Skip to content

Skip to table of contents

মৃদু-ভাৱ এই গুণ আমি কিয় বৃদ্ধি কৰা উচিত?

মৃদু-ভাৱ এই গুণ আমি কিয় বৃদ্ধি কৰা উচিত?

চাৰা * নামৰ এগৰাকী ভনীয়ে এইদৰে কয়, “মই বৰ লাজুকীয়া স্বভাৱৰ হওঁ। মোৰ ওচৰত আত্মবিশ্বাস নাই। সেইবাবে, আত্মবিশ্বাসী আৰু নিজৰ কথাকে ধৰি থকা লোকসকলৰ লগত থাকিলে মোৰ ভয় লাগে। কিন্তু নম্ৰ আৰু মৃদু স্বভাৱৰ লোকৰ লগত থাকিবলৈ মোৰ ভাল লাগে। এনে লোকৰ লগত মুকলিভাৱে কথা পাতিব পাৰোঁ আৰু যদি মোৰ কিবা সমস্যা হয়, তেনেহʼলে মই তেওঁলোকক কʼব পাৰোঁ।”

চাৰাৰ কথাৰপৰা বুজিব পাৰি যে মৃদু আৰু নম্ৰ স্বভাৱৰ লোকসকলৰ লগত বন্ধুত্ব কৰিবলৈ সকলোৱে ভাল পায়। যিহোৱা ঈশ্বৰেও মৃদু স্বভাৱৰ লোকক ভাল পায়। সেইবাবে, তেওঁ আমাক এইদৰে উৎসাহিত কৰিছে, “মৃদুতা . . . এই সকলোকে পিন্ধা।” (কল. ৩:১২) মৃদুভাৱ কি হয়? যীচুৱে কেনেকৈ মৃদুতাৰে ব্যৱহাৰ কৰিছিল? এই গুণ বঢ়ালে আমি কেনেকৈ লাভৱান হʼম?

মৃদুভাৱ কি হয়?

মৃদুভাৱ হৈছে এনে এক গুণ, যিয়ে এজন ব্যক্তিক শান্ত স্বভাৱৰ কৰি তোলে। এজন মৃদু স্বভাৱৰ ব্যক্তিয়ে আনৰ লগত ভদ্ৰ আৰু দয়াৰে ব্যৱহাৰ কৰে আৰু কোনোবাই খং তুলিবলৈ চেষ্টা কৰিলে, ব্যক্তিজন শান্ত হৈ থাকে।

মৃদুতা হৈছে আভ্যন্তৰিণ শক্তি। বাইবেলত যি গ্ৰীক শব্দৰ অনুবাদ “মদু-ভাৱ” কৰা হৈছে, ই এনে বনৰীয়া ঘোঁৰাৰ বাবে ব্যৱহাৰ হয়, যি বহুত শক্তিশালী। কিন্তু তাক নিজৰ শক্তি নিয়ন্ত্ৰণত ৰাখিবলৈ শিকোৱা হৈছে। যদি ঘোঁৰাক লেকাম নলগাকৈ এৰি দিয়া হয়, তেনেহʼলে ই যিকোনো ঠাইলৈ পলাই যাব পাৰে। কিন্তু নিজৰ শক্তি ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকালে, ঘোঁৰাটো নিয়ন্ত্ৰণত থাকে। সেইদৰে, যদি আমিও নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰিবলৈ শিকোঁ, তেনেহʼলে খং উঠিলেও আমি চিন্তা-ভাবনা নকৰাকৈ আমি কোনো কাম নকৰিম। আমি শান্ত হৈ থাকিম আৰু আনৰ লগত মৰমেৰে ব্যৱহাৰ কৰিম।

মৃদু গুণটো আমি জন্মগতভাৱে লাভ কৰা নাই আৰু আমি এনে জগতত জীয়াই আছোঁ, যʼত নিজৰ কথা বিশ্বাস কৰাবলৈ লোকসকলে নিজৰ কথাকে ধৰি থাকে। সেইবাবে, মৃদু হৈ থকাটো আমাৰ বাবে কঠিন হৈ পৰে। (ৰোম. ৭:১৯) কিন্তু যদি আমি চেষ্টা কৰি থাকোঁ, তেনেহʼলে যিহোৱাৰ পবিত্ৰ আত্মাই এই গুণ বৃদ্ধি কৰিবলৈ আমাক সহায় কৰিব পাৰে। (গালা. ৫:২২, ২৩) এই গুণ বৃদ্ধি কৰিলে, আমি বিভিন্ন প্ৰকাৰে লাভৱান হʼম।

মৃদু স্বভাৱৰ লোকক সকলোৱে ভাল পায়। চাৰাৰ দৰে আমিও মৃদু স্বভাৱৰ লোকক ভাল পাওঁ। মৃদুতা আৰু দয়াৰে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যীচুৱে এক উত্তম উদাহৰণ ৰাখিছে। (২ কৰি. ১০:১) আনকি লʼৰা-ছোৱালীও তেওঁক চিনি নোপোৱাৰ সত্ত্বেও তেওঁৰ ওচৰলৈ আহিছিল।—মাৰ্ক ১০:১৩-১৬.

মৃদু স্বভাৱৰ হʼলে আমাৰ নিজৰ আৰু আনৰো উপকাৰ হʼব। যদি আমি মৃদু স্বভাৱৰ হওঁ, তেনেহʼলে খং উঠিলেও আমি সহজে ক্ৰোধিত নহʼম আৰু চিন্তা-ভাবনা নকৰাকৈ একো নকৰিম। (হিতো. ১৬:৩২) আনৰ লগত, বিশেষকৈ আমাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত আমি অন্তৰত আঘাত লগাকৈ কোনো কথা নকম। এনে কৰিলে আমি আনৰ অন্তৰত আঘাত দিছোঁ বুলি কেতিয়াও দোষী অনুভৱ নকৰিম। আমি মৃদু স্বভাৱৰ হʼলে আনৰো উপকাৰ হʼব। আনে আমাৰ কোনো কথাত আঘাত নাপাব, কিয়নো আমি তেওঁলোকক কোনো চিন্তা-ভাবনা নকৰাকৈ কোনো কথা নকম।

মৃদু স্বভাৱৰ উত্তম উদাহৰণ

যীচুৰ বহুতো দায়িত্ব আছিল আৰু তেওঁ ব্যস্ত আছিল, তথাপিও তেওঁ সকলোৰে লগত মৃদুতাৰে ব্যৱহাৰ কৰিছিল। সেইসময়ত বহুতোলোকে জীৱনত বহুতো সংঘৰ্ষ কৰিবলগীয়া হৈছিল আৰু সেয়া তেওঁলোকৰ বাবে বোজা হৈ পৰিছিল। তেওঁলোকক অলপ সকাহৰ প্ৰয়োজন আছিল। যেতিয়া যীচুৱে তেওঁলোকক কʼলে, “মোৰ ওচৰলৈ আহা; . . . মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ,” তেতিয়া তেওঁলোকে সান্ত্বনা লাভ কৰিলে।—মথি ১১:২৮, ২৯.

আমি যীচুৰ দৰে কেনেকৈ মৃদুতাৰে ব্যৱহাৰ কৰিবলৈ শিকিব পাৰোঁ? যীচুৱে লোকসকলক কেনেকৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁ কেনেকৈ সমস্যাৰ সন্মুখীন হৈছিল, তাৰ বিষয়ে বাইবেলৰপৰা জানিব পাৰোঁ। আমি যীচুৰ দৰে শান্ত হৈ সমস্যাৰ সন্মুখীন হʼবলৈ চেষ্টা কৰিব পাৰোঁ। (১ পিত. ২:২১) আহক আমি জানিবলৈ চেষ্টা কৰোঁ যে যীচুৱে কিয় সকলোৰে লগত মৃদুতাৰে ব্যৱহাৰ কৰিব পাৰিছিল। আমি ইয়াৰ তিনিটা কাৰণ শিকিবলৈ পাম।

যীচু নম্ৰ আছিল। যীচুৱে কৈছিল যে তেওঁ “নম্ৰ আৰু কোমল চিত্তৰ” হয়। (মথি ১১:২৯) বাইবেলত কোমলতা আৰু নম্ৰতাক একেলগতে উল্লেখ কৰিছে। কিয়নো যিজন ব্যক্তি নম্ৰ হয়, তেওঁ আনৰ কথাত সহজে বেয়া নাপায় আৰু শান্ত হৈ থাকে। (ইফি. ৪:১-৩) কেনেকৈ বাৰু?

যদি আমি নম্ৰ হওঁ, তেনেহʼলে আনৰ সকলো কথা আমি গভীৰভাৱে নলওঁ। লোকসকলে যীচুক “খাৱৈচ আৰু মদপী” কোৱাৰ সময়ত তেওঁ কি কৈছিল? তেওঁ খং কৰাৰ পৰিৱৰ্তে শান্ত হৈ থাকিল। তেওঁ কেৱল কৈছিল, “জ্ঞান, নিজ কৰ্ম্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।” (মথি ১১:১৯) লোকসকলে কোৱা কথা ভুল হয় বুলি যীচুৱে নিজৰ ব্যৱহাৰৰ যোগেদি প্ৰমাণ কৰিলে।

হয়তো আপোনাৰ ভাষা, জাতি, সংস্কৃতি আৰু আপুনি এজন পুৰুষ বা স্ত্ৰী হয়, তাৰ বিষয়ে কোনোবাই চিন্তা নকৰাকৈ কিবা কয়। এনে পৰিস্থিতিত আপুনি খং কৰাৰ পৰিৱৰ্তে শান্ত হৈ থাকিবলৈ চেষ্টা কৰক। দক্ষিণ আফ্ৰিকাৰ পিতৰ নামৰ এজন প্ৰাচীনে এইদৰে কয়, “যদি কিবা কথাৰ বাবে মোৰ খং উঠে, তেনেহʼলে মই যীচুৰ কথালৈ মনত পেলাওঁ। যদি তেওঁ মোৰ ঠাইত থকা হʼলে, তেওঁ কি কৰিলেহেঁতেন?” ভাইজনে ইয়াও কৈছিল যে “মই আনৰ কথাত সহজে বেয়া নাপাবলৈ শিকিলোঁ।”

যীচুৱে মানুহৰ দুৰ্বলতাক বুজি পাইছিল। যীচুৰ শিষ্যসকলে আমাৰ দৰে অসিদ্ধ আছিল। তেওঁলোকে সঠিক কাম কৰিব বিচাৰিছিল, কিন্তু অসিদ্ধতাৰ বাবে কৰিব পৰা নাছিল। উদাহৰণস্বৰূপে, যীচুৰ মৃত্যুৰ আগনিশা পিতৰ, যাকোব আৰু যোহনক জাগি থাকিবলৈ কৈছিল, যাতে তেওঁলোকে যীচুক সাহস দিব পাৰে। কিন্তু তেওঁলোকে টোপনি গৈছিল। তেতিয়া যীচুৱে কৈছিল, “আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মথি ২৬:৪০, ৪১) মানুহ হিচাপে তেওঁলোকৰ দুৰ্বলতা আছে বুলি যীচুৱে জানিছিল আৰু সেইবাবে, তেওঁলোকৰ ওপৰত খং কৰা নাছিল।

মেণ্ডী নামৰ এজনী ভনীয়ে সকলো সময়তে আনৰ ভুল-ত্ৰুটি বিচাৰি ফুৰিছিল। কিন্তু এতিয়া তাই যীচুৰ দৰে মৃদুতাৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। তাই এইদৰে কয়, “মই মনত ৰাখোঁ যে আমাৰ সকলোৰে ভাল-বেয়া গুণ আছে। সেইবাবে, মই যিহোৱাৰ দৰে আনৰ ভাল গুণবোৰ ধ্যান দিবলৈ চেষ্টা কৰোঁ।” সঁচাকৈ যদি আমি যীচুৰ দৰে এই কথাবোৰ মনত ৰাখোঁ যে সকলো মানুহৰে দুৰ্বলতা থাকে, তেনেহʼলে আমি তেওঁলোকৰ লগত মৃদুতাৰে ব্যৱহাৰ কৰিব পাৰিম।

যীচুৱে যিহোৱাৰ ওপৰত ভৰসা কৰিছিল। যীচুৱে পৃথিৱীত থকাৰ সময়ত তেওঁৰ লগত বহুতো অন্যায় হৈছিল। লোকসকলে তেওঁক ভুল বুজিছিল, তুচ্ছ বুলি জ্ঞান কৰিছিল আৰু তাড়না দিছিল। তথাপিও তেওঁ শান্ত হৈ আছিল, কিয়নো তেওঁ “ন্যায়ৰূপে বিচাৰ কৰোঁতা জনাৰ ওপৰত ভাৰ” দিছিল। (১ পিত. ২:২৩) তাড়নাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ শক্তি দিব আৰু অন্যায় কৰা লোকসকলক উচিত সময়ত শাস্তি দিব বুলি যীচুৱে জানিছিল।

আমাৰ লগত কিবা অন্যায় হোৱাৰ সময়ত আমি যদি খঙত উত্তেজিত হওঁ, তেনেহʼলে পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাব পাৰে। বাইবেলে ইয়াৰ বিষয়ে সঠিক কৈছে: “মানুহৰ ক্ৰোধে ঐশ্বৰিক ধাৰ্ম্মিকতা সাধন নকৰে।” (যাকো. ১:২০) খং কৰাৰ সঠিক কাৰণ থাকিলেও আমি শান্ত হৈ থকা উচিত। কিয়নো অসিদ্ধ হোৱাৰ বাবে আমি খঙত উত্তেজিত হৈ এনে কাম কৰিব পাৰোঁ, যাৰ বাবে পাছলৈ আমি দোষী অনুভৱ কৰিব পাৰোঁ।

জাৰ্মানীত থকা কেথী নামৰ এগৰাকী ভনীয়ে ভাবিছিল যে তাইৰ লগত অন্যায় হʼলে তাই কিবা কৰাৰ প্ৰয়োজন আছে আৰু ন্যায়ৰ বাবে তাই যুঁজ কৰাৰ প্ৰয়োজন। কিন্তু তাই যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ শিকিলে যে তেওঁ সকলো ঠিক কৰিব। তেতিয়াৰেপৰা তাইৰ চিন্তাধাৰা সলনি হৈ পৰিল। তাই এইদৰে কয়, “এতিয়া মই সকলো সময়তে নিজৰ অধিকাৰৰ বাবে যুঁজ নকৰোঁ। মোৰ লগত যিয়েই নহওক কিয়, মই শান্ত হৈ থাকোঁ। কিয়নো মই জানোঁ যে যিহোৱাই সকলো লক্ষ্য কৰিছে। উচিত সময়ত তেওঁ সকলো ঠিক কৰিব।” যদি আপোনাৰ লগতো কিবা অন্যায় হৈছে, তেনেহʼলে যীচুৰ দৰে যিহোৱাৰ ওপৰত ভৰসা ৰাখক। এনে কৰিলে আপুনি শান্ত হৈ সকলো সহন কৰিব পাৰিব।

“নম্ৰবিলাক ধন্য”

কঠিন পৰিস্থিতিত মৃদুভাৱে আমাক কেনেকৈ সহায় কৰিব?

যীচুৱে কৈছিল, “নম্ৰবিলাক ধন্য।” (মথি ৫:৫) ইয়াৰ অৰ্থ হৈছে যদি আমি আনন্দত থাকিব বিচাৰোঁ, তেনেহʼলে আমি নম্ৰ হোৱা উচিত। মন কৰক যে আনন্দত থাকিবলৈ নম্ৰ গুণ বৃদ্ধি কৰাটো কিয় প্ৰয়োজন?

মৃদুতাৰে ব্যৱহাৰ কৰিলে বিবাহিত দম্পতীৰ মাজত শান্তি থাকিব। অষ্ট্ৰেলিয়াত থকা ৰবাৰ্ট নামৰ ভাইজনে এইদৰে কৈছে, “যেতিয়া মোৰ পত্নীৰ ওপৰত খং উঠিছিল, তেতিয়া মই কোনো চিন্তা-ভাবনা নকৰাকৈ কথা কৈছিলোঁ। কিন্তু পাছলৈ মই বুজিব পাৰোঁ যে মোৰ কথাৰ বাবে তাই আঘাত পাইছে। ইয়াক দেখি মোৰ বৰ বেয়া লাগিছিল। কিন্তু মই দোষী অনুভৱ কৰাৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ।”

যাকোব ৩:১ পদত এইদৰে লিখা আছে, “আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ।” যেতিয়া নিজৰ স্বামী বা পত্নী কোনো চিন্তা-ভাবনা নকৰাকৈ কিবা কথা কৈ দিয়ে, তেতিয়া তেওঁলোকৰ মাজত সমস্যাৰ সৃষ্টি হয়। কিন্তু যদি তেওঁলোকে মৃদুতাৰে ব্যৱহাৰ কৰিবলৈ শিকে, তেনেহʼলে তেওঁলোকে শান্তিৰে কাম কৰিব পাৰিব আৰু নিজৰ জিবাক নিয়ন্ত্ৰণ কৰিব পাৰিব।—হিতো. ১৭:২৭.

ভাই ৰবাৰ্টে নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ আৰু শান্ত মনেৰে কাম কৰিবলৈ শিকিলে। তেওঁ এনে কৰিবলৈ কঠিন পৰিশ্ৰম কৰিলে। ইয়াৰ কি পৰিণাম হʼল? তেওঁ এইদৰে কয়, “এতিয়া যদি মই আৰু মোৰ পত্নীয়ে কিবা বিষয়ত সন্মত নহওঁ, তেনেহʼলে মই তাইৰ কথা মনোযোগেৰে শুনোঁ, শান্তিৰে কথা পাতোঁ আৰু তাইক খং কৰাৰপৰা আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ। আগতকৈ এতিয়া আমাৰ সম্পৰ্ক বহুত ভাল হʼল।”

মৃদুতাৰে ব্যৱহাৰ কৰিলে আনৰ লগত আমাৰ সম্পৰ্ক ভাল হʼব। যিসকলে কথাই প্ৰতি খং কৰে, তেওঁলোকলৰ লগত কোনেও বন্ধুত্ব কৰিব নিবিচাৰে। কিন্তু মৃদুতাৰ গুণ বৃদ্ধি কৰিলে, আমি আনৰ লগত শান্তি বজাই একতাৰে থাকিব পাৰিম। (ইফি. ৪:২, ৩) আগতে উল্লেখ কৰা কেথী নামৰ ভনী গৰাকীয়ে এইদৰে কৈছে, “শান্ত মনেৰে কাম কৰাৰ বাবে এতিয়া মই সংগতিৰ আনন্দ উপভোগ কৰিব পাৰিছোঁ। মিলা-প্ৰীতিৰে থাকিবলৈ সহজ নোহোৱা লোকসকলৰ লগতো মোৰ এতিয়া ভাল সম্পৰ্ক আছে।”

মৃদুতাই মনত শান্তি দিয়ে। বাইবেলত উল্লেখ কৰা হৈছে যে ‘ওপৰৰপৰা অহা জ্ঞানে’ আমাৰ মনত মৃদুভাৱ আৰু শান্তি বিকশিত কৰে। (যাকো. ৩:১৩, ১৭) মৃদু স্বভাৱৰ লোকে মনত শান্তি লাভ কৰে। (হিতো. ১৪:৩০) মাৰ্টিনে মৃদুতাৰ গুণ বৃদ্ধি কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছে। তেওঁ এইদৰে কয়, “এতিয়া মই আগৰ দৰে ধৰি নাথাকোঁ যে মই বিচৰা অনুসৰি হোৱা উচিত। সেইবাবে, মই এতিয়া আনন্দত থাকোঁ আৰু মনৰ শান্তি লাভ কৰিছোঁ।”

এয়া সঁচা যে মৃদুতাৰ গুণ বৃদ্ধি কৰাটো ইমান সহজ নহয়। এজন ভায়ে এইদৰে কৈছে, “সঁচা কথা কʼবলৈ গʼলে আজিও মোৰ খং উঠে আৰু ভিতৰে ভিতৰে মই জ্বলি থাকোঁ।” কিন্তু আমি ভৰসা ৰাখিব পাৰোঁ যে মৃদুতাৰ গুণ বৃদ্ধি কৰিবলৈ যিহোৱাই আমাক সহায় কৰিব। কিয়নো তেঁৱেই আমাক এই গুণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছে। (যিচ. ৪১:১০; ১ তীম. ৬:১১) এই গুণ বৃদ্ধি কৰিবলৈ তেওঁ আমাক “সুস্থিৰ আৰু বলৱন্ত কৰিব।” (১ পিত. ৫:১০) তেতিয়া আমিও পাঁচনি পৌলৰ দৰে খ্ৰীষ্টৰ আৰ্হি অনুকৰণ কৰি “মৃদু আৰু কোমল স্বভাৱেৰে” ব্যৱহাৰ কৰিম।—২ কৰি. ১০:১.

^ অনু. 2 কিছুমান নাম সলনি কৰা হৈছে।