অধ্যয়নৰ লেখ ১২
জখৰিয়াৰ দৰ্শন মনত ৰাখক
“শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে, ইয়াক বাহিনীবিলাকৰ যিহোৱাই কৈছে।”—জখ. ৪:৬.
গীত ৭৩ আমাক নিৰ্ভয়তাৰ বৰদান দিয়ক
লেখৰ এক আভাস *
১. যিহূদীসকলে হয়তো কি কথা শুনি আনন্দিত হৈছিল?
যিহূদীসকলে বহুবছৰৰপৰা বাবিলত দাসত্বত আছিল। কিন্তু এতিয়া যিহোৱা ঈশ্বৰে যিহূদীসকলক মুকলি কৰিবলৈ পাৰস্য ৰজা কোৰচক অনুপ্ৰাণিত কৰিলে। ৰজা কোৰচে ঠিক এইদৰে কৰিলে। তেওঁ এয়াও ঘোষণা কৰিলে যে যিহূদীসকলে নিজৰ দেশলৈ উভতি গৈ যিৰূচালেমত ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ পুনৰায় নিৰ্ম্মণ কৰিব।’ (ইজ্ৰা ১:১, ৩) এয়া শুনি বহুতো যিহূদীয়ে আনন্দিত হʼল। এতিয়া তেওঁলোকে নিজৰ দেশলৈ উভতি যাব পাৰে আৰু পুনৰ নিজৰ ঈশ্বৰৰ উপাসনা কৰিব পাৰে।
২. যিৰূচালেমলৈ উভতি যোৱাৰ পাছত যিহূদীসকলে প্ৰথমে কি কৰিলে?
২ খ্ৰীষ্টপূৰ্ব ৫৩৭-ত যিহূদীসকলৰ প্ৰথম সমূহে যিৰূচালেমলৈ আহিছিল আৰু যিৰূচালেম প্ৰথমে যিহূদা ৰাজ্যৰ ৰাজধানী আছিল। তাত গৈ পোৱাৰ লগে লগে তেওঁলোকে মন্দিৰ নিৰ্মাণ কৰা কাম আৰম্ভ কৰিলে। খ্ৰীষ্টপূৰ্ব ৫৩৬-ৰ সময়ছোৱাত তেওঁলোকে মন্দিৰৰ মূল স্থাপন কৰিলে।
৩. যিহূদীসকলৰ কি কি সমস্যা হৈছিল?
৩ মূল স্থাপন কৰাৰ পাছত যেতিয়া যিহূদীসকলে মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া ওচৰে-পাজৰে থকা দেশৰ লোকসকলে তেওঁলোকৰ বিৰোধ কৰিবলৈ ধৰিলে। তেওঁলোকে “যিহূদাৰ লোকবিলাকৰ হাত দুৰ্ব্বল কৰিবলৈ, আৰু নিৰ্ম্মাণ-কাৰ্য্যত বাধা বিঘিনি জন্মাবলৈ ধৰিলে।” (ইজ্ৰা ৪:৪) কেৱল ইমানে নহয়, আগলৈ গৈ আৰু সমস্যা আহি পৰিল। খ্ৰীষ্টপূৰ্ব ৫২২-ত পাৰস্যত এজন নতুন ৰজা অতক্ষত্ৰই শাসন কৰিবলৈ ধৰিলে। * বিৰোধীসকলে ইয়াৰ সুযোগ লʼলে আৰু “বিধি স্থাপন” কৰি যিহূদীসকলৰ অপকাৰ কৰিলে। (গীত. ৯৪:২০) বিৰোধীসকলে ৰজা অতক্ষত্ৰক চিঠি লিখি ইস্ৰায়েলীসকলৰ বিষয়ে অভিযোগ কৰিলে আৰু ইস্ৰায়েলীসকলে ৰজাৰ বিৰুদ্ধে বিৰোধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে বুলি কʼলে। (ইজ্ৰা ৪:১১-১৬) ৰজাই তেওঁলোকৰ মিছা কথাৰ ওপৰত বিশ্বাস কৰিলে আৰু মন্দিৰ নিৰ্মাণ কৰা কাম নিষেধ কৰিলে। (ইজ্ৰা ৪:১৭-২৩) সেইবাবে, ইস্ৰায়েলীসকলে মন্দিৰ নিৰ্মাণ কৰা কাম বন্ধ কৰিলে।—ইজ্ৰা ৪:২৪.
৪. যেতিয়া মন্দিৰ বনোৱা কামনিষেধ কৰা হʼল, তেতিয়া যিহোৱাই কি কৰিলে? (যিচয়া ৫৫:১১)
৪ যিহূদাৰ ওচৰে-পাজৰে থকা দেশৰ লোকসকলে আৰু পাৰস্যৰ কিছুমান অধিকাৰীয়ে ইস্ৰায়েলীসকলক মন্দিৰ বনাবলৈ নিদিম বুলি থিৰাং কৰি লৈছিল। কিন্তু যিহোৱাই থিৰাং কৰিছিল যে তেওঁ মন্দিৰ বনাইহে এৰিব। তেওঁক নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ কোনেও বাধা দিব নোৱাৰে। (যিচয়া ৫৫:১১ পঢ়ক।) সেইবাবে, তেওঁ এজন সাহসী ব্যক্তি জখৰিয়াক ভৱিষ্যতবক্তা হিচাপে নিযুক্ত কৰিলে আৰু তেওঁক আঠটা দৰ্শন দেখুৱালে। এই দৰ্শনৰ বিষয়ে যিহূদীসকলক কʼবলৈ যিহোৱাই জখৰিয়াক কৈছিল, যাতে তেওঁলোকৰ সাহস বাঢ়ে। এই দৰ্শনৰ যোগেদি যিহূদীসকলে বুজি পালে যে তেওঁলোকে বিৰোধীসকলক ভয় কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে যিহোৱাৰ কাম কৰি থকা উচিত। সেই দৰ্শনবোৰৰ মাজৰ পঞ্চম দৰ্শনত জখৰিয়াই এটা দিপাধাৰা আৰু দুজোপা জিতগছ দেখিছিল।
৫. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
৫ আমি সকলোৱে বহুবাৰ নিৰাশ আৰু চিন্তিত হৈ পৰোঁ। যেনে: যেতিয়া আমাৰ বিৰোধ কৰা হয়, যেতিয়া আমাৰ পৰিস্থিতি সলনি হয় বা আমাক এনে নিৰ্দেশনা দিয়া হয়, যিটো পালন কৰিবলৈ আমাক কঠিন লাগিব পাৰে। এনে পৰিস্থিতিত আমি বিশ্বাসেৰে যিহোৱাৰ সেৱা কেনেকৈ কৰিব পাৰিম? জখৰিয়াৰ পঞ্চম দৰ্শনৰপৰা যিহূদীসকলে সাহস লাভ কৰিছিল, সেই দৰ্শনৰপৰা আমিও সাহস লাভ কৰিব পাৰিম। এই লেখত আমি এই বিষয়ে আলোচনা কৰিম।
যেতিয়া লোকসকলে আমাৰ বিৰোধ কৰে
৬. জখৰিয়া ৪:১-৩ পদত উল্লেখ কৰা দৰ্শনৰপৰা যিহূদীসকলে কেনেকৈ সাহস লাভ কৰিলে? (বেটুপাতত দিয়া ছবিখন চাওক।)
৬ জখৰিয়া ৪:১-৩ পঢ়ক। এই দৰ্শনৰপৰা যিহূদীসকলে বিৰোধৰ সন্মুখীন হʼবলৈ কেনেকৈ সাহস লাভ কৰিলে? মন কৰক দিপাধাৰাত যি চাকি আছিল, সেই চাকিবোৰে জিতগছৰপৰা একেৰাহে তেল পাই আছিল। সেইবাবে, চাকিবোৰ জ্বলি আছিল। এই দৰ্শন দেখি জখৰিয়াই সুধিছিল “এইবোৰ কি?” স্বৰ্গদূতে তেওঁক এইদৰে উত্তৰ দিছিল, “শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে, ইয়াক বাহিনীবিলাকৰ যিহোৱাই কৈছে।” (জখ. ৪:৪, ৬) যিদৰে জিতগছৰপৰা দিপাধাৰাই একেৰাহে তেল পাই আছিল, ঠিক সেইদৰে যিহোৱাই নিজৰ লোকসকলক একেৰাহে পবিত্ৰ আত্মা দিয়ে। এইদৰে যিহোৱাই যিহূদীসকলক বুজাব বিচাৰিছিল যে তেওঁৰ পবিত্ৰ আত্মাৰ তুলনাত পাৰস্যৰ সাম্ৰাজ্য একোৱে নহয়। যিহোৱা ঈশ্বৰ ইস্ৰায়েলীসকলৰ লগত আছিল। সেইবাবে, তেওঁলোকে বিৰোধীসকলক ভয় কৰাৰ প্ৰয়োজন নাছিল। এই বাৰ্তা পাই যিহূদীসকলে হয়তো কিমান সাহস লাভ কৰিলে। যদিও অধিকাৰীসকলে মন্দিৰ বনাবলৈ বাধা দিছিল, তথাপি যিহূদীসকলে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিলে।
৭. যিহূদীসকলে কিয় শান্ত্বনা পালে?
৭ যিহূদীসকলে আৰু এটা সলনি হোৱাৰ বাবে শান্ত্বনা পালে। পাৰস্যত এজন নতুন ৰজাই শাসন কৰিবলৈ ধৰিলে। তেওঁ আছিল ৰজা দাৰিয়াবচ। নিজৰ শাসনৰ দ্বিতীয় বছৰত অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৫২০-ত তেওঁ গম পালে যে মন্দিৰ বনোৱা কামত যি নিষেধ কৰা হৈছিল, সেয়া আইনৰ বিৰুদ্ধে হয়। সেইবাবে, তেওঁ এই কাম সম্পূৰ্ণ কৰিবলৈ অনুমতি দিলে। (ইজ্ৰা ৬:১-৩) এই খবৰ শুনি সকলোৱে আচৰিত হʼল। অনুমতি দিয়াৰ উপৰিও ওচৰে-পাজৰে থকা লোকসকলে যিহূদীসকলক বিৰোধ কৰাৰ পৰিৱৰ্তে তেওঁলোকক টকা-পইচা আৰু আন প্ৰয়োজনীয় বস্তু দিবলৈ ৰজা দাৰিয়াবচে আদেশ দিলে। (ইজ্ৰা ৬:৭-১২) সেইবাবে, যিহূদীসকলে পাঁচ বছৰৰ ভিতৰতে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৫১৫-ত মন্দিৰ বনোৱা কাম সম্পূৰ্ণ কৰিলে।—ইজ্ৰা ৬:১৫.
৮. বিৰোধৰ সত্ত্বেও আমি কিয় সাহসী হৈ থাকিব পাৰোঁ?
৮ বৰ্তমান সময়তো যিহোৱাৰ বহুতো সেৱকে বিৰোধৰ সন্মুখীন হৈ আছে। যেনে: কিছুমান ভাই-ভনীয়ে এনে দেশত থাকে, যʼত আমাৰ কাম নিষেধ কৰা হৈছে। এনে পৰিস্থিতিত হয়তো ভাই-ভনীসকলক গ্ৰেপ্তাৰ কৰি “দেশাধিপতি আৰু ৰজাবিলাকৰ আগলৈ” নিব পাৰে, যাতে ইয়াৰ যোগেদি অধিকাৰীসকলে সাক্ষ্য পায়। (মথি ১০:১৭, ১৮) কিন্তু কিছুসময়ৰ পাছত হয়তো চৰকাৰ সলনি হোৱাৰ বাবে ভাই-ভনীসকলে শান্ত্বনা লাভ কৰে বা এজন ন্যায়ধীশে আমাৰ ভাই-ভনীৰ পক্ষে নিৰ্ণয় লয়। ইয়াৰ উপৰিও কিছুমান ভাই-ভনীয়ে বেলেগ ধৰণৰ বিৰোধৰ সন্মুখীন হয়। তেওঁলোকৰ পৰিয়ালে হয়তো তেওঁলোকক যিহোৱাৰ সেৱা কৰিবলৈ বাধা দিয়ে। (মথি ১০:৩২-৩৬) তথাপি তেওঁলোকে হাৰ নামানে আৰু যিহোৱাৰ সেৱাত লাগি থাকে। বহুবাৰ দেখিবলৈ পোৱা গৈছে যে এনে পৰিস্থিতিত বিৰোধ কৰা লোকসকলে তেওঁলোকক বিৰোধ কৰিবলৈ এৰি দিয়ে। প্ৰথমতে বিৰোধ কৰা কিছুমান লোক পাছত উদ্যমী সাক্ষীও হৈছে। সেইবাবে, যদি আপুনি বিৰোধৰ সন্মুখীন হৈ আছে, তেনেহʼলে আপুনি সাহস নেহেৰুৱাব। যিহোৱা আপোনাৰ লগত আছে আৰু তেওঁ আপোনাক পবিত্ৰ আত্মা দিব।
যেতিয়া সাল-সলনি হয়
৯. কিছুমান যিহূদীয়ে কিয় কান্দিছিল?
৯ যেতিয়া নতুন মন্দিৰৰ মূল স্থাপন কৰা হৈছিল, তেতিয়া কিছুমান বৃদ্ধ যিহূদীয়ে কান্দিবলৈ ধৰিলে। (ইজ্ৰা ৩:১২) চলোমনৰ মন্দিৰ কিমান ধুনীয়া আছিল, সেয়া তেওঁলোকে দেখিছিল। তেওঁলোকে ভাবিছিল যে চলোমনৰ মন্দিৰৰ নিচিনা এই মন্দিৰটো ইমান ধুনীয়া নহʼব। (হগ্. ২:২, ৩) এয়া ভাবি তেওঁলোকে বহুত নিৰাশ হৈ পৰিল। কিন্তু জখৰিয়াৰ দৰ্শনৰপৰা তেওঁলোকে সাহস লাভ কৰিলে। কেনেকৈ বাৰু?
১০. জখৰিয়া ৪:৮-১০ পদত স্বৰ্গদূতে কোৱা কথাৰপৰা যিহূদীসকলে কেনেকৈ সাহস পালে?
১০ জখৰিয়া ৪:৮-১০ পঢ়ক। স্বৰ্গদূতে কৈছিল যে ৰাজ্যপাল “জৰুব্বাবিলৰ হাতত ওলোম-জৰীডাল” দেখি লোকসকলে আনন্দিত হʼব। ইয়াৰ অৰ্থ কি আছিল? ওলোম-জৰীডালৰ সহায়ত এটা চিধা দেৱাল বনাব পাৰি। স্বৰ্গদূতে যিহূদীসকলক আশ্বাস দিছিল যে যদিও নতুন মন্দিৰটো চলোমনৰ মন্দিৰৰ নিচিনা ধুনীয়া নহʼব, কিন্তু সেয়া যিহোৱাৰ মানদণ্ডৰ অনুসৰি বনোৱা হʼব আৰু সেই মন্দিৰৰপৰা যিহোৱা আনন্দিত হʼব। সেইবাবে, তেওঁলোকে আনন্দিত হোৱা উচিত। নতুন মন্দিৰটো দেখিবলৈ কেনেকুৱা হʼব, সেয়া যিহোৱাৰ বাবে গুৰুত্বপূৰ্ণ নাছিল। কিন্তু তাত যিহোৱাৰ ইচ্ছাৰ অনুসৰি উপাসনা কৰাটোৱে তেওঁৰ বাবে গুৰুত্বপূৰ্ণ আছিল। যিহূদীসকলে মন্দিৰৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে উপাসনা কৰা উপায়ৰ ওপৰত ধ্যান দিয়া হʼলে তেওঁলোকে আনন্দিত থাকিলেহেঁতেন।
১১. আজি কিছুমান ভাই-ভনীয়ে কি কি কাৰণৰ বাবে নিৰাশ হৈ পৰে?
১১ যেতিয়া আমাৰ পৰিস্থিতি সলনি হয়, তেতিয়া আমি চিন্তিত হৈ পৰোঁ। যেনে: বহুবছৰৰপৰা পূৰ্ণ সময়ৰ সেৱা কৰা কিছুমান ভাই-ভনীক বেলেগ উপায়েৰে সেৱা কৰিবলৈ কোৱা হয় বা বয়সৰ বাবে কিছুমান ভাইক নিজৰ পছন্দৰ দায়িত্ব এৰিবলগীয়া হয়। যদি আমাৰ লগতো এইদৰে হয়, তেনেহʼলে আমি হয়তো নিৰাশ হʼব পাৰোঁ। আমি হয়তো বুজিব নোৱাৰোঁ যে এই নিৰ্ণয় কিয় লোৱা হৈছে বা সেই নিৰ্ণয় সঠিক নহয় বুলি আমি ভাবিব পাৰোঁ। আমি পুৰণি কথা মনত পেলাই দুখ অনুভৱ কৰিব পাৰোঁ বা এইদৰে ভাবিব পাৰোঁ যে ‘এতিয়া মই যিহোৱাৰ কোনো কামত নাহোঁ!’ (হিতো. ২৪:১০) এনে পৰিস্থিতিত আমি মনে-প্ৰাণে কেনেকৈ যিহোৱাৰ সেৱা কৰিব পাৰোঁ? আহক আমি জখৰিয়াৰ দৰ্শনৰপৰা শিকোঁ।
১২. আমাৰ পৰিস্থিতি সলনি হোৱাৰ সময়ত আমি জখৰিয়াৰ উদাহৰণৰপৰা কি শিকিব পাৰোঁ?
১২ যদি আমি নতুন পৰিস্থিতিক যিহোৱাৰ দৃষ্টিৰে চাওঁ, তেনেহʼলে আমি তেওঁৰ সেৱা ভালদৰে কৰিব পাৰিম। বৰ্তমান সময়ত যিহোৱাই বহুতো কাম কৰি আছে আৰু আমি তেওঁৰ লগত কাম কৰাৰ সুযোগ লাভ কৰিছোঁ। (১ কৰি. ৩:৯) আমি বিশ্বাস কৰিব পাৰোঁ যে যদিও আমাৰ ওচৰত আগৰ দৰে দায়িত্ব নাই, তথাপি যিহোৱাই আমাক আগৰ দৰে প্ৰেম কৰিব। আমাৰ দায়িত্ব কিয় সলনি কৰা হʼল আৰু ‘আগৰ কাল ভাল আছিল’ বুলি ভাবি আমি চিন্তিত হোৱা উচিত নহয়। (উপ. ৭:১০) ইয়াৰ পৰিৱৰ্তে আমি নতুন পৰিস্থিতিতো আনন্দিত থাকিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। আমি যিবোৰ কাম কৰিব নোৱাৰোঁ, তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আমি কি কৰিব পাৰোঁ, তাৰ বিষয়ে চিন্তা কৰা উচিত। জখৰিয়াৰ দৰ্শনৰপৰা আমি শিকিলোঁ যে যদি আমি সঠিক দৃষ্টিভংগী ৰাখোঁ, তেনেহʼলে আমি নতুন পৰিস্থিতিতো আনন্দিত থাকিম আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিম।
যেতিয়া নিৰ্দেশনা পালন কৰিবলৈ কঠিন হয়
১৩. মন্দিৰ বনোৱাৰ কাম পুনৰ আৰম্ভ কৰাটো ভুল হয় বুলি কিছুমান যিহূদীয়ে কিয় ভাবিছিল?
১৩ জখৰিয়াৰ সময়ত যিহোৱাই মহাপুৰোহিত যেচূৱা (যিহোচূৱা) আৰু ৰাজ্যপাল জৰুব্বাবিলক যিহূদীসকলৰ নেতৃত্ব লʼবলৈ নিযুক্ত কৰিছিল। যদিও মন্দিৰ বনোৱা কাম নিষেধ কৰা হৈছিল, তথাপি এই দুয়োজনে “ঈশ্বৰৰ গৃহ পুনৰায় সাজিবলৈ ধৰিলে।” (ইজ্ৰা ৫:১, ২) এয়া দেখি কিছুমান যিহূদীয়ে ভাবিছিল যে তেওঁলোকে ভুল কৰি আছে। কিয়নো মন্দিৰ বনোৱা কাম লুকাই লুকাই কৰিব নোৱাৰি আৰু যদি শত্ৰুসকলে দেখি পায়, তেনেহʼলে তেওঁলোকে যিহূদীসকলক আৰু অত্যাচাৰ কৰিব। এনে পৰিস্থিতিত যিহোচূৱা আৰু জৰুব্বাবিলক সাহসৰ প্ৰয়োজন আছিল আৰু যিহোৱা তেওঁলোকৰ লগত আছে বুলি যিহোৱাই তেওঁলোকক আশ্বাস দিলে। কেনেকৈ বাৰু?
১৪. জখৰিয়া ৪:১২, ১৪ পদৰ অনুসৰি মহাপুৰোহিত যিহোচূৱা আৰু ৰাজ্যপাল জৰুব্বাবিলে কি কথাৰপৰা সাহস লাভ কৰিলে?
১৪ জখৰিয়া ৪:১২, ১৪ পঢ়ক। দৰ্শনৰ এই ভাগত স্বৰ্গদূতে জখৰিয়াক কৈছিল যে দুজোপা জিত গছে “তেল যোগাওঁতা পুৰুষ” অৰ্থাৎ দুজন অভিষিক্তজনাক চিত্ৰিত কৰে। এই অভিষিক্ত দুজন জৰুব্বাবিল আৰু যিহোচূৱা আছিল। দৰ্শনৰ অনুসৰি তেওঁলোকে গোটেই পৃথিৱীৰ সৃষ্টিকৰ্তা যিহোৱাৰ ওচৰত থিয় আছিল। এয়া তেওঁলোকৰ বাবে সন্মানৰ বিষয় আছিল। ইয়াৰ অৰ্থ হৈছে যিহোৱাই তেওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰে। সেইবাবে, যিহূদীসকলে তেওঁলোকৰ ওপৰত ভৰসা কৰাৰ প্ৰয়োজন আছিল আৰু তেওঁলোকৰ কথা পালন কৰিব লাগিছিল।
১৫. বাইবেলৰপৰা পোৱা নিৰ্দেশনা পালন কৰিবলৈ আমি কি কৰিব লাগিব?
১৫ যিহোৱাই বহুতো উপায়েৰে নিজৰ লোকসকলক নিৰ্দেশনা দিয়ে। ইয়াৰ এটা উপায় হৈছে নিজৰ বাক্য বাইবেলৰ যোগেদি। বাইবেলত কোৱা হৈছে যে আমি কেনেধৰণে যিহোৱাৰ উপাসনা কৰা উচিত। বাইবেলৰপৰা পোৱা নিৰ্দেশনা পালন কৰিবলৈ আমি কি কৰিব লাগিব? আমি সময় উলিয়াই সেয়া ধ্যান দি পঢ়িব লাগিব আৰু বুজিব লাগিব। আমি নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰোঁ, ‘মই বাইবেল আৰু আন প্ৰকাশনবোৰ সোনকালে পঢ়ি শেষ কৰোঁ নে ধ্যান দি পঢ়োঁ? মই অলপ সময় ৰৈ শিকা কথাবোৰ গভীৰভাৱে চিন্তা কৰোঁনে? যিবোৰ কথা বুজিবলৈ “টান” হয়, সেইবোৰৰ বিষয়ে মই অনুসন্ধান কৰোঁনে?’ (২ পিত. ৩:১৬) যিহোৱাই আমাক যিবোৰ শিকাই আছে, যদি আমি সেইবোৰ গভীৰভাৱে চিন্তা কৰোঁ, তেনেহʼলে আমি নিৰ্দেশনা পালন কৰিব পাৰিম আৰু ভালদৰে লোকসকলক প্ৰচাৰ কৰিব পাৰিম।—১ তীম. ৪:১৫, ১৬.
১৬. বিশ্বাসী বুদ্ধিমান দাসৰ কিছুমান নিৰ্দেশনা আচৰিত লাগিলেও আমি কি কৰা উচিত?
১৬ যিহোৱাই আৰু এটা উপায়েৰে আমাক নিৰ্দেশনা দিয়ে আৰু সেয়া হৈছে ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি। (মথি ২৪:৪৫) এই দাসে হয়তো আমাক বহুবাৰ এনে নিৰ্দেশনা দিয়ে, যিবোৰ আমাক আচৰিত যেন লাগিব পাৰে। যেনে: আমি কোনো দুৰ্যোগৰপৰা বাচিবলৈ কি কি কৰি প্ৰস্তুতি কৰিব লাগিব, তাৰ বিষয়ে তেওঁলোকে হয়তো আমাক কয়। কিন্তু আমি হয়তো ভাবিব পাৰোঁ যে এই দুৰ্যোগ আমাৰ এলেকাত নাহে বা তেওঁলোকে মহামাৰীৰ সময়ছোৱাত যি নিৰ্দেশনা দিয়ে, তাৰ বিষয়ে শুনি আমাক হয়তো লাগিব পাৰে যে তেওঁলোকে অলপ বেছি সাৱধান হৈছে। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? আমি জখৰিয়াৰ দিনৰ যিহূদীসকলক মনত পেলাব পাৰোঁ, যিসকলে যিহোচূৱা আৰু জৰুব্বাবিলৰ কথা পালন কৰাৰ বাবে বহুতো আশীৰ্বাদ লাভ কৰিছিল। বাইবেলত এনেধৰণৰ আৰু বহুতো ঘটনাৰ বিষয়ে উল্লেখ কৰা আছে, যাৰ বিষয়ে আমি ধ্যান কৰিব পাৰোঁ। সেইবোৰ পঢ়াৰ যোগেদি আমি গম পাওঁ যে কেতিয়াবা কেতিয়াবা যিহোৱাৰ লোকসকলে এনে নিৰ্দেশনা পাইছিল, যিবোৰ তেওঁলোকক আচৰিত যেন লাগিছিল। কিন্তু সেইবোৰ পালন কৰাৰ বাবে তেওঁলোকৰ জীৱন ৰক্ষা পৰিল।—বিচা. ৭:৭; ৮:১০.
জখৰিয়াৰ দৰ্শন মনত ৰাখক
১৭. জখৰিয়াৰ পঞ্চম দৰ্শনৰ বিষয়ে জানি যিহূদীসকলক কেনেকুৱা লাগিছিল?
১৭ জখৰিয়াই যি পঞ্চম দৰ্শন দেখিছিল, যদিও সেয়া সৰু আছিল, কিন্তু তাৰপৰা যিহূদীসকলে উৎসাহ লাভ কৰিলে। তেওঁলোকে যিহোৱাৰ উপাসনা কৰি থাকিল আৰু মন্দিৰ বনোৱাৰ কামত লাগি থাকিল। পৰিণামস্বৰূপে, যিহোৱাই নিজৰ পবিত্ৰ আত্মা দি তেওঁলোকক সহায় কৰিলে। এইদৰে তেওঁলোকে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিলে আৰু তেওঁলোকে বহুত আনন্দিত হʼল।—ইজ্ৰা ৬:১৬.
১৮. দিপাধাৰা আৰু দুজোপা জিতগছৰ দৰ্শনৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
১৮ জখৰিয়াই দিপাধাৰা আৰু দুজোপা জিতগছৰ যি দৰ্শন দেখিছিল, তাৰপৰা আপুনিও লাভৱান হʼব পাৰে। এই লেখত আমি শিকিলোঁ যে এই দৰ্শনৰপৰা আপুনি বিৰোধীসকলৰ সন্মুখীন হʼবলৈ সাহস লাভ কৰিব পাৰে। পৰিস্থিতি সলনি হʼলেও আপুনি আনন্দত থাকিব পাৰে আৰু যদি কোনো নিৰ্দেশনা পালন কৰিবলৈ কঠিন হয়, তেনেহʼলে আপুনি যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰে আৰু সেই নিৰ্দেশনা পালন কৰিব পাৰে। সেইবাবে, যদি আপোনাৰ জীৱনত কিবা সমস্যা আহে, তেনেহʼলে জখৰিয়াৰ দৰ্শন মনত ৰাখক যে যিহোৱাই কেনেকৈ নিজৰ লোকসকলক সহায় কৰে, তাৰ পাছত যিহোৱাৰ ওপৰত ভৰসা কৰি সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ উপাসনা কৰি থাকক। (মথি ২২:৩৭) যিহোৱাই আপোনাক সহায় কৰিব আৰু আপুনি সদায় আনন্দেৰে তেওঁৰ উপাসনা কৰি থাকিব।—কল. ১:১০, ১১.
গীত ৭ যিহোৱা আমাৰ বল
^ যিহোৱাই ভৱিষ্যতবক্তা জখৰিয়াক বহুতো ৰোমাঞ্চকৰ দৰ্শন দেখুৱাইছিল। তাৰপৰা জখৰিয়া আৰু যিহোৱাৰ লোকসকলে সমস্যাৰ সত্ত্বেও শুদ্ধ উপাসনা পুনৰ আৰম্ভ কৰিবলৈ সাহস পাইছিল। সেই দৰ্শনৰপৰা আজি আমিও সমস্যাৰ সন্মুখীন হʼবলৈ সাহস লাভ কৰিব পাৰোঁ। এই লেখত সেইবোৰৰ মাজৰ এটা দৰ্শনৰ বিষয়ে আলোচনা কৰিম। সেয়া হৈছে এটা দীপাধাৰা আৰু দুজোপা জিতগছৰ দৰ্শন।
^ এই ৰজাজন, বহুবছৰ পাছত ৰাজ্যপাল নহিমিয়াৰ দিনত শাসন কৰা আৰু যিহূদীসকলক সহায় কৰা অতক্ষত্ৰ ৰজাজন নহয়।