জীৱন কাহিনী
“মই কেতিয়াও অকলশৰীয়াকৈ নাছিলোঁ”
আমি জীৱনত বহুবাৰ অকলশৰীয়া অনুভৱ কৰোঁ। যেনে, যেতিয়া আমাৰ আপোনজনাৰ মৃত্যু হয়, যেতিয়া আমি কোনো এখন নতুন ঠাইলৈ যাওঁ বা যেতিয়া আমাৰ লগত কোনো নাথাকে। মোৰ লগত এই সকলোবোৰ হৈছিল। কিন্তু আজি যেতিয়া মই সেই কথাবোৰ মনত পেলাওঁ, তেতিয়া মোৰ অনুভৱ হয় যে মই কেতিয়াও অকলশৰীয়া নাছিলোঁ। এইদৰে কিয় অনুভৱ হয় আহক আপোনালোকক জনাওঁ।
মা-দেউতাৰ ভাল উদাহৰণ
মোৰ মা-দেউতা কেথলিক আছিল আৰু ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস কৰিছিল। কিন্তু যেতিয়া তেওঁলোকে বাইবেলৰ পৰা ঈশ্বৰৰ নাম যিহোৱা হয় বুলি গʼম পালে, তেতিয়া তেওঁলোকে যিহোৱাৰ সাক্ষী হʼল আৰু উৎসাহেৰে তেওঁৰ সেৱা কৰিবলৈ ধৰিলে। মোৰ দেউতা বাঢ়ৈ আছিল আৰু যীচুৰ মূৰ্তি আৰু আন বস্তু বনাইছিল। কিন্তু সত্য শিকাৰ পাছত তেওঁ মূৰ্তি বনাবলৈ এৰি দিলে। তাৰ পাছত আমাৰ ঘৰৰ তলৰ কোঠালী ৰাজ্যগৃহৰ বাবে দি দিলে। সেয়া চেন জোৱান ডেল মʼন্টেৰ প্ৰথম ৰাজ্যগৃহ আছিল। এই চহৰ ফিলিপাইনৰ ৰাজধানী মনীলা চহৰৰ ওচৰত আছে।
মোৰ জন্ম ১৯৫২ চনত হৈছিল। মোৰ চাৰিজন দাদা আৰু তিনিজনী বাইদেউ আছিল। সৰুৰে পৰা মা-দেউতাই আমাক যিহোৱাৰ বিষয়ে শিকাইছিল। যেতিয়া মই অলপ ডাঙৰ হʼলোঁ, তেতিয়া দেউতাই মোক প্ৰতিদিনে বাইবেলৰ এটা অধ্যায় পঢ়িবলৈ কʼলে। তাৰ পাছত তেওঁ বেলেগ বেলেগ প্ৰকাশনৰ পৰা মোক যিহোৱাৰ বিষয়ে বহুতো কথা শিকালে। কেতিয়াবা কেতিয়াবা মা-দেউতাই চাৰ্কিট ওভাৰচিয়াৰ আৰু শাখা কাৰ্য্যালয়ৰ পৰা অহা ভাইসকলক আমাৰ ঘৰত থাকিবলৈ দিছিল। তেওঁলোকৰ অনুভৱ শুনি আমি বহুত আনন্দিত হৈছিলোঁ আৰু আমাৰ উৎসাহ বাঢ়িছিল। এইদৰে আমি সকলোৱে যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ উৎসাহিত হʼলোঁ।
মা-দেউতাই বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিলে আৰু তেওঁলোক মোৰ বাবে এক ভাল উদাহৰণ আছিল। কিন্তু এটা বেমাৰৰ বাবে মাৰ মৃত্যু হʼল। তাৰ পাছত ১৯৭১ চনত দেউতা আৰু মই একেলগে পাইনিয়াৰ সেৱা আৰম্ভ কৰিলোঁ। কিন্তু ১৯৭৩ চনত দেউতাৰো মৃত্যু হʼল। সেই সময়ত মই কেৱল ২০ বছৰৰ আছিলোঁ। মা-দেউতাক মৃত্যুত হেৰুৱাৰ পাছত মোৰ বহুত দুখ লাগিছিল আৰু মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ। কিন্তু বাইবেলৰ পৰা আমি যি “নিশ্চিত আৰু মজবুত” আশা পাওঁ, তাৰ বাবে মই নিজকে চম্ভালিব পাৰিলোঁ। মই ভাল কথাবোৰৰ ওপৰত ধ্যান দিব পাৰিলোঁ আৰু যিহোৱাৰ কাষত থাকিব পাৰিলোঁ। (ইব্ৰী ৬:১৯) দেউতাৰ মৃত্যুৰ কিছু সময়ৰ পাছতেই মই বিশেষ অগ্ৰগামী সেৱা কৰাৰ নিমন্ত্ৰণ পালোঁ। ইয়াৰ বাবে মই পালাবান প্ৰান্তৰ কʼৰোণ দ্বীপলৈ যাবলগীয়া আছিল।
সমস্যা আৰু অকলশৰীয়া অনুভৱ
যেতিয়া মই কʼৰোণলৈ গৈ পালোঁ, তেতিয়া মই ২১ বছৰৰ আছিলোঁ। মই চহৰত ডাঙৰ-দীঘল হৈছিলোঁ আৰু প্ৰথমবাৰ এনে ঠাইলৈ গৈছিলোঁ, যʼত কাৰেন্ট আৰু পানীৰ ইমান ভাল ব্যৱস্থা নাছিল। তাত যান-বাহনো বহুত কম আছিল। তাত কিছুমান ভাই-ভনী আছিল, কিন্তু মোৰ লগত প্ৰচাৰ কৰিবলৈ কোনো পাইনিয়াৰ ভাই নাছিল। সেইবাবে, মই প্ৰায়ে অকলেই প্ৰচাৰ
কৰিছিলোঁ। প্ৰথম মাহটো মোৰ বাবে বৰ কঠিন আছিল। সেই সময়ত পৰিয়াল আৰু বন্ধুসকললৈ মোৰ বহুত মনত পৰিছিল। মই ৰাতি অকলে বহি তৰাৰে ভৰা আকাশলৈ চাইছিলোঁ। তেতিয়া মোৰ বহুত কান্দিবলৈ আৰু সকলোবোৰ এৰি ঘৰলৈ গুচি যাবলৈ মন গৈছিল।যেতিয়া মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ, তেতিয়া মনৰ সকলো কথা যিহোৱাক খুলি কৈছিলোঁ। বাইবেল আৰু প্ৰকাশনবোৰত মই যি উৎসাহজনক কথা পঢ়িছিলোঁ, সেইবোৰ মনত পেলাইছিলোঁ। মই প্ৰায়ে গীতমালা ১৯:১৪ পদৰ বিষয়ে চিন্তা কৰিছিলোঁ। ইয়াৰ পৰা মই বুজি পালোঁ যে যদি মই যিহোৱাই আনন্দিত হোৱা কাম আৰু গুণৰ বিষয়ে ভাবি থাকোঁ, তেনেহʼলে যিহোৱা ‘মোৰ দুৰ্গ আৰু মোৰ মুক্তিকৰ্ত্তা’ হৈ পৰিব। প্ৰহৰীদুৰ্গৰ এখন লেখৰ পৰা মোৰ বহুত লাভ হʼল, যাৰ বিষয় আছিল, “আপুনি কেতিয়াও অকলশৰীয়া নহয়।” a সেইখন মই বাৰে বাৰে পঢ়িছিলোঁ। তেতিয়া মোৰ অনুভৱ হৈছিল যে যিহোৱা মোৰ লগত আছে আৰু মই অকলশৰীয়া নহওঁ। সেই সময়টো মোৰ বাবে বৰ বিশেষ আছিল। সেই সময়ছোৱাত মই বহুত প্ৰাৰ্থনা, অধ্যয়ন আৰু মনন কৰিলোঁ।
কʼৰোণলৈ গৈ পোৱাৰ কিছু সময়ৰ পাছতে মোক প্ৰাচীন নিযুক্ত কৰা হʼল। তাত আৰু কোনো প্ৰাচীন নথকাৰ বাবে মই প্ৰতিসপ্তাহে ঈশ্বৰশাসিত স্কুল, সেৱা সভা, মণ্ডলীৰ পুস্তক অধ্যয়ন আৰু প্ৰহৰীদুৰ্গ অধ্যয়ন চলাবলগীয়া হৈছিল। ইয়াৰ উপৰিও মই প্ৰতিসপ্তাহে জনভাষণ দিবলগীয়া হৈছিল। সেইবাবে, অকলশৰীয়া অনুভৱ কৰিবলৈ মোৰ ওচৰত সময়ে নাছিল!
কʼৰোণত প্ৰচাৰ কাম বহুত ভাল আছিল। মই তাত বহুতো বাইবেল অধ্যয়ন পালোঁ আৰু তেওঁলোকৰ মাজৰ কিছুমানে আগলৈ গৈ বাপ্তিষ্মাও লʼলে। কিন্তু তাত কিছুমান সমস্যাও আছিল। বহুবাৰ মই ৰাতিপুৱা প্ৰচাৰলৈ ওলাইছিলোঁ আৰু দুপৰীয়া মই প্ৰচাৰ এলেকালৈ গৈ পাইছিলোঁ। কেতিয়াবা কেতিয়াবা মই এয়াও জনা নাছিলোঁ যে তাত গৈ পোৱাৰ পাছত ৰাতি কʼত থাকিম। আমাৰ মণ্ডলীৰ প্ৰচাৰ এলেকাত কিছুমান সৰু সৰু দ্বীপো আছিল। তালৈ মই মটৰ জাহাজেৰে গৈছিলোঁ। বহুবাৰ মই সমুদ্ৰত উঠা ধুমুহাৰ সন্মুখীন হʼবলগীয়া হৈছিল আৰু মই সাতুৰিবও নাজানিছিলোঁ। কিন্তু এই সকলো সমস্যাৰ সময়ত যিহোৱাই মোক ৰক্ষা কৰিলে আৰু চম্ভালিলে। আগলৈ গৈ মোৰ অনুভৱ হʼল যে মই যাতে ইয়াতকৈ ডাঙৰ ডাঙৰ সমস্যাৰ সময়তো যিহোৱাৰ সেৱা কৰি থাকিব পাৰোঁ, তাৰ বাবে তেওঁ মোক সাজু কৰি আছিল।
পাপুৱা নিউগিনি
মোক ১৯৭৮ চনত পাপুৱা নিউগিনিত সেৱা কৰিবলৈ পঠিওৱা হʼল। এই দেশ অষ্ট্ৰেলিয়াৰ উত্তৰত অৱস্থিত আছে। পাপুৱা নিউগিনিত বহুতো পাহাৰ আছে। তাৰ জনসংখ্যা ৩০ লাখতকৈ বেছি আছিল। তাত ৮০০-তকৈ বেছি ভাষা কোৱা হয়, এয়া জানি মই বহুত আচৰিত হৈছিলোঁ। কিন্তু ভাল কথা যে তাৰ বেছিভাগ লোকে মেলানেচিয়ান পিজিন ভাষাত কথা পাতিছিল, ইয়াক টʼক পিছিন বুলিও কোৱা হয়।
কিছু সময়ৰ বাবে মোক পাপুৱা নিউগিনিৰ ৰাজধানীৰ পোৰ্ট মৰ্ছবিত ইংৰাজী ভাষা কোৱা মণ্ডলীত পঠিওৱা হʼল। কিন্তু কিছু সময়ৰ পাছত মই টʼক পিছিন ভাষা কোৱা মণ্ডলীত যাবলৈ ধৰিলোঁ। এই ভাষা শিকিবলৈ মই এটা কৰ্চ কৰিলোঁ আৰু যি শিকিছিলোঁ, সেয়া মই প্ৰচাৰত ব্যৱহাৰ কৰিছিলোঁ। এইদৰে মই সেই ভাষা সোনকালে শিকিব পাৰিলোঁ। কিছু দিনৰ পাছতে মই টʼক পিছিন ভাষাত মোৰ প্ৰথম জনভাষণ দিলোঁ। তাৰ পাছত এটা খবৰ শুনি মই বৰ আচৰিত হʼলোঁ। পাপুৱা নিউগিনিলৈ অহা মোৰ এবছৰো হোৱা নাছিল, তথাপিও টʼক পিছিন কোৱা কিছুমান মণ্ডলীৰ বাবে মোক চাৰ্কিট ওভাৰচিয়াৰ হিচাপে নিযুক্ত কৰা হʼল। এই মণ্ডলীবোৰ বহুত দূৰত দূৰত আছিল আৰু বেলেগ বেলেগ প্ৰান্তত বিয়পি আছিল।
মণ্ডলীবোৰ বহুত দূৰত দূৰত থকাৰ বাবে, মই বহুতো চাৰ্কিট সন্মিলনৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল আৰু বহুত যাত্ৰা কৰিবলগীয়া হৈছিল। আৰম্ভণিতে ইয়াত মোৰ বাবে সকলোবোৰ নতুন আছিল, যেনে: দেশ, ভাষা, লোকসকলৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ জীৱন-প্ৰণালী একেবাৰে বেলেগ আছিল। সেইবাবে,
মই বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ। এখন মণ্ডলীৰ পৰা আন এখন মণ্ডলীলৈ যোৱাটো মোৰ বাবে বহুত কঠিন আছিল। কাৰণ সেয়া পাহাৰীয়া এলেকা আছিল আৰু ৰাস্তাও ইমান ভাল নাছিল। গতিকে, মই প্ৰতিসপ্তাহে উৰা জাহাজেৰে যাত্ৰা কৰিছিলোঁ। সেই সৰু জাহাজৰ অৱস্থা ইমান ভাল নাছিল আৰু কেতিয়াবা কেতিয়াবা মই অকলেই সেই জাহাজেৰে যাত্ৰা কৰিছিলোঁ। ফিলিপাইনত নাৱেৰে যাত্ৰা কৰাটো যিমান ভয়ানক আছিল, ঠিক সেইদৰে এই জাহাজেৰে যাত্ৰা কৰাটো সিমানেই বিপদজনক আছিল!সেই সময়ত বহু কম সংখ্যাক লোকৰ ওচৰত টেলিফোন আছিল। সেইবাবে, মই মণ্ডলীবোৰলৈ চিঠি লিখিবলগীয়া হৈছিল। কিন্তু প্ৰায়ে তেওঁলোকে মোৰ চিঠি পোৱাৰ আগতে মই তালৈ গৈ পাইছিলোঁ আৰু ভাই-ভনীসকলৰ ঘৰ বিচাৰিবলৈ আন লোকসকলক সুধিবলগীয়া হৈছিল। কিন্তু প্ৰতিবাৰে যেতিয়া ভাইসকলক লগ পাইছিলোঁ, তেতিয়া তেওঁলোকে মোক মৰমেৰে আদৰণি জনাইছিল। মোৰ পৰিশ্ৰম ব্যৰ্থ নহʼল বুলি মই আনন্দিত হৈছিলোঁ। মই লক্ষ্য কৰিলোঁ যে যিহোৱাই বেলেগ বেলেগ উপায়েৰে মোৰ সহায় কৰি আছে আৰু তেওঁৰ লগত থকা মোৰ সম্পৰ্ক আৰু মজবুত হʼল।
যেতিয়া মই প্ৰথমবাৰ বʼগানভিল দ্বীপত সভালৈ গৈছিলোঁ, তেতিয়া এহাল দম্পতী হাঁহি হাঁহি মোৰ ওচৰলৈ আহিল। তেওঁলোকে মোক সুধিলে, “আপুনি আমাক চিনি পাইছে নে?” তেতিয়া মোৰ মনত পৰিল যে যেতিয়া মই পাপুৱা নিউগিনিলৈ আহিছিলোঁ, তেতিয়া পোৰ্ট মৰ্ছবিত তেওঁলোকক প্ৰচাৰ কৰিছিলোঁ আৰু তেওঁলোকৰ লগত বাইবেল অধ্যয়নো আৰম্ভ কৰিছিলোঁ। কিন্তু তাৰ পৰা যোৱাৰ আগতে মই এজন ভাইক তেওঁলোকৰ অধ্যয়ন কৰিবলৈ কৈছিলোঁ। এতিয়া তেওঁলোকৰ বাপ্তিষ্মা হৈ গʼল! এয়া সঁচাকৈ এটা ডাঙৰ আশীৰ্বাদ আছিল। মই তিনি বছৰলৈকে পাপুৱা নিউগিনিত সেৱা কৰিলোঁ আৰু সেই সময়ছোৱাত যিহোৱাই মোক আৰু বহুতো আশীৰ্বাদ দিলে।
আমাৰ সৰু পৰিয়ালে উৎসাহেৰে সেৱা কৰিলে
মই ১৯৭৮ চনত কʼৰোণ এৰি যোৱাৰ আগতে এজনী ভনীক লগ পাইছিলোঁ। তাইৰ নাম আছিল আডেল। তাই বহুত মৰমীয়াল আছিল আৰু নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা কৰিছিল। তাই পাইনিয়াৰ সেৱা কৰিছিল আৰু তাইৰ দুজন লʼৰা-ছোৱাৰী আছিল, চমূৱেল আৰু চাৰ্লী। তাই নিজৰ বৃদ্ধ মাকৰো চোৱা-চিতা কৰিছিল। মই তাইক বিয়া পাতিবলৈ ১৯৮১ চনত ফিলিপাইনত উভতি আহিলোঁ। বিয়াৰ পাছত আমি দুয়োজনে পাইনিয়াৰ সেৱা আৰম্ভ কৰিলোঁ আৰু পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ ধৰিলোঁ।
এতিয়া মোৰ এটা পৰিয়াৰ আছিল। তথাপিও ১৯৮৩ চনত মোক পুনৰ বিশেষ অগ্ৰগামী সেৱক হিচাপে নিযুক্ত কৰা হʼল আৰু পালাবান দ্বীপৰ লিনাপাকন দ্বীপত পঠিওৱা হʼল। আমি গোটেই পৰিয়ালে তাত গৈ থাকিবলৈ ধৰিলোঁ। তাত এজনো যিহোৱাৰ সাক্ষী নাছিল। তাত গৈ পোৱাৰ প্ৰায় এবছৰৰ পাছত আডেলৰ মাকৰ মৃত্যু হʼল। আমি প্ৰচাৰত ব্যস্ত থকাৰ বাবে এই দুখৰ সময়ছোৱাত নিজকে চম্ভালিব পাৰিলোঁ। লিনাপাকনত আমি বহুতো লোকৰ লগত বাইবেল অধ্যয়ন আৰম্ভ কৰিলোঁ আৰু তেওঁলোকেও সভালৈ আহিব বিচাৰিছিল। সেইবাবে, অলপ সময়ৰ পাছতে আমাক এখন সৰু ৰাজ্যগৃহৰ প্ৰয়োজন হʼল। আমি নিজে এখন ৰাজ্যগৃহ বনালোঁ। তাত সেৱা কৰা তিনি বছৰৰ পাছতে স্মৰণীয় দিনত ১১০ জন লোক উপস্থিত হৈছিল। এয়া চাই আমি বহুত আনন্দিত হʼলোঁ। আমি তাৰ পৰা যোৱাৰ পাছত তেওঁলোকৰ মাজৰ বহুতো লোকে বাপ্তিষ্মা লʼলে।
আমাক ১৯৮৬ চনত কিউলিয়ন দ্বীপলৈ পঠিওৱা হʼল। তাত এখন এলেকাত কুষ্ঠৰোগীসকল থাকিছিল। তালৈ গৈ পোৱাৰ কিছু বছৰৰ পাছত আডেলকো বিশেষ অগ্ৰগামী সেৱক হিচাপে নিযুক্ত কৰা হʼল। আৰম্ভণিতে আমি কুষ্ঠৰোগীসকলক প্ৰচাৰ কৰিবলৈ ভয় কৰিছিলোঁ। কিন্তু তাত থকা ভাই-ভনীসকলে কʼলে যে আমি ভয় কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁলোকৰ চিকিৎসা হৈ গৈছে। তেওঁলোকৰ মাজৰ কিছুমানে এগৰাকী লূক ৫:১২, ১৩.
ভনীৰ ঘৰত সভাৰ বাবে আহিছিল। লাহে লাহে আমি তেওঁলোকৰ লগত সংগতি কৰিবলৈ ধৰিলোঁ আৰু প্ৰচাৰ কৰিবলৈ ধৰিলোঁ। তেওঁলোকে ভাবিছিল যে ঈশ্বৰ আৰু কোনো মানুহেই তেওঁলোকৰ বিষয়ে চিন্তা নকৰে। কিন্তু আমি যেতিয়া তেওঁলোকক বাইবেলৰ পৰা জনালোঁ যে এনে এটা সময় আহিব, যেতিয়া তেওঁলোকে সম্পূৰ্ণৰূপে সুস্থ হৈ যাব, তেতিয়া তেওঁলোকে বহুত আনন্দিত হৈছিল। তেওঁলোকৰ আনন্দ চাই আমিও বহুত আনন্দিত হৈছিলোঁ।—আপোনালোকে জানেনে তাত আমাৰ লʼৰা-ছোৱালীৰ কেনে অনুভৱ আছিল। আমি দুজনী যুৱতী ভনীক কʼৰোণৰ পৰা ইয়ালৈ মাতিছিলোঁ, যাতে তেওঁলোকে চমূৱেল আৰু চাৰ্লীৰ লগত সময় কটাব পাৰে। তেওঁলোকে চাৰিজনে মিলি প্ৰচাৰ কৰি বৰ আনন্দিত আছিল। তেওঁলোকে সেই লʼৰা-ছোৱালীৰ অধ্যয়ন কৰিছিল, যিসকলৰ মা-দেউতাক মই আৰু আডেলে অধ্যয়ন কৰিছিলোঁ। এনে এটা সময় আহিল যেতিয়া আমি ১১ টা পৰিয়ালৰ লগত বাইবেল অধ্যয়ন কৰিছিলোঁ। সময় পাৰ হোৱাৰ লগে লগে ইমানেই লোকে অধ্যয়ন কৰিবলৈ ধৰিলে যে এতিয়া এটা নতুন মণ্ডলী হʼলহেঁতেন।
কিউলিয়নত আঠজন প্ৰচাৰক আছিল আৰু মেৰিলী গাৱঁত নজন প্ৰচাৰক আছিল। সেই গোটেই এলেকাত মই অকলেই প্ৰাচীন আছিলোঁ। সেইবাবে, শাখা কাৰ্য্যালয়ে মোক দুয়োটা ঠাইতে সভা চলাবলৈ কʼলে। কিউলিয়নৰ পৰা মেৰিলীলৈ যাবলৈ তিনি ঘন্টা নাৱেৰে যাত্ৰা কৰিবলগীয়া হৈছিল। তাত সভা শেষ কৰাৰ পাছত আমাৰ পৰিয়ালে পাহাৰীয়া বাটেৰে বহু ঘন্টা খোজ কাঢ়ি হেলছী গাওঁলৈ গৈছিল। তাত আমি বহুতো বাইবেল অধ্যয়ন কৰাইছিলোঁ।
আগলৈ গৈ মেৰিলী আৰু হেলছীত ইমানেই লোকে সত্য গ্ৰহণ কৰিলে যে দুয়োখন ঠাইত ৰাজ্যগৃহ বনাবলগীয়া হʼল। লিনাপাকনত যিদৰে ভাইসকলে আৰু আগ্ৰহী লোকসকলে ৰাজ্যগৃহ বনাবলৈ সহায় কৰিছিল আৰু নিৰ্মাণ কামৰ বাবে বস্তুবোৰ দিছিল, ঠিক সেইদৰে ইয়াতো হʼল। মেৰিলী ৰাজ্যগৃহত ২০০ জন লোক বহিব পাৰিলেহেঁতেন আৰু তাক ডাঙৰো কৰিব পৰা গʼলহেঁতেন। সেইবাবে, আমি তাত সন্মিলনো ৰাখিব পাৰিলোঁ।
দুখ আৰু অকলশৰীয়া অনুভৱ হৈছিল, কিন্তু আনন্দ ঘূৰাই পালোঁ
আমাৰ লʼৰা-ছোৱালী ডাঙৰ হোৱাৰ পাছত ১৯৯৩ চনত মই আৰু আডেলে ফিলিপাইনত চাৰ্কিটৰ কাম কৰিবলৈ ধৰিলোঁ। তাৰ পাছত মই ২০০০ চনত ‘মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুললৈ’ গʼলোঁ, যʼত মোক শিকোৱাৰ ট্ৰেইনিং দিয়া হʼল। মোৰ এনে লাগিল যেন মই এই দায়িত্ব ভালদৰে পূৰ কৰিব নোৱাৰিম। কিন্তু এই দায়িত্ব পূৰ কৰিবলৈ যিহোৱাই মোক শক্তি দিব বুলি আডেলে মোক আশ্বাস দিলে। (ফিলি. ৪:১৩) কাৰণ তাই নিজেও এই কথা অনুভৱ কৰিছিল। কিছু সময়ৰ পৰা তাইৰ বেমাৰ হৈ আছিল। কিন্তু যিহোৱাৰ শক্তিৰ সহায়ত আডেলে তেওঁৰ সেৱাত লাগি থাকিব পাৰিলে।
আমি ২০০৬ চনত এটা খবৰ শুনি বহুত দুখ পালোঁ। ডাক্তৰসকলে কʼলে যে আডেলৰ পাৰ্কিনচন নামৰ বেমাৰ হৈছে। সেই সময়ত মই সংগঠনৰ স্কুলত শিকোৱাৰ কাম কৰিছিলোঁ। মই এই দায়িত্ব এৰি দিম বুলি আডেলক কʼলোঁ, যাতে মই তাইৰ আৰু ভালদৰে যত্ন লʼব পাৰোঁ। কিন্তু আডেলে মোক কʼলে, “আপুনি কেৱল এটা ভাল ডাক্তৰ বিচাৰি দিয়ক, যিজনে মোৰ চিকিৎসা কৰিব পাৰে, আৰু যিহোৱা আছে নহয়! তেওঁৰ সেৱা কৰি থাকিবলৈ তেওঁ আমাক নিশ্চয় সহায় কৰিব।” ছয় বছৰলৈকে তাই কোনো অভিযোগ নকৰাকৈ যিহোৱাৰ সেৱা কৰি থাকিল। যেতিয়া তাই খোজ কাঢ়িব নোৱাৰা হʼল, তেতিয়া তাই উইলচেয়াৰত বহি প্ৰচাৰ কৰিছিল। যেতিয়া তাইৰ কথা পাতিবলৈ কঠিন হৈছিল, তেতিয়া তাই সভাত এটা বা দুটা শব্দত উত্তৰ দিছিল। তাই এই সকলোবোৰ সাহসেৰে সহন কৰিলে। ভাই-ভনীসকলে প্ৰায়ে তাইক কাৰ্ড দি আৰু মেছেজ লিখি জনাইছিল যে আডেল তেওঁলোকৰ বাবে ভাল উদাহৰণ হয়। আডেলৰ ২০১৩ চনত মৃত্যু হʼল। মই মোৰ পত্নীৰ লগত ৩০ বছৰ একেলগে সময় কটাইছিলোঁ। তাই সকলো সময়ত মোক সহায় কৰিছিল। এতিয়া তাইলৈ মোৰ বহুত মনত পৰে। মই আকৌ অকলশৰীয়া হৈ পৰিছিলোঁ।
মই সেৱা কৰি থকাটো আডেলে বিচাৰিছিল আৰু মই ঠিক সেইদৰেই কৰিলোঁ। মই মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি থাকিলোঁ, যাৰ বাবে মই অকলশৰীয়া ভাৱনাৰ বিৰোধে যুঁজিব পাৰিলোঁ। মোক ২০১৪ চনৰ পৰা ২০১৭ চনৰ সময়ছোৱাত টাগালʼগ ভাষা কোৱা কিছুমান মণ্ডলীত সাক্ষাৎ কৰিবলৈ কোৱা হʼল। যি এনে দেশবোৰত আছিল, যʼত আমাৰ কাম নিষেধ কৰা হৈছিল। ইয়াৰ পাছত মই টাইৱান, আমেৰিকা আৰু কানাডাত টাগালʼগ ভাষা কোৱা মণ্ডলীবোৰত সাক্ষাৎ কৰিলোঁ। মই ২০১৯ চনত ভাৰত আৰু থাইলেণ্ডত ইংৰাজী ভাষাত ৰাজ্য প্ৰচাৰকসকলৰ স্কুল চলালোঁ। এই সকলো দায়িত্ব পালন কৰি মই বহুত আনন্দ পাইছোঁ। মই লক্ষ্য কৰিছোঁ যে যেতিয়া মই মনে-প্ৰাণে যিহোৱাৰ সেৱাত লাগি থাকোঁ, তেতিয়া মই আটাইতকৈ বেছি আনন্দ পাওঁ।
প্ৰয়োজনীয় সহায় সদায় আমাৰ ওচৰত থাকে
যেতিয়া মোক আন ঠাইলৈ সেৱা কৰিবলৈ পঠিওৱা হয়, তেতিয়া সেই ঠাইৰ ভাই-ভনীসকলৰ লগত মোৰ ভাল বন্ধুত্ব হৈ পৰে। সেইবাবে, তেওঁলোকক এৰি যাবলৈ মোৰ বৰ কঠিন হয়। কিন্তু মই শিকিলোঁ যে এনে পৰিস্থিত মই যিহোৱাৰ ওপৰত ভৰসা ৰখা উচিত। যেতিয়া মই জীৱনত কিবা সাল-সলনি কৰিবলগীয়া হʼল, তেতিয়া তাক আকোঁৱালি লʼবলৈ যিহোৱাই মোক প্ৰতিবাৰে সহায় কৰিলে। এতিয়া মই ফিলিপাইনত বিশেষ অগ্ৰগামী সেৱা কৰি আছোঁ। মই নতুন মণ্ডলীত নিজকে ভালদৰে খাপ খোৱাব পাৰিছোঁ আৰু ইয়াৰ ভাই-ভনীসকল মোৰ পৰিয়ালৰ দৰে হৈ পৰিছে। তেওঁলোকে মোৰ বহুত যত্ন লয়। চমূৱেল আৰু চাৰ্লীয়েও নিজৰ মাকৰ দৰে বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আছে। তেওঁলোকক চাই মই বহুত গৌৰৱ অনুভৱ কৰোঁ।—৩ যোহ ৪.
মই জীৱনত বহুতো সমস্যাৰ সন্মুখীন হʼলোঁ। মই নিজৰ পত্নীক এটা ডাঙৰ বেমাৰত ভুগি থকা দেখিলোঁ আৰু কষ্ট পাই মৃত্যু হোৱা দেখিলোঁ। মই বহুবাৰ নতুন পৰিস্থিতিত নিজকে খাপ খোৱাবলগীয়া হৈছিল। কিন্তু মই অনুভৱ কৰিব পাৰিলোঁ যে যিহোৱা “আমাৰ কাৰোৰে পৰা দূৰ নহয়।” (পাঁচ. ১৭:২৭) যিহোৱাৰ ‘হাত চুটি নহয়,’ সেইবাবে, তেওঁৰ সেৱকসকলে যʼতেই নাথাকক কিয় তেওঁলোকক যিহোৱাই চম্ভালিব পাৰে আৰু শক্তি দিব পাৰে। (যিচ. ৫৯:১) মই গোটেই জীৱন যিহোৱাৰ সহায় অনুভৱ কৰিলোঁ, তেওঁ মোৰ শিলা আৰু মই তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ। সঁচাকৈ, মই কেতিয়াও অকলশৰীয়া নাছিলোঁ!