Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৯

শেষকালত ‘উত্তৰ দ্শেৰ ৰজা’

শেষকালত ‘উত্তৰ দ্শেৰ ৰজা’

“শেষকালত দক্ষিণ দেশৰ ৰজাই তেওঁৰ [উত্তৰ দেশৰ ৰজাৰ] লগত যুদ্ধ কৰিব।”—দানি. ১১:৪০.

গীত ১৫০ নিজৰ উদ্ধাৰৰ বাবে যিহোৱাক বিচাৰক

লেখৰ এক আভাস *

১. বাইবেলৰ ভৱিষ্যতবাণীবোৰৰপৰা আমি কি জানিব পাৰোঁ?

বাইবেলৰপৰা আমি জানিব পাৰোঁ যে যিহোৱাৰ লোকসকলৰ লগত অতি সোনকালে কি হʼবলগীয়া আছে? ইয়াৰ ভৱিষ্যতবাণীৰপৰা বুজিব পাৰি যে অতি সোনকালে আমি কি কি ডাঙৰ ঘটনা দেখিবলৈ পাম। ইয়াৰে ভিতৰত এটা কথা আমি জানিব পাৰিম যে জগতৰ কিছুমান শক্তিশালী চৰকাৰে অতি সোনকালে কি কৰিব। এই বিষয়ে দানিয়েল ১১ অধ্যায়ত ভৱিষ্যতবাণী কৰা হৈছে। ইয়াত দুজন ৰজাৰ বিষয়ে উল্লেখ কৰা হৈছে, যি পৰস্পৰে যুদ্ধ কৰে। এজনক উত্তৰ দেশৰ ৰজা আৰু আনজনক দক্ষিণ দেশৰ ৰজা বুলি কোৱা হৈছে। এই ভৱিষ্যতবাণীৰ বেছিভাগ কথা পূৰ হৈছে। সেইবাবে, আমি বিশ্বাসেৰে কʼব পাৰোঁ যে ভৱিষ্যতবাণীৰ বাকী কথাবোৰো নিশ্চয় পূৰ হʼব।

২. আদিপুস্তক ৩:১৫ আৰু প্ৰকাশিত বাক্য ১১:৭; ১২:১৭ পদৰ অনুসৰি কি কথা মনত ৰাখি আমি দানিয়েলৰ ভৱিষ্যতবাণীৰ অধ্যয়ন কৰা উচিত?

দানিয়েলৰ ১১ অধ্যায়ত দিয়া ভৱিষ্যতবাণীবোৰ সঠিকভাৱে বুজিবলৈ আমি এটা কথা মনত ৰখা উচিত। সেয়া হৈছে উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজা কেৱল সেই শাসক আৰু চৰকাৰক চিত্ৰিত কৰা হয়, যিসকলে যিহোৱাৰ লোকসকলে থকা দেশত শাসন কৰে অথবা তেওঁলোকক তাড়না দিয়ে। পৃথিৱীৰ জনসংখ্যাৰ তুলনাত যিহোৱাৰ লোকসকলৰ সংখ্যা সদায় কম। তথাপিও জগতৰ চৰকাৰবোৰে তেওঁলোকক কিয় তাড়না দিয়ে? ইয়াৰ কাৰণ হৈছে চয়তান আৰু তাৰ দুষ্ট জগতে যিহোৱাৰ লোকসকলৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰে। (আদিপুস্তক ৩:১৫ আৰু প্ৰকাশিত বাক্য ১১:৭; ১২:১৭ পঢ়ক।) দানিয়েলৰ সেই ভৱিষ্যতবাণী সঠিকভাৱে বুজিবলৈ আমি আৰু এটা কথাৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজন। সেয়া হৈছে, এই বিষয়ে বাইবেলৰ আন ভৱিষ্যতবাণীবোৰত কি কোৱা হৈছে? যেতিয়া আমি আন ভৱিষ্যতবাণীবোৰৰ ওপৰত ধ্যান দিম, তেতিয়াহে আমি দানিয়েলৰ এই ভৱিষ্যতবাণী সঠিকভাৱে বুজিব পাৰিম।

৩. (ক) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম? (খ) পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

ওপৰত উল্লেখ কৰা কথাবোৰ মনত ৰাখি আমি এই লেখত দানিয়েল ১১:২৫-৩৯ পদৰ ওপৰত আলোচনা কৰিম। আমি চাম যে ১৮৭০ চনৰপৰা ১৯৯১ চনলৈকে উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাই কোনসকল শাসকক চিত্ৰিত কৰিছিল? আমি এয়াও চাম যে এই ভৱিষ্যতবাণীৰ কিছুমান পদৰ প্ৰথমে আমি যি অৰ্থ বুজি পাইছিলোঁ, সেয়া কিয় সঠিক নহয় আৰু তাৰ সঠিক অৰ্থ কি? পৰৱৰ্তী লেখত আমি দানিয়েল ১১:৪০–১২:১ পদৰ ওপৰত আলোচনা কৰিম আৰু আমি সেই পদবোৰৰ সঠিক অৰ্থ জানিব পাৰিম। আমি চাম যে সেই পদবোৰত ১৯৯১ চনৰপৰা হৰমাগিদোনৰ সময়ৰ বিষয়ে কি ভৱিষ্যতবাণী কৰা হৈছে। এই দুয়োটা লেখৰ প্ৰস্তুতি কৰাৰ সময়ত এই লেখত দিয়া তালিকাখনো চাওক, যাতে আপুনি এই ভৱিষ্যতবাণীক ভালদৰে বুজিব পাৰে। তালিকাখনৰ বিষয় হৈছে “উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ।” কিন্তু প্ৰথমে আমি চাম যে আমি কেনেকৈ জানিব পাৰিম যে ভৱিষ্যবাণীত উল্লেখ কৰা দুজন ৰজাই কিহক চিত্ৰিত কৰে।

উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাক আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম?

৪. উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাই যি শাসকসকলক চিত্ৰিত কৰে, তেওঁলোকৰ মাজত কি তিনিটা বিষয় মিল আছিল?

আৰম্ভণিতে ‘উত্তৰ দেশৰ ৰজা’ সেই শাসকসকলক চিত্ৰিত কৰিছিল, যিসকলে ইস্ৰায়েল দেশৰ উত্তৰৰফালে শাসন কৰিছিল আৰু ‘দক্ষিণ দেশৰ ৰজা’ সেই শাসকসকলক চিত্ৰিত কৰিছিল, যিসকলে ইস্ৰায়েল দেশৰ দক্ষিণৰফালে শাসন কৰিছিল। এয়া আমি কিয় কʼব পাৰোঁ? মন কৰক যে দানিয়েলক এই ভৱিষ্যতবাণীৰ বিষয়ে কোৱা স্বৰ্গদূতজনে এইদৰে কৈছিল, “তোমাৰ জাতিলৈ যি ঘটিব, তাকে তোমাক বুজাই দিবলৈ মই আহিলোঁ।” (দানি. ১০:১৪) ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ সময়লৈকে জন্মগত ইস্ৰায়েলীসকলে ঈশ্বৰৰ লোক আছিল। কিন্তু তাৰ পাছত যিহোৱাই প্ৰকাশ কৰে যে যীচুৰ বিশ্বাসী সেৱকসকলেই তেওঁৰ লোক হয়। সেইবাবে, দানিয়েল ১১ অধ্যায়ৰ ভৱিষ্যতবাণীৰ বেছি ভাগ কথা জন্মগত ইস্ৰায়েলীসকলৰ বিষয়ে নহয়, কিন্তু খ্ৰীষ্টৰ শিষ্যসকলৰ বিষয়ে হয়। (পাঁচ. ২:১-৪; ৰোম. ৯:৬-৮; গালা. ৬:১৫, ১৬) বেলেগ বেলেগ সময়ত উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাই বেলেগ বেলেগ শাসকক অথবা চৰকাৰক চিত্ৰিত কৰিছিল। কিন্তু এই সকলো শাসকৰ মাজত কিছুমান বিষয় মিল আছিল। প্ৰথমটো হৈছে এই শাসকসকলে সেই দেশবোৰত শাসন কৰিছিল, যʼত ঈশ্বৰৰ বহুতোলোক আছিল বা তেওঁলোকক তাড়না দিছিল। দ্বিতীয়টো হৈছে এই শাসকসকলে ঈশ্বৰৰ লোকসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, ইয়াৰপৰা বুজিব পাৰি যে তেওঁলোকে যিহোৱাক ঘৃণা কৰিছিল। তৃতীয়টো হৈছে দুয়োজন ৰজাই যি শাসকসকলক চিত্ৰিত কৰে, তেওঁলোকে এজনে-আনজনতকৈ শক্তিশালী হʼবলৈ নিজৰ মাজতে যুদ্ধ কৰে।

৫. দ্বিতীয় শতিকাৰপৰা ১৮৭০ চনলৈকে উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজা আছিল নে? বুজাওক।

দ্বিতীয় শতিকাৰ সময়ছোৱাত বহুতো মিছা খ্ৰীষ্টানে সত্য খ্ৰীষ্টানসকলৰ সংগঠনত সোমাই আহিছিল। তেওঁলোকে দিয়া মিছা শিক্ষাৰ বাবে সময় অতিবাহিত হোৱাৰ লগে লগে লোকসকলে ঈশ্বৰৰ বাক্যৰ সত্যতা পাহৰি গৈছিল। সেইসময়ৰপৰা মিছা খ্ৰীষ্টানসকলৰ সংখ্যা বিনৈ বনৰ দৰে বাঢ়িবলৈ ধৰিছিল। সেইবাবে, সত্য খ্ৰীষ্টানসকলক চিনাক্ত কৰিবলৈ কঠিন হৈ পৰিছিল। (মথি ১৩:৩৬-৪৩) দ্বিতীয় শতিকাৰপৰা ১৮৭০ চনলৈকে পৃথিৱীত ঈশ্বৰৰ কোনো সংগঠন নাছিল। এয়া এক বিশেষ তথ্য হয়। ইয়াৰপৰা জানিব পাৰি যে দ্বিতীয় শতিকাৰপৰা ১৮৭০ চনলৈকে যিসকল ৰজা আৰু শাসকসকলে শাসন কৰিছিল, তেওঁলোকৰ মাজত কোনেও উত্তৰ দেশৰ ৰজা বা দক্ষিণ দেশৰ ৰজা হʼব নোৱাৰে। কিয়নো সেইসময়ছোৱাত ঈশ্বৰৰ লোকসকলৰ কোনো সমূহ বা সংগঠন নাছিল, যাৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিব। * কিন্তু ১৮৭০ চনৰ পাছৰ কিছুমান শাসকসকলক উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজা বুলি কʼব পাৰি। এনে কিয় বাৰু?

৬. যিহোৱাৰ লোকসকলৰ সংগঠন পুনৰ কেতিয়া গঠন হʼবলৈ ধৰে? বুজাওক।

যিহোৱাৰ লোকসকলৰ সংগঠন ১৮৭০ চনৰপৰা গঠন হʼবলৈ ধৰে। সেইবছৰতে চি. টি. ৰছল আৰু তেওঁৰ কিছুমান লোকে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে সেই দূতৰ দৰে কাম কৰিবলৈ ধৰে, যাৰ বিষয়ে মলাখীয়ে ভৱিষ্যতবাণী কৰিছিল। তেওঁলোকে মচীহৰ ৰাজ্য আৰম্ভ হোৱাৰ আগতে “বাট যুগুত” কৰাৰ কাম কৰে। (মলা. ৩:১) এইদৰে যিহোৱাৰ লোকসকলৰ এটা সংগঠন পুনৰ আৰম্ভ হৈছিল, যি তেওঁৰ ইচ্ছা অনুসৰি কাৰ্য্য কৰিছিল। সেইসময়ত এনে কিছুমান শাসক আছিল, যিসকলে যিহোৱাৰ লোকসকলক তাড়না দিছিল। আহক চাওঁ।

দক্ষিণ দেশৰ ৰজা কোন হয়?

৭. প্ৰথম বিশ্বযুদ্ধলৈকে উত্তৰ দেশৰ ৰজা কোন আছিল?

ওঠৰ শ সত্তৰ চনত ব্ৰিটেইন গোটেই পৃথিৱীত সকলোতকৈ ডাঙৰ সাম্ৰাজ্য হৈ পৰে। তেওঁৰ ওচৰতে সকলোতকৈ বেছি শক্তিশালী সৈন্য-বাহিনী আছিল। দানিয়েলৰ ভৱিষ্যতবাণীত কোৱা হৈছিল যে এটা পশুৰ সৰু শিঙে বাকী তিনিটা শিঙক উঘালি পেলাব। ব্ৰিটেইন সাম্ৰাজ্য সেই সৰু শিং আছিল, যিয়ে ফ্ৰান্স, স্পেইন আৰু নেডাৰলেণ্ডক পৰাজিত কৰিছিল। (দানি. ৭:৭, ৮) এইদৰে প্ৰথম বিশ্বযুদ্ধলৈকে এই সাম্ৰাজ্যই দক্ষিণ দেশৰ ৰজা আছিল। সেইসময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আটাইতকৈ ধনী দেশ হৈ পৰিছিল আৰু ব্ৰিটেইনৰ লগত বন্ধুত্ব কৰি লৈছিল।

৮. শেষকালৰ আৰম্ভণিৰপৰা এতিয়ালৈকে দক্ষিণ দেশৰ ৰজা কোন হয়?

প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত ব্ৰিটেইনে আন দেশবোৰৰ লগত যুদ্ধ কৰিছিল আৰু দুয়োখন দেশ সকলোতকৈ শক্তিশালী হৈ পৰিছিল। সেইসময়ত ব্ৰিটেইন আৰু আমেৰিকাৰ (যি প্ৰথমে ব্ৰিটেইনৰ এলেকা আছিল) বন্ধুত্ব ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি হিচাপে পৰিণত হয়। দানিয়েলে ভৱিষ্যতবাণী কৰাৰ দৰে এই ৰজা অৰ্থাৎ ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে ‘অতিশয় অধিক আৰু পৰাক্ৰমী সৈন্য’ প্ৰস্তুত কৰি লৈছিল। (দানি. ১১:২৫) গতিকে, শেষকাললৈকে এই বিশ্ব শক্তিয়ে দক্ষিণ দেশৰ ৰজা * হয়। কিন্তু এই সময়ছোৱাত উত্তৰ দেশৰ ৰজা কোন হয়?

উত্তৰ দেশৰ ৰজা কোন হয়?

৯. (ক) কোনটো বছৰত এজন নতুন ৰজাৰ আৰ্বিভাৱ হৈছিল? (খ) দানিয়েল ১১:২৫ পদত উল্লেখ কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল?

ভাই ৰছল আৰু তেওঁৰ সহযোগীসকলে যি বছৰত বাইবেল অধ্যয়ন কৰিবলৈ এক সমূহ গঠন কৰে, তাৰ পৰৱৰ্তী বছৰত অৰ্থাৎ ১৮৭১ চনত উত্তৰ দেশৰ এজন নতুন ৰজাৰ আৰ্বিভাৱ হয়। সেই ৰজাজন কোন আছিল? ১৮৭১ চনত প্ৰছিয়াৰ ৰজা ৱিলহেল্ম প্ৰথম জাৰ্মানীৰ প্ৰথম সম্ৰাট আছিল। সেই বছৰতে তেওঁ অট্ট’ ৱʼন বিছমাৰ্কক জাৰ্মানীৰ প্ৰথম আচাৰ্য্য বনায়। * সেই বছৰত বিছমাৰ্কে বহুতো এলেকাক একলগ কৰে। তাৰ পাছত সেই সকলো লগ হৈ জাৰ্মান সাম্ৰাজ্য গঠিত হয়। পৰৱৰ্তী বছৰবোৰত জাৰ্মানীয়ে আফ্ৰিকা আৰু প্ৰশান্ত মহাসাগৰৰ কিছুমান দেশক নিজৰ অধীন কৰি লৈছিল আৰু ব্ৰিটেইনতকৈ বেছি শক্তিশালী হʼবলৈ চেষ্টা কৰিছিল। (দানিয়েল ১১:২৫ পঢ়ক।) জাৰ্মানীয়ে এক বিশাল সৈনা-বাহিনী প্ৰস্তুত কৰি লৈছিল আৰু নিজৰ নৌ-সেনা ইমানেই বৃদ্ধি কৰি লৈছিল যে ব্ৰিটেইনৰ পাছত জাৰ্মানীৰ সেনাই সকলোতকৈ শক্তিশালী হৈ পৰিছিল। জাৰ্মানীয়ে নিজৰ এই বিশাল সৈনা-বাহিনীক লৈ প্ৰথম বিশ্বযুদ্ধত শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ইয়াৰপৰা বুজিব পাৰি যে জাৰ্মান সাম্ৰাজ্যই উত্তৰ দেশৰ ৰজা আছিল।

১০. দানিয়েল ১১:২৫, ২৬ পদত উল্লেখ কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল?

১০ উত্তৰ দেশৰ ৰজা অৰ্থাৎ জাৰ্মান সাম্ৰাজ্যই এক শক্তিশালী সৈন্য-বাহিনী প্ৰস্তুত কৰিব বুলি কোৱাৰ পাছত দানিয়েলে এয়াও কয় যে সেই সৈন্য-বাহিনীৰ কি হʼব। তেওঁ কয় যে উত্তৰ দেশৰ ৰজা “তিষ্ঠিব নোৱাৰিব।” কিয় তিষ্ঠিব নোৱাৰিব? “কিয়নো লোকবিলাকে তেওঁৰ অহিতে নানা কল্পনা কৰিব। যিবিলাকে তেওঁৰ আহাৰ খায়, তেওঁবিলাকেই তেওঁক নষ্ট কৰিব।” (দানি. ১১:২৫, ২৬) উত্তৰ দেশৰ ৰজাৰ লগত উত্তম খাদ্য খোৱা লোকসকলে কাক চিত্ৰিত কৰে? ইয়াক বুজিবলৈ মন কৰক যে দানিয়েলৰ সময়ছোৱাত “ৰজাৰ আগত থিয়” হোৱা ৰাজকীয় বিষয়াসকলেও ‘উত্তম খাদ্য’ খাইছিল। (দানি. ১:৫) ইয়াৰপৰা বুজিব পাৰি যে উত্তৰ দেশৰ ৰজাৰ লগত উত্তম খাদ্য খোৱা লোকসকলে জাৰ্মান সাম্ৰাজ্যৰ ডাঙৰ ডাঙৰ অধিকাৰীসকলক চিত্ৰিত কৰে। উদাহৰণস্বৰূপে, সম্ৰাটৰ অধীনত কাম কৰা অধিকাৰী আৰু সেনাৰ ডাঙৰ ডাঙৰ অধিকাৰী। তেওঁলোকে এনে কিছুমান কাম কৰে, যাৰ বাবে পাছলৈ জাৰ্মানী সম্ৰাটৰ শাসনৰ পতন হয়। * দানিয়েলে কৈছিল যে এই সাম্ৰাজ্যৰ পতন হʼব আৰু তেওঁ এয়াও কৈছিল যে যেতিয়া সেই সাম্ৰাজ্যই দক্ষিণ দেশৰ ৰজাৰ লগত যুদ্ধ কৰিব, তেতিয়া তাৰ কি পৰিণাম হʼব। তেওঁ এইদৰে কৈছিল, “তেওঁৰ সৈন্যসমূহ অতি বেগেৰে পলাই যাব, আৰু অনেক লোক হত হৈ পতিত হব।” (দানি. ১১:২৬) এই ভৱিষ্যতবাণী প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত পূৰ হৈছিল। সেইসময়ত জাৰ্মানীৰ সৈন্যই পলাই গৈছিল আৰু “অনেক লোক হত হৈ পতিত” হৈছিল। সেই যুদ্ধত যিমান লোকৰ মৃত্যু হৈছিল, ইয়াৰ আগতে সিমান লোকৰ কেতিয়াও মৃত্যু হোৱা নাছিল।

১১. উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাই কি কৰিলে?

১১ দানিয়েল ১১:২৭, ২৮ পদত সেই ঘটনাবোৰৰ বিষয়ে উল্লেখ আছে, যি প্ৰথম বিশ্বযুদ্ধ হোৱাৰ আগতে ঘটিছিল। এই পদত লিখা আছে যে উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাই “একে মেজতে বহি মিছা কথা কব।” তাত এয়াও লিখা আছে যে উত্তৰ দেশৰ ৰজাই “অনেক ধন-সম্পত্তি” সঞ্চয় কৰিব। এই দুয়োটা ঘটনাই পূৰ হʼল। জাৰ্মানী আৰু ব্ৰিটেইনে এজনে-আনজনক কৈছিল যে তেওঁলোকে শান্তি বিচাৰে। কিন্তু এয়া এক মিছা কথা আছিল। সেইবাবে, ১৯১৪ চনত যুদ্ধ হৈছিল। উত্তৰ দেশৰ ৰজা জাৰ্মানীয়ে সঁচাকৈ বহুতো ধন-সম্পত্তি আহৰণ কৰি লৈছিল। ১৯১৪ চনলৈকে জাৰ্মানীয়ে ব্ৰিটেইনৰ পাছত পৃথিৱীৰ সকলোতকৈ ধনী দেশ হৈ পৰিছিল। তাৰ পাছত দানিয়েল ১১:২৯ আৰু ৩০ পদৰ আৰম্ভণিত যি লিখা হৈছে, সেয়াও পূৰ হৈছিল। উত্তৰ দেশৰ ৰজা জাৰ্মানীয়ে দক্ষিণ দেশৰ ৰজা ব্ৰিটেইনৰ লগত যুদ্ধ কৰিছিল। কিন্তু জাৰ্মানী পৰাজিত হৈছিল।

দুজন ৰজাই ঈশ্বৰৰ লোকসকলক আক্ৰমণ কৰে

১২. প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাই কি কৰিছিল?

১২ ঊনৈশ শ চৈধ্য চনত দুয়োজন ৰজাৰ মাজত যুদ্ধ হৈছিল আৰু দুয়োজনে ঈশ্বৰৰ লোকসকলক তাড়না দিছিল। উদাহৰণস্বৰূপে, জাৰ্মান চৰকাৰ আৰু ব্ৰিটিছ চৰকাৰে সেই সাক্ষীসকলক তাড়না দিয়ে, যিসকলে প্ৰথম বিশ্বযুদ্ধত যুদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছিল। আমেৰিকাৰ চৰকাৰে সেই ভাইসকলক জেলত বন্দী কৰিছিল, যিসকলে প্ৰচাৰ কাৰ্য্যত আগ-ভাগ লৈছিল। এইদৰে প্ৰকাশিত বাক্য ১১:৭-১০ পদত উল্লেখ কৰা ভৱিষ্যতবাণী পূৰ হৈছিল।

১৩. ঊনৈশ শ ত্ৰিশ চনৰ পাছত আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত উত্তৰ দেশৰ ৰজাই কি কৰিলে?

১৩ ঊনৈশ শ তেত্ৰিশ চনৰপৰা বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত উত্তৰ দেশৰ ৰজা জাৰ্মানীয়ে ঈশ্বৰৰ লোকসকলক কঠোৰভাৱে তাড়না দিছিল। যেতিয়া জাৰ্মানীত হিটলাৰৰ নাজী শাসনৰ আৰম্ভ হৈছিল, তেতিয়া তেওঁ আৰু তেওঁৰ লোকসকলে সাক্ষীসকলৰ কাম বন্ধ কৰিছিল। এই বিৰোধীসকলে শ শ সাক্ষীক হত্যা কৰিছিল আৰু হাজাৰ হাজাৰ সাক্ষীক যাতনা শিবিৰত পঠিয়াই দিছিল। দানিয়েলে আগতেই কৈছিল যে এনেধৰণৰ ঘটনা ঘটিব। উত্তৰ দেশৰ ৰজাই ‘ধৰ্ম্মধাম অশুচি’ কৰিছিল আৰু “নিত্য বলিদান গুচাই” দিছিল। কেনেকৈ বাৰু? তেওঁ প্ৰচাৰ কাম বন্ধ কৰিছিল, যাৰ বাবে যিহোৱাৰ লোকসকলে তেওঁৰ নামৰ বিষয়ে আনক জনাব নোৱাৰিছিল। (দানি. ১১:৩০, ৩১) জাৰ্মানীৰ নেতা হিটলাৰে সংকল্প লৈছিল যে তেওঁ জাৰ্মানীৰপৰা যিহোৱাৰ সাক্ষীসকলৰ অস্তিত্ব নাইকিয়া কৰি দিব।

উত্তৰ দেশৰ এজন নতুন ৰজা

১৪. দ্বিতীয় বিশ্বযুদ্ধৰ পাছত উত্তৰ দেশৰ নতুন ৰজা কোন হৈছিল? বুজাওক।

১৪ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ছʼভিয়েট সংঘৰ কমিউনিষ্ট চৰকাৰে সেই ডাঙৰ ডাঙৰ এলেকাক নিজৰ অধীন কৰি লৈছিল, যি প্ৰথমে জাৰ্মানীৰ আছিল। ছʼভিয়েট সংঘ আৰু তেওঁৰ বন্ধুত্ব ৰাষ্ট্ৰবোৰেও নাজীৰ অত্যাচাৰী শাসনৰ দৰে যিহোৱাৰ লোকসকলক অত্যাচাৰ কৰিছিল। কিয়নো তেওঁলোকে কেৱল যিহোৱাৰ উপাসনা কৰিছিল। এইদৰে ছʼভিয়েট সংঘ আৰু তেওঁৰ বন্ধুত্ব ৰাষ্ট্ৰবোৰে উত্তৰ দেশৰ নতুন ৰজা হৈ পৰে।

১৫. দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত উত্তৰ দেশৰ ৰজাই কি কৰিলে?

১৫ দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে উত্তৰ দেশৰ নতুন ৰজা ছʼভিয়েট সংঘ আৰু তেওঁৰ বন্ধুত্ব ৰাষ্ট্ৰবোৰে ঈশ্বৰৰ লোকসকলক তাড়না দিবলৈ আৰম্ভ কৰে। প্ৰকাশিত বাক্য ১২:১৫-১৭ পদত এই তাড়নাবোৰক “নদীৰ” লগত তুলনা কৰা হৈছে। উত্তৰ দেশৰ ৰজাই প্ৰচাৰ কাম বন্ধ কৰি দিছিল আৰু হাজাৰ হাজাৰ সাক্ষীক দেশৰপৰা বাহিৰ কৰি ছাইবেৰিয়ালৈ পঠাই দিছিল, যʼত জীয়াই থকাটো ইমান সহজ নাছিল। শেষকাল আৰম্ভ হোৱাৰেপৰা উত্তৰ দেশৰ ৰজাই (জাৰ্মানী আৰু ছʼভিয়েট সংঘ) যিহোৱাৰ লোকসকলক তাড়না দি আহিছে আৰু এয়া দিনক দিনে বাঢ়িবলৈ ধৰে। কিন্তু তেওঁ আমাৰ কামক কেতিয়াও সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিলে। *

১৬. ছʼভিয়েট সংঘই দানিয়েল ১১:৩৭-৩৯ পদত উল্লেখ কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ কৰিছিল?

১৬ দানিয়েল ১১:৩৭-৩৯ পঢ়ক। এই ভৱিষ্যতবাণীৰ অনুসৰি উত্তৰ দেশৰ ৰজাই “নিজ পূৰ্ব্ব-পুৰুষবিলাকৰ দেৱতাবোৰক” নামানিলে। এয়া আমি কিয় কʼব পাৰোঁ? ছʼভিয়েট সংঘই ধৰ্মবিলাকক নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ সেই ধৰ্মবোৰকো নাইকিয়া কৰিব বিচাৰিছিল, যি পূৰ্ব-পুৰুষসকলৰ সময়ৰপৰা আছিল। উদাহৰণস্বৰূপে, ১৯১৮ চনত ছʼভিয়েট চৰকাৰে স্কুলবোৰত কোনো ঈশ্বৰ নাই বুলি শিকাবলৈ ব্যৱস্থা কৰিছিল। উত্তৰ দেশৰ এই ৰজাই ‘দুৰ্গ-দেৱতাক’ কেনেকৈ সন্মান কৰিলে? ছʼভিয়েট সংঘই নিজৰ সৈন্য-বাহিনী বৃদ্ধি কৰিবলৈ আৰু শক্তিশালী হʼবলৈ বহুতো টকা-পইচা খৰচ কৰি হাজাৰ হাজাৰ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰে। চাওঁতে চাওঁতে উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাই বহুতো অস্ত্ৰ-শস্ত্ৰ জমা কৰি লয়। এতিয়া তেওঁলোকৰ ওচৰত কোটি কোটি লোকক হত্যা কৰাৰ শক্তি আছে।

দুয়োজন ৰজাই একেলগে কাম কৰে

১৭. “ধ্বংসকাৰী ঘিণলগীয়া বস্তু” কি?

১৭ যদিও উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত দীৰ্ঘদিন ধৰি যুদ্ধ চলি আছিল, তথাপি উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাক আচৰিত কাম কৰিবলৈ সহায় কৰিছিল। দুয়োজনে মিলি এক “ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন” কৰিলে। (দানি. ১১:৩১) “ঘিণলগীয়া বস্তু” হৈছে ৰাষ্ট্ৰ সংঘ।

১৮. ৰাষ্ট্ৰ সংঘক “ঘিণলগীয়া বস্তু” বুলি কিয় কোৱা হৈছে?

১৮ ৰাষ্ট্ৰ সংঘক “ঘিণলগীয়া বস্তু” বুলি কোৱাৰ কাৰণ হৈছে, ইয়ে গোটেই পৃথিৱীত শান্তি আনিবলৈ দাবী কৰে। কিন্তু প্ৰকৃততে এই কাম কেৱল ঈশ্বৰৰ ৰাজ্যইহে কৰিব পাৰে। ভৱিষ্যতবাণীত এয়াও উল্লেখ কৰা হৈছিল যে ই “ধ্বংসকাৰী ঘিণলগীয়া বস্তু।” এয়া সত্য, কিয়নো ভৱিষ্যতে ৰাষ্ট্ৰ সংঘই সকলো মিছা ধৰ্মক ধ্বংস কৰিব।—“উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত যুদ্ধ” নামৰ তালিকাখন চাওক।

ইতিহাসৰ এই তথ্য জনাটো কিয় প্ৰয়োজন?

১৯-২০. (ক) ইতিহাসৰ এই তথ্য জনাটো আমাৰ বাবে কিয় প্ৰয়োজন? (খ) পৰৱৰ্তী লেখত কি প্ৰশ্নৰ উত্তৰ দিয়া হʼব?

১৯ ইতিহাসৰ এই বিষয়বোৰ জনাটো আমাৰ বাবে অতি প্ৰয়োজন। ইয়াৰপৰা আমি বুজিব পাৰোঁ যে ১৮৭০ চনৰপৰা ১৯৯১ চনলৈকে উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাৰ বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছে। ইয়ে আমাৰ বিশ্বাস দৃঢ় কৰে যে এই ৰজাসকলৰ বিষয়ে আগলৈ যি কোৱা হৈছে, সেয়া নিশ্চয় পূৰ হʼব।

২০ ঊনৈশ শ একান্নৱৈ চনত ছʼভিয়েট সংঘৰ ধ্বংস হৈছিল। কিন্তু এতিয়া প্ৰশ্ন হয় যে বৰ্তমান সময়ত উত্তৰ দেশৰ ৰজা কোন হয়? এই প্ৰশ্নটোৰ উত্তৰ পৰৱৰ্তী লেখত দিয়া হʼব।

গীত ১২৮ আমি শেষলৈকে ধৈৰ্য্য ধৰা উচিত

^ অনু. 5 দানিয়েলে ‘উত্তৰ দেশৰ ৰজা’ আৰু ‘দক্ষিণ দেশৰ ৰজাৰ’ বিষয়ে যি ভৱিষ্যতবাণী কৰিছিল, সেয়া আজিও পূৰ হৈ আছে। আমি এই কথাৰ প্ৰমাণ স্পষ্টৰূপে দেখিবলৈ পাওঁ। কিন্তু আমি ইমান বিশ্বাসেৰে কিয় কʼব পাৰোঁ যে এই ভৱিষ্যতবাণী আজিও পূৰ হৈ আছে? এই ভৱিষ্যতবাণী সঠিকভাৱে বুজাটো কিয় প্ৰয়োজন?

^ অনু. 5 সেইবাবে, আমি কʼব পাৰোঁ যে ২৭০-২৭৫ খ্ৰীষ্টাব্দৰ সময়ছোৱালৈকে ৰোমৰ সম্ৰাট আৰিলিয়ন, উত্তৰ দেশৰ ৰজা নাছিল। ২৬৭-২৭২ খ্ৰীষ্টাব্দলৈকে ৰাণী জেনʼবিয়া, দক্ষিণ দেশৰ ৰজা নাছিল, যিদৰে আমি আগতে বিশ্বাস কৰিছিলোঁ আৰু দানিয়েলৰ ভৱিষ্যতবাণী (হিন্দী) কিতাপখনৰ ১৩ আৰু ১৪ অধ্যায়ত উল্লেখ কৰা হৈছিল।

^ অনু. 9 ১৮৯০ চনত জাৰ্মানীৰ ৰজা ৱিলহেল্ম দ্বিতীয়ই বিছমাৰ্কক পদত্যাগ কৰিবলৈ বাধ্য কৰি দিয়ে।

^ অনু. 10 তেওঁলোকে সম্ৰাটক সহায় কৰিবলৈ এৰি দিয়ে। যুদ্ধত হোৱা হানিৰ বিষয়ে গুপন তথ্য আনক দিয়ে আৰু সম্ৰাটক পদত্যাগ কৰিবলৈ বাধ্য কৰি দিয়ে।

^ অনু. 15 দানিয়েল ১১:৩৪ পদৰ অনুসৰি উত্তৰ দেশৰ ৰজাৰ এলেকাত থকা লোকসকলে কিছুসময়ৰ বাবে তাড়নাৰপৰা সকাহ পাইছিল। ১৯৯১ চনত যেতিয়া ছʼভিয়েট সংঘ ধ্বংস হৈছিল, তেতিয়া এইদৰে হৈছিল।