Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১১

গীত ১২৯ আমি ধৈৰ্য্য ধৰিম

নিৰাশ হʼলেও যিহোৱাৰ সেৱা কৰি থাকক!

নিৰাশ হʼলেও যিহোৱাৰ সেৱা কৰি থাকক!

“তুমি ধৈৰ্য্য ধৰি মোৰ নামৰ নিমিত্তে সহন কৰি” ভাগৰি নপৰিলা।প্ৰকা. ২:৩.

কি শিকিম?

কেতিয়াবা কেতিয়াবা আমি নিজৰ বা আনৰ ভুলৰ বাবে নিৰাশ হৈ যাব পাৰোঁ, কিন্তু তেতিয়াও আমি যিহোৱাৰ সেৱাত লাগি থাকিব পাৰোঁ।

১. যিহোৱাৰ সংগঠনৰ ভাগ হোৱাৰ বাবে আমি কি কি আশীৰ্বাদ পাইছোঁ?

 এই শেষ কালত পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। কিন্তু আমি অতি আনন্দিত যে আমি যিহোৱাৰ সংগঠনৰ ভাগ হওঁ। যিহোৱাই আমাক পৰিয়াল হিচাপে মণ্ডলীৰ ভাই-ভনীসকলক দিছে, যিসকলে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰে আৰু একতাত থাকে। (গীত. ১৩৩:১) ইয়াৰ লগতে তেওঁ আমাক শিকাই যে পতি-পত্নী আৰু লʼৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে। (ইফি. ৫:৩৩–৬:১) ইয়াৰ উপৰিও চিন্তাবোৰৰ সন্মুখীন হʼবলৈ আৰু আনন্দিত থাকিবলৈ তেওঁ আমাক জ্ঞান আৰু বুদ্ধিও দিয়ে।

২. যিহোৱাৰ সেৱা কৰি থাকিবলৈ আমি সকলোৱে কি কৰিব লাগিব আৰু কিয়?

এয়া সঁচা যে আমি যিহোৱাৰ সংগঠনত বহুতো আশীৰ্বাদ পাওঁ। তথাপিও তেওঁৰ বিশ্বাসী হৈ সেৱা কৰিবলৈ আমি কঠিন পৰিশ্ৰম কৰিব লাগিব। কিয় বাৰু? কিয়নো বহু বাৰ কোনো এজন ভাই বা ভনীয়ে এনে কিবা কয় বা কৰে, যিয়ে আমাৰ মনক আঘাত দিয়ে। অথবা আমি হয়তো কিবা দুৰ্বলতাৰ বাবে একেটা ভুল বাৰে বাৰে কৰোঁ আৰু নিৰাশ হৈ পৰোঁ। গতিকে এই লেখত আমি তিনিটা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম: (১) যেতিয়া কোনো ভাই বা ভনীয়ে আমাৰ মনক আঘাত দিয়ে, (২) যেতিয়া আমাৰ জীৱন সংগীয়ে আমাৰ হৃদয়ত আঘাত দিয়ে বা (৩) যেতিয়া আমি নিজৰ ভুলৰ বাবে নিৰাশ হৈ পৰোঁ। এনে পৰিস্থিতিতো আমি কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু তেওঁৰ সেৱা কৰি থাকিব পাৰোঁ। ইয়াৰ লগতে আমি যিহোৱাৰ তিনিজন বিশ্বাসী সেৱকৰ পৰাও শিকিম যে এনে পৰিস্থিতিত তেওঁলোকে কি কৰিলে।

যেতিয়া কোনো ভাই বা ভনীয়ে আপোনাৰ মনক আঘাত দিয়ে

৩. যিহোৱাৰ লোকসকলে কি কি সমস্যা সন্মুখীন হʼবলগীয়া হয়?

সমস্যা। মণ্ডলীৰ সকলো ভাই-ভনীৰ বেলেগ বেলেগ অভ্যাস থাকে। হয়তো কাৰোবাৰ অভ্যাস আমাৰ ভাল নালাগে। অথবা কোনো ভাই বা ভনীয়ে আমাৰ মনত আঘাত দিছে বা আমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে। হয়তো কোনো এজন প্ৰাচীনে কিবা এটা ভুল কৰিলে আৰু এয়া দেখি আমি চিন্তিত হৈ পৰিছোঁ। এনে পৰিস্থিতিত কিছুমান লোকে হয়তো ভাবিব পাৰে যে ঈশ্বৰৰ সংগঠনত এইদৰে হোৱাটো উচিত নহয় আৰু ইয়াৰ পাছত তেওঁলোকে ভাই-ভনীসকলৰ লগত মিলি বা “একে মনেৰে” যিহোৱাৰ সেৱা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰা আঁতৰি থাকিব পাৰে বা সভাত আহিবলৈও এৰি দিব পাৰে। (চফ. ৩:৯) এইদৰে কৰাটো ভাল হʼব নে? প্ৰাচীন সময়তো ঈশ্বৰৰ এজন সেৱকে এনেধৰণৰে সমস্যাৰ সন্মুখীন হৈছিল। আহক চাওঁ যে আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ।

৪. পৌলে কি কি সমস্যাৰ সন্মুখীন হৈছিল?

উদাহৰণ। পাঁচনি পৌলকো ভাই-ভনীসকলে মনত আঘাত দিছিল। যেনে, তেওঁ যেতিয়া এজন খ্ৰীষ্টান হৈছিল, তেতিয়া তেওঁ সঁচাকৈ যীচুৰ শিষ্য হʼল বুলি কিছুমান ভাই-ভনীয়ে বিশ্বাস কৰিব পৰা নাছিল। (পাঁচ. ৯:২৬) ইয়াৰ কিছু সময়ৰ পাছত কিছুমান ভাই-ভনীয়ে তেওঁৰ বিষয়ে বেয়াকৈ কʼবলৈ ধৰিলে আৰু তেওঁৰ নাম বদনাম কৰাৰ চেষ্টা কৰিলে। (২ কৰি. ১০:১০) ইয়াৰ পাছত পৌলে এজন প্ৰাচীনক এনে এটা ভুল কৰা দেখিলে, যাৰ বাবে হয়তো বহুতো লোকে উজুটি খালেহেঁতেন। (গালা. ২:১১, ১২) ইয়াৰ উপৰিও পৌলৰ এজন বন্ধু মাৰ্কে এনে কিবা কাম কৰিলে, যাৰ বাবে পৌল বহুত নিৰাশ হৈ পৰিছিল। (পাঁচ. ১৫:৩৭, ৩৮) পৌলে বিচৰা হʼলে সেই ভাই-ভনীসকলৰ পৰা আঁতৰি থাকিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে, কিয়নো তেওঁ জানিছিল যে সেই ভাই-ভনীসকল অসিদ্ধ হয়। তেওঁ ভাই-ভনীসকলৰ প্ৰতি সঠিক দৃষ্টিভংগী বজাই ৰাখিলে আৰু যিহোৱাৰ সেৱা কৰি থাকিল। তেওঁ এইদৰে কেনেকৈ কৰি থাকিব পাৰিলে?

৫. পৌলে ভাই-ভনীসকলক কিয় ক্ষমা কৰিব পাৰিলে? (কলচীয়া ৩:১৩, ১৪) (ছবিখনো চাওক।)

পৌলে ভাই-ভনীসকলক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁ তেওঁলোকৰ দুৰ্বলতাৰ প্ৰতি ধ্যান দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ ভাল গুণৰ প্ৰতিহে ধ্যান দিছিল। প্ৰেম থকাৰ বাবে পৌলে তেওঁলোকক ক্ষমা কৰিছিল। ঠিক যেনেকৈ খ্ৰীষ্টানসকলক তেওঁ পৰামৰ্শ দিছিল। (কলচীয়া ৩:১৩, ১৪ পঢ়ক।) মন কৰক, পৌলে মাৰ্কৰ লগত কেনে ব্যৱহাৰ কৰিলে। প্ৰথম মিচনেৰী যাত্ৰাৰ সময়ত মাৰ্কো পৌলৰ লগত আছিল। কিন্তু তেওঁ পৌলক মাজতে এৰি গুচি গৈছিল। সেইবাবে, পৌলৰ বহুত খং উঠিছিল। কিন্তু পাছলৈ যেতিয়া কলচীয়া মণ্ডলীলৈ পৌলে চিঠি লিখিলে, তেতিয়া তেওঁ মাৰ্কৰ বহুত প্ৰশংসা কৰিলে। তেওঁ কʼলে যে মাৰ্ক এনে এজন সহকৰ্মী হয়, যাৰ বাবে মই বহুত ‘শান্তি’ অৰ্থাৎ শান্ত্বনা লাভ কৰিলোঁ। (কল. ৪:১০, ১১) আগলৈ গৈ পাঁচনি পৌল ৰোমত বন্দী হৈ থকাৰ সময়ত সহায়ৰ বাবে বিশেষকৈ মাৰ্কক মাতিলে। (২ তীম. ৪:১১) ইয়াৰ পৰা জানিব পাৰি যে পৌলে সেই ভাই-ভনীসকলক ক্ষমা কৰি দিছিল, যিসকলে তেওঁৰ মনক দুখ দিছিল। পৌলৰ পৰা আমি কি শিকিব পাৰোঁ?

পৌলৰ বাৰ্ণব্বা আৰু মাৰ্কৰ লগত তৰ্ক-বিতৰ্ক হৈছিল কিন্তু পৌলে তেওঁলোকক খং কৰি নাথাকিল, আগলৈ গৈ তেওঁ মাৰ্কৰ লগত আনন্দেৰে সেৱা কৰিলে (অনুচ্ছেদ ৫ চাওক)


৬-৭. আমাৰ ভাই-ভনীৰ দুৰ্বলতাৰ সত্ত্বেও আমি কেনেকৈ তেওঁলোকক প্ৰেম কৰি থাকিব পাৰোঁ? (১ যোহন ৪:৭)

শিক্ষা। আমি আমাৰ ভাই-ভনীসকলক প্ৰেম কৰি থকাটো যিহোৱাই বিচাৰে, সেই সময়তো যেতিয়া এইদৰে কৰিবলৈ কঠিন হয়। (১ যোহন ৪:৭ পঢ়ক।) গতিকে কোনো এজন ভাই বা ভনীয়ে যেতিয়া আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি এয়া ভবা উচিত নহয় যে তেওঁলোকে জানি-শুনি এইদৰে কৰিছে। আমি মনত ৰাখিব লাগিব যে তেওঁলোকেও যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে আৰু তেওঁ হয়তো অজানিতে এইদৰে কৰিলে। (হিতো. ১২:১৮) যিহোৱাও তেওঁৰ বিশ্বাসী সেৱকসকলৰ দুৰ্বলতাবোৰ ভালদৰে জানে, তথাপিও তেওঁলোকক প্ৰেম কৰে। যেতিয়া আমাৰ পৰা কিবা ভুল হৈ যায়, তেতিয়া তেওঁ আমাক বেয়া পাই নাথাকে আৰু আমাৰ লগত বন্ধুত্ব শেষ নকৰে। (গীত. ১০৩:৯) আহক আমিও আমাৰ মৰমীয়াল পিতৃ যিহোৱাৰ দৰে হওঁ আৰু আমাৰ ভাই-ভনীসকলক ক্ষমা কৰোঁ।—ইফি. ৪:৩২–৫:১.

মনত ৰাখক যে অন্ত কাষ চাপি অহাৰ লগে লগে আমিও আমাৰ ভাই-ভনীসকলৰ আৰু কাষ চাপি অহা উচিত। আহিবলগীয়া সময়ত আমি আৰু বেছি তাড়না ভুগিবলগীয়া হʼব। হয়তো আমাৰ বিশ্বাসৰ বাবে আমাক জেলত বন্দী কৰিব পাৰে। সেই সময়ত আমাৰ ভাই-ভনীসকলেই আমাক সহায় কৰিব। (হিতো. ১৭:১৭) স্পেইনৰ এজন প্ৰাচীন ভাই যোচেফৰ a লগত কি হৈছিল তালৈ মন কৰক। তেওঁ আৰু আন কিছুমান ভায়ে সেনাত ভৰ্তি হʼবলৈ মানা কৰাৰ বাবে তেওঁলোকক জেলত বন্দী কৰা হʼল। ভায়ে কৈছে, “জেলত খুব কম ঠাই আছিল আৰু আমি অকলে একো কৰিব পৰা নাছিলোঁ। সেইবাবে, আমি কেতিয়াবা কেতিয়াবা এজনে-আনজনক খং কৰিছিলোঁ আৰু কিবা-কিবি কৈ দিছিলোঁ। কিন্তু পাছত আমি এজনে-আনজনক ক্ষমা খুজিছিলোঁ। সেইবাবে, আমাৰ মাজত প্ৰেম আৰু একতা আছিল। ইয়াৰ লগতে আমাৰ ভাইসকলক আন কৈদিসকলৰ পৰা বচাবও পাৰিছিলোঁ। এবাৰ মোৰ হাত ভাঙি গৈছিল যাৰ বাবে মই একো কৰিব পৰা নাছিলোঁ। সেই সময়ত এজন ভায়ে মোক বহুত সহায় কৰিছিল। আনকি মোৰ কাপোৰো ধুই দিছিল। সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ।” সঁচাকৈ এজনে-আনজনক ক্ষমা কৰা আৰু মিল হৈ থকাৰ এয়াই সঠিক সময়।

যেতিয়া আপোনাৰ জীৱন সংগীয়ে আপোনাৰ মনক আঘাত দিয়ে

৮. বিবাহিত লোকসকলে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়?

সমস্যা। বিবাহিত জীৱনত সমস্যাবোৰ আহিব পাৰে। বাইবেলত লিখা আছে যে বিবাহিত লোকসকলৰ “শাৰীৰিক ক্লেশ ঘটিব।” (১ কৰি. ৭:২৮) কিয় বাৰু? কিয়নো স্বামী আৰু স্ত্ৰী অসিদ্ধ হয় আৰু দুয়োজনৰ স্বভাৱ আৰু পছন্দবোৰ বেলেগ বেলেগ। ইয়াৰ উপৰিও তেওঁলোকে হয়তো বেলেগ বেলেগ পৰিৱেশত ডাঙৰ-দীঘল হৈছে। হয়তো বিয়াৰ কিছু সময়ৰ পাছত নিজৰ জীৱন সংগীৰ এনে কিছুমান কথা বা অভ্যাসৰ বিষয়ে তেওঁলোকে জানিব পাৰিছে যাৰ বিষয়ে তেওঁলোকে আগতে মন কৰা নাছিল। এইবোৰৰ বাবে তেওঁলোকৰ মাজত সমস্যা হʼব পাৰে। যেতিয়া এইদৰে হয়, তেতিয়া পতি-পত্নীয়ে এয়া চাবলৈ চেষ্টা কৰা উচিত যে তেওঁৰ কি ভুল আছিল আৰু তাৰ পাছত সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। কিন্তু এইদৰে কৰাৰ পৰিৱৰ্তে কিছুমান পতি-পত্নীয়ে এজনে-আনজনক দোষ দিব পাৰে। আনকি তেওঁলোকে হয়তো এয়াও ভাবিব পাৰে যে এজনে-আনজনৰ পৰা পৃথক হোৱা বা বিবাহ বিচ্ছেদ কৰাটোৱে ভাল হʼব। কিন্তু এইদৰে কৰিলে সমস্যাটো সমাধান হʼব নে? b আহক প্ৰাচীন সময়ৰ ঈশ্বৰৰ এজনী বিশ্বাসী তিৰোতাৰ উদাহৰণলৈ মন কৰোঁ। তাইৰ পৰা শিকিম যে বিবাহিত জীৱনত বহুতো সমস্যা আহিলেও আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম।

৯. অবীগলে কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল?

উদাহৰণ। নাবল নামৰ এজন ব্যক্তিৰ লগত অবীগলৰ বিয়া হৈছিল। যাৰ বিষয়ে বাইবেলত কৈছে যে তেওঁ বৰ কঠোৰ মনৰ আছিল আৰু সকলোৰে লগত বেয়া ব্যৱহাৰ কৰিছিল। (১ চমূ. ২৫:৩) এনে এজন ব্যক্তিৰ লগত জীয়াই থকাটো অবীগলৰ বাবে হয়তো বৰ কঠিন আছিল। তথাপিও তাই নাবালক এৰি দিম বুলি সুযোগ বিচাৰি থকা নাছিল। চাবলৈ গʼলে এইদৰে কৰিবলৈ অবীগলে এটা সুযোগ পাইছিল। এবাৰ নাবলে দায়ূদ আৰু তেওঁৰ লোকসকলক অপমান কৰিছিল। ইয়াৰ বাবে দায়ূদৰ বহুত খং উঠিছিল আৰু তেওঁ নাবলক মাৰিবলৈ ওলাই গৈছিল। (১ চমূ. ২৫:৯-১৩) সেই সময়ত যদি বিচৰা হʼলে অবীগলে তাৰ পৰা পলাই যাব পাৰিলেহেঁতেন আৰু নাবলক দায়ূদৰ হাতত মৃত্যু হʼবলৈ দিব পাৰিলেহেঁতেন কিন্তু তাই এইদৰে নকৰিলে। ইয়াৰ পৰিৱৰ্তে তাই দায়ূদক লগ কৰিবলৈ গʼল আৰু নাবলক এৰি দিবলৈ তেওঁক মিনতি কৰিলে আৰু দায়ূদে তাইৰ কথা মানিলে। (১ চমূ. ২৫:২৩-২৭) কিন্তু অবীগলে এইদৰে কিয় কৰিলে?

১০. অবীগলে নিজৰ বিবাহৰ বন্ধনক বজাই ৰাখিবলৈ হয়তো কিয় পৰিশ্ৰম কৰিছিল?

১০ অবীগলে যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু বিবাহৰ বন্ধনক পবিত্ৰ বুলি মানিছিল। তাই হয়তো জানিছিল যে আদম আৰু হৱাক যিহোৱাই বিয়া কৰাই দিয়াৰ সময়ত তেওঁলোকে সদায় একেলগে থাকি এজনে-আনজনক সহযোগ কৰাটো তেওঁ বিচাৰিছিল। (আদি. ২:২৪) অবীগলে যিহোৱাক আনন্দিত কৰিব বিচাৰিছিল। সেইবাবে, নিজৰ স্বামী আৰু গোটেই পৰিয়ালক বচাবলৈ তাই যি কৰিব পাৰিছিল, সেয়া কৰিলে। তাই লগে লগে দায়ূদৰ ওচৰলৈ গʼল আৰু তেওঁক ৰখালে। যদিও অবীগলে একো ভুল কৰা নাছিল, তথাপিও তাই দায়ূদৰ পৰা ক্ষমা বিচাৰিছিল। তাই সাহসী আছিল আৰু নিজৰ লাভৰ বিষয়ে চিন্তা কৰা নাছিল। সেইবাবে, যিহোৱাই তাইক বহুত প্ৰেম কৰিছিল। আজি পতি-পত্নীসকলে অবীগলৰ পৰা কি শিকিব পাৰে?

১১. (ক) যিহোৱাই বিবাহিত লোকসকলৰ পৰা কি বিচাৰে? (ইফিচীয়া ৫:৩৩) (খ) ভনী কাৰমেনে বিবাহিত জীৱনক বজাই ৰাখিবলৈ কি কৰিলে আৰু আমি তাইৰ পৰা কি শিকিব পাৰোঁ? (ছবিখনো চাওক।)

১১ শিক্ষা। পতি-পত্নীয়ে বিবাহৰ বন্ধনক পবিত্ৰ বুলি ভবা আৰু সমস্যাৰ সময়তো এজনে-আনজনৰ লগত থকাটো যিহোৱাই বিচাৰে। সেইবাবে, যেতিয়া পতি-পত্নীয়ে সমস্যা সমাধান কৰিবলৈ পৰিশ্ৰম কৰে, এজনে-আনজনক প্ৰেম আৰু সন্মান কৰে, তেতিয়া এয়া দেখি যিহোৱাই হয়তো বহুত আনন্দিত হয়। (ইফিচীয়া ৫:৩৩ পঢ়ক।) ভনী কাৰমেনৰ উদাহৰণলৈ মন কৰক। বিয়াৰ ৬ বছৰৰ পাছত তাই যিহোৱাৰ সাক্ষীসকলৰ লগত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছত বাপ্তিষ্মা লʼলে। তাই কয়, “মোৰ স্বামীক এই কথা ভাল লগা নাছিল। মই যিহোৱাৰ সেৱাত বেছিকৈ সময় দিয়াৰ বাবে তেওঁ খং কৰিছিল। তেওঁ মোক অপমান কৰিছিল আৰু এৰি দিম বুলি ধমকিও দিছিল।” তথাপিও ভনী কাৰমেনে হাৰ মনা নাছিল। তেওঁ ৫০ বছৰলৈকে নিজৰ দায়িত্ব পালন কৰিলে আৰু নিজৰ স্বামীক প্ৰেম আৰু সন্মান কৰি থাকিলে। তাই এইদৰে কয়, “বছৰ পাৰ হোৱাৰ লগে লগে মই আৰু বুদ্ধিৰে কাম কৰিবলৈ শিকিলোঁ। মোৰ স্বামীৰ লগত সদায় প্ৰেমেৰে কথা পাতিবলৈ মই চেষ্টা কৰিছিলোঁ। মই এয়াও মনত ৰাখিলোঁ যে বিয়া যিহোৱাৰ দৃষ্টিত এক পবিত্ৰ বন্ধন হয় আৰু ইয়াক বজাই ৰখিবলৈ মই সম্পূৰ্ণৰূপে চেষ্টা কৰিলোঁ। মই যিহোৱাক বহুত প্ৰেম কৰোঁ। সেইবাবে, স্বামীক এৰি দিয়াৰ বিষয়ে মই কেতিয়াও ভবাও নাছিলোঁ।” c যদি আপোনাৰ বিবাহিত জীৱনত কিবা সমস্যা আহে, তেনেহʼলে বিশ্বাস ৰাখক এই সম্বন্ধক বজাই ৰাখিবলৈ যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব।

নিজৰ পৰিয়ালক বচাবলৈ অবীগলে যি কৰিব পাৰিছিল, সেয়া তাই কৰিলে। ইয়াৰ পৰা আপুনি কি শিকিব পাৰে? (অনুচ্ছেদ ১১ চাওক)


যেতিয়া আপুনি নিজৰ ভুলৰ বাবে নিৰাশ হৈ পৰে

১২. যদি আমাৰ পৰা কিবা ডাঙৰ পাপ হৈ যায়, তেনেহʼলে আমাৰ কেনে অনুভৱ হʼব পাৰে?

১২ সমস্যা। যদি আমি কিবা গভীৰ পাপ কৰোঁ, তেনেহʼলে হয়তো আমি নিৰাশ হৈ যাব পাৰোঁ। বাইবেলত কোৱা হৈছে যে পাপ কৰাৰ বাবে এজন ব্যক্তি নিৰাশ হʼব পাৰে। (গীত. ৫১:১৭) ভাই ৰবাৰ্টৰ উদাহৰণলৈ মন কৰক। তেওঁ এজন পৰিচাৰক হʼবলৈ বহু বছৰ ধৰি বহুত পৰিশ্ৰম কৰিছিল। কিন্তু পাছত তেওঁ এটা ডাঙৰ পাপ কৰিলে আৰু তেওঁৰ অনুভৱ হʼল যে তেওঁ যিহোৱাৰ লগত বিশ্বাসঘাত কৰিছে। তেওঁ এইদৰে কয়, “পাপ কৰাৰ পাছত মোৰ বিবেকে মোক বহুত আমনি কৰিবলৈ ধৰিলে। মোৰ বহুত বেয়া লাগিছিল। মই হোক-হোকাই কান্দিছিলোঁ আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ। কিন্তু মোৰ এনে লাগিছিল যেন যিহোৱাই মোৰ প্ৰাৰ্থনা কেতিয়াও নুশুনিব। কাৰণ মই তেওঁৰ মনত দুখ দিছোঁ।” যদি আমাৰ পৰাও কিবা পাপ হয়, তেনেহʼলে আমিও এইদৰে অনুভৱ কৰিব পাৰোঁ আৰু কোনো কামৰ যোগ্য নহয় বুলি ভাবিব পাৰোঁ। হয়তো আমি ভাবিব পাৰোঁ যে যিহোৱাই আমাক এৰি দিলে আৰু এতিয়া তেওঁৰ সেৱা কৰি একো লাভ নাই। (গীত. ৩৮:৪) যদি আপোনাৰো এনেদৰে অনুভৱ হৈছে, তেনেহʼলে ঈশ্বৰৰ এজন সেৱকলৈ মন কৰিলে আপুনি সহায় লাভ কৰিব। সেই সেৱকজনেও এটা ডাঙৰ ভুল কৰিছিল, তথাপিও তেওঁ যিহোৱাৰ সেৱা কৰি থাকিলে।

১৩. (ক) পিতৰে কি কি ভুল কৰিলে? (খ) তাৰ পাছত তেওঁ কি ডাঙৰ ভুল কৰিলে?

১৩ উদাহৰণ। যীচুৰ মৃত্যুৰ আগ নিশা পাঁচনি পিতৰে এটাৰ পাছত এটা বহুতো ভুল কৰিলে। অৱশেষত তেওঁ এটা ডাঙৰ ভুল কৰিলে। প্ৰথম ভুলটো হৈছে, তেওঁ নিজৰ ওপৰত বেছিকৈ ভৰসা কৰিছিল। সেইবাবে, তেওঁ জোৰ দি কʼলে যে আন পাঁচনিসকলে যীচুক এৰি গʼলেও মই কেতিয়াও এৰি নাযাম। (মাৰ্ক ১৪:২৭-২৯) ইয়াৰ পাছত গেৎচিমানী বগিচাত যেতিয়া যীচুৱে তেওঁক জাগি থাকিবলৈ কʼলে, তেতিয়া তেওঁ বাৰে বাৰে শুই আছিল। (মাৰ্ক ১৪:৩২, ৩৭-৪১) তাৰ পাছত তেওঁ আৰু এটা ভুল কৰিলে। যেতিয়া লোকসকলে যীচুক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁ যীচুক এৰি পলাই গʼল। (মাৰ্ক ১৪:৫০) তেওঁ যীচুক তিনিবাৰ জানিবলৈ অস্বীকাৰ কৰিলে আৰু এয়া তেওঁৰ সকলোতকৈ ডাঙৰ ভুল আছিল। আনকি তেওঁ যীচুক চিনি নাপাওঁ বুলি মিছা শপতো খালে। (মাৰ্ক ১৪:৬৬-৭১) কিন্তু যেতিয়া পিতৰৰ অনুভৱ হʼল যে তেওঁ কিমান ডাঙৰ ভুল কৰিছে, তেতিয়া তেওঁ কি কৰিলে? তেওঁ হোক-হোকাই কান্দিবলৈ ধৰিলে আৰু একেবাৰে নিৰাশ হৈ পৰিল। (মাৰ্ক ১৪:৭২) চিন্তা কৰক, কিছু সময়ৰ পাছত যেতিয়া তেওঁৰ বন্ধু যীচুক হত্যা কৰা হʼল, তেতিয়া তেওঁৰ মনে হয়তো তেওঁক কিমান দোষ দিছিল। তেওঁ হয়তো নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবিছিল।

১৪. ভুল কৰাৰ পাছতো পিতৰে কিয় যিহোৱাৰ সেৱা কৰি থাকিল? ( ছবিখন চাওক।)

১৪ তথাপিও পিতৰে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিয়া নাছিল আৰু হাৰ মনা নাছিল। কিয় বাৰু? ইয়াৰ বহুতো কাৰণ আছিল যেনে, ভুল কৰাৰ পাছত তেওঁ আন পাঁচনিসকলক লগ কৰিবলৈ এৰি দিয়া নাছিল। পিতৰে তেওঁলোকক লগ কৰিবলৈ গৈছিল আৰু নিজৰ মনৰ কথা তেওঁলোকক জনাইছিল। তেতিয়া পাঁচনিসকলে হয়তো নিশ্চয় পিতৰক শান্ত্বনা দিছিল। (লূক ২৪:৩৩) ইয়াৰ উপৰিও যীচুৱে জীৱিত হোৱাৰ পাছত পিতৰক লগ কৰিবলৈ গৈছিল আৰু তেওঁ হয়তো নিশ্চয় পিতৰৰ উৎসাহ বঢ়াইছিল। (লূক ২৪:৩৪; ১ কৰি. ১৫:৫) ইয়াৰ পাছত যেতিয়া যীচু নিজৰ বন্ধুসকলৰ লগত আছিল, তেতিয়া তেওঁ পিতৰৰ ভুলবোৰৰ বাবে তেওঁক ধমকি দিয়াৰ পৰিৱৰ্তে তেওঁক বহুতো ডাঙৰ ডাঙৰ দায়িত্ব দিয়া হʼব বুলি কৈছিল। (যোহ. ২১:১৫-১৭) এই সকলো কথাৰ বাবে পিতৰৰ সম্পূৰ্ণ বিশ্বাস হʼল যে তেওঁৰ মালিক যীচু এতিয়াও তেওঁক বহুত প্ৰেম কৰে আৰু আন পাঁচনিসকলেও পিতৰক সহযোগ কৰি থাকিল। সেইবাবে, পাপ কৰাৰ পাছতো পিতৰ নিৰাশ হোৱা নাছিল আৰু যিহোৱাৰ সেৱা কৰি থাকিল। আজি আমি পিতৰৰ পৰা কি শিকিব পাৰোঁ?

যোহন ২১:১৫-১৭ পদৰ পৰা জানিব পাৰি যে যীচুৱে পিতৰক তেওঁৰ ভুলৰ বাবে ক্ষমা কৰি দিছিল। ইয়াৰ পৰা পিতৰে যিহোৱাৰ সেৱা কৰি থাকিবলৈ উৎসাহ লাভ কৰিছিল। (অনুচ্ছেদ ১৪ চাওক)


১৫. যিহোৱাই আমাক কি কথাৰ বিশ্বাস দিব বিচাৰে? (গীতমালা ৮৬:৫; ৰোমীয়া ৮:৩৮, ৩৯) (ছবিখনো চাওক।)

১৫ শিক্ষা। যিহোৱাই আমাক বিশ্বাস দিব বিচাৰে যে তেওঁ আমাক প্ৰেম কৰে আৰু আমাক ক্ষমা কৰিবলৈ সাজু থাকে। (গীতমালা ৮৬:৫; ৰোমীয়া ৮:৩৮, ৩৯ পঢ়ক।) যেতিয়া আমি পাপ কৰোঁ, তেতিয়া আমি নিজকে দোষ দিবলৈ ধৰোঁ। সকলোৰে লগত এইদৰে হয় আৰু হʼবও লাগে। কিন্তু আমি নিজকে ইমানো দুখ দিব নালাগে যে আমি ভাবিব পাৰোঁ যিহোৱাই আমাক প্ৰেম নকৰে আৰু তেওঁ আমাক কেতিয়াও ক্ষমা নকৰিব। ইয়াৰ পৰিৱৰ্তে আমি লগে লগে ভাইসকলৰ পৰা সহায় লোৱা উচিত। ভাই ৰবাৰ্ট যাৰ বিষয়ে আমি আগতে আলোচনা কৰিছিলোঁ তেওঁ এইদৰে কৈছে, “মই নিজৰ ওপৰত বেছিকৈ ভৰসা কৰিছিলোঁ আৰু কাৰো পৰা সহায় লোৱা নাছিলোঁ। সেইবাবে, মই পাপ কৰিলোঁ।” কিন্তু পাছত তেওঁ প্ৰাচীনসকলৰ লগত কথা পাতিলে। ভায়ে এইদৰে কৈছে, “প্ৰাচীনসকলৰ লগত কথা পাতি মোৰ অনুভৱ হʼল যে যিহোৱাই মোক এতিয়াও প্ৰেম কৰে। ভাইসকলে মোৰ বহুত সহায় কৰিলে আৰু যিহোৱাই মোক এৰি দিয়া নাই বুলি বিশ্বাস দিলে।” গতিকে আমাৰ পৰা যদি কিবা ডাঙৰ ভুল হয়, তেনেহʼলে আমি কি কৰিম? আমি অনুতাপ কৰিম, প্ৰাচীনসকলৰ পৰা সহায় লʼম আৰু সেই ভুল আকৌ নকৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। এইদৰে কৰিলে আমাৰ বিশ্বাস হʼব যে যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু আমাক ক্ষমা কৰিবলৈ সাজু থাকে। (১ যোহ. ১:৮, ৯) এই বিশ্বাসৰ বাবে আমি উজুটি খালে বা পৰিলেও হাৰ নামানিম তাৰ পৰিৱৰ্তে নিজকে চম্ভালিম আৰু আগবাঢ়ি থাকিম।

যেতিয়া আপুনি চাই যে প্ৰাচীনসকলে আপোনাক সহায় কৰিবলৈ কিমান পৰিশ্ৰম কৰি আছে, তেতিয়া কি কথাৰ ওপৰত আপোনাৰ বিশ্বাস হয়? (অনুচ্ছেদ ১৫ চাওক)


১৬. যিহোৱাৰ সেৱা কৰি থাকিবলৈ আপুনি কিয় থিৰাং কৰিছে?

১৬ এই শেষ কালৰ কঠিন সময়ছোৱাত আমি যিহোৱাৰ সেৱা কৰিবলৈ যি পৰিশ্ৰম কৰোঁ, সেয়া দেখি তেওঁ বহুত আনন্দিত হয়। হয়তো আমি নিৰাশ হʼব পাৰোঁ কিন্তু যিহোৱাৰ সেৱা কৰি থাকিবলৈ তেওঁ আমাক সহায় কৰিব। যদি কোনো ভাই বা ভনীয়ে আমাৰ মনক আঘাত দিয়ে তথাপিও আমি তেওঁক প্ৰেম কৰিম আৰু ক্ষমা কৰিম। যদি আমাৰ বিবাহিত জীৱনত কিছুমান সমস্যা আহে, তেনেহʼলে তাক সন্মুখীন কৰিম আৰু তাক সমাধান কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। এইদৰে কৰি আমি দেখুৱাম যে আমি বিয়াৰ ব্যৱস্থাৰ প্ৰতি কৃতজ্ঞ আছোঁ আৰু যিহোৱাক প্ৰেম কৰোঁ। যদি আমি কিবা ডাঙৰ পাপ কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ পৰা সহায় বিচাৰিম। আমি বিশ্বাস ৰাখিম যে তেওঁ আমাক প্ৰেম কৰে আৰু আমাক ক্ষমা কৰিলে আৰু তেওঁৰ সেৱা কৰি থাকিম। গতিকে আহক ‘সৎকৰ্ম কৰি আমি নিৰুৎসাহ নহওঁ।’ (গালা. ৬:৯) যদি আমি এইদৰে কৰোঁ, তেনেহʼলে যিহোৱাই আমাক বহুতো আশীৰ্বাদ দিব!

আমি কেনেকৈ যিহোৱাৰ সেৱা কৰি থাকিব পাৰোঁ . . .

  • যেতিয়া কোনো ভাই-ভনীয়ে আমাৰ মনত আঘাত দিয়ে?

  • যেতিয়া জীৱন সংগীয়ে আমাৰ মনত আঘাত দিয়ে?

  • যেতিয়া আমাৰ পৰা কিবা ভুল হয়?

গীত ১৩৯ নিজকে নতুন পৃথিৱীত চাওক

a কিছুমান নাম সলনি কৰা হৈছে।

b বাইবেলত পতি-পত্নীক পৃথক হʼবলৈ উৎসাহিত নকৰে আৰু এয়াও স্পষ্টকৈ কোৱা হৈছে যে যদি তেওঁলোকে পৃথক হৈ যায়, তেনেহʼলে পতি বা পত্নী কোনোৱে পুনৰাই বিয়া পাতিব নোৱাৰে। কিন্তু এনে কিছুমান পৰিস্থিতি আছে, যʼত কিছুমান খ্ৰীষ্টানে নিজৰ জীৱন সংগীৰ পৰা পৃথক হোৱাটোৱেই ভাল বুলি ভাবে। ইয়াৰ বিষয়ে দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপত টোকা ৪, “স্বামী-স্ত্ৰী পৃথকে থকা” পঢ়ক।