Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৭

বাইবেল পঢ়ক আৰু সম্পূৰ্ণৰূপে লাভৱান হওক

বাইবেল পঢ়ক আৰু সম্পূৰ্ণৰূপে লাভৱান হওক

“বিধানত কি লিখা আছে? তুমি কেনেকৈ পঢ়িছা?”—লূক ১০:২৬.

গীত ৯৭ জীৱন যিহোৱাৰ বাক্যৰ ওপৰত নিৰ্ভৰশীল

লেখৰ এক আভাস a

১. যীচুৰ বাবে শাস্ত্ৰত লিখা কথাবোৰ অতি গুৰুত্বপূৰ্ণ আছিল বুলি আমি কিয় কʼব পাৰোঁ?

 চিন্তা কৰকচোন, যীচুৱে লোকসকলক শাস্ত্ৰৰ পৰা শিকোৱাৰ সময়ত হয়তো তেওঁলোকৰ কেনে অনুভৱ হৈছিল। শাস্ত্ৰৰ সকলো কথা যীচুৰ মুখস্থ আছিল আৰু সেইবোৰ তেওঁ লোকসকলক জনাইছিল। মন কৰক, বাপ্তিষ্মাৰ পাছত তেওঁ প্ৰথমে কোৱা কথা শাস্ত্ৰৰ পৰা আছিল আৰু মৃত্যুৰ আগ মুহূৰ্তত কোৱা কিছুমান কথা বাইবেলৰ পৰা আছিল। b (দ্বিতী. ৮:৩; গীত. ৩১:৫; লূক ৪:৪; ২৩:৪৬) পৃথিৱীত চাৰে তিনি বছৰ সেৱা কৰাৰ সময়ত তেওঁ প্ৰায়ে লোকসকলক শাস্ত্ৰৰ কথা কৈছিল, নুৰা পঢ়ি শুনাইছিল আৰু তাৰ অৰ্থবোৰ বুজাই দিছিল।—মথি ৫:১৭, ১৮, ২১, ২২, ২৭, ২৮; লূক ৪:১৬-২০.

যীচুৰ গোটেই জীৱনৰ পৰা জানিব পাৰি যে তেওঁৰ শাস্ত্ৰৰ প্ৰতি বহুত প্ৰেম আছিল আৰু তাৰ অনুসৰি কামো কৰিছিল (অনুচ্ছেদ ২ চাওক)

২. যীচু সৰু থকাৰ সময়ত শাস্ত্ৰৰ কথা ভালদৰে জানিবলৈ কিহে তেওঁক সহায় কৰিলে? (বাহিৰত দিয়া ছবিখন চাওক।)

প্ৰচাৰ সেৱা আৰম্ভ কৰাৰ আগতে যীচুৱে হয়তো শাস্ত্ৰৰ কথাবোৰ বহু বাৰ পঢ়িছিল আৰু শুনিছিল। যীচু সৰু থকাৰ সময়ত তেওঁৰ মা-দেউতাকে শাস্ত্ৰৰ কথাবোৰ সন্তানসকলক শুনাইছিল আৰু যীচুৱে হয়তো তেওঁলোকৰ কথা মনোযোগেৰে শুনিছিল। c (দ্বিতী. ৬:৬, ৭) প্ৰতিটো বিশ্ৰাম-বাৰে যীচুৱে হয়তো তেওঁৰ মা-দেউতাকৰ লগত সভা ঘৰলৈও গৈছিল। (লূক ৪:১৬) তাত শাস্ত্ৰৰ কথাবোৰ শুনোৱাৰ সময়ত তেওঁ সেইবোৰ মনোযোগেৰে শুনিছিল। কিছু সময়ৰ পাছত তেওঁ নিজেও নুৰাত লিখা কথাবোৰ পঢ়িবলৈ শিকিছিল। সেইবাবে, তেওঁ শাস্ত্ৰত লিখা কথাবোৰ ভালদৰে বুজিবলৈ, তাক প্ৰেম কৰিবলৈ আৰু নিজৰ জীৱনত পালন কৰিবলৈ ধৰিলে। এয়া আমি মন্দিৰত হোৱা ঘটনাৰ পৰা কʼব পাৰোঁ। তেওঁ মাত্ৰ ১২ বছৰৰ বয়সত বিধান আৰু নিয়মৰ জ্ঞান থকা শিক্ষকসকলৰ মাজত বহিছিল আৰু সকলো শিক্ষকে ‘তেওঁৰ উত্তৰত বিস্ময় মানিছিল।’—লূক ২:৪৬, ৪৭, ৫২.

৩. এই লেখত আমি কি শিকিম?

আমি প্ৰতিদিনে ঈশ্বৰৰ বাক্য পঢ়িলে ইয়াত লিখা কথাবোৰ বুজি পাওঁ আৰু ইয়াৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িবলৈ ধৰে। কিন্তু আমি যি পঢ়োঁ, তাৰ পৰা আমি কেনেকৈ সম্পূৰ্ণৰূপে লাভৱান হʼব পাৰোঁ? এই বিষয়ে যীচুৱে শিকোৱা কথাখিনিৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। তেওঁৰ সময়ত অধ্যাপক, ফৰীচী আৰু চদ্দূকীসকলে ঈশ্বৰৰ বাক্য পঢ়িছিল। কিন্তু তাত লিখা কথাখিনি বুজি নাপাইছিল। যীচুৱে তেওঁলোকক তিনিটা কথা কৈছিল, যিবোৰ পালন কৰা হʼলে তেওঁলোকে শাস্ত্ৰৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼলহেঁতেন। কিন্তু তেওঁলোকে এইদৰে নকৰিলে। যদি আমি যীচুৰ সেই তিনিটা কথাৰ ওপৰত ধ্যান দিওঁ, তেনেহʼলে আমি (১) শাস্ত্ৰত যি পঢ়োঁ, তাক বুজিব পাৰিম (২) আমি আধ্যাত্মিক ৰত্ন বিচাৰি পাম আৰু (৩) ঈশ্বৰৰ বাক্যৰ অনুসৰি আমি নিজকে সলনি কৰিব পাৰিম। এই লেখত আমি এটা এটাকৈ এই বিষয়ে আলোচনা কৰিম।

পঢ়ক আৰু বুজক

৪. লূক ১০:২৫-২৯ পদৰ পৰা আমি বাইবেল পঢ়াৰ বিষয়ে কি শিকিব পাৰোঁ?

আমি বাইবেলত যি পঢ়োঁ, সেয়া বুজিবও লাগিব, নহʼলে আমি তাৰ পৰা সম্পূৰ্ণৰূপে লাভৱান নহʼম। অলপ সময়ৰ বাবে সেই ‘বিধান-পণ্ডিতৰ’ কথা-বতৰালৈ মন কৰক, যিজনে যীচুৰ ওচৰলৈ আহিছিল আৰু তেওঁক কিছুমান প্ৰশ্ন সুধিছিল। (লূক ১০:২৫-২৯ পঢ়ক।) তেওঁ যীচুক সুধিছিল যে অনন্ত জীৱন পাবলৈ তেওঁ কি কৰিব লাগিব। তেতিয়া যীচুৱে ঈশ্বৰৰ বাক্যৰ ফালে তেওঁৰ ধ্যান আকৰ্ষিত কৰি তেওঁক এইদৰে সুধিলে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ পঢ়িছা?” সেই ব্যক্তিজনে শাস্ত্ৰৰ পৰা সঠিক উত্তৰ দিলে। তেওঁ কৈছিল যে ঈশ্বৰক আৰু নিজৰ ওচৰ-চুবুৰীয়াক প্ৰেম কৰিব লাগিব। (লেবী. ১৯:১৮; দ্বিতী. ৬:৫) কিন্তু মন কৰক যে ইয়াৰ পাছত তেওঁ কি সুধিলে, “মোৰ চুবুৰীয়া নো কোন?” তেওঁৰ এই প্ৰশ্নৰ পৰা জানিব পাৰি যে তেওঁ পঢ়া কথাখিনিৰ অৰ্থ বুজি পোৱা নাছিল। সেইবাবে, তেওঁ শাস্ত্ৰত লিখা কথাবোৰ পালন কৰিব পৰা নাছিল।

আমি পঢ়া কথাখিনি বুজাটো এনে এক দক্ষতা হয় যাক আমি বঢ়াব পাৰোঁ।

৫. প্ৰাৰ্থনা কৰিলে আৰু লাহে লাহেকৈ বাইবেল পঢ়িলে আপুনি কেনেকৈ লাভৱান হʼব পাৰে?

যদি আমি বাইবেল পঢ়াৰ ক্ষেত্ৰত কিছুমান ভাল অভ্যাস গঢ়ি তোলোঁ, তেনেহʼলে আমি ইয়াত লিখা কথাবোৰ ভালদৰে বুজিব পাৰিম। আপুনি কি কৰিব পাৰে? পঢ়াৰ আগতে প্ৰাৰ্থনা কৰক। শাস্ত্ৰত লিখা কথাবোৰ আমি কেৱল যিহোৱাৰ সহায়তে বুজিব পাৰোঁ। সেইবাবে, পবিত্ৰ শক্তি বিচাৰক, যাতে আপুনি বাইবেলখন মনোযোগেৰে পঢ়িব পাৰে। তাৰ পাছত লাহে লাহে পঢ়ক। এনে কৰিলে আপুনি যি পঢ়ি আছে, তাক ভালদৰে বুজি পাব। আপুনি যদি পাৰে জোৰ জোৰকৈ পঢ়ক বা আপোনাৰ ভাষাত যদি বাইবেলৰ অডিঅʼ ৰেকৰ্ডিং আছে, তেনেহʼলে সেয়া শুনক আৰু তাৰ লগতে পঢ়ি যাওক। যেতিয়া আপুনি বাইবেল পঢ়াৰ লগতে ইয়াক শুনে, তেতিয়া সেই কথাবিলাক আপোনাৰ মনত থাকিব। (যিহো. ১:৮) পঢ়াৰ পাছত আৰু এবাৰ প্ৰাৰ্থনা কৰক। যিহোৱাই আপোনাক এই ভাল উপহাৰ দিয়াৰ কাৰণে তেওঁক ধন্যবাদ দিয়ক আৰু আপুনি পঢ়া কথাবোৰৰ অনুসৰি জীৱন-যাপন কৰিবলৈ সহায় বিচাৰি তেওঁলৈ মিনতি কৰক।

আপুনি যি পঢ়ে তাৰ সৰু সৰু নোট লিখিলে আপুনি কেনেকৈ সেই কথাটো ভালদৰে বুজিব পাৰে আৰু মনত ৰাখিব পাৰে? (অনুচ্ছেদ ৬ চাওক)

৬. পঢ়াৰ সময়ত নিজকে প্ৰশ্ন সোধা আৰু সৰু সৰু নোট লোৱাৰ যোগেদি আপুনি কেনেকৈ লাভৱান হʼব? (ছবিখনো চাওক।)

বাইবেলক ভালদৰে বুজিবলৈ আপুনি আৰু দুটা কাম কৰিব পাৰে। কোনো এটা ঘটনা পঢ়াৰ সময়ত নিজকে কিছুমান প্ৰশ্ন সোধক। যেনে, ইয়াত মূখ্য চৰিত্ৰ কোন হয়? কোনে কথা পাতি আছে? কাৰ লগত কথা পাতি আছে? তেওঁ এই কথা কিয় কৈ আছে? এই কথা-বতৰা কʼত আৰু কেতিয়া হৈ আছে? এনেধৰণৰ প্ৰশ্ন সুধিলে আপুনি সেই ঘটনাৰ বিষয়ে চিন্তা কৰিব পাৰিব আৰু তাৰ মূখ্য বিষয়টো বুজিব পাৰিব। ইয়াৰ উপৰিও পঢ়াৰ সময়ত সৰু সৰু নোট লিখি ৰাখক। কিবা এটা কথা লিখিবলৈ আমাক চিন্তা কৰাৰ প্ৰয়োজন হয় আৰু এনে কৰাৰ যোগেদি আমি সেই কথাটো আৰু ভালদৰে বুজি পাম আৰু দীঘলীয়া সময়লৈকে মনতো ৰাখিব পাৰিম। আপুনি কিছুমান প্ৰশ্ন লিখিবও পাৰে। আপুনি যি অনুসন্ধান কৰিলে, তাৰ কিছুমান মূখ্য বিষয়বোৰো লিখি ৰাখিব পাৰে অথবা আপুনি সেই পদৰ পৰা শিকা কথাটো লিখিব পাৰে। নাইবা সেই পদ আপুনি কʼত আৰু কেনেকৈ ব্যৱহাৰ কৰিব, সেয়াও লিখি ৰাখিব পাৰে। আপুনি যি ঘটনা পঢ়িলে, সেয়া আপোনাক কেনে লাগিল, তাৰ বিষয়েও আপুনি নোট লিখিব পাৰে। এইদৰে কৰিলে ঈশ্বৰৰ বাক্য আপোনাৰ বাবে লিখা হৈছে বুলি আপোনাৰ অনুভৱ হʼব।

৭. বাইবেলত লিখা কথাবোৰ বুজিবলৈ আমাক আৰু কিহৰ প্ৰয়োজন আৰু কিয়? (মথি ২৪:১৫)

মথি ২৪:১৫ পঢ়ক। ইয়াত যীচুৱে কোৱা কথাৰ পৰা বাইবেল পঢ়াৰ বিষয়ে আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা শিকোঁ। তেওঁ কৈছিল, “যি জনে পঢ়ে, তেওঁ বুজক।” যীচুৱে ইয়াত “বুজা শক্তিৰ” বিষয়ে কৈছিল। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে কোনো এটা বিষয়, আন এটা কথাৰ লগত কেনেকৈ জড়িত হৈ আছে বা সেয়া তাৰ পৰা কেনেকৈ বেলেগ, তাক বুজা আৰু স্পষ্টকৈ নোকোৱা কথাবোৰ বুজিবলৈ চেষ্টা কৰা। এইদৰে “বুজা শক্তি” থাকিলে আমি বাইবেলৰ কথা আৰু ভালদৰে বুজিব পাৰিম। যীচুৱে কোৱা কথাৰ পৰা জানিব পাৰি যে যদি আমি বাইবেলৰ কোনো এটা ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল, তাৰ বিষয়ে জানিব বিচাৰোঁ, তেনেহʼলে আমাক “বুজা শক্তিৰ” প্ৰয়োজন হয়। গতিকে আমি বাইবেল পঢ়ি সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ “বুজা শক্তিৰ” প্ৰয়োজন।

৮. বাইবেলত পঢ়া কথাখিনি আৰু ভালদৰে বুজিবলৈ আমি কি কৰিব পাৰোঁ?

যিহোৱাই নিজৰ সেৱকসকলক বুজা শক্তি দিয়ে। সেইবাবে, তেওঁলৈ প্ৰাৰ্থনা কৰক যাতে তেওঁ আপোনাকো বুজা শক্তি দিয়ে। (হিতো. ২:৬) কিন্তু নিজৰ প্ৰাৰ্থনাৰ অনুসৰি কামো কৰক। আপুনি বাইবেলৰ কোনো এটা ভাগ পঢ়াৰ সময়ত গভীৰভাৱে চিন্তা কৰক যে আপুনি আগৰে পৰা যি জানে আৰু এতিয়া যি পঢ়িলে, তাৰ মাজত কি মিল আছে। ইয়াৰ কাৰণে আপুনি যিহোৱাৰ সাক্ষীসকলৰ অনুসন্ধান গাইডৰ দৰে প্ৰকাশনবোৰৰ সহায়ত অনুসন্ধান কৰিব পাৰে। এনে কৰিলে আপুনি বাইবেলৰ ঘটনাবোৰ ভালদৰে বুজিব পাৰিব আৰু শিকা কথাবোৰৰ অনুসৰি কেনেকৈ জীৱন-যাপন কৰিব লাগে, তাৰ বিষয়েও আপুনি বুজি পাব। (ইব্ৰী ৫:১৪) এইদৰে আপুনি বাইবেল পঢ়াৰ সময়ত বুজা শক্তি ব্যৱহাৰ কৰিলে ইয়াৰ বিষয়ে আপোনাৰ জ্ঞান বাঢ়িব।

পঢ়ক আৰু আধ্যাত্মিক ৰত্ন বিচাৰক

৯. চদ্দূকীসকলে শাস্ত্ৰৰ কোনটো গুৰুত্বপূৰ্ণ সত্যতাক ধ্যান দিয়া নাছিল?

যীচুৰ সময়ত থকা চদ্দূকীসকলে হিব্ৰু শাস্ত্ৰৰ প্ৰথম পাঁচখন কিতাপৰ বিষয়ে ভালদৰে পৰিচিত আছিল। কিন্তু সেই কিতাপবোৰত লিখা কিছুমান গুৰুত্বপূৰ্ণ সত্যতা তেওঁলোকে বুজি নাপালে। এয়া আমি কিয় কʼব পাৰোঁ? মন কৰক, এবাৰ তেওঁলোকে মৃত লোকসকলক জীৱিত কৰাৰ বিষয়ে যীচুক প্ৰশ্ন সুধিছিল, তেতিয়া যীচুৱে কি উত্তৰ দিলে। যীচুৱে এইদৰে কʼলে “মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, তাক তোমালোকে মোচিৰ পুস্তকত, জোপাৰ বৃত্তান্তত, পঢ়া নাই নে?” (মাৰ্ক ১২:১৮, ২৬) ইয়াত কোনো সন্দেহ নাই যে সেই চদ্দূকীসকলে সেই ঘটনাটো বহু বাৰ পঢ়িছিল। কিন্তু যীচুৱে তেওঁলোকক যি প্ৰশ্ন সুধিলে, তাৰ পৰা জানিব পাৰি যে তেওঁলোকে শাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ সত্যতাক ধ্যান দিয়া নাছিল। সেয়া হৈছে মৃত লোকসকলক ঈশ্বৰে আকৌ জীয়াই তুলিব।—মাৰ্ক ১২:২৭; লূক ২০:৩৮. d

১০. বাইবেল পঢ়াৰ সময়ত আমি কি কথাৰ প্ৰতি ধ্যান দিয়া উচিত?

১০ এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? বাইবেল পঢ়াৰ সময়ত আমি ধ্যান দিয়া উচিত যে কোনো এটা পদ বা ঘটনাৰ পৰা আমি কি কি কথা শিকিব পাৰোঁ। আমি বাইবেলত লিখা প্ৰাথমিক শিক্ষা বুজাৰ লগতে ইয়াত দিয়া আন গুৰুত্বপূৰ্ণ কথা আৰু সিদ্ধান্তবোৰৰ ওপৰতো ধ্যান দিয়া উচিত, যিবোৰ হয়তো স্পষ্টকৈ লিখা নাথাকে। এই কথাবোৰ শাস্ত্ৰৰ গভীৰতাত লুকাই থকা মূল্যৱান ৰত্নৰ দৰে হয়।

১১. দ্বিতীয় তীমথিয় ৩:১৬, ১৭ পদটো মন ৰাখি আপুনি বাইবেলৰ পৰা আধ্যাত্মিক ৰত্ন কেনেকৈ বিচাৰিব পাৰে?

১১ বাইবেল পঢ়াৰ সময়ত আপুনি আধ্যাত্মিক ৰত্নবোৰ কেনেকৈ বিচাৰিব পাৰে? মন কৰক যে ২ তীমথিয় ৩:১৬, ১৭ পদত কি লিখা আছে। (পঢ়ক।) তাত কোৱা হৈছে যে সম্পূৰ্ণ শাস্ত্ৰ (১) শিক্ষাৰ বাবে, (২) অনুযোগ অৰ্থাৎ বুজোৱাৰ বাবে, (৩) পতিত-উত্থাপনৰ বাবে অৰ্থাৎ ভুলবোৰ শুধৰাবলৈ আৰু (৪) অনুশাসনৰ অৰ্থে লাভজনক হয়। যেতিয়া আপুনি বাইবেলৰ কোনো এটা ঘটনা পঢ়ে, তেতিয়া চিন্তা কৰক যে তাৰ পৰা আপুনি যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে কি শিকিব পাৰে বা কোনটো সিদ্ধান্ত শিকিব পাৰে। এয়াও মন কৰক যে বাইবেলৰ সেই ঘটনাৰ পৰা যিহোৱাই আপোনাক কি বুজাব বিচাৰিছে। এই কথাখিনি আপুনি কেনেকৈ জানিব পাৰে? চিন্তা কৰক, আপুনি তাৰ পৰা কি জানিব পাৰে? আপোনাৰ মনত কিবা বেয়া ইচ্ছাতো নাই? অথবা আপোনাৰ ব্যৱহাৰ-পাতি কেনেকুৱা? তাৰ পাছত চিন্তা কৰক যে আপুনি সেই বেয়া ইচ্ছা নিজৰ মনৰ পৰা কেনেকৈ উলিয়াব পাৰে আৰু কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে। এয়াও চিন্তা কৰক যে আপুনি এই ঘটনাৰ পৰা কেনেকৈ ভুলবোৰ শুধৰাব পাৰে। যেনে, প্ৰচাৰ কৰাৰ সময়ত আপুনি কাৰোবাৰ ভুল চিন্তাধাৰা কেনেকৈ শুধৰণি কৰিব পাৰে। এয়াও জানিবলৈ চেষ্টা কৰক যে তাত যি কথা লিখা আছে, তাৰ পৰা আপুনি নিজকে অনুশাসন কৰি কেনেকৈ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিব পাৰে। বাইবেল পঢ়াৰ সময়ত এই চাৰিটা কথাৰ ওপৰত ধ্যান দিলে, আপুনি বহুতো আধ্যাত্মিক ৰত্ন বিচাৰিব পাৰিব। আনকি সেই কিতাপবোৰৰ পৰাও বিচাৰিব পাৰিব যি হয়তো আপুনি সাধাৰণতে নপঢ়ে। এই উপায় ব্যৱহাৰ কৰি আপুনি ইয়াৰ পৰা বহুত লাভৱান হʼব।

পঢ়ক আৰু তাৰ অনুসৰি জীৱন-যাপন কৰক

১২. “তোমালোকে পঢ়া নাই নে?” বুলি যীচুৱে ফৰীচীসকলক কিয় সুধিছিল?

১২ আন এক পৰিস্থিতিত যীচুৱে ফৰীচীসকলক প্ৰশ্ন সুধিছিল, “তোমালোকে পঢ়া নাই নে?” (মথি ১২:১-৭) e যীচুৱে তেওঁলোকক এই প্ৰশ্ন সোধাৰ কাৰণ হৈছে তেওঁলোকে শাস্ত্ৰ পঢ়িছিল, কিন্তু সঠিক উদ্দেশ্যেৰে পঢ়া নাছিল। সেই সময়ত তেওঁলোকে যীচুৰ শিষ্যসকলক অভিযোগ কৰিছিল যে তেওঁলোকে বিশ্ৰাম-বাৰৰ নিয়ম পালন নকৰে। তেতিয়া যীচুৱে তেওঁলোকক শাস্ত্ৰৰ পৰা দুটা উদাহৰণ কʼলে আৰু হোচেয়া কিতাপৰ পৰাও এটা কথা কʼলে। এইদৰে যীচুৱে কৈছিল যে বিশ্ৰাম-বাৰৰ নিয়ম কিয় দিয়া হৈছিল, সেয়া ফৰীচীসকলে বুজি পোৱা নাছিল। সেইবাবে, তেওঁলোকে লোকসকলৰ ওপৰত দয়াও দেখুৱা নাছিল। ফৰীচীসকলে ঈশ্বৰৰ বাক্যৰ অনুসৰি কিয় জীৱন-যাপন কৰিব পৰা নাছিল? কাৰণ তেওঁলোকে যিবোৰ পঢ়িছিল, সেইবোৰ সঠিক উদ্দেশ্যেৰে পঢ়া নাছিল। তেওঁলোকে নিজকে বৰ বুলি ভাবিছিল আৰু আনৰ মাজত দোষ বিচৰাৰ উদ্দেশ্যেৰে তেওঁলোকে ঈশ্বৰৰ বাক্য পঢ়িছিল। নিজৰ এই মনোবৃত্তিৰ বাবে তেওঁলোকে শাস্ত্ৰত লিখা কথাৰ সঠিক অৰ্থ বুজিব পৰা নাছিল।—মথি ২৩:২৩; যোহ. ৫:৩৯, ৪০.

১৩. আমি কি উদ্দেশ্যেৰে বাইবেল পঢ়া উচিত আৰু কিয়?

১৩ যীচুৱে ফৰীচীসকলক কোৱা কথাৰ পৰা আমি শিকিব পাৰোঁ যে আমি সঠিক উদ্দেশ্যেৰে বাইবেল পঢ়া উচিত। যদি আমি ফৰীচীসকলৰ নিচিনা নিজকে বৰ বুলি ভাবোঁ বা আনৰ মাজত ভুল বিচাৰিবলৈ বাইবেল পঢ়োঁ, তেনেহʼলে ইয়াৰ পৰা আমাৰ কোনো লাভ নহʼব। সেইবাবে, আমি নম্ৰ হোৱা উচিত আৰু শিকিবলৈ সদায় সাজু থকা উচিত। যাকোব ১:২১ পদত এইদৰে লিখা আছে, “যি ৰোৱা বাক্য তোমালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰা।” আমি নম্ৰ হʼলে আৰু সঠিক উদ্দেশ্যেৰে ঈশ্বৰৰ বাক্য পঢ়িলেহে ইয়ে আমাৰ অন্তৰত প্ৰভাৱ পেলাব। বাইবেলত দয়া, কৰুণা বা প্ৰেমৰ বিষয়ে কিবা ঘটনা পঢ়িলে আমি তাৰ অনুসৰি জীৱন-যাপন কৰিব পাৰিম আৰু এই গুণবোৰ বঢ়াব পাৰিম।

ঈশ্বৰৰ বাক্যৰ অনুসৰি আমি জীৱন-যাপন কৰিছোঁ নে নাই, সেয়া আমি কেনেকৈ জানিব পাৰোঁ? (অনুচ্ছেদ ১৪ চাওক) f

১৪. আমি বাইবেলৰ অনুসৰি জীৱন-যাপন কৰিছোঁ নে নাই, সেয়া আমি কেনেকৈ জানিব পাৰোঁ? (ছবিখনো চাওক।)

১৪ আমি আনৰ লগত যিদৰে ব্যৱহাৰ কৰোঁ, তাৰ পৰা জানিব পাৰি যে আমি ঈশ্বৰৰ বাক্যৰ অনুসৰি জীৱন-যাপন কৰিছোঁ নে নাই। ফৰীচীসকলে ঈশ্বৰৰ বাক্যৰ অনুসৰি জীৱন-যাপন নকৰাৰ বাবে তেওঁলোকে “নিৰ্দ্দোষীবিলাকক দোষী” কৰিছিল। (মথি ১২:৭) আমি ধ্যান দিয়া উচিত যে আমি আনৰ বিষয়ে কি ভাবোঁ আৰু তেওঁলোকৰ লগত কেনেদৰে ব্যৱহাৰ কৰোঁ। এনে কৰিলে আমি জানিব পাৰিম যে ঈশ্বৰৰ বাক্যই আমাৰ ওপৰত প্ৰভাৱ পেলাইছে নে নাই। যেনে, আমি চিন্তা কৰিব পাৰোঁ ‘মই আনৰ ভাল গুণবোৰলৈ ধ্যান দিওঁনে আৰু তেওঁলোকক প্ৰশংসা কৰোঁনে? অথবা মই সকলো সময়তে তেওঁলোকৰ দুৰ্বলতাবোৰৰ বিষয়ে কৈ থাকোঁ নেকি? যেতিয়া আনৰ পৰা ভুল হয়, তেতিয়া মই ক্ষমা কৰোঁ নে তেওঁলোকৰ বিষয়ে বেয়া বেয়াকৈ কথা কওঁ আৰু তেওঁলোকৰ প্ৰতি খং পুহি ৰাখোঁ নেকি?’ এইদৰে আমি নিজৰ বিষয়ে জানিব পাৰিম। আমি যিদৰে চিন্তা কৰোঁ, অনুভৱ কৰোঁ আৰু কাম কৰোঁ, তাৰ পৰা জানিব পাৰি যে আমি ঈশ্বৰৰ বাক্যৰ অনুসৰি জীৱন-যাপন কৰিছোঁ নে নাই।—১ তীম. ৪:১২, ১৫; ইব্ৰী ৪:১২.

এনেদৰে পঢ়ক, যাতে আনন্দ লাভ কৰে

১৫. যীচুৱে পবিত্ৰ শাস্ত্ৰৰ বিষয়ে কেনে অনুভৱ কৰিছিল?

১৫ যীচুৱে পবিত্ৰ শাস্ত্ৰক বহুত প্ৰেম কৰিছিল। ইয়াৰ বিষয়ে গীতমালা ৪০:৮ পদত এইদৰে ভৱিষ্যতবাণী কৰা হৈছে, “হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছা পূৰ কৰিবলৈহে মই ভাল পাওঁ; এনে কি, তোমাৰ ব্যৱস্থা মোৰ অন্তৰত আছে।” সেইবাবে, যীচুৱে আনন্দেৰে যিহোৱাৰ সেৱা কৰিব পাৰিলে আৰু নিজৰ প্ৰতিটো কামত সফল হʼব পাৰিলে। আমিও যিহোৱাৰ বাক্য পঢ়িলে আৰু তাক প্ৰেম কৰিলে আনন্দত থাকিব পাৰিম আৰু সফল হʼব পাৰিম।—গীত. ১:১-৩.

১৬. বাইবেলত পঢ়া কথাখিনিৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আপুনি কি কৰিব? (“ যীচুৱে কোৱা কথাবোৰ মনত ৰাখিলে আপুনি পঢ়া কথাখিনি বুজিব পাৰিব” নামৰ বক্স চাওক।)

১৬ যীচুৰ উদাহৰণৰ পৰা আৰু তেওঁৰ কথাৰ পৰা আমি যি শিকিলোঁ, সেইবোৰ মনত ৰাখি আহক আমি আৰু ভালদৰে বাইবেল পঢ়িবলৈ চেষ্টা কৰোঁ। বাইবেলৰ কোনো এটা ঘটনা আৰু ভালদৰে বুজিবলৈ আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ, লাহে লাহে পঢ়িব পাৰোঁ, প্ৰশ্ন সুধিব পাৰোঁ আৰু সুৰু সুৰু নোট লিখিব পাৰোঁ। যিবিলাক কথা স্পষ্টকৈ লিখা নাথাকে, সেইবোৰ আমি গভীৰভাৱে চিন্তা কৰিব পাৰোঁ। ইয়াৰ বাবে আমি আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিব পাৰোঁ। বাইবেল সোনকালে পঢ়ি শেষ কৰাৰ পৰিৱৰ্তে তাত লুকাই থকা আধ্যাত্মিক ৰত্নবোৰ বিচাৰিবলৈ চেষ্টা কৰক। আনকি সেই ভাগতো আধ্যাত্মিক ৰত্ন বিচাৰিবলৈ চেষ্টা কৰক, যাৰ বিষয়ে সাধাৰণতে আমি নাজানোঁ। এনেদৰে আমি বাইবেলৰ পৰা বহুতো কথা শিকিব পাৰিম। আমি সঠিক উদ্দেশ্যেৰে বাইবেল পঢ়াও উচিত, তেতিয়াহে আমি ঈশ্বৰৰ বাক্যৰ অনুসৰি জীৱন-যাপন কৰিব পাৰিম। আমি এই সকলো কথা মনত ৰাখি বাইবেল পঢ়িলে ইয়াৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼম আৰু যিহোৱাৰ আৰু কাষ চাপিম।—গীত. ১১৯:১৭, ১৮; যাকো. ৪:৮.

গীত ৯৫ বৃদ্ধি হয় সত্যৰ পোহৰ

a যিহোৱাৰ সকলো সেৱকে প্ৰতিদিনে বাইবেল পঢ়িবলৈ চেষ্টা কৰে। আন বহুতো লোকেও বাইবেল পঢ়ে, কিন্তু পঢ়া কথাখিনি বুজি নাপায়। যীচুৰ সময়তো কিছুমান লোকে এনেকুৱাই কৰিছিল। যীচুৱে তেওঁলোকক কোৱা কথাৰ ওপৰত ধ্যান দিলে আমি বুজি পাম যে বাইবেলৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আমি কেনেকৈ ইয়াক পঢ়িব পাৰোঁ।

b যীচুৰ বাপ্তিষ্মাৰ পাছত যেতিয়া পবিত্ৰ আত্মাৰ যোগেদি তেওঁৰ অভিষেক কৰা হʼল, তেতিয়া যিহোৱাই নিশ্চয় এনে কিছুমান কাম কৰিলে, যাৰ যোগেদি স্বৰ্গৰ সকলো কথা যীচুৰ মনত পৰিল।—মথি ৩:১৬.

c মৰিয়মে প্ৰায়ে শাস্ত্ৰৰ কথাবোৰ উল্লেখ কৰিছিল। (লূক ১:৪৬-৫৫) ইয়াৰ পৰা জানিব পাৰি যে তেওঁৰ শাস্ত্ৰৰ ভাল জ্ঞান আছিল। হয়তো মৰিয়ম আৰু যোচেফৰ ওচৰত ইমান টকা-পইচা নাছিল, যাৰ বাবে তেওঁলোকে নিজৰ কাৰণে শাস্ত্ৰৰ নুৰা কিনিব পাৰে। সেইবাবে, সভা ঘৰত ঈশ্বৰৰ বাক্য পঢ়ি শুনোৱাৰ সময়ত তেওঁলোকে সেই কথাবোৰ মনত ৰাখিবলৈ মনোযোগেৰে শুনিছিল।

d ১ এপ্ৰিল ২০১৩ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া “ঈশ্বৰৰ কাষ চাপক ‘তেওঁ জীয়া বিলাকৰ ঈশ্বৰ’” নামৰ লেখ পঢ়ক।

e মথি ১৯:৪-৬ পঢ়ক, যʼত যীচুৱে ফৰীচীসকলক সেই একেই প্ৰশ্ন সুধিছিল, “তোমালোকে পঢ়া নাই নে?” সেই ফৰীচীসকলে পৃথিৱীখন সৃষ্টি কৰাৰ বিষয়ে হয়তো বহু বাৰ পঢ়িছিল। ঈশ্বৰে কেনেকৈ এজন পুৰুষ আৰু এজনী স্ত্ৰীক বিবাহৰ বান্ধোনত বান্ধি ৰাখিছিল। কিন্তু যিহোৱাৰ দৃষ্টিত এই বন্ধন কিমান গুৰুত্বপূৰ্ণ, তেওঁলোকে বুজি নাপালে।

f ছবিৰ বিষয়ে: ৰাজ্যগৃহত সভাৰ সময়ছোৱাত অডিঅʼ ভিডিঅʼ চলোৱা ভাইজনে বহুতো ভুল কৰে, কিন্তু সভাৰ পাছত আন ভাইসকলে তেওঁৰ ভুলবোৰ কোৱাৰ পৰিৱৰ্তে তেওঁৰ ভাল কামৰ বাবে তেওঁৰ প্ৰশংসা কৰিছে।