শব্দবোৰৰ বুজা-বুজি
মুক্তিৰ মূল্যৰ বলিদান দিয়াৰ আগতে পাপ ক্ষমা কৰা হʼল
যীচুৱে নিজৰ জীৱন দি মুক্তিৰ মূল্যৰ যি বলিদান দিলে, তাৰ আধাৰত আমি নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰোঁ। (ইফি. ১:৭) কিন্তু বাইবেলত এইদৰে লিখা আছে, ‘ঈশ্বৰে তেওঁৰ ধৈৰ্য্য-গুণত, পূৰ্ব্বে কৰা নানা পাপৰ দণ্ড নিদিলে’ আৰু তেওঁলোকক ক্ষমা কৰি থাকিল। অৰ্থাৎ যীচুৱে মুক্তিৰ মূল্যৰ বলিদান দিয়াৰ আগতেই ঈশ্বৰে লোকসকলৰ পাপ ক্ষমা কৰিলে। (ৰোম. ৩:২৫) কিন্তু প্ৰশ্ন হয় যে যিহোৱাই এইদৰে কেনেকৈ কৰিব পাৰিলে হয়? এইদৰে কৰাটো তেওঁৰ ন্যায়ৰ মানদণ্ডৰ অনুসৰি সঠিক আছিল নে?
যেতিয়া যিহোৱাই এই ভৱিষ্যবাণী কৰিলে যে এক ‘বংশ’ আহিব, যিয়ে মানুহক পাপ আৰু মৃত্যুৰ পৰা বচাব, তেতিয়া তেওঁৰ দৃষ্টিত যেন মুক্তিৰ মূল্যৰ বলিদান দিয়া হৈ গৈছিল। (আদি. ৩:১৫; ২২:১৮) যিহোৱাৰ সম্পূৰ্ণ বিশ্বাস আছিল যে সঠিক সময়ত তেওঁৰ একমাত্ৰ পুত্ৰ আনন্দেৰে মুক্তিৰ মূল্যৰ বলিদান দিব। (গালা. ৪:৪; ইব্ৰী ১০:৭-১০) যেতিয়া যীচু পৃথিৱীত আছিল, তেতিয়া যিহোৱাই তেওঁক লোকসকলৰ পাপ ক্ষমা কৰাৰ অধিকাৰ দিছিল, কিন্তু সেই সময়লৈকে মুক্তিৰ মূল্যৰ বলিদান দিয়া হোৱা নাছিল। যীচুৱে কিহৰ আধাৰত পাপবোৰ ক্ষমা কৰিব পাৰিলে? তেওঁ জানিছিল যে আগলৈ গৈ যি কোনোৱে তেওঁৰ মুক্তিৰ মূল্যৰ বলিদানৰ ওপৰত বিশ্বাস কৰিব, তেওঁলোকৰ পাপ ক্ষমা কৰা হʼব। সেইবাবে, যিসকল লোকে তেওঁৰ ওপৰত বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকৰ পাপ ক্ষমা কৰিলে।—মথি ৯:২-৬.