Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৪

প্ৰাচীনসকল, পৌলৰ উদাহৰণ অনুকৰণ কৰি থাকক

প্ৰাচীনসকল, পৌলৰ উদাহৰণ অনুকৰণ কৰি থাকক

“মোৰ অনুকাৰী হোৱা।”—১ কৰি. ১১:১.

গীত ৯৯ লাখ লাখ ভাই

লেখৰ এক আভাস *

১-২. প্ৰাচীনসকলে পৌলৰপৰা কি শিকিব পাৰে?

 পাঁচনি পৌলে নিজৰ ভাই-ভনীসকলক বহুত প্ৰেম কৰিছিল আৰু তেওঁলোকক সহায় কৰিবলৈ কঠিন পৰিশ্ৰম কৰিছিল। (পাঁচ. ২০:৩১) সেইবাবে, ভাই-ভনীসকলেও তেওঁক বহুত প্ৰেম কৰিছিল। এবাৰ যেতিয়া ইফিচৰ প্ৰাচীনসকলে গম পালে যে তেওঁলোকে পৌলক শেষবাৰৰ বাবে লগ কৰিছে, তেতিয়া “সকলোৱে বৰ ক্ৰন্দন কৰিলে।” (পাঁচ. ২০:৩৭) পাঁচনি পৌলৰ দৰে আজিও প্ৰাচীনসকলে নিজৰ ভাই-ভনীসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকক সহায় কৰিবলৈ কঠিন পৰিশ্ৰম কৰে। (ফিলি. ২:১৬, ১৭) কিন্তু কেতিয়াবা কেতিয়াবা প্ৰাচীনসকলৰ বাবে নিজৰ দায়িত্ব পালন কৰিবলৈ কঠিন হʼব পাৰে, এনে পৰিস্থিতিত তেওঁলোকে কি কৰিব পাৰে?

প্ৰাচীনসকলে পৌলৰপৰা শিকিব পাৰে। (১ কৰি. ১১:১) পৌলৰ ওচৰত কোনো ধৰণৰ আচৰিত শক্তি নাছিল। তেৱোঁ অসিদ্ধ আছিল আৰু সঠিক কাম কৰিবলৈ তেওঁক বহুবাৰ সংঘৰ্ষ কৰিবলগীয়া হৈছিল। (ৰোম. ৭:১৮-২০) তেওঁক বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। এনে পৰিস্থিতিত তেওঁ হাৰ মানিব পাৰিলেহেঁতেন বা তেওঁৰ আনন্দ নাইকিয়া হʼলহেঁতেন। কিন্তু তেওঁ এইদৰে হʼবলৈ নিদিলে। প্ৰাচীনসকলে পৌলৰপৰা শিকিব পাৰে যে তেওঁলোকে কেনেকৈ সমস্যাৰ সন্মুখীন হʼব পাৰে আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিব পাৰে।

৩. এই লেখত আমি কিহৰ বিষয়ে শিকিম?

এই লেখত আমি এনে চাৰিটা কামৰ বিষয়ে আলোচনা কৰিম, যিবোৰ কাম কৰিবলৈ প্ৰাচীনসকলক কঠিন লাগিব পাৰে। যেনে, (১) আন দায়িত্ববোৰ পালন কৰাৰ লগতে প্ৰচাৰ কামৰ বাবে সময় উলিওৱা, (২) সকলো ভাই-ভনীক প্ৰেমেৰ চোৱা-চিতা কৰা, (৩) নিজৰ দুৰ্বলতাবোৰক নিয়ন্ত্ৰণ কৰা আৰু (৪) আনৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰখা। এই চাৰিটা কাম কৰিবলৈ পৌলৰ বাবেও কঠিন আছিল। আহক চাওঁ যে এনে পৰিস্থিতিত তেওঁ কি কৰিলে। আমি এয়াও শিকিম যে প্ৰাচীনসকলে তেওঁৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰে।

আন দায়িত্ববোৰ পালন কৰাৰ লগতে প্ৰচাৰ কামৰ বাবে সময় উলিওৱা

৪. প্ৰচাৰ কামৰ বাবে সময় উলিয়াবলৈ প্ৰাচীনসকলৰ বাবে কিয় কঠিন হʼব পাৰে?

কিয় কঠিন হʼব পাৰে? প্ৰচাৰ কামৰ নেতৃত্ব লোৱাৰ উপৰিও প্ৰাচীনসকলৰ ওচৰত আৰু বহুতো দায়িত্ব থাকে। যেনে, তেওঁলোকে সপ্তাহৰ মাজৰ সভা আৰু মণ্ডলীৰ বাইবেল অধ্যয়ন সঞ্চালন কৰে। তেওঁলোকে ভাষণো দিয়ে। ইয়াৰ উপৰিও তেওঁলোকে পৰিচাৰকসকলক বেলেগ বেলেগ কাম শিকাই আৰু ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ ব্যস্ত থাকে। (১ পিত. ৫:২) কিছুমান প্ৰাচীনে ৰাজ্যগৃহ আৰু আন গৃহবোৰ নিৰ্মাণ কৰাত বা সেইবোৰ চোৱা-চিতা কৰা কামতো ভাগ লয়। কিন্তু মণ্ডলীৰ সকলো ভাই-ভনীৰ দৰে তেওঁলোকৰো আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে শুভবাৰ্তা প্ৰচাৰ কৰা।—মথি ২৮:১৯, ২০.

৫. পৌলে কেনেকৈ ভালদৰে প্ৰচাৰ কৰিলে?

পৌলে কি কৰিলে? পৌলে এইদৰে কৈছে, ‘যি যি শ্ৰেষ্ঠ, পৰীক্ষা কৰি’ চোৱা। (ফিলি. ১:৯) পৌলে নিজেও এই পৰামৰ্শ পালন কৰিলে। তেওঁক প্ৰচাৰ কৰাৰ যি দায়িত্ব দিয়া হৈছিল, সেই দায়িত্ব তেওঁ শেষলৈকে পালন কৰিলে আৰু এই কামক তেওঁ সকলোতকৈ বেছি গুৰুত্ব দিলে। তেওঁ “সৰ্ব্বসাধাৰণৰ আগত, আৰু ঘৰে ঘৰে” প্ৰচাৰ কৰিছিল। (পাঁচ. ২০:২০) তেওঁ কেৱল নিৰ্ধাৰিত সময় বা নিৰ্ধাৰিত দিনত প্ৰচাৰ কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে যেতিয়াই তেওঁ সুযোগ পাইছিল, তেতিয়াই প্ৰচাৰ কৰিছিল। উদাহৰণস্বৰূপে, আথীনীত তেওঁ বন্ধুসকলৰ বাবে অপেক্ষা কৰাৰ সময়ত সেই ঠাইৰ বিখ্যাত লোকসকলক শুভবাৰ্তা শুনাইছিল আৰু তেওঁলোকৰ মাজৰ কিছুমান লোক খ্ৰীষ্টানো হʼল। (পাঁচ. ১৭:১৬, ১৭, ৩৪) পৌলে বন্দী হৈ থকাৰ সময়তো লোকসকলক প্ৰচাৰ কৰিছিল।—ফিলি. ১:১৩, ১৪; পাঁচ. ২৮:১৬-২৪.

৬. পৌলে আনক কি শিকাইছিল?

প্ৰচাৰ কৰাৰ সময়ত পৌলে আন ভাইসকলক শিকাইছিল। আহক ইয়াৰ কিছুমান উদাহৰণলৈ মন কৰোঁ। তেওঁ প্ৰথম মিচনেৰী যাত্ৰাত নিজৰ লগত যোহন মাৰ্কক আৰু দ্বিতীয় মিচনেৰী যাত্ৰাত তীমথিয়ক নিছিল। (পাঁচ. ১২:২৫; ১৬:১-৪) সেইসময়ছোৱাত পৌলে তেওঁলোকক শিকাইছিল যে মণ্ডলীত কি কি কাম কৰিবলগীয়া হয়, ভাই-ভনীসকলক কেনেকৈ চোৱা-চিতা কৰিব লাগে আৰু তেওঁলোকে কেনেকৈ ভাল শিক্ষক হʼব পাৰে।—১ কৰি. ৪:১৭.

পৌলৰ দৰে সদায় প্ৰচাৰ কৰিবলৈ সাজু থাকক (অনুচ্ছেদ ৭ চাওক) *

৭. ইফিচীয়া ৬:১৪, ১৫ পদত পৌলে দিয়া পৰামৰ্শ প্ৰাচীনসকলে কেনেকৈ পালন কৰিব পাৰে?

শিক্ষা: পৌলৰ দৰে প্ৰাচীনসকলে ঘৰে ঘৰে প্ৰচাৰলৈ যোৱাৰ উপৰিও আন পৰিস্থিতিতো প্ৰচাৰ কৰিবলৈ সাজু থাকিব পাৰে। (ইফিচীয়া ৬:১৪, ১৫ পঢ়ক।) উদাহৰণস্বৰূপে, যেতিয়া তেওঁলোকে বজাৰলৈ যায় বা কামৰ ঠাইত তেওঁলোকে লোকসকলক প্ৰচাৰ কৰিব পাৰে অথবা যেতিয়া তেওঁলোকে সংগঠনৰ নিৰ্মাণ কাম কৰে, তেতিয়া ওচৰে-পাজৰে থকা লোকসকলক বা যাৰপৰা তেওঁলোকে বস্তুবোৰ কিনে, তেওঁলোকক প্ৰচাৰ কৰিব পাৰে। পৌলৰ দৰে প্ৰাচীনসকলে প্ৰচাৰ কৰাৰ সময়ত আনক অৰ্থাৎ পৰিচাৰকসকলক শিকাবও পাৰে।

৮. প্ৰাচীনসকলক কেতিয়াবা কেতিয়াবা কি কৰিবলগীয়া হʼব পাৰে?

প্ৰাচীনসকলে মণ্ডলী বা চাৰ্কিটৰ কামত ইমানেই ব্যস্ত হোৱা উচিত নহয়, যাতে তেওঁলোকে প্ৰচাৰ কামৰ বাবে সময় উলিয়াব নোৱাৰে। ইয়াৰ বাবে হয়তো তেওঁলোকে কেতিয়াবা কেতিয়াবা কিছুমান দায়িত্ব লʼবলৈ মানা কৰিবলগীয়া হʼব পাৰে। প্ৰাচীনসকলে যিকোনো দায়িত্ব লোৱাৰ আগতে যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত আৰু তাৰ পাছত ভবা উচিত যে ‘এই দায়িত্ব লোৱাৰ পাছত মোৰ ওচৰত গুৰুত্বপূৰ্ণ কামৰ বাবে সময় বাচিবনে? যেনে, প্ৰতি সপ্তাহে পাৰিবাৰিক উপাসনা কৰা, উৎসাহেৰে প্ৰচাৰ কৰা বা নিজৰ লʼৰা-ছোৱালীক প্ৰচাৰ কৰিবলৈ শিকোৱা।’ কোনো দায়িত্ব লোৱাৰ বাবে মানা কৰিবলৈ কিছুমান প্ৰাচীনক কঠিন লাগিব পাৰে। কিন্তু তেওঁলোকে বিশ্বাস কৰিব পাৰে যে তেওঁৰ মানা কৰাৰ কাৰণ যিহোৱাই ভালদৰে জানে। যিহোৱাই বুজি পাই যে তেওঁলোকে নিজৰ আন দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ চেষ্টা কৰি আছে।

সকলো ভাই-ভনীক প্ৰেমেৰ চোৱা-চিতা কৰা

৯. প্ৰাচীনসকলে ব্যস্ত হোৱাৰ বাবে কি কৰিবলৈ কঠিন হʼব পাৰে?

কিয় কঠিন হʼব পাৰে? শেষ কালত যিহোৱাৰ লোকসকলৰ ওপৰত বহুতো সমস্যা আহে। সেইবাবে, আমাক সকলোকে শান্ত্বনা, সহায় আৰু উৎসাহৰ প্ৰয়োজন হয়। কিছুমান ভাই-ভনীক বেয়া কামৰপৰা আঁতৰি থাকিবলৈ সহায়ৰ প্ৰয়োজন হয়। (১ থিচ. ৫:১৪) এয়া সঁচা যে প্ৰাচীনসকলে ভাই-ভনীসকলৰ সকলো সমস্যা দূৰ কৰিব নোৱাৰে। তথাপি তেওঁলোকে যিমান পাৰে সিমান ৰখীয়াৰ দৰে যিহোৱাৰ মেৰবিলাকৰ চোৱা-চিতা কৰা আৰু সুৰক্ষা কৰাটো তেওঁ বিচাৰে। গতিকে প্ৰাচীনসকলে নিজৰ ইমান কাম থকাৰ সত্ত্বেও ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে?

আনৰ প্ৰশংসা কৰক আৰু তেওঁলোকক উৎসাহিত কৰক (অনুচ্ছেদ ১০, ১২ চাওক) *

১০. প্ৰথম থিচলনীকীয়া ২:৭, ৮ পদৰ অনুসৰি পৌলে নিজৰ ভাই-ভনীসকলৰ কেনেকৈ যত্ন লৈছিল?

১০ পৌলে কি কৰিলে? তেওঁ সুযোগ পালেই ভাই-ভনীসকলৰ প্ৰশংসা কৰিছিল আৰু তেওঁলোকক উৎসাহিত কৰিছিল। পৌলে ভাই-ভনীসকলক প্ৰেমেৰ চোৱা-চিতা কৰাত প্ৰাচীনসকলৰ বাবে ভাল উদাহৰণ ৰাখিলে। (১ থিচলনীকীয়া ২:৭, ৮ পঢ়ক।) তেওঁ ভাই-ভনীসকলক বহুত প্ৰেম কৰে আৰু যিহোৱাও তেওঁলোকক বহুত প্ৰেম কৰে বুলি আশ্বাস দিলে। (২ কৰি. ২:৪; ইফি. ২:৪, ৫) পৌলে তেওঁলোকক নিজৰ বন্ধু বুলি ভাবিলে আৰু তেওঁলোকৰ লগত সময় অতিবাহিত কৰিলে। পৌলে তেওঁলোকৰ ওপৰত ভৰসা কৰিছিল, সেইবাবে হৃদয় খুলি নিজৰ চিন্তাৰ বিষয়ে তেওঁলোকক কৈছিল আৰু তেওঁৰ কিছুমান দুৰ্বলতা আছে বুলিও কৈছিল। (২ কৰি. ৭:৫; ১ তীম. ১:১৫) কিন্তু তেওঁ নিজৰ সমস্যাবোৰৰ বিষয়ে ধ্যান দিয়াৰ পৰিৱৰ্তে ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে, তাৰ ওপৰত ধ্যান দিলে।

১১. পৌলে ভাই-ভনীসকলক কিয় পৰামৰ্শ দিছিল?

১১ পৌলে কেতিয়াবা কেতিয়াবা ভাই-ভনীসকলক পৰামৰ্শ দিবলগীয়া হৈছিল। কিন্তু সেইসময়ত তেওঁ খঙেৰে নহয়, প্ৰেমেৰে পৰামৰ্শ দিছিল। কিয়নো পৌলে তেওঁলোকৰ বিষয়ে চিন্তা কৰিছিল আৰু তেওঁলোকক বিপদৰপৰা বচাব বিচাৰিছিল। পৌলে তেওঁলোকক স্পষ্টকৈ কৈছিল যে তেওঁলোকে কি কি বিষয়ত শুধৰণি কৰিব লাগিব। পৌলে এয়াও জানিব বিচাৰিছিল যে তেওঁৰ পৰামৰ্শ শুনি ভাই-ভনীসকলক কেনে লাগিলে। উদাহৰণস্বৰূপে, তেওঁ কৰিন্থৰ খ্ৰীষ্টানসকলক এখন চিঠি লিখিছিল আৰু তেওঁলোকক কঠোৰতাৰে পৰামৰ্শ দিছিল। তেওঁৰ পৰামৰ্শ শুনি ভাই-ভনীসকলে কি কৰিলে তাৰ বিষয়ে পৌলে জানিব বিচাৰিছিল। সেইবাবে, তেওঁ তীতক তালৈ পঠিয়াইছিল। যেতিয়া তেওঁ গম পালে যে ভাই-ভনীসকলে তেওঁৰ পৰামৰ্শ পালন কৰিলে, তেতিয়া তেওঁ বৰ আনন্দিত হʼল।—২ কৰি. ৭:৬, ৭.

১২. ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ প্ৰাচীনসকলে কি কৰিব পাৰে?

১২ শিক্ষা: পৌলৰ দৰে প্ৰাচীনসকলেও নিজৰ ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰিব পাৰে। এইদৰে কৰাৰ এটা উপায় হৈছে তেওঁলোকে সভাৰ আগতে আহিব পাৰে, যাতে ভাই-ভনীসকলৰ লগত ভালদৰে কথা পাতিব পাৰে। প্ৰাচীনসকলে কোনো ভাই বা ভনীৰ লগত কিছু মিনিট কথা পাতিলেও ইয়াৰপৰা ভাই-ভনীসকলে বহুত উৎসাহিত হʼব। (ৰোম. ১:১২; ইফি. ৫:১৬) প্ৰাচীনসকলে পৌলৰ দৰে ভাই-ভনীসকলক বাইবেলৰপৰা পদবোৰ দেখুৱাব পাৰে। এইদৰে কৰিলে তেওঁলোকৰ বিশ্বাস মজবুত হʼব আৰু যিহোৱাই তেওঁলোকক প্ৰেম কৰে বুলি আশ্বাস পাব। ইয়াৰ উপৰিও তেওঁলোকে নিজৰ কথা আৰু কামৰ যোগেদি ভাই-ভনীসকলক প্ৰেম কৰে বুলি দেখুৱাব পাৰে। প্ৰাচীনসকলে মাজে-সময়ে ভাই-ভনীসকলৰ লগত কথা পাতিব পাৰে আৰু সুযোগ পালেই তেওঁলোকক প্ৰশংসা কৰিব পাৰে। যেতিয়া প্ৰাচীনে কোনো ভাই বা ভনীক পৰামৰ্শ দিয়াৰ প্ৰয়োজন হয়, তেতিয়া তেওঁ বাইবেলৰপৰা পৰামৰ্শ দিয়া উচিত। তেওঁ স্পষ্টকৈ আৰু প্ৰেমেৰে পৰামৰ্শ দিয়া উচিত, যাতে সেই ভাই বা ভনীয়ে পৰামৰ্শ পালন কৰিব পাৰে।—গালা. ৬:১.

নিজৰ দুৰ্বলতাবোৰক নিয়ন্ত্ৰণ কৰা

১৩. প্ৰাচীনসকলে নিজৰ দুৰ্বলতাৰ বিষয়ে কি ভাবিব পাৰে?

১৩ কিয় কঠিন হʼব পাৰে? প্ৰাচীনসকলেও আমাৰ দৰে অসিদ্ধ হয় আৰু তেওঁলোকৰপৰাও ভুল হয়। (ৰোম. ৩:২৩) এনে পৰিস্থিতিত কিছুমান প্ৰাচীনে নিজৰ দুৰ্বলতাৰ বিষয়ে চিন্তা কৰিয়েই হয়তো নিৰাশ হৈ পৰিব পাৰে। তেওঁলোকে হয়তো ভাবিব পাৰে যে তেওঁলোকে নিজৰ দুৰ্বলতাবোৰ কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। আনহাতে কিছুমান প্ৰাচীনে হয়তো নিজৰ দুৰ্বলতাবোৰক আওকাণ কৰিব পাৰে আৰু ভাবিব পাৰে যে তেওঁলোকক কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই।

১৪. ফিলিপীয়া ৪:১৩ পদৰ অনুসৰি পৌলে নম্ৰ হোৱাৰ বাবে কি কৰিলে?

১৪ পৌলে কি কৰিলে? পৌল নম্ৰ আছিল, সেইবাবে তেওঁ নিজৰ শক্তিৰে নিজৰ দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু তেওঁক যিহোৱাৰ শক্তিৰ প্ৰয়োজন আছে বুলি তেওঁ স্বীকাৰ কৰিলে। তেওঁ আগতে খ্ৰীষ্টানসকলক বহুত অত্যাচাৰ কৰিছিল, কিন্তু পাছত তেওঁ ভুল কৰিছে বুলি গম পালে। সেইবাবে, তেওঁ নিজকে সলনি কৰিবলৈ চেষ্টা কৰিলে। (১ তীম. ১:১২-১৬) যিহোৱাৰ সহায়ত পৌল এজন মৰমিয়াল প্ৰাচীন হʼব পাৰিলে আৰু নম্ৰ হʼব পাৰিলে। তেওঁ জানিছিল যে তেওঁৰ বহুতো দুৰ্বলতা আছে। কিন্তু তেওঁ সেই দুৰ্বলতাবোৰৰ বিষয়ে ভাবি থকা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁৰ বিশ্বাস আছিল যে যিহোৱাই তেওঁক ক্ষমা কৰিব। (ৰোম. ৭:২১-২৫) তেওঁ নিজৰপৰা বেছিকৈ আশা কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ যি কৰিব পাৰিছিল, সেইবোৰ কৰিলে। তেওঁ ভাল ভাল গুণবোৰ বঢ়াবলৈ বহুত পৰিশ্ৰম কৰিলে। নম্ৰ হোৱাৰ বাবে তেওঁ নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থাকিল।—১ কৰি. ৯:২৭; ফিলিপীয়া ৪:১৩ পঢ়ক।

নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰক (অনুচ্ছেদ ১৪-১৫ চাওক) *

১৫. নিজৰ দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰাচীনসকলে কি কৰিব পাৰে?

১৫ শিক্ষা: প্ৰাচীনসকল সিদ্ধ নহয়। সেইবাবে তেওঁলোকে নিজৰ ভুল স্বাকীৰ কৰা আৰু তেওঁলোকে নিজকে শুধৰণি কৰাটো যিহোৱাই বিচাৰে। (ইফি. ৪:২৩, ২৪) তেওঁলোকে বাইবেল অধ্যয়ন কৰাৰ যোগেদি নিজকে চালি-জাৰি চাব পাৰে আৰু নিজকে পৰিৱৰ্তন কৰিব পাৰে। তেতিয়াহে তেওঁলোকক আনন্দত থাকিবলৈ আৰু নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ যিহোৱাই সহায় কৰিব।—যাকো. ১:২৫.

আনৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখক

১৬. প্ৰাচীনসকলে আনৰ দুৰ্বলতাবোৰ বেছিকৈ ধ্যান দিলে তেওঁলোকে কি কৰিব পাৰে?

১৬ কিয় কঠিন হʼব পাৰে? প্ৰাচীনসকলে যেতিয়া ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰে বা তেওঁলোকৰ লগত মিলি কাম কৰে, তেতিয়া প্ৰাচীনসকলে তেওঁলোকৰ দুৰ্বলতা আৰু স্পষ্টকৈ দেখি পায়। কিন্তু প্ৰাচীনসকলে যদি ভাই-ভনীসকলৰ দুৰ্বলতাবোৰৰ বিষয়ে ধ্যান দিয়ে, তেনেহʼলে তেওঁলোকে ভাই-ভনীসকলক খং কৰিব পাৰে, তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ নকৰিব পাৰে বা তেওঁলোকৰ বিষয়ে ভুল ধাৰণা ৰাখিব পাৰে। খ্ৰীষ্টীনসকলে এইদৰেই কৰাটো চয়তানে বিচাৰে। এই বিষয়ে পৌলে খ্ৰীষ্টানসকলক সতৰ্ক কৰিছিল।—২ কৰি. ২:১০, ১১.

১৭. পৌলে নিজৰ ভাই-ভনীসকলৰ বিষয়ে কেনে দৃষ্টিভংগী ৰাখিছিল?

১৭ পৌলে কি কৰিলে? তেওঁ নিজৰ ভাই-ভনীসকলৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিলে। তেওঁ ভাই-ভনীসকলৰ দুৰ্বলতা আৰু ভুলবোৰৰ বিষয়ে জানিছিল। কিয়নো ভাই-ভনীসকলে বহুবাৰ নিজৰ কামৰ যোগেদি পৌলক আঘাত দিছিল। কিন্তু পৌলে এয়াও জানিছিল যে যদি ভাই-ভনীসকলে কিবা ভুল কৰে, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁলোক বেয়া মানুহ হয়। পৌলে নিজৰ ভাই-ভনীসকলক প্ৰেম কৰিছিল আৰু তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিছিল। তেওঁ বুজি পাইছিল যে ভাই-ভনীসকলৰ বাবে সঠিক কাম কৰাটো সহজ নহয় আৰু তেওঁলোকে নিজকে সলনি কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে। তেওঁলোকক কেৱল অলপ সহায়ৰ প্ৰয়োজন আছে।

১৮. পৌলে যিদৰে ইবদিয়া আৰু চুন্তুখীক সহায় কৰিলে, তাৰপৰা আপুনি কি শিকিলে? (ফিলিপীয়া ৪:১-৩)

১৮ মন কৰক যেতিয়া ফিলীপী মণ্ডলীৰ দুজনী ভনী ইবদিয়া আৰু চুন্তুখীৰ মাজত মতভেদ হৈছিল, তেতিয়া পৌলে কি কৰিলে। (ফিলিপীয়া ৪:১-৩ পঢ়ক।) পৌলে তেওঁলোকক খং কৰা নাছিল আৰু তেওঁলোকৰ দোষবোৰো বিচৰা নাছিল। ইয়াৰ পৰিৱৰ্তে পৌলে তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিলে। তেওঁলোকে বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰি আছিল। পৌলে মনত ৰাখিলে যে যিহোৱাই তেওঁলোকক প্ৰেম কৰে। সেইবাবে, পৌলে তেওঁলোকক মিল হʼবলৈ উৎসাহিত কৰিলে। ভাই-ভনীসকলৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰখাৰ বাবে পৌলে আনন্দিত থাকিব পাৰিলে আৰু সকলোৰে লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিলে।

আনৰ বিষয়ে লগে লগে ভুল ধাৰণা নাৰাখিব (অনুচ্ছেদ ১৯ চাওক) *

১৯. (ক) ভাই-ভনীসকলৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ প্ৰাচীনসকলে কি কৰিব পাৰে? (খ) এই অনুচ্ছেদৰ লগত জড়িত থকা ছবিৰপৰা আপুনি শিকিব পাৰে?

১৯ শিক্ষা: প্ৰাচীনসকল, ভাই-ভনীসকলৰ ভাল গুণবোৰলৈ ধ্যান দিয়ক। মণ্ডলীৰ সকলোৱে অসিদ্ধ হয়, কিন্তু তেওঁলোকৰ বহুতো ভাল গুণো আছে। (ফিলি. ২:৩) এয়া সঁচা যে প্ৰাচীনসকলে মাজে-সময়ে ভাই-ভনীসকলৰ চিন্তাধাৰা শুধৰণি কৰিবলগীয়া হয়। কিন্তু পৌলৰ দৰে তেওঁলোকে নিজৰ ভাই-ভনীসকলৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰখা উচিত। তেওঁলোকৰ সৰু-সুৰা ভুলবোৰলৈ ধ্যান দিয়াৰ পৰিৱৰ্তে প্ৰাচীনসকলে ধ্যান দিয়া উচিত যে তেওঁলোকে যিহোৱাক প্ৰেম কৰে, তেওঁৰ সেৱা কৰিবলৈ চেষ্টা কৰি আছে আৰু তেওঁলোকে নিজকে শুধৰণি কৰিব পাৰে। যদি প্ৰাচীনসকলে ভাই-ভনীসকলৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখে, তেনেহʼলে মণ্ডলীত প্ৰেম আৰু একতা বাঢ়িব।

পৌলৰ উদাহৰণ অনুকৰণ কৰি থাকক

২০. পৌলৰ বিষয়ে বেছিকৈ শিকিবলৈ প্ৰাচীনসকলে কি কৰিব পাৰে?

২০ প্ৰাচীনসকল, যদি আপোনালোকে পৌলৰ বিষয়ে বেছিকৈ পঢ়িব, তেনেহʼলে আপোনালোকৰ বহুতো লাভ হʼব। উদাহৰণস্বৰূপে, আপুনি সাক্ষ্য দিয়ক কিতাপ আৰু সম্পূৰ্ণ পবিত্ৰ শাস্ত্ৰ নামৰ ব্ৰচাৰখন পঢ়িব পাৰে। * ইয়াক পঢ়াৰ সময়ত নিজকে এইদৰে সোধক, ‘মই নিজৰ দায়িত্ব আনন্দেৰে পালন কৰাৰ বিষয়ে পৌলৰপৰা কি শিকিব পাৰোঁ?’

২১. প্ৰাচীনসকলে কি কথাৰ প্ৰতি বিশ্বাস কৰিব পাৰে?

২১ প্ৰাচীনসকল, আপোনালোকে সিদ্ধ হোৱাটো যিহোৱাই আশা নকৰে। আপোনালোকে বিশ্বাসী হোৱা আৰু নিজৰ দায়িত্ব ভালদৰে পালন কৰাটো তেওঁ বিচাৰে। (১ কৰি. ৪:২) পৌলেও বিশ্বাসী হৈ আছিল আৰু কঠিন পৰিশ্ৰম কৰিছিল। সেইবাবে, যিহোৱাই তেওঁৰপৰা আনন্দিত আছিল। ঠিক সেইদৰে যদি আপুনিও কঠিন পৰিশ্ৰম কৰে, তেনেহʼলে বিশ্বাস কৰক যে যিহোৱাই আপোনাৰপৰা নিশ্চয় আনন্দিত হʼব। ‘আপোনালোকে পবিত্ৰ লোকবিলাকৰ যি সেৱা-শুশ্ৰূষা কৰিলে, আৰু কৰিছে, তাৰেই ঈশ্বৰৰ নামলৈ আপোনালোকে দেখুউৱা প্ৰেম আৰু আপোনালোকৰ পৰিশ্ৰম ঈশ্বৰে নাপাহৰিব।’—ইব্ৰী ৬:১০.

গীত ৮৭ আহা! সতেজ হওঁ

^ প্ৰাচীনসকলে আমাক সহায় কৰিবলৈ বহুত পৰিশ্ৰম কৰে, সেইবাবে আমি তেওঁলোকৰ প্ৰতি অতি কৃতজ্ঞ। কিন্তু এইদৰে কৰাটো তেওঁলোকৰ বাবে সদায় সহজ নহয়। এই লেখত আমি চাৰিটা বিষয়ত আলোচনা কৰিম, যিবোৰ বিষয়ত প্ৰাচীনসকলে পাঁচনি পৌলৰপৰা শিকিব পাৰে। ইয়াৰপৰা আমি প্ৰাচীনসকলক প্ৰেম কৰিবলৈ, তেওঁলোকৰ পৰিশ্ৰমৰ প্ৰতি কৃতজ্ঞ হʼবলৈ আৰু সম্পূৰ্ণৰূপে তেওঁলোকক সহায় কৰিবলৈ উৎসাহ লাভ কৰিম।

^ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ভালদৰে সাক্ষ্য দিয়ক (হিন্দী) অধ্যায় ১২, অনু. ১৭-২০ আৰু অধ্যায় ২১, অনু. ৬-৭; সম্পূৰ্ণ পবিত্ৰ শাস্ত্ৰ—সত্য আৰু লাভজনক (হিন্দী) (মথি-কলচীয়া ), পৃষ্ঠা ২৪, অনু. ১৯; (১ থিচলনীকীয়া-প্ৰকাশিত বাক্য ), পৃষ্ঠা ১২-১৩, অনু. ৮-৯.

^ ছবিৰ বিষয়ে: এজন ভায়ে কাম শেষ কৰাৰ পাছত নিজৰ সহকৰ্মীক প্ৰচাৰ কৰি আছে।

^ ছবিৰ বিষয়ে: এজন প্ৰাচীনে এনে এজন ভাইৰ লগত মৰমেৰে কথা পাতি আছে, যিজনে আনৰ লগত বেছি কথা নাপাতে।

^ ছবিৰ বিষয়ে: এজন ভায়ে কিবা কথাৰ বাবে খং কৰি আছে আৰু এজন প্ৰাচীনে তেওঁক প্ৰেমেৰে পৰামৰ্শ দি আছে।

^ ছবিৰ বিষয়ে: এজন ভায়ে কিবা কাম কৰিবলৈ আগবাঢ়ি যায়, কিন্তু কাম কৰি থাকোতে তেওঁৰ ধ্যান বিচলিত হৈ যায়। তথাপি প্ৰাচীনে এয়া দেখি খং নকৰে।