Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৩

পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক

পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক

“তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।”—মথি ২২:৩৭.

গীত ১৩৪ সন্তান হৈছে যিহোৱাৰ আধিপত্য

লেখৰ এক আভাস *

১-২. আমাৰ পৰিস্থিতি সলনি হʼলে বাইবেলৰ কিছুমান পদৰ বিষয়ে আমাৰ দৃষ্টিভংগী কেনেকৈ সলনি হয়?

 যেতিয়া দুজন যিহোৱাৰ সাক্ষীৰ বিয়া হয়, তেতিয়া প্ৰায়ে এজন প্ৰাচীনে বিয়াৰ ভাষণ দিয়ে। সেই ভাষণত স্বামী আৰু পত্নীক বহুতো পৰামৰ্শ আৰু সিদ্ধান্তৰ বিষয়ে কোৱা হয়। যদিও দৰা-কইনা ইয়াৰ বিষয়ে আগতে বহুবাৰ শুনিছিল, তথাপি তেওঁলোকে এইবাৰ মনোযোগেৰে শুনে। কিয়নো এতিয়াৰেপৰা তেওঁলোকে এই সিদ্ধান্তবোৰ পালন কৰিব লাগিব।

ঠিক সেইদৰে স্বামী আৰু পত্নীয়ে বহুবছৰৰপৰা লʼৰা-ছোৱালীক কেনেকৈ ডাঙৰ-দীঘল কৰিব লাগে, তাৰ বিষয়ে হয়তো বহুতো ভাষণ শুনিছিল। কিন্তু তেওঁলোক যেতিয়া নিজে পিতৃ-মাতৃ হয়, তেতিয়াহে তেওঁলোকে এই ভাষণবোৰৰ ওপৰত বেছিকৈ মনোযোগ দিয়ে। তেওঁলোকে বুজি পায় যে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰা দায়িত্বটো বৰ ডাঙৰ দায়িত্ব হয়। ইয়াৰপৰা আমি এটা কথা বুজি পাওঁ যে যেতিয়া আমাৰ পৰিস্থিতি সলনি হয়, তেতিয়া আমি বাইবেলৰ কিছুমান পদৰ ওপৰত বেছিকৈ মনোযোগ দিবলৈ ধৰোঁ। এয়াই এটা কাৰণ হৈছে যে যিহোৱাৰ সেৱকসকলে কিয় “সকলো সময়ত” অৰ্থাৎ প্ৰতিদিনে বাইবেল পঢ়ে আৰু তাৰ ওপৰত ধ্যান কৰে আৰু এইদৰে কৰিবলৈ ইস্ৰায়েলৰ ৰজাসকলকো কোৱা হৈছিল।—দ্বিতী. ১৭:১৯, ২০.

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

পিতৃ-মাতৃসকল, আপোনাকে এক বিশেষ দায়িত্ব পাইছে। আপোনালোকে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাব লাগিব। ইয়াৰ অৰ্থ এয়া নহয় যে আপোনালোকে নিজৰ লʼৰা-ছোৱালীক কেৱল কʼলেই যথেষ্ট হʼব, ইয়াৰ পৰিৱৰ্তে আপোনালোকে তেওঁলোকক যিহোৱাক প্ৰেম কৰিবলৈও শিকাব লাগিব। এনে কৰিবলৈ আপুনি কি কৰিব পাৰে? এই লেখত বাইবেলৰ চাৰিটা পৰামৰ্শৰ বিষয়ে আলোচনা কৰা হʼব, যিবোৰ আপুনি মনত ৰাখিব পাৰে। (২ তীম. ৩:১৬) এই লেখত আমি এয়াও শিকিম যে যেতিয়া কিছুমান পিতৃ-মাতৃয়ে এই পৰামৰ্শ পালন কৰিলে, তেতিয়া তেওঁলোকে কেনেকৈ লাভৱান হʼল।

পিতৃ-মাতৃসকলৰ বাবে বাইবেলৰপৰা পৰামৰ্শ

যদি আপুনি সদায় যিহোৱাৰপৰা সহায় বিচাৰিব আৰু নিজে এটা ভাল উদাহৰণ ৰাখিব, তেনেহʼলে লʼৰা-ছোৱালীৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? (অনুচ্ছেদ ৪, ৮ চাওক)

৪. লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকোৱাৰ সময়ত পিতৃ-মাতৃয়ে কোনটো পৰামৰ্শ মনত ৰাখিব পাৰে? (যাকোব ১:৫)

প্ৰথম পৰামৰ্শ: যিহোৱাৰপৰা সহায় বিচাৰক। যিহোৱালৈ প্ৰাৰ্থনা কৰি বুদ্ধি বিচাৰক, যাতে আপুনি নিজৰ লʼৰা-ছোৱালীৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াব পাৰে। (যাকোব ১:৫ পঢ়ক।) আমি জানোঁ যে যিহোৱাই সকলোতকৈ ভাল পৰামৰ্শ দিব পাৰে, এইদৰে কোৱাৰ আমাৰ ওচৰত বহুতো কাৰণ আছে। যেনে, প্ৰথমটো হৈছে তেওঁ নিজেই এজন পিতৃ হয় আৰু তেওঁৰ ওচৰত সকলোতকৈ বেছি অভিজ্ঞতা আছে। (গীত. ৩৬:৯) দ্বিতীয়টো হৈছে, তেওঁ সকলোতকৈ বুদ্ধিমান হয় আৰু তেওঁ যিয়ে পৰামৰ্শ দিয়ে, তাৰপৰা আমাৰ সদায় লাভ হয়।—যিচ. ৪৮:১৭.

৫. (ক) পিতৃ-মাতৃসকলক সহায় কৰিবলৈ যিহোৱাৰ সংগঠনে কি কি প্ৰস্তুত কৰিছে? (খ) ভাই আৰু ভনী অমʼৰিমৰ ভিডিঅʼৰপৰা আপুনি লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ বিষয়ে কি শিকিলে?

যিহোৱাই নিজৰ সংগঠনৰ যোগেদি বাইবেল আধাৰিত বহুতো প্ৰকাশন দিছে। (মথি ২৪:৪৫) এই প্ৰকাশনবোৰৰ সহায়ত পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাব পাৰে। উদাহৰণস্বৰূপে, আপুনি “পৰিয়ালৰ বাবে সহায়” নামৰ ধাৰাবাহিকত দিয়া লেখ পঢ়িব পাৰে। এই ধাৰাবাহিক আগতে সচেতন থাকক! নামৰ আলোচনীত আহিছিল আৰু এতিয়া আমাৰ ৱেবছাইট jw.org-তো উপলব্ধ আছে। ইয়াৰ উপৰিও এই ৱেবছাইটত আৰু বহুতো ভিডিঅʼ আছে, কিছুমানত পিতৃ-মাতৃৰ ইন্টাৰভিউ আছে আৰু কিছুমান ভিডিঅʼত দেখুৱা হৈছে যে পিতৃ-মাতৃয়ে কেনেকৈ যিহোৱাৰ পৰামৰ্শ পালন কৰি নিজৰ লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিব পাৰে। *হিতো. ২:৪-৬.

৬. যিহোৱাৰ সংগঠনে যিদৰে পিতৃ-মাতৃক সহায় কৰে, তাৰ বিষয়ে এজন পিতৃয়ে কি কৈছে?

যিহোৱাই নিজৰ সংগঠনৰ যোগেদি যিবোৰ প্ৰকাশন আৰু ভিডিঅʼ দিছে, তাৰপৰা পিতৃ-মাতৃসকলে বহুত সহায় লাভ কৰিছে। ইয়াৰ এটা উদাহৰণ হৈছে ভাই যোচেফ আৰু তেওঁৰ পত্নী। তেওঁলোকে কৈছে যে এই প্ৰকাশনৰ যোগেদি তেওঁলোকৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ কাষ চাপিব পাৰিছে। ভাই যোচেফে এইদৰে কৈছে, “আমাৰ তিনিজন লʼৰা-ছোৱালীক শিকোৱাটো ইমান সহজ নাছিল। সেইবাবে, মই আৰু মোৰ পত্নীয়ে সদায় সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ। বহুবাৰ আমি বুজি নাপাওঁ যে আমি কি কৰা উচিত, সেইসময়ত যিহোৱাই ভাল ভাল উপায়েৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। তেওঁ আমাক নিজৰ সংগঠনৰ যোগেদি সঠিক সময়ত কোনো লেখ বা ভিডিঅʼ দিয়ে। যিহোৱাই আমাক সহায় নকৰা হʼলে আমি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰিলোঁহেঁতেন।”

৭. পিতৃ-মাতৃয়ে কিয় এটা ভাল উদাহৰণ ৰখা উচিত? (ৰোমীয়া ২:২১)

দ্বিতীয় পৰামৰ্শ: নিজে এটা ভাল উদাহৰণ ৰাখক। লʼৰা-ছোৱালীয়ে প্ৰায়ে পিতৃ-মাতৃসকলক দেখি শিকে। পিতৃ-মাতৃসকল সিদ্ধ নহয়, তথাপি তেওঁলোকে লʼৰা-ছোৱালীৰ বাবে এটা ভাল উদাহৰণ ৰাখিবলৈ চেষ্টা কৰা উচিত। (ৰোমীয়া ২:২১ পঢ়ক; ৰোম. ৩:২৩) এজন পিতৃয়ে এইদৰে কৈছে, “লʼৰা-ছোৱালী স্পঞ্জৰ দৰে হয়, তেওঁলোকে চাৰিওফালে যি দেখে, সেই সকলো শুহি লয়। ইয়াৰ উপৰিও যদি আমি বেলেগ এটা কথা কয় বেলেগ এটা কাম কৰোঁ, তেনেহʼলে তেওঁলোকে লগে লগে ধৰি লয়।” সেইবাবে, যদি আমাৰ লʼৰা-ছোৱালীয়ে যিহোৱাক প্ৰেম কৰাটো আমি বিচাৰোঁ, তেনেহʼলে আমি প্ৰথমে নিজকে চালি-জাৰি চাব লাগিব যে আমি যিহোৱাক কিমান প্ৰেম কৰোঁ আৰু আমাৰ কথা-বতৰা আৰু কামৰ যোগেদি যিহোৱাক প্ৰেম কৰোঁ বুলি প্ৰকাশ পায়নে।

৮-৯. আপুনি এণ্ড্ৰিউ আৰু এমাৰপৰা কি শিকিলে?

পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক বহুতো উপায়েৰে যিহোৱাক প্ৰেম কৰিবলৈ শিকাব পাৰে। ১৭ বছৰৰ ভাই এণ্ড্ৰিউয়ে এইদৰে কৈছে, “প্ৰাৰ্থনা কৰাটো কিমান গুৰুত্বপূৰ্ণ, তাৰ বিষয়ে মোৰ মা-দেউতাই মোক সৰুৰেপৰা শিকাইছিল। প্ৰতিটো ৰাতি দেউতাই আহি মোৰ লগত প্ৰাৰ্থনা কৰিছিল। বহুবাৰ মই প্ৰাৰ্থনা কৰি দিছিলোঁ, তথাপি তেওঁলোকে মোৰ লগত আকৌ প্ৰাৰ্থনা কৰিছিল। মা-দেউতাই মোক সদায় এইদৰে কৈছিল, ‘তুমি যিমান বিচাৰা সিমানেই যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰা।’ এই কথাষাৰ মোৰ মনত থাকি গʼল। এতিয়া মই যিহোৱাক নিজৰ পিতৃ বুলি ভাবোঁ আৰু হৃদয় খুলি তেওঁলৈ প্ৰাৰ্থনা কৰোঁ।” পিতৃ-মাতৃসকল মনত ৰাখক, আপুনি যিমানেই যিহোৱাক প্ৰেম কৰিব, সিমানেই আপোনাৰ লʼৰা-ছোৱালীয়েও যিহোৱাক প্ৰেম কৰিব।

এমাৰ উদাহৰণলৈও মন কৰক। যেতিয়া তেওঁৰ পিতৃয়ে নিজৰ পৰিয়ালক এৰি গুচি গৈছিল, তেতিয়া তেওঁৰ পিতৃয়ে লোৱা সকলো ধাৰ তেওঁৰ মাতৃয়ে দিবলগীয়া হৈছিল। এমাই এইদৰে কৈছে, “বহুবাৰ আমাৰ ওচৰত পইচা নাথাকিছিল, তেতিয়া মায়ে আমাক মনত পেলাই দিছিল যে যিহোৱাই নিজৰ সেৱকসকলৰ বহুত যত্ন লয় আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰে। কিন্তু তেওঁ এইদৰে কোৱাৰ লগতে গোটেই জীৱন নিজৰ কামৰ যোগেদি দেখুৱাইছিল যে তেওঁ যিহোৱাৰ ওপৰত কিমান ভৰসা কৰে। সঁচাকৈ, তেওঁ আমাৰ বাবে এক ভাল উদাহৰণ আছিল।” ইয়াৰপৰা বুজিব পাৰি যে পিতৃ-মাতৃসকলে কঠিন পৰিস্থিতিতো নিজৰ লʼৰা-ছোৱালীৰ বাবে ভাল উদাহৰণ ৰাখিব পাৰে।—গালা. ৬:৯.

১০. ইস্ৰায়েলী পিতৃ-মাতৃয়ে কেতিয়া নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাব পাৰিছিল? (দ্বিতীয় বিবৰণ ৬:৬, ৭)

১০ তৃতীয় পৰামৰ্শ: নিজৰ লʼৰা-ছোৱালীৰ লগত কথা পাতিবলৈ সময় উলিয়াওক। যিহোৱাই ইস্ৰায়েলীসকলক নিজৰ লʼৰা-ছোৱালীক বেলেগ বেলেগ সময়ত তেওঁৰ বিষয়ে শিকাবলৈ কৈছিল। (দ্বিতীয় বিবৰণ ৬:৬, ৭ পঢ়ক।) প্ৰাচীন সময়ত যেতিয়া পিতৃ-মাতৃয়ে কাম কৰিছিল, তেতিয়া তেওঁলোকৰ লʼৰা-ছোৱালী তেওঁলোকৰ লগতেই থাকিছিল। সেইবাবে, তেওঁলোকে সকলো সময়তে নিজৰ লʼৰা-ছোৱালীৰ লগত কথা পাতিব পাৰিছিল আৰু যিহোৱাক প্ৰেম কৰিবলৈ শিকাব পাৰিছিল। উদাহৰণস্বৰূপে, যেতিয়া এজন পিতৃয়ে পথাৰত শস্য সিঁচিছিল বা শস্য দাইছিল, তেতিয়া তেওঁৰ পুত্ৰই তেওঁক সহায় কৰিছিল। যেতিয়া মাতৃয়ে ঘৰত চিলাই কৰিছিল বা আন কাম কৰিছিল, তেতিয়া তেওঁৰ ছোৱালীয়ে তেওঁক সহায় কৰিছিল। এই সময়ছোৱাত তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত যিহোৱাৰ বিষয়ে কথা পাতিব পাৰিছিল যে যিহোৱা কিমান দয়ালু হয় আৰু যিহোৱাই তেওঁলোকৰ পৰিয়ালক কেনেকৈ সহায় কৰি আছে।

১১. লʼৰা-ছোৱালীৰ লগত কথা পতাৰ এটা ভাল সুযোগ কেতিয়া হয়?

১১ কিন্তু এতিয়া সময় সলনি হʼল। আজি বহুতো পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ লগত গোটেই দিন সময় অতিবাহিত কৰিব নোৱাৰে। তেওঁলোকে চাকৰিত যাবলগীয়া হয় আৰু লʼৰা-ছোৱালীয়ে স্কুললৈ। সেইবাবে, লʼৰা-ছোৱালীৰ লগত কথা পাতিবলৈ পিতৃ-মাতৃয়ে সময় উলিয়াব লাগিব। (ইফি. ৫:১৫, ১৬; ফিলি. ১:৯) এইদৰে কৰাৰ এটা ভাল সুযোগ হৈছে, যেতিয়া সকলোৱে মিলি পাৰিবাৰিক উপাসনা কৰে। এলেকজেণ্ডাৰ নামৰ এজন ডেকা ভায়ে এইদৰে কৈছে, “মোৰ দেউতাই সদায় মনত ৰাখিছিল যে আমাৰ পাৰিবাৰিক উপাসনা যাতে প্ৰতিটো সপ্তাহে হয় আৰু কোনো কথাই যাতে পাৰিবাৰিক উপাসনাত বাধা নিদিয়ে। পাৰিবাৰিক উপাসনাৰ পাছত আমি আমাৰ দৈনন্দিন জীৱনৰ বিষয়ে কিবা কিবি কথা পাতোঁ।”

১২. পাৰিবাৰিক উপাসনাৰ বিষয়ে এজন পিতৃয়ে কি কি কথাৰ প্ৰতি ধ্যান দিয়া উচিত?

১২ যদি আপুনি এজন পিতৃ হয়, তেনেহʼলে আপোনাৰ লʼৰা-ছোৱালীয়ে যাতে পাৰিবাৰিক উপাসনাত আনন্দ উপভোগ কৰে, তাৰ বাবে আপুনি কি কৰিব পাৰে? আপুনি নিজৰ লʼৰা-ছোৱালীৰ লগত দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ নতুন কিতাপখনৰপৰা অধ্যয়ন কৰিব পাৰে। এই কিতাপখনৰপৰা অধ্যয়ন কৰিলে আপুনি তেওঁলোকৰ লগত মুকলিভাৱে কথা পাতিবলৈ বহুতো সুযোগ পাব। আপোনাৰ লʼৰা-ছোৱালীয়ে আপোনাক মুকলিভাৱে নিজৰ ভাবনা আৰু চিন্তাৰ বিষয়ে কোৱাটো আপুনি নিশ্চয় বিচাৰে। সেইবাবে, পাৰিবাৰিক উপাসনা কৰাৰ সময়ত তেওঁলোকক ভাষণ নিদিব আৰু তেওঁলোকক গালিও নাপাৰিব। যদি আপোনাৰ লʼৰা-ছোৱালীয়ে এনে কথা কয় যি বাইবেলৰ অনুসৰি সঠিক নহয়, তেনেহʼলে লগে লগে খং নকৰিব। ইয়াৰ পৰিৱৰ্তে এই কথাৰ ওপৰত ধ্যান দিয়ক যে তেওঁ সঁচা কথা কʼলে। তেওঁ পাছলৈও যাতে এইদৰে সকলো কথা মুকলিভাৱে কয়, তাৰ বাবে তেওঁক উৎসাহিত কৰক। আপোনাৰ লʼৰা-ছোৱালীৰ হৃদয়ত কি আছে, তাৰ বিষয়ে জানিলেহে আপুনি তেওঁলোকক সহায় কৰিব পাৰিব।

পিতৃ-মাতৃসকল, যিহোৱাই সৃষ্টি কৰা বস্তুবোৰ দেখুৱাই আপোনালোকে নিজৰ লʼৰা-ছোৱালীক তেওঁৰ বিষয়ে কেনেকৈ শিকাব পাৰে? (অনুচ্ছেদ ১৩ চাওক)

১৩. পিতৃ-মাতৃয়ে আৰু কেতিয়া নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰিব পাৰে?

১৩ পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীৰ লগত বাইবেল অধ্যয়নৰ সময়ছোৱাত কথা পতাৰ উপৰিও আপোনালোকে আন সময়তো তেওঁলোকৰ লগত কথা পাতিব পাৰে। চিন্তা কৰক যে আপুনি আৰু কেতিয়া নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাব পাৰে আৰু তেওঁৰ কাষ চাপিবলৈ সহায় কৰিব পাৰে। লীজা নামৰ ভনীগৰাকীয়ে এইদৰে কৈছে, “আমি নিজৰ লʼৰা-ছোৱালীৰ লগত সৃষ্টিৰ বিষয়ে কথা পাতিছিলোঁ। যেনে, যেতিয়া আমাৰ লʼৰা-ছোৱালীয়ে আমাৰ কুকুৰটোৱে কিবা কৰি থকা দেখি হাঁহিছিল, তেতিয়া আমি তেওঁলোকক কৈছিলোঁ যে ইয়াৰপৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ। আমি শিকোঁ যে যিহোৱা আনন্দিত ঈশ্বৰ আৰু আমিও আনন্দত থকা, হাঁহি-ধেমালি কৰা আৰু জীৱনত ফুৰ্তি কৰাটো তেওঁ বিচাৰে।”

পিতৃ-মাতৃসকল, আপোনালোকে নিজৰ লʼৰা-ছোৱালীৰ বন্ধুসকলক চিনি পাইনে? (অনুচ্ছেদ ১৪ চাওক) *

১৪. লʼৰা-ছোৱালীৰ যাতে ভাল বন্ধু থাকে, তাৰ প্ৰতি পিতৃ-মাতৃয়ে কিয় ধ্যান দিয়া উচিত? (হিতোপদেশ ১৩:২০)

১৪ চতুৰ্থ পৰামৰ্শ: নিজৰ লʼৰা-ছোৱালীক সহায় কৰক যাতে তেওঁলোকে ভাল বন্ধু বনাব পাৰে। বাইবেলত স্পষ্টকৈ কোৱা হৈছে যে যদি আমাৰ ভাল বন্ধু থাকে, তেনেহʼলে আমাৰ ওপৰত তেওঁৰ ভাল প্ৰভাৱ পৰিব। কিন্তু আমাৰ বন্ধু যদি বেয়া থাকে, তেনেহʼলে তেওঁৰ বেয়া প্ৰভাৱ আমাৰ ওপৰত পৰিব। (হিতোপদেশ ১৩:২০ পঢ়ক।) পিতৃ-মাতৃসকল, আপোনাৰ লʼৰা-ছোৱালীৰ বন্ধু কোন আপুনি জানেনে? আপুনি তেওঁলোকক লগ কৰিছেনে? আপুনি তেওঁলোকৰ লগত সময় অতিবাহিত কৰিছেনে? আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰাটো যদি আপুনি বিচাৰে, তেনেহʼলে আপুনি কি কৰিব পাৰে? (১ কৰি. ১৫:৩৩) আপোনাৰ পৰিয়ালে একেলগে মিলি যেতিয়া কিবা কৰে, তেতিয়া আপুনি কিছুমান ভাই-ভনীকো মাতিব পাৰে। এইদৰে কৰিলে আপোনাৰ লʼৰা-ছোৱালীয়ে ভাল বন্ধু বনাব পাৰিব।—গীত. ১১৯:৬৩.

১৫. লʼৰা-ছোৱালীয়ে যাতে ভাল বন্ধু বনাব পাৰে, তাৰ বাবে পিতৃ-মাতৃয়ে কি কৰিব পাৰে?

১৫ ভাই টনী আৰু তেওঁৰ পত্নীৰ উদাহৰণলৈ মন কৰক। তেওঁলোকে ভাল বন্ধু পাতিবলৈ নিজৰ লʼৰা-ছোৱালীক সহায় কৰিছিল। ভাই টনীয়ে এইদৰে কৈছে, “আমি বেলেগ বেলেগ বয়স আৰু সংস্কৃতিৰ ভাই-ভনীসকলক আহাৰ খাবলৈ আৰু পাৰিবাৰিক উপাসনা কৰিবলৈ নিজৰ ঘৰলৈ মাতিছিলোঁ। এইদৰে কৰাৰ বাবে আমি এনে ভাই-ভনীসকলৰ বিষয়ে জানিব পাৰিলোঁ, যিসকলে যিহোৱাক প্ৰেম কৰে আৰু আনন্দেৰে তেওঁৰ সেৱা কৰে। আমি চাৰ্কিট ওভাৰচিয়াৰ, মিচনেৰী আৰু আন ভাই-ভনীসকলক নিজৰ ঘৰত থাকিবলৈ দিছিলোঁ। তেওঁলোকৰ অনুভৱ শুনি আৰু তেওঁলোকৰ উৎসাহ আৰু পৰিশ্ৰম দেখি আমাৰ লʼৰা-ছোৱালীয়ে বহুতো কথা শিকিব পাৰিলে আৰু তেওঁলোকে যিহোৱাৰ কাষ চাপিব পাৰিলে।” সেইবাবে পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক সহায় কৰি থাকক যাতে তেওঁলোকে ভাল বন্ধু বনাব পাৰে।

আশা এৰি নিদিব

১৬. আপোনাৰ এজন সন্তানে যিহোৱাৰ সেৱা নকৰোঁ বুলি কʼলে আপুনি কি কৰিব?

১৬ ধৰি লওক, আপুনি নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাবলৈ বহুত পৰিশ্ৰম কৰিলে। কিন্তু আপোনাৰ এজন সন্তানে কয় যে তেওঁ যিহোৱাৰ সেৱা কৰিব নিবিচাৰে। এনে পৰিস্থিতিত আপুনি কি কৰিব? আপুনি নিজকে দোষ নিদিব। আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰিলে বুলিও নাভাবিব। মনত ৰাখক, আমি যিহোৱাৰ সেৱা কৰিম নে নকৰিম, সেয়া নিজে নিৰ্ণয় লʼবলৈ যিহোৱাই আমাক অধিকাৰ দিছে। যদি আপোনাৰ সন্তানে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় নলয়, তেনেহʼলে নিৰাশ নহʼব। তেওঁ এদিন নহয় এদিন যিহোৱাৰ ওচৰলৈ উভতি আহিব বুলি আশা ৰাখক। আপুনি বিদ্ৰোহী পুত্ৰৰ উদাহৰণটো মনত ৰাখিব পাৰে। (লূক ১৫:১১-১৯, ২২-২৪) তেওঁ সঠিক পথৰপৰা আঁতৰি গৈছিল আৰু পিছত তেওঁ আকৌ উভটি আহিলে। কিন্তু কিছুমান লোকে কʼব পাৰে যে “এইটো কেৱল কাহিনীহে আছিল। এয়া আমাৰ জীৱনত কেতিয়াও সঁচা হʼব নোৱাৰে।” বিশ্বাস ৰাখক এইদৰে সঁচাকৈ হয়। ইলী নামৰ ভাইজনৰ লগত এইদৰেই হʼল।

১৭. ইলীৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?

১৭ ইলীয়ে নিজৰ পিতৃ-মাতৃৰ বিষয়ে এইদৰে কৈছে, “তেওঁলোকে মোৰ হৃদয়ত যিহোৱা আৰু তেওঁৰ বাক্যৰ প্ৰতি প্ৰেম বঢ়াবলৈ বহুত চেষ্টা কৰিছিল। কিন্তু যেতিয়া মই ডেকা হʼলোঁ, তেতিয়া বিৰোধ কৰিবলৈ ধৰিলোঁ।” ইলীয়ে দুতৰপীয়া জীৱন-যাপন কৰিবলৈ ধৰিলে। তেওঁ যাতে যিহোৱাৰ কাষত থাকে, তাৰ বাবে তেওঁৰ পিতৃ-মাতৃয়ে বহুত চেষ্টা কৰিছিল। কিন্তু ইলীয়ে তেওঁলোকৰ এটাও কথা নুশুনিলে। কিছু সময়ৰ পাছত ইলীয়ে নিজৰ ঘৰ এৰি গুচি গʼল আৰু বেয়া কাম কৰিবলৈ ধৰিলে। কিন্তু সেইসময়ছোৱাত তেওঁ মাজে সময়ে তেওঁৰ এজন বন্ধুক বাইবেলৰ বিষয়ে কৈছিল। ইলীয়ে এইদৰে কৈছে, “মই যিমানেই নিজৰ বন্ধুক যিহোৱাৰ বিষয়ে কৈছিলোঁ, সিমানেই মই যিহোৱাৰ বিষয়ে ভাবিছিলোঁ। মোৰ মা-দেউতাই মোৰ হৃদয়ত সত্যৰ যি বীজ ৰুইছিল, তাত এতিয়া লাহে লাহে গজালি মেলিবলৈ ধৰিলে।” বহুবছৰৰ পাছত ইলীয়ে যিহোৱাৰ ওচৰলৈ উভটি আহিলে। * কল্পনা কৰক, ইলীৰ পিতৃ-মাতৃয়ে সৰুতে তেওঁক যিহোৱাৰ বিষয়ে যিবোৰ শিকাইছিল, সেয়া তেওঁ এতিয়াও পাহৰা নাই ইয়াৰ বিষয়ে জানি তেওঁলোকে কিমান আনন্দিত হʼল!—২ তীম. ৩:১৪, ১৫.

১৮. যিসকল পিতৃ-মাতৃয়ে যিহোৱাক প্ৰেম কৰিবলৈ নিজৰ লʼৰা-ছোৱালীক শিকাবলৈ কঠিন পৰিশ্ৰম কৰে, তেওঁলোকৰ বিষয়ে আপুনি কি কʼব?

১৮ পিতৃ-মাতৃসকল, আপোনালোকক এটা বিশেষ দায়িত্ব দিয়া হৈছে। সেয়া হৈছে আহিবলগীয়া বংশক যিহোৱাৰ বিষয়ে শিকোৱা। (গীত. ৭৮:৪-৬) এয়া কোনো সৰু-সুৰা দায়িত্ব নহয়। এই দায়িত্ব পালন কৰিবলৈ পৰিশ্ৰমৰ প্ৰয়োজন হয়। সেইবাবে, আপোনালোকে কৰা পৰিশ্ৰমৰ বাবে আমি হৃদয়ৰপৰা আপোনালোকৰ প্ৰশংসা কৰিব বিচোৰোঁ! যদি আপুনি নিজৰ লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ শিকাই থাকে, তেনেহʼলে বিশ্বাস কৰক যিহোৱাই আপোনাৰ পৰিশ্ৰমৰপৰা বৰ আনন্দিত হʼব।—ইফি. ৬:৪.

গীত ১৩৫ যিহোৱাই প্ৰেমেৰে কৰা অনুৰোধ: ‘হে মোৰ বোপা, জ্ঞানৱান হোৱা’

^ সত্য খ্ৰীষ্টান পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ প্ৰয়োজনীয়তা পূৰ কৰে আৰু তেওঁলোকক আনন্দিত কৰিবলৈ পৰিশ্ৰম কৰে। লʼৰা-ছোৱালীয়ে সকলোতকৈ বেছি যিহোৱাক প্ৰেম কৰাটো তেওঁলোকে বিচাৰে। সেইবাবে, তেওঁলোকে লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাবলৈ কঠিন পৰিশ্ৰম কৰে। এইদৰে কৰাৰ সময়ত তেওঁলোকে বাইবেলৰ কিছুমান পৰামৰ্শ মনত ৰাখিব পাৰে। এই লেখত চাৰিটা পৰামৰ্শৰ বিষয়ে আলোচনা কৰা হʼব।

^ জুলাই-চেপ্টেম্বৰ, ২০১২ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) “পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” নামৰ লেখটো পঢ়ক।

^ ছবিৰ বিষয়ে: এজন পিতৃয়ে নিজৰ লʼৰাৰ বুন্ধৰ বিষয়ে ভালদৰে জানিবলৈ তেওঁলোকৰ লগত বাস্কেট বল খেলি আছে।