Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১১

বাপ্তিষ্মাৰ বাবে কেনেকৈ সাজু হʼব লাগে?

বাপ্তিষ্মাৰ বাবে কেনেকৈ সাজু হʼব লাগে?

“মই বাপ্তাইজিত হবলৈ কি বাধা আছে?”—পাঁচ. ৮:৩৬.

গীত ৫০ সমৰ্পণৰ মোৰ প্ৰাৰ্থনা

লেখৰ এক আভাস a

বিশ্বজুৰিত বহুতো ডেকা আৰু বৃদ্ধই পৰিশ্ৰম কৰি আছে আৰু বাপ্তিষ্মা লৈ আছে অনুচ্ছেদ (অনুচ্ছেদ ১-২ চাওক)

১-২. যদি আপুনি এতিয়া বাপ্তিষ্মা লʼবলৈ সাজু নাই, তেনেহʼলে আপুনি কিয় নিৰাশ হোৱা উচিত নহয়? (বাহিৰত দিয়া ছবিখন চাওক।)

 আপুনি বাপ্তিষ্মা লʼম বুলি ভাবিছেনে? যদি ভাবিছে, তেনেহʼলে এয়া বৰ ভাল লক্ষ্য। আপুনি এতিয়া বাপ্তিষ্মা লʼবলৈ সাজু আছেনে? যদি আপুনি আৰু আপোনাৰ প্ৰাচীনসকলে ভাবে যে আপুনি বাপ্তিষ্মা লʼবলৈ সাজু আছে, তেনেহʼলে দেৰি নকৰিব। সুযোগ পালেই লগে লগে এই পদক্ষেপ লওক। এইদৰে কৰিলে আপুনি যিহোৱাৰ বাবে বহুতো কাম কৰিব পাৰিব আৰু আপুনি বহুতো আশীৰ্বাদ পাব।

হয়তো আপোনাক কোৱা হয় যে বাপ্তিষ্মা লʼবলৈ অলপ সময় ৰব লাগিব আৰু ইয়াৰ বাবে আৰু পৰিশ্ৰম কৰিব লাগিব। অথবা আপুনি এইদৰে নিজেই অনুভৱ কৰিব পাৰে। যদি এইদৰে হয়, তেনেহʼলে নিৰাশ নহʼব। আপুনি ডেকাই হওক বা বৃদ্ধ, এই গুৰুত্বৰপূৰ্ণ পদক্ষেপ লʼবলৈ আপুনি সাজু হʼব পাৰে।

“মই বাপ্তাইজিত হবলৈ কি বাধা আছে?”

৩. কুচ দেশৰ এজন মন্ত্ৰীয়ে ফিলিপক কি সুধিছিল আৰু ইয়াৰ পৰা কি প্ৰশ্ন উঠে? (পাঁচনিৰ কৰ্ম্ম ৮:৩৬, ৩৮)

পাঁচনিৰ কৰ্ম্ম ৮:৩৬, ৩৮ পঢ়ক। এবাৰ কুচ দেশৰ এজন মন্ত্ৰীয়ে ফিলিপ নামৰ এজন প্ৰচাৰকক এইদৰে সুধিছিল, “মই বাপ্তাইজিত হবলৈ কি বাধা আছে?” সেই ব্যক্তিজনে বাপ্তিষ্মা লʼব বিচাৰিছিল। কিন্তু তেওঁ সঁচাকৈ ইয়াৰ বাবে সাজু আছিলনে?

কুচ-দেশীয় মন্ত্ৰীজনে যিহোৱাৰ বিষয়ে শিকি থাকিব বুলি থিৰাং কৰিছিল (অনুচ্ছেদ ৪ চাওক)

৪. কুচ দেশৰ ব্যক্তিজনে আৰু বেছিকৈ শিকিব বিচাৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?

কুচ দেশৰ ব্যক্তিজনে উপাসনা কৰিবলৈ “যিৰূচালেমলৈ আহিছিল।” (পাঁচ. ৮:২৭) ইয়াৰ পৰা জানিব পাৰি যে তেওঁ হয়তো পৰজাতি আছিল আৰু যিহূদী ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ হয়তো হিব্ৰু শাস্ত্ৰত লিখা কথাবোৰৰ পৰা যিহোৱাৰ বিষয়ে শিকিছিল, কিন্তু তেওঁ যিহোৱাৰ বিষয়ে আৰু জানিব বিচাৰিছিল। এয়া আমি কিয় কʼব পাৰোঁ? মন কৰক, ফিলিপে যেতিয়া তেওঁক ৰাস্তাত লগ কৰিছিল, তেতিয়া তেওঁ কি কৰি আছিল? তেওঁ মনোযোগেৰে ভৱিষ্যতবক্তা যিচয়াৰ কিতাপ পঢ়ি আছিল। (পাঁচ. ৮:২৮) ইয়াৰ অৰ্থ হৈছে তেওঁ এতিয়ালৈকে যি শিকিছিল, তাতে সন্তুষ্ট নাছিল, তেওঁ আৰু বেছিকৈ শিকিব বিচাৰিছিল আৰু শাস্ত্ৰৰ গভীৰ কথাবোৰ বুজিব বিচাৰিছিল।

৫. কুচ দেশৰ ব্যক্তিজনে যি শিকিছিল, তাৰ অনুসৰি তেওঁ কি কৰিলে?

সেই ব্যক্তিজন কুচ দেশৰ ৰাণী কান্দকীৰ মন্ত্ৰী আছিল আৰু “তেওঁৰ সকলো সম্পত্তিৰ ভঁৰালী আছিল।” (পাঁচ. ৮:২৭) ইয়াৰ অৰ্থ আছিল তেওঁৰ বহুতো দায়িত্ব আছিল, তথাপি তেওঁ যিহোৱাৰ উপাসনা কৰিবলৈ সময় উলিয়ালে। তেওঁ শাস্ত্ৰৰ পৰা সত্যতা শিকাৰ লগতে তাৰ অনুসৰি কামো কৰিলে। সেইবাবে, তেওঁ কুচ দেশৰ পৰা যিৰূচালেমলৈকে ইমান দীঘলীয়া যাত্ৰা কৰিলে, যাতে তেওঁ যিহোৱাৰ মন্দিৰত তেওঁৰ উপাসনা কৰিব পাৰে। এই যাত্ৰাত তেওঁৰ বহুতো সময় লাগিছিল আৰু বহুতো টকা-পইচা খৰচ হৈছিল। কিন্তু যিহোৱাৰ উপাসনা কৰিবলৈ তেওঁ যিকোনো কৰিবলৈ সাজু আছিল।

৬-৭. কুচ দেশৰ এজন ব্যক্তিৰ হৃদয়ত যিহোৱাৰ প্ৰতি কেনেকৈ প্ৰেম বাঢ়িল?

কুচ দেশৰ সেই ব্যক্তিজনে ফিলিপৰ পৰা তেওঁ আগতে নজনা বহুতো গুৰুত্বপূৰ্ণ সত্যতা শিকিলে। যেনে, তেওঁ শিকিলে যে যীচুৱেই মচীহ হয়। (পাঁচ. ৮:৩৪, ৩৫) যীচুৱে তেওঁৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে যেতিয়া তেওঁ জানিলে, তেতিয়া এই কথাবোৰে হয়তো তেওঁৰ হৃদয় স্পৰ্শ কৰিলে। তাৰ পাছত তেওঁ কি কৰিলে? তেওঁ যিহূদী ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ সমাজত এটা ভাল নাম আছিল। সেইবাবে, তেওঁ ইমানতেই সন্তুষ্ট হৈ থাকিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। যিহোৱা আৰু যীচুৰ প্ৰতি থকা তেওঁৰ প্ৰেম আৰু গভীৰ হʼল। সেইবাবে, তেওঁ বাপ্তিষ্মা লৈ যীচুৰ শিষ্য হʼবলৈ নিৰ্ণয় লʼলে। যেতিয়া ফিলিপে দেখিলে যে সেই ব্যক্তিজনে বাপ্তিষ্মা লʼবলৈ সাজু আছে, তেতিয়া ফিলিপে তেওঁক বাপ্তিষ্মা দিলে।

সেই ব্যক্তিজনে কৰা কামবোৰ কৰিলে আপুনিও বাপ্তিষ্মাৰ বাবে যোগ্য হʼব পাৰিব। তেতিয়া আপুনিও সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰিব যে “মই বাপ্তাইজিত হʼবলৈ কি বাধা আছে?” আহক মন কৰোঁ যে কুচ দেশৰ সেই ব্যক্তিজনে যি কৰিলে, আপুনি সেয়া কেনেকৈ কৰিব পাৰে। (১) তেওঁ শিকি থাকিল, (২) তেওঁ শিকা কথাৰ অনুসৰি কামো কৰিলে আৰু (৩) তেওঁ ঈশ্বৰৰ প্ৰতি নিজৰ প্ৰেম বঢ়াই থাকিল।

শিকি থাকক

৮. যোহন ১৭:৩ পদৰ পৰা আপুনি কি শিকিব পাৰে?

 যোহন ১৭:৩ পঢ়ক। যীচুৰ এই কথা শুনি আপুনি বাইবেল অধ্যয়ন কৰিবলৈ নিৰ্ণয় লৈছিল নে? আমাৰ মাজৰ বহুতো লোকৰ লগত এইদৰে হৈছিল। কিন্তু এই শব্দবোৰৰ পৰা জানিব পাৰিনে যে আমি আগলৈয়ো শিকি থাকিব লাগিব? নিশ্চয় পাৰি। আমি ‘একমাত্ৰ সত্য ঈশ্বৰক জানিবলৈ’ কেতিয়াও এৰি নিদিম। (উপ. ৩:১১) আমি সদায় যিহোৱাৰ বিষয়ে কিবা নহয় কিবা নতুন কথা শিকি থাকিম। আমি যিমানেই তেওঁক জানিম সিমানেই তেওঁৰ কাষ চাপিব পাৰিম।—গীত. ৭৩:২৮.

৯. বাইবেলৰ প্ৰাথমিক শিক্ষা শিকাৰ পাছত আমি আৰু কি কৰা উচিত?

যেতিয়া আমি যিহোৱাৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমি প্ৰথমে সৰু সৰু কথা শিকোঁ। পৌলে ইব্ৰী খ্ৰীষ্টানসকলক লিখা চিঠিখনত এই কথাবোৰক শাস্ত্ৰৰ “আদিকথা” অৰ্থাৎ প্ৰাথমিক শিক্ষা বুলি কৈছিল। এইদৰে কৈ তেওঁ এইবোৰক সাধাৰণ বুলি কোৱা নাছিল। পৌলে এইবোৰৰ তুলনা গাখীৰৰ লগত কৰিছিল, যিটো খাই সৰু লʼৰা-ছোৱালীয়ে ডাঙৰ-দীঘল হয়। (ইব্ৰী ৫:১২; ৬:১) কিন্তু পৌলে সকলো খ্ৰীষ্টানক এই প্ৰাথমিক শিক্ষাৰ পৰা আগবাঢ়ি যাবলৈ আৰু ঈশ্বৰৰ বাক্যৰ গভীৰ কথা শিকিবলৈ কৈছিল। বাইবেলৰ গভীৰ কথাবোৰ শিকাৰ আপোনাৰ ভোক আছেনে? আপুনি এই ভোক আৰু বঢ়াব বিচাৰেনে আৰু যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে আৰু জানিব বিচাৰেনে?

১০. কিছুমান লোকে অধ্যয়ন কৰিবলৈ কিয় টান পায়?

১০ কিন্তু বহুতো লোকৰ এটা সমস্যা হয়। তেওঁলোকে অধ্যয়ন কৰিবলৈ টান পায়। আপোনাৰ বিষয়েনো কি? স্কুলত আপুনি ভালদৰে পঢ়া-শুনা কৰিছিলনে? আপোনাক পঢ়া-শুনা কৰি ভাল লাগিছিল, নে আপুনি এইদৰে ভাবিছিল ‘মোৰ দ্বাৰা পঢ়া-শুনা নহʼব?’ যদি এইদৰে ভাবিছিল, তেনেহʼলে আপুনি অকলশৰীয়া নহয়। বহুতো লোকে এইদৰেই ভাবে। কিন্তু যিহোৱাই আপোনাক সহায় কৰিব পাৰে। তেওঁ পৃথিৱীৰ আটাইতকৈ ভাল শিক্ষক হয় আৰু তেওঁৰ শিক্ষা দিয়াত কোনো খুঁত নাই।

১১. যিহোৱা আমাৰ মহান শিক্ষক হয় বুলি আমি কিয় কʼব পাৰোঁ?

১১ যিহোৱাই বাইবেল লিখাইছে আৰু তেওঁ আমাৰ মহান ‘শিক্ষক’ হয়। (যিচ. ৩০:২০, ২১) তেওঁ এনে এজন শিক্ষক হয়, যিজনে নিজৰ বিদ্যাৰ্থীৰ লগত ধৈৰ্য্য ধৰে, প্ৰেমেৰে ব্যৱহাৰ কৰে আৰু তেওঁলোকক ভালদৰে বুজি পায়। তেওঁ বিদ্যাৰ্থীসকলৰ ভাল গুণবোৰ চাবলৈ চেষ্টা কৰে। (গীত. ১৩০:৩) আমি যিবোৰ কাম কৰিব নোৱাৰোঁ, তেনে কামবোৰ আমি কৰাটো তেওঁ কেতিয়াও আশা নকৰে। মনত ৰাখক, যিহোৱাই আমাৰ মগজু আচৰিতভাৱে সৃষ্টি কৰিছে। (গীত. ১৩৯:১৪) আমাৰ নতুন নতুন কথা শিকাৰ ইচ্ছা থাকে। আমি সদায় শিকি থকা আৰু তাৰ পৰা আনন্দ পোৱাটো যিহোৱাই বিচাৰে। গতিকে আমি এতিয়াৰে পৰা বাইবেলৰ সত্যতাবোৰ জানিবলৈ ‘হাবিয়াহ কৰিলে’ অৰ্থাৎ ভোক বঢ়াই থাকিলে কিমান ভাল হʼব! (১ পিত. ২:২) সৰু সৰু লক্ষ্য ৰাখক আৰু আপুনি বাইবেল পঢ়িবলৈ আৰু অধ্যয়ন কৰিবলৈ যি চিড্যুল বনাইছে, তাৰ অনুসৰি কাম কৰক। (যিহো. ১:৮) যিহোৱাই আপোনাৰ পৰিশ্ৰমত আশীৰ্বাদ দিব আৰু বাইবেল পঢ়ি আপোনাক বহুত ভাল লাগিব। যিহোৱাৰ বিষয়ে আৰু বেছিকৈ শিকিবলৈ আপোনাৰ মন যাব।

১২. আমি যীচুৰ জীৱন আৰু সেৱাৰ বিষয়ে কিয় অধ্যয়ন কৰা উচিত?

১২ যীচুৱে কেনেদৰে জীৱন-যাপন কৰিছিল আৰু কেনেদৰে সেৱা কৰিছিল, তাৰ বিষয়ে চিন্তা কৰি থাকক। যদি আমি যীচুৰ উদাহৰণক অনুকৰণ কৰিম, তেতিয়াহে আমি এই কঠিন সময়ছোৱাতো যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম। (১ পিত. ২:২১) যীচুৱে নিজৰ শিষ্যসকলক স্পষ্টকৈ কৈছিল যে তেওঁলোকৰ ওপৰত সমস্যা আহিব। (লূক ১৪:২৭, ২৮) কিন্তু তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিদৰে তেওঁ সমস্যা পাৰ কৰিলে, ঠিক সেইদৰে তেওঁৰ শিষ্যসকলেও পাৰ কৰিব পাৰিব। (যোহ. ১৬:৩৩) গতিকে যীচুৰ জীৱনত ঘটা বেলেগ বেলেগ ঘটনাৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰক আৰু চিন্তা কৰক যে আপুনি প্ৰতিদিনে কেনেকৈ তেওঁৰ দৰে হʼব পাৰে।

১৩. আপুনি যিহোৱালৈ কি কথাৰ বাবে প্ৰাৰ্থনা কৰা উচিত?

১৩ জ্ঞান লোৱাটো ভাল, কিন্তু আমি যিহোৱাক আৰু ভালদৰে জনা আৰু তেওঁক প্ৰেম কৰা আৰু তেওঁৰ ওপৰত বিশ্বাস কৰা আৰু এনেধৰণৰ আন গুণবোৰ বঢ়োৱা আমাৰ উদ্দেশ্য হোৱা উচিত। তেতিয়াহে আমি সেই জ্ঞানৰ পৰা লাভৱান হʼম। (১ কৰি. ৮:১-৩) যেতিয়া আপুনি যিহোৱাৰ বিষয়ে জানিবলৈ ধৰে, তেতিয়া আপোনাৰ বিশ্বাস বঢ়াবলৈ তেওঁলৈ মিনতি কৰক। (লূক ১৭:৫) তেওঁ নিশ্চয় এনেধৰণৰ প্ৰাৰ্থনা শুনিব। যেতিয়া আপুনি সঠিক জ্ঞানৰ আধাৰত যিহোৱাৰ ওপৰত বিশ্বাস কৰিব, তেতিয়া আপুনি উন্নতি কৰিব পাৰিব।—যাকো. ২:২৬.

শিকা কথাৰ অনুসৰি কামো কৰক

জল-প্লাবনৰ আগতে নোহ আৰু তেওঁৰ পৰিয়ালক যি কোৱা হৈছিল, তাৰ অনুসৰি তেওঁলোকে কাম কৰিলে (অনুচ্ছেদ ১৪ চাওক)

১৪. আমি শিকা কথাখিনিৰ অনুসৰি কাম কৰাটো অতি প্ৰয়োজন বুলি পিতৰে কেনেকৈ কʼলে? (ছবিখনো চাওক।)

১৪ পাঁচনি পিতৰে কৈছিল যে যীচুৰ শিষ্যসকলে শিকা কথাৰ অনুসৰি কাম কৰাটো অতি প্ৰয়োজন। ইয়াক বুজিবলৈ তেওঁ নোহৰ ঘটনা উল্লেখ কৰিছিল। যিহোৱাই নোহক কৈছিল যে তেওঁ জল-প্লাবন আনিব আৰু তাত সকলো দুষ্ট লোকক ধ্বংস কৰিব। কিন্তু জল-প্লাবন আনিব এই কথা জানিয়েই নোহ আৰু তেওঁৰ পৰিয়ালৰ জীৱন ৰক্ষা নপৰিলেহেঁতেন। মন কৰক, পিতৰে জল-প্লাবনৰ বিষয়ে নহয়, তাৰ আগৰ সময়ৰ অৰ্থাৎ “নোহৰ দিনৰ জাহাজ নিৰ্ম্মাণ কৰা” সময়ৰ কথা কৈছিল। (১ পিত. ৩:২০) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই নোহক যিবোৰ কৈছিল তেওঁ আৰু তেওঁৰ পৰিয়ালে তাৰ অনুসৰিয়েই কাম কৰিলে। তেওঁলোকে এটা ডাঙৰ জাহাজ বনালে। (ইব্ৰী ১১:৭) নোহে যি কৰিছিল, তাৰ তুলনা পিতৰে বাপ্তিষ্মাৰ লগত কৰিলে। তেওঁ এইদৰে কʼলে ‘সেই জলেই, দৃষ্টান্তস্বৰূপে বাপ্তিস্মেই তোমালোকক ৰক্ষা কৰে।’ (১ পিত. ৩:২১) গতিকে আমি কʼব পাৰোঁ যে আজি আপুনি বাপ্তিষ্মাৰ বাবে যি তৈয়াৰী কৰিছে, সেয়া নোহ আৰু তেওঁৰ পৰিয়ালে জাহাজ বনাবলৈ বহু বছৰৰলৈকে কৰা পৰিশ্ৰম নিচিনাই হয়। তেন্তে আপুনি বাপ্তিষ্মা লʼবলৈ কেনেকৈ তৈয়াৰী কৰিব পাৰে।

১৫. অন্তৰৰ পৰা অনুতাপ কৰাৰ অৰ্থ কি?

১৫ প্ৰথমতে আমি নিজৰ ভুলৰ বাবে অন্তৰৰ পৰা অনুতাপ কৰিব লাগিব। (পাঁচ. ২:৩৭, ৩৮) আমি অন্তৰৰ পৰা অনুতাপ কৰিলে নিজকে সলনিও কৰিম। যেনে, কিছুমান লোকে অনৈতিক জীৱন-যাপন কৰে, ধপাত খায়, বা গালি-শপনি পাৰে। যদি এই কামবোৰ কৰাৰ অভ্যাস আপোনাৰো আছিল, তেনেহʼলে আপুনি যিহোৱাক আনন্দিত কৰিবলৈ এই সকলো এৰিলে নে? (১ কৰি. ৬:৯, ১০; ২ কৰি. ৭:১; ইফি. ৪:২৯) আপুনি যদি এতিয়ালৈকে এই কামবোৰ এৰিব পৰা নাই, তেনেহʼলে হাৰ নামানিব। বাৰে বাৰে চেষ্টা কৰি থাকক। যিজনে আপোনাৰ বাইবেল অধ্যয়ন কৰায়, তেওঁৰ লগত বা মণ্ডলীৰ প্ৰাচীনসকলৰ লগত কথা পাতিব পাৰে। যদি আপুনি সৰু হয়, তেনেহʼলে আপুনি মা-দেউতাৰ পৰা সহায় বিচাৰিব পাৰে, যাতে আপুনি বেয়া অভ্যাসবোৰ এৰিব পাৰে আৰু বাপ্তিষ্মাৰ বাবে সাজু হʼব পাৰে।

১৬. উপাসনাৰ লগত জড়িত কামবোৰত কি কি কাম জড়িত হৈ আছে?

১৬ উপাসনাৰ লগত জড়িত কামবোৰ কৰি থকাটো অতি প্ৰয়োজন। যেনে, নিয়মীয়াকৈ সভালৈ যোৱা আৰু তাত ভাগ লোৱা। (ইব্ৰী ১০:২৪, ২৫) যদি আপুনি প্ৰচাৰত যোৱাৰ বাবে যোগ্য, তেনেহʼলে ইয়াত নিয়মীয়াকৈ ভাগ লওক। আপুনি যিমানেই লোকসকলক প্ৰচাৰ কৰিব, সিমানেই এই কাম আপোনাক ভাল লাগিবলৈ ধৰিব। (২ তীম. ৪:৫) যদি আপুনি সৰু হয়, তেনেহʼলে নিজকে সোধক: ‘সভাত যাবলৈ আৰু প্ৰচাৰ কৰিবলৈ প্ৰতিবাৰে মা-দেউতাই মনত পেলাই দিয়ে, নে মই নিজেই এই কথাবোৰলৈ ধ্যান দিওঁ?’ যেতিয়া আপুনি নিজেই এই কথাবোৰলৈ ধ্যান দিয়ে, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আপুনি যিহোৱাক প্ৰেম কৰে, তেওঁ ওপৰত বিশ্বাস কৰে আৰু যিহোৱাই আপোনাৰ বাবে যি যি কৰিলে, তাৰ প্ৰতি আপুনি কৃতজ্ঞ। এই সকলো ‘ঈশ্বৰৰ ভক্তিৰ’ কাম হয়, ই এনে এক বলিদান হয় যি আপুনি যিহোৱাক আগবঢ়ায়। (২ পিত. ৩:১১; ইব্ৰী ১৩:১৫) যেতিয়া আমি আনে নোকোৱাকৈ নিজৰ ইচ্ছাৰে যিহোৱাৰ বাবে কিবা কৰোঁ, তেতিয়া তেওঁ বহুত আনন্দিত হয়। (২ কৰিন্থীয়া ৯:৭ পদৰ লগত তুলনা কৰক।) এই সকলোবোৰ কৰাৰ কাৰণ হৈছে আমি যিহোৱাক সকলোতকৈ ভাল বলিদান আগবঢ়াই বহুত আনন্দিত হওঁ।

যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াই থাকক

১৭-১৮. কি বিশেষ গুণ থাকিলে আপুনি বাপ্তিষ্মাৰ যোগ্য হʼব পাৰিব আৰু কিয়? (হিতোপদেশ ৩:৩-৬)

১৭ বাপ্তিষ্মাৰ বাবে তৈয়াৰী কৰাৰ সময়ত আপুনি কিছুমান সমস্যাৰো সন্মুখীন হʼব। আপুনি যি বিশ্বাস কৰে, তাৰ বাবে লোকসকলে আপোনাক ঠাট্টা কৰিব পাৰে, আপোনাক বিৰোধ কৰিব পাৰে বা অত্যাচাৰ কৰিব পাৰে। (২ তীম. ৩:১২) অথবা আপুনি হয়তো কিবা বেয়া অভ্যাস এৰিবলৈ চেষ্টা কৰি আছে, কিন্তু আকৌ আপোনাৰ পৰা সেই ভুল হৈ যাব পাৰে। আপুনি কেতিয়া বাপ্তিষ্মাৰ যোগ্য হʼব পাৰে, তাৰ বিষয়ে ভাবি ভাবি বহু বাৰ আপুনি চিন্তিত হʼব পাৰে। এনে পৰিস্থিতিত হাৰ নামানিবলৈ আপোনাক কি কথাই সহায় কৰিব? যিহোৱাৰ প্ৰতি থকা প্ৰেমে।

১৮ আপোনাৰ আটাইতকৈ বিশেষ গুণ হৈছে যিহোৱাৰ প্ৰতি থকা আপোনাৰ প্ৰেম। (হিতোপদেশ ৩:৩-৬ পঢ়ক।) যিহোৱাৰ প্ৰতি থকা গভীৰ প্ৰেমে সমস্যাৰ সময়ছোৱাত থিৰে থাকিবলৈ সাহস দিব পাৰে। বাইবেলত বহু বাৰ কোৱা হৈছে যে যিহোৱাই নিজৰ লোকসকলক প্ৰকৃত প্ৰেম কৰে। ইয়াৰ অৰ্থ হৈছে যিহোৱাই নিজৰ লোকসকলক কেতিয়াও এৰি নিদিয়ে আৰু সদায় তেওঁলোকক প্ৰেম কৰে। (গীত. ১০০:৫) আপোনাকো যিহোৱাৰ সাদৃশ্যেৰে বনোৱা হৈছে। (আদি. ১:২৬) গতিকে আপুনি এনেধৰণৰ প্ৰেম কেনেকৈ দেখুৱাব পাৰে?

আপুনি প্ৰতিদিনে যিহোৱাক ধন্যবাদ দিব পাৰে (অনুচ্ছেদ ১৯ চাওক) b

১৯. যিহোৱাই আপোনাৰ বাবে কি কৰিলে, তাৰ বাবে আপুনি কেনেকৈ কৃতজ্ঞ হʼব পাৰে? (গালাতীয়া ২:২০)

১৯ সৰ্বপ্ৰথমে কৃতজ্ঞ হʼবলৈ শিকক। (১ থিচ. ৫:১৮) প্ৰতিদিনে নিজকে সোধক, ‘যিহোৱাই মোক প্ৰেম কৰে বুলি আজি কেনেকৈ দেখুৱালে?’ তাৰ পাছত আপুনি যেতিয়া প্ৰাৰ্থনা কৰিব, তেতিয়া সেই বিশেষ কথাৰ বাবে যিহোৱাক ধন্যবাদ দিয়ক। পাঁচনি পৌলৰ দৰে এয়া চাবলৈ চেষ্টা কৰক যে যিহোৱাই আপোনাক প্ৰেম কৰে। সেইবাবে, তেওঁ বিশেষকৈ আপোনাৰ বাবে কি কি কৰিলে। (গালাতীয়া ২:২০ পঢ়ক।) গতিকে নিজকে সোধক, ‘ময়ো যিহোৱাক প্ৰেম কৰোঁ বুলি নিজৰ কামৰ যোগেদি দেখুৱাব বিচাৰোঁনে?’ যিহোৱাৰ প্ৰতি থকা প্ৰেমে আপোনাক বেয়া কামৰ পৰা আঁতৰি থাকিবলৈ আৰু সমস্যাৰ সময়ত থিৰে থাকিবলৈ সাহস দিব। এইদৰে আপুনি উপাসনাৰ লগত জড়িত কামবোৰ কৰি থাকিবলৈ আৰু আপুনি নিজৰ পিতৃ যিহোৱা ঈশ্বৰক বহুত প্ৰেম কৰে বুলি প্ৰতিদিনে দেখুৱাবলৈ আপোনাৰ মন যাব।

২০. (ক) যিহোৱালৈ নিজৰ জীৱন সমৰ্পিত কৰিবলৈ আপোনাক কি কৰিব লাগিব? (খ) এই নিৰ্ণয় কিমান গুৰুত্বপূৰ্ণ?

২০ কিছু সময়ৰ পাছত যিহোৱাৰ প্ৰতি থকা প্ৰেমে আপোনাক এটা বিশেষ প্ৰাৰ্থনাত যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰিবলৈ উৎসাহিত কৰিব। এনে কৰিলে আপুনি এক ভাল আশীৰ্বাদ লাভ কৰিব। আপুনি সদায়ৰ বাবে যিহোৱাৰ হৈ যাব। সমৰ্পণ কৰি আপুনি যেন এইদৰে শপত লয় যে জীৱনত যিয়েই সমস্যা নাহক কিয়, আপুনি সদায় যিহোৱাৰ সেৱা কৰি থাকিব। এয়া এনে এক শপত হয়, যি বাৰে বাৰে লোৱাৰ প্ৰয়োজন নাই। যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰা নিৰ্ণয় আটাইতকৈ ডাঙৰ নিৰ্ণয় হয়। কিন্তু আপুনি জীৱনত যিবোৰ ভাল নিৰ্ণয় লʼব, সেইবোৰৰ ভিতৰত এয়া আটাইতকৈ ভাল নিৰ্ণয় হʼব। (গীত. ৫০:১৪) যিহোৱাৰ প্ৰতি থকা আপোনাৰ প্ৰেম কম কৰিবলৈ আৰু যিহোৱাৰ বিশ্বাসী হৈ নাথাকিবলৈ চয়তানে চেষ্টা কৰিব। কিন্তু চয়তানক কেতিয়াও সফল হʼবলৈ নিদিব। (ইয়ো. ২৭:৫) যিহোৱাৰ প্ৰতি গভীৰ প্ৰেম থাকিলে আপুনি যিকোনো পৰিস্থিতিতে তেওঁ কৰা প্ৰতিজ্ঞা পূৰ কৰিব আৰু তেওঁৰ কাষ চাপি গৈ থাকিব।

২১. বাপ্তিষ্মা কেৱল আৰম্ভণিহে মাথোন বুলি আমি কিয় কʼব পাৰোঁ?

২১ আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰাৰ পাছত নিজৰ মণ্ডলীৰ প্ৰাচীনক জনাওক যে আপুনি বাপ্তিষ্মা লʼব বিচাৰে। কিন্তু মনত ৰাখক, বাপ্তিষ্মা লোৱাৰ পাছত আপোনাৰ খ্ৰীষ্টান জীৱনৰ যাত্ৰা শেষ হৈ নাযায়। এয়া কেৱল সেই যাত্ৰাৰ আৰম্ভণিহে! এই যাত্ৰাত গৈ থাকিলে আপুনি যিহোৱাৰ সেৱা কৰি থাকিব পাৰিব। গতিকে এতিয়াৰে পৰা যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বঢ়াই থাকক। সৰু সৰু লক্ষ্য ৰাখিব যাতে দিনক দিনে যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম আৰু গভীৰ হয়। এইদৰে কৰিলে আপুনি বাপ্তিষ্মাৰ যোগ্য হʼব পাৰিব। যিদিনাখন আপুনি বাপ্তিষ্মা লʼব সেয়া বৰ আনন্দৰ দিন হʼব! কিন্তু এয়া আৰম্ভণিহে মাথোন! ইয়াৰ পাছত যিহোৱাই আপোনাক বহুতো আশীৰ্বাদ দিব। যিহোৱাৰ আৰু তেওঁৰ পুত্ৰৰ প্ৰতি আপোনাৰ প্ৰেম দিনক দিনে বাঢ়ি যোৱাটোয়েই আমাৰ প্ৰাৰ্থনা।

গীত ১৩৫ যিহোৱাই প্ৰেমেৰে কৰা অনুৰোধ “হে মোৰ বোপা জ্ঞানৱান হোৱা”

a বাপ্তিষ্মাৰ যোগ্য হʼবলৈ আমাৰ উদ্দেশ্য সঠিক হোৱাৰ লগতে কিছুমান কামো কৰিব লাগিব। এই লেখত আমি কুচ দেশৰ এজন মন্ত্ৰীৰ পৰা শিকিম যে এজন বাইবেল বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লʼবলৈ কি কি কৰিব লাগিব।

b ছবিৰ বিষয়ে: যিহোৱাই বহুতো ভাল ভাল বস্তু দিয়াৰ বাবে এজনী যুৱতী ভনীয়ে তেওঁক ধন্যবাদ দিছে।