Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১০

বাপ্তিষ্মা কিয় লোৱা উচিত?

বাপ্তিষ্মা কিয় লোৱা উচিত?

‘তোমালোক প্ৰতিজন বাপ্তাইজিত হোৱা।’—পাঁচ. ২:৩৮.

গীত ৩৪ বিশ্বাসৰ পথত চলি থাকক

লেখৰ এক আভাস a

১-২. (ক) লোকসকলে বাপ্তিষ্মা লোৱাৰ সময়ত সাধাৰণতে কেনেকুৱা পৰিৱেশ থাকে? (খ) এই লেখত আমি কি কি বিষয়ৰ ওপৰত মন কৰিম?

 আপুনি কেতিয়াবা লোকসকলক বাপ্তিষ্মা লোৱা দেখিছেনে? সেই ঘটনাটো মনত পেলাওকচোন। বাপ্তিষ্মা লোৱাৰ আগতে তেওঁলোকক দুটা প্ৰশ্ন সোধা হয় আৰু তেওঁলোকে সম্পূৰ্ণ বিশ্বাসেৰে আৰু উচ্চস্বৰে ইয়াৰ উত্তৰ দিয়ে। তেওঁলোকৰ পৰিয়ালৰ লোক আৰু বন্ধুসকল বহুত আনন্দিত হয়। তাৰ পাছত তেওঁলোকে যেতিয়া বাপ্তিষ্মা লৈ পানীৰ পৰা উঠি আহে, তেতিয়া হাত চাপৰিৰ মাত শুনিবলৈ পোৱা যায়। তেওঁলোকৰ চেহেৰাত বেলেগে এটা আনন্দ দেখিবলৈ পোৱা যায়। এইদৰে প্ৰতিসপ্তাহে হাজাৰ হাজাৰ লোকে যিহোৱাক নিজৰ জীৱন সমৰ্পণ কৰে আৰু বাপ্তিষ্মা লৈ তেওঁৰ সাক্ষী হয়।

আপুনিও বাপ্তিষ্মা লʼম বুলি ভাবিছেনে? যদি ভাবিছে, তেনেহʼলে এই দুষ্ট জগতত আপুনি বৰ বিশেষ হয়, কাৰণ আপুনি ‘ঈশ্বৰক বিচাৰি’ আছে। (গীত. ১৪:১, ২) আপুনি বৃদ্ধই হওক বা ডেকাই হওক, এই লেখ বিশেষকৈ আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াত আমি যিহোৱাৰ সেৱা কৰাৰ তিনিটা কাৰণৰ ওপৰত মন কৰিম। যিসকলৰ বাপ্তিষ্মা হৈ গʼল, তেওঁলোকেও এই লেখৰ পৰা লাভৱান হʼব পাৰিব। এই লেখৰ পৰা সদায় যিহোৱাৰ সেৱা কৰি থকাৰ তেওঁলোকৰ ইচ্ছা আৰু দৃঢ় হʼব।

আপুনি সত্যতা আৰু ধাৰ্মিকতাক প্ৰেম কৰে

চয়তানে হাজাৰ হাজাৰ বছৰৰ পৰা যিহোৱাৰ নাম বদনাম কৰি আহিছে আৰু আজিও কৰি আছে (অনুচ্ছেদ ৩-৪ চাওক)

৩. যিহোৱাৰ লোকসকলে সত্যতা আৰু ধাৰ্মিকতাক কিয় প্ৰেম কৰে? (গীতমালা ১১৯:১২৮, ১৬৩)

যিহোৱাই নিজৰ লোকসকলক ‘সত্যক ভাল পাবলৈ’ আজ্ঞা দিছিল। (জখ. ৮:১৯) যীচুৱে নিজৰ শিষ্যসকলক সদায় ধাৰ্মিকতাৰ পথত চলিবলৈ উৎসাহিত কৰিছিল। (মথি ৫:৬) ইয়াৰ অৰ্থ হৈছে যিহোৱাৰ দৃষ্টিত যি সঠিক আৰু ধাৰ্মিক হয়, তাক কৰিবলৈ আৰু তেওঁৰ দৃষ্টিত শুদ্ধ হৈ থাকিবলৈ দৃঢ় ইচ্ছা থকা উচিত। ইয়াত কোনো সন্দেহ নাই যে আপুনি সত্যতা আৰু ধাৰ্মিকতাক প্ৰেম কৰে আৰু মিছা কথা আৰু সকলো ধৰণৰ দুষ্টতাক ঘৃণা কৰে। (গীতমালা ১১৯:১২৮, ১৬৩ পঢ়ক।) যিসকলে মিছা কথা কয়, তেওঁলোকে এই জগতৰ ৰজা চয়তানৰ নিচিনা হোৱাৰ দৰে হয়। (যোহ. ৮:৪৪; ১২:৩১) এদন বাগিছাত যেতিয়া চয়তানে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, তেতিয়াৰে পৰা সি যিহোৱাৰ পবিত্ৰ নামক বদনাম কৰি আহিছে। তেতিয়া সি যেন এইদৰে কৈছিল যিহোৱা মিছলীয়া আৰু স্বাৰ্থপৰ হয় আৰু তেওঁ এনে এজন ৰজা হয়, যিজনে নিজৰ লোকসকলক ভাল বস্তুবোৰ দিব নিবিচাৰে। (আদি. ৩:১, ৪, ৫) চয়তানে আজিও যিহোৱাৰ বিষয়ে মিছা কথা কৈ লোকসকলৰ মন আৰু মগজুত যেন বিহ মিহলাই দিয়ে আৰু ইয়াৰ বাবে যেতিয়া লোকসকলে ‘সত্যক ভাল’ নাপায়, তেতিয়া চয়তানে সহজতে তেওঁলোকক ভুল পথত লৈ যায় আৰু তেওঁলোকে সকলো ধৰণৰ দুষ্ট কামবোৰ কৰিবলৈ ধৰে।—ৰোম. ১:২৫-৩১.

৪. যিহোৱা ‘সত্যৰ ঈশ্বৰ’ হয় বুলি তেওঁ কেনেকৈ প্ৰমাণ কৰিলে? (ছবিখনো চাওক।)

যিহোৱা ‘সত্যৰ ঈশ্বৰ’ হয় আৰু এই সত্যতা তেওঁ কেৱল নিজৰ মাজতেই নাৰাখে, ইয়াৰ পৰিৱৰ্তে যিসকলে তেওঁক প্ৰেম কৰে, যিহোৱাই তেওঁলোকক সত্য শিকায়। (গীত. ৩১:৫) এনে কৰাৰ যোগেদি যিহোৱাই লোকসকলক চয়তানৰ মিছা কথাৰ পৰা মুকলি কৰে। যিহোৱাই নিজৰ লোকসকলক সদায় সঁচা কথা কʼবলৈ আৰু ধাৰ্মিকতাৰ কাম কৰিবলৈ শিকায়। এনে কৰিলে তেওঁলোকে মনৰ শান্তি পায় আৰু লোকসকলেও তেওঁলোকক সন্মান কৰে। (হিতো. ১৩:৫, ৬) বাইবেল অধ্যয়ন কৰাৰ সময়ত আপুনিও এইদৰে অনুভৱ কৰিছেনে? আপুনি শিকিলে যে যিহোৱাই দেখুৱা পথত চলাটো মানুহৰ বাবে আটাইতকৈ ভাল হয় আৰু এই পথত চলাৰ বাবে আপোনাৰো হয়তো বহুত লাভ হৈছে। (গীত. ৭৭:১৩) সেইবাবে, যিহোৱাৰ দৃষ্টিত যি সঠিক, তাকেই কৰিবলৈ আপুনি নিৰ্ণয় লʼলে। (মথি ৬:৩৩) আপুনি সত্যতাক সমৰ্থন কৰিব বিচাৰে আৰু চয়তানে যিহোৱাৰ ওপৰত কৰা অভিযোগক মিছা হয় বুলি প্ৰমাণ কৰিব বিচাৰে। কিন্তু এয়া আপুনি কেনেকৈ কৰিব পাৰে?

৫. আপুনি সত্যতা আৰু ধাৰ্মিকতাক প্ৰেম কৰে বুলি কেনেকৈ প্ৰমাণ কৰিব পাৰে?

আপুনি যিদৰে জীৱন-যাপন কৰে, তাৰ পৰা প্ৰমাণ হয় যে আপুনি সত্যতা আৰু ধাৰ্মিকতাক প্ৰেম কৰে। এনে কৰাৰ যোগেদি আপুনি এইদৰে কোৱাৰ নিচিনা হয়, ‘মই চয়তানে কোৱা মিছা কথাৰ ওপৰত বিশ্বাস নকৰোঁ। মই কেৱল সত্যতাক সমৰ্থন কৰিম। যিহোৱা মোৰ ৰজা হয় আৰু তেওঁৰ দৃষ্টিত যি সঠিক হয় মই সেইটোৱেই কৰিম।’ কিন্তু আপুনি এয়া কেনেকৈ কৰিব পাৰে? আপুনি প্ৰাৰ্থনা কৰি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰি আৰু নিজৰ সমৰ্পণ সকলোৰে আগত প্ৰকাশ কৰিবলৈ বাপ্তিষ্মা লোৱাৰ যোগেদি। সত্যতা আৰু ধাৰ্মিকতাৰ প্ৰতি থকা প্ৰেমে আপোনাক বাপ্তিষ্মা লʼবলৈ উৎসাহিত কৰিব।

আপুনি যীচু খ্ৰীষ্টক প্ৰেম কৰে

৬. গীতমালা ৪৫:৪ পদত যীচুক প্ৰেম কৰাৰ কি কাৰণ কোৱা হৈছে?

আপুনি যীচু খ্ৰীষ্টক কিয় প্ৰেম কৰে? গীতমালা ৪৫:৪ পদলৈ মন কৰক। (পঢ়ক।) তাত কোৱা হৈছে যে যীচুৱে সত্যতা, নম্ৰতা আৰু ধাৰ্মিকতাৰ কাৰণে ৰথত উঠি কাৰ্য্য সিদ্ধ কৰে অৰ্থাৎ যুদ্ধ কৰে, তেওঁৰ বাবে এই তিনিটা কথা বহুত গুৰুত্বপূৰ্ণ। সেইবাবে, যদি আপুনি সত্যতা আৰু ধাৰ্মিকতাক প্ৰেম কৰে, তেনেহʼলে আপুনি নিশ্চয় যীচুকো প্ৰেম কৰিব। মনত পেলাওক যীচুৱে কেনেকৈ সাহসেৰে সত্যতা আৰু ধাৰ্মিকতাক সমৰ্থন কৰিছিল। (যোহ. ১৮:৩৭) কিন্তু তেওঁ নম্ৰ হৈ থাকিবলৈ কেনেকৈ উৎসাহিত কৰিছিল? আহক চাওঁ।

৭. নম্ৰতাৰ বিষয়ে যীচুৰ কোনটো কথা আপোনাক বেছি ভাল লাগে?

যীচুৱে নিজৰ জীৱন-যাপনৰ যোগেদি আমাক শিকালে যে আমি কেনেকৈ নম্ৰ হʼব পাৰোঁ। যেনে, তেওঁ কেতিয়াও লোকসকলৰ পৰা নিজৰ প্ৰশংসা বিচৰা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ সকলো মহিমা যিহোৱাক দিলে। (মাৰ্ক ১০:১৭, ১৮; যোহ. ৫:১৯) যেতিয়া আপুনি এই বিষয়ে চিন্তা কৰে যে যীচু কিমান নম্ৰ হয়, তেতিয়া আপোনাৰ কেনে অনুভৱ হয়? তেওঁক প্ৰেম কৰিবলৈ আৰু তেওঁৰ নিচিনা হʼবলৈ আপোনাৰ মন নাযায়নে? নিশ্চয় যায়। কিন্তু যীচু কিয় ইমান নম্ৰ হয়? কাৰণ তেওঁ আটাইতকৈ নম্ৰ ব্যক্তি অৰ্থাৎ যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ নিচিনা হʼব বিচাৰে। (গীত. ১৮:৩৫; ইব্ৰী ১:৩) সঁচাকৈ যীচুৱে যিহোৱাৰ দৰে গুণবোৰ প্ৰকাশ কৰিলে। ইয়াৰ বিষয়ে জানি যীচুক আৰু বেছিকৈ প্ৰেম কৰিবলৈ আপোনাৰ মন নাযায়নে?

৮. আমি নিজৰ ৰজা যীচুক কিয় প্ৰেম কৰোঁ?

আমি নিজৰ ৰজা যীচু খ্ৰীষ্টক প্ৰেম কৰাৰ কাৰণ হৈছে তেওঁ সকলোতকৈ ভাল ৰজা হয় আৰু তেওঁক ৰজা হিচাপে পাই আমি বহুত আনন্দিত। যিহোৱাই নিজেই তেওঁক শিকালে আৰু আমাৰ ৰজা পাতিলে। (যিচ. ৫০:৪, ৫) যীচুৱেও আমাক বহুত প্ৰেম কৰে, সেইবাবে তেওঁ আমাৰ কাৰণে নিজৰ জীৱন বলিদান দিলে। (যোহ. ১৩:১) তেনেহʼলে এনে ৰজাক কোনে প্ৰেম নকৰিব? যীচুৱে কʼলে যে যিসকলে তেওঁক সঁচাকৈ প্ৰেম কৰে, সেই লোকসকলে তেওঁৰ আজ্ঞা পালন কৰে আৰু তেওঁ এনে লোকসকলক নিজৰ বন্ধু বুলি কʼলে। (যোহ. ১৪:১৫; ১৫:১৪, ১৫) চিন্তা কৰকচোন, যিহোৱাৰ পুত্ৰৰ বন্ধু হোৱাটো আমাৰ বাবে কিমান সন্মানৰ বিষয় হয়!

৯. যীচুৱে লোৱা বাপ্তিষ্মা আৰু তেওঁৰ শিষ্যসকলে লোৱা বাপ্তিষ্মাৰ মাজত কি মিল আছে?

যীচুৱে নিজৰ শিষ্যসকলক বাপ্তিষ্মা লʼবলৈ আজ্ঞা দিছিল। (মথি ২৮:১৯, ২০) তেওঁ নিজেও এইদৰে কৰিছিল। কিন্তু যীচুৱে যি বাপ্তিষ্মা লৈছিল আৰু তেওঁৰ শিষ্যসকলে যি বাপ্তিষ্মা লয়, তাৰ মাজত কিছুমান পাৰ্থক্য আছে। ( “যীচুৰ বাপ্তিষ্মা আৰু তেওঁৰ শিষ্যসকলৰ বাপ্তিষ্মাৰ মাজত কি পাৰ্থক্য আছে?” নামৰ বক্স চাওক।) কিন্তু কিছুমান ক্ষেত্ৰত মিলো আছে। যেনে, যীচুৱে বাপ্তিষ্মা লৈ প্ৰকাশ কৰিছিল যে এতিয়াৰে পৰা তেওঁ নিজৰ পিতৃৰ ইচ্ছা পূৰ কৰিব। (ইব্ৰী ১০:৭) ঠিক সেইদৰে তেওঁৰ শিষ্যসকলে যেতিয়া নিজৰ জীৱন যিহোৱাক সমৰ্পণ কৰি বাপ্তিষ্মা লয়, তেতিয়া তেওঁলোকে সকলোৰে আগত প্ৰকাশ কৰে যে এতিয়াৰে পৰা যিহোৱাৰ ইচ্ছা পূৰ কৰাটোৱে তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। এনে কৰাৰ যোগেদি তেওঁলোকে যীচুৰ দৰে হয়।

১০. আপুনি যীচুক কিয় প্ৰেম কৰে আৰু এই প্ৰেমে আপোনাক কি কৰিবলৈ উৎসাহিত কৰিব?

১০ বাইবেলৰ অধ্যয়ন কৰি আপুনি যীচুৰ বিষয়ে বহুতো কথা শিকিব পাৰিলে। আপুনি বিশ্বাস কৰে যে যীচুৱেই যিহোৱাৰ একমাত্ৰ প্ৰিয় পুত্ৰ হয় আৰু তেওঁক আমাৰ ওপৰত শাসন কৰিবলৈ অধিকাৰ দিয়াৰ বাবে আপুনি আনন্দিত। আপুনি জানে যে যীচু নম্ৰ হয় আৰু তেওঁ নিজৰ পিতৃৰ নিচিনা হয়। আপুনি বাইবেলৰ পৰা শিকিলে যে তেওঁ কেনেদৰে বহুতো লোকক আহাৰ খুৱাইছিল, নিৰাশাত থকা লোকসকলক শান্ত্বনা দিছিল আৰু বেমাৰী লোকসকলক সুস্থ কৰিছিল। (মথি ১৪:১৪-২১) আপুনি নিজেই দেখিছে যে আজি যীচুৱে কেনেকৈ মণ্ডলীৰ নেতৃত্ব লৈ আছে। (মথি ২৩:১০) আপুনি জানে যে ভৱিষ্যতে ৰজা হিচাপে তেওঁ আৰু ডাঙৰ ডাঙৰ কামবোৰ কৰিব। গতিকে আপুনি যীচুক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱাব পাৰে? তেওঁৰ নিচিনা হৈ। (যোহ. ১৪:২১) এনে কৰিবলৈ আপুনি প্ৰথমে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লʼব লাগিব।

আপুনি যিহোৱা ঈশ্বৰক প্ৰেম কৰে

১১. আপোনাৰ মতে বাপ্তিষ্মা লোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ কি?

১১ বাপ্তিষ্মা লোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ কি হয়? ইয়াৰ উত্তৰ জানিবলৈ যীচুৰ এটা কথালৈ মন কৰক। তেওঁ কৈছিল যে ঈশ্বৰৰ আটাইতকৈ ডাঙৰ আজ্ঞা হৈছে “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত, আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” (মাৰ্ক ১২:৩০) আপুনিও ঈশ্বৰক এইদৰেই প্ৰেম কৰেনে?

যিহোৱাই আমাক সেই সকলো বস্তু দিছে, যিবোৰৰ আজি আমি আনন্দ লৈ আছোঁ আৰু ভৱিষ্যতেও লʼম (অনুচ্ছেদ ১২-১৩ চাওক)

১২. আপুনি যিহোৱাক কিয় প্ৰেম কৰে? (ছবিখনো চাওক।)

১২ যিহোৱাক প্ৰেম কৰাৰ বহুতো কাৰণ আছে। যেনে, আপুনি শিকিলে যে যিহোৱাই সকলোকে ‘জীৱন’ দিয়ে। বাইবেলত কোৱা হৈছে যে ‘সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ তেওঁৰ পৰাহে হয়।’ (গীত. ৩৬:৯; যাকো. ১:১৭) আজি আমি যি যি বস্তুৰ আনন্দ লওঁ, সেই সকলো যিহোৱা ঈশ্বৰেই দিছে। তেওঁ আমাক বহুত প্ৰেম কৰে আৰু সকলো বস্তু মন খুলি দিয়ে।

১৩. মুক্তিপণ যিহোৱাৰ ফালৰ পৰা কিয় এক উত্তম উপহাৰ হয়?

১৩ মুক্তিপণ বলিদান যিহোৱাৰ ফালৰ পৰা পোৱা এক উত্তম উপহাৰ হয়। আমি এইদৰে কিয় কʼব পাৰোঁ? চিন্তা কৰক, যিহোৱা আৰু তেওঁৰ পুত্ৰৰ মাজৰ সম্পৰ্ক কেনেধৰণৰ আছিল। যীচুৱে কৈছিল, “পিতৃয়ে মোক প্ৰেম কৰে” আৰু ‘মই পিতৃক প্ৰেম কৰোঁ।’ (যোহ. ১০:১৭; ১৪:৩১) তেওঁলোকে কোটি কোটি বছৰ একেলগে আছিল আৰু সেই সময়ছোৱাত তেওঁলোকৰ মাজৰ সম্পৰ্ক হয়তো বহুত মজবুত হʼল। (হিতো. ৮:২২, ২৩, ৩০) এতিয়া চিন্তা কৰক, যেতিয়া যিহোৱাই দেখিলে যে তেওঁৰ পুত্ৰক কেনেকৈ যাতনা দি মাৰি দিয়া হৈছে, তেতিয়া তেওঁৰ হৃদয়ত কিমান আঘাত লাগিল। সঁচাকৈ যিহোৱাই সকলো মানুহক আৰু আপোনাকো বহুত প্ৰেম কৰে। তেওঁ ইমানেই প্ৰেম কৰে যে নিজৰ পুত্ৰৰ বলিদান দিলে, যাতে আপুনি আৰু বাকী মানুহবিলাকে অনন্ত জীৱন জীয়াই থাকিব পাৰে। (যোহ. ৩:১৬; গালা. ২:২০) যিহোৱাক প্ৰেম কৰাৰ ইয়াতকৈ ডাঙৰ কাৰণ আৰু কিবা হʼব পাৰেনে?

১৪. আপোনাৰ বাবে আটাইতকৈ ভাল লক্ষ্য কি হʼব পাৰে?

১৪ যেতিয়া আপুনি যিহোৱাৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিলে, তেতিয়া আপুনি তেওঁক আৰু বেছি প্ৰেম কৰিবলৈ ধৰিলে। তেওঁৰ লগত আপোনাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিল আৰু আপুনি হয়তো এই সম্পৰ্ক আৰু গভীৰ হোৱাটো বিচাৰে আৰু এইদৰে নিশ্চয় হʼব পাৰে। কাৰণ আপুনি যিহোৱাৰ হৃদয় আনন্দিত কৰা আৰু তেওঁৰ কাষ চপাটো যিহোৱাই নিজেই বিচাৰে। (হিতো. ২৩:১৫, ১৬) আপুনি কেৱল নিজৰ কথাৰেই নহয়, কামৰ যোগেদিও এইদৰে কৰিব পাৰে। আপুনি যিদৰে জীৱন-যাপন কৰে, তাৰ পৰা গʼম পোৱা যাব যে আপুনি সঁচাকৈ যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ হৃদয় আনন্দতি কৰিব বিচাৰে। (১ যোহ. ৫:৩) আপোনাৰ বাবে ইয়াতকৈ ভাল লক্ষ্য আৰু কিবা হʼব পাৰে জানোঁ?

১৫. আপুনি এনে কি কৰিব পাৰে, যাৰ পৰা জানিব পাৰি যে আপুনি যিহোৱাক প্ৰেম কৰে?

১৫ আপুনি এনে কি কৰিব পাৰে, যাৰ পৰা জানিব পাৰি যে আপুনি যিহোৱাক প্ৰেম কৰে। আপুনি প্ৰাৰ্থনাত যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰিব পাৰে। এনে কৰিবলৈ আপুনি অকলে এটা বিশেষ প্ৰাৰ্থনা কৰিব পাৰে। (গীত. ৪০:৮) তাৰ পাছত নিজৰ সমৰ্পণ সকলোৰে আগত প্ৰকাশ কৰিবলৈ বাপ্তিষ্মা লʼব পাৰে। এই লেখৰ আৰম্ভণিত শিকাৰ দৰে এই দিনটো আপোনাৰ জীৱনৰ আটাইতকৈ আনন্দৰ দিন হʼব। এতিয়া আপুনি জীৱনৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিব। এতিয়াৰে পৰা আপুনি নিজৰ কাৰণে নহয়, যিহোৱাৰ কাৰণে জীয়াই থাকিব। (ৰোম. ১৪:৮; ১ পিত. ৪:১, ২) আপোনাক হয়তো লাগিব পাৰে যে এয়া বহুত ডাঙৰ পদক্ষেপ হয়। এই কথা সঁচাও হয়, কিন্তু ভয় নকৰিব। এই পদক্ষেপ লʼলে আপুনি আটাইতকৈ ভাল জীৱন জীয়াই থাকিব পাৰিব। কেনেকৈ বাৰু?

১৬. গীতমালা ৪১:১২ পদত কোৱাৰ দৰে যিহোৱাই নিজৰ লোকসকলৰ বাবে কি কৰিব?

১৬ যিহোৱা ঈশ্বৰ সকলোতকৈ উদাৰশীল হয়। আপুনি তেওঁৰ বাবে যি কৰিব, তেওঁ সদায় তাতকৈ বেছি আপোনাৰ বাবে কৰিব। (মাৰ্ক ১০:২৯, ৩০) যেতিয়া আপুনি তেওঁৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিব, তেতিয়া তেওঁ আপোনাক বহুতো আশীৰ্বাদ দিব, এই দুষ্ট জগততো আপোনাৰ ভাল বস্তুৰ একো অভাৱ নহʼব আৰু আপুনি এক আনন্দময় জীৱন-যাপন কৰিব পাৰিব। এয়া আৰম্ভণি মাথোন! বাপ্তিষ্মাৰ পাছত আপুনি যি যাত্ৰা আৰম্ভ কৰিব, তাৰ কেতিয়াও অন্ত নহʼব। আপুনি নিজৰ পিতৃ যিহোৱাৰ লগত যি সম্পৰ্ক গঢ়ি তুলিছে, সেয়া আৰু মজবুত হʼব আৰু আপুনি সদায় তেওঁৰ সেৱা কৰি থাকিব পাৰিব, যেতিয়ালৈকে যিহোৱা থাকিব তেতিয়ালৈকে অৰ্থাৎ সদায়কাললৈকে আপুনি জীয়াই থাকিব পাৰিব।—গীতমালা ৪১:১২ পঢ়ক।

১৭. আপুনি যিহোৱাক কি দিব পাৰে, যি তেওঁৰ ওচৰতো নাই?

১৭ যিহোৱা গোটেই বিশ্বব্ৰহ্মাণ্ডৰ মালিক হয়। আজি আমি যি ভাল সময়ৰ আনন্দ লৈ আছোঁ আৰু আমাৰ ওচৰত যি ভাল ভাল বস্তু আছে, সেই সকলো যিহোৱাই দিছে। কিন্তু সমৰ্পণ কৰি আৰু বাপ্তিষ্মা লৈ আমি নিজৰ পিতৃ যিহোৱাক এনে কিবা দিয়াৰ প্ৰতিজ্ঞা কৰোঁ, যি তেওঁৰ ওচৰতো নাই। সেয়া হৈছে আমাৰ ভক্তি, যি আমি তেওঁৰ সেৱাত দিব পাৰোঁ। (ইয়ো. ১:৮; ৪১:১১; হিতো. ২৭:১১) জীৱন জীয়াই থকাৰ ইয়াতকৈ ভাল উপায় আৰু কি হʼব পাৰে? বাপ্তিষ্মা লোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আপুনি যিহোৱাক প্ৰেম কৰে।

কি কথাই আপোনাক বাধা দি আছে

১৮. আপুনি নিজকে কি কি প্ৰশ্ন সুধিব পাৰে?

১৮ আপুনি কি কʼব আপুনি বাপ্তিষ্মাৰ বাবে সাজু আছেনে? এই প্ৰশ্নৰ উত্তৰ আপুনিয়ে দিব পাৰে। কিন্তু ‘কি কথাই মোক বাপ্তিষ্মা লʼবলৈ বাধা দি আছে?’ তাৰ বিষয়ে চিন্তা কৰাটো অতি প্ৰয়োজন। (পাঁচ. ৮:৩৬) আমি যি তিনিটা কাৰণৰ বিষয়ে আলোচনা কৰিলোঁ, সেইবোৰ মনত ৰাখক। প্ৰথম, আপুনি সত্যতা আৰু ধাৰ্মিকতাক প্ৰেম কৰে। সেইবাবে, নিজকে সোধক, ‘যেতিয়া সকলোৱে সঁচা কথা কʼব আৰু সঠিক কাম কৰিব, সেই দিন চাবলৈ মই আগ্ৰহী আছোঁ নে?’ দ্বিতীয়, আপুনি যীচু খ্ৰীষ্টক প্ৰেম কৰে। সেইবাবে, নিজকে সোধক, ‘যীচুক নিজৰ ৰজা হিচাপে স্বীকাৰ কৰিবলৈ মই সাজু আছোঁনে আৰু তেওঁৰ নিচিনা হʼব বিচাৰোঁনে?’ তৃতীয়, আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ আপুনি যিহোৱাক প্ৰেম কৰে। সেইবাবে, নিজকে সোধক, ‘মই যিহোৱাৰ সেৱা কৰি তেওঁৰ হৃদয় আনন্দিত কৰিব বিচাৰোঁনে?’ যদি আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ ‘হয়’ বুলি দিছে, তেনেহʼলে যিমান পাৰে সিমান সোনকালে বাপ্তিষ্মা লওক।—পাঁচ. ১৬:৩৩.

১৯. আপুনি বাপ্তিষ্মা লʼবলৈ কিয় সংকোচ কৰিব নালাগে? এটা উদাহৰণ দিয়ক। (যোহন ৪:৩৪)

১৯ যদি আপুনি বাপ্তিষ্মা লʼবলৈ সংকোচ কৰি আছে, তেনেহʼলে যীচুৱে কোৱা এটা কথাৰ ওপৰত ধ্যান দিয়ক। (যোহন ৪:৩৪ পঢ়ক।) মন কৰক, যীচুৱে নিজৰ পিতৃৰ ইচ্ছা পূৰ কৰাটো আহাৰৰ লগত তুলনা কৰিছিল। আহাৰ লগত কিয় বাৰু? কাৰণ আহাৰ খালে আমাৰ লাভ হয়। যীচুৱে জানিছিল যে যিহোৱাই আমাক যি কৰিবলৈ কয়, তাৰ পৰা সদায় আমাৰ লাভ হয়। যিহোৱাই আমাক কেতিয়াও এনে কাম কৰিবলৈ নকয়, যাৰ পৰা আমাৰ হানি হʼব। গতিকে আপুনি বাপ্তিষ্মা লোৱাটো যিহোৱাৰ ইচ্ছা নহয়নে? নিশ্চয় হয়। (পাঁচ. ২:৩৮) গতিকে আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যদি আপুনি তেওঁৰ আজ্ঞা পালন কৰি বাপ্তিষ্মা লʼব, তেনেহʼলে আপোনাৰে লাভ হʼব। যদি আপুনি কোনো ভাল আহাৰ খাবলৈ সংকোচ নকৰে, তেনেহʼলে বাপ্তিষ্মা লʼবলৈ কিয় সংকোচ কৰি আছে?

২০. পৰৱৰ্তী লেখত আমি কি শিকিম?

২০ কিছুমান লোকে বাপ্তিষ্মা লʼবলৈ কিয় আগবাঢ়ি নাহে? তেওঁলোকে হয়তো ভাবে যে “ইয়াৰ কাৰণে এতিয়া মই সাজু নহয়।” এয়া সঁচা যে যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাটো এটা ডাঙৰ নিৰ্ণয় হয়। এনে কৰিবলৈ সময় আৰু পৰিশ্ৰম লাগে আৰু বহুত ভাবিবও লাগে। কিন্তু আপুনি যদি বাপ্তিষ্মা লোৱাৰ বিষয়ে চিন্তা কৰি আছে, তেনেহʼলে আপুনি কেনেকৈ নিজকে প্ৰস্তুত কৰিব পাৰে? এই প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব।

গীত ২৮ যিহোৱাৰ বন্ধু কোন

a বাপ্তিষ্মা লোৱাটো প্ৰতিজন বাইবেল বিদ্যাৰ্থীৰ বাবে অতি প্ৰয়োজন। কিন্তু কি কথাই তেওঁলোকক বাপ্তিষ্মা লʼবলৈ সহায় কৰিব? প্ৰেমে। কিন্তু কাক প্ৰেম কৰিলে? ইয়াৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম। ইয়াৰ লগতে এয়াও আলোচনা কৰিম যে বাপ্তিষ্মা লʼলে তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰিব পাৰে।