অধ্যয়নৰ লেখ ১৩
সৃষ্টিৰ পৰা লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাওক
‘চোৱা কোনে সৌবোৰ সৃষ্টি কৰিলে?’—যিচ. ৪০:২৬.
গীত ১১ সৃষ্টিয়ে যিহোৱাৰ প্ৰশংসা কৰে
লেখৰ এক আভাস a
১. মা-দেউতাৰ কি ইচ্ছা থাকে?
পিতৃ-মাতৃসকল, আপোনালোকৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ বিষয়ে শিকা আৰু তেওঁক প্ৰেম কৰাটো আপোনালোকে হয়তো নিশ্চয় বিচাৰে। কিন্তু আমি ঈশ্বৰক দেখা নাপাওঁ। গতিকে যিহোৱাৰ কি কি গুণ আছে, তাৰ বিষয়ে আপুনি নিজৰ লʼৰা-ছোৱালীক কেনেকৈ শিকাব যাতে তেওঁলোকে যিহোৱাৰ বিষয়ে আৰু ভালদৰে শিকিব পাৰে আৰু তেওঁৰ কাষ চাপিব পাৰে।—যাকো. ৪:৮.
২. মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক কেনেকৈ শিকাব পাৰে যে যিহোৱাৰ কি কি গুণ আছে?
২ নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকোৱাৰ এটা উপায় হৈছে তেওঁলোকৰ লগত বাইবেল অধ্যয়ন কৰা। (২ তীম. ৩:১৪-১৭) কিন্তু বাইবেলত আৰু এটা উপায়ৰ বিষয়ে কোৱা হৈছে যাৰ সহায়ত লʼৰা-ছোৱালীয়ে যিহোৱাক ভালদৰে জানিব পাৰে আৰু তেওঁৰ কাষ চাপিব পাৰে। হিতোপদেশ এক অধ্যায়ত আমি পঢ়িবলৈ পাওঁ যে এজন পিতৃয়ে নিজৰ লʼৰাক যিহোৱাৰ সেই গুণবোৰৰ বিষয়ে কৈছে, যিবোৰ সৃষ্টিৰ পৰা জানিব পাৰি আৰু সেইবোৰ “তোমাৰ চকুৰ পৰা আঁতৰ হবলৈ নিদিবা” অৰ্থাৎ পাহৰি নাযাবা বুলি কৈছে। (হিতো. ৩:১৯-২১) এই পদবোৰৰ পৰা জানিব পাৰি যে যিহোৱাই বনোৱা বস্তুৰ পৰা তেওঁৰ কি কি গুণ আছে, সেয়া আমি শিকিব পাৰোঁ। এই লেখত আমি শিকিম যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, তাৰ বিষয়ে মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক সৃষ্টিৰ পৰা কেনেকৈ শিকাব পাৰে।
সৃষ্টিৰ পৰা লʼৰা-ছোৱালীক কেনেকৈ শিকাব?
৩. মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক কিহৰ বিষয়ে বুজোৱা উচিত?
৩ বাইবেলত লিখা আছে যে ঈশ্বৰৰ “অদৃশ্য গুণবোৰ, জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্য্যত বোধগম্য হৈ, স্পষ্টকৈ দেখা গৈছে।” (ৰোম. ১:২০) পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীসকলৰ লগত ফুৰিবলৈ গৈ আৰু সিহঁতৰ লগত সময় কটায় আপোনালোকক হয়তো নিশ্চয় ভাল লাগে। সেই সময়ত যিহোৱাই বনোৱা সৃষ্টিৰ বস্তুবোৰৰ পৰা তেওঁৰ কি কি গুণৰ বিষয়ে শিকিব পাৰি, তাৰ বিষয়ে বুজাওক। এই বিষয়ে আপুনি যীচুৰ পৰা কি শিকিব পাৰে, আহক চাওঁ।
৪. যিহোৱাই বনোৱা বস্তুবোৰৰ উদাহৰণ দি যীচুৱে নিজৰ শিষ্যসকলক কেনেকৈ শিকাইছিল? (লূক ১২:২৪, ২৭-৩০)
৪ মন কৰক যে যিহোৱাই বনোৱা বস্তুবোৰৰ উদাহৰণ দি যীচুৱে নিজৰ শিষ্যসকলক কেনেকৈ বুজাইছিল। এবাৰ যীচুৱে নিজৰ শিষ্যসকলক কাউৰী আৰু কনাৰি ফুলৰ বিষয়ে মন কৰিবলৈ কৈছিল। (লূক ১২:২৪, ২৭-৩০ পঢ়ক।) যীচুৱে বিচৰা হʼলে যিকোনো জীৱ-জন্তু বা গছ-গছনিৰ উদাহৰণ দিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এনে এক চৰাই আৰু ফুলৰ উদাহৰণ দিলে, যাৰ বিষয়ে শিষ্যসকলে ভালদৰে জানিছিল। কল্পনা কৰক, সেই উদাহৰণ দিয়াৰ সময়ত যীচুৱে নিজৰ হাতেৰেও দেখুৱাইছিল। সেই সময়ত হয়তো তেওঁৰ শিষ্যসকলেও আকাশত কাউৰীবোৰলৈ চাইছিল আৰু কনাৰি ফুলবোৰলৈ মন কৰিছিল। ইয়াৰ পাছত যীচুৱে কি কৰিলে? তেওঁ নিজৰ শিষ্যসকলক কৈছিল যে যিহোৱাই যিদৰে কাউৰী আৰু কনাৰি ফুলবোৰৰ যত্ন লয়, ঠিক সেইদৰে তেওঁ নিজৰ বিশ্বাসী সেৱকসকলৰো যত্ন লʼব। এইদৰে তেওঁ শিষ্যসকলক বুজাইছিল যে যিহোৱাই নিজৰ সেৱকসকলৰ বিষয়ে চিন্তা কৰে আৰু হৃদয় খুলি তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰে।
৫. পিতৃ-মাতৃয়ে সৃষ্টিৰ পৰা নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে কেনেকৈ শিকাব পাৰে?
৫ পিতৃ-মাতৃসকল, আপোনালোকে যীচুৰ দৰে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ শিকাব পাৰে? আপুনি তেওঁলোকক যিহোৱাই বনোৱা এনে কোনো বস্তুৰ বিষয়ে কʼব পাৰে, যি আপোনাক বহুত ভাল লাগে। যেনে, আপোনাক ভাল লগা কোনো জন্তু বা গছ-গছনিৰ বিষয়ে কʼব পাৰে আৰু তাৰ পৰা যিহোৱাৰ বিষয়ে কি শিকিব পাৰি, সেয়াও জনাওক। ইয়াৰ পাছত আপুনি নিজৰ লʼৰা-ছোৱালীক সোধক যে তেওঁলোকক কোনটো জন্তু বা গছ-গছনি সকলোতকৈ বেছি ভাল লাগে। যেতিয়া আপুনি তেওঁলোকক জনাব যে তেওঁলোকে ভাল পোৱা জন্তু বা গছ-গছনিৰ পৰা যিহোৱাৰ কি গুণ শিকিব পাৰি, তেতিয়া তেওঁলোকে হয়তো আপোনাৰ কথা মন দি শুনিব।
৬. ভাই খ্ৰীষ্টোফাৰৰ মাকৰ পৰা আমি কি শিকিব পাৰোঁ?
৬ লʼৰা-ছোৱালীক কোনো জন্তু বা গছ-গছনিৰ পৰা যিহোৱাৰ বিষয়ে শিকাবলৈ সেইবোৰৰ বিষয়ে বহু সময় ধৰি অনুসন্ধান কৰাৰ প্ৰয়োজন আছেনে? প্ৰয়োজন নাই। যীচুৱে নিজৰ শিষ্যসকলক কাউৰীয়ে কি খায়, কেনেকৈ খায় বা কনাৰি ফুল কেনেকৈ বাঢ়ে, তাৰ বিষয়ে দীঘলীয়া ভাষণ দিয়া নাছিল। আপোনাৰ লʼৰা-ছোৱালীয়ে হয়তো প্ৰকৃতিৰ বিষয়ে শিকি ভাল পায়। কিন্তু প্ৰতিবাৰে তেওঁলোকক আপুনি বেছি কথা জনোৱাৰ প্ৰয়োজন নাই। কেতিয়াবা হয়তো সেই জন্তু বা গছ-গছনিৰ বিষয়ে অলপ কথা জনোৱা বা এটা সাধাৰণ প্ৰশ্ন কৰাই যথেষ্ট। খ্ৰীষ্টোফাৰ নামৰ এজন ভায়ে কয় যে সৰুতে তেওঁৰ মাকে তেওঁক কেনেকৈ শিকাইছিল। তেওঁ এইদৰে কয়, “আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ বস্তুবোৰৰ বিষয়ে মায়ে কিছুমান কথা কৈছিল যাতে আমি সেইবোৰৰ বিষয়ে কৃতজ্ঞতা দেখুৱাব পাৰোঁ। যেনে, যেতিয়া আমি পাহাৰীয়া ঠাইলৈ গৈছিলোঁ, তেতিয়া তেওঁ এইদৰে কৈছিল, ‘চোৱাচোন, পাহাৰবোৰ কিমান ধুনীয়া, কিমান ওখ ওখ! যিহোৱা কিমান মহান নহয়নে বাৰু?’ বা যেতিয়া আমি সাগৰৰ পাৰত গৈছিলোঁ, তেতিয়া তেওঁ এইদৰে কৈছিল, ‘সেই ওখ ওখ ঢৌবোৰলৈ চোৱাচোন, যিহোৱা কিমান শক্তিশালী নহয়নে বাৰু?’” ভাইজনে এইদৰে কয়, “তেওঁ কোনো এটা বস্তুৰ বিষয়ে বেছি কথা কোৱা নাছিল। তথাপি আমি তাৰ বিষয়ে ভাবিবলৈ ধৰিছিলোঁ। এইদৰে আমি বহুতো কথা শিকিব পাৰিলোঁ।”
৭. যিহোৱাই বনোৱা বস্তুবোৰৰ প্ৰতি ধ্যান দিবলৈ আপুনি নিজৰ লʼৰা-ছোৱালীক কেনেকৈ শিকাব পাৰে?
৭ আপোনাৰ লʼৰা-ছোৱালী ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকক যিহোৱাই বনোৱা বস্তুবোৰৰ প্ৰতি ধ্যান দিবলৈ আৰু তাৰ পৰা যিহোৱাৰ বিষয়ে কি জানিব পাৰি, তাৰ বিষয়ে ভাবিবলৈ শিকাওক। আপুনি প্ৰকৃতিৰ কোনো এটা বস্তুৰ বিষয়ে কথা পাতিব পাৰে আৰু তেওঁলোকক সুধিব পাৰে যে ‘ইয়াৰ পৰা তুমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰা?’ তেওঁলোকৰ উত্তৰ শুনি হয়তো আপুনি আচৰিত হʼব।—মথি ২১:১৬.
সৃষ্টিৰ পৰা লʼৰা-ছোৱালীক কেতিয়া শিকাব?
৮. “বাটত যাওঁতে” ইস্ৰায়েলী পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক কি শিকাইছিল?
৮ প্ৰাচীন সময়ত ইস্ৰায়েলীসকলক “বাটত যাওঁতে” নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ আজ্ঞাৰ বিষয়ে শিকাবলৈ কোৱা হৈছিল। (দ্বিতী. ১১:১৯) ইস্ৰায়েল দেশত বহুতো ৰাস্তা আছিল আৰু ৰাস্তাৰ আশা-পাশে বহুতো জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু ফুলবোৰ দেখিবলৈ পোৱা গৈছিল। সেইবাবে, পিতৃ-মাতৃয়ে নিজৰ পৰিয়ালৰ লগত সেই বাটেদি যাওঁতে নিজৰ লʼৰা-ছোৱালীৰ লগত সেই বস্তুবোৰৰ বিষয়ে কথা পাতিছিল, যাতে তেওঁলোকে এইবোৰৰ বিষয়ে বেছিকৈ জানিব বিচাৰে। আজিও পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ লগত কʼৰবালৈ গʼলে, যিহোৱাই বনোৱা বস্তুবোৰৰ বিষয়ে তেওঁলোকৰ লগত কথা পাতিব পাৰে। আহক চাওঁ কিছুমান পিতৃ-মাতৃয়ে এয়া কেনেকৈ কৰিলে।
৯. আপুনি ভনী পুনীতা আৰু ভনী কাটয়াৰ পৰা কি শিকিব পাৰে?
৯ পুনীতা নামৰ এগৰাকী ভনী ভাৰতৰ এখন ডাঙৰ চহৰত থাকে। তেওঁ এইদৰে কয়, “নিজৰ পৰিয়ালক লগ কৰিবলৈ গাঁৱলৈ গʼলে, আমি যিহোৱাই বনোৱা বহুতো বস্তু দেখিবলৈ পাওঁ আৰু নিজৰ লʼৰা-ছোৱালীৰ লগত সেইবোৰৰ বিষয়ে কথা পাতোঁ। মই ভাবোঁ যেতিয়া লʼৰা-ছোৱালীয়ে চহৰৰ ভীৰ-ভাৰ এলেকা আৰু হুলস্থূল পৰিৱেশৰ পৰা দূৰত থাকে, তেতিয়া তেওঁলোকে যিহোৱাই বনোৱা বস্তুবোৰলৈ ভালদৰে ধ্যান দিব পাৰে।” পিতৃ-মাতৃসকল, যেতিয়া আপুনি নিজৰ লʼৰা-ছোৱালীৰ লগত সুন্দৰ ঠাইত ফুৰিবলৈ যায়, তেতিয়া আপোনালোকৰ লগত কটোৱা ভাল সময়বোৰ তেওঁলোকে কেতিয়াও পাহৰি নাযায়। মলডবাত থকা কাটয়া নামৰ ভনীগৰাকীয়ে এইদৰে কয়, “সৰুতে মা-দেউতাৰ লগত গাৱত কটোৱা সময়বোৰ মোৰ আজিও মনত আছে। যিহোৱাই বনোৱা বস্তুবোৰ মন দি চাবলৈ মা-দেউতাই মোক শিকাইছিল, যাতে ইয়াৰ পৰা মই যিহোৱাক ভালদৰে জানিব পাৰোঁ। এইদৰে শিকোৱাৰ বাবে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ।”
১০. যদি আপোনাৰ পৰিয়ালে চহৰৰ পৰা দূৰলৈ যাব নোৱাৰে, তেনেহʼলে আপুনি কি কৰিব? (“ পিতৃ-মাতৃসকলৰ বাবে পৰামৰ্শ” নামৰ বক্সটো চাওক।)
১০ কিন্তু আপুনি যদি চহৰৰ পৰা দূৰত যাব নোৱাৰে, তেনেহʼলে কি কৰিব? ভাৰতত থকা আমূল নামৰ ভাইজনে এইদৰে কৈছে, “আমাৰ ইয়াত সাধাৰণতে লোকসকলে গোটেই দিন কাম কৰিবলগীয়া হয় আৰু চহৰৰ বাহিৰত ফুৰিবলৈ যাবলৈ বহুতো টকাৰ প্ৰয়োজন। কিন্তু আপোনাক দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। আপুনি ঘৰৰ চাদত বা কোনো এক সৰু পাৰ্কলৈ গৈ নিজৰ লʼৰা-ছোৱালীৰ লগত যিহোৱাই বনোৱা বস্তুবোৰ চাব পাৰে আৰু তেওঁৰ গুণৰ বিষয়ে কথা পাতিব পাৰে। যদি আপুনি নিজৰ ঘৰৰ চাৰিওফালে চাই, তেনেহʼলে এনে বহুতো বস্তু পাব, যাৰ যোগেদি আপুনি নিজৰ লʼৰা-ছোৱালীক শিকাব পাৰে। যেনে: পোক-পৰুৱা, গছ-গছনি আৰু চৰাই।” (গীত. ১০৪:২৪) জাৰ্মানীত থকা কৰিণা নামৰ ভনী এগৰাকীয়ে এইদৰে কয়, “মোৰ মায়ে ফুল বহুত ভাল পায়। সেইবাবে, সৰুতে আমি একেলগে ফুৰিবলৈ যাওঁতে মায়ে মোক সদায় ধুনীয়া ধুনীয়া ফুলবোৰ দেখুৱাইছিল।” পিতৃ-মাতৃসকল, আপোনালোকে সৃষ্টিৰ বিষয়ে দিয়া সংগঠনৰ ভিডিঅʼ আৰু লেখবোৰৰ যোগেদি নিজৰ লʼৰা-ছোৱালীক শিকাব পাৰে। আপুনি যʼতেই নাথাকক কিয়, আপুনি যিহোৱাই বনোৱা বস্তুবোৰৰ বিষয়ে ধ্যান দিবলৈ নিজৰ লʼৰা-ছোৱালীক শিকাব পাৰে। এতিয়া আহক আমি যিহোৱাৰ এনে কিছুমান গুণৰ বিষয়ে আলোচনা কৰিম, যাৰ বিষয়ে আপুনি সৃষ্টিৰ পৰা নিজৰ লʼৰা-ছোৱালীক শিকাব পাৰে।
যিহোৱাৰ “অদৃশ্য গুণবোৰ স্পষ্টকৈ দেখা যায়”
১১. যিহোৱাই আমাক প্ৰেম কৰে বুলি পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ অনুভৱ কৰাব পাৰে?
১১ পিতৃ-মাতৃসকল যিহোৱাই আমাক প্ৰেম কৰে বুলি আপুনি নিজৰ লʼৰা-ছোৱালীক কেনেকৈ অনুভৱ কৰাব পাৰে? বহুতো জীৱ-জন্তুৱে নিজৰ পোৱালিক কেনেদৰে যত্ন লয়, সেয়া আপুনি তেওঁলোকক দেখুৱাব পাৰে। (মথি ২৩:৩৭) ইয়াৰ উপৰিও প্ৰকৃতিৰ বিভিন্ন বস্তুৰ বিষয়ে আপুনি কʼব পাৰে, যিবোৰ চাই আমাক ভাল লাগে। ওপৰত উল্লেখ কৰা ভনী কৰিণাই এইদৰে কৈছে, “যেতিয়া মাৰ লগত মই ফুৰিবলৈ ওলাইছিলোঁ, তেতিয়া আমি সদায় অলপ সময় ৰখি ফুলবোৰলৈ চাইছিলোঁ। মায়ে কৈছিল, “চোৱাচোন ফুলবোৰ কিমান ধুনীয়া আৰু এটাই আনটোৰ পৰা একেবাৰে বেলেগ। ইয়াৰ পৰা বুজিব পাৰি যে যিহোৱাই আমাক বহুত প্ৰেম কৰে। বহুবছৰৰ পাছতো আজি যেতিয়া মই ফুলবোৰলৈ চাওঁ, তেতিয়া মন কৰোঁ যে ফুলবোৰৰ ৰং আৰু গঠন এটাই আনটোৰ পৰা একেবাৰে বেলেগ। প্ৰতিবাৰে যেতিয়া মই ফুলবোৰলৈ চাওঁ, তেতিয়া মোৰ অনুভৱ হয় যে যিহোৱাই আমাক কিমান প্ৰেম কৰে।”
১২. যিহোৱা বুদ্ধিমান হয় বুলি পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ বুজাব পাৰে? (গীতমালা ১৩৯:১৪) (ছবিখনো চাওক)
১২ যিহোৱা মানুহতকৈ বহু গুণে বুদ্ধিমান। (ৰোম. ১১:৩৩) আপুনি এয়া নিজৰ সন্তানক কেনেকৈ বুজাব পাৰে? আপুনি তেওঁলোকক ডাৱৰৰ বিষয়ে কʼব পাৰে। পানী আকাশত জমা হৈ ডাৱৰৰ সৃষ্টি হয়, তাৰ পাছত ই সহজে এঠাইৰ পৰা আন ঠাইলৈ গৈ বৰষুণ হৈ পৃথিৱীত পৰে। (ইয়ো. ৩৮:৩৬, ৩৭) মানুহক কেনেকৈ অদ্ভুতৰূপে সৃষ্টি কৰা হৈছে, তাৰ বিষয়েও আপুনি তেওঁলোকক জনাব পাৰে। (গীতমালা ১৩৯:১৪ পঢ়ক।) মন কৰক যে ব্লাদিমীৰ নামৰ এজন ভায়ে নিজৰ লʼৰাজনক এই কথাষাৰ কেনেকৈ বুজালে। তেওঁ এইদৰে কৈছে, “এদিনাখন আমাৰ লʼৰাই চাইকেল চলাই থাকোঁতে পৰি গʼল আৰু অলপমান দুখ পাইছিল। কিন্তু কিছুদিনৰ পাছত সেয়া ঠিক হৈ গʼল, তাৰ পাছত মই আৰু তেওঁৰ মাকে বুজালোঁ যে যিহোৱাই আমাৰ শৰীৰক এনেদৰে বনাইছে, যাতে ই দুখ পালে নিজে নিজে ঠিক হৈ যায়। তাৰ পাছত আমি তেওঁক কʼলোঁ, “মানুহে বহুতো বস্তু বনাইছে, কিন্তু সেইবোৰ নিজে নিজে ঠিক হৈ নাযায়। যেনে: এক্সিডেন্ট হোৱাৰ পাছত কোনো এখন গাড়ী নিজে নিজে ঠিক নহয়। এইদৰে আমি নিজৰ লʼৰাজনক বুজাব পাৰিলোঁ যে যিহোৱা কিমান বুদ্ধিমান।”
১৩. যিহোৱা শক্তিশালী হয় বুলি পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ শিকাব পাৰে? (যিচয়া ৪০:২৬)
১৩ যিহোৱাৰ শক্তিৰ সহায়ত তৰাবোৰ কেনেকৈ নিজৰ নিজৰ ঠাইত আছে, তাৰ বিষয়ে ভাবিবলৈ যিহোৱাই আমাক আকাশলৈ চাবলৈ কৈছে। (যিচয়া ৪০:২৬ পঢ়ক।) আকাশলৈ চাবলৈ আৰু যিহোৱাই যিবোৰ বনাইছে, সেইবোৰ ভাবিবলৈ আপুনি নিজৰ লʼৰা-ছোৱালীকো কওক। টাইৱানত থকা ভনী চিয়ং-চিয়ঙৰ মাকে তেওঁক এইদৰেই কৰিবলৈ উৎসাহিত কৰিছিল। সৰু কালৰ এটা ঘটনা আজিও তেওঁৰ মনত আছে। তেওঁ এইদৰে কয়, “এবাৰ মা আৰু মই চহৰৰ পৰা দূৰত ফুৰিবলৈ গৈছিলোঁ আৰু তম্বুত আছিলোঁ। সেই ঠাইত চহৰৰ দৰে ইমান লাইটৰ সুবিধা নাছিল, সেইবাবে আমি ৰাতি আকাশত বহুতো তৰা দেখিবলৈ পাইছিলোঁ। সৰু কালত ক্লাছৰ লʼৰা-ছোৱালীৰ কথা শুনি যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ এৰি দিম বুলি মোৰ অলপ চিন্তা হৈছিল। মায়ে মোক এই বিষয়ে ভাবিবলৈ কʼলে যে যদি যিহোৱাই ইমান তৰাবোৰক বনাইছে, তেনেহʼলে তেওঁৰ ওচৰত কিমান শক্তি আছে আৰু তেওঁ সমস্যাবোৰ পাৰ কৰিবলৈ মোক নিশ্চয় শক্তি দিব। সেই চুটিৰ সময়ছোৱাত যিহোৱাই বনোৱা বস্তুবোৰৰ বিষয়ে ধ্যান দি তেওঁৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ মোৰ মন গʼল, আৰু যিয়ে পৰিস্থিতি নহওক কিয় মই সদায় তেওঁৰ সেৱা কৰিম বুলি থিৰাং কৰিলোঁ।”
১৪. যিহোৱা আনন্দত থাকে বুলি পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীক সৃষ্টিৰ পৰা কেনেকৈ শিকাব পাৰে?
১৪ যিহোৱাই বনোৱা বস্তুবোৰৰ পৰা জানিব পাৰি যে তেওঁ আনন্দত থাকে আৰু আমিও আনন্দত থকাটো তেওঁ বিচাৰে। বৈজ্ঞানিকসকলে দেখিছে যে বেছিভাগ জীৱ-জন্তুৱে খেলা-ধুলা কৰে, আনকি চৰাই আৰু মাছবোৰেও। (ইয়ো. ৪০:২০) আপোনাৰ লʼৰা-ছোৱালীয়ে কেতিয়াবা বান্দৰক কিবা কিবি উল্টা-পুল্টা কৰা দেখিছেনে বা কুকুৰ পোৱালিক খেলি থকা দেখিছেনে? সেইবোৰ দেখি আপোনাৰ লʼৰা-ছোৱালীয়ে হাঁহিছিল নে? আপোনাৰ লʼৰা-ছোৱালীয়ে জীৱ-জন্তুক কিবা কিবি কৰি থকা দেখি যদি কেতিয়াবা হাঁহিব, তেনেহʼলে আপুনি তেওঁলোকক কওক যে আমি যিজন ঈশ্বৰক সেৱা কৰোঁ, তেৱোঁ আনন্দত থাকে।—১ তীম. ১:১১.
লʼৰা-ছোৱালীৰ লগত মিলি যিহোৱাই বনোৱা বস্তুবোৰৰ আনন্দ লওক
১৫. পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ মনৰ কথা কেনেকৈ জানিব পাৰে? (হিতোপদেশ ২০:৫) (ছবিখনো চাওক।)
১৫ পিতৃ-মাতৃয়ে কেতিয়াবা কেতিয়াবা বুজি নাপায় যে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত কেনেকৈ কথা পাতিব, যাতে লʼৰা-ছোৱালীয়ে নিজৰ সমস্যাৰ বিষয়ে তেওঁলোকক খুলি কʼব পাৰে। যদি আপোনাৰ লগতো এইদৰে হয়, তেনেহʼলে আপুনি কি কৰিব? আপোনাৰ লʼৰা-ছোৱালীৰ মনত কি চলি আছে আৰু তেওঁলোকে কি ভাবিছে, সেয়া জানিবলৈ চেষ্টা কৰক। (হিতোপদেশ ২০:৫ পঢ়ক।) বহুতো পিতৃ-মাতৃয়ে মন কৰিছে যে যেতিয়া তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত প্ৰকৃতিৰ আনন্দ লয়, তেতিয়া তেওঁলোকে সহজে লʼৰা-ছোৱালীৰ মনৰ কথা জানিব পাৰে। কাৰণ তাত ধ্যান বিচলিত কৰিব পৰা ইমান বস্তু নাথাকে আৰু পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে খুলি কথা পাতিব পাৰে। টাইৱানত থকা ভাই মোজাহিয়ে কয় যে, “লʼৰা-ছোৱালীৰ লগত বাহিৰত সময় কটালে আৰু এটা লাভ আছে।” তেওঁ এইদৰে কয়, “যেতিয়া আমি লʼৰা-ছোৱালীৰ লগত পাহাৰ বা সমুদ্ৰৰ পাৰ, এনেধৰণৰ ঠাইবোৰত সময় কটাও, তেতিয়া তেওঁলোকৰ মনটো ভাল থাকে। সেইবাবে, আমি তেওঁলোকৰ লগত ভালদৰে কথা পাতিব পাৰোঁ আৰু তেওঁলোকৰ মনত কি চলি আছে জানিব পাৰোঁ। ওপৰত উল্লেখ কৰা কাটয়া নামৰ ভনীয়ে এইদৰে কয়, “স্কুলৰ পাছত মায়ে মোক এখন সুন্দৰ পাৰ্কলৈ নিছিল, তাত মোক বহুত ভাল লাগিছিল আৰু মই সহজে মাৰ লগত কথা পাতিব পাৰিলোঁ যে সেইদিনাখন স্কুলত কি হʼল বা কি কথাই মোক চিন্তিত কৰি তুলিছে।”
১৬. লʼৰা-ছোৱালীৰ লগত সময় কটাবলৈ আৰু সৃষ্টিৰ আনন্দ লʼবলৈ পিতৃ-মাতৃয়ে কি কৰিব পাৰে?
১৬ যেতিয়া পৰিয়ালত সকলোৱে মিলি যিহোৱাই বনোৱা বস্তুবোৰ চাই আৰু তাৰ আনন্দ লয়, তেনেহʼলে সকলোকে বহুত ভাল লাগে আৰু সকলোৱে এজনে-আনজনৰ বেছি কাষ চাপি আহে। বাইবেলতো লিখা আছে যে “হাঁহিবৰ সময়” আৰু “নাচিবৰ সময়” বা খেলা-ধুলাৰ সময়ো থাকে। (উপ. ৩:১, ৪) যিহোৱাই এনে বহুতো বস্তু বনাইছে, যিবোৰ চাই আমি বহুত আনন্দিত হওঁ। যেনে: পাহাৰ, সমুদ্ৰ আৰু জংগল। বহুতো পৰিয়ালে এনেধৰণৰ ঠাইত গৈ সময় কটাবলৈ ভাল পায়। বহুতো লʼৰা-ছোৱালীয়ে পাৰ্কত খেলা-ধুলা কৰি, জীৱ-জন্তুক চাই আৰু নদ-নদী বা সমুদ্ৰত সাঁতুৰী ভাল পায়। সঁচাকৈ যিহোৱাই এনে বহুতো ঠাই বনাইছে, যʼত আমি পৰিয়ালৰ সকলোৱে একেলগে মিলি আনন্দ কৰিব পাৰোঁ।
১৭. পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীক সৃষ্টিৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ শিকোৱাটো কিয় প্ৰয়োজন?
১৭ নতুন পৃথিৱীত পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ লগত যিহোৱাই বনোৱা বস্তুবোৰৰ আৰু বেছিকৈ আনন্দ লʼব পাৰিব। তাত জীৱ-জন্তুলৈ আমাৰ কোনো ভয় নাথাকিব আৰু জীৱ-জন্তুৱেও আমাক ভয় নকৰিব। (যিচ. ১১:৬-৯) সেই সময়ত যিহোৱাই বনোৱা বস্তুবোৰ মন দি চাবলৈ আৰু তাৰ আনন্দ লʼবলৈ আমাৰ ওচৰত বহুতো বস্তু থাকিব। (গীত. ২২:২৬) কিন্তু পিতৃ-মাতৃসকল, আপোনালোকে কেৱল সেই দিনলৈকে অপেক্ষা নকৰিব। যিহোৱাই বনোৱা বস্তুবোৰৰ আনন্দ লʼবলৈ আৰু যিহোৱাৰ বিষয়ে ভালদৰে শিকিবলৈ নিজৰ লʼৰা-ছোৱালীক এতিয়াৰে পৰা শিকাওক। এইদৰে কৰিলে তেওঁলোকেও দায়ূদৰ দৰে কʼব পাৰিব। তেওঁ এইদৰে কৈছিল, ‘হে যিহোৱা, তোমাৰ কাৰ্য্যৰ নিচিনা কোনো কাৰ্য্য নাই।’—গীত. ৮৬:৮.
গীত ১৩৪ সন্তান যিহোৱাই দিয়া আধিপত্য
a বহুতো ভাই-ভনী যেতিয়া সৰু আছিল, তেতিয়া তেওঁলোকৰ মা-দেউতাই কেনেকৈ প্ৰকৃতিৰ বস্তু দেখুৱাই যিহোৱাৰ বিষয়ে শিকাইছিল, সেই কথা তেওঁলোকৰ আজিও মনত আছে। তেওঁলোকে নিজৰ মা-দেউতাৰ লগত যি ভাল সময় কটাইছিল, সেইবোৰ তেওঁলোকে আজিও পাহৰা নাই। যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে প্ৰকৃতিৰ বস্তুবোৰ দেখুৱাই যিহোৱাৰ কি কি গুণ আছে, সেয়া আপুনি তেওঁলোকক কেনেকৈ শিকাব পাৰে? ইয়াৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম।