Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৪

“তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব”

“তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব”

“তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”—যোহ. ১৩:৩৫.

গীত ১০৬ প্ৰেমৰ গুণ বৃদ্ধি কৰক

লেখৰ এক আভাস a

যেতিয়া লোকসকলে যিহোৱাৰ সাক্ষীসকলৰ মাজত প্ৰেম দেখে, তেতিয়া তেওঁলোকক কেনেকুৱা লাগে? (অনুচ্ছেদ ১ চাওক)

১. যেতিয়া লোকসকলে আমাৰ সভাত প্ৰথমবাৰ আহে, তেতিয়া তেওঁলোকক কি কথা বেছি ভাল লাগে? (ছবিখনো চাওক।)

 কল্পনা কৰক, এহাল দম্পতীয়ে যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত আহিছে। সকলোৱে তেওঁলোকক মৰমেৰে লগ ধৰিছে। তেওঁলোকে লক্ষ্য কৰে যে এওঁলোকৰ মাজত কিমান প্ৰেম আছে, এইবোৰ দেখি তেওঁলোক বহুত আনন্দিত হয়। সভাৰ পৰা ঘৰলৈ উভতি যাওতে পত্নীয়ে নিজৰ স্বামীক কয় যে ‘কিমান ভাল আছিল ন তেওঁলোক, আনৰ পৰা একেবাৰে বেলেগ।’

২. কিছুমান লোকে যিহোৱাৰ কাম কৰিবলৈ কিয় এৰি দিলে?

যিহোৱাৰ লোকসকলৰ মাজত যি প্ৰেম আছে, এয়া সঁচাকৈ লক্ষ্য কৰিবলগীয়া। কিন্তু আমাৰ পৰা যে ভুল নহʼব এনে নহয়। (১ যোহ. ১:৮) যেতিয়া আমি আনক বেছিকৈ জানিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি তেওঁলোকৰ দুৰ্বলতাবোৰ দেখা পাওঁ। (ৰোম. ৩:২৩) দুখৰ বিষয় যে কিছুমান লোকে এই দুৰ্বলতাবোৰ দেখি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিলে।

৩. যীচুৰ প্ৰকৃত শিষ্যৰ পৰিচয় কি? (যোহন ১৩:৩৪, ৩৫)

এই লেখৰ মূখ্য পদত আকৌ এবাৰ মন কৰকচোন। (যোহন ১৩:৩৪, ৩৫ পঢ়ক।) যীচুৰ প্ৰকৃত শিষ্যসকলৰ পৰিচয় কি? তেওঁলোকৰ মাজত থকা প্ৰেমেই হৈছে তেওঁলোকৰ পৰিচয়, তেওঁলোকৰ পৰা যে কোনো ভুল নহয় এয়া তেওঁলোকৰ পৰিচয় নহয়। এয়াও মন কৰক যে যীচুৱে নিজৰ শিষ্যসকলক এয়া কোৱা নাছিল, ‘তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই তুমি জানিবা।’ ইয়াৰ পৰিৱৰ্তে তেওঁ কৈছিল, “তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” এইদৰে যীচুৱে কʼলে যে তেওঁৰ শিষ্যসকলৰ মাজত যি নিস্বাৰ্থ প্ৰেম হʼব, ইয়াৰ পৰা কেৱল মণ্ডলীৰ লোকসকলে নহয় আন লোকসকলেও স্পষ্টকৈ জানিব পাৰিব যে তেওঁলোক যীচুৰ প্ৰকৃত শিষ্য।

৪. কিছুমান লোকে হয়তো সত্য খ্ৰীষ্টানৰ বিষয়ে কি জানিব বিচাৰে?

যিসকল যিহোৱাৰ সাক্ষী নহয়, তেওঁলোকৰ মাজৰ কিছুমানে হয়তো ভাবিব পাৰে যে ‘যীচুৰ প্ৰকৃত শিষ্যৰ পৰিচয় প্ৰেম কেনেকৈ হʼব পাৰে? যীচুৱে নিজৰ শিষ্যসকলক প্ৰেম কৰে বুলি কেনেকৈ প্ৰকাশ কৰিলে আৰু আজি আমি যীচুৰ দৰে কেনেকৈ হʼব পাৰোঁ?’ যিহোৱাৰ সাক্ষী হিচাপে আমি এই প্ৰশ্নবোৰৰ উত্তৰৰ ওপৰত ধ্যান দিয়া উচিত। এনে কৰিলে আমি এজনে-আনজনক আৰু বেছিকৈ প্ৰেম কৰিব পাৰিম, তেতিয়াও যেতিয়া কাৰোবাৰ পৰা কিবা ভুল হয়।—ইফি. ৫:২.

প্ৰেমৰ যোগেদি সত্য খ্ৰীষ্টানৰ পৰিচয় কেনেকৈ হয়?

৫. যোহন ১৫:১২, ১৩ পদত যীচুৱে যি কৈছিল, তাৰ অৰ্থ কি?

যীচুৱে কৈছিল যে তেওঁৰ শিষ্যসকলৰ মাজত এক বিশেষ ধৰণৰ প্ৰেম থাকিব। (যোহন ১৫:১২, ১৩ পঢ়ক।) মন কৰক যে যীচুৱে তেওঁলোকক কি আজ্ঞা দিছিল। তেওঁ কʼলে, “মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।” ইয়াৰ অৰ্থ কি? যীচুৱে বুজালে যে তেওঁলোকে নিজতকৈ বেছি আন খ্ৰীষ্টানসকলক প্ৰেম কৰিব লাগে, ইমানেই প্ৰেম যে প্ৰয়োজনীয় সময়ত নিজৰ জীৱন দিবলৈও সাজু থাকে। b

৬. ঈশ্বৰৰ বাক্যত প্ৰেম কৰিবলৈ জোৰ দিয়া হৈছে বুলি আমি কিয় কʼব পাৰোঁ?

ঈশ্বৰৰ বাক্যত প্ৰেমৰ ওপৰত বহুত জোৰ দিয়া হৈছে। বহুতো ভাই-ভনীৰ মন পছন্দৰ বাইবেল পদ প্ৰেমৰ ওপৰতে থাকে। যেনে, “ঈশ্বৰ প্ৰেম।” (১ যোহ. ৪:৮) “তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” (মথি ২২:৩৯) “প্ৰেমে পাপসমূহ ঢাকে।” (১ পিত. ৪:৮) “প্ৰেম কেতিয়াও লুপ্ত নহব।” (১ কৰি. ১৩:৮) এই পদ আৰু এনেধৰণৰ বেলেগ পদবোৰৰ পৰা স্পষ্টকৈ জানিব পাৰি যে আনক প্ৰেম কৰাটো কিমান গুৰুত্বপূৰ্ণ।

৭. লোকসকলৰ মাজত প্ৰেম আৰু একতা থকা এনে এক সংগঠন চয়তানে কিয় বনাব নোৱাৰে?

বহুতো লোকে কয়, “আজি সকলো ধৰ্মই সত্য শিকায় বুলি দাবী কৰে। কিন্তু ঈশ্বৰৰ বিষয়ে সত্য শিকোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ শিক্ষা বেলেগ। তেনেহʼলে কোনটো ধৰ্ম সত্য হয়, সেয়া কেনেকৈ জানিব পাৰি?” চয়তানে ইমান ধৰ্ম বনাই দিছে, যাৰ বাবে লোকসকলে বুজি নাপায় যে কোনটো ধৰ্ম সত্য। গোটেই পৃথিৱীত বিয়পি থকাৰ সত্ত্বেও লোকসকলৰ মাজত প্ৰকৃত প্ৰেম আৰু একতা থকা সংগঠন চয়তানে কেতিয়াও বনাব নোৱাৰে। এয়া কেৱল যিহোৱাই কৰিব পাৰে। কাৰণ যিসকলৰ লগত তেওঁৰ পবিত্ৰ আত্মা আৰু আশীৰ্বাদ থাকে, তেওঁলোকৰ মাজতে প্ৰকৃত প্ৰেম থাকে। (১ যোহ. ৪:৭) সেইবাবে, যীচুৱে কৈছিল যে তেওঁৰ শিষ্যসকলৰ মাজত থকা প্ৰকৃত প্ৰেমেই তেওঁলোকৰ পৰিচয় হʼব।

৮-৯. যেতিয়া বহুতো লোকে যিহোৱাৰ সাক্ষীসকলৰ মাজত প্ৰেম দেখিলে, তেতিয়া তেওঁলোকে কেনে অনুভৱ কৰিলে?

যেনেকৈ যীচুৱে কৈছিল যে বহুতো লোকে এয়া লক্ষ্য কৰে যে যিহোৱাৰ লোকসকলৰ মাজত প্ৰকৃত প্ৰেম আছে। এয়া দেখি তেওঁলোকে বুজি পাই যে এই লোকসকল যীচুৰ প্ৰকৃত শিষ্য হয়। ইৱান নামৰ ভাইৰ ঠিক এনে অনুভৱ হৈছিল। তেওঁ কৈছে যে তেওঁৰ ঘৰৰ ওচৰত এখন ষ্টেডিয়াম আছিল, যʼত যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনত তেওঁ প্ৰথমবাৰ গৈছিল। ইয়াৰ কিছু মাহৰ আগত সেই একেখন ষ্টেডিয়ামত তেওঁ খেল চাবলৈ গৈছিল। তেওঁ এইদৰে কৈছে, “সেই খেল আৰু এই অধিৱেশনৰ মাজত বহুত প্ৰাৰ্থক্য আছিল। যিহোৱাৰ সাক্ষীসকলে সন্মানেৰে এজনে-আনজনৰ লগত কথা পাতিছিল আৰু ভাল কাপোৰ পিন্ধিছিল আৰু তেওঁলোকৰ লʼৰা-ছোৱালীয়েও আনৰ লগত ভালদৰে ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ এটা কথা মোক চবতকৈ ভাল লাগিছিল, সেয়া হৈছে তেওঁলোকক চাই এনে লাগিছিল যেন পৃথিৱীৰ সকলো আনন্দ তেওঁলোকৰ লগত আছে আৰু তেওঁলোকৰ কোনো কথাৰ চিন্তা নাই। ময়ো তেওঁলোকৰ নিচিনা জীৱন-যাপন কৰিব বিচাৰিছিলোঁ। সেই দিনাখন যি ভাষণ দিয়া হʼল, মোৰ অলপো মনত নাই। কিন্তু সাক্ষীসকলে যেনেকৈ ব্যৱহাৰ কৰিলে, সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ।” c আচলতে আমাৰ ব্যৱহাৰ ভাল হোৱাৰ কাৰণ হৈছে আমি এজনে-আনজনক প্ৰকৃত প্ৰেম কৰোঁ আৰু এই প্ৰেমৰ বাবে আমি ভাই-ভনীসকলক সন্মান কৰোঁ আৰু তেওঁলোকৰ যত্ন লওঁ।

জʼন নামৰ ভাই যেতিয়া সভাত যাবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰো এনেধৰণৰ অনুভৱ হʼল। তেওঁ কৈছে, “তাত সকলোৱে এজনে-আনজনৰ লগত ভালদৰে কথা পাতি আছিল। তেওঁলোকক চাই মই আচৰিত হʼলোঁ। মোক এনে লাগিছিল যেন তেওঁলোকে বেলেগ এখন পৃথিৱীত আছে। তেওঁলোকৰ মাজত যি প্ৰেম আছিল, সেয়া দেখি মোৰ বিশ্বাস হʼল যে এয়াই সঁচা ধৰ্ম।” d বহুতো লোকে এনেদৰেই অনুভৱ কৰিছে। ইয়াৰ পৰা প্ৰমাণ হয় যে কেৱল যিহোৱাৰ লোকসকলে যীচুৰ উদাহৰণ অনুকৰণ কৰে।

১০. আমি নিজৰ ভাই-ভনীসকলক প্ৰকৃত প্ৰেম কৰোঁ বুলি বিশেষকৈ কেতিয়া দেখুৱাব পাৰোঁ? (ফোটনটো চাওক।)

১০ এই লেখৰ আৰম্ভণিতে যিদৰে আমি আলোচনা কৰিছিলোঁ, আমি কোনেও সিদ্ধ নহয়। সেইবাবে, আমাৰ ভাই-ভনীসকলে এনে কিবা কৰিব পাৰে, যাৰ পৰা আমি আঘাত পাব পাৰোঁ। e (যাকো. ৩:২) যেতিয়া এইদৰে হয়, তেতিয়া আমি নিজৰ ভাই-ভনীৰ লগত যিদৰে ব্যৱহাৰ কৰোঁ, বিশেষককৈ তাৰ পৰা আমি দেখুৱাব পাৰোঁ যে আমি তেওঁলোকক প্ৰেম কৰোঁ। ইয়াৰ বিষয়ে আমি যীচুৰ পৰা কি শিকিব পাৰোঁ?—যোহ. ১৩:১৫.

যীচুৱে পাঁচনিসকলক প্ৰেম কৰে বুলি দেখুৱালে

যীচুৰ পাঁচনিসকলে বহুতো ভুল কৰিছিল, তথাপি যীচুৱে তেওঁলোকক প্ৰেম কৰি থাকিল (অনুচ্ছেদ ১১-১৩ চাওক)

১১. যাকোব আৰু যোহনৰ কি দুৰ্বলতা আছিল? (ছবিখনো চাওক।)

১১ যীচুৱে নিজৰ শিষ্যসকলৰ পৰা কেতিয়াও আশা কৰা নাছিল যে তেওঁলোকৰ পৰা কোনো ভুল নহʼব। ইয়াৰ পৰিৱৰ্তে তেওঁ জানিছিল যে তেওঁলোকৰ কিছুমান দুৰ্বলতা আছে আৰু সেইবোৰ দুৰ কৰিবলৈ তেওঁ প্ৰেমেৰে সহায় কৰিছিল, যাতে যিহোৱা তেওঁলোকৰ পৰা আনন্দিত হয়। এবাৰ যীচুৰ দুজন শিষ্য যাকোব আৰু যোহনে নিজৰ মাকক যীচুক কʼবলৈ পঠাইছিল যে তেওঁ যাতে নিজৰ ৰাজ্যত তেওঁলোকক উচ্চ পদ দিয়ে। (মথি ২০:২০, ২১) এইদৰে যাকোব আৰু যোহনে দেখুৱালে যে তেওঁলোক অহংকাৰী হয় আৰু তেওঁলোকে আনতকৈ বৰ হʼব বিচাৰে।—হিতো. ১৬:১৮.

১২. যাকোব আৰু যোহনৰ মাজতেই দুৰ্বলতা আছিলনে? বুজাওক।

১২ সেই সময়ত যাকোব আৰু যোহনৰ মাজতেই অকল দুৰ্বলতা আছিল বুলি দেখুৱা নাছিল। মন কৰক যেতিয়া এই বিষয়ে আন পাঁচনিয়ে গম পালে, তেতিয়া তেওঁলোকে কি কৰিলে। বাইবেলত এইদৰে লিখা আছে, “আন দহ জনে এই কথা শুনি, সেই দুজন ভায়েক-ককায়েকলৈ কুপিত হল।” (মথি ২০:২৪) আমি কল্পনা কৰিব পাৰোঁ যে যাকোব, যোহন আৰু আন পাঁচনিসকলৰ মাজত কেনেকৈ তৰ্ক-বিতৰ্ক হৈছিল। হয়তো আন পাঁচনিসকলে তেওঁলোকক এইদৰে কৈছিল, ‘তোমালোকে কি ভাবা, তোমালোকে আমাতকৈ বেছি যোগ্য? তোমালোকে অকল দুয়োজনে যীচুৰ লগত পৰিশ্ৰম কৰিছা, আমি একো কৰা নাই? আমি কি উচ্চ পদ পোৱাৰ যোগ্য নহয়?’ সেই পাঁচনিসকলে যিয়ে নকৈছিল কিয়, এটা কথা সঁচা যে সেই সময়ত তেওঁলোকে এজনে-আনজনক প্ৰেম দেখুৱাত বিফল হৈছিল।

১৩. পাঁচনিসকলৰ বহুতো দুৰ্বলতা আছিল, তথাপি যীচুৱে তেওঁলোকৰ লগত কেনেকৈ ব্যৱহাৰ কৰিলে? (মথি ২০:২৫-২৮)

১৩ এনে পৰিস্থিতিত যীচুৱে কি কৰিলে? তেওঁ পাঁচনিসকলৰ ওপৰত খং কৰা নাছিল। তেওঁ এয়াও কোৱা নাছিল যে এতিয়া মই আন পাঁচনিসকলক বিচাৰিম, যিসকলে তোমালোকতকৈ বেছি নম্ৰ আৰু সদায় এজনে-আনজনৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰিব। ইয়াৰ পৰিৱৰ্তে যীচুৱে তেওঁলোকৰ লগত ধৈৰ্য্য ধৰিলে আৰু তেওঁলোকক প্ৰেমেৰে বুজালে। কিয়নো তেওঁ জানিছিল যে তেওঁলোক মনৰ পৰা ভাল আছিল। (মথি ২০:২৫-২৮ পঢ়ক।) পাঁচনিসকলৰ মাজত কোন ডাঙৰ হয়, এই তৰ্ক-বিতৰ্ক প্ৰথমবাৰ হোৱা নাছিল। আগলৈ গৈয়ো তেওঁলোকৰ মাজত এনে তৰ্ক-বিতৰ্ক হৈছিল। তথাপিও যীচুৱে তেওঁলোকৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰিলে।—মাৰ্ক ৯:৩৪; লূক ২২:২৪.

১৪. যীচুৰ পাঁচনিসকল কেনেধৰণৰ পৰিৱেশত ডাঙৰ-দীঘল হৈছিল?

১৪ যীচুৱে নিশ্চয় এই কথাৰ ওপৰত ধ্যান দিছিল যে তেওঁৰ পাঁচনিসকল কেনেধৰণৰ পৰিৱেশত ডাঙৰ-দীঘল হৈছে। (যোহ. ২:২৪, ২৫) যিহূদী সমাজত ধৰ্মগুৰুসকলে ভাল নাম আৰু উচ্চ পদক বহুত গুৰুত্ব দিছিল। (মথি ২৩:৬) তেওঁলোকে নিজকে বহুত ধাৰ্মিক বুলি ভাবিছিল। f (লূক ১৮:৯-১২) যীচুৱে এই কথা বুজি পাইছিল যে ওচৰে-পাজৰে থকা লোকসকলৰ চিন্তাধাৰা তেওঁৰ শিষ্যসকলৰ ওপৰতো পৰিছে। (হিতো. ১৯:১১) সেইবাবে, যীচুৱে নিজৰ শিষ্যসকলৰ পৰা বেছিকৈ আশা কৰা নাছিল। যেতিয়া শিষ্যসকলৰ পৰা কিবা ভুল হৈছিল, তেতিয়া যীচুৱে তেওঁলোকৰ ওপৰত খং কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ লগত ধৈৰ্য্য ধৰিছিল। তেওঁলোকে ভাল কাম কৰিব বিচাৰিছে বুলি যীচুৱে জানিছিল। সেইবাবে, যীচুৱে তেওঁলোকক ডাঙৰ হোৱাৰ পৰিৱৰ্তে নম্ৰ হৈ আৰু সকলোকে প্ৰেম কৰিবলৈ শিকাইছিল।

আমি যীচুৰ দৰে কেনেকৈ হʼব পাৰোঁ?

১৫. আমি যাকোব আৰু যোহনৰ ঘটনাৰ পৰা কি শিকিব পাৰোঁ?

১৫ যাকোব আৰু যোহনৰ ঘটনাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ, ঈশ্বৰৰ ৰাজ্যত উচ্চ পদ বিচাৰি তেওঁলোকে দুয়ো জনে ভুল কৰিলে। কিন্তু আন পাঁচনিসকলে যি কৰিলে, সেয়াও সঠিক নাছিল। তেওঁলোকে নিজৰ মাজত একতা বজাই নাৰাখিলে। কিন্তু যীচুৱে নিজৰ পাঁচনিসকলৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰা আমি শিকিব পাৰোঁ যে আনে কি কৰে, সেয়া কেৱল অৰ্থ নাৰাখে, ইয়াৰ পৰিৱৰ্তে আনে ভুল কৰা দেখি আমি কেনেকুৱা ব্যৱহাৰ কৰোঁ, ইয়াৰ পৰাও বহুত প্ৰভাৱ পৰে। যদি কোনো ভাই বা ভনীয়ে এনে কথা কয়, যি আমাক বেয়া লাগে, তেনেহʼলে আমি ভাবিব পাৰোঁ যে তেওঁৰ কথা মোক কিয় ইমান বেয়া লাগিছে? মোৰেই কোনো দুৰ্বলতাটো নাই আৰু মোক শুধৰণি কৰাৰ প্ৰয়োজন আছে নেকি? সেই ভাই বা ভনীয়ে কিবা সমস্যাৰ মাজেদি পাৰ হৈছে নেকি? যদিও তেওঁ ভুল কৰিলে, কিন্তু প্ৰেমৰ কাৰণে মই তেওঁ ক্ষমা কৰিব পাৰোঁ নে? এইদৰে ভাই-ভনীসকলক প্ৰেম কৰি থাকিলে আমি যীচুৰ দৰে হওঁ বুলি প্ৰমাণ কৰিব পাৰিম।

১৬. আমি যীচুৰ পৰা আৰু কি শিকিব পাৰোঁ?

১৬ যীচুৰ পৰা আমি এয়াও শিকিব পাৰোঁ যে আমি নিজৰ ভাই-ভনীসকলক বুজিবলৈ চেষ্টা কৰা উচিত। (হিতো. ২০:৫) যীচুৰ দৰে আমি লোকসকলৰ হৃদয়টো পঢ়িব নোৱাৰোঁ, কিন্তু যেতিয়া ভাই-ভনীসকলে কিবা ভুল কৰে, তেতিয়া তেওঁলোকক খং কৰাৰ পৰিৱৰ্তে আমি তেওঁলোকৰ লগত ধৈৰ্য্য ধৰিব পাৰোঁ। (ইফি. ৪:১, ২; ১ পিত. ৩:৮) যেতিয়া আমি ভাই-ভনীসকলক জানিবলৈ ধৰোঁ, তেতিয়া এইদৰে কৰিবলৈ সহজ হৈ পৰে। আহক এটা উদাহৰণলৈ মন কৰোঁ।

১৭. যেতিয়া এজন চাৰ্কিট ওভাৰচিয়াৰে এজন ভাইক ভালদৰে জানিবলৈ ধৰিলে, তেতিয়া কি হʼল?

১৭ পূৰ্ব আফ্ৰিকাত সেৱা কৰা এজন চাৰ্কিট ওভাৰচিয়াৰে, এখন মণ্ডলীত এজন ভাইক লগ পাইছিল, তেওঁ ভাবিছিল যে সেই ভাইজন বহুত খঙাল হয়। তেওঁ এইদৰে কৈছে, “মই সেই ভাইজনৰ পৰা দূৰে-দূৰে থকাৰ পৰিৱৰ্তে মই থিৰাং কৰিছিলোঁ যে মই তেওঁক ভালদৰে জানিবলৈ চেষ্টা কৰিম।” এইদৰে কৰাৰ বাবে তেওঁ জানিব পাৰিলে যে ভাইজনে যি পৰিৱেশত ডাঙৰ-দীঘল হৈছে, তাৰ বাবে তেওঁৰ ব্যৱহাৰ তেনেকুৱা আছিল। ভাইজনে এয়াও কৈছে, “যেতিয়া মই গʼম পালোঁ যে আনৰ লগত ব্যৱহাৰ কৰিবলৈ তেওঁৰ বাবে কিমান কঠিন আছিল আৰু ইয়াৰ বাবে তেওঁ কিমান পৰিশ্ৰম কৰিলে আৰু নিজকে শুধৰণি কৰিলে, তেতিয়া তেওঁৰ প্ৰতি মোৰ সন্মান বাঢ়িবলৈ ধৰিলে। তাৰ পাছত আমি দুয়োজন ভাল বন্ধু হৈ পৰিলোঁ।” সঁচাকৈ ভাই-ভনীসকলক ভালদৰে জানিবলৈ চেষ্টা কৰিলে, তেওঁলোকক প্ৰেম কৰিবলৈ আৰু সহজ হৈ পৰে।

১৮. যদি কোনো ভাই বা ভনীয়ে আমাক আঘাত দিছে, তেনেহʼলে আমি কি কি প্ৰশ্নৰ বিষয়ে ভাবিব পাৰোঁ? (হিতোপদেশ ২৬:২০)

১৮ বহু বাৰ হয়তো আমি ভাবিব পাৰোঁ, যিজন ভায়ে আমাক আঘাত দিছে তেওঁৰ লগত আমি কথা পতা উচিত। কিন্তু এনে কৰাৰ আগতে আমি এই বিষয়ে চিন্তা কৰা উচিত, ‘যি হʼল তাৰ বিষয়ে মই সকলো কথা জানোঁনে? (হিতো. ১৮:১৩) তেওঁৰ পৰা অজানিতে ভুল হʼল নেকি?’ (উপ. ৭:২০) মোৰ পৰাও এনেধৰণৰ ভুল হৈছে নে? (উপ. ৭:২১, ২২) যদি মই তেওঁৰ লগত কথা পাতোঁ, তেনেহʼলে বিষয়টো সমাধান হোৱাৰ পৰিৱৰ্তে বেছিকৈ বাঢ়ি যাব নেকি? (হিতোপদেশ ২৬:২০ পঢ়ক।) যেতিয়া আমি সময় উলিয়াই এই প্ৰশ্নবোৰৰ বিষয়ে ভাবিম, তেতিয়া সেই ভাইজনৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব। তাৰ পাছত সেই ভাইজনৰ ভুল আমি পাহৰি যাম আৰু তেওঁক ক্ষমা কৰিব পাৰিম।

১৯. আপুনি কি কৰিবলৈ থিৰাং কৰিছে?

১৯ গোটেই বিশ্বত যিহোৱাৰ সাক্ষীসকলে এজনে-আনজনক প্ৰেম কৰে আৰু যীচুৰ শিষ্য হয় বুলি এইদৰে প্ৰমাণ কৰে। আমি প্ৰতিজনে যদি ভাই-ভনীসকলৰ দুৰ্বলতাৰ সত্ত্বেও এজনে-আনজনক প্ৰেম কৰোঁ, তেতিয়া আমি যীচুৰ শিষ্য হওঁ বুলি প্ৰমাণ কৰোঁ। এইদৰে যেতিয়া আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ, তেতিয়া আন লোকসকলে বুজিব পাৰে যে যিহোৱাৰ সাক্ষীসকলৰ ধৰ্মই সঁচা। তাৰ পাছত হয়তো তেওঁলোকেই আমাৰ লগত মিলি যিহোৱা ঈশ্বৰৰ উপাসনা কৰিবলৈ ধৰিব, যিজন ঈশ্বৰে সকলোকে প্ৰেম কৰে। গতিকে আহক আমি থিৰাং কৰোঁ যে আমি এজনে-আনজনক প্ৰেম কৰি থাকোঁ। এয়া এনে প্ৰেম হয়, যি সত্য খ্ৰীষ্টানসকলৰ পৰিচয়।

গীত ১৭ “মই ইচ্ছা কৰিছোঁ”

a আমাৰ মাজত প্ৰকৃত প্ৰেম দেখি বহুতো লোকে সত্যৰ ফালে আকৰ্ষিত হয়। কিন্তু আমি অসিদ্ধ হোৱাৰ বাবে আমাৰ পৰা ভুল হয়। সেইবাবে, বহু সময়ত ভাই-ভনীসকলক প্ৰেম কৰাটো কঠিন হৈ পৰে। এই লেখত আমি শিকিম যে ভাই-ভনীসকলক প্ৰেম কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ আৰু যেতিয়া তেওঁলোকৰ পৰা কিবা ভুল হয়, তেতিয়া যীচুৰ দৰে তেওঁলোকৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ।

c ভাই ইৱানৰ কাহিনী পঢ়িবলৈ jw.org হিন্দী বেৱছাইটত যাওক আৰু “অনুসন্ধান” বক্সত “এতিয়া মই জীয়াই থকাৰ উদ্দেশ্য পালোঁ” টাইপ কৰক।

d ভাই জʼনৰ কাহিনী পঢ়িবলৈ jw.org হিন্দী বেৱছাইটত যাওক আৰু “অনুসন্ধান” বক্সত “মই ভাবিছিলোঁ জীৱন ভালদৰেই চলি আছে” টাইপ কৰক।

e ১ কৰিন্থীয়া ৬:৯, ১০ পদত কোৱা ডাঙৰ ডাঙৰ পাপৰ বিষয়ে এই লেখত কোৱা নাই, যি প্ৰাচীনসকলে সমাধান কৰে।

f এখন কিতাপৰ পৰা জানিব পাৰি যে ইয়াৰ বহু বছৰৰ পাছত এজন ৰবীয়ে কৈছিল, “এই জগতত অব্ৰাহামৰ নিচিনা কমেও ৩০ জন ধাৰ্মিক ব্যক্তি নিশ্চয় আছে, যদি ৩০ জন আছে, তেনেহʼলে তাৰ মাজৰ ২ জন মই আৰু মোৰ লʼৰা, যদি ১০ জন আছে, তেনেহʼলে তাৰ মাজৰ ২ জন মই আৰু মোৰ লʼৰা, যদি ৫ জন আছে, তেনেহʼলে তাৰ মাজৰ ২ জন মই আৰু মোৰ লʼৰা, যদি ২ জন আছে, তেনেহʼলে সেয়া মই আৰু মোৰ লʼৰা আৰু যদি ১ জন আছে, তেনেহʼলে সেয়া মই।”