Skip to content

Skip to table of contents

উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ

উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ

উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ এই তালিকাখনত উল্লেখ কৰা কিছুমান ভৱিষ্যতবাণী একে সময়তে পূৰ হয়। এই সকলো ভৱিষ্যতবাণীৰপৰা প্ৰমাণ হয় যে আমি ‘শেষকালত’ জীয়াই আছোঁ।—দানি. ১২:৪.

  • পদবোৰ: প্ৰকা. ১১:৭; ১২:১৩, ১৭; ১৩:১-৮, ১২

    ভৱিষ্যতবাণী: ‘পশুৱে’ ৩,০০০ বছৰৰপৰা মানৱজাতিৰ ওপৰত শাসন কৰিছে। শেষকালত ইয়াৰ সাতোটা মূৰ আঘাতপ্ৰাপ্ত হয়। ই পুনৰ সুস্থ হয় আৰু ‘গোটেই জগত’ সেই পশুক অনুকৰণ কৰে। চয়তানে এই পশুৰ যোগেদি “অৱশিষ্ট” অভিষিক্ত লোকৰ লগত ‘যুদ্ধ কৰে।’

    পূৰ্ণতা: জলপ্লাৱনৰ পাছত যিহোৱাৰ বিৰোধ কৰা চৰকাৰবোৰে শাসন কৰিবলৈ আৰম্ভ কৰে। জলপ্লাৱনৰ হাজাৰ হাজাৰ বছৰৰ পাছত প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত ব্ৰিটিছ সাম্ৰাজ্য একেবাৰে দুৰ্বল হৈ পৰিছিল। পাছত যেতিয়া আমেৰিকাই তেওঁৰ লগত মিলি যায়, তেতিয়া তেওঁ পুনৰ শক্তিশালী হৈ পৰে। চয়তানে সকলো চৰকাৰৰ যোগেদি ঈশ্বৰৰ লোকসকলক তাড়না দিছিল। বিশেষকৈ শেষকালত সি বেছিকৈ তাড়না দিছিল।

  • পদবোৰ: দানি. ১১:২৫-৪৫

    ভৱিষ্যতবাণী: শেষকালত উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাই বেছিকৈ শক্তিশালী হʼবলৈ এজনে-আনজনৰ লগত যুদ্ধ কৰিব।

    পূৰ্ণতা: জাৰ্মানী আৰু ব্ৰিটেইন-আমেৰিকাই বেছি শক্তিশালী হʼবলৈ এজনে-আনজনৰ লগত যুদ্ধ কৰে। ১৯৪৫ চনত ছʼভিয়েট সংঘ আৰু তেওঁৰ বন্ধুত্ব ৰাষ্ট্ৰই উত্তৰ দেশৰ ৰজা হয়। ১৯৯১ চনত ছʼভিয়েট সংঘৰ ধ্বংস হয়। কিছু সময়ৰ পাছত ৰুছ আৰু তেওঁৰ বন্ধুত্ব ৰাষ্ট্ৰই উত্তৰ দেশৰ ৰজা হয়।

  • পদবোৰ: যিচ. ৬১:১; মলা. ৩:১; লূক ৪:১৮

    ভৱিষ্যতবাণী: মচীহৰ ৰাজ্য আৰম্ভ হোৱাৰ আগতে যিহোৱাই নিজৰ ‘দূত’ পঠাব, যাতে তেওঁ “বাট যুগুত কৰিব।” এই দূতে “দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ” কৰিব।

    পূৰ্ণতা: ১৮৭০ চনৰপৰা ভাই ৰছল আৰু তেওঁৰ সহযোগীসকলে গভীৰভাৱে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে, যাতে বাইবেলে প্ৰকৃততে কি শিকায়, তাৰ বিষয়ে জানিব পাৰে। ১৮৮১ চনত তেওঁলোকে বুজিব পাৰিলে যে প্ৰচাৰ কৰাটো অতি প্ৰয়োজন। “১,০০০ প্ৰচাৰকৰ প্ৰয়োজন আছে” আৰু “প্ৰচাৰ কৰিবলৈ অভিষিক্ত কৰা হʼল” এনেধৰণৰ লেখ তেওঁলোকে প্ৰকাশিত কৰে।

  • পদবোৰ: মথি ১৩:২৪-৩০, ৩৬-৪৩

    ভৱিষ্যতবাণী: এজন শত্ৰুৱে ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি দিব। সেই বনক শস্য দোৱাৰ সময়লৈকে ধানৰ লগতে একেলগে বাঢ়িবলৈ দিয়া হʼব। সেই সময়ছোৱাত বিনৈ বন ইমানেই বাঢ়ি যাব যে ধানক দেখা পোৱা নাযাব। শস্য দোৱাৰ সময়ত ধানক বিনৈ বনৰপৰা পৃথক কৰা হʼব।

    পূৰ্ণতা: ১৮৭০ চনৰপৰা সত্য আৰু মিছা খ্ৰীষ্টানসকলৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা গʼল। শেষকালত সত্য খ্ৰীষ্টানসকলক মিছা খ্ৰীষ্টানসকলৰপৰা পৃথক কৰি খ্ৰীষ্টান মণ্ডলীত একত্ৰিত কৰা হয়।

  • পদবোৰ: দানি. ২:৩১-৩৩, ৪১-৪৩

    ভৱিষ্যতবাণী: লোহা আৰু মাটিৰ ভৰি এনে এক মূৰ্তিৰ হয়, যি বেলেগ বেলেগ ধাতুৰে নিৰ্মিত।

    পূৰ্ণতা: মাটি সেই সাধাৰণ লোকসকলক চিত্ৰিত কৰে, যিসকলৰ ওপৰত ব্ৰিটেইন আৰু আমেৰিকাই শাসন কৰে। এই লোকসকলে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিৰ বিৰুদ্ধে বিদ্ৰোহ কৰে, যাৰ বাবে ইয়াৰ লোহাৰ দৰে শক্তি দুৰ্বল হৈ পৰে অৰ্থাৎ এই বিশ্ব শক্তিয়ে নিজৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিব নোৱাৰে।

  • পদবোৰ: মথি ১৩:৩০; ২৪:১৪, ৪৫; ২৮:১৯, ২০

    ভৱিষ্যতবাণী: “ধান” অৰ্থাৎ সত্য খ্ৰীষ্টানসকলক “ভঁৰালত” অৰ্থাৎ সত্য খ্ৰীষ্টান মণ্ডলীত একত্ৰিত কৰা হʼব। ‘বিশ্বাসী বুদ্ধিমান দাসক’ “সিহঁতৰ” ওপৰত নিযুক্ত কৰা হʼব। “ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে” ঘোষণা কৰাৰ কাম আৰম্ভ হʼব।

    পূৰ্ণতা: ১৯১৯ চনত বিশ্বাসী বুদ্ধিমান দাসক ঈশ্বৰৰ লোকসকলৰ ওপৰত নিযুক্ত কৰা হৈছিল। তেতিয়াৰেপৰা বাইবেল বিদ্যাৰ্থীসকলে প্ৰচাৰ কাম উৎসাহেৰে কৰিবলৈ আৰম্ভ কৰে। আজি যিহোৱাৰ সাক্ষীসকলে ২০০ তকৈ বেছি দেশত প্ৰচাৰ কৰিছে আৰু ১,০০০ তকৈ বেছি ভাষাত বাইবেল আধাৰিত প্ৰকাশনবোৰ প্ৰস্তুত কৰিছে।

  • পদবোৰ: দানি. ১২:১১; প্ৰকা. ১৩:১১, ১৪, ১৫

    ভৱিষ্যতবাণী: দুটা শিং থকা পশুৱে লোকসকলক ‘পশুৰ এটা প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিবলৈ’ কʼব আৰু দুটা শিং থকা পশুৱে আন পশুৰ “প্ৰতিমূৰ্ত্তিক প্ৰাণ-বায়ু” দিব।

    পূৰ্ণতা: ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে ৰাষ্ট্ৰ সংঘ স্থাপন কৰাত প্ৰথম পদক্ষেপ লৈছিল। আন আন ৰাষ্ট্ৰবোৰেও এই সংগঠনত জড়িত হৈছিল। কিন্তু তেওঁ কেৱল ১৯২৬ চনৰপৰা ১৯৩৩ চনলৈকে এই সংঘৰ সদস্য আছিল। লোকসকলে বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰ সংঘই জগতত শান্তি আনিব। কিন্তু এই কাম কেৱল ঈশ্বৰৰ ৰাজ্যই কৰিব পাৰে। পাছলৈ তেওঁলোকে যুক্তৰাষ্টৰ বিষয়েও এইদৰে বিশ্বাস কৰিছিল।

  • পদবোৰ: দানি. ৮:২৩, ২৪

    ভৱিষ্যতবাণী: এজন ভয়ংকৰ ৰজাই “বিস্ময় মনাকৈ সংহাৰ কৰিব।”

    পূৰ্ণতা: ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে বহুতোলোকক হত্যা কৰিলে আৰু সংহাৰ কৰিলে। উদাহৰণস্বৰূপে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত আমেৰিকাই এনে এক দেশত দুটা পৰমাণু বোমা বিস্ফোৰণ কৰে, যি ব্ৰিটেইন আৰু আমেৰিকাৰ শত্ৰু আছিল। এই বোমা বিস্ফোৰণৰপৰা ইমানেই ধ্বংস হৈছিল, যি আগতে কেতিয়াও হোৱা নাছিল।

  • পদবোৰ: দানি. ১১:৩১; প্ৰকা. ১৭:৩, ৭-১১

    ভৱিষ্যতবাণী: দহোটা শিং থকা এটা “সেন্দুৰ বৰণীয়া” পশু অগাধ ঠাইৰপৰা বাহিৰলৈ ওলাব। তেওঁ অষ্টম ৰজা হʼব। দানিয়েল কিতাপত এই ৰজাজনক “ধ্বংসকাৰী ঘিণলগীয়া বস্তু” বুলি কোৱা হৈছে।

    পূৰ্ণতা: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ৰাষ্ট্ৰ সংঘৰ ধ্বংস হয়। যুদ্ধৰ পাছত যুক্তৰাষ্ট্ৰক “স্থাপন” কৰা হৈছিল। ৰাষ্ট্ৰ সংঘৰ দৰে যুক্তৰাষ্ট্ৰয়ো শান্তি আনিব বুলি বিশ্বাস কৰা হৈছিল। কিন্তু এই কাম ঈশ্বৰৰ ৰাজ্যই কৰিব পাৰে। যুক্তৰাষ্ট্ৰই ধৰ্মবোৰক ধ্বংস কৰিব।

  • পদবোৰ: ১ থিচ. ৫:৩; প্ৰকা. ১৭:১৬

    ভৱিষ্যতবাণী: জগতৰ ৰাষ্ট্ৰই ‘শান্তি আৰু নিৰ্ব্বিঘ্নতাৰ’ ঘোষণা কৰিব। “দহোটা শিং” আৰু “পশুৱে” “বেশ্যাক” ধ্বংস কৰিব। তাৰ পাছত ৰাষ্ট্ৰকো ধ্বংস কৰা হʼব।

    পূৰ্ণতা: জগতত শান্তি আৰু সুৰক্ষা আনিব বুলি ৰাষ্ট্ৰই হয়তো দাবী কৰিব পাৰে। তাৰ পাছত সেই যুক্তৰাষ্ট্ৰৰ সদস্য ৰাষ্ট্ৰই মিছা ধৰ্মক ধ্বংস কৰিব। এইদৰে মহাক্লেশৰ আৰম্ভ হʼব। যেতিয়া হৰমাগিদোনত জগতৰ দুষ্ট ব্যৱস্থাক ধ্বংস কৰা হʼব তেতিয়া মহাক্লেশ শেষ হʼব।

  • পদবোৰ: যিহি. ৩৮:১১, ১৪-১৭; মথি ২৪:৩১

    ভৱিষ্যতবাণী: গোগে ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব। ইয়াৰ পাছত স্বৰ্গদূতসকলে “মনোনীত লোকবিলাকক” একগোট কৰিব।

    পূৰ্ণতা: উত্তৰ দেশৰ ৰজা আৰু বাকী থকা জগতৰ চৰকাৰে ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব। গোগে আক্ৰমণ কৰাৰ কিছুসময়ৰ পাছত বাকী থকা অভিষিক্ত লোকক স্বৰ্গলৈ নিয়া হʼব।

  • পদবোৰ: যিহি. ৩৮:১৮-২৩; দানি. ২:৩৪, ৩৫, ৪৪, ৪৫; প্ৰকা. ৬:২; ১৬:১৪, ১৬; ১৭:১৪; ১৯:২০

    ভৱিষ্যতবাণী: ‘বগা ঘোঁৰা ওপৰত উঠাজনে’ গোগ আৰু তাৰ সৈন্য-বাহিনীক ধ্বংস কৰিব আৰু এইদৰে “জয় কৰিব।” ‘পশুক গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, পেলাই’ দিয়া হʼব। বিশাল মূৰ্তিক ধ্বংস কৰা হʼব।

    পূৰ্ণতা: ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচুৱে ঈশ্বৰৰ লোকসকলক ৰক্ষা কৰিব। যীচু, ১,৪৪,০০০ জন লোক আৰু স্বৰ্গদূতে ৰাষ্ট্ৰৰ সেই সমূহক ধ্বংস কৰিব, যিয়ে ঈশ্বৰৰ লোকসকলক আক্ৰমণ কৰিব। এইদৰে চয়তানৰ ব্যৱস্থাৰ ধ্বংস হʼব।