অধ্যয়নৰ বাবে বিষয়
সমস্যাৰ সময়তো সাহসেৰে কাম কৰক
যিৰিমিয়া ৩৮:১-১৩ পঢ়ক আৰু জানিবলৈ চেষ্টা কৰক যে আপুনি ভৱিষ্যবক্তা যিৰিমিয়া আৰু নপুংসক এবদ-মেলকৰ পৰা সাহসেৰে কাম কৰাৰ বিষয়ে কি শিকিব পাৰে।
বেছিকৈ জানিবলৈ আশে-পাশে দিয়া পদবোৰো পঢ়ক। যিৰিমিয়াই যিহোৱাৰ বাৰ্তা লোকসকলক শুনাবলৈ কেনেকৈ সাহসেৰে কাম কৰিলে? (যিৰি. ২৭:১২-১৪; ২৮:১৫-১৭; ৩৭:৬-১০) তেওঁৰ বাৰ্তা শুনি লোকসকলে কি কৰিলে?—যিৰি. ৩৭:১৫, ১৬.
অনুসন্ধান কৰক। লোকসকলে যিৰিমিয়াক কি কৰিবলৈ হেঁচা দিছিল? (jr-HI ২৬-২৭ ¶২০-২২) প্ৰাচীন সময়ত নাদবোৰ কেনেধৰণৰ আছিল, তাৰ বিষয়ে অনুসন্ধান কৰক। (it-১-E ৪৭১) যেতিয়া যিৰিমিয়া নাদত আছিল আৰু বোকাত সোমাই গৈ আছিল, তেতিয়া তেওঁ মনতে কি ভাবি আছিল? এবদ-মেলকক কি কথাৰ পৰা ভয় লাগিব পাৰিলেহেঁতেন?—mwbr১৭.০৫-HI ২¶২-৩.
আপুনি কি শিকিলে তাৰ বিষয়ে চিন্তা কৰক। নিজকে সোধক:
-
‘এই ঘটনাৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই নিজৰ বিশ্বাসী লোকসকলক সুৰক্ষা দিয়ে?’ (গীত. ৯৭:১০; যিৰি. ৩৯:১৫-১৮)
-
‘মই কেতিয়া সাহসেৰে কাম কৰিবলগীয়া হʼব পাৰে?’
-
‘মই নিজৰ সাহস কেনেকৈ বঢ়াব পাৰোঁ যাতে কোনো এটা বেয়া কাম কৰিবলৈ হেঁচা অহাৰ সত্ত্বেও মই সঠিক কাম কৰিব পাৰোঁ?‘(w১১-E ৩/১ ৩০) a
a অনুসন্ধান কৰাৰ বাবে আন কিছুমান বিষয় জুলাই ২০২৩ চনৰ প্ৰহৰীদুৰ্গত “অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়” নামৰ লেখখনত দিয়া হৈছে।