Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৩

গীত ১২৭ মই কেনে ব্যক্তি হোৱা উচিত

যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে বুলি কিয় বিশ্বাস ৰাখিব পাৰে?

যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে বুলি কিয় বিশ্বাস ৰাখিব পাৰে?

“তোমাক মই গ্ৰহণ কৰিলোঁ।”লূক ৩:২২.

কি শিকিম?

আপুনি কিয় বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাক গ্ৰহণ কৰিলে অৰ্থাৎ আপোনাৰ পৰা আনন্দিত আছে?

১. যিহোৱাৰ কিছুমান বিশ্বাসী সেৱকৰ মনত হয়তো কি ভাৱনা আহিব পাৰে?

 যিহোৱাই নিজৰ সকলো সেৱকক গ্ৰহণ কৰে, এয়া জানি আমি সঁচাকৈ বহুত শান্ত্বনা লাভ কৰোঁ। বাইবেলত লিখা আছে, “যিহোৱাই নিজ প্ৰজাবিলাকত সন্তোষ পায়।” (গীত. ১৪৯:৪) কিন্তু কেতিয়াবা কেতিয়াবা আমি বহুত নিৰাশ হৈ যাব পাৰোঁ আৰু ভাবিব পাৰোঁ যে ‘যিহোৱাই মোৰ পৰা আনন্দিত আছে নে?’ প্ৰাচীন সময়ত যিহোৱাৰ বহুতো বিশ্বাসী সেৱকৰ মনতো এনেধৰণৰ ভাৱনা আহিছিল।—১ চমূ. ১:৬-১০; ইয়ো. ২৯:২, ৪, ৬; গীত. ৫১:১১.

২. যিহোৱাই কাৰ পৰা আনন্দিত হয়?

বাইবেলৰ পৰা স্পষ্টকৈ জানিব পাৰি যে অসিদ্ধ লোকসকলেও যিহোৱাৰ অনুমোদন পাব পাৰে অৰ্থাৎ তেওঁক আনন্দিত কৰিব পাৰে। কিন্তু আমি এয়া কেনেকৈ কৰিব পাৰোঁ? আমি যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিব লাগিব আৰু বাপ্তিষ্মা লʼব লাগিব। (যোহ. ৩:১৬) বাপ্তিষ্মা লোৱাৰ যোগেদি আমি দেখুৱাওঁ যে আমি নিজৰ পাপবোৰ অনুতাপ কৰিলোঁ আৰু ঈশ্বৰক প্ৰতিজ্ঞা কৰিলোঁ যে আমি তেওঁৰ ইচ্ছা পূৰ কৰিম। (পাঁচ. ২:৩৮; ৩:১৯) এইদৰে কৰাৰ যোগেদি আমি যিহোৱাৰ বন্ধু হʼবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰ পৰা যিহোৱা বহুত আনন্দিত হয়। যদি আমি সমৰ্পণৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ পৰা আনন্দিত হʼব আৰু আমাক নিজৰ বন্ধু বুলি কʼব।—গীত. ২৫:১৪.

৩. এই লেখত আমি কি কি প্ৰশ্নৰ উত্তৰ পাম?

কিছুমান লোকে ঈশ্বৰে তেওঁলোকৰ পৰা আনন্দিত নহয় বুলি কিয় ভাবিব পাৰে? যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি কেনেকৈ দেখুৱায়? এজন খ্ৰীষ্টানে যিহোৱাই তেওঁৰ পৰা আনন্দিত আছে বুলি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰে?

কিছুমান লোকে যিহোৱাই তেওঁলোকৰ পৰা আনন্দিত নহয় বুলি কিয় ভাবিব পাৰে?

৪-৫. আমি কোনো কামৰ যোগ্য নহওঁ বুলি অনুভৱ হʼলে আমি কি কথা মনত ৰাখিব পাৰোঁ?

আমাৰ মাজৰ বহুতো লোকে হয়তো সৰুৰে পৰা ভাবিছিল যে আমি কোনো কামৰ যোগ্য নহয়। (গীত. ৮৮:১৫) ভাই এড্ৰিয়ানে এইদৰে কৈছে, “আগৰে পৰা মোক লাগিছিল যে মই কোনো কামৰ যোগ্য নহয়। মোৰ এতিয়াও মনত আছে সৰু হৈ থকাৰ সময়ত মই মোৰ পৰিয়ালে নতুন পৃথিৱীলৈ যোৱাটো প্ৰাৰ্থনা কৰিছিলোঁ। কিন্তু মই ভাবিছিলোঁ যে মই তাত যোৱাৰ যোগ্য নহয়।” টনী সৰু হৈ থাকোঁতে তেওঁৰ মা-দেউতা যিহোৱাৰ সাক্ষী নাছিল। তেওঁ এইদৰে কৈছে, “মা-দেউতাই মোক প্ৰেম কৰে বা মোক লৈ গৰ্ব কৰে বুলি কেতিয়াও কোৱা নাছিল। সেইবাবে, মই ভাবিছিলোঁ যে মই যিয়ে নকৰোঁ কিয়, মই তেওঁলোকক কেতিয়াও আনন্দিত কৰিব নোৱাৰিম।”

আমি কোনো কামৰ যোগ্য নহওঁ বুলি কেতিয়াবা আমিও ভাবিব পাৰোঁ। এনে পৰিস্থিতিত আমি মনত ৰখা উচিত যে যিহোৱা ঈশ্বৰে নিজেই আমাক তেওঁৰ ফালে আকৰ্ষিত কৰিছে। (যোহ. ৬:৪৪) তেওঁ আমাৰ হৃদয় চায়। তেওঁ আমাৰ এনে গুণবোৰ চাই, যিবোৰ আমি হয়তো নিজে দেখা নাপাওঁ। (১ চমূ. ১৬:৭; ২ বং. ৬:৩০) সেইবাবে, যেতিয়া তেওঁ আমাক কয় যে তেওঁ আমাক প্ৰেম কৰে আৰু আমাক মূল্যৱান বুলি ভাবে, তেতিয়া আমি তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ।—১ যোহ. ৩:১৯, ২০.

৬. পৌলে আগতে যি পাপ কৰিছিল, তাৰ বিষয়ে ভাবি তেওঁক কেনে লাগিছিল?

সত্য শিকাৰ আগতে আমাৰ মাজৰ কিছুমান লোকে এনে কাম কৰিছিল, যাৰ বাবে হয়তো আমি আজিও দোষী অনুভৱ কৰোঁ। (১ পিত. ৪:৩) আন বিশ্বাসী খ্ৰীষ্টানসকলেও প্ৰতিদিনে নিজৰ দুৰ্বলতাৰ লগত যুঁজিবলগীয়া হয়। যিহোৱাই আপোনাক কেতিয়াও ক্ষমা নকৰিব বুলি আপুনি ভাবে নে? যদি ভাবে, তেনেহʼলে আপুনি অকলশৰীয়া নহয়। প্ৰাচীন সময়ত যিহোৱাৰ সেৱকসকলেও এইদৰে অনুভৱ কৰিছিল। পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁ ভাবিছিল যে তেওঁৰ কিমান দুৰ্বলতা আছে, তেতিয়া তেওঁক বহুত দুখ লাগিছিল। (ৰোম. ৭:২৪) পৌলে আগতে যি পাপ কৰিছিল, তাৰ বাবে তেওঁ অনুতাপ কৰিছিল আৰু বাপ্তিষ্মা লৈছিল। তথাপিও তেওঁ এইদৰে কৈছিল, “পাঁচনিবিলাকৰ মাজত মই সকলোতকৈ সৰু” আৰু “পাপী লোকৰ মাজত ময়েই প্ৰধান।”—১ কৰি. ১৫:৯; ১ তীম. ১:১৫.

৭. যদি আগতে আপোনাৰ পৰা ভুল হৈছে, তেনেহʼলে আপুনি কি কথা মনত ৰাখিব পাৰে?

আমাৰ পিতৃ যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে যদি আমি অনুতাপ কৰিম, তেনেহʼলে তেওঁ আমাক ক্ষমা কৰিব। (গীত. ৮৬:৫) গতিকে আমি যদি নিজৰ ভুলৰ বাবে সঁচাকৈ অনুতাপ কৰোঁ, তেনেহʼলে আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাৰ সকলো পাপ ক্ষমা কৰিলে।—কল. ২:১৩.

৮-৯. যদি আমাক লাগে যে আমি যিয়ে নকৰোঁ কিয়, যিহোৱাক কেতিয়াও আনন্দিত কৰিব নোৱাৰিম, তেনেহʼলে আমি কি কথা মনত ৰাখিব পাৰোঁ?

আমি সকলোৱে মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ। কিন্তু কিছুমান লোকে ভাবিব পাৰোঁ যে তেওঁলোকে যিয়ে নকৰক কিয়, যিহোৱাক কেতিয়াও আনন্দিত কৰিব নোৱাৰে। ভনী আমেণ্ডাই এইদৰে কৈছে, “মই ভাবিছিলোঁ যে মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰাৰ অৰ্থ হৈছে সদায় আৰু বেছিকৈ কৰিবলৈ চেষ্টা কৰা। ইয়াৰ বাবে মই নিজৰ পৰা বেছিকৈ আশা কৰিবলৈ ধৰিছিলোঁ। কিন্তু যেতিয়া সেইদৰে কৰিব পৰা নাছিলোঁ, তেতিয়া মোৰ বহুত দুখ লাগিছিল আৰু যিহোৱাই মোক খং কৰিছে বুলি ভাবিছিলোঁ।”

যদি আমাক লাগে যে আমি যিয়ে নকৰোঁ কিয়, যিহোৱাক কেতিয়াও আনন্দিত কৰিব নোৱাৰিম, তেনেহʼলে আমি কি কৰিব পাৰোঁ? আমি মনত ৰাখিব পাৰোঁ যে যিহোৱা দয়া দেখুৱা ঈশ্বৰ হয়। আমি যিবোৰ কাম কৰিব নোৱাৰোঁ, সেইবোৰ কাম কৰিবলৈ তেওঁ আমাক নকয়। ইয়াৰ পৰিৱৰ্তে যেতিয়া আমি মনে-প্ৰাণে তেওঁৰ সেৱা কৰোঁ, তেতিয়া তেওঁ তাক মূল্যাংকন কৰে। আমি বাইবেলত কোৱা সেই লোকসকলৰ উদাহৰণবোৰলৈও ধ্যান দিয়া উচিত, যিসকলে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিছিল। পৌলৰ বিষয়ে আকৌ মন কৰক। তেওঁ বহু বছৰলৈকে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিলে, হাজাৰ কিলোমিটাৰলৈকে যাত্ৰা কৰিলে আৰু বহুতো মণ্ডলী আৰম্ভ কৰিলে। কিন্তু যেতিয়া তেওঁৰ পৰিস্থিতি সলনি হʼল, তেতিয়া আগতে তেওঁ যিমান প্ৰচাৰ কৰিব পাৰিছিল, সিমান কৰিব পৰা নাছিল। গতিকে ইয়াৰ বাবে তেওঁ যিহোৱাৰ অনুমোদন হেৰুৱাইছিল নে? নহয়। পৌলে যিমান কৰিব পাৰিছিল, সিমান কৰি থাকিল আৰু ইয়াৰ বাবে যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। (পাঁচ. ২৮:৩০, ৩১) ঠিক সেইদৰে আমাৰ পৰিস্থিতিও একেদৰে নাথাকে, কেতিয়াবা আমি বেছিকৈ কৰিব পাৰোঁ আৰু কেতিয়াবা কম। কিন্তু আমি কিমান কৰিব পাৰিছোঁ তালৈ যিহোৱাই ধ্যান নিদিয়ে। ইয়াৰ পৰিৱৰ্তে আমি কি উদ্দেশ্যেৰে তেওঁৰ সেৱা কৰি আছোঁ তালৈ ধ্যান দিয়ে। এতিয়া আহক চাওঁ যে যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি কেনেকৈ দেখুৱায়।

যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি কেনেকৈ দেখুৱায়?

১০. যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি যদি আমি শুনিব বিচাৰোঁ, তেনেহʼলে আমি কৰিব লাগিব? (যোহন ১৬:২৭)

১০ বাইবেলৰ জৰিয়তে। যিহোৱাই যিসকল লোকক প্ৰেম কৰে, তেওঁলোকৰ পৰা আনন্দিত আছে বুলি তেওঁলোকক জনায়। বাইবেলত লিখা আছে যে যিহোৱাই দুবাৰ যীচুক কʼলে যে যীচু তেওঁৰ প্ৰিয় পুত্ৰ হয় আৰু যিহোৱাই তেওঁক গ্ৰহণ কৰিলে। (মথি ৩:১৭; ১৭:৫) যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে বুলি আপুনিও শুনিব বিচাৰে নে? যিহোৱাই স্বৰ্গৰ পৰা আমাৰ লগত কথা নাপাতে, কিন্তু নিজৰ বাক্য বাইবেলৰ জৰিয়তে আমাৰ লগত কথা পাতে। যেনে, যেতিয়া আমি শুভবাৰ্তাৰ কিতাপবোৰত যীচুৰ কথাবোৰ পঢ়োঁ, তেতিয়া এনে হয় যেন আমি যিহোৱাৰ কথা শুনি আছোঁ। (যোহন ১৬:২৭ পঢ়ক।) কিয় বাৰু? কিয়নো যীচু নিজৰ পিতৃৰ দৰেই আছে। সেইবাবে, যেতিযা আমি পঢ়োঁ যে যীচুৱে কেনেকৈ নিজৰ শিষ্যসকলৰ লগত কথা পাতিলে, তেওঁলোকক নিজৰ প্ৰেম দেখুৱালে, তেতিয়া আমি কল্পনা কৰিব পাৰোঁ যে যিহোৱাই নিজেই সেই কথাবোৰ আমাক কৈ আছে।—যোহ. ১৫:৯, ১৫.

যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি বহুতো উপায়েৰে দেখুৱায় (অনুচ্ছেদ ১০)


১১. আমি কিয় কʼব পাৰোঁ যে সমস্যাৰ মাজেদি পাৰ হʼবলৈ দিয়াৰ অৰ্থ এয়া নহয় যে যিহোৱা আমাৰ পৰা আনন্দিত নাই? (যাকোব ১:১২)

১১ নিজৰ কামৰ জৰিয়তে। যিহোৱাই আমাক সহায় কৰিবলৈ সদায় সাজু থাকে। যেনে, তেওঁ আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে। কিন্তু কেতিয়াবা কেতিয়াবা যিহোৱাই ইয়োবৰ দৰে আমাকো সমস্যাৰ মাজেৰে পাৰ হʼবলৈ দিব পাৰে। (ইয়ো. ১:৮-১১) কিন্তু সমস্যাৰ মাজেদি পাৰ হʼবলৈ দিয়াৰ অৰ্থ এয়া নহয় যে যিহোৱাই আমাৰ পৰা আনন্দিত নাই। তাৰ পৰিৱৰ্তে সেই সময়ত আমি যিহোৱাক কিমান প্ৰেম কৰোঁ আৰু ভৰসা কৰোঁ তাক দেখুৱাৰ সুযোগ পাওঁ। (যাকোব ১:১২ পঢ়ক।) সেই সময়ছোৱাত যেতিয়া আমি চাম যে যিহোৱাই আমাৰ কেনেকৈ যত্ন লৈছে, সমস্যাবোৰ সহন কৰিবলৈ আমাক সহায় কৰিছে, তেতিয়া আমি অনুভৱ কৰিব পাৰিম যে যিহোৱাই আমাৰ বিষয়ে চিন্তা কৰে।

১২. আমি ভাই দিমিত্ৰিৰ উদাহৰণৰ পৰা কি শিকিব পাৰোঁ?

১২ এছিয়াত থকা এজন ভাই দিমিত্ৰিৰ উদাহৰণলৈ মন কৰক। তেওঁ নিজৰ চাকৰি হেৰুৱাইছিল আৰু কেইবা মাহলৈকে বেলেগ চাকৰি বিচাৰি পোৱা নাছিল। সেইবাবে, তেওঁ প্ৰচাৰত বেছিকৈ সময় দিবলৈ নিৰ্ণয় ললে আৰু এইদৰে তেওঁৰ যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে বুলি দেখুৱালে। কিন্তু কেইবা মাহ পাৰ হোৱাৰ পাছতো তেওঁ আন চাকৰি বিচাৰি নাপালে। পাছত তেওঁৰ ইমানেই বেমাৰ হʼল যে তেওঁ বিচনাৰ পৰা উঠিব পৰা নাছিল। তেওঁ ভাবিবলৈ ধৰিলে যে তেওঁ এজন ভাল স্বামী আৰু পিতৃ নহয়। তেওঁ এয়াও ভাবিবলৈ ধৰিলে যে হয়তো যিহোৱাও তেওঁৰ পৰা আনন্দিত নহয়। তাৰ পাছত এদিনাখন গধূলি তেওঁৰ ছোৱালীজনীয়ে তেওঁক এখন কাগজ দিলে, যʼত যিচয়া ৩০:১৫ পদৰ এই কথা লিখা আছিল: “শান্ত হলেহে পৰিত্ৰাণ পাবা, থিৰে থাকি বিশ্বাস কৰিলেহে তোমালোকৰ পৰাক্ৰম হব।” পাছত তাই সেই কাগজখন নিজৰ দেউতাকক দিলে আৰু কʼলে, “দেউতা যেতিয়া আপোনাক দুখ লাগে, তেতিয়া আপুনি এই পদটো চাব।” তেতিয়া ভাই দিমিত্ৰিৰ অনুভৱ হʼল যে যিহোৱাই তেওঁক এৰি দিয়া নাই। কাৰণ তেওঁলোকৰ পৰিয়ালৰ ওচৰত আহাৰ, কাপোৰ আৰু থাকিবলৈ ঠাই আছে। যিহোৱাই এতিয়াও তেওঁলোকৰ যত্ন লয় আছে। তেওঁ এইদৰে কৈছে, “মই কেৱল শান্ত হৈ যিহোৱাৰ ওপৰত ভৰসা কৰাৰ প্ৰয়োজন আছিল।” যদি আপুনিও এনে সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেনেহʼলে আপুনি যিহোৱাৰ ওপৰত ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ বিষয়ে চিন্তা কৰে আৰু সেই সমস্যা সহন কৰিবলৈ আপোনাক নিশ্চয় সহায় কৰিব।

যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি বহুতো উপায়েৰে দেখুৱায় (অনুচ্ছেদ ১২ চাওক) a


১৩. যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি আৰু কেনেকৈ দেখুৱায়?

১৩ নিজৰ সেৱকসকলৰ জৰিয়তে। যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি ভাই-ভনীসকলৰ জৰিয়তে দেখুৱায়। যেনে, প্ৰয়োজনৰ সময়ত আমাক উৎসাহিত কৰিবলৈ তেওঁ ভাই-ভনীসকলক ব্যৱহাৰ কৰে। এছিয়াৰ এখন দেশত থকা আমাৰ এজনী ভনীয়ে এইদৰেই অনুভৱ কৰিলে। এসময়ত তাই বহুত নিৰাশ হৈ পৰিছিল। তাই নিজৰ চাকৰি হেৰুৱাইছিল আৰু পাছত তাই বহুত বেমাৰ হৈ পৰিল। ইয়াৰ পাছত তাইৰ স্বামীয়ে এটা ডাঙৰ পাপ কৰিলে, যাৰ বাবে তেওঁৰ পৰা প্ৰাচীনৰ দায়িত্বও লৈ লোৱা হʼল। ভনীয়ে এইদৰে কৈছে, “মোৰ লগত এইদৰে কিয় হৈছে মই বুজিয়েই পোৱা নাছিলোঁ। মই ভাবিবলৈ ধৰিলোঁ হয়তো মোৰ পৰাই কিবা ভুল হৈছে আৰু যিহোৱাই মোৰ পৰা আনন্দিত নাই। তেতিয়া ভনীয়ে কাকূতি-মিনতি কৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে যে তেওঁ তাইৰ পৰা আনন্দিত আছে বুলি যাতে বিশ্বাস দিয়ে।” যিহোৱাই তাইৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিলে? ভনীয়ে এইদৰে কৈছে, “প্ৰাচীনসকলে মোৰ লগত কথা পাতিলে আৰু মোক বিশ্বাস দিলে যে যিহোৱাই মোক এতিয়াও প্ৰেম কৰে।” কিছু সময়ৰ পাছত ভনীয়ে যিহোৱালৈ সেই প্ৰাৰ্থনা আকৌ কৰিলে। ভনীয়ে এইদৰে কৈছে, “সেইদিনাখন মই এখন চিঠি পালোঁ। সেই চিঠি মোৰ মণ্ডলীৰ কিছুমান ভাই-ভনীয়ে দিছিল। তাত লিখা কথাবোৰ পঢ়ি মোৰ বৰ ভাল লাগিল আৰু মই বহুত শান্ত্বনা পালোঁ। যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে বুলি মই অনুভৱ কৰিলোঁ।” এই উদাহৰণৰ পৰা জানিব পাৰি যে যিহোৱাই ভাই-ভনীসকলৰ জৰিয়তে আমাক উৎসাহিত কৰে আৰু এইদৰে দেখুৱাই যে তেওঁ আমাৰ পৰা আনন্দিত আছে।—গীত. ১০:১৭.

যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি বহুতো উপায়েৰে দেখুৱায় (অনুচ্ছেদ ১৩ চাওক) b


১৪. যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি আৰু কি উপায়েৰে দেখুৱায়?

১৪ যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি আৰু এটা উপায়েৰে দেখুৱায়। প্ৰয়োজন হʼলে তেওঁ ভাই-ভনীসকলৰ জৰিয়তে আমাক পৰামৰ্শ দিয়ে। প্ৰথম শতিকাত এইদৰেই হৈছিল। যিহোৱাই পাঁচনি পৌলক উৎসাহিত কৰিছিল আৰু তেওঁ ভাই-ভনীসকলৰ বাবে ১৪ খন চিঠি লিখিছিল। চিঠিবোৰত পৌলে তেওঁলোকক স্পষ্টকৈ কিন্তু প্ৰেমেৰে পৰামৰ্শ দিছিল। যিহোৱাই ভাই-ভনীসকলক পৰামৰ্শ দিবলৈ পৌলক কিয় উৎসাহিত কৰিছিল? কিয়নো যিহোৱা এজন ভাল পিতৃ হয় আৰু তেওঁ নিজৰ লʼৰা-ছোৱালীসকলক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকক শুধৰণি কৰে। (হিতো. ৩:১১, ১২) গতিকে, যেতিয়া কোনোবাই আপোনাক বাইবেলৰ পৰা পৰামৰ্শ দিয়ে, তেতিয়া যিহোৱাই আপোনাক খং কৰিছে বুলি নাভাবিব। ইয়াৰ পৰিৱৰ্তে তেওঁ আপোনাৰ পৰা আনন্দিত আছে তাৰ প্ৰমাণ হয় বুলি ভাবিব। (ইব্ৰী ১২:৬) যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি আমি আৰু কেনেকৈ জানিব পাৰোঁ?

যিহোৱাই আমাৰ পৰা আনন্দিত আছে, ইয়াৰ আৰু কিছুমান প্ৰমাণ

১৫. যিহোৱাই কাক নিজৰ পবিত্ৰ শক্তি দিয়ে আৰু ইয়াৰ পৰা কি কথাৰ ওপৰত আমাৰ বিশ্বাস বাঢ়ে?

১৫ যিহোৱাই যিসকল লোকৰ পৰা আনন্দিত আছে, তেওঁলোককহে নিজৰ পবিত্ৰ শক্তি দিয়ে। তেওঁৰ পবিত্ৰ শক্তিৰ সহায়ত আমি ভাল ভাল গুণবোৰ বঢ়াব পাৰোঁ। (মথি ১২:১৮) গতিকে নিজকে সোধক, ‘মই পবিত্ৰ শক্তিৰ কিবা গুণ বঢ়াইছোঁ বুলি মোৰ ব্যৱহাৰৰ পৰা জানিব পাৰি নে?’ যেনে, সত্য শিকাৰ পাছত আপুনি লোকসকলৰ লগত আৰু বেছিকৈ ধৈৰ্য্য ধৰিছে নে? যিমানেই আপুনি পবিত্ৰ শক্তিৰ গুণবোৰ বঢ়াব আৰু দেখুৱাব, সিমানেই আপোনাৰ বিশ্বাস হʼব যে যিহোৱা আপোনাৰ পৰা আনন্দিত আছে।—‘ পবিত্ৰ শক্তিৰ ফল হৈছে . . . ‘ নামৰ বক্সখন চাওক।

আপুনি সেই প্ৰমাণবোৰ দেখিবলৈ পাইছে নে যাৰ পৰা জানিব পাৰি যে যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে? (অনুচ্ছেদ ১৫)


১৬. যিহোৱাই কাক শুভবাৰ্তা শুনাবলৈ দায়িত্ব দিয়ে আৰু এয়া জানি আপোনাৰ কেনে অনুভৱ হয়? (১ থিচলনীকীয়া ২:৪)

১৬ যিহোৱাই যিসকল লোকৰ পৰা আনন্দিত আছে, তেওঁলোকক শুভবাৰ্তা শুনাবলৈ দায়িত্ব দিয়ে। (১ থিচলনীকীয়া ২:৪ পঢ়ক।) মন কৰক, শুভবাৰ্তা শুনোৱাৰ বাবে ভনী যেচলিনৰ এই কথাৰ ওপৰত কেনেকৈ আৰু বিশ্বাস বাঢ়িল। ভনীয়ে কৈছে যে এদিন ৰাতিপুৱা যেতিয়া উঠিল, তেতিয়া তাই বহুত নিৰাশ অনুভৱ কৰিছিল। তাই এইদৰে কৈছে, “মই অনুভৱ কৰিছিলোঁ যে মই কোনো কামৰ যোগ্য নহওঁ। কিন্তু মই অগ্ৰগামী সেৱা কৰি আছিলোঁ আৰু সেই দিনা মই প্ৰচাৰলৈ যাবলৈ আছিল। সেইবাবে, মই প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰচাৰলৈ গʼলোঁ।” সেই দিনা ৰাতিপুৱা ভনীয়ে মেৰি নামৰ এজনী তিৰোতাক লগ পালে, যি গৰাকীয়ে বাইবেল অধ্যয়ন কৰিবলৈ সাজু হʼল। কিছু মাহৰ পাছত মেৰিয়ে ভনীক জনাই যে যেতিয়া ভনীয়ে তেওঁৰ দুৱাৰ টুকুৰিয়াইছিল, তেতিয়া তেওঁ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি আছিল আৰু তেওঁৰ পৰা সহায় বিচাৰিছিল। এই উদাহৰণৰ পৰা ভনী যেচলিনে কি বুজি পালে? তাই এইদৰে কৈছে, “মোৰ এনে লাগিছিল যেন যিহোৱাই মোক এইদৰে কৈছে, ‘মই তোমাৰ পৰা আনন্দিত আছোঁ।’” এয়া সঁচা যে প্ৰচাৰত প্ৰতিজন লোকে আমাৰ কথা নুশুনিব। তথাপিও আমি যদি মনে-প্ৰাণে শুভবাৰ্তা শুনাবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ পৰা আনন্দিত আছে।

আপুনি সেই প্ৰমাণবোৰ দেখিবলৈ পাইছে নে যাৰ পৰা জানিব পাৰি যে যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে? (অনুচ্ছেদ ১৬ চাওক) c


১৭. ভনী বিকিয়ে মুক্তিৰ মূল্যৰ বলিদানৰ বিষয়ে যি কʼলে, তাৰ পৰা আপুনি কি শিকিব পাৰে? (গীতমালা ৫:১২)

১৭ যিহোৱাই মুক্তিৰ মূল্যৰ বলিদানৰ আধাৰত সেই লোকসকলক ক্ষমা কৰে, যিসকলৰ পৰা তেওঁ আনন্দিত আছে। (১ তীম. ২:৫, ৬) এই বলিদানৰ ওপৰত বিশ্বাস কৰা আৰু বাপ্তিষ্মা লোৱাৰ পাছতো আমাৰ অনুভৱ হʼব পাৰে যে যিহোৱাই আমাৰ পৰা আনন্দিত নহয়। এনে পৰিস্থিতিত আমি মনত ৰাখিব পাৰোঁ যে আমি যি ভাবোঁ আৰু যিদৰে অনুভৱ কৰোঁ, সেয়া সদায় সঠিক নহয়। কিন্তু আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। যিসকল লোকে মুক্তিৰ মূল্যৰ বলিদানৰ ওপৰত বিশ্বাস কৰে, যিহোৱাই তেওঁলোকক ভাল ব্যক্তি বুলি কয় আৰু তেওঁলোকক আশীৰ্বাদ দিব বুলি প্ৰতিজ্ঞা কৰিছে। (গীতমালা ৫:১২ পঢ়ক; ৰোম. ৩:২৬) মুক্তিৰ মূল্যৰ বলিদানৰ বিষয়ে মনন কৰাৰ বাবে ভনী বিকিয়ে বহুত সহায় পালে। এদিনাখন তাই এই ব্যৱস্থাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিলে, তেতিয়া তাইৰ অনুভৱ হʼল যে “যিহোৱাই ইমান সময়ৰ পৰা মোৰ বাবে ধৈৰ্য্য ধৰি আছিল। কিন্তু মই যেন তেওঁক এইদৰে কৈছিলোঁ, ‘আপোনাৰ প্ৰেমৰ পৰা মোৰ একো লাভ নহʼব। আপোনাৰ পুত্ৰৰ বলিদানে মোৰ পাপবোৰ ঢাকিব নোৱাৰে।’” মুক্তিৰ মূল্যৰ বলিদানৰ ওপৰত মনন কৰাৰ বাবে লাহে লাহে ভনীয়ে অনুভৱ কৰিব পাৰিলে যে যিহোৱাই তেওঁক বহুত প্ৰেম কৰে। আমিও যেতিয়া মুক্তিৰ মূল্যৰ ব্যৱস্থাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিম, তেতিয়া অনুভৱ কৰিব পাৰিম যে যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু আমাৰ পৰা আনন্দিত আছে।

আপুনি সেই প্ৰমাণবোৰ দেখিবলৈ পাইছে নে যাৰ পৰা জানিব পাৰি যে যিহোৱাই আপোনাৰ পৰা আনন্দিত আছে? (অনুচ্ছেদ ১৭ চাওক)


১৮. যদি আমি সদায় যিহোৱাক প্ৰেম কৰি থাকোঁ, তেনেহʼলে আমি কি কথাৰ ওপৰত বিশ্বাস ৰাখিব পাৰোঁ?

১৮ এই লেখত আমি যিবোৰ উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ, সেইবোৰ হয়তো আমি সম্পূৰ্ণৰূপে মানিবলৈ চেষ্টা কৰিম। তথাপিও আমি কেতিয়াবা নিৰাশ হʼব পাৰোঁ আৰু ভাবিব পাৰোঁ যে যিহোৱাই আমাৰ পৰা আনন্দিত নহয়। এনে পৰিস্থিতিত আমি মনত ৰখা উচিত যে যিসকলে ‘যিহোৱাক প্ৰেম কৰে,’ যিহোৱাই তেওঁলোকৰ পৰা আনন্দিত হয়। (যাকো. ১:১২) গতিকে প্ৰতিদিনে যিহোৱাৰ কাষ চাপি থাকক। তেওঁ আপোনাৰ পৰা আনন্দিত আছে বুলি কেনেকৈ দেখুৱাইছে, তাক চাবলৈ চেষ্টা কৰক আৰু সদায় মনত ৰাখক “তেওঁ আমাৰ কৰো পৰা দূৰ নহয়।”—পাঁচ. ১৭:২৭.

আপুনি কেনেকৈ উত্তৰ দিব?

  • কিছুমান লোকে কিয় ভাবিব পাৰে যে যিহোৱাই তেওঁলোকৰ পৰা আনন্দিত নহয়?

  • যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি কেনেকৈ দেখুৱায়?

  • যিহোৱাই আমাৰ পৰা আনন্দিত আছে বুলি আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ?

গীত ৮৮ তোমাৰ পথ আমাক দেখুৱা

a ছবিৰ বিষয়ে: এওঁলোক অনুভৱত কোৱা লোকসকল নহয়

b ছবিৰ বিষয়ে: এওঁলোক অনুভৱত কোৱা লোকসকল নহয়

c ছবিৰ বিষয়ে: এওঁলোক অনুভৱত কোৱা লোকসকল নহয়