Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১০

আপুনি ‘পুৰাতন পুৰুষক সোলোকাব’ পাৰিব

আপুনি ‘পুৰাতন পুৰুষক সোলোকাব’ পাৰিব

‘তোমালোকে তাৰ কৰ্ম্মে সৈতে পুৰাতন পুৰুষক ফটা বস্ত্ৰস্বৰূপে সোলোকাই পেলোৱা।’—কল. ৩:৯.

গীত ২৯ তোমাৰ নাম সদায় উচ্চ কৰোঁ

লেখৰ এক আভাস *

১. বাইবেল অধ্যয়ন কৰাৰ আগতে আপোনাৰ জীৱন কেনে আছিল?

 যিহোৱাৰ সাক্ষীৰ লগত অধ্যয়ন কৰাৰ আগতে আপোনাৰ জীৱন কেনে আছিল? আমাৰ মাজৰ হয়তো বহুতোলোকে নিজৰ অতীতৰ বিষয়ে মনত পেলাব নিবিচাৰে। ভাল বেয়াৰ বিষয়ে জগতৰ লোকসকলে যিদৰে ভাবে, আমিও হয়তো সেইদৰে ভাবিছিলোঁ আৰু তেওঁলোকৰ নিচিনা জীৱন-যাপন কৰিছিলোঁ। আমি ‘আশাহীন আৰু ঈশ্বৰহীন হৈ, এই জগতত আছিলোঁ।’ (ইফি. ২:১২) কিন্তু যেতিয়া আমি বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰেপৰা আমাৰ জীৱন পৰিৱৰ্তন হʼবলৈ ধৰিলে।

২. বাইবেল অধ্যয়ন কৰাৰ বাবে আপুনি কি শিকিলে?

বাইবেল অধ্যয়ন কৰাৰ বাবে আপুনি শিকিলে যে এজন ঈশ্বৰ আছে, যিজনৰ নাম হৈছে যিহোৱা আৰু তেওঁ আপোনাক বহুত প্ৰেম কৰে। আপুনি শিকিলে যিহোৱাক আনন্দিত কৰিবলৈ আৰু তেওঁৰ পৰিয়ালৰ ভাগ হʼবলৈ আপুনি নিজৰ ব্যৱহাৰ-পাতি আৰু চিন্তাধাৰাত বহুতো সাল-সলনি কৰিব লাগিব। আপুনি এয়াও শিকিলে যে যিহোৱাই বেয়া পোৱা কামবোৰৰপৰা আপুনি আঁতৰি থাকিব লাগিব আৰু তেওঁ ভাল পোৱা কামবোৰ কৰিব লাগিব।—ইফি. ৫:৩-৫.

৩. (ক) কলচীয়া ৩:৯, ১০ পদৰ অনুসৰি যিহোৱাই আমাৰপৰা কি বিচাৰে? (খ) এই লেখৰপৰা আমি কি শিকিম?

যিহোৱা হৈছে আমাৰ সৃষ্টিকৰ্তা আৰু পিতৃ। সেইবাবে, আমি কেনেকৈ জীৱন-যাপন কৰা উচিত, তাৰ বিষয়ে কোৱাটো তেওঁৰ অধিকাৰ আছে। তেওঁ কৈছিল যে বাপ্তিষ্মা লোৱাৰ আগতে আমি ‘কৰ্ম্মে সৈতে পুৰাতন পুৰুষক সোলোকাই’ পেলাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। * (কলচীয়া ৩:৯, ১০ পঢ়ক।) যিসকল লোকে বাপ্তিষ্মা লʼম বুলি ভাবিছে, তেওঁলোকে এই লেখৰপৰা তিনিটা প্ৰশ্নৰ উত্তৰ পাব। সেইবোৰ হৈছে, (১) ‘পুৰাতন পুৰুষৰ’ অৰ্থ কি? (২) আমি ইয়াক সোলোকাই পেলোৱাটো যিহোৱাই কিয় বিচাৰে? (৩) ইয়াক সোলোকাই পেলোৱাৰ বাবে আমি কি কৰিব লাগিব? যিসকল ভাই-ভনীৰ বাপ্তিষ্মা হৈ গʼল, তেওঁলোকেও এই লেখৰপৰা লাভৱান হʼব। আমি শিকিম যে পুৰাতন পুৰুষক পুনৰ পিন্ধাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰিম।

‘পুৰাতন পুৰুষৰ’ অৰ্থ কি?

৪. যিজন ব্যক্তিয়ে ‘পুৰাতন পুৰুষক’ পিন্ধি থাকে, তেওঁ কি কৰে?

যিজন ব্যক্তিয়ে পুৰাতন পুৰুষক পিন্ধি থাকে, তেওঁৰ চিন্তাধাৰা আৰু কামবোৰ প্ৰায়ে ভুল হয়। তেওঁ স্বাৰ্থপৰ, খঙাল, অহংকাৰী আৰু কাৰো প্ৰতি কৃতজ্ঞ নহয়। তেওঁ হয়তো অশ্লীল ছবি আৰু মাৰপিট থকা চিনেমা চাই ভাল পায়। কিন্তু তেওঁৰ কিছুমান ভাল গুণো থাকিব পাৰে আৰু তেওঁ যি কৰি আছে, সেয়া ভুল হয় বুলিও তেওঁ হয়তো জানে। তেওঁ নিজকে সলনি কৰিব বিচাৰে, কিন্তু কৰিব পৰা নাই।—গালা. ৫:১৯-২১; ২ তীম. ৩:২-৫.

যেতিয়া আমি ‘পুৰাতন পুৰুষক’ সোলোকাই পেলাওঁ, তেতিয়া আমি বেয়া কথা চিন্তা কৰা আৰু বেয়া কাম কৰাৰপৰা নিজকে আঁতৰাই ৰাখিব পাৰোঁ (অনুচ্ছেদ ৫ চাওক) *

৫. আমি নিজৰ মনৰপৰা বেয়া চিন্তা আৰু ইচ্ছাবোৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰোঁনে? বুজাওক। (পাঁচনিৰ কৰ্ম্ম ৩:১৯)

আমি সকলোৱেই অসিদ্ধ হয়। সেইবাবে, আমি নিজৰ মনৰপৰা সকলো বেয়া চিন্তা আৰু ইচ্ছাবোৰ নাইকিয়া কৰিব নোৱাৰোঁ। বহুবাৰ আমি হয়তো এনে কাম কৰোঁ বা কথা কৈ দিওঁ, যাৰ বাবে পিছলৈ গৈ আমি দুখিত অনুভৱ কৰোঁ। (যিৰি. ১৭:৯; যাকো. ৩:২) কিন্তু যেতিয়া আমি পুৰাতন পুৰুষক সোলোকাই দিওঁ, তেতিয়া আমি আগৰ দৰে ব্যৱহাৰ নকৰোঁ। আমি সলনি হৈ যাওঁ। আমি কিছু পৰিমাণে বেয়া চিন্তাধাৰাক দমন কৰিব পাৰোঁ আৰু বেয়া কামৰপৰা আঁতৰি থাকিব পাৰোঁ।—যিচ. ৫৫:৭; পাঁচনিৰ কৰ্ম্ম ৩:১৯ পঢ়ক।

৬. আমি পুৰাতন পুৰুষক সোলোকাই পেলোৱাটো যিহোৱাই কিয় বিচাৰে?

যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু আমি ভালদৰে জীৱন-যাপন কৰাটো তেওঁ বিচাৰে। (যিচ. ৪৮:১৭, ১৮) সেইবাবে, আমি বেয়া কথা ভবাৰপৰা আঁতৰি থকা আৰু বেয়া অভ্যাসবোৰ এৰি দিয়াটো তেওঁ বিচাৰে। তেওঁ ভালদৰে জানে যে যদি আমি এইদৰে নকৰোঁ, তেনেহʼলে আমাৰ লগতে আন লোকসকলেও দুখ পাব। আমাক আৰু আন লোকসকলক দুখত থকা দেখি যিহোৱাও দুখিত অনুভৱ কৰে।

৭. ৰোমীয়া ১২:১, ২ পদৰ অনুসৰি আমি কি নিৰ্ণয় লʼব লাগিব?

যেতিয়া আমি নিজকে সলনি কৰোঁ, তেতিয়া হয়তো আমাৰ কিছুমান বন্ধু বা সমন্ধীয় লোকে আমাক বিৰোধ কৰিব পাৰে। (১ পিত. ৪:৩, ৪) তেওঁলোকে হয়তো আমাক কʼব পাৰে যে আমাৰ মনলৈ যি আহে আমি তাকে কৰা উচিত। আমি আনৰ কথা শুনিব নালাগে। কিন্তু আমি যদি যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন নকৰোঁ, তেনেহʼলে আমি স্বাধীন নহয়। আমি চয়তানৰ জগতৰ অনুসৰি নিজকে ঢাল খোৱাৰ দৰে হয়। (ৰোমীয়া ১২:১, ২ পঢ়ক।) আমি কি নিৰ্ণয় লʼম, সেয়া আমাৰ হাতত আছে: আমি যদি বিচাৰোঁ পুৰাতন পুৰুষক পিন্ধি থাকিব পাৰোঁ অৰ্থাৎ পাপ আৰু চয়তানৰ জগতক আমাৰ ওপৰত প্ৰভাৱ পেলাব দিব পাৰোঁ, বা আমি পুৰাতন পুৰুষক সোলোকাই পেলাব পাৰোঁ অৰ্থাৎ যিহোৱাৰ সহায় লৈ নিজকে সলনি কৰিব পাৰোঁ আৰু এজন ভাল ব্যক্তি হʼব পাৰোঁ।—যিচ. ৬৪:৮.

‘পুৰাতন পুৰুষক সোলোকাই’ পেলাবলৈ আপুনি কি কৰিব লাগিব?

৮. পুৰাতন পুৰুষক সোলোকাই পেলাবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰে?

আমাৰ মনৰপৰা বেয়া চিন্তা-ভাৱনা উলিয়াবলৈ আৰু বেয়া অভ্যাসবোৰ এৰাটো ইমান সহজ নহয়, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। এইদৰে কৰিবলৈ আমাক সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়। (গীত. ১০৩:১৩, ১৪) সেইবাবে, যিহোৱাই নিজৰ বাক্য বাইবেল, পবিত্ৰ আত্মা আৰু সংগঠনৰ যোগেদি আমাক বুদ্ধি, শক্তি আৰু সহায়ও দিয়ে। যিহোৱাৰ সহায়ত হয়তো আপুনি নিজকে সলনি কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু বাপ্তিষ্মা লʼবলৈ আপোনাক হয়তো বহুতো পৰিৱৰ্তন কৰিবলগীয়া হʼব। পুৰাতন পুৰুষক সোলোকাই পেলাবলৈ আপুনি কি কি পদক্ষেপ লʼব লাগিব আহক ইয়াৰ বিষয়ে আলোচনা কৰোঁ।

৯. বাইবেলৰ সহায়ত আপুনি কি কৰিব পাৰিব?

বাইবলেৰ সহায়ত নিজকে চালি-জাৰি চাওক। বাইবেল এখন আইনাৰ দৰে হয়। ইয়াৰ সহায়ত আপুনি জানিব পাৰিব যে আপোনাৰ চিন্তাধাৰা, কথা-বতৰা আৰু কাম সঠিক হয় নে নহয়। (যাকো. ১:২২-২৫) বাইবেলৰপৰা নিজকে চালি-জাৰি চাবলৈ আপোনাৰ বাইবেল অধ্যয়ন কৰোঁতাজনে আৰু মণ্ডলীৰ অভিজ্ঞ ভাই-ভনীসকলে আপোনাক সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, আপোনাৰ দক্ষতা আৰু দুৰ্বলতাৰ বিষয়ে চিনাক্ত কৰিবলৈ তেওঁলোকে আপোনাক সহায় কৰিব পাৰে। আপুনি নিজৰ দুৰ্বলতা আৰু বেয়া অভ্যাসবোৰ এৰিবলৈ কʼৰপৰা ভাল পৰামৰ্শ পাব পাৰে, তাৰ বিষয়েও জনাব পাৰে। তেওঁলোক আপোনাক বাইবেল আধাৰিত আলোচনীৰপৰা অনুসন্ধান কৰিবলৈ শিকাব পাৰে। যিহোৱাই আপোনাৰ হৃদয়ৰ কথা ভালদৰে জানে। সেইবাবে, তেওঁ আপোনাক সঠিক সহায় আগবঢ়াব পাৰিব। (হিতো. ১৪:১০; ১৫:১১) সেইবাবে, প্ৰতিদিনে তেওঁলৈ প্ৰাৰ্থনা কৰিবলৈ আৰু তেওঁৰ বাক্য বাইবেল পঢ়িবলৈ অভ্যাস গঢ়ি তোলক।

১০. ইলীৰ উদাহৰণৰপৰা আপুনি কি শিকিলে?

১০ বিশ্বাস কৰক যে যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিলে আপোনাৰ লাভ হʼব। যদি আমি যিহোৱাৰ কথা মানি চলোঁ, তেনেহʼলে আমাৰ বহুতো লাভ হʼব। যেনে, আমাৰ আত্ম-সন্মান বাঢ়িব, আমি ভাল জীৱন-যাপন কৰিব পাৰিম আৰু প্ৰকৃত আনন্দ লাভ কৰিম। (গীত. ১৯:৭-১১) কিন্তু আমি যদি যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন নকৰোঁ, তেনেহʼলে আমি বেয়া কামত লিপ্ত হʼব পাৰোঁ আৰু ইয়াৰ বাবে আমাৰ বেয়া পৰিণাম হʼব পাৰে। ইলী নামৰ ব্যক্তিজনৰ উদাহৰণলৈ মন কৰক। তেওঁৰ পিতৃ-মাতৃ যিহোৱাৰ সাক্ষী হোৱাৰ বাবে সৰুৰেপৰা তেওঁক যিহোৱাক প্ৰেম কৰিবলৈ শিকাইছিল। কিন্তু ইলী যেতিয়া ডেকা হʼল, তেতিয়া তেওঁ বেয়া লোকসকলৰ লগত বন্ধুত্ব কৰিলে। তেওঁলোকক চাই ইলীয়েও ড্ৰাগছ লʼবলৈ আৰম্ভ কৰে, অনৈতিক কাম আৰু চুৰ কৰিবলৈ ধৰিলে। লাহে লাহে তেওঁৰ ব্যৱহাৰ-পাতি সলনি হʼবলৈ ধৰে। তেওঁ প্ৰতিটো কথাতে খং আৰু মাৰপিট কৰিবলৈ ধৰিলে। তেওঁ এইদৰে কৈছে, “এজন সত্য খ্ৰীষ্টান হিচাপে যিবোৰ কাম কৰিব নালাগে বুলি কোৱা হৈছিল, মই সেই সকলো কাম কৰিলোঁ।” কিন্তু ইলীয়ে যিবোৰ কথা সৰুৰেপৰা নিজৰ পিতৃ-মাতৃৰপৰা শিকিছিল, সেই সকলো কথা তেওঁ পাহৰি যোৱা নাছিল। কিছুসময়ৰ পাছত তেওঁ পুনৰ বাইবেল অধ্যয়ন কৰিবলৈ ধৰে। নিজৰ বেয়া অভ্যাসবোৰ এৰিবলৈ তেওঁ বহুত পৰিশ্ৰম কৰিলে আৰু ২০০০ চনত তেওঁ বাপ্তিষ্মা লʼলে। যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰাৰ বাবে তেওঁৰ কি লাভ হʼল? তেওঁ এইদৰে কৈছে, “আজি মোৰ ওচৰত মনৰ শান্তি আৰু শুদ্ধ বিবেক আছে।” * এই অনুভৱৰপৰা আমি শিকিব পাৰিলোঁ যে যিসকল লোকে যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন নকৰে, তেওঁলোকে নিজৰে হানি কৰে। তথাপি যিহোৱাই তেওঁলোকক কেতিয়াও এৰি নিদিয়ে আৰু তেওঁলোকক সহায় কৰিবলৈ সদায় সাজু থাকে।

১১. যিহোৱাই কেনেধৰণৰ কাম ঘৃণা কৰে?

১১ যিহোৱাই ঘিণ কৰা কামবোৰক ঘিণ কৰক। (গীত. ৯৭:১০) বাইবেলত লিখা আছে যে যিহোৱাই “গৰ্ব্বী চকু, মিছা কথা কোৱা জিবা, নিৰ্দ্দোষীৰ ৰক্তপাতী” হাতক ঘৃণা কৰে। (হিতো. ৬:১৬, ১৭) তেওঁ “ৰক্তপাতকাৰী আৰু কপটীয়া মানুহক ঘিণ কৰে।” (গীত. ৫:৬) যিহোৱাই এই কামক ইমানেই ঘৃণা কৰে যে নোহৰ সময়ত যিসকলে এইবোৰ কামত লিপ্ত আছিল, তেওঁলোকক যিহোৱাই ধ্বংস কৰিলে। (আদি. ৬:১৩) আন এটা উদাহৰণলৈ মন কৰক। যিহোৱাই ভৱিষ্যতবক্তা মলাখীৰ যোগেদি কৈছিল যে যিসকল লোকে নিজৰ জীৱন সংগীৰ লগত বিবাহ-বিচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ কৰে, তেওঁলোকক যিহোৱাই ঘিণ কৰে। যিহোৱাৰ দৃষ্টিত তেওঁলোকৰ উপাসনা গ্ৰহণযোগ্য নহয়। তেওঁ এয়াও কৈছিল যে তেওঁ এনে লোকক শাস্তি দিব।—মলা. ২:১৩-১৬; ইব্ৰী ১৩:৪.

যেনেকৈ আমি পচি যোৱা আহাৰক ঘিণ কৰোঁ, ঠিক সেইদৰে যিহোৱাই যিবোৰক ঘিণ কৰে, আমিও সেইবোৰক ঘিণ কৰা উচিত (অনুচ্ছেদ ১১-১২ চাওক)

১২. “মন্দ” কথাবোৰক ঘিণ কৰাৰ অৰ্থ কি?

১২ আমি “মন্দ” অৰ্থাৎ বেয়া কামবোৰক ঘিণ কৰাটো যিহোৱাই বিচাৰে। (ৰোম. ১২:৯) কোনো এটা বস্তুক ঘিণ কৰাৰ অৰ্থ হৈছে সেই বস্তুটোক আমি ইমানেই ঘৃণা কৰা যে তাৰ ওচৰত যোৱা কথাৰ বিষয়েও আমি ভাবিব নোৱাৰোঁ। উদাহৰণস্বৰূপে, যদি আপোনাক পচি যোৱা আহাৰ খাবলৈ কোৱা হয়, তেনেহʼলে আপুনি খাবনে? আপুনি কেতিয়াও সেই আহাৰ নাখায়। সেই বিষয়ে ভাবিয়েই হয়তো আপোনাক বহুত ঘিণ লাগিব পাৰে। ঠিক সেইদৰে আমি এনে কাম কৰাৰপৰা আঁতৰি থকা উচিত, যিবোৰ যিহোৱাই ঘিণ কৰে।

১৩. আমি বেয়া কথাবোৰৰ বিষয়ে কিয় চিন্তা কৰা উচিত নহয়?

১৩ বেয়া কথাবোৰ চিন্তা কৰাৰপৰা আঁতৰি থাকক। প্ৰায়ে আমি যিদৰে ভাবোঁ, সেইদৰে কামো কৰোঁ। সেইবাবে, যীচুৱে কৈছিল যে আমি বেয়া কথাবোৰৰ বিষয়ে চিন্তা কৰা উচিত নহয়। কিয়নো যদি আমি বেয়া কথাবোৰৰ বিষয়ে চিন্তা কৰি থাকোঁ, তেনেহʼলে আমি ডাঙৰ ডাঙৰ পাপ কৰিব পাৰোঁ। (মথি ৫:২১, ২২, ২৮, ২৯) আমি নিজৰ পিতৃ যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ। সেইবাবে, যেতিয়া আমাৰ মনলৈ কিবা বেয়া চিন্তা আহে, তেতিয়া আমি তাক লগে লগে উলিয়াই দিয়াটো অতি গুৰুত্বপূৰ্ণ।

১৪. (ক) আমাৰ কথাৰপৰা কি জানিব পাৰি? (খ) আমি নিজকে কি কি প্ৰশ্ন সোধা উচিত?

১৪ বেয়া কথা নকʼব। যীচুৱে এইদৰে কৈছিল, “মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰ চিত্তৰ পৰাহে আহে।” (মথি ১৫:১৮) ইয়াৰ অৰ্থ হৈছে আমি যি কথা কওঁ, তাৰপৰা বুজিব পাৰি যে আমি কেনেধৰণৰ ব্যক্তি হয়। সেইবাবে, নিজকে এইদৰে সোধক, ‘যেতিয়া সঁচা কথা কʼবলৈ কঠিন হয়, তেতিয়াও মই সঁচা কথা কওঁনে? যদি মই বিবাহিত, তেনেহʼলে বিপৰীত লিংগ ব্যক্তিৰ লগত কথা পাতোঁতে মই সাৱধান হওঁনে? মোৰ মুখৰপৰা যাতে বেয়া কথা নোলায়, তাৰ প্ৰতি মই ধ্যান দিওঁনে? যেতিয়া কোনোবাই মোক খং উঠাই, তেতিয়াও মই শান্তিৰে উত্তৰ দিওঁনে?’ যদি আপুনি এই প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰিব, তেনেহʼলে আপুনি নিজকে সলনি কৰিব পাৰিব। পুৰাতন পুৰুষ এটা কাপোৰৰ দৰে হয় আৰু গালি পৰা, মিছা আৰু বেয়া কথা কোৱা সেই কাপোৰৰ চিলাইৰ দৰে হয়। যেতিয়া আপুনি এনে কথা কোৱাৰপৰা আঁতৰি থাকিব, তেতিয়া আপুনি সেই কাপোৰৰ চিলাই খুলাৰ নিচিনা হʼব। এইদৰে কৰিলে আপুনি সহজে পুৰাতন পুৰুষক সোলোকাব পাৰিব।

১৫. আমি নিজৰ পুৰাতন পুৰুষক কাঠত আঁৰি দিয়াৰ অৰ্থ কি?

১৫ নিজকে সলনি কৰিবলৈ পদক্ষেপ লওক। এইদৰে কৰাটো কিমান গুৰুত্বপূৰ্ণ এয়া বুজাবলৈ পাঁচনি পৌলে এটা উদাহৰণ দিছিল। তেওঁ কৈছিল যে আমি নিজৰ পুৰাতন পুৰুষক “ক্ৰুচত” অৰ্থাৎ কাঠত আঁৰি দিয়া উচিত। (ৰোম. ৬:৬) ইয়াৰ অৰ্থ কি? যিহোৱাক আনন্দিত কৰিবলৈ যীচুৱে স্তম্ভৰ মৃত্যু সহন কৰিছিল। ঠিক সেইদৰে যিহোৱাক আনন্দিত কৰিবলৈ আমি নিজৰ বেয়া অভ্যাস আৰু বেয়া ইচ্ছা মাৰি পেলাব লাগিব। এইদৰে কৰিলে আমাৰ বিবেক শুদ্ধ থাকিব আৰু আমি অনন্ত জীৱন জীয়াই থকাৰ আশা ৰাখিব পাৰিম। (যোহ. ১৭:৩; ১ পিত. ৩:২১) মনত ৰাখক যে যিহোৱাই আমাৰ বাবে নিজৰ মানদণ্ড কেতিয়াও সলনি নকৰে। কিন্তু তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আমি নিজকে সলনি কৰিব লাগিব।—যিচ. ১:১৬-১৮; ৫৫:৯.

১৬. আমি নিজৰ বেয়া ইচ্ছাবোৰৰ বিৰুদ্ধে কিয় যুঁজি থকা উচিত?

১৬ নিজৰ বেয়া ইচ্ছাবোৰৰ বিৰুদ্ধে যুঁজ কৰি থাকক। বাপ্তিষ্মাৰ পাছতো আপুনি নিজৰ বেয়া ইচ্ছাবোৰৰ বিৰুদ্ধে যুঁজ কৰি থাকিব লাগিব। এই কথা মৰিচিঅʼৰ উদাহৰণৰপৰা ভালদৰে বুজিব পাৰি। যেতিয়া তেওঁ ডেকা আছিল, তেতিয়া তেওঁ আন লʼৰাবিলাকৰ লগত সহকামী সম্বন্ধ ৰাখিবলৈ ধৰিলে। কিন্তু কিছুসময়ৰ পাছত তেওঁ যিহোৱাৰ সাক্ষীসকলক লগ পালে আৰু বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ নিজৰ জীৱনত বহুতো সাল-সলনি কৰিলে আৰু ২০০২ চনত তেওঁ বাপ্তিষ্মা লʼলে। তেতিয়াৰেপৰা যদিও তেওঁ যিহোৱাৰ সেৱা কৰি আছে, তথাপি তেওঁ এইদৰে কৈছে, “আজিও মই বহুবাৰ নিজৰ বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজিবলগীয়া হয়।” কিন্তু তেওঁ কেতিয়াও হাৰ নামানে। তেওঁ এইদৰে কৈছে, “যেতিয়া মই নিজৰ বেয়া ইচ্ছাৰ বিৰুদ্ধে যুঁজ কৰোঁ, তেতিয়া যিহোৱা আনন্দিত হয় আৰু এয়া জানি মই বহুত সাহস লাভ কৰোঁ।” *

১৭. নাবেহাৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?

১৭ পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। (গালা. ৫:২২; ফিলি. ৪:৬) পুৰাতন পুৰুষক সোলোকাই পেলাবলৈ আৰু তাক পুনৰ নিপিন্ধিবলৈ আমি পৰিশ্ৰম কৰিব লাগিব। আমি নিজৰ শক্তিৰে এইদৰে কেতিয়াও কৰিব নোৱাৰোঁ। আমাক যিহোৱাৰ পবিত্ৰ আত্মাৰ প্ৰয়োজন হʼব। নাবেহাৰ উদাহৰণলৈ মন কৰক। তাই যেতিয়া ৬ বছৰৰ আছিল, তেতিয়া তাইৰ পিতৃয়ে তাইক এৰি গুচি গৈছিল। ইয়াৰ বাবে তাই বহুত আঘাত পাইছিল আৰু তাইৰ ব্যৱহাৰ-পাতিও সলনি হৈছিল। তাই প্ৰতিটো কথাতে খং কৰিছিল আৰু লোকসকলৰ লগত কাজিয়া কৰিছিল। কিছুসময়ৰ পাছত তাই ড্ৰাগছ বেছিবলৈ ধৰিলে। ইয়াৰ বাবে তাইক জেʼলত বন্দী কৰা হৈছিল। সেই জেʼলত যিহোৱাৰ সাক্ষীসকলে প্ৰচাৰ কৰিবলৈ আহিছিল। নাবেহাই তেওঁলোকৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে নিজকে সলনি কৰিবলৈ ধৰে। তাই এইদৰে কৈছে, “কিছুমান বেয়া অভ্যাসবোৰ এৰিবলৈ মোৰ বাবে সহজ আছিল, কিন্তু চিগাৰেট খোৱাৰ অভ্যাস এৰিবলৈ মোৰ বাবে বৰ কঠিন হৈছিল।” প্ৰায় এবছৰৰ পাছত তাই এই অভ্যাস এৰিব পাৰিলে। তাই এইদৰে কেনেকৈ কৰিব পাৰিলে? তাই এইদৰে কৈছে, “মই যিহোৱালৈ বহুত প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁ মোক সহায় কৰিলে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাক আনন্দিত কৰিবলৈ যদি মই নিজকে সলনি কৰিব পাৰিছোঁ, তেনেহʼলে আনেও কৰিব পাৰে।” *

আপুনিও বাপ্তিষ্মাৰ যোগ্য হʼব পাৰে!

১৮. প্ৰথম কৰিন্থীয়া ৬:৯-১১ পদৰ অনুসৰি যিহোৱাৰ বহুতো সেৱকে কি কৰিব পাৰিলে?

১৮ প্ৰথম শতিকাত যিহোৱাই যিসকল খ্ৰীষ্টানক যীচুৰ লগত মিলি স্বৰ্গত শাসন কৰিবলৈ বাছনি কৰিছিল, তেওঁলোকৰ মাজৰ কিছুমানে আগতে বহুত বেয়া কাম কৰিছিল। যেনে: কিছুমান লোকে ব্যভিচাৰ কৰিছিল, সমকামী সম্বন্ধ ৰাখিছিল আৰু কিছুমানে চুৰ কৰিছিল। কিন্তু পবিত্ৰ আত্মাৰ সহায়ত তেওঁলোকে নিজকে সলনি কৰিব পাৰিলে আৰু এই বেয়া অভ্যাসবোৰ এৰিব পাৰিলে। (১ কৰিন্থীয়া ৬:৯-১১ পঢ়ক।) ঠিক সেইদৰে বৰ্তমান সময়তো বাইবেল অধ্যয়ন কৰাৰ পাছত লাখ লাখ লোকে নিজকে সলনি কৰিব পাৰিছে। * নিজৰ শক্তিৰে এৰিব নোৱৰা অভ্যাসবোৰো তেওঁলোকে এৰিব পাৰিলে। সেইবাবে, যদি আপুনিও কিবা বেয়া অভ্যাস এৰিবলৈ চেষ্টা কৰিছে, তেনেহʼলে বিশ্বাস ৰাখক যে আপুনিও নিজকে সলনি কৰিব পাৰিব, বেয়া অভ্যাসবোৰ এৰিব পাৰিব আৰু বাপ্তিষ্মা লোৱাৰ যোগ্য হʼব পাৰিব।

১৯. পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

১৯ যিসকল লোকে বাপ্তিষ্মা লʼব বিচাৰে তেওঁলোকে পুৰাতন পুৰুষক সোলোকাই পেলোৱাৰ লগতে নতুন পুৰুষকো পিন্ধিব লাগিব। তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰে আৰু আনে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব।

গীত ৪১ মোৰ প্ৰাৰ্থনা শুনা

^ বাপ্তিষ্মা লʼবলৈ আমি নিজৰ জীৱনত বহুতো পৰিৱৰ্তন কৰিব লাগিব। এই লেখত আমি শিকিম যে পুৰাতন পুৰুষৰ অৰ্থ কি? আমি ইয়াক কিয় সোলোকাই পেলাব লাগিব আৰু এয়া আমি কেনেকৈ কৰিব পাৰিম? পৰৱৰ্তী লেখত আমি শিকিম যে নতুন পুৰুষক আমি কেনেকৈ পিন্ধিব পাৰিম আৰু বাপ্তিষ্মাৰ পিছতো ইয়াক পিন্ধি থাকিবলৈ আমি কি কৰিব লাগিব।

^ ইয়াৰ অৰ্থ কি? ‘পুৰাতন পুৰুষক সোলোকাই পেলোৱাৰ’ অৰ্থ হৈছে আমি নিজৰ মনৰপৰা এনে চিন্তাধাৰা আৰু ইচ্ছাবোৰ উলিয়াই দিয়া উচিত, যিবোৰ যিহোৱাই ভাল নাপায়। এয়া আমি বাপ্তিষ্মা লোৱাৰ আগতে কৰিব লাগিব।—ইফি. ৪:২২.

^ ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ জুলাই-ছেপ্টেম্বৰ ২০১২ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া “পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে—‘মই যিহোৱাৰ ওচৰত ঘূৰি অহাৰ প্ৰয়োজন আছিল,’” নামৰ লেখটো পঢ়ক।

^ ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ মেʼ ১, ২০১২ চনৰ প্ৰহৰীদুৰ্গত (ইংৰাজী) দিয়া “পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে—‘তেওঁলোকে মোৰ লগত ভাল ব্যৱহাৰ কৰিলে’” নামৰ লেখটো পঢ়ক।

^ ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ অক্টোবৰ ১, ২০১২ চনৰ প্ৰহৰীদুৰ্গত (ইংৰাজী) দিয়া “বাইবেলে জীৱনলৈ পৰিৱৰ্তন আনে—‘মোৰ স্বভাৱ খঙাল হৈ পৰিল’” নামৰ লেখটো পঢ়ক।

^ ছবিৰ বিষয়ে: বেয়া চিন্তাধাৰা আৰু অভ্যাসবোৰ এৰি দিয়াটো পুৰণি কাপোৰযোৰ খুলি দিয়াৰ দৰে হয়।