Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৯

গীত ৭৫ “মই আছোঁ, মোকে পঠাওক”

আপুনি যিহোৱালৈ সমৰ্পণ কৰিবলৈ সাজু আছে নে?

আপুনি যিহোৱালৈ সমৰ্পণ কৰিবলৈ সাজু আছে নে?

“মই যিহোৱাৰ পৰা যি সকলো মঙ্গল পালোঁ, সেইবোৰৰ সলনি মই তেওঁক কি দিম?”গীত. ১১৬:১২.

কি শিকিম?

এই লেখত আমি আলোচনা কৰিম যে আপুনি যিহোৱাৰ বাবে নিজৰ প্ৰেম কেনেকৈ বঢ়াব পাৰে। এইদৰে কৰিলে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ আপোনাৰ মন যাব।

১-২. বাপ্তিষ্মা লোৱাৰ আগতে কি কৰাটো অতি গুৰুত্বপূৰ্ণ?

 যোৱা পাঁচ বছৰত ১০ লাখতকৈ বেছি লোকে বাপ্তিষ্মা লʼলে আৰু যিহোৱাৰ সাক্ষী হʼল। তেওঁলোকৰ মাজৰ বহুতো লোকক তীমথিয়ৰ দৰে “শিশু-কালৰে পৰা” সত্য শিকোৱা হৈছিল। (২ তীম. ৩:১৪, ১৫) কিছুমান লোকে ডাঙৰ হোৱাৰ পাছত সত্য পালে আৰু কিছুমান এনে লোকো আছিল, যিসকলে বৃদ্ধ বয়সত যিহোৱাক জানিবলৈ সুযোগ পালে। যেনে, কিছু বছৰৰ আগতে ৯৭ বছৰ বয়সৰ তিৰোতাই বাপ্তিষ্মা লʼলে আৰু যিহোৱাৰ সাক্ষী হʼল।

যদি আপুনি এজন বাইবেল বিদ্যাৰ্থী হয় বা মা-দেউতাই আপোনাৰ অধ্যয়ন কৰি আছে, তেনেহʼলে আপুনি বাপ্তিষ্মা লোৱাৰ কথা ভাবিছেনে? যদি ভাবিছে, তেনেহʼলে এয়া বৰ ভাল কথা। কিন্তু বাপ্তিষ্মা লোৱাৰ আগতে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব লাগিব। এই লেখত আপুনি শিকিব যে সমৰ্পণ কৰাৰ অৰ্থ কি আৰু এয়া কেনেকৈ কৰা হয়। এই লেখত আপুনি এয়াও শিকিব যে যদি আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ সাজু আছে, তেনেহʼলে আপুনি ইয়াৰ বাবে ৰৈ থকাৰ কোনো প্ৰয়োজন নাই।

সমৰ্পণ কৰাৰ অৰ্থ কি?

৩. এনে কিছুমান লোকৰ বিষয়ে কওক, যিসকল যিহোৱালৈ সমৰ্পিত আছিল?

বাইবেলত কোৱা হৈছে যে প্ৰাচীন সময়ত যিসকল লোক যিহোৱাক সমৰ্পিত আছিল, তেওঁলোকক এটা বিশেষ উদ্দেশ্যৰ বাবে বেলেগ কৰা হৈছিল। ইস্ৰায়েল ৰাষ্ট্ৰ যিহোৱাক সমৰ্পিত আছিল। কিন্তু সেই ৰাষ্ট্ৰৰ কিছুমান লোকক এটা বিশেষ অৰ্থত যিহোৱাৰ বাবে বেলেগ কৰা হৈছিল। তেওঁলোকৰ মাজৰ এজন আছিল হাৰোণ। তেওঁ পাগুৰি মাৰিছিল, যাৰ আগফালে সোণৰ পতা লগোৱা হৈছিল। এই পতা সমৰ্পণৰ “পবিত্ৰ” চিন আছিল। সোণৰ এই পতাৰ পৰা গম পোৱা গৈছিল যে এটা বিশেষ সেৱাৰ বাবে হাৰোণক বেলেগ কৰা হৈছে অৰ্থাৎ তেওঁ ইস্ৰায়েলীসকলৰ মহাপুৰোহিত হয়। (লেবী. ৮:৯) নাচৰীয়া লোকসকলেও এটা বিশেষ অৰ্থত যিহোৱাৰ সমৰ্পিত লোক আছিল। ‘নাচৰীয়া’ শব্দটো হিব্ৰু শব্দ হয়, যাৰ অৰ্থ হৈছে, “বেলেগ কৰা” বা “সমৰ্পিত কৰা।” মোচিৰ নিয়মত নাচৰীয়াসকলক কিছুমান নিৰ্দেশনা দিয়া হৈছিল, যিবোৰ তেওঁলোকক মানিবলগীয়া হৈছিল।—গণ. ৬:২-৮.

৪. (ক) যিসকল লোকে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে, তেওঁলোকে কি উদ্দেশ্যৰ বাবে জীৱন-যাপন কৰে? (খ) নিজকে অস্বীকাৰ কৰাৰ অৰ্থ কি?

আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰাৰ পাছত এটা বিশেষ উদ্দেশ্যৰ বাবে জীৱন-যাপন কৰে? সেয়া কি বাৰু? আপুনি যীচুৰ শিষ্য হৈ পৰে আৰু ঈশ্বৰৰ ইচ্ছা পূৰ কৰাটোৱেই আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰে। যিসকল লোকে যীচুৰ শিষ্য হয়, তেওঁলোকৰ পৰা কি আশা কৰা হয়? যীচুৱে এইদৰে কৈছিল, “যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক।” (মথি ১৬:২৪) ইয়াৰ অৰ্থ হৈছে আপুনি যেতিয়া নিজৰ জীৱন সমৰ্পণ কৰিব, তেতিয়া আপুনি এনে কামবোৰ কৰাৰ পৰা আঁতৰি থাকিব, যিবোৰ যিহোৱাই ভাল নাপায়। যেনে, “মাংসৰ কাৰ্য্যবোৰ” অৰ্থাৎ অনৈতিক শাৰীৰিক সম্পৰ্কৰ দৰে বেয়া কামবোৰ। (গালা. ৫:১৯-২১; ১ কৰি. ৬:১৮; ২ কৰি. ৫:১৪, ১৫) এইবোৰ চাই আপুনি ভাবে নে যে আপোনাৰ ওপৰত বহুতো নিষেধ বা বাধা আহি যাব। যদি আপুনি যিহোৱাক প্ৰেম কৰে আৰু আপোনাৰ বিশ্বাস আছে যে তেওঁৰ নিয়মবোৰ পালন কৰিলে আমাৰে লাভ হʼব, তেনেহʼলে আপুনি কেতিয়াও তেনেদৰে নাভাবিব। (গীত. ১১৯:৯৭; যিচ. ৪৮:১৭, ১৮) ইয়াৰ বিষয়ে নিকʼলাছ নামৰ ভায়ে এইদৰে কৈছে, “আপুনি যদি বিচাৰে যিহোৱাৰ মানদণ্ডবোৰক জেলৰ দৰে ভাবিব পাৰে, যিয়ে আপোনাক বন্দী কৰি ৰাখে বা সিংহৰ পিঞ্জৰাৰ দৰে, যিয়ে আপোনাক সুৰক্ষিত কৰি ৰাখে।”

আপুনি যিহোৱাৰ মানদণ্ডবোৰ জেলৰ দৰে ভাবে নে সিংহৰ পিঞ্জৰাৰ দৰে? (অনুচ্ছেদ ৪ চাওক)


৫. (ক) আপুনি কেনেকৈ যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰিব পাৰে? (খ) সমৰ্পণ আৰু বাপ্তিষ্মাৰ মাজত কি পাৰ্থক্য আছে? (ছবিখনো চাওক।)

আপুনি যিহোৱালৈ নিজৰ জীৱন কেনেকৈ সমৰ্পণ কৰিব পাৰে? আপুনি তেওঁক এটা বিশেষ প্ৰাৰ্থনা কৰিব পাৰে আৰু তেওঁক প্ৰতিজ্ঞা কৰিব পাৰে যে আপুনি এতিয়াৰে পৰা কেৱল তেওঁৰ উপাসনা কৰিব আৰু তেওঁৰ ইচ্ছাক নিজৰ জীৱনত প্ৰথম স্থান দিব। যেতিয়া আপুনি এইদৰে কৰে, তেতিয়া আপুনি তেওঁক যেন এইদৰে কʼব আপুনি “নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ মগজু আৰু নিজৰ সম্পূৰ্ণ শক্তিৰে” তেওঁক প্ৰেম কৰি থাকিব। (মাৰ্ক ১২:৩০) যেতিয়া আপুনি সমৰ্পণ কৰে, তেতিয়া আপুনি অকলে থাকে। এয়া আপোনাৰ আৰু যিহোৱাৰ মাজত কথা হয়। কিন্তু বাপ্তিষ্মা সকলোৰে আগত লোৱা হয়। ইয়াৰ পৰা লোকসকলে জানিব পাৰে যে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলে। সমৰ্পণ যিহোৱালৈ কৰা এটা বিশেষ প্ৰতিজ্ঞা হয়। আপুনি নিজৰ প্ৰতিজ্ঞা অনুসৰি নিশ্চয় জীৱন-যাপন কৰিব বিচাৰে আৰু যিহোৱাই আপোনাৰ পৰা এয়াই আশা কৰে।—উপ. ৫:৪, ৫

সমৰ্পণ কৰাৰ অৰ্থ হৈছে এতিয়াৰে পৰা আপুনি কেৱল যিহোৱাৰে উপাসনা কৰিব আৰু তেওঁৰ ইচ্ছাক নিজৰ জীৱনত প্ৰথম স্থান দিব বুলি প্ৰতিজ্ঞা কৰা (অনুচ্ছেদ ৫ চাওক)


নিজৰ জীৱন কিয় যিহোৱালৈ সমৰ্পণ কৰা উচিত?

৬. যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ কি?

যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আপুনি তেওঁক প্ৰেম কৰে। কিন্তু আপুনি তেওঁক এনেই প্ৰেম কৰিবলৈ ধৰা নাই। আপুনি তেওঁৰ বিষয়ে সঠিক ‘জ্ঞান’ আৰু পবিত্ৰ শক্তিৰ পৰা পোৱা ‘বুদ্ধি’ লাভ কৰে আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকে। এইদৰে তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িবলৈ ধৰিলে। (কল. ১:৯, ১০) ভালদৰে অধ্যয়ন কৰাৰ যোগেদি আপোনাৰ বিশ্বাস হʼল যে (১) যিহোৱা সঁচাকৈ আছে, (২) তেৱেঁই বাইবেলখন লিখাইছে আৰু (৩) তেওঁ নিজৰ সংগঠনৰ যোগেদি নিজৰ ইচ্ছা পূৰ কৰি আছে।

৭. ঈশ্বৰলৈ নিজৰ জীৱন সমৰ্পণ কৰিবলৈ কি কৰিব লাগিব?

নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ এজন ব্যক্তিয়ে বাইবেলৰ প্ৰাথমিক শিক্ষাৰ বিষয়ে জানিব লাগিব আৰু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিব লাগিব। ইয়াৰ উপৰিও তেওঁ যিমান পাৰে সিমান ইয়াৰ বিষয়ে আনক জনাব লাগিব। (মথি ২৮:১৯, ২০) এইদৰে কৰিলে লাহে লাহে যিহোৱাৰ প্ৰতি তেওঁৰ প্ৰেম ইমানেই বাঢ়িব যে তেওঁ কেৱল যিহোৱাৰহে উপাসনা কৰিব বিচাৰিব। আপুনিও এইদৰে অনুভৱ কৰে নে? যদি আপুনি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম কৰে, তেনেহʼলে আপুনি অকল মা-দেউতা বা নিজৰ বাইবেল টিচাৰক আনন্দিত কৰিবলৈ বা বন্ধুসকলক আনন্দিত কৰিবলৈ এইদৰে নকৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি যিহোৱাক প্ৰেম কৰাৰ বাবেহে এই পদক্ষেপ লʼব।

৮. কিহৰ বিষয়ে চিন্তা কৰিলে আপোনাক নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ মন যাব? (গীতমালা ১১৬:১২-১৪)

যেতিয়া আপুনি ভাবিব যে যিহোৱাই আপোনাৰ বাবে কি কি কৰিছে, তেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব। (গীতমালা ১১৬:১২-১৪ পঢ়ক।) বাইবেলত কোৱা হৈছে যে “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” যিহোৱাৰ পৰাহে পোৱা যায়। (যাকো. ১:১৭) যিহোৱাই আমাক সকলোতকৈ উত্তম উপহাৰ দিছে আৰু সেয়া হৈছে তেওঁৰ পুত্ৰ যীচুৰ মুক্তিৰ মূল্যৰ বলিদান। চিন্তা কৰক, এই বলিদানৰ বাবে কি কি সম্ভৱ হʼল! আপুনি যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিলে আৰু অনন্ত জীৱন জীয়াই থকাৰ আশাও পালে। (১ যোহ. ৪:৯, ১০, ১৯) সঁচাকৈ প্ৰেমৰ ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু একোৱেই হʼব নোৱাৰে। যেতিয়া আপুনি ইয়াৰ বিষয়ে আৰু সেই আশীৰ্বাদবোৰৰ বিষয়ে চিন্তা কৰিব যিবোৰ যিহোৱাই আপোনাক দিছে, তেতিয়া যিহোৱাৰ প্ৰতি আপোনাৰ কৃতজ্ঞতা বাঢ়িব আৰু আপোনাক নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ মন যাব। (দ্বিতী. ১৬:১৭; ২ কৰি. ৫:১৫) ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপৰ পাঠ ৪৬, ভাগ ৪-ত পঢ়ক আৰু তাত দিয়া ৩ মিনিটৰ এই ভিডিঅʼখনো চাওক: আমি যিহোৱাক কি দিব পাৰোঁ?

আপুনি সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ সাজু আছে নে?

৯. বাপ্তিষ্মা লোৱাৰ ক্ষেত্ৰত এজন ব্যক্তিয়ে কিয় নিজকে আনৰ লগত তুলনা কৰিব নালাগে?

আপুনি হয়তো ভাবিব পাৰে যে সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ এতিয়া আপুনি সাজু নাই। হয়তো আপোনাৰ আৰু কিছুমান সাল-সলনি কৰিবলৈ আছে বা নিজৰ বিশ্বাস বঢ়াবলৈ আৰু অলপ সময় লাগিব। (কল. ২:৬, ৭) মনত ৰাখক, প্ৰতিজন বিদ্যাৰ্থী একে নিচিনা নহয়। কিছুমানে সোনকালে যিহোৱাৰ বাবে প্ৰেম বঢ়াব পাৰে, আনহাতে কিছুমানক ইয়াৰ বাবে অলপ সময়ৰ প্ৰয়োজন হয়। সকলো কিশোৰ-কিশোৰী বেলেগ বেলেগ বয়সত সমৰ্পণ কৰে আৰু বাপ্তিষ্মা লয়। সেইবাবে, নিজকে আনৰ লগত তুলনা নকৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি এয়া জানিবলৈ চেষ্টা কৰক যে আপোনাৰ কি কি সাল-সলনি কৰাৰ প্ৰয়োজন আছে আৰু সেইবোৰ কৰক।—গালা. ৬:৪, ৫.

১০. যদি আপোনাৰ অনুভৱ হয় যে আপুনি এতিয়া সমৰ্পণ কৰিবলৈ সাজু নাই, তেনেহʼলে আপুনি কি কৰিব পাৰে? (“ সেই কিশোৰ-কিশোৰীসকলৰ বাবে যিসকলে সৰুৰে পৰা সত্য শিকিলে” নামৰ বক্সখনো চাওক।)

১০ তথাপিও যদি আপোনাৰ অনুভৱ হয় যে আপুনি এতিয়া সমৰ্পণ কৰিবলৈ সাজু নাই, তেনেহʼলে নিৰাশ নহʼব। এই লক্ষ্য পাবলৈ পৰিশ্ৰম কৰি থাকক। আপোনাৰ যি সাল-সলনি কৰিবলগীয়া আছে, সেইবোৰ কৰিবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। (ফিলি. ২:১৩; ৩:১৬) বিশ্বাস ৰাখক, তেওঁ আপোনাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব আৰু আপোনাক সহায় কৰিব।—১ যোহ. ৫:১৪.

কিছুমান লোকে সমৰ্পণ কৰিবলৈ কিয় সংকোচ কৰে?

১১. বিশ্বাসী হৈ থাকিবলৈ যিহোৱাই কেনেকৈ আমাক সহায় কৰিব?

১১ কিছুমান লোকে সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ যোগ্য আছে, তথাপিও এই পদক্ষেপ লʼবলৈ তেওঁলোকে সংকোচ কৰে। তেওঁলোকে ভাবে যে ‘যদি মোৰ পৰা কিবা ডাঙৰ ভুল হৈ যায় আৰু মোক মণ্ডলীৰ পৰা উলিয়াই দিয়া হয়, তেনেহʼলে কি হʼব?’ যদি আপুনিও এইদৰে ভাবে, তেনেহʼলে চিন্তা নকৰিব। বিশ্বাস ৰাখক, যিহোৱাই আপোনাক “প্ৰভুৰ যোগ্যৰূপে আচৰণ” কৰিবলৈ নিশ্চয় সহায় কৰিব। (কল. ১:১০, ১১) যিদৰে তেওঁ নিজৰ সেৱকসকলক সঠিক কাম কৰিবলৈ সাহস দিছিল, সেইদৰে আপোনাকো সাহস দিব। (১ কৰি. ১০:১৩) যিহোৱাই নিজৰ সেৱকসকলক সহায় কৰে, সেইবাবে বহুত কম লোকক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা হয়। সঁচাকৈ, যিহোৱাই সকলো ফালৰ পৰা নিজৰ লোকসকলক তৈয়াৰ কৰে যাতে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে।

১২. আমি কোনো ডাঙৰ পাপ কৰাৰ পৰা কেনেকৈ বাচি থাকিব পাৰোঁ?

১২ যিকোনো মানুহৰ ওপৰত বেয়া কাম কৰাৰ প্ৰলোভন আহিব পাৰে, আপোনাৰ ওপৰতো। (যাকো. ১:১৪) কিন্তু আপুনি সেই বেয়া কাম কৰিব নে নকৰে, সেয়া আপোনাৰ হাতত আছে। আপুনি নিজেই নিৰ্ণয় লʼব পাৰে যে আপুনি কি কৰিব আৰু কেনেধৰণৰ জীৱন-যাপন কৰিব। কিছুমান লোকে হয়তো কʼব পাৰে যে তেওঁলোকে নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু এয়া তেওঁলোকৰ হাতত নাই। কিন্তু এনে নহয়, তেওঁলোকে নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু আপুনিও। তথাপিও আপোনাৰ মনলৈ যদি এনে ইচ্ছাবোৰ আহে, তেনেহʼলে তাৰ অনুসৰি কাম নকৰিবলৈ আপুনি নিজকে ৰখাব পাৰে। এইদৰে নকৰিবলৈ আপোনাক কিহে সহায় কৰিব? আপুনি প্ৰতিদিনে যিহোৱালৈ প্ৰাৰ্থনা কৰক, নিয়মীয়াকৈ তেওঁৰ বাক্য অধ্যয়ন কৰক, সভালৈ যাওক আৰু আপুনি যি বিশ্বাস কৰে, তাৰ বিষয়ে আনক জনাওক। যেতিয়া আপুনি নিয়মীয়াকৈ এই পদক্ষেপবোৰ লʼব, তেতিয়া সমৰ্পণৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ আপুনি শক্তি পাব। এয়াও মনত ৰাখক যে যিহোৱা আপোনাৰ লগত আছে আৰু তেওঁ আপোনাক নিশ্চয় সহায় কৰিব।—গালা. ৫:১৬.

১৩. আমি যোচেফৰ পৰা কি শিকিব পাৰোঁ?

১৩ যদি আপুনি আগতীয়াকৈ ভাবি থʼব যে যেতিয়া আপোনাক প্ৰলোভিত কৰা হʼব, তেতিয়া আপুনি কি কৰিব, তেনেহʼলে নিজৰ সমৰ্পণৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আপোনাৰ বাবে সহজ হৈ পৰিব। বাইবেলত এনে বহুতো লোকৰ বিষয়ে কোৱা হৈছে, যিসকলে এইদৰেই কৰিছিল। তেওঁলোকেও আমাৰ দৰে অসিদ্ধ আছিল, তথাপিও যেতিয়া তেওঁলোকক প্ৰলোভিত কৰা হʼল, তেতিয়া তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল। যোচেফৰ উদাহৰণলৈ মন কৰক। পোটীফৰৰ পত্নীয়ে তেওঁক বাৰে বাৰে ফুচলাবলৈ চেষ্টা কৰিছিল, কিন্তু যোচেফে জানিছিল যে এনে পৰিস্থিতিত তেওঁ কি কৰিব লাগিব। বাইবেলত কোৱা হৈছে যে তেওঁ স্পষ্টকৈ মানা কৰিলে। তেওঁ এইদৰে কʼলে, “মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম, আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?” (আদি. ৩৯:৮-১০) ইয়াৰ পৰা জানিব পাৰি যে যোচেফে আগতীয়াকৈ ভাবি থৈছিল যে এনে পৰিস্থিতিত তেওঁ কি কৰিব। সেইবাবে, পোটীফৰৰ পত্নীক তেওঁ লগে লগে মানা কৰিব পাৰিলে।

১৪. যেতিয়া আমাক প্ৰলোভিত কৰা হয়, তেতিয়া আমি যাতে বেয়া কাম নকৰোঁ, তাৰ বাবে আমি কি কৰিব পাৰোঁ?

১৪ আপুনি যোচেফৰ দৰে কি কৰিব পাৰে? আপুনি আগতীয়াকৈ ভাবি ৰাখিব পাৰে যে যদি আপোনাক প্ৰলোভিত কৰা হয়, তেনেহʼলে আপুনি কি কৰিব। যিহোৱাই ঘৃণা কৰা কামবোৰ কৰিবলৈ লগে লগে মানা কৰক আৰু সেইবোৰৰ বিষয়ে ভাবিও নাথাকিব। (গীত. ৯৭:১০; ১১৯:১৬৫) এইদৰে কৰিলে যেতিয়া আপোনাক প্ৰলোভিত কৰা হʼব, তেতিয়াও আপুনি নিজৰ কথাত থিৰে থাকিব পাৰিব। কাৰণ এনে পৰিস্থিতিত আপুনি কি কৰিব, তাৰ বিষয়ে আপুনি আগতীয়াকৈ জানে।

১৫. এজন ব্যক্তিয়ে কেনেকৈ দেখুৱাব পাৰে যে তেওঁ সম্পূৰ্ণ যত্নেৰে যিহোৱাক ‘বিচাৰি’ আছে? (ইব্ৰী ১১:৬)

১৫ আপুনি যি শিকি আছে সেয়াই সত্য হয় বুলি হয়তো আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু আপুনি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিব বিচাৰে। তথাপিও কিবা কাৰণৰ বাবে সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ আপুনি হয়তো সংকোচ কৰি আছে। যদি এইদৰে হৈ আছে, তেনেহʼলে আপুনি দায়ূদৰ দৰে যিহোৱালৈ মিনতি কৰিব পাৰে, “হে ঈশ্বৰ, মোৰ বুজ-বিচাৰ লৈ মোৰ মন জানা, মোক পৰীক্ষা কৰি মোৰ কল্পনা বুজা; আৰু মোত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু অনন্ত পথত মোক গমন কৰোৱা।” (গীত. ১৩৯:২৩, ২৪) এইদৰে যেতিয়া আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰিব আৰু সমৰ্পণ আৰু বাপ্তিষ্মা লোৱাৰ লক্ষ্য পাবলৈ পৰিশ্ৰম কৰিব, তেতিয়া আপুনি দেখুৱাব যে আপুনি সম্পূৰ্ণ যত্নেৰে তেওঁক ‘বিচাৰি’ আছে। তেতিয়া আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাক নিশ্চয় আশীৰ্বাদ দিব।—ইব্ৰী ১১:৬ পঢ়ক।

যিহোৱাৰ কাষ চাপি থাকক

১৬-১৭. যিসকল লʼৰা-ছোৱালীৰ মা-দেউতা সত্যত আছে, তেওঁলোককো যিহোৱাই আকৰ্ষিত কৰে বুলি আমি কিয় ক’ব পাৰোঁ? (যোহন ৬:৪৪)

১৬ যীচুৱে কৈছিল যে যিহোৱাই তেওঁৰ শিষ্যসকলক নিজৰ ফালে আকৰ্ষিত কৰে। (যোহন ৬:৪৪ পঢ়ক।) এয়া কিমান ডাঙৰ কথা যে যিহোৱাই সকলোৰে ভাল গুণবোৰলৈ লক্ষ্য কৰে আৰু তেওঁলোকক নিজৰ ফালে আকৰ্ষিত কৰে। তেওঁ আপোনাৰো কিবা ভাল গুণ চাইছে। তেওঁ প্ৰতিজন ব্যক্তিক, আপোনাকো “বিশেষ জাতি” বা বহুমূলীয়া সম্পত্তি বুলি ভাবে।—দ্বিতী. ৭:৬.

১৭ যদি আপোনাৰ মা-দেউতা সত্যত আছে, তেনেহʼলে আপোনাক লাগিব পাৰে যে মা-দেউতাৰ বাবেহে আপুনি যিহোৱাৰ উপাসনা কৰি আছে, যিহোৱাই আপোনাক নিজৰ ফালে আকৰ্ষিত কৰা নাই। কিন্তু ধ্যান দিয়ক যে বাইবেলত লিখা আছে, “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকো. ৪:৮; ১ বং. ২৮:৯) যেতিয়া আপুনি যিহোৱাৰ কাষ চাপিবলৈ চেষ্টা কৰিব, তেতিয়া তেওঁ আপোনাৰ কাষ চাপিব। এনে নহয় যে আপোনাৰ মা-দেউতাক যিহোৱাই নিজৰ ফালে আকৰ্ষিত কৰিছে বুলিহে আপুনি তেওঁৰ ফালে আকৰ্ষিত হৈছে। যিহোৱাই প্ৰতিজন ব্যক্তিক নিজৰ ফালে আকৰ্ষিত কৰে, সেই লোকসকলকো যিসকলৰ মা-দেউতাই তেওঁলোকক সত্য শিকায়। যেতিয়া এজন ব্যক্তি যিহোৱাৰ কাষ চাপিবলৈ চেষ্টা কৰিব, তেতিয়া যাকোব ৪:৮ পদত কোৱাৰ দৰে যিহোৱাও তেওঁৰ কাষ চাপে।—২ থিচলনীকীয়া ২:১৩ পদৰ লগত তুলনা কৰক।

১৮. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে শিকিম?

১৮ যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লয়, তেতিয়া আপুনি যীচুৰ দৰে উৎসাহ দেখুৱায়। যীচুৱে আনন্দেৰে নিজৰ জীৱন পিতৃ যিহোৱালৈ সমৰ্পণ কৰিলে যাতে তেওঁৰ ইচ্ছা পূৰ কৰিব পাৰে। (গীতমালা ৪০:৮ পঢ়ক; ইব্ৰী ১০:৭) পৰৱৰ্তী লেখত আমি শিকিম যে বাপ্তিষ্মাৰ পাছতো আপুনি কেনেকৈ বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰিব পাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰাৰ অৰ্থ কি?

  • যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰিবলৈ আমি কিয় তেওঁৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত?

  • আপুনি গম্ভীৰ পাপ কৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰে?

গীত ৩৮ তেওঁ তোমাক শক্তিশালী কৰিব