Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

ৰূথ ৪:১ পদত যি “মুক্তিকৰ্ত্তাৰ” বিষয়ে উল্লেখ কৰা হৈছে। তেওঁ এইদৰে কিয় কৈছিল যে তেওঁ ৰূথক বিয়া পাতিলে, তেওঁৰ নিজ অধিকাৰ “হানি” হʼব? (ৰূথ ৪:৬)

প্ৰাচীন সময়ত যদি এজন বিবাহিত ইস্ৰায়েলীৰ মৃত্যু হয় আৰু তেওঁৰ কোনো সন্তান নাথাকে, তেনেহʼলে কিছুমান প্ৰশ্ন উঠিছিল। যেনে, যদি তেওঁৰ ওচৰত মাটি-বাৰী আছে, তেনেহʼলে তাৰ কি হʼলহেঁতেন? সেই ব্যক্তিৰ নাম সদায় কাৰণে নাইকিয়া হʼলহেঁতেননে? এই প্ৰশ্নবোৰৰ উত্তৰ মোচিৰ নিয়মৰ পৰা জানিবলৈ পোৱা গʼলহেঁতেন।

যদি এজন ব্যক্তিৰ মৃত্যু হৈ যায়, তেনেহʼলে তেওঁৰ ভাই নাইবা ওচৰ সম্বন্ধীয়া লোকে সেই ব্যক্তিজনৰ মাটি উত্তৰাধিকাৰী হিচাপে পাইছিল। যদি এজন ব্যক্তিক কিবা অসুবিধাৰ কাৰণে নিজৰ অধিকাৰ বিক্ৰী কৰিব লগা হয়, তেনেহʼলে তেওঁৰ ভাই বা ওচৰ সম্বন্ধীয়া লোকে সেই মাটি মুক্ত কৰিব পাৰিছিল আৰু তাক পুনৰাই কিনিব পাৰিছিল। এইদৰে কৰাৰ বাবে সেই মানুহজনৰ মাটিখিনি তেওঁৰ বংশতে থাকিছিল।—লেবী. ২৫:২৩-২৮; গণ. ২৭:৮-১১.

কিন্তু যিজন ব্যক্তিৰ মৃত্যু হৈছিল, তেওঁৰ নাম কেনেকৈ নাইকিয়া হোৱা নাছিল। সেই ব্যক্তিজনৰ ভায়েকে নিজৰ বৌয়েকক বিয়া পাতিছিল। এয়া এটা প্ৰথা আছিল, যʼত দেৱৰে নিজৰ বৌয়েকক বিয়া পাতিছিল। ৰূথৰ লগতেও এইদৰেই হৈছিল। এইদৰে বিয়া কৰাৰ বাবে তেওঁলোকৰ প্ৰথমে জন্ম হোৱা লʼৰাজনে সেই মৃত ব্যক্তিৰ বংশ আগবঢ়াই নিছিল, যাতে তেওঁৰ নাম নাইকিয়া নহয়। সেই লʼৰাজনে মৃত্যু হোৱা ব্যক্তিজনৰ মাটি উত্তৰাধিকাৰী হিচাপে পাইছিল। এনেদৰে ব্যৱস্থা কৰাৰ বাবে সেই বিধৱাজনীক ভালদৰে চোৱা-চিতা কৰা হৈছিল।—দ্বিতী. ২৫:৫-৭; মথি ২২:২৩-২৮.

নয়মীৰ বিষয়ে মন কৰক তেওঁৰ বিয়া ইলীমেলক নামৰ এজন ব্যক্তিৰ লগত হৈছিল আৰু তেওঁলোকৰ দুজন লʼৰা আছিল। কিন্তু পাছত ইলীমেলক আৰু তেওঁৰ দুইজন লʼৰাৰ মৃত্যু হʼল আৰু এতিয়া নয়মীৰ চোৱা-চিতা কৰা কোনো নাছিল। (ৰূথ ১:১-৫) তাৰ পাছত নয়মী পুনৰ যিহূদালৈ উভটি আহিল। তেওঁ নিজৰ বোৱাৰী ৰূথক কʼলে যে বোৱাজ তেওঁলোকৰ ওচৰ সম্বন্ধীয়া হয়। সেইবাবে, তেওঁলোকৰ মাটি পুনৰ কিনিবলৈ বোৱাজক কʼবলৈ ৰূথক কʼলে (ৰূথ ২:১, ১৯, ২০; ৩:১-৪) কিন্তু বোৱাজে জানিছিল যে আৰু এজন ব্যক্তি আছে, যাৰ ওচৰত মাটি কিনা প্ৰথমে অধিকাৰ আছে। কাৰণ বোৱাজতকৈ সেই ব্যক্তিজন তেওঁলোকৰ বেছি ওচৰ সম্বন্ধীয়া হয়। বাইবেলত সেই ব্যক্তিজনৰ নাম উল্লেখ নাই।—ৰূথ ৩:৯, ১২, ১৩.

এই ব্যক্তিজন তেওঁলোকৰ মাটি মুকলাবলৈ সাজু হৈছিল। (ৰূথ ৪:১-৪) তেওঁ জানিছিল যে ইয়াত অলপ খৰচ হʼব, কিন্তু তেওঁ এয়াও জানিছিল এই বয়সত নয়মীৰ কোনো সন্তান নহʼব, যিজনে ইলীমেলকৰ মাটি উত্তৰাধিকাৰী হিচাপে পাব। সেইবাবে, তেওঁ ভাবিছিল যে এয়া এটা ভাল নিৰ্ণয় হʼব। কাৰণ ইলীমেলকৰ সকলো মাটি তেওঁৰ হৈ পৰিব।

কিন্তু যেতিয়া সেই মানুহজনে গʼম পালে যে তেওঁ ৰূথক বিয়া পাতিব লাগিব, তেতিয়া তেওঁ নিজৰ নিৰ্ণয় সলনি কৰিলে। তেওঁ কʼলে “মই নিজৰ নিমিত্তে তাক মুক্ত কৰিব নোৱাৰোঁ; কৰিলে মোৰ নিজ অধিকাৰ হানি কৰিম।” (ৰূথ ৪:৫, ৬) তেওঁ নিজৰ নিৰ্ণয় কিয় সলনি কৰিলে?

যদি সেই ব্যক্তি বা আন কোনোবাই ৰূথক বিয়া পাতে আৰু ৰূথে এটা লʼৰা জন্ম দিয়ে, তেনেহʼলে ইলীমেলকৰ সকলো মাটি সেই লʼৰাজনে পালেহেঁতেন। কিন্তু ইয়াৰ পৰা সেই মানুহজনৰ “নিজ অধিকাৰ” কেনেকৈ “হানি” হʼলহেঁতেন? বাইবলেত ইয়াৰ কাৰণ স্পষ্টকৈ লিখা নাই। কিন্তু তলত দিয়া কাৰণবোৰৰ বাবে তেওঁক হয়তো এনেকুৱা লাগিছিল।

  • প্ৰথম, তেওঁ হয়তো ভাবিলে যে ইলীমেলকৰ মাটি আগলৈ গৈ ৰূথে জন্ম দিয়া লʼৰাই পাব। সেইবাবে, এই মাটি কিনিবলৈ পইচা লগালে তেওঁৰ লোকচান হʼব পাৰে।

  • দ্বিতীয়, যদি সেই ব্যক্তিজনে ৰূথক বিয়া পাতে, তেনেহʼলে নয়মী আৰু ৰূথ দুয়োজনৰ খোৱা-বোৱা আৰু থকাৰ কাৰণে ব্যৱস্থা কৰাৰ দায়িত্ব তেওঁ লʼব লাগিব।

  • তৃতীয়, যদি সেই ব্যক্তিজনৰ ৰূথৰ পৰা কিছুমান লʼৰা-ছোৱালী হয় আৰু তেওঁৰ আগৰ পৰাই কিছুমান লʼৰা-ছোৱালী থাকে, তেনেহʼলে তেওঁৰ আগৰ লʼৰা-ছোৱালীৱে পোৱা অধিকাৰক, ৰূথৰ লʼৰা-ছোৱালীৰ মাজতো ভগাই দিয়া হʼলহেঁতেন।

  • চতুৰ্থ, যদি সেই ব্যক্তিজনৰ আগৰ পৰা কোনো লʼৰা-ছোৱালী নাথাকে আৰু ৰূথক বিয়া পাতি তেওঁৰ এটা লʼৰা হয়, তেনেহʼলে ইলীমেলকৰ মাটিৰ লগতে তেওঁৰ মাটিৰ ওপৰতো সেই লʼৰাজনে অধিকাৰ পালেহেঁতেন। এইদৰে সেই ব্যক্তিজনৰ মাটি এনে এজন লʼৰাই পালে হয়, যি তেওঁৰ নহয়, ইলীমেলকৰ লʼৰা বুলি জনা গʼলহেঁতেন। নয়মীক সহায় কৰাৰ বাবে সেই ব্যক্তিজনৰ অধিকাৰ হানি হোৱাটো তেওঁ বিচৰা নাছিল। সেইবাবে, সেই ব্যক্তিজনে বোৱাজক মাটি মুকলাব কৈছিল। কাৰণ তেওঁৰ পাছত বোৱাজৰে সেই অধিকাৰ আছিল। “সেই মৃত লোকৰ অধিকাৰত তাৰ নাম ৰাখিবৰ অৰ্থে” বোৱাজে এইদৰে কৰিবলৈ সাজু হʼল।—ৰূথ ৪:১০.

এনে লাগিছে যে সেই মানুহজনে কেৱল নিজৰ বিষয়ে ভাবিছিল। তেওঁ কেৱল নিজৰ নাম আৰু অধিকাৰৰ বিষয়ে চিন্তা কৰিছিল। কিন্তু তেওঁৰ নাম সদায়কালৰ বাবে নাইকিয়া হʼল। ইয়াৰ উপৰিও তেওঁ ডাঙৰ আশীৰ্বাদ হেৰুৱালে, যি বোৱাজে পালে। তেওঁৰ বংশৰ পৰা মচীহ জন্ম হʼব পাৰিলেহেঁতেন। সেই মানুহজনে স্বাৰ্থপৰ হোৱাৰ কাৰণে সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় নকৰিলে আৰু ইয়াৰ বাবে বহুত বেয়া পৰিণাম হʼল।—মথি ১:৫; লূক ৩:২৩, ৩২.