Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১১

বাপ্তিষ্মাৰ পাছতো ‘নতুন পুৰুষক’ পিন্ধি থাকক

বাপ্তিষ্মাৰ পাছতো ‘নতুন পুৰুষক’ পিন্ধি থাকক

‘নতুন পুৰুষক পিন্ধা।’—কল. ৩:১০.

গীত ৪৯ যিহোৱাৰ হৃদয় আনন্দিত কৰোঁ

লেখৰ এক আভাস *

১. আমাৰ ওপৰত কি কথাই প্ৰভাৱ পেলায়?

 আমি সকলোৱে যিহোৱাই ভাল পোৱা ব্যক্তি হʼব বিচাৰোঁ, যদিও আমাৰ বাপ্তিষ্মা লোৱা বহুবছৰ হৈ গʼল বা আমি অলপতে বাপ্তিষ্মা লৈছোঁ। ইয়াৰ বাবে আমি ধ্যান দিব লাগিব যে আমাৰ চিন্তাধাৰা কেনে হয়। কিয়নো আমি যিধৰণে চিন্তা কৰোঁ, সেয়া আমাৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলায়। যদি আমি কেৱল নিজৰ ইচ্ছা পূৰ কৰাৰ বিষয়ে চিন্তা কৰি থাকোঁ, তেনেহʼলে আমি হয়তো কিবা বেয়া কাম কৰিব বা বেয়া কথা কʼব পাৰোঁ। (ইফি. ৪:১৭-১৯) কিন্তু যদি আমি ভাল কথাবোৰৰ বিষয়ে চিন্তা কৰোঁ, তেনেহʼলে আমাৰ কাম আৰু কথা ভাল হʼব। এয়া দেখি যিহোৱা অতি আনন্দিত হʼব।—গালা. ৫:১৬.

২. এই লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে শিকিম?

যিদৰে আমি আগৰ লেখত শিকিছিলোঁ যে আমি বেয়া ভাবনাবোৰ আমাৰ মনলৈ আহিবলৈ সম্পূৰ্ণৰূপে বাধা দিব নোৱাৰোঁ। কিন্তু সেইবোৰ কাম কৰাৰপৰা আঁতৰি থাকিবলৈ আমি নিজকে বাধা দিব পাৰোঁ। যিহোৱাই ঘৃণা কৰা কথাবোৰ কʼবলৈ আৰু কামবোৰ কৰিবলৈ আমি বাপ্তিষ্মা লোৱাৰ আগতে এৰি দিয়া উচিত। পুৰাতন পুৰুষক সোলোকাই পেলাবলৈ এয়া প্ৰথম আৰু আটাইকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হয়। কিন্তু যিহোৱাই যদি আমাৰপৰা আনন্দিত হোৱাটো বিচাৰোঁ, তেনেহʼলে এই আজ্ঞাটো আমি পালন কৰিব লাগিব: ‘নতুন পুৰুষক পিন্ধা।’ (কল. ৩:১০) এই লেখত আমি এই প্ৰশ্নবোৰৰ বিষয়ে শিকিম যে ‘নতুন পুৰুষৰ’ অৰ্থ কি? আমি নতুন পুৰুষক কেনেকৈ পিন্ধিব পাৰোঁ আৰু সদায় কেনেকৈ পিন্ধি থাকিব পাৰোঁ?

‘নতুন পুৰুষৰ’ অৰ্থ কি?

৩. (ক) ‘নতুন পুৰুষক’ পিন্ধাৰ অৰ্থ কি? (খ) এজন ব্যক্তিয়ে নতুন পুৰুষক কেনেকৈ পিন্ধিব পাৰে? (গালাতীয়া ৫:২২, ২৩)

যিজন ব্যক্তিয়ে ‘নতুন পুৰুষক’ পিন্ধে, তেওঁ যিহোৱাৰ দৰে ভাবে আৰু কাম কৰে। তেওঁ নিজৰ চিন্তাধাৰা, ভাবনা আৰু কামত পবিত্ৰ আত্মাৰ ফলৰ গুণবোৰ দেখুৱায়। (গালাতীয়া ৫:২২, ২৩ পঢ়ক।) যেনে, তেওঁ যিহোৱা আৰু তেওঁৰ লোকসকলক প্ৰেম কৰে। (মথি ২২:৩৬-৩৯) সমস্যাৰ সত্ত্বেও আনন্দিত থাকে। (যাকো. ১:২-৪) তেওঁ সকলোৰে লগত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰে। (মথি ৫:৯) তেওঁ ধৈৰ্য্য ধৰে আৰু আনক কৃপা কৰে। (কল. ৩:১২, ১৩) তেওঁ লোকসকলক দয়া দেখুৱায়। (লূক ৬:৩৫) তেওঁৰ কামৰপৰা স্পষ্টকৈ দেখিবলৈ পোৱা যায় যে তেওঁ যিহোৱাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰে। (যাকো. ২:১৮) যেতিয়া আনে তেওঁক খং তুলায়, তেতিয়া তেওঁ মৰমেৰে ব্যৱহাৰ কৰে আৰু যেতিয়া তেওঁক বেয়া কাম কৰিবলৈ কোৱা হয়, তেতিয়া তেওঁ আত্ম সংযম বজাই ৰাখে।—১ কৰি. ৯:২৫, ২৭; তীত ৩:২.

৪. গালাতীয়া ৫:২২, ২৩ পদত উল্লেখ থকা গুণবোৰ আমি এটা এটাকৈ কিয় বঢ়াব নোৱাৰোঁ?

নতুন পুৰুষক পিন্ধিবলৈ হʼলে আমি গালাতীয়া ৫:২২, ২৩ আৰু বাইবেলৰ আন পদবোৰত কোৱা সকলো গুণ বঢ়োৱা উচিত। * এই গুণবোৰ বেলেগ বেলেগ কাপোৰৰ নিচিনা নহয়, যাক আমি এটা এটাকৈ পিন্ধোঁ। ইয়াৰ পৰিৱৰ্তে এই গুণবোৰ এটাই আনটোৰ লগত জড়িত হৈ আছে। যেনে: যদি আমি নিজৰ চুবুৰীয়াক প্ৰেম কৰোঁ, তেনেহʼলে আমি তেওঁৰ লগত কৃপা কৰিম আৰু ধৈৰ্য্য ধৰিম। যদি আমি এজন ভাল ব্যক্তি হʼব বিচাৰোঁ, তেনেহʼলে আমি কোমল স্বভাৱৰ হʼব লাগিব আৰু আত্ম সংযম বজাই ৰাখিব লাগিব।

নতুন পুৰুষক পিন্ধিবলৈ আমি কি কৰিব লাগিব?

আমি যিমানে যীচুৰ নিচিনা ভাবিম, সিমানে তেওঁৰ নিচিনা হʼম (অনুচ্ছেদ ৫, ৮, ১০, ১২, ১৪ চাওক)

৫. (ক) ‘খ্ৰীষ্টৰ নিচিনা মন’ হোৱাৰ অৰ্থ কি? (১ কৰিন্থীয়া ২:১৬) (খ) যীচুৰ বিষয়ে পঢ়াটো কিয় গুৰুত্বপূৰ্ণ?

প্ৰথম কৰিন্থীয়া ২:১৬ পঢ়ক। নতুন পুৰুষক পিন্ধিবলৈ আমাৰ ‘খ্ৰীষ্টৰ নিচিনা মন’ হʼব লাগিব। ইয়াৰ অৰ্থ হৈছে আমি যীচুৰ দৰে চিন্তা কৰিব লাগিব আৰু তেওঁৰ নিচিনা হʼব লাগিব। যীচুৱে নিজৰ জীৱনত পবিত্ৰ আত্মাৰ সকলো গুণ বিকশিত কৰিলে। তেওঁৰ চিন্তাধাৰা আৰু কাম কৰাৰ উপায় যিহোৱাৰ নিচিনা আছিল। (ইব্ৰী ১:৩) সেইবাবে, যীচুৰ নিচিনা চিন্তাধাৰা ৰাখিবলৈ আমি তেওঁৰ বিষয়ে পঢ়িব লাগিব আৰু তেওঁক ভালদৰে জানিব লাগিব। যিমান বেছি আমি যীচুৰ বিষয়ে জানিম, সিমানেই আমি তেওঁৰ নিচিনা চিন্তা কৰিব পাৰিম আৰু তেওঁৰ দৰে হʼব পাৰিম।—ফিলি. ২:৫.

৬. যদি যীচুৰ দৰে হʼবলৈ আমাক কঠিন লাগে, তেনেহʼলে আমি কি কি কথা মনত ৰাখিব পাৰোঁ?

আপুনি হয়তো ভাবিব পাৰে যে ‘যীচু সিদ্ধ হয়, কিন্তু মই অসিদ্ধ, মই কেতিয়াও তেওঁৰ দৰে হʼব নোৱাৰোঁ।’ যদি আপুনিও এইদৰে ভাবে, তেনেহʼলে আপুনি তিনিটা কথা মনত ৰাখিব পাৰে। প্ৰথম, আপোনাক যিহোৱা আৰু যীচুৰ সাদৃশ্যৰে সৃষ্টি কৰা হৈছে। সেইবাবে, যদি আপুনি চেষ্টা কৰে, তেনেহʼলে কিছু পৰিমানে আপুনি তেওঁলোকৰ দৰে গুণবোৰ দেখুৱাব পাৰিব। (আদি. ১:২৬) দ্বিতীয়তে, যিহোৱাই আপোনাক পবিত্ৰ আত্মা দিয়ে, যি জগতৰ আটাইতকৈ শক্তিশালী শক্তি হয়। ইয়াৰ সহায়ত আপুনি নিজৰ শক্তিৰে কৰিব নোৱাৰা কামো কৰিব পাৰে। তৃতীয়তে, আপুনি এতিয়াই পবিত্ৰ আত্মাৰ গুণবোৰ বিকশিত কৰাটো যিহোৱাই আপোনাৰপৰা আশা নকৰে। তেওঁ ভৱিষ্যতে এক হাজাৰ বছৰ নিৰ্ধাৰিত কৰিছে। এই সময়ছোৱাত আমি সিদ্ধ হৈ পৰিম। (প্ৰকা. ২০:১-৩) এতিয়া আমি যীচুৰ দৰে চিন্তাধাৰা ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰাটো আৰু যেতিয়া সমস্যা আহে, তেতিয়া যিহোৱাৰপৰা সহায় বিচৰাটো তেওঁ বিচাৰে।

৭. এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম?

যীচুৱে পবিত্ৰ আত্মাৰ গুণবোৰ কেনেকৈ বিকশিত কৰিলে, আহক আমি তাৰ বিষয়ে আলোচনা কৰিম। আমি এটা এটাকৈ চাৰিটা গুণৰ বিষয়ে আলোচনা কৰিম আৰু এয়া জানিবলৈ চেষ্টা কৰিম যে আমি যীচুৰপৰা কি শিকিব পাৰোঁ। ইয়াৰ বিষয়ে আলোচনা কৰাৰ সময়ত আমি কিছুমান প্ৰশ্নলৈ ধ্যান দিম, যিবোৰ প্ৰশ্ন আপুনি নিজকে সুধিব পাৰে। ইয়াৰপৰা আপুনি নিজকে শুধৰণি কৰিবলৈ সহায় লাভ কৰিব আৰু নতুন পুৰুষক ভালদৰে পিন্ধিব পাৰিব।

৮. যীচুৱে কেনেকৈ নিজৰ প্ৰেম প্ৰকাশ কৰিলে?

যীচুৱে যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু তেওঁৰ বাবে যিকোনো কাম কৰিবলৈ সাজু আছিল। (যোহ. ১৪:৩১) এই প্ৰেমে তেওঁক লোকসকলক প্ৰেম কৰিবলৈ আৰু তেওঁলোকৰ বাবে ত্যাগ কৰিবলৈ উৎসাহিত কৰিছিল। (যোহ. ১৫:১৩) পৃথিৱীত থকাৰ সময়ত তেওঁ প্ৰতিদিনে লোকসকলৰ লগত প্ৰেমেৰে কথা পাতিছিল আৰু তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰিছিল। যিসকল লোকে তেওঁক বিৰোধ কৰিছিল, তেওঁলোকৰ লগতো যীচুৱে ভালদৰে ব্যৱহাৰ কৰিছিল। তেওঁ লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকায়ো নিজৰ প্ৰেম প্ৰকাশ কৰিলে। (লূক ৪:৪৩, ৪৪) অৱশেষত তেওঁ যাতনাদায়ক মৃত্যু সহন কৰিও প্ৰকাশ কৰিলে যে তেওঁ যিহোৱা আৰু লোকসকলক কিমান প্ৰেম কৰে। ইয়াৰ বাবে আমি সকলোৱে অনন্ত জীৱন জীয়াই থকাৰ সুযোগ লাভ কৰিলোঁ।

৯. আমি যীচুৰ দৰে কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ?

আমি নিজৰ জীৱন সমৰ্পন কৰি বাপ্তিষ্মা লোৱাৰ কাৰণ হৈছে আমি যিহোৱাক বহুত প্ৰেম কৰোঁ। কিন্তু এই প্ৰেম আমি আন এক উপায়েৰেও প্ৰকাশ কৰা উচিত। আমি যীচুৰ দৰে লোকসকলক প্ৰেম কৰিব লাগিব। পাঁচনি যোহনে এইদৰে লিখিছিল, “যি ভাইক তেওঁ দেখিলে, তেওঁক যদি প্ৰেম নকৰে, তেন্তে যি জনাক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।” (১ যোহ. ৪:২০) আমি নিজকে এইদৰে সুধিব পাৰোঁ, ‘মই লোকসকলক কিমান প্ৰেম কৰোঁ? আনে মোৰ লগত বেয়া ব্যৱহাৰ কৰিলেও মই তেওঁৰ লগত ভালদৰে ব্যৱহাৰ কৰোঁনে? মই লোকসকলক যিহোৱাৰ বিষয়ে শিকাবলৈ নিজৰ সম্পত্তি ব্যৱহাৰ কৰিবলৈ সাজু থাকোঁনে? যেতিয়া আনে মোৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱাই বা মোৰ বিৰোধ কৰে, তেতিয়াও মই এইদৰে কৰিবলৈ সাজু থাকোঁনে? শিষ্য বনোৱা কামত ভাগ লʼবলৈ মই বেছি সময় উলিয়াব পাৰোঁনে?’—ইফি. ৫:১৫, ১৬.

১০. যীচুৱে কেনেকৈ শান্তি স্থাপন কৰিছিল?

১০ যীচুৱে সদায় শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া লোকসকলে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছিল, তেতিয়াও তেওঁ প্ৰতিশোধ লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ আগবাঢ়ি আহি শান্তি স্থাপন কৰিলে আৰু তেওঁ আনকো বিবাদ সমাধান কৰিবলৈ উৎসাহিত কৰিলে। উদাহৰণস্বৰূপে, তেওঁ লোকসকলক শিকাইছিল যে তেওঁলোকে যদি নিজৰ ভাইৰ লগত মিল নহয়, তেনেহʼলে তেওঁলোকে উপাসনা কৰাটো ব্যৰ্থ হʼব। (মথি ৫:৯, ২৩, ২৪) যেতিয়া শিষ্যসকলৰ মাজত বাদ-বিবাদ হৈছিল যে তেওঁলোকৰ মাজৰ ডাঙৰ কোন, তেতিয়া যীচুৱে তেওঁলোকৰ মাজত শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিছিল।—লূক ৯:৪৬-৪৮; ২২:২৪-২৭.

১১. আমি কেনেকৈ শান্তি স্থাপন কৰিব পাৰোঁ?

১১ শান্তি স্থাপন কৰিবলৈ কেৱল শান্ত হৈ থকা আৰু বাদ-বিবাদৰপৰা দূৰে দূৰে থকাই যথেষ্ট নহয়। যদি কাৰোবাৰ লগত আমাৰ বাদ-বিবাদ হৈছে, তেনেহʼলে আমি নিজে আগবাঢ়ি আহি শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰা উচিত। মণ্ডলীত দুজন ব্যক্তিৰ মাজত যদি বাদ-বিবাদ হোৱা আমি দেখোঁ, তেনেহʼলে তেওঁলোকৰ বাদ-বিবাদ সমাধান কৰিবলৈ আমি তেওঁলোকক উৎসাহিত কৰা উচিত। (ফিলি. ৪:২, ৩; যাকো. ৩:১৭, ১৮) আমি নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰোঁ, ‘শান্তি স্থাপন কৰিবলৈ মই কি কি কৰিবলৈ সাজু আছোঁ? যদি কোনো ভাই বা ভনীয়ে মোক আঘাত দিয়ে, তেনেহʼলে মই খং পুহি ৰাখোঁনে? মই নিজেই আগবাঢ়ি আহি সমস্যাটো সমাধান কৰোঁ নে তেওঁ আহি মোক ক্ষমা খুজিব বুলি বাট চাই থাকোঁ? যেতিয়া দুজন ব্যক্তিৰ মাজত বাদ-বিবাদ হোৱাটো মই দেখোঁ, তেতিয়া মই কি কৰোঁ? যদি মই তেওঁলোকৰ মাজত কথা কোৱাটো ভুল নহয়, তেনেহʼলে তেওঁলোকে বাদ-বিবাদ শেষ কৰিবলৈ মই তেওঁলোকক উৎসাহিত কৰোঁনে?ʼ

১২. যীচুৱে আনক কেনেকৈ কৃপা কৰিলে?

১২ যীচুৱে লোকসকলক কৃপা কৰিছিল। (মথি ১১:২৮-৩০) তেওঁ লোকসকলৰ বিষয়ে সঁচাকৈ চিন্তা কৰিছিল আৰু তেওঁলোকক দয়া দেখুৱাইছিল। উদাহৰণস্বৰূপে, যেতিয়া কনানীয়া তিৰোতা এগৰাকীয়ে যীচুৰ ওচৰলৈ আহিছিল আৰু তাইৰ ছোৱালীজনীক সুস্থ কৰিবলৈ কৈছিল, তেতিয়া যীচুৱে প্ৰথমে তিৰোতাগৰাকীৰ কথা মনা নাছিল। কিন্তু পাছত যেতিয়া তেওঁ দেখিলে যে তাইৰ কিমান বিশ্বাস আছে, তেতিয়া যীচুৱে তাইৰ ওপৰত কৃপা কৰি তাইৰ ছোৱালীজনীক সুস্থ কৰিলে। (মথি ১৫:২২-২৮) যদিও যীচুৱে কৃপা কৰিছিল, কিন্তু প্ৰয়োজনৰ সময়ত কঠোৰতাৰে ব্যৱহাৰো কৰিছিল। এবাৰ যেতিয়া পিতৰে যীচুক এনে কাম কৰিবলৈ কৈছিল, যি যিহোৱাৰ ইচ্ছাৰ বিৰুদ্ধে আছিল, তেতিয়া যীচুৱে সকলোৰে আগত তেওঁক কঠোৰভাৱে কথা কৈছিল। (মাৰ্ক ৮:৩২, ৩৩) তেওঁ পিতৰক তল পেলাব বিচৰা নাছিল, কিন্তু এইদৰে কৰাৰ যোগেদি তেওঁ সকলোকে শিকাব বিচাৰিছিল যে তেওঁলোকে নিজৰ সীমা বুজি পোৱা উচিত আৰু যিহোৱাৰ সেৱা কৰি থাকিবলৈ তেওঁক সমৰ্থন কৰা উচিত। সেইসময়ত পিতৰক হয়তো বেয়া লাগিছিল, কিন্তু তেওঁ এই শিক্ষা সদায় মনত থʼলে।

১৩. কৃপা কৰাৰ এটা উপায় কি?

১৩ আমি যিসকলক প্ৰেম কৰোঁ, তেওঁলোকক হয়তো কেতিয়াবা কেতিয়াবা পৰামৰ্শ দিবলগীয়া হʼব পাৰে। এয়া এক কৃপা কৰাৰ উপায় হয়। কিন্তু এইদৰে কৰাৰ সময়ত আমি যীচুৰ উদাহৰণ মনত ৰখা উচিত। পৰামৰ্শ দিয়াৰ সময়ত আমি বাইবেলৰপৰা পৰামৰ্শ দিয়া উচিত আৰু তেওঁলোকৰ লগত প্ৰেমেৰে কথা পতা উচিত। যদি তেওঁলোকে যিহোৱা আৰু যীচুক প্ৰেম কৰে, তেনেহʼলে বিশ্বাস কৰক যে তেওঁলোকে আমাৰ পৰামৰ্শ নিশ্চয় পালন কৰিব। তেওঁলোকে শুধৰণি নকৰিব বুলি নাভাবিব। নিজকে এইদৰে সোধক, ‘যিজন ব্যক্তিক মই বহুত প্ৰেম কৰোঁ, তেওঁ যদি কিবা বেয়া কাম কৰে, তেনেহʼলে মই তেওঁৰ লগত সাহসেৰে কথা পাতোঁনে? যদি তেওঁক পৰামৰ্শ দিয়াৰ প্ৰয়োজন আছে, তেনেহʼলে মই তেওঁক প্ৰেমেৰে পৰামৰ্শ দিওঁ নে খঙেৰে? মই পৰামৰ্শ দিয়াৰ কাৰণ কি মই তেওঁৰপৰা আমনি পোৱাৰ বাবে পৰামৰ্শ দিছোঁ নে মই তেওঁৰ বিষয়ে চিন্তা কৰাৰ বাবে পৰামৰ্শ দিছোঁ?’

১৪. যীচুৱে কেনেকৈ দয়া দেখুৱালে?

১৪ যীচুৱে লোকসকলক কেনেকৈ দয়া দেখুৱাব লাগে, তাৰ বিষয়ে জানিছিল আৰু সেইমতে কামো কৰিছিল। যীচুৱে যিহোৱাক বহুত প্ৰেম কৰে, সেইবাবে সঠিক মনোবৃত্তিৰে তেওঁ লোকসকলক দয়া দেখুৱায়। এজন দয়ালু ব্যক্তিয়ে লোকসকলক কেনেকৈ সহায় কৰিব পাৰি, তাৰ বিষয়ে চিন্তা কৰি থাকে। কিন্তু আমি সঠিক মনোবৃত্তিৰে দয়া দেখুৱাটো অতি গুৰুত্বপূৰ্ণ। আপুনি হয়তো ভাবিব পাৰে যে দয়া দেখুৱাৰ আঁৰত বেয়া মনোবৃত্তি কেনেকৈ হʼব পাৰে? ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। যীচুৱে এনে লোকসকলৰ বিষয়ে কৈছিল, যিসকলে দুখীয়াসকলক দান দিছিল। কিন্তু তেওঁলোকে আনৰপৰা প্ৰশংসা পাবলৈহে এইদৰে কৰিছিল। যদিও তেওঁলোকে ভাল কাম কৰিছিল, কিন্তু যিহোৱাৰ দৃষ্টিত তেওঁলোকৰ একো মূল্য নাছিল। কিয়নো তেওঁলোকে ভুল মনোবৃত্তিৰে এইদৰে কৰিছিল।—মথি ৬:১-৪.

১৫. সঠিকভাবে দয়া দেখুৱাৰ অৰ্থ কি?

১৫ সঠিকভাবে দয়া দেখুৱাৰ অৰ্থ হৈছে কোনো স্বাৰ্থ নোহোৱাকৈ আনক সহায় কৰা। আপুনি নিজকে এইদৰে সুধিব পাৰে, ‘দয়া দেখুৱাবলৈ মই কেৱল ভাবিয়ে থাকোঁ নে কামো কৰোঁ? মই কি মনোবৃত্তিৰে আনক সহায় কৰোঁ?’

নতুন পুৰুষক ভাল অৱস্থাত ৰাখক

১৬. আমি প্ৰতিদিনে কি কৰিব লাগিব আৰু কিয়?

১৬ নতুন পুৰুষক পিন্ধি থাকিবলৈ আমি পৰিশ্ৰম কৰিব লাগিব। আমি বাপ্তিষ্মা লোৱাৰ পাছতো এইদৰে কৰি থাকিব লাগিব। “নতুন পুৰুষ” এযোৰ নতুন কাপোৰৰ দৰে হয়, যাক আমি ভাল অৱস্থাত ৰাখিব লাগিব। এইদৰে কৰাৰ এটা ভাল উপায় হৈছে প্ৰতিদিনে পবিত্ৰ আত্মাৰ গুণবোৰ প্ৰকাশ কৰা। আমি এইদৰে কিয় কৰা উচিত? কিয়নো যিহোৱাই সদায় কাম কৰে আৰু তেওঁৰ পবিত্ৰ আত্মায়ো কাম কৰি থাকে। (আদি. ১:২) ইয়াৰপৰা বুজিব পাৰি যে যদি আমি পবিত্ৰ আত্মাৰ ফলৰ গুণবোৰ বঢ়াই থাকোঁ, তেনেহʼলে ইয়ে আমাক কাম কৰিবলৈ উৎসাহিত কৰিব। উদাহৰণস্বৰূপে, যাকোবে এইদৰে লিখিছিল, “কৰ্ম্ম-বিহীন বিশ্বাসো মৰা।” (যাকো. ২:২৬) বিশ্বাসৰ উপৰিও আমি পবিত্ৰ আত্মাৰ ফলৰ আন গুণবোৰ নিজৰ কামৰ যোগেদি দেখুৱা উচিত। যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া আমাক পবিত্ৰ আত্মাই সহায় কৰি আছে বুলি দেখুৱাওঁ।

১৭. যদি আমি পবিত্ৰ আত্মাৰ গুণবোৰ দেখুৱাব নোৱাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত?

১৭ বাপ্তিষ্মা লোৱাৰ বহুবছৰৰ পাছতো আমি হয়তো পবিত্ৰ আত্মাৰ ফলৰ গুণবোৰ দেখুৱাব নোৱাৰোঁ। এনে পৰিস্থিতিত হাৰ মানি লোৱা উচিত নহয়। ইয়াক বুজিবলৈ আহক এটা উদাহৰণলৈ মন কৰোঁ। যদি আপোনাৰ পছন্দৰ কাপোৰ এটা ফাটি যায়, তেনেহʼলে আপুনি লগে লগে তাক পেলাই দিবনে? নিশ্চয় নিদিয়ে। আপুনি সেই কাপোৰক চিলাই কৰিব আৰু আগলৈ যাতে সেই কাপোৰ নাফাটে, তাৰ প্ৰতিও আপুনি ধ্যান দিব। ঠিক সেইদৰে হয়তো আপুনি কোনো এটা পৰিস্থিতিত কাৰোবাৰ লগত প্ৰেমেৰে ব্যৱহাৰ নকৰিলে আৰু ধৈৰ্য্য হেৰুৱালে। এনে পৰিস্থিতিত নিৰাশ নহʼব। যদি আপুনি তেওঁক ক্ষমা খুজে, তেনেহʼলে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। তাৰ পাছত আপুনি পুনৰ এই ভুল নকৰিবলৈ চেষ্টা কৰিব পাৰে।

১৮. আমি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ?

১৮ এয়া অতি আনন্দৰ বিষয় যে আমি যীচুৰ বিষয়ে পঢ়িব পাৰোঁ আৰু তেওঁৰপৰা শিকিব পাৰোঁ। আমি যিমানেই যীচুৰ বিষয়ে শিকিম, সিমানেই তেওঁৰ দৰে কামো কৰিব পাৰিম। এইদৰে আমি নতুন পুৰুষক পিন্ধি থাকিব পাৰিম। এই লেখত আমি পবিত্ৰ আত্মাৰ ফলৰ কেৱল চাৰিটা গুণৰ বিষয়ে আলোচনা কৰিলোঁ। কিন্তু ইয়াৰ আৰু বহুতো গুণ আছে। আপুনি সেই গুণবোৰ পঢ়িবলৈ সময় উলিৱাওক আৰু নিজকে এইদৰে সোধক, ‘মই এই গুণ বিকশিত কৰিছোঁনে?’ যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) “খ্ৰীষ্টান জীৱন” ভাগৰ তলত “পবিত্ৰ আত্মাৰ ফল” নামৰ ভাগৰ লগত জঢ়িত বহুতো লেখ পাব। বিশ্বাস কৰক যদি আপুনি নতুন পুৰুষক পিন্ধিবলৈ চেষ্টা কৰিব আৰু ইয়াক পিন্ধি থাকিবলৈ পৰিশ্ৰম কৰিব, তেনেহʼলে যিহোৱাই নিশ্চয় আপোনাক সহায় কৰিব।

গীত ১২৭ মই কেনে ব্যক্তি হোৱা উচিত

^ আমি আগতে যেনেধৰণৰেই জীৱন-যাপন কৰা নাছিলোঁ কিয়, তথাপিও আমি ‘নতুন পুৰুষক’ পিন্ধিব পাৰোঁ। এইদৰে কৰিবলৈ আমি নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব আৰু যীচুৰ দৰে হʼবলৈ চেষ্টা কৰিব লাগিব। এই লেখত আমি শিকিম যে আমি কেনেধৰণে চিন্তা আৰু কাম কৰা উচিত। আমি এয়াও শিকিম যে বাপ্তিষ্মা লোৱাৰ পাছতো আমি তেওঁৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ।

^ গালাতীয়া ৫:২২, ২৩ পদত সেই সকলো গুণৰ বিষয়ে উল্লেখ কৰা নাই, যিবোৰ আমি পবিত্ৰ আত্মাৰ সহায়ত বঢ়াব পাৰোঁ। ইয়াৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ জুন, ২০২০ চনৰ প্ৰহৰীদুৰ্গৰপাঠকসকলৰ প্ৰশ্ন” নামৰ লেখটো পঢ়ক।