাৰ ‘পথ সিদ্ধ,’ তেওঁ যিয়ে কৰে, সেইবোৰ সকলোতকৈ ভাল হয়। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে বাইবেলখন লিখাই যিহোৱাই সঠিক কৰিছে। আমি বাইবেল পঢ়িলে লাভৱান হʼম।—গীত. ১৮:৩০.

৩. বাইবেলখন যাতে সুৰক্ষিত হৈ থাকে, তাৰ প্ৰতি যিহোৱাই কেনেকৈ ধ্যান দিলে? (যিচয়া ৪০:৮)

যিচয়া ৪০:৮ পঢ়ক। বাইবেলখন এনে বস্তুবোৰত লিখা হৈছিল, যিবোৰ বেছি বছৰলৈকে নাথাকে আৰু এয়া আৰম্ভণিতে যিবোৰ নুৰাত লিখা হৈছিল, আজি সেই সকলো নষ্ট হৈ গʼল। তথাপি যিহোৱাই বাইবেলত যিবোৰ ভাল পৰামৰ্শ লিখুৱাইছিল, সেইবোৰ পালন কৰাৰ বাবে বহু বছৰৰ পৰা লোকসকলে লাভৱান হৈ আছে। এয়া কেনেকৈ সম্ভৱ হʼল? যিহোৱাই শাস্ত্ৰৰ নকল বনোৱাৰ প্ৰতি ধ্যান দিলে। নকল বনোৱা লোকসকল অসিদ্ধ আছিল। সেইবাবে, তেওঁলোকে এই কামবোৰ বহুত মনোযোগেৰে কৰিছিল, যাতে তেওঁলোকৰ পৰা কোনো ভুল নহয়। এজন বিদ্বানে হিব্ৰু শাস্ত্ৰৰ বিষয়ে সঁচাকৈ এটা ভাল কথা কৈছিল। তেওঁ কৈছিল, “আমি সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে এনে কোনো প্ৰাচীন কিতাপ নাই, যাক সাল-সলনি নকৰাকৈ আমাৰ বাবে তৈয়াৰ কৰা হৈছে।” গতিকে আমি কʼব পাৰোঁ যে বাইবেলখন হাজাৰ বছৰৰ আগতে লিখা হৈছিল আৰু যিবোৰ বস্তুত লিখা হৈছিল, সেয়া বেছি সময়লৈকে নাথাকিছিল আৰু ইয়াৰ নকলবোৰো অসিদ্ধ লোকসকলে বনাইছিল। তথাপি আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে বাইবেলৰ লেখক যিহোৱাই হাজাৰ হাজাৰ বছৰৰ আগতে যিবোৰ কথা লিখাইছিল, সেইবোৰেই আজি আমি বাইবেলত পঢ়িবলৈ পাওঁ।

৪. এই লেখত আমি কি শিকিম?

যিহোৱাৰ পৰাই আমি “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” পাওঁ। (যাকো. ১:১৭) কেতিয়াবা কোনোবাই আপোনাক এনে বস্তু উপহাৰ দিছেনে, যিটো আপোনাক বহুত প্ৰয়োজন আছিল? যদি দিছে, তেনেহʼলে ইয়াৰ পৰা জানিব পাৰি যে তেওঁ আপোনাৰ বিষয়ে ভালদৰে জানে। বাইবেলখনো এনেধৰণৰ এটা ভাল উপহাৰ হয়। বাইবেলৰ ক্ষেত্ৰতো এয়া সঁচা। বাইবেল পঢ়িলে আমি জানিব পাৰোঁ যে যিহোৱাই আমাক কিমান ভালদৰে জানে আৰু তেওঁ এয়াও জানে যে আমাক কি কি বস্তুৰ প্ৰয়োজন আছে। বাইবেল পঢ়িলে আমি যিহোৱাৰ গুণবোৰৰ বিষয়ে জানিব পাৰোঁ। যেনে: তেওঁ বহুত বুদ্ধিমান হয়, সদায় ন্যায় কৰে আৰু আমাক বহুত প্ৰেম কৰে। এই লেখত আমি এই তিনিটা গুণৰ বিষয়ে আলোচনা কৰিম। কিন্তু প্ৰথমে আহক চাওঁ যে বাইবেল পঢ়িলে কেনেকৈ জানিব পাৰি যে যিহোৱা বহুত বুদ্ধিমান হয়।

বাইবেলৰ পৰা জানিব পাৰি যিহোৱা বহুত বুদ্ধিমান

৫. বাইবেলত লিখা কথাৰ পৰা কেনেকৈ জানিব পাৰি যে ঈশ্বৰ বহুত বুদ্ধিমান হয়?

যিহোৱাই ভালদৰে জানে যে আমাক ভাল পৰামৰ্শৰ বহুত প্ৰয়োজন আছে। সেইবাবে, তেওঁ আমাক উপহাৰ দিয়া বাইবেলত বিভিন্ন বিষয়ত ভাল পৰামৰ্শ দিয়া আছে। এইবোৰ মানিলে বহুত লাভ হয় আৰু কিছুমান লোকৰ জীৱন সলনি হয়। ইয়াৰ পৰা জানিব পাৰি যে যিহোৱা বহুত বুদ্ধিমান। মন কৰক, মোচিয়ে বাইবেলৰ আৰম্ভণিৰ কিতাপবোৰ লিখাৰ সময়ত ঈশ্বৰৰ লোকসকলক কি কৈছিল: “এয়ে তোমালোকৰ পক্ষে অনৰ্থক কথা নহয়; কাৰণ ইয়াতেই তোমালোকৰ জীৱন আছে।” (দ্বিতী. ৩২:৪৭) শাস্ত্ৰত দিয়া পৰামৰ্শবোৰ পালন কৰা লোকসকলৰ জীৱন বহুত ভাল আৰু আনন্দময় হৈ পৰে। (গীত. ১:২, ৩) এই কথাষাৰ আগতেও সঁচা আছিল আৰু এতিয়াও সঁচা। বাইবেলখন হাজাৰ বছৰৰ আগতেই লিখা হৈছিল, তথাপি ইয়াত দিয়া পৰামৰ্শবোৰৰ পৰা আগতে যিমান লাভ হৈছিল, আজিও সিমানেই লাভ হয়। ইয়াৰ পৰামৰ্শ পালন কৰিলে লোকসকলৰ জীৱন কেনেকৈ সলনি হয়, তাৰ বিষয়ে জানিবলৈ আপুনি jw.org-ত “পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” নামৰ হিন্দী ধাৰাবাহিক চাব পাৰে, যʼত ৩০-তকৈ বেছি লোকৰ জীৱন কাহিনী দিয়া হৈছে। ইয়াৰ পৰা জানিব পাৰি যে ঈশ্বৰৰ বাক্যত বিশ্বাস কৰা লোকসকলৰ ওপৰত ইয়ে “কাৰ্য্য সাধন কৰে।”—১ থিচ. ২:১৩.

৬. বাইবেলৰ দৰে আৰু কোনো কিতাপ নাই বুলি আমি কিয় কʼব পাৰোঁ?

বাইবেলখন জগতৰ কিতাপবোৰতকৈ একেবাৰে বেলেগ। কেনেকৈ বাৰু? আন কিতাপবোৰৰ লেখকসকলৰ মৃত্যু হয় আৰু কিছু সময়ৰ পাছত তেওঁলোকে লিখা কথাবোৰ কোনো কামত নাহে। কিন্তু বাইবেলৰ লেখক যিহোৱা সৰ্বশক্তিমান, তেওঁ আগৰে পৰা আছে আৰু অনন্ত কাললৈকে থাকিব আৰু তেওঁ বহুত বুদ্ধিমান। বাইবেলত লিখা কথাবোৰ সদায় কামত আহে। প্ৰাচীন সময়ত লোকসকলে ইয়াৰ পৰা লাভৱান হৈছিল আৰু বৰ্তমান সময়তো লাভৱান হৈ আছে। আমি বাইবেল পঢ়িলে আৰু ধ্যান কৰিলে, ইয়াৰ লেখক যিহোৱাই আমাক পবিত্ৰ শক্তি দিয়ে, যাতে আমি ইয়াক কেনেকৈ পালন কৰিব পাৰোঁ তাৰ বিষয়ে বুজি পাওঁ। (গীত. ১১৯:২৭; মলা. ৩:১৬; ইব্ৰী ৪:১২) যদি বাইবেলৰ লেখকে আমাক সহায় কৰিবলৈ সাজু আছে, তেনেহʼলে আমি প্ৰতিদিনে বাইবেল পঢ়ি লাভৱান হʼবলৈ নিবিচাৰিমনে?

বাইবেলৰ কাৰণে যিহোৱাৰ লোকসকলে প্ৰাচীন সময়ত আৰু আজিও কেনেকৈ একতাৰে তেওঁৰ সেৱা কৰিব পাৰিছে? (অনুচ্ছেদ ৭-৮ চাওক)

৭. প্ৰাচীন সময়ত ঈশ্বৰৰ লোকসকলৰ মাজত শাস্ত্ৰৰ কাৰণে কেনেকৈ একতা আছিল?

বাইবেলৰ সহায়ত ঈশ্বৰৰ লোকসকলৰ মাজত একতা আছে। ইয়াৰ পৰাও জানিব পাৰি যে যিহোৱা বহুত বুদ্ধিমান। ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশলৈ যোৱাৰ পাছত তেওঁলোকে দূৰ-দূৰণি এলেকাত থাকিবলৈ লʼলে আৰু বেলেগ বেলেগ কাম কৰিবলৈ ধৰিলে। যেনে, কিছুমানে মাছমৰীয়াৰ কাম কৰিছিল, কিছুমানে জীৱ-জন্তু পুহিছিল আৰু কিছুমানে খেতি-বাতি কৰিছিল। এনে পৰিস্থিতিত ইস্ৰায়েলীসকলে আন এখন এলেকাত থকা ভাই-ভনীসকলক সহজে পাহৰি গʼলহেঁতেন। কিন্তু যিহোৱাই এইদৰে হʼবলৈ নিদিলে। তেওঁ নিজৰ লোকসকলক প্ৰতিবছৰে কিছুমান বিশেষ দিনত একগোট হʼবলৈ আজ্ঞা দিলে, যʼত তেওঁলোকক ঈশ্বৰৰ বাক্য পঢ়ি শুনোৱা আৰু বুজোৱা হৈছিল। (দ্বিতী. ৩১:১০-১৩; নহি. ৮:২, ৮, ১৮) কল্পনা কৰকচোন, এজন ইস্ৰায়েলীয়ে যেতিয়া যিৰূচালেমলৈ যায় আৰু তাত বিভিন্ন ঠাইৰ পৰা অহা লাখ লাখ ভাই-ভনীক লগ পায়, তেতিয়া তেওঁ কিমান আনন্দিত হয়। এইদৰে যিহোৱাই তেওঁৰ লোকসকলৰ মাজত একতা থাকিবলৈ সহায় কৰিলে। পাছত যেতিয়া খ্ৰীষ্টান মণ্ডলী আৰম্ভ হʼল, তেতিয়া তাত বেলেগ বেলেগ ভাষা কোৱা লোকসকল আছিল। কিছুমান ধনী আৰু কিছুমান দুখীয়া আছিল, কিছুমান বেছি পঢ়া-লিখা আৰু কিছুমান কম পঢ়া-লিখা আছিল। কিন্তু সকলোৰে শাস্ত্ৰৰ প্ৰতি প্ৰেম আছিল। সেইবাবে, তেওঁলোকে একেলগে মিলি উপাসনা কৰিছিল আৰু নতুনকৈ খ্ৰীষ্টান হোৱা লোকসকলে ভাই-ভনীৰ সহায়ত একগোট হৈ শাস্ত্ৰত লিখা কথাবোৰ ভালদৰে বুজিব পাৰিছিল। এইদৰে শাস্ত্ৰৰ বাবে তেওঁলোকে একগোট হৈ যিহোৱাৰ সেৱা কৰিব পাৰিলে।—পাঁচ. ২:৪২; ৮:৩০, ৩১.

৮. আজি যিহোৱাই বাইবেলৰ যোগেদি কেনেকৈ নিজৰ লোকসকলক একতাৰ বান্ধোনত বান্ধি ৰাখিছে?

আজিও যিহোৱাই বাইবেলৰ যোগেদি নিজৰ লোকসকলক শিকাই আৰু একতাত ৰাখে। কেনেকৈ বাৰু? আমি বাইবেল পঢ়াৰ যোগেদি যিহোৱাৰ সত্যতাবোৰৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ উপৰিও আমি সকলোৱে নিয়মীয়াকৈ সভাত উপস্থিত হওঁ, সন্মিলন আৰু অধিৱেশনলৈ যাওঁ, যʼত আমাক ঈশ্বৰৰ বাক্যবোৰ পঢ়ি শুনোৱা হয়, বুজোৱা হয় আৰু তাৰ বিষয়ে আলোচনা কৰা হয়। এইদৰে বাইবেলৰ যোগেদি যিহোৱাৰ এই উদ্দেশ্য পূৰ হয় যে তেওঁৰ উপাসকসকলে “একে মনেৰে” তেওঁৰ উপাসনা কৰিব। (চফ. ৩:৯) সঁচাকৈ, যিহোৱা বহুত বুদ্ধিমান ঈশ্বৰ!

৯. বাইবেলত লিখা কথাবোৰ কেৱল কেনেধৰণৰ লোকসকলে বুজি পায়? (লূক ১০:২১)

যিহোৱা বহুত বুদ্ধিমান, তাক জানিবলৈ আৰু এটা কথালৈ মন কৰক। তেওঁ শাস্ত্ৰৰ কথাবোৰ এনেদৰে লিখাইছে, যাতে কেৱল নম্ৰ লোকসকলেহে সেইবোৰ বুজিব পাৰে। (লূক ১০:২১ পঢ়ক।) আজি গোটেই পৃথিৱীত বহুতো লোকে বাইবেল পঢ়ে। এজন বিদ্বানে বাইবেলৰ বিষয়ে এইদৰে কৈছে, “বাইবেল এনে এখন কিতাপ হয়, যাক বেছিভাগ লোকে আন কিতাপবোৰতকৈ বেছি মনোযোগেৰে পঢ়ে।” কিন্তু আচৰিত কথা যে কেৱল নম্ৰ লোকসকলেহে তাত লিখা কথাবোৰ বুজি পায় আৰু সেইবোৰ পালন কৰিব পাৰে।—২ কৰি. ৩:১৫, ১৬.

১০. বাইবেলৰ আৰু কোনটো কথাৰ পৰা জানিব পাৰি যে যিহোৱা বহুত বুদ্ধিমান হয়?

১০ যিহোৱা বহুত বুদ্ধিমান, সেয়া আমি বাইবেলৰ আৰু এটা কথাৰ পৰা জানিব পাৰোঁ। বাইবেলৰ সহায়ত তেওঁ আমাক কেৱল সমূহ হিচাপে শিকাই এনে নহয়, তেওঁ আমাক প্ৰতিজনকে ব্যক্তিগতভাৱে শিকাই আৰু শান্ত্বনা দিয়ে। বাইবেল পঢ়াৰ সময়ত আমাৰ অনুভৱ হয় যে যিহোৱাই আমাক কিমান প্ৰেম কৰে। (যিচ. ৩০:২১) আপোনাৰ লগত কেতিয়াবা এইদৰে হৈছেনে যে আপুনি সমস্যাৰ মাজেদি পাৰ হৈ আছিল আৰু সেই সময়ত যেতিয়া আপুনি বাইবেল পঢ়িলে, তেতিয়া আপোনাৰ অনুভৱ হʼল যে ‘এয়া দেখোন মোৰ বাবেই লিখা হৈছে!’ আচৰিত কথা যে গোটেই পৃথিৱীৰ লাখ লাখ লোকে বাইবেলৰ বিষয়ে এইদৰেই অনুভৱ কৰে। হাজাৰ হাজাৰ বছৰৰ আগতেই লিখা বাইবেলৰ পৰা প্ৰতিজনে আজি কেনেকৈ লাভৱান হৈ আছে? কাৰণ ইয়াৰ লেখক হৈছে যিহোৱা, যি গোটেই বিশ্বব্ৰহ্মাণ্ডত সকলোতকৈ বুদ্ধিমান!—২ তীম. ৩:১৬, ১৭.

বাইবেলৰ পৰা জানিব পাৰি যিহোৱা সদায় ন্যায় কৰে

১১. বাইবেলখন যিদৰে লিখা হʼল, তাৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই পক্ষপাত নকৰে?

১১ যিহোৱাৰ আৰু এটা গুণ হৈছে তেওঁ সদায় ন্যায় কৰে। (দ্বিতী. ৩২:৪) তেওঁ কাৰো লগত পক্ষপাত নকৰে আৰু সকলো সময়তে সঠিক কাম কৰে। (পাঁচ. ১০:৩৪, ৩৫; ৰোম. ২:১১) তেওঁ বাইবেলখন যি ভাষাত লিখাইছে, তাৰ পৰা এই কথা জানিব পাৰি। বাইবেলৰ আৰম্ভণিৰ ৩৯ খন কিতাপ হিব্ৰু ভাষাত লিখা হৈছিল। কাৰণ সেই সময়ত ঈশ্বৰৰ লোকসকলে হিব্ৰু ভাষা কৈছিল। কিন্তু প্ৰথম শতিকালৈকে লোকসকলে গ্ৰীক ভাষা কʼবলৈ ধৰিলে। সেইবাবে, শেষৰ ২৭ খন কিতাপ গ্ৰীক ভাষাত লিখা হʼল। ঈশ্বৰৰ বাক্য কেৱল একেটা ভাষাতে লিখাটো যিহোৱাই বিচৰা নাছিল। আজি গোটেই পৃথিৱীত প্ৰায় ৮০০ কোটি লোক আছে আৰু তেওঁলোকে বহুতো ভাষা কয়। তেনেহʼলে ইমান বেছি লোকসকলে যিহোৱাৰ বিষয়ে কেনেকৈ শিকিব পাৰে?

১২. দানিয়েল ১২:৪ পদত দিয়া ভৱিষ্যতবাণী এই শেষকালত পূৰ হৈ আছে বুলি আমি কেনেকৈ কʼব পাৰোঁ?

১২ ভৱিষ্যতবক্তা দানিয়েলৰ যোগেদি যিহোৱাই ভৱিষ্যতবাণী কৰাইছিল যে শেষকালত বাইবেলৰ সত্যৰ “জ্ঞান বৃদ্ধি” পাব। ইয়াৰ অৰ্থ হৈছে বহুতো লোকে ইয়াক বুজি পাব। (দানিয়েল ১২:৪ পঢ়ক।) আজি ঠিক সেইদৰেই হৈ আছে। বাইবেল আৰু বাইবেল আধাৰিত কিতাপ-পত্ৰিকাবোৰ অনুবাদ কৰা হৈছে, বৃহৎ পৰিমাণত প্ৰকাশিত কৰা হৈছে আৰু লোকসকলক বিতৰণ কৰা হৈছে। সেইবাবে, ইয়াৰ সহায়ত লোকসকলে বাইবেলৰ বিষয়ে ভালদৰে বুজিব পাৰিছে। ইমান বেছি ভাষাত অনুবাদ হোৱা আৰু পৃথিৱীৰ চুকে-কুনে থকা লোকসকলে পঢ়া এনেধৰণৰ আন কোনো কিতাপ নাই। পৃথিৱীত যিবোৰ বাইবেল ছপা কৰা হয়, বহু বাৰ সেইবোৰৰ দাম বহুত বেছি থাকে। কিন্তু যিহোৱাৰ লোকসকলে ছপা কৰা বাইবেল যিকোনো লোকে পইচা নিদিয়াকৈ লʼব পাৰে। এতিয়ালৈকে আমি সম্পূৰ্ণ বাইবেল বা ইয়াৰ কিছুমান কিতাপ ২৪০-তকৈ বেছি ভাষাত অনুবাদ কৰিছোঁ। সেইবাবে, সকলো দেশৰ লোকসকলে অন্ত অহাৰ আগতে ‘ৰাজ্যৰ শুভবাৰ্ত্তা’ শুনিব পাৰিছে। (মথি ২৪:১৪) আমাৰ ঈশ্বৰ যিহোৱা সদায় ন্যায় কৰে আৰু কাৰো লগত পক্ষপাত নকৰে। তেওঁ বেছিতকৈ বেছি লোকসকলক তেওঁৰ বিষয়ে শিকিবলৈ আৰু তেওঁৰ বাক্য পঢ়িবলৈ সুযোগ দি আছে। কাৰণ তেওঁ সকলোকে বহুত প্ৰেম কৰে।

বাইবেলৰ পৰা জানিব পাৰি যিহোৱাই আমাক প্ৰেম কৰে

১৩. যিহোৱাই আমাক প্ৰেম কৰে বুলি বাইবেলৰ পৰা কেনেকৈ জানিব পাৰি? (যোহন ২১:২৫)

১৩ বাইবেলৰ পৰা আমি এয়াও জানিব পাৰোঁ যে ইয়াৰ লেখকৰ বিশেষ গুণ হৈছে প্ৰেম। (১ যোহ. ৪:৮) মন কৰক, যিহোৱাই বাইবেলত কি কি কথা লিখাইছে আৰু কি কি কথা লিখা নাই। তেওঁ বাইবেলত লিখাইছে যে আমি কেনেকৈ তেওঁৰ কাষ চাপিব পাৰোঁ, তেওঁৰ বন্ধু হʼব পাৰোঁ, আনন্দত থাকিব পাৰোঁ আৰু অনন্ত জীৱন পাব পাৰোঁ। কিন্তু যিমান কথা আমাক জনাৰ প্ৰয়োজন আছে, যিহোৱাই কেৱল সিমান কথাই বাইবেলত লিখাইছে। ইয়াৰ পৰা জানিব পাৰি যে তেওঁ আমাক বহুত প্ৰেম কৰে।যোহন ২১:২৫ পঢ়ক।

১৪. যিহোৱাই আমাক প্ৰেম কৰে বুলি বাইবেলৰ পৰা আৰু কেনেকৈ জানিব পাৰি?

১৪ যিহোৱাই বাইবেলত যিবোৰ কথা লিখাইছে, তাৰ পৰা জানিব পাৰি যে তেওঁ আমাক বহুত প্ৰেম কৰে আৰু আমাক সন্মান কৰে। সৰু লʼৰা-ছোৱালীৰ দৰে আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে, তাৰ বিষয়ে কʼবলৈ তেওঁ সৰু-সুৰা কথাবোৰৰ বাবে বাইবেলত বহুতো নিয়ম দিয়া নাই। ইয়াৰ পৰিৱৰ্তে ইয়াত তেওঁ ৰোমাঞ্চকৰ ভৱিষ্যতবাণীবোৰৰ বিষয়ে লিখাইছে, বহুতো লোকৰ জীৱনত হোৱা ঘটনাবোৰৰ বিষয়ে উল্লেখ কৰিছে আৰু প্ৰতিদিনে কামত অহা পৰামৰ্শবোৰ লিখাইছে। এইবোৰ পঢ়ি যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ আজ্ঞাবোৰ মানিবলৈ আমাৰ মন যায়।

প্ৰাচীন সময়ত যিহোৱাই নিজৰ লোকসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰিছিল, তাৰ বিষয়ে আমি কিয় ধ্যান কৰা উচিত? (অনুচ্ছেদ ১৫ চাওক)

১৫. (ক) যিহোৱাই আমাৰ বিষয়ে চিন্তা কৰে বুলি বাইবেল পঢ়ি আমি কেনেকৈ গম পাওঁ? (খ) ছবিখনত দেখুৱা সৰু ছোৱালী, ডেকা ভাই আৰু বৃদ্ধ ভনীয়ে বাইবেলত কোৱা কোন লোকসকলৰ বিষয়ে ভাবি আছে? (আদি. ৩৯:১, ১০-১২; ২ ৰাজা. ৫:১-৩; লূক ২:২৫-৩৮)

১৫ বাইবেল পঢ়ি আমি এয়াও জানিব পাৰোঁ যে যিহোৱাই আমাৰ বিষয়ে চিন্তা কৰে। কাৰণ ‘আমাৰ নিচিনা সুখ-দুখ ভুগা’ লোকসকলৰ ঘটনা তেওঁ বাইবেলত উল্লেখ কৰাইছে। (যাকো. ৫:১৭) সেইবাবে, তেওঁলোকে কেনে পৰিস্থিতিৰ মাজেদি পাৰ হৈছিল আৰু তেওঁলোকে কেনে অনুভৱ কৰিছিল, তাৰ বিষয়ে আমি ভালদৰে বুজি পাওঁ। ইয়াৰ উপৰিও বাইবেল পঢ়াৰ যোগেদি আমি গম পাওঁ যে যিহোৱাই তেওঁলোকৰ লগত কেনেদৰে ব্যৱহাৰ কৰিলে। ইয়াৰ পৰা আমি ভালদৰে জানিব পাৰোঁ যে যিহোৱা “অতি স্নেহৱান আৰু দয়ালু” ঈশ্বৰ।—যাকো. ৫:১১.

১৬. ভুল কৰা লোকসকলৰ লগত যিহোৱাই যিদৰে ব্যৱহাৰ কৰিছিল, তাৰ পৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰি? (যিচয়া ৫৫:৭)

১৬ বাইবেলৰ পৰা আমি এয়াও জানিব পাৰোঁ যে আমাৰ পৰা ভুল হʼলে যিহোৱাই আমাক এৰি দিয়াৰ পৰিৱৰ্তে তেওঁ আমাক ক্ষমা কৰে। ইয়াৰ পৰাও জানিব পাৰি যে তেওঁ আমাক কিমান প্ৰেম কৰে। ঠিক যেনেকৈ প্ৰাচীন সময়ত ইস্ৰায়েলীসকলে বাৰে বাৰে যিহোৱাৰ বিৰোধে পাপ কৰিছিল, কিন্তু তেওঁলোকে অন্তৰৰ পৰা অনুতাপ কৰাৰ পাছত যিহোৱাই তেওঁলোকক ক্ষমা কৰিলে। (যিচয়া ৫৫:৭ পঢ়ক।) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলেও জানিছিল যে যিহোৱাই তেওঁলোকক কিমান প্ৰেম কৰে। চিন্তা কৰক, এজন ব্যক্তিয়ে ভুল পথত গৈ গম্ভীৰ পাপ কৰি যেতিয়া তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে, তেতিয়া যিহোৱাই পৌলৰ যোগেদি সেই ব্যক্তিক ‘ক্ষমা কৰিবলৈ আৰু শান্ত্বনা দিবলৈ’ খ্ৰীষ্টানসকলক উৎসাহিত কৰিলে। (২ কৰি. ২:৬, ৭; ১ কৰি. ৫:১-৫) ভুল কৰা লোকসকলক যিহোৱাই এৰি দিয়াৰ পৰিৱৰ্তে মৰমেৰে তেওঁলোকক সহায় কৰে, শুধৰণি কৰে আৰু আকৌ নিজৰ ওচৰলৈ ঘূৰাই আনে। চিন্তা কৰকচোন, এয়া কিমান ডাঙৰ কথা হয়! আজিও অন্তৰৰ পৰা অনুতাপ কৰা লোকসকলক যিহোৱাই ক্ষমা কৰে।—যাকো. ৪:৮-১০.

মূল্যৱান উপহাৰ বাইবেলৰ প্ৰতি কৃতজ্ঞ হওক

১৭. বাইবেলখন মূল্যৱান উপহাৰ হয় বুলি আমি কিয় কʼব পাৰোঁ?

১৭ বাইবেলখন সঁচাকৈ যিহোৱাৰ ফালৰ পৰা পোৱা মূল্যৱান উপহাৰ হয়। আমি এইদৰে কিয় কʼব পাৰোঁ? এই লেখত আমি শিকিলোঁ যে বাইবেলৰ পৰা জানিব পাৰি যে যিহোৱা বহুত বুদ্ধিমান, তেওঁ সদায় ন্যায় কৰে আৰু আমাক সকলোকে বহুত প্ৰেম কৰে। যিহোৱাই বাইবেলত নিজৰ বিষয়ে বহুতো কথা লিখাইছে। ইয়াৰ পৰা জানিব পাৰি যে আমি যিহোৱাৰ বিষয়ে জনা আৰু তেওঁৰ বন্ধু হোৱাটো যিহোৱাই বিচাৰে।

১৮. আমি বাইবেলৰ প্ৰতি কৃতজ্ঞ হʼলে কি কৰিম?

১৮ ঈশ্বৰৰ বাক্য, এই মূল্যৱান উপহাৰক আমি সহজভাৱে লোৱা উচিত নহয়। (যাকো. ১:১৭) গতিকে আহক সদায় আমি ইয়াৰ প্ৰতি কৃতজ্ঞ হওঁ। কিন্তু এয়া আমি কেনেকৈ কৰিব পাৰিম? বাইবেলত লিখা কথাবোৰ পঢ়ি আৰু তাৰ বিষয়ে ধ্যান কৰি। এইদৰে কৰিলে আমি বিশ্বাস কৰিব পাৰোঁ যে ইয়াৰ মহান লেখক যিহোৱা ঈশ্বৰে আমাৰ পৰিশ্ৰমত নিশ্চয় আশীৰ্বাদ দিব আৰু আমি ‘ঈশ্বৰৰ বিষয়ে জ্ঞান পাব’ পাৰিম।—হিতো. ২:৫.

গীত ৯৮ ঈশ্বৰ প্ৰেৰণাৰে লিখা শাস্ত্ৰ

a বাইবেলখন পঢ়ি আমি যিহোৱাক আৰু ভালদৰে জানিব পাৰোঁ আৰু তেওঁৰ কাষ চাপিব পাৰোঁ। এই লেখত আমি শিকিম যে বাইবেলৰ পৰা কেনেকৈ জানিব পাৰি যে ঈশ্বৰ বুদ্ধিমান, তেওঁ সদায় ন্যায় কৰে আৰু আমাক সকলোকে বহুত প্ৰেম কৰে? এয়া জানিলে যিহোৱাৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়িব আৰু আমি বুজিব পাৰিম যে বাইবেলখন সঁচাকৈ যিহোৱাৰ ফালৰ পৰা পোৱা এক মূল্যৱান উপহাৰ।