Skip to content

Skip to table of contents

এজন প্ৰকৃত বন্ধু কেনেকৈ হʼব পাৰোঁ?

এজন প্ৰকৃত বন্ধু কেনেকৈ হʼব পাৰোঁ?

আপুনি কেতিয়াবা অকলে সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছে নে? আজি আমি “সংকটেৰে ভৰা” সময়ত জীয়াই আছোঁ, যাৰ সন্মুখীন হʼবলৈ বৰ কঠিন হয়। (২ তীম. ৩:১) কেতিয়াবা কেতিয়াবা আমি নিৰাশ হৈ পৰোঁ আৰু অকলশৰীয়া অনুভৱ কৰোঁ। কিন্তু ভয় নকৰিব! কাৰণ বাইবেলত কোৱা হৈছে যে এনে বন্ধু আছে, যিসকলে “দুৰ্দ্দশাৰ” সময়ত আপোনাক সহায় কৰিব পাৰে।—হিতো. ১৭:১৭.

প্ৰকৃত বন্ধুৱে কেনেকৈ সহায় কৰিব পাৰে?

যদিও পৌল গৃহবন্দী হৈ আছিল, তথাপিও তেওঁ নিজৰ বন্ধুসকলৰ সহায়ত যিহোৱাৰ সেৱাত লাগি থাকিলে

পাঁচনি পৌলে নিজৰ সেই বন্ধুসকলৰ পৰা বহুত সহায় পাইছিল, যিসকলে তেওঁৰ লগত মিচনেৰী সেৱাৰ বাবে গৈছিল। (কল. ৪:৭-১১) যেতিয়া পৌল ৰোমত বন্দী হৈ আছিল, তেতিয়া তেওঁৰ বন্ধুসকলে তেওঁৰ বাবে সেই কাম কৰিলে, যি পৌলে নিজেও কৰিব নোৱাৰিলে। যেনে, ইপাফ্ৰদীতে তেওঁৰ বাবে ফিলিপী মণ্ডলীৰ ভাই-ভনীয়ে দিয়া বস্তুবোৰ আনি দিছিল। (ফিলি. ৪:১৮) তুখিকে তেওঁৰ চিঠিবোৰ আন মণ্ডলীবোৰক দিবলৈ সহায় কৰিছিল। (কল. ৪:৭) নিজৰ বন্ধুসকলৰ সহায়তে পৌলে সেই সময়ত যিহোৱাৰ সেৱাত লাগি থাকিব পাৰিলে, যেতিয়া তেওঁ এখন ঘৰত বন্দী হৈ আছিল আৰু জেলত আছিল। আপুনি কেনেকৈ আনৰ প্ৰকৃত বন্ধু হʼব পাৰে?

আজিও ভাই-ভনীসকলে প্ৰকৃত বন্ধুৰ দৰে এজনে-আনজনৰ সহায় কৰে। এটা উদাহৰণলৈ মন কৰক। স্পেইনত থকা ভনী এলিচাবেত এগৰাকী অগ্ৰগামী সেৱক হয়। যেতিয়া তাইৰ মাকৰ কেন্সাৰ হʼল, তেতিয়া এগৰাকী ভনীয়ে বন্ধুৰ দৰে এলিচাবেতক সহায় কৰিলে। সেই ভনীগৰাকীয়ে প্ৰায়ে এলিচাবেতক উৎসাহ বঢ়োৱা মেচেজবোৰ লিখিছিল আৰু তাত বাইবেলৰ পদবোৰো লিখিছিল। এলিচাবেতে কয়, “সেই মেচেজৰ সহায়তে মই কেতিয়াও নিজকে অকলশৰীয়া অনুভৱ নকৰিলোঁ আৰু প্ৰতিদিনে মই সমস্যাবোৰ সাহসেৰে সন্মুখীন হʼব পাৰিলোঁ।”—হিতো. ১৮:২৪.

যদি আমি ভাই-ভনীসকলৰ লগত মিলি উপাসনাৰ লগত জড়িত কামবোৰ কৰোঁ, তেনেহʼলে আমাৰ বন্ধুত্ব আৰু মজবুত হৈ পৰিব। যেনে, আপুনি কোনো বৃদ্ধ ভাই বা ভনীক সভা আৰু প্ৰচাৰলৈ লৈ যাব পাৰে। যদি আপুনি এইদৰে কৰে, তেনেহʼলে আপোনালোকৰ উৎসাহ বাঢ়িব। (ৰোম. ১:১২) কিন্তু কিছুমান এনে ভাই-ভনীও আছে, যিসকলে ঘৰৰ পৰা ওলাই যাব নোৱাৰে। এনে ভাই-ভনীসকলৰ লগত আপুনি কেনেকৈ প্ৰকৃত বন্ধুত্ব গঢ়ি তুলিব পাৰে?

যিসকল ভাই-ভনীয়ে ঘৰৰ পৰা ওলাব নোৱাৰে, তেওঁলোকৰ প্ৰকৃত বন্ধু হওক

কিছুমান ভাই-ভনীয়ে স্বাস্থ্য বেয়া হোৱাৰ বাবে বা আন কিবা কাৰণৰ বাবে ৰাজ্যগৃহত আহিব নোৱাৰে। ভাই ডেভিডৰ উদাহৰণলৈ মন কৰক, যাৰ লিম্ফʼমা নামৰ এটা ডাঙৰ বেমাৰ হৈছিল। ইয়াৰ বাবে তেওঁ প্ৰায় ছয় মাহলৈকে কেমʼথেৰেপি লʼবলগীয়া হʼল। এই সময়ছোৱাত তেওঁ আৰু তেওঁৰ পত্নী লিডিয়াই ঘৰৰে পৰা অনলাইনৰ যোগেদি সভাত উপস্থিত হৈছিল।

মণ্ডলীৰ বন্ধুসকলে তেওঁলোকক কেনেকৈ সহায় কৰিলে? প্ৰতিটো সভাৰ পাছত ভাই-ভনীসকলে ৰাজ্যগৃহতে সময় উলিয়াই ভাই ডেভিড আৰু ভনী লিডিয়াৰ লগত ভিডিঅʼ কনফাৰেন্সিঙৰ যোগেদি কথা পাতিছিল। তেওঁলোকৰ মাজৰ এজনে যেতিয়া সভাত উত্তৰ দিছিল, তেতিয়া ভাই-ভনীসকলে পাছত মেচেজ কৰি তেওঁলোকৰ প্ৰসংশা কৰিছিল। সেইবাবে, ভাই ডেভিড আৰু ভনী লিডিয়াই কেতিয়াও নিজকে অকলশৰীয়া আৰু ভাই-ভনীৰ পৰা দূৰত আছে বুলি অনুভৱ কৰা নাছিল।

যিসকল ভাই-ভনীয়ে ঘৰৰ পৰা ওলাই যাব নোৱাৰে, তেওঁলোকৰ লগত মিলি প্ৰচাৰ কৰক

যিসকল ভাই-ভনীয়ে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে, আমি তেওঁলোকৰ লগত প্ৰচাৰ কৰিবলৈ কিবা ব্যৱস্থা কৰিব পাৰোঁ নে? তেওঁলোকৰ বাবে আমি নিজৰ তালিকাত কিছুমান সাল-সলনি কৰিবলগীয়া হʼব পাৰে। এইদৰে কৰাৰ যোগেদি আমি দেখুৱাব পাৰিম যে আমি সেই ভাই-ভনীসকলক পাহৰি যোৱা নাই। (হিতো. ৩:২৭) আপুনি তেওঁলোকৰ লগত ফোনত বা চিঠি লিখাৰ জৰিয়তে প্ৰচাৰ কৰিব পাৰে নে? যিসকল ভাই-ভনীয়ে ঘৰৰ পৰা ওলাব নোৱাৰে, তেওঁলোকক হয়তো আপুনি অনলাইনৰ যোগেদি প্ৰচাৰত আহিবলৈ নিমন্ত্ৰণ দিব পাৰে। ভাই ডেভিড আৰু ভনী লিডিয়াৰ এই ব্যৱস্থাৰ পৰা বহুত লাভ হʼল। ভাই ডেভিডে কৈছে, “অলপ সময়ৰ বাবেও প্ৰচাৰ সভাত উপস্থিত হৈ আৰু সকলোৰে লগত মিলি প্ৰাৰ্থনা কৰি বহুত সাহস পাইছিলোঁ।” যিসকল ভাই-ভনীয়ে ঘৰৰ পৰা বাহিৰলৈ যাব নোৱাৰে, তেওঁলোকক আমাৰ বাইবেল বিদ্যাৰ্থীক তেওঁলোকৰ ঘৰলৈ মাতিব পাৰোঁ নে বুলি সুধিব পাৰোঁ। যদি তেওঁলোকে অনুমতি দিয়ে, তেনেহʼলে আমি তেওঁলোকৰ ঘৰত অধ্যয়ন কৰিব পাৰোঁ।

যেতিয়া আমি সেই ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰিম, যিসকলে ঘৰৰ পৰা বাহিৰলৈ যাব নোৱাৰে, তেতিয়া আমি তেওঁলোকক আৰু ভালদৰে জানিব পাৰিম। আমি এয়াও চাবলৈ পাম যে তেওঁলোকৰ কি কি ভাল গুণ আছে আৰু আমি তেওঁলোকৰ ভাল বন্ধু হৈ পৰিম। যেনে, আমি তেওঁলোকৰ লগত মিলি প্ৰচাৰ কৰিব পাৰোঁ আৰু এয়া চাব পাৰোঁ যে তেওঁলোকে কেনেকৈ বাইবেলৰ ভালদৰে ব্যৱহাৰ কৰে আৰু লোকসকলক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰে। এইদৰে কৰিলে তেওঁলোকৰ প্ৰতি আমাৰ অন্তৰত সন্মান বাঢ়িব। যেতিয়া আপুনি ভাই-ভনীসকলক উপাসনাৰ লগত জড়িত কামবোৰত সহায় কৰিব, তেতিয়া আপুনি বহুতো ভাল বন্ধু বনাব পাৰিব।—২ কৰি. ৬:১৩.

যেতিয়া পৌল সমস্যাত আছিল, তেতিয়া তীতে তেওঁক লগ কৰিবলৈ গৈছিল। ইয়াৰ পৰা পৌলে বহুত শান্ত্বনা পালে। (২ কৰি. ৭:৫-৭) এই ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া ভাই-ভনীসকলে সমস্যাত থাকে, তেতিয়া আমি অকল কথাৰে নহয়, আমি তেওঁলোকৰ লগত থাকিও তেওঁলোকৰ উৎসাহ বঢ়োৱা উচিত। আমি যিমান পাৰোঁ সিমান তেওঁলোকক সহায় কৰা উচিত।—১ যোহ. ৩:১৮.

যিসকলে তাড়নাৰ সন্মুখীন হৈ আছে, তেওঁলোকৰ প্ৰকৃত বন্ধু হওক

ৰাছিয়াত থকা আমাৰ ভাই-ভনীসকলে এজনে-আনজনক সহায় কৰাৰ ক্ষেত্ৰত এক ভাল উদাহৰণ ৰাখিলে। ভাই চাৰগী আৰু তেওঁৰ পত্নী তাতিয়ানাৰ অনুভৱৰ ওপৰত মন কৰক। পুলিচে তেওঁলোকৰ ঘৰৰ তালাচি লʼলে আৰু তেওঁলোকক সোধ-পোচৰ বাবে লৈ গʼল। ভনী তাতিয়ানাক অলপ দেৰিৰ পাছত এৰি দিয়া হʼল আৰু তাই ঘৰলৈ উভতি আহিলে। ভাই চাৰগীয়ে এইদৰে কৈছে, “যেতিয়া তাতিয়ানা ঘৰলৈ উভতি আহিল, তেতিয়া এজনী ভনীয়ে সাহস গোটাই তাইক লগ কৰিবলৈ আহিল। তাৰ পাছত আন কিছুমান বন্ধুৱেও আমাৰ ঘৰলৈ আহিল আৰু তেওঁলোকে আমাৰ ঘৰখন ঠিক কৰাত আমাক সহায় কৰিলে।”

ভাই চাৰগীয়ে এয়াও কৈছে, “মই হিতোপদেশ ১৭:১৭ পদত লিখা কথা বহুত ভাল পাওঁ। যʼত লিখা আছে: ‘বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।’ তাড়নাৰ এই সময়ছোৱাত মোক মোৰ বন্ধুসকলৰ বহুত প্ৰয়োজন আছিল আৰু মই দেখিবলৈ পালোঁ যে এই পদত লিখা কথা কিমান সঁচা। যিহোৱাই মোক এনে বন্ধু দিছে, যিসকলে মোক সাহস দিলে আৰু সকলো সময়তে সহায় কৰিলে।” a

আজি এই কঠিন সময়ছোৱাত আমাক প্ৰকৃত বন্ধুৰ বহুত প্ৰয়োজন আছে আৰু মহা সংকটৰ সময়ছোৱাত আমাক তেওঁলোকৰ বহুত প্ৰয়োজন হʼব। সেইবাবে, আহক আমি এতিয়াৰে পৰা এজনে-আনজনৰ প্ৰকৃত বন্ধু হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ।—১ পিত. ৪:৭, ৮.