Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১০

গীত ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি

বাপ্তিষ্মাৰ পাছতো যীচুৰ ‘পিছে পিছে চলি থাকক’

বাপ্তিষ্মাৰ পাছতো যীচুৰ ‘পিছে পিছে চলি থাকক’

“যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু প্ৰতিদিনে নিজৰ যাতনাৰ কাঠ উঠাই মোৰ পিছে পিছে আহি থাকক।”লূক ৯:২৩.

কি শিকিম?

এই লেখত কোৱা হৈছে যে আমি সমৰ্পণৰ অনুসৰি কেনেকৈ জীৱন-যাপন কৰিব পাৰিম। এই লেখৰ পৰা বিশেষকৈ অলপতে বাপ্তিষ্মা লোৱা লোকসকলে সহায় পাব, যাতে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে।

১-২. বাপ্তিষ্মা লোৱাৰ পাছত আমি কি কি আশীৰ্বাদ পাওঁ?

 যেতিয়া আমি বাপ্তিষ্মা লওঁ আৰু যিহোৱাৰ পৰিয়ালৰ ভাগ হৈ পৰোঁ, তেতিয়া আমি বৰ আনন্দিত হওঁ। আমি দায়ূদৰ দৰেই অনুভৱ কৰোঁ। তেওঁ লিখিছে, ‘তোমাৰ চোতাল কেইখনত বাস কৰিবৰ নিমিত্তে যাক [যিহোৱাই] মনোনীত কৰি আনে, সেই জন ধন্য।’—গীত. ৬৫:৪.

যিহোৱাই কোন লোকসকলক নিজৰ চোতালত মাতে বা নিজৰ পৰিয়ালৰ সদস্য কৰি তুলে? যিদৰে আমি আগৰ লেখত শিকিলোঁ তেওঁ এনে লোকসকলক নিজৰ ফালে আকৰ্ষিত কৰে, যিসকলে সঁচাকৈ তেওঁৰ কাষ চাপিব বিচাৰে। (যাকো. ৪:৮) যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে আৰু বাপ্তিষ্মা লয়, তেতিয়া তেওঁৰ লগত আপোনাৰ এটা বিশেষ সম্পৰ্ক গঢ়ি উঠে। আপুনি বিশ্বাস ৰাখিব পাৰে যে ইয়াৰ পাছত তেওঁ আপোনাক বহুতো “আশীৰ্ব্বাদ” দিব।—মলা. ৩:১০; যিৰি. ১৭:৭, ৮.

৩. বাপ্তিষ্মা লোৱাৰ পাছত এজন খ্ৰীষ্টানে কি কৰিব লাগিব? (উপদেশক ৫:৪, ৫)

বাপ্তিষ্মা কেৱল আৰম্ভণিহে। ইয়াৰ পাছত আপুনি কি কৰিব লাগিব? আপুনি নিজৰ সমৰ্পণৰ অনুসৰি জীৱন-যাপন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিব লাগিব, তেতিয়াও যেতিয়া আপোনাক প্ৰলোভিত কৰা হয় বা আপোনাৰ ওপৰত কিবা সমস্যা আহে। (উপদেশক ৫:৪, ৫ পঢ়ক।) এতিয়া আপুনি যীচুৰ এজন শিষ্য হয়। সেইবাবে, তেওঁৰ নিচিনা হʼবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আপুনি সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। (মথি ২৮:১৯, ২০; ১ পিত. ২:২১) এই লেখৰ পৰা আপুনি শিকিব পাৰিব যে আপুনি এয়া কেনেকৈ কৰিব পাৰে।

সমস্যা আৰু পৰীক্ষাৰ সময়তো যীচুৰ ‘পিছে পিছে চলি থাকক’

৪. যীচুৱে তেওঁৰ শিষ্যসকলক “যাতনাৰ কাঠ” উঠাই চলিব লাগিব বুলি কোৱাৰ অৰ্থ কি আছিল? (লূক ৯:২৩)

বাপ্তিষ্মা লোৱাৰ অৰ্থ এয়া নহয় যে আপোনাৰ জীৱনত আৰু কেতিয়াও কোনো সমস্যা নাহিব। যীচুৱে কৈছিল যে তেওঁৰ শিষ্যসকলে “যাতনাৰ কাঠ” উঠাই চলিব লাগিব আৰু তেওঁলোকে “প্ৰতিদিনে” এইদৰে কৰিব লাগিব। (লূক ৯:২৩ পঢ়ক।) যীচুৱে এয়া কʼব বিচাৰিছিল নে যে তেওঁৰ শিষ্যসকলে সদায় সমস্যা সহন কৰিব লাগিব। নহয়, তেওঁ কেৱল এয়া বুজাবলৈ চেষ্টা কৰিছিল যে তেওঁলোকে আশীৰ্বাদতো পাব লগতে তেওঁলোকে সমস্যাৰো সন্মুখীন হʼব লাগিব। তাৰ মাজৰ কিছুমান সমস্যা সন্মুখীন হোৱাটো সহজ নহʼব।—২ তীম. ৩:১২.

৫. যীচুৰ পিছে পিছে চলিবলৈ যিসকল লোকে ত্যাগ কৰে, তেওঁলোকে কি কি আশীৰ্বাদ পাব?

হয়তো আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ বিৰোধ কৰিছে বা আপুনি ঈশ্বৰৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ বেছিকৈ টকা-পইচা গোটোৱাৰ যি সুযোগ পাইছিল, সেয়া এৰি দিলে। (মথি ৬:৩৩) যদি এইদৰে হৈছে, তেনেহʼলে আপুনি বিশ্বাস ৰাখিব পাৰে যে আপুনি যি ত্যাগ কৰিলে, সেয়া যিহোৱাই কেতিয়াও নাপাহৰে। (ইব্ৰী ৬:১০) ইয়াৰ উপৰিও এই ত্যাগ কৰি আপুনি যীচুৰ এই কথা সঁচা হয় বুলি দেখিবলৈ পালে: “কোনোৱে যদি মোৰ আৰু শুভবাৰ্তাৰ কাৰণে ঘৰ বা ভাই বা ভনী বা মা বা দেউতা বা সন্তান বা খেতি-বাতি এৰি দিছে, তেনেহʼলে তেওঁ বৰ্তমান সময়ত তাড়নাৰ লগতে ঘৰ, ভাই, ভনী, মা, সন্তান আৰু খেতি-বাতিৰ ১০০ গুণ পাব। আৰু আহিবলগীয়া সময়ত অনন্ত জীৱন লাভ কৰিব।” (মাৰ্ক ১০:২৯, ৩০) আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিলে যে আপুনি যি ত্যাগ কৰিলে, তাতকৈ বহুগুণে বেছি আশীৰ্বাদ লাভ কৰিছে।—গীত. ৩৭:৪.

৬. বাপ্তিষ্মাৰ পাছতো আমি কিয় ‘মাংসৰ অভিলাষৰ’ বিৰুদ্ধে যুঁজি থাকিব লাগিব?

এনে নহয় যে বাপ্তিষ্মাৰ পাছত আমি সিদ্ধ হৈ যাম। তাৰ পাছতো আমি ‘মাংসৰ অভিলাষৰ’ বিৰুদ্ধে যুঁজি থাকিব লাগিব। (১ যোহ. ২:১৬) এনে কৰোঁতে কেতিয়াবা হয়তো আমি পৌলৰ দৰে অনুভৱ কৰিব পাৰোঁ। তেওঁ কৈছে, “মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ; কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা, আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনে মোক বন্দী কৰা, এনে আন এটা নিয়ম মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখোঁ।” (ৰোম. ৭:২২, ২৩) পৌলৰ দৰে কেতিয়াবা কেতিয়াবা নিজৰ ইচ্ছাৰ লগত যুঁজাটো আমাৰ বাবেও কঠিন হʼব পাৰে আৰু আমি নিৰাশ হʼব পাৰোঁ। কিন্তু যদি আমি নিজৰ সমৰ্পণৰ প্ৰতিজ্ঞা মনত ৰাখোঁ, তেনেহʼলে যিয়ে পৰীক্ষা নাহক কিয় আমি তাৰ সন্মুখীন হʼব পাৰিম আৰু ইয়াৰ লগতে পৰীক্ষাৰ সময়ত নিৰ্ণয় লোৱাটো আমাৰ বাবে সহজ হৈ পৰিব। কেনেকৈ বাৰু?

৭. নিজৰ সমৰ্পণৰ কথা মনত ৰাখিলে আপুনি কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব?

যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে, তেতিয়া আপুনি নিজকে ত্যাগ কৰে অৰ্থাৎ নিজৰ সেই ইচ্ছাবোৰ ত্যাগ কৰে, যিবোৰ যিহোৱাৰ ইচ্ছাৰ বিৰোধে হয়। (মথি ১৬:২৪) সেইবাবে, যেতিয়া আপোনাক প্ৰলোভিত কৰা হয় বা আপোনাৰ ওচৰত কিবা সমস্যা আহি পৰে, তেতিয়া আপুনি এয়া ভবাৰ প্ৰয়োজন নহয় যে আপুনি কি কৰিব আৰু কি নকৰিব। কিয়নো আপুনি আগৰে পৰা ভাবি থৈছে যে আপুনি যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিব। আপুনি যিহোৱাই আনন্দিত হোৱা কামবোৰেই কৰিব। এইদৰে কৰি আপুনি ইয়োবৰ দৰে উৎসাহ দেখুৱাব। তেওঁ বহুতো ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল, তথাপিও তেওঁ এইদৰে কʼলে, “মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।”—ইয়ো. ২৭:৫.

৮. সমৰ্পণৰ প্ৰাৰ্থনা মনত পেলালে প্ৰলোভিত কৰাৰ সময়তো আপুনি কেনেকৈ বিশ্বাসী হৈ থাকিব পাৰিব?

যদি আপুনি সমৰ্পণৰ সময়ত কৰা প্ৰাৰ্থনাৰ বিষয়ে ভাবিব, তেনেহʼলে প্ৰলোভিত হʼলেও আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব। যেনে, আপুনি কোনো বিবাহিত ব্যক্তিৰ লগত ফ্লাৰ্টিং নকৰিব, কিয়নো আপুনি আগতেই যিহোৱাক প্ৰতিজ্ঞা কৰিছে যে যিকোনো পৰিস্থিতিত আপুনি তেওঁৰ বিশ্বাসী হৈ থাকিব। যদি আপুনি এইদৰে কৰে, তেনেহʼলে বেয়া ইচ্ছাবোৰ আপোনাৰ মনলৈ আহিলেও আপুনি তাক মনৰ পৰা উলিয়াব পাৰিব আৰু আপোনাৰ মনে আপোনাক কেতিয়াও দোষ নিদিব। এইদৰে আপুনি ‘দুষ্টবোৰৰ বাটৰ’ পৰা “বিমুখ” হʼব।—হিতো. ৪:১৪, ১৫.

৯. সমৰ্পণৰ সময়ত কৰা প্ৰাৰ্থনা মনত পেলালে আপুনি কেনেকৈ যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিব পাৰিব?

চিন্তা কৰক, আপুনি এনে এটা চাকৰি পাইছে, যি বহুত ভাল। কিন্তু এই চাকৰিৰ কাৰণে আপুনি নিয়মীয়াকৈ সভাত উপস্থিত হʼব নোৱাৰে। এনে পৰিস্থিতিত আপুনি বেছিকৈ চিন্তা নকৰিব, ইয়াৰ পৰিৱৰ্তে লগে লগে সেই চাকৰি লʼবলৈ মানা কৰিব। কিয়নো আপুনি আগৰে পৰা ভাবি থৈছে যে আপুনি এনে একো কাম নকৰিব, যিয়ে যিহোৱাৰ উপাসনাত বাধা দিব পাৰে। আপুনি এয়া কেতিয়াও নাভাবিব যে ‘মই এই চাকৰি কৰিম আৰু যিকোনো উপায়েৰে সভাত উপস্থিত হʼবলৈ চেষ্টা কৰিম।’ ইয়াৰ পৰিৱৰ্তে আপুনি যীচুৰ উদাহৰণ মনত ৰাখিব, যিজনে যিকোনো পৰিস্থিতিত নিজৰ পিতৃৰ মন আনন্দিত কৰিব বিচাৰিছিল। আপুনি এনে সকলো কাম কৰিবলৈ মানা কৰিব, যিয়ে আপোনাক যিহোৱাৰ ইচ্ছা পূৰ কৰাত বাধা দিব পাৰে।—মথি ৪:১০; যোহ. ৮:২৯.

১০. বাপ্তিষ্মাৰ পাছতো যীচুৰ ‘পিছে পিছে চলি’ থাকিবলৈ যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে?

১০ যেতিয়া আপোনাক প্ৰলোভিত কৰা হয় বা আপোনাৰ ওপৰত কিবা সমস্যা আহে, তেতিয়া আপুনি এয়া দেখুৱাৰ সুযোগ পাব যে আপুনি যিকোনো পৰিস্থিতিত যীচুৰ ‘পিছে পিছে চলিব’ বিচাৰে। আপুনি বিশ্বাস ৰাখিব পাৰে যে এইদৰে কৰিলে যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব। বাইবেলত লিখা আছে, “ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।”—১ কৰি. ১০:১৩.

যীচুৰ পিছে পিছে চলি থাকক —কিন্তু কেনেকৈ?

১১. যীচুৰ পিছে পিছে চলি থকাৰ এটা উপায় কি? (ছবিখনো চাওক।)

১১ যীচুৱে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিছিল আৰু বাৰে বাৰে তেওঁলৈ প্ৰাৰ্থনা কৰিছিল। (লূক ৬:১২) সেইবাবে, তেওঁ যিহোৱাৰ কাষত থাকিব পাৰিলে। বাপ্তিষ্মাৰ পাছতো আপুনি কেনেকৈ যীচুৰ পিছে পিছে চলি থাকিব পাৰে? ইয়াৰ এটা উপায় হৈছে, সেই কামবোৰ কৰি থাকক যাৰ যোগেদি আপুনি যিহোৱাৰ কাষত থাকিব পাৰে। বাইবেলত আমাক এইদৰে কোৱা হৈছে, “যি হওক, আমি যি পথে এইখিনি পালোঁহি, তাতেই চলোঁহঁক।” (ফিলি. ৩:১৬) আজি বহুতো ভাই-ভনীয়ে নিজৰ সেৱা বঢ়াবলৈ বহুতো চেষ্টা কৰি আছে। যেনে, কিছুমানে ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হৈছে, আন কিছুমান ভাই-ভনীয়ে প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰি আছে। যদি আপুনিও এনে লক্ষ্য ৰাখিব পাৰে, তেনেহʼলে নিশ্চয় ৰাখক। যিহোৱাৰ লোকসকলে উৎসাহেৰে তেওঁৰ সেৱা কৰিবলৈ সদায় চেষ্টা কৰি থাকে। (পাঁচ. ১৬:৯) কিন্তু আপুনি যদি এতিয়া এইদৰে কৰিব নোৱাৰে, তেনেহʼলে নিৰাশ নহʼব। এয়াও নাভাবিব যে আপুনি সেই ভাই-ভনীসকলৰ তুলনাত একোৱেই কৰিব পৰা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে, আপুনি ধৈৰ্য্যেৰে খ্ৰীষ্টৰ পথত দৌৰি থাকক। (মথি ১০:২২) আপুনি নিজৰ দক্ষতা আৰু পৰিস্থিতিৰ অনুসৰি যি কৰিব পাৰে, সেয়া কম বুলি নাভাবিব। যিহোৱাই আপোনাৰ সেৱাক বহুত মুল্যৱান বুলি ভাবে। এইদৰে সম্পূৰ্ণ মনেৰে তেওঁৰ সেৱা কৰি বাপ্তিষ্মাৰ পাছতো আপুনি যীচুৰ পিছে পিছে চলি থাকিব পাৰিব।—গীত. ২৬:১.

বাপ্তিষ্মাৰ পাছত এনে কামবোৰ কৰক যাৰ সহায়ত আপুনি যিহোৱাৰ কাষ চাপিব পাৰে (অনুচ্ছেদ ১১ চাওক)


১২-১৩. যদি আপোনাৰ উৎসাহ কমিবলৈ ধৰিছে, তেনেহʼলে আপুনি কি কৰিব পাৰে? (১ কৰিন্থীয়া ৯:১৬, ১৭) (“ দৌৰি থাকক” নামৰ বক্সখনো চাওক।)

১২ কিছু সময়ৰ পৰা আপুনি সদায় একে ধৰণৰে প্ৰাৰ্থনা কৰি আছে বুলি আপোনাৰ অনুভৱ হৈছে নে? আপুনি প্ৰচাৰত আনন্দ পোৱা নাই নে বা বাইবেল পঢ়িবলৈ আপোনাক আমনি লাগে নে? যদি এইদৰে হয়, তেনেহʼলে এয়া নাভাবিব যে যিহোৱাই আপোনাৰ পৰা আনন্দিত নহয়। আমি অসিদ্ধ হোৱাৰ বাবে আমাৰ ভাৱনা সলনি হৈ থাকে আৰু আমাৰ উৎসাহ সদায় একে নাথাকে। যদি আপোনাৰ লগত এইদৰে হয়, তেনেহʼলে এই ক্ষেত্ৰত আপুনি অকলশৰীয়া নহয়। পাঁচনি পৌলও এইদৰেই অনুভৱ কৰিছিল। তেওঁ যীচুৰ পিছে পিছে চলিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল। কিন্তু কেতিয়াবা কেতিয়াবা যিহোৱাৰ সেৱা কৰি থাকিবলৈ তেওঁৰো মন যোৱা নাছিল। (১ কৰিন্থীয়া ৯:১৬, ১৭ পঢ়ক।) তেওঁ কৈছিল, “কিন্তু অনিচ্ছাৰে যদি কৰোঁ, তেন্তে শুভবাৰ্ত্তাৰূপ ধনৰ ভঁৰালী-বাব মোক দিয়া হৈছে।” তেওঁৰ কথাৰ পৰা বুজিব পাৰোঁ যে যিহোৱাৰ সেৱা কৰিবলৈ মন নগʼলেও তেওঁ এইদৰে কৰি থাকিবলৈ থিৰাং কৰিছিল।

১৩ পৌলৰ পৰা আমি কি শিকিব পাৰোঁ? আবেগিক হৈ নিৰ্ণয় নলʼব। আপোনাৰ মন নগʼলেও সঠিক কাম কৰি থাকক। এইদৰে কৰি থাকিলে লাহে লাহে এই কামবোৰ আপোনাৰ ভাল লাগিব। গতিকে নিয়মীয়াকৈ বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনা কৰক, সভালৈ গৈ থাকক আৰু প্ৰচাৰ কৰি থাকক। এই কামবোৰ কৰি থাকিলে বাপ্তিষ্মাৰ পাছতো যীচুৰ পিছে পিছে চলি থাকিব পাৰিব। আপুনি এই কামবোৰ কৰি থকা দেখি মণ্ডলীৰ ভাই-ভনীসকলৰো উৎসাহ বাঢ়িব।—১ থিচ. ৫:১১.

‘নিজৰ পৰীক্ষা কৰা আৰু প্ৰমাণ’ দি থাকা

১৪. সময়ে সময়ে আপুনি কি কথাৰ বিষয়ে চিন্তা কৰা উচিত আৰু কিয়? (২ কৰিন্থীয়া ১৩:৫)

১৪ বাপ্তিষ্মাৰ পাছতো আপুনি নিজকে চালি-জাৰি চোৱা উচিত। ইয়াৰ বাবে আপুনি সময়ে সময়ে ভাবিব পাৰে যে আপুনি কেনেধৰণৰ জীৱন-যাপন কৰিছে আৰু আপোনাৰ অভ্যাসবোৰ কেনেকুৱা। (২ কৰিন্থীয়া ১৩:৫ পঢ়ক।) চিন্তা কৰক, ‘মই সদায় প্ৰাৰ্থনা কৰোঁ নে, বাইবেল পঢ়োঁ নে আৰু অধ্যয়ন কৰোঁ নে? মই নিয়মীয়াকৈ প্ৰচাৰ আৰু সভালৈ যাওঁ নে?’ তাৰ পাছত চিন্তা কৰক, আপুনি এই কামবোৰ আৰু ভালদৰে কেনেকৈ কৰিব পাৰে। যেনে, আপুনি নিজকে এই প্ৰশ্নবোৰ সুধিব পাৰে: ‘মই বাইবেলৰ শিক্ষাবোৰ আনক ভালদৰে বুজাব পাৰোঁ নে? মই প্ৰচাৰ কামক আৰু কেনেকৈ আনন্দপূৰ্ণ কৰিব পাৰোঁ? মোৰ মনত কি চলি আছে তাৰ বিষয়ে মই যিহোৱাক প্ৰাৰ্থনাত স্পষ্টকৈ জনাওঁ নে? মোৰ প্ৰাৰ্থনাৰ পৰা জানিব পাৰি নে যে মই যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ? মই প্ৰতিখন সভালৈ যাওঁ নে? মই কেনেকৈ সভাত আৰু বেছিকৈ ধ্যান দিব পাৰোঁ আৰু তাত ভালদৰে ভাগ লʼব পাৰোঁ?’

১৫-১৬. আপুনি ভাই ৰবাৰ্টৰ উদাহৰণৰ পৰা কি শিকিলে?

১৫ নিজৰ দুৰ্বলতাবোৰক চিনি পোৱাটো অতি প্ৰয়োজন। কিয় বাৰু? ভাই ৰবাৰ্টৰ উদাহৰণলৈ মন কৰক। তেওঁ এইদৰে কৈছে, “যেতিয়া মই ২০ বছৰৰ আছিলোঁ, তেতিয়া মই এটা পাৰ্ট-টাইম চাকৰি কৰি আছিলোঁ। এদিনাখন কামৰ পাছত অফিচৰ এজনী ছোৱালীয়ে মোক তাইৰ ঘৰলৈ মাতিলে। তাই কৈছিল যে তাই ঘৰত অকলে থাকিব আৰু আমি বহুত ফূৰ্তি কৰিম। প্ৰথমতে মই কিছুমান বাহানা বনালোঁ। কিন্তু পাছত মই তাইক স্পষ্টকৈ মানা কৰিলোঁ আৰু মই কিয় আহিব নোৱাৰো তাৰ বিষয়ে জনালোঁ।” এয়া বৰ ভাল কথা যে ভাই ৰবাৰ্টে সেই ছোৱালীজনীক মানা কৰিলে। কিন্তু পাছত তেওঁ যেতিয়া ইয়াৰ বিষয়ে চিন্তা কৰিলে, তেতিয়া তেওঁৰ অনুভৱ হʼল যে তেওঁ এই পৰিস্থিতিটো আৰু ভালদৰে সন্মুখীন হʼব পাৰিলেহেঁতেন। তেওঁ এইদৰে কৈছে, “যোচেফে পোটীফৰৰ পত্নীক লগে লগে মানা কৰিছিল, কিন্তু মই এইদৰে কৰিব নোৱাৰিলোঁ। (আদি. ৩৯:৭-৯) মই এয়া ভাবি বৰ আচৰিত হৈছিলোঁ যে না বুলি কʼবলৈ মোৰ কিয় ইমান কঠিন হৈছিল। ইয়াৰ পৰা মই জানিব পাৰিলোঁ যে যিহোৱাৰ লগত থকা মোৰ সম্পৰ্ক আৰু মজবুত কৰা উচিত।”

১৬ ভাই ৰবাৰ্টৰ দৰে আপুনি নিজকে চালি-জাৰি চাব পাৰে। এইদৰে কৰিলে আপোনাৰ বহুতো লাভ হʼব। প্ৰলোভনৰ সময়ত যদিও আপুনি পৰিস্থিতিটো ভালদৰে সন্মুখীন কৰিছিল, তথাপিও নিজকে সোধক, ‘না কʼবলৈ মোৰ কিমান সময় লাগিছিল?’ যদি আপোনাৰ অনুভৱ হয় যে এই ক্ষেত্ৰত আৰু শুধৰণি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে নিজকে দোষ নিদিব। তাৰ পৰিৱৰ্তে এই কথাত আনন্দিত হওক যে আপুনি নিজৰ দুৰ্বলতাৰ বিষয়ে জানে। ইয়াৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰক, তাৰ পাছত এনে পদক্ষেপ লওক যাৰ পৰা যিহোৱাৰ নৈতিক মানদণ্ড মানি চলাৰ আপোনাৰ ইচ্ছা আৰু মজবুত হয়।—গীত. ১৩৯:২৩, ২৪.

১৭. ভাই ৰবাৰ্টে কেনেকৈ যিহোৱাৰ নাম মহিমা কৰিলে?

১৭ ভাই ৰবাৰ্টৰ উদাহৰণ ইয়াতেই শেষ হোৱা নাই। তেওঁ এইদৰে কৈছে, “যেতিয়া মই সেই ছোৱালীজনীক মানা কৰিলোঁ, তেতিয়া তাই মোক এইদৰে কʼলে, ‘তুমি পৰীক্ষাত পাচ হৈ গʼলা!’ মই তাইক সুধিলোঁ ‘তুমি কি কʼব বিচাৰিছা?’ তেতিয়া তাই জনালে যে তাইৰ এজন বন্ধু যি আগতে যিহোৱাৰ সাক্ষী আছিল, তেওঁ কৈছিল যে যিহোৱাৰ সাক্ষীৰ সকলো কিশোৰ-কিশোৰী একেই আছে, তেওঁলোকে কয় বেলেগ আৰু কৰে বেলেগ। যদি তেওঁলোকে সুযোগ পাই, তেনেহʼলে তেওঁলোকে বেয়া কাম নিশ্চয় কৰিব। তেতিয়া সেই ছোৱালীজনীয়ে নিজৰ বন্ধুক কʼলে যে ৰবাৰ্ট এইদৰে হয় নে নহয় মই পৰীক্ষা কৰি চাম।’” ভায়ে এইদৰে কৈছে, “যেতিয়া মই এই কথা শুনিলোঁ, তেতিয়া মই বহুত আনন্দিত হʼলোঁ যে মই যিহোৱাৰ নাম কলংকিত হʼবলৈ নিদিলোঁ।”

১৮. বাপ্তিষ্মাৰ পাছতো আপুনি কি কৰি থাকিব? (“ এই দুখন লেখ পঢ়ক, খ্ৰীষ্টান দৌৰত দৌৰি থাকক!” নামৰ বক্সখনো চাওক।)

১৮ যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পন কৰে আৰু বাপ্তিষ্মা লয়, তেতিয়া দেখুৱাই যে আপুনি যিকোনো পৰিস্থিতিত যিহোৱাৰ নাম পবিত্ৰ কৰিব বিচাৰে। সমস্যাৰ সময়ত আৰু প্ৰলোভিত হোৱাৰ সময়ত যেতিয়া আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে, তেতিয়া যিহোৱাই এই সকলোবোৰ চাই আৰু আপোনাৰ পৰিশ্ৰমৰ ওপৰত আশীৰ্বাদ দিয়ে। এয়াই নহয় তেওঁ আপোনাক নিজৰ পবিত্ৰ শক্তি দিয়ে যাতে আপুনি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰে। (লূক ১১:১১-১৩) যিহোৱাৰ সহায়ত বাপ্তিষ্মাৰ পাছতো আপুনি যীচুৰ পিছে পিছে চলি থাকিব পাৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি কেনেকৈ ‘প্ৰতিদিনে নিজৰ যাতনাৰ কাঠ উঠাওঁ?’

  • বাপ্তিষ্মাৰ পাছতো আমি যীচুৰ ‘পিছে পিছে চলি’ থাকিবলৈ কি কৰিব পাৰোঁ?

  • সমৰ্পণৰ প্ৰতিজ্ঞাৰ বিষয়ে চিন্তা কৰিলে আপুনি কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব?

গীত ৮৯ শুনি পালন কৰা